চিকুণতৰা-পদ্ম গগৈ 

এই আবেলি অবতৰত ঠিকনা সুধি সুধি আহি আহি ফাগুনৰ পছোৱা এজাক মোৰ নিৰলা কুটীৰৰ পদূলিমুখত ৰৈছেহি।চিকুণতৰা!তোমাৰ ঋজুৰেখ দেহৰ সুগন্ধি চুই মেঘালী চুলিটাৰিৰ সেমেকা নিৰ্যাস বৈ অনা এছাটি বতাহে মোক আদিম লদাবন্ধা অন্ধকাৰে ঘেৰা পাৰ্থিৱ সংকীৰ্ণতাৰপৰা বহল বন্দৰৰ বুকুৱেদি বোৱাই আনিছে প্ৰসাৰিত পোহৰৰ পোহাৰলৈ।তোমাৰ প্ৰগলভ্ প্ৰেমে মোক দেহাতীত প্ৰেমৰ আলোক আচ্ছাদিত কোনো এক ৰ’দালি বাটেৰে লৈ যাব খোজে বহু দূৰ-দূৰণিৰ অচিন দিগন্তলৈ…….।

তোমাৰ ওঁঠৰপৰা ধাৰ কৰা লালিমাৰ বাংময় প্ৰাণোচ্ছলতাৰে যেন ৰঙচুৱা নাহৰৰ কুঁহিপাতবোৰে সাজিছে-কাচিছে।কোনোবা ঢাপত কেতেকী ফুলিছে! কেতেকীপাহিত বাৰু কোনে সানি দিলে তোমাৰ হিয়াৰ মৌ-মিঠা আদৰৰ মোহন মদিৰা!বিহুৱতী চৰাইটিৰ আকুল বিননিত সেয়া কাৰ বুকুৰ বেথা উটি-ভাঁহি আহিছে , তুমি বাৰু মন কৰিছানে চিকুণতৰা?

নৈৰ পানী বাঢ়িছে,ফটিক পানীৰ সোঁতত জাকপাতি উমলা,উজানৰ দৰিকণাজাকৰ দৰে মোৰ অতল অন্তৰৰপৰা বুকুৰ বাকৰিলৈ জাকি মাৰি উঠি আহিছে গুণ গুণ ফাগুনৰ এজোলোকা ৰুণ-জুন গানৰ জোনাক!

ব’হাগৰ প্ৰথমজাক বৰষুণত জুৰুলি-জুপুৰি  যৌৱনা পৃথিৱীৰ তিতা তিয়নিত বাৰীৰ কাজিনেমুৰ কোমল ফুল-পাতৰ সুগন্ধি আৰু ৰবাব ফুলৰ ৰেণু লিপিট খাই লাগি ধৰিছে।বতাহত ভাঁহি অহা অজান পুলক আৰু মাদকতাভৰা মিঠা মিঠা গোন্ধটোৱে মোক উত্ৰাৱল কৰি তুলিছে।বাৰীৰ চুকৰ বনৰীয়া বিহু ফুলৰ বোলেৰে বুলাই লৈছোঁ মোৰ বৰতীয়া বুকুৰ বাহিৰ-ভিতৰ!’মৰিযাওঁ’ মৰমত হিয়াখন যেন হাতৰ তলুৱাত লাহে লাহে পমিছে! প্ৰাণ টানি ধৰা দূৰৈৰ বাহীঁটিৰ মিঠা সুৰটোৱে বাৰু মোক মেৰিওৱাৰ দৰে তোমাকো মেৰিয়াই মেৰিয়াই বান্ধিছেনে চিকুণতৰা!

বছৰটো ঘূৰি  ব’হাগ বিহুটি আহিলেই মোৰ তোমালৈ বৰকৈ মনত পৰে অ’ চিকুণ।বসন্তৰ পৰশত ভৰুণ প্ৰকৃতিয়ে কি যে  ৰূপ-অপৰূপ ৰূপেৰে নিজকে সজাই-পৰাই আত্মপ্ৰকাশ কৰে!বাসন্তী বাসনাৰে বুকু ওপচাই প্ৰকৃতিয়ে যেন ন-কইনাজনী হৈ খিল খিল পছোৱাৰ লহৰত হালি-জালি ন পানীৰ দাপোনত নিজৰ লিতা দেহাটিৰ অতুলন লাৱণ্য দেখি নিজে ভুল যায়! কপৌফুলৰ আলসুৱা আহ-পাহ আৰু স্নিগ্ধগন্ধি তগৰৰ শুভ্ৰ সুৱাসত যেন তোমাৰ বিমূৰ্ত্ত উপস্থিতিৰ লয়লাস আহ-যাহ!দেখ-নেদেখকৈ যেন তোমাৰ মুখনিয়ে মুনিচুনি মৰমেৰে মোৰ স’তে লুকা-ভাকু খেলে ৷

তুমি ঢোলৰ চাপৰত টাকুৰি ঘূৰাদি ঘূৰি ঘূৰি নচা সেই জীৱন্ত দৃশ্যবোৰ ঘনেপতি ভাঁহি উঠে  মোৰ চকুৰ আগত।ঢোলৰ ঢিমা চাপৰত মৰমী নাচনীজনী হৈ লাহী ককাঁল ভাঙি তুমি হোৱা বিচনদৈ পদুমী আৰু উদ্দাম দেওধনি নৃত্যৰ তালে তালে বৰদৈৰ উদগ্ৰ আহ্বানেৰে তুমি তেজোঃময়ী স্ৰোতস্বিনী  হোৱা।

হেৰা চিকুণতৰা ! দ্ব্যৰ্থহীনভাৱে তুমিয়েই সমগ্ৰ অসমীয়া জাতিৰ জাতীয় জীৱনৰ, ব্যক্তি আৰু ব্যষ্টিৰ প্ৰাণৰ কোঁহে কোঁহে নতুন সাহ আৰু উৎসাহৰ ধুমুহা উদ্যম সিঁচি যোৱা।তুমি নিঃসন্দেহে চিতপখিলী  নাচনীজনী হৈ  আজিও শত-সহস্ৰ বিহুতলিৰ পাহুৱাল ডেকা আৰু দাপোনমতী গাভৰুৰ জীৱনলৈ প্ৰাণত পোখা মেলা প্ৰেৰণা-প্লাৱন বোৱাই আনা।জাতিটোক প্ৰাণ-ৰস, জীপ দি জীয়াই  ৰাখা তুমি !

সাম্প্ৰতিক সময়ৰ ধামখুমীয়াত জাতিৰ আয়ুসৰেখা, বাপতিসাহোন এই ব’হাগৰ বিহুটিও যেন মোলান পৰিছে!মানুহৰ ভোগবাদী মানসিকতা আৰু বস্তুবাদী চিন্তা-চেতনাৰ নিৰ্মম চেপাত যেন বখলা-বখলে হেঁপাহৰ বিহুটিৰ বাকলি গুচিছে।আজিৰ অৰ্থ-সৰ্বস্ব সমাজৰ বহুজনে বিহুটিকো ধন উপাৰ্জনৰ মাধ্যম হিচাৱে ব্যৱহাৰ কৰা দেখা গৈছে ৷ গাঁৱৰ হুঁচৰি যোৰা যিদিনাই গাঁৱৰ বুঢ়া-মেথা,বয়োজেষ্ঠসকলৰ আশীষ শিৰত লৈ চুবুৰিৰ সন্মানীয়জনৰ চোতালত শুভ আৰম্ভণি কৰাৰ সলনি  ‘খমখমীয়া কাগজৰ টকা’ৰ আশাত দুৰ্নীতিপৰায়ণ নেতা,ঘোচখোৰ আমোলা, ঠিকাদাৰ, ছালফা আদিৰ চোতালত ইনাই-বিনাই ৰাউচি জোৰাৰ নিয়ম কৰিলে সিদিনাই বিহুৰ পৱিত্ৰ পৰম্পৰাত চূণ-ছাই পৰিল যেন লাগে।মঞ্চৰ বিহুখন কোনসকল লোকে আঁট ধৰি নিজ ইচ্ছামতে জাতিৰ আৱেগত পদাঘাত কৰে? তুমিও জানা, ময়ো জানো!

বিহুটি  আদৰৰ ,প্ৰেম আৰু মিলনৰ,ত্যাগ আৰু চেনেহৰ,সমন্বয় আৰু সংস্কৃতিৰ ধাৰক-বাহক হোৱাৰ সলনি ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ, স্থূল জৈৱিক বাসনাৰ উৎকট দৈহিক দুৰ্গন্ধৰ আবিলতাৰে পুতিগন্ধময় হৈ পৰিছে। সংসাৰ সংৰচনাৰ বাবে অতিকে অপৰিহাৰ্য্য আদিম সৃষ্টি-চেতনাৰ অবাৰিত অনুভূতিক শিল্পময় সুষমাৰ সুগন্ধি বলয়ৰপৰা আমি যেন নিৰ্বাসন দিব খুজিছোঁ চিকুণতৰা!

দুস্থ সময়ৰ কোনো এক ক্ৰমক্ষয়মান বিন্দুত আমি যেন থিয় দি আছোঁ।সুখ আৰু সপোনৰ, ভোগ আৰু দুৰ্যোগৰ সন্ধি-সীমনাত আমি যেন বিচাৰি আছোঁ হেঁপাহৰ স্বপ্ন-নীল হেৰুৱা অতীত।আন্ধাৰবোৰ লাহে লাহে ঘন হৈ আহিছে আমি ডোকমোকালিৰ ধৱল দ্যুতিৰ দিশে বাট ল’ব লাগিব।শিপাৰ সুগন্ধি হেৰুৱাই আত্ম-পৰিচয় মচি পেলালে নহ’ব চিকুণতৰা ! আমি ঘূৰি যাব লাগিব সেই শীতল নৈখনৰ কাষলৈ যি নদীৰ পাৰে পাৰে দৃষ্টিৰ বলয় বিয়াপি আজিও বৰ্তমান সেউজ পৃথিৱীময়তাৰ বাধাহীন বিস্তৃতি।শাওনৰ কজলা ডাৱৰৰ অদম্য বাসনাৰে য’ত পুণ্যৱতী পথাৰ ঋতুমতী হয়। ভদীয়া বেলিৰ তেজৰঙা কামনাৰ কোমল আঘাত সহি আহিনী পথাৰৰ অভ্যন্তৰ য’ত  অযুত সম্ভাৱনাৰে ভৰি উঠে পূৰঠ গাখীৰতী ধানৰ থোকেৰে।আমি ভোগৰ উত্তপ্ত বৃত্তটোৰপৰা ঘূৰি আহিব লাগিব সুশীতল শ্যামলীমা সেই চিনাকী পৃথিৱীলৈ!তেতিয়া তোমাৰ উশাহত, দুগালত আৰু খিল খিল হাঁহিটিতো সোণগুটি জিলিকিব সোণোৱালী আঘোণৰ পৈণত প্ৰতিশ্ৰুতি হৈ।

ঢোলত চাপৰ মাৰি ডাৱৰৰ মাজেৰে প্ৰকৃতিৰ বুকুলৈ ৰূপোৱালী টোপাল নমাই আনিব পৰা পাৰংগত ঢুলীয়াক,তোমাৰ প্ৰাণৰ নিচেই কাষৰ অতিকৈ মৰমৰ চেনাইধন বিহুৱাক তুমিয়েই বুজাব লাগিব তেওঁ মূৰত পাগ মাৰি থকা ফুলাম গামোচাখনিৰ তাৎপৰ্য নো কি? গামোচাখনেনো আমাক কি কথা অনুক্ষণ সোঁৱৰাই থাকে!

ৰঙা আঁচুসূতাৰ শেল দিয়া গামোচাখনিৰ এফালে ফুলবছা আৰু আনফালে গাৰি দিয়া দুমূৰৰ দুটি আগ প্ৰকৃতি-পুৰুষৰ মিলনৰ প্ৰতীক নহয়নে চিকুণতৰা? দুকাষৰ ৰঙা শেল দুসুঁতি নৈ নে চলমান জীৱনৰ চিন? গামোচাখনিৰ মাজৰ বগা অংশ অসমীয়া মানুহৰ চকুৰ পতাত আৰু সপোনৰো দিঠকৰো প্ৰাণৰো প্ৰাণত আঁটি আঁটি বান্ধি লোৱা চেনেহী পথাৰখনিৰেই প্ৰতীকি প্ৰকাশ নহয় জানো?

তেনেহ’লে এই বিহুৰ বতৰতে আমাৰ প্ৰাচুৰ্য্যময় পূৰঠ মনৰ ওপচা সৃজনী-চেতনা, পথাৰখনি আৰু কৰ্ম-সংস্কৃতিৰ কথা এবাৰ মনত পেলাওঁ আহাঁ।সময় তেনেই তাকৰ।আজিৰ এইটি মাহেন্দ্ৰ মুহূৰ্তৰপৰাই  আমি হাতেকামে উজাব লাগিব ৷  অন্যথা সময়ৰ কাঠগড়াত আমি এদিন অধোমুখ হৈ থিয় দিব লাগিব।

ন ব’হাগৰ এই নতুন ক্ষণতে পুৰণি মনৰ এলাহ এলান্ধু জোকাৰি নতুন পণ এটি লওঁ আঁহা!চিকুণতৰা! তোমাৰ অমাতৰ মাতষাৰি আৰু মৌ-মিঠা কণ্ঠৰ সুৱদি সুৰটি এবাৰ শুনিবলৈ আজি কিয় জানো মোৰ মন বিয়াকুল হৈ পৰিছে।তুমি এবাৰ গোৱা চোন!

সেই যে বিহু নামষাৰি তোমাৰ মনত আছেনে?গাত কাপোৰলোৱা বয়সতে তুমি যে গাইছিলা…..

বাট দীঘলীয়া    সময় তাকৰীয়া

                 তুমি নেথাকিবা ৰৈ

চিৰদিন কাষতে    থাকিম সোণ সততে

                 তোমাৰে প্ৰেৰণা হৈ ৷

কথাবোৰ মনলৈ নাহিলে মই যেন চাপি-কুঁচি এটা কঠিন শামুকৰ খোলাত সোমাই পৰোঁ আৰু কথাবোৰ মনত পৰিলে মোৰ উশাহ বুকুত কিবা সৰু মাছৰ কাঁইট এডাল লাগি থকা যেন লাগে অ’ চিকুণতৰা!

…. মোৰ মৰমে তোমাক কুশলে ৰাখিব।মোৰ আশিসে সকলো আলৈ-আহুকাল আৰু বিপদ-বিঘিনিৰ পৰা তোমাক যেন আঁতৰাই লৈ ফুৰে!এই কামনাৰে…..

আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনালোঁ দেই।

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *