ছিকিমৰ তিস্তা নৈৰ পাৰে পাৰে-গীতামণি দত্ত

২০১৫ চনৰ পূজাৰ বন্ধত সপৰিয়ালে ছিকিমলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ।লগত এওঁৰ সহকৰ্মী আন এটা পৰিয়ালো ওলাল।আমি আটায়ে ওঠৰ অক্টোবৰৰ দিনা ৰাওনা হ’লো।প্ৰথমে গেংটকলৈ গৈ আহোঁতে দাৰ্জিলিঙত সোমাই ঘূৰি অহাৰ কথা ।দুপৰীয়া বাৰ মান বজাত তেজপুৰৰপৰা ৰাওনা হৈ আবেলি তিনি বজাত গুৱাহাটী পালোঁহি,ইফালে ৰে’ল আছে সন্ধিয়া ছয় বাজি ত্ৰিছ মিনিটত।খন্তেক সময় জিৰণি ল’বৰ বাবে ৰুক্মিণী নগৰত থকা মোৰ ডাঙৰ বাইদেউৰ ঘৰলৈ গ’লো।

আমি সময় মতে মালিগাওঁ ৰে’ল ষ্টেচন পালোঁহি। বেছি সময় ৰৈ থাকিব লগা নহ’ল।’গুৱাহাটী পুৰি এক্সপেছ’।আটায়ে টালি-টোপোলা লৈ ৰে’লত উঠিলোঁ। সময় মতে ৰে’ল এৰিলে।আটাইৰে বহা ছীট ওচৰাওচৰিকৈ হোৱাত আড্ডা মাৰি যাবলৈ ভাল লাগিল। হাঁহি উঠা কথা-বাৰ্তাৰ লগে লগে মাজে মাজে দুই এটা গানৰ কলিও গুণগুণালোঁ।ভ্ৰমণত মনে মিলা আন এটা পৰিয়াল লগত গ’লে ভ্ৰমণৰ মজাই বেলেগ হয়।গতিকে আমাৰো ৰে’ল যাত্ৰা বৰ আনন্দমুখৰ হ’ল।নিশা দহমান বজাত শুবলৈ জোযা কৰিলোঁ।টোপনি ভালকৈ নাহিল। চিলমিল টোপনি ধৰোঁতেই আমাৰ এওঁ আহি খবৰ দিলেহি যে অলপ পাছতেই নিউ জলপাইগুৰি ৰে’ল ষ্টেচন পাম গতিকে উঠিব লাগে।পুৱা ঠিক তিনি বজাত ৰেল আহি নিউ জলপাইগুৰি (N.J.P) ষ্টেচন পালেহি।কুলি এজন মাতি বেগবোৰ  নিবলৈ কৈ আমি আটায়ে ষ্টেচনত থকা জিৰণি কোঠাত বহিলোহি।কাৰণ ছিকিমলৈ যাবলৈ আমাক নিবলৈ অহা গাড়ীখন ৰাতিপুৱা ন বজাতহে আহিব।চকীত বহি বহি আমনি লাগিবলৈ ধৰিলে লগতে টোপনিয়েও আমনি কৰিলে।আমাৰ এওঁ ওলাই গৈ অলপ পাছতে আহি ক’লেহি যে ওচৰতে ভাল হোটেল এখন আছে,গতিকে তাতে খন্তেক জিৰণি লোৱাটো ভাল হ’ব।আমি প্ৰত্যেকে হাতে হাতে একোটাকৈ বেগ লৈ হোটেললৈ যাবলৈ ধৰিলোঁ।ইফালে কাণিমুনি সময়, আন্ধাৰে মুন্ধাৰে ক’লৈ গৈ আছো একো ধৰিব পৰা নাই। হোটেলত দুটা কোঠা লোৱা হ’ল।কোঠাত সোমাই আমি ভাগৰত বিছনাত ঢলি পৰিলোঁ,কেতিয়া যে টোপনি গ’লো গমেই নাপালোঁ।গাড়ীৰ ড্ৰাইভাৰজনে ফোন কৰাতহে টোপনিৰপৰা সাৰ পালোঁ।লৰালৰিকৈ সকলোৱে গা-পা ধুই ছিকিমলৈ যাবলৈ সাজু হ’লোঁ।

কথা বতৰাৰপৰা ড্ৰাইভাৰজন নেপালী সম্প্ৰদায়ৰ বুলি গম পালোঁ। মানুহজন বৰ নম্ৰ।গাড়ী লাহে লাহে ছিকিম অভিমুখে আগবাঢ়িল।নিউ জলপাইগুৰি পাৰ হৈ ড্ৰাইভাৰজনে আমাক দুটা আলিবাট দেখুৱালে।এটা শিলিগুৰিলৈ গৈছে আৰু আনটো দাৰ্জিলিঙলৈ।অলপ পাছতেই গাড়ী পাহাৰৰ ওপৰলৈ বগাব ধৰিলে।পাহাৰ কাটি কাটি ৰাষ্টা বনোৱা হৈছে।ছিকিমলৈ যোৱা পথটোৰ কাষেদি তিস্তা নৈখন বৈ গৈছে।নৈখনৰ পানীবোৰ সাগৰৰ পানীৰ দৰে গভীৰ নীলা।নৈখনৰ সৈতে পাহাৰৰ দৃশ্যবোৰ অতি মনোমোহা।পাহাৰবোৰ যেন পাহাৰ নহয় পৰ্বতৰ একোটা শৃঙ্গহে।কিছুমান দৃশ্য কেমেৰাত বন্দী কৰি থলোঁ।বাটতে গাড়ী ৰখাই হোটেল এখনত ভাত খাই ল’লোঁ।লাই শাকৰ ভাজি আৰু অন্যান্য ব্যঞ্জনেৰে সৈতে গৰম গৰম ভাতসাঁজ বৰ তৃপ্তিৰে খালোঁ।আকৌ গাড়ী আগবাঢ়িল।চাৰিওফালে কেৱল পাহাৰ।ছিকিমৰ পাহাৰত গছ গছনি একেবাৰে নাই বুলি ক’লেও ভুল কোৱা নহয়।বাট-পথ বোৰো ঠায়ে ঠায়ে ভাল নহয়।বাট পথৰ অৱস্থা দেখি মনটো সেমেকি গ’ল,ক’ত যে আহি সোমালোহি॥কিন্তু যেতিয়া গাড়ী গেংটকৰফালে আগবাঢ়িল তেতিয়াহে মনটো ভাল লাগিল।ছিকিমৰ ঘৰবোৰ আৰ চি চি যদিও বৰ বেছি ওখ আৰু ডাঙৰ নহয়,হয়তো পাহাৰীয়া ঠাই বাবে।আগে ঠিক কৰি থোৱা হোটেলত গৈ নামিলোঁগৈ।হোটেলখনৰ নাম “চেংল’চেন”। হোটেলৰ ভিতৰত সোমাই অলপ ঠাণ্ডা লাগিল।আটায়ে নিজৰ কোঠালৈ গৈ মুখ হাত ধুই চাহ একোকাপ খাই , খোজ কাঢ়ি বজাৰৰ ফালে ওলাই গ’লো।আমাক লৈ অহা ড্ৰাইভাৰজনৰ ডিউটি আজি ইমানতে শেষ কৰি পিছদিনা লগ ধৰাৰ প্ৰতিশ্ৰুতিৰে আমাৰ পৰা বিদায় ল’লে।

সন্ধিয়া হোৱাৰ আগে আগে আমি বজাৰৰ ফালে ওলাই গ’লো।গেংটকৰ বজাৰখন সঁচাই বৰ পৰিপাটি। বজাৰৰ মাজেদি কোনো যান-বাহন অহা যোৱা নকৰে, কেৱল মানুহহে দেখিব।কাষেদি আন এটা পথেৰেহে যান- বাহন যাব পাৰে।বজাৰখন ডাঙৰ ডাঙৰ লাইট আৰু কাৰেন্টৰ পানীৰ ঝৰ্নাৰে সুন্দৰকৈ সজাই তুলিছে।মাজে মাজে পথাচাৰী বহিব পৰাকৈ পকী বেঞ্চ বনাই থোৱা আছে।আমি বজাৰৰ মাজত থকা বেঞ্চত বহি ম’ম’ আৰু গেংটকৰ কফিৰ সোৱাদ ল’লোঁ।গেংটকত থকা দুদিন আমি সদায় বজাৰৰফালে ওলাই গৈছিলোঁ।সন্ধিয়া গেংটকৰ বজাৰৰ মাজত ঘুৰি ফুৰাৰ আমেজেই সুকীয়া।

পাছদিনা অৰ্থাৎ বিশ অক্টোবৰ তাৰিখে ৰাতিপুৱা দহ বজাত ড্ৰাইভাৰজন আহি আমাক গেংটকখন ফুৰাবলৈ লৈ গ’লহি।প্ৰথমে আমি ‘Falls garden’ চাবলৈ গ’লোঁ। তাত কেইবাটাও জলপ্ৰপাত ওপৰৰপৰা বৈ অহা দেখিলোঁ।প্ৰচণ্ড শব্দ,পানীৰ ছিটিকনি বহু দূৰত আহি পৰিছিলহি।তাৰে এটা ডাঙৰ জলপ্ৰপাত আমাৰ গুৱাহাটীৰ বশিষ্ঠত থকা সন্ধ্যা,ললিতা,কান্তা জলপ্ৰপাত টোৰ দৰে।অৰ্পূব দৃশ্য।বিভিন্ন ঠাইৰ পৰ্যটকসকলক দেখা পালোঁ।দুই এখন ফটো তুলি আমি তাৰপৰা বিদায় লৈ Para gliding কৰা ঠাইলৈ আহিলোঁ।আহোঁতে “Rope way” ত উঠা কথা আছিল যদিও টিকটৰ দীঘলীয়া শাৰী দেখি পিছত উঠিম বুলি থৈ দিয়াত Rope way ত নুঠাকৈয়ে গেংটকৰপৰা বিদায় ল”লো।

‘Para gliding’ কৰা ঠাইখন পালোঁহি।টিকট কাটি ফৰ্ম এখন পূৰাব লাগে।তাৰ পাছত শৰীৰৰ ওজন লোৱা হয়।আমাৰ ল’ৰা-ছোৱালী তিনিটাই ( চুমকি, মাইনা আৰু আমাৰ লগত যোৱা অৰিন্দম)পেৰাচুটত উঠিবলৈ সাজু হ’ল।টিকটৰ দামটো অলপ বেছি দুহেজাৰ পাঁচশ টকা। Para gliding ৰ কাৰণে সিহঁত তিনিওটাকে এখন গাড়ীৰে ওখ পাহাৰ এটাৰ ওপৰলৈ লৈ গৈছিল।আমি চাহৰ বাবে হোটেল এখনত সোমাই চাহ খাই খাই আকাশত উৰি থকা পেৰাচুটৰ সৌন্দৰ্য উপভোগ কৰিলোঁ।তাৰপৰা ওভতি আহি দুপৰীয়া ভাতসাঁজ খাই ওচৰে-পাঁজৰে থকা ‘View point’ বোৰ চাই বুদ্ধ মন্দিৰ চাবলৈ আটায়ে ‌আহি গাড়ীত বহিলোঁহি।বাটত ট্ৰেফিক জাম হোৱাৰ বাবে আমি সময়মতে বৌদ্ধ মন্দিৰত উপস্থিত হ’ব নোৱাৰিলোঁ।বাহিৰৰপৰাই মন্দিৰ দৰ্শন কৰিলোঁ।মন্দিৰৰ বাহিৰত শাৰী শাৰীকৈ সজাই থোৱা ডাঙৰ ডাঙৰ কিছুমান বুদ্ধ মন্ত্ৰ লিখি থোৱা টিলিঙা দেখিলোঁ।তাত থকা Budhist এজনক এই বিষয়ে সোধাত তেওঁ আমাক ক’লে যে – এই টিলিঙা কেইটা সোঁ – হাতৰ পৰা বাওঁ হাতলৈ হাতেৰে ঘূৰাই মনতে শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে, লগতে মনোবাঞ্চাও পূৰণ হয়।আমি আটায়ে প্ৰাৰ্থনা কৰিলোঁ।সন্ধিয়া সাত বজাত আমি হোটেল পালোঁহি ।মুখ হাত ধুই অলপ জিৰণি লৈ আকৌ খোজ কাঢ়ি ওলাই গ’লোঁ।পিছদিনা আমি চীনৰ বৰ্ডাৰ ‘নাথুলা’ যোৱাৰ পৰিকল্পনা কৰিলোঁ।নাথুলালৈ যাবলৈ অনুমতি পত্ৰ লাগে।প্ৰত্যেক দিনা ষাঠি-সত্তৰখন মান গাড়ীহে যাবলৈ দিয়ে।কিন্তু নাথুলালৈ যোৱাৰ অনুমতি পত্ৰ আমি নাপালোঁ।সকলোৰে মনটো বেয়া লাগিল বিশেষকৈ ল’ৰা-ছোৱালী তিনিটাৰ।বৰফ চোৱাৰ হেঁপাহ তাতে মৰহি গ’ল।নাথুলাৰ ওচৰতে ‘টুক্ লা’ নামে এখন সুন্দৰ ঠাই আছে,তাতো অলপ বৰফ পৰে। ড্ৰাইভাৰ জনৰ কথাত সকলোৰে মনটো ভাল লাগিল।

আমি পুৱা দহ বজাত ‘টুক্ লা’ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ।প্ৰায় এশখন মান গাড়ী অকোৱা-পকোৱা বাটেৰে পাহাৰৰ ওপৰলৈ আগুৱাই যাব ধৰিলে।তেৰ হাজাৰ নশ ফুট ওপৰলৈ গাড়ী আগুৱাই গৈ থাকিল।থিয় শিলৰ পাহাৰবোৰ কাটি কেনেকৈ বাট উলিয়াইছে ভাবিলে আচৰিত লাগে।অলপ ওপৰলৈ পাহাৰবোৰৰ দৃশ্য বৰ মনোমোহা।ৰঙা,নীলা,হালধীয়া পাতৰ গছেৰে পাহাৰবোৰ ভৰি আছে,যেন কেলেণ্ডাৰ এখনত চিত্ৰকৰে অঁকা এখন ছবিহে।নিজ চকুৰে নেদেখিলে পাহাৰৰ সৌন্দৰ্য বৰ্ণনা কৰিব নোৱাৰি।অলপ দূৰ আগুৱাই গৈ ‘নাথুলা’ যোৱাৰ চেক্ গেট পালোহি।তাৰ কাষেদি টুক্ লালৈ যোৱাৰ ৰাস্তা।গাড়ী টুক্ লা অভিমুখে আগবাঢ়িল। মাজে মাজে দুই এটা ‘য়াক’ চৰি থকা দেখিলোঁ।অলপ পাছত টুক্ লাত মাইকত ভজন গাই থকা শুনিলোঁ। হৰভজন সিং নামৰ আৰ্মি অফিচাৰ এজনৰ সমাধিত মন্দিৰ স্থাপন কৰি তেওঁৰ নামত ভজন গাই থকা হৈছে। আৰ্মি অফিচত হৰভজন সিঙৰ বিষয়ে সুধি সবিশেষ জানিব পাৰিলোঁ।

১৯৬৬ চনৰ কথা , হৰভজন সিং নামৰ যুৱকজনে আৰ্মিত যোগদান কৰিছিল।এই যুৱকজনে বানপীড়িত লোকৰ প্ৰাণ বচাবলৈ গৈ নিজে মৃত্যু মুখত পৰিছিল। তেওঁৰ শৱটো বিচাৰি পোৱা নগ’ল।পিছত তেওঁৰ সহকৰ্মী এজনক সপোনত ক’লে যে শৱটো অমুক ঠাইত আছে। সহকৰ্মীজনে সপোনটোত গুৰুত্ব নিদিলে।কেইবছৰমানৰ পাছত সপোনত দেখাই দিয়া ঠাইতে শৱটো বৰফৰ মাজত পোৱা গ’ল।চীনৰ সীমান্তত কৰ্মৰত আৰ্মিসকলে আজিও এটা ছাঁয়ামূৰ্ত্তি পহৰা দি থকা দেখা পায়।সভা সমিতি পাতিলে তেওঁৰ কাৰণে এখন আসন খালী কৰি থয়।হৰভজন সিঙৰ ছাঁয়ামূৰ্ত্তি বহি থকা বহুতে লক্ষ্য কৰিছে।তেতিয়াৰপৰা তেখেতক ভগৱানৰ শাৰীত বহুৱাই নাম কীৰ্তন কৰি আহিছে।টুক্ লাত অলপ সময় ঘূৰি পকি আটায়ে গাড়ীত বহিলোঁহি।অতিপাত ঠাণ্ডা।ওভতি আহোঁতে বাটত বৰফৰ বৰষুণ দেখিলোঁ।নামি গৈ বৰফৰ বৰষুণ হাতেৰে চুই চালোঁ,দুকপিমান ফটো তুলি গাড়ী আগবাঢ়িল।সজাই পৰাই থোৱা য়াকত উঠি ফটো মাৰিলোঁ।মাজে মাজে ডাঠ কুৱঁলীয়ে আলিবাট আৱৰি ধৰিলে।বহুত কষ্টেৰে গাড়ী চলাবলগীয়া হৈছিল।মুঠতে সন্ধিয়া হোৱাৰ আগে আগে গেংটক পালোঁহি।বৰ বিপদসংকুল যাত্ৰা।হোটেলত সোমাই মুখ হাত ধুই খোজ কাঢ়ি বজাৰৰ পিনে ওলাই গ’লো।ভেজ বিৰিয়ানী খাই দুই এপদ বস্তু কিনি সোনকালে হোটেল পালোঁহি কাৰণ পুৱাই আমি গেংটকৰ পৰা বিদায় লৈ দাৰ্জিলিঙলৈ যাত্ৰা কৰিম ।

পাছদিনা আন এখন গাড়ীৰে দাৰ্জিলিং অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ।

 ******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *