ডাৱৰৰ লাজ-চিত্ৰলেখা দেৱী

লণী কিমান সময় ধৰি কোঠাটোত সোমাই উচুপি আছে তাই নিজেও নাজানে। এটা সময়ত বিছনাতে তাই টোপনি গ’ল। ঘৰখনৰ ক’তো সাৰি-শব্দ এটাও নাই ; পাকঘৰৰ পৰাহে খুটুং-খাটাংকৈ ডাঙৰ বোৱাৰী জিতাই কাম-বন কৰি থকাৰ শব্দ ভাঁহি আহিছে। সাৰ পাই উঠি লণীয়ে কাণ উনাই গম লৈ চালে। ভোকো লাগিছে তাইৰ। সেই বুলি আজি তাই খাবলৈ হ’লেও কোঠাৰপৰা ওলাই নাযায়,লাগিলে ভোকতে নাখাই মৰিব। আজি অন্ততঃ নাযায়; পাছত কি হয় দেখা যাব। ইমান সাধাৰণ কথা এটাতে শাহুৱেকে এনেকৈ কথা শুনায়! শাহু হ’ল বুলিয়েই বোৱাৰীহঁতক এনেকৈ গৰকিবলৈ চালে নহ’ব নহয়। তাই মাকৰ ঘৰত আলাসত ডাঙৰ হোৱা ছোৱালী; কাম-বনত তেনেকৈ হাত দি পোৱাই নাছিল। আজিৰপৰা ছমাহৰ আগতে এইখন ঘৰ গচকা লণীয়ে ইয়াত কি কৰিব, কি নকৰিব তাৰ একো উৱাদিহেই পোৱা নাছিল। অলপ কঠুৱা স্বভাৱৰ শাহুৱেকৰ মুখামুখি হ’লেই তাইৰ গাৰ কঁপনি উঠে। বৌৱেক দুজনীৰ সাহতহে যেন তাই ওলাই সোমাই ফুৰে । দুয়োগৰাকীয়ে তাইৰ সোঁহাত -বাওঁহাত হৈ তাইক আৱৰি ৰাখিব খোজে, সেয়াই তাইৰ সাহ। জাকৰুৱা ঘৰখনত শেষ নোহোৱা কাম-বনবোৰ শাহুৱেকে তিনিওজনীৰে মাজত ভাগ কৰি দিছে। তাই পুৱাৰ আৰু আবেলিৰ চাহ-জলপানখিনি সামৰিব লাগে। তেনেকৈ ডাঙৰ গৰাকীৰ ভাগত পৰিছে ঘৰখনৰ মূল ভাতৰ চৰুটো, মাজু গৰাকীয়ে বাহি বন কৰি সৰু ল’ৰা-ছোৱালী কেইটা চম্ভালে। বাকী দুগৰাকীৰ কামত একো হীন-দেঢ়ি নঘটে, লণীয়েহে কেতিয়াবা ইফাল সিফাল অকণ কৰে। পিছে, জায়েকহঁতে সেয়া এনেকৈ আঁচল পাতি আগুৰি ধৰে যে শাহুৱেকৰ লগতে ঘৰখনৰ আনবোৰেও একো গমকে ধৰিব নোৱাৰে।

আজিৰ কথাটো হওঁতে সাধাৰণেই বুলিব পাৰি। কালি ডাঙৰ জায়েকে দোকানৰপৰা আনিব লগা বস্তুৰ তালিকা কৰোঁতে তাইকো সুধিছিল চাহ-জলপানৰ বস্তু কিবা আনিব লগা আছে নেকি বুলি। তাইৰহে একো মনত নপৰিল। মূৰকত আজি পুৱাই পুৱাই সেয়া শাহুৱেকক চাহ কাপ দিবলৈ লওঁতেহে গম পালে চেনিৰ টেমাটোত অকণমানো চেনি নাই বুলি। বেছিকৈ মিঠা দি গাখীৰ চাহ খোৱা শাহুৱেকৰো পুৱাই চেনি নোহোৱা চাহকাপ মুখত দিয়েই মুখখন তিতা হৈ গ’ল। “কাণ্ড জ্ঞান নোহোৱা” বুলি আটাইকেইজনী বোৱাৰীয়েককে এজাউৰি গোৱাল গালি দিলে। দোষটো তাইৰে বাবে তাইৰ গাত বেছিকৈ লাগিল আৰু সেয়ে তাই নিজৰ কোঠাত সোমালগৈ। সীমান্তয়ো মাতি মাতি তাইৰপৰা একো সঁহাৰি নাপাই সময় হোৱাত চাকৰিলৈ বুলি ওলাই গুচি গ’ল।

মানে, তাইক ইয়াত কোনেও পাত্তা নিদিয়ে! ইচ্ছা মতে মাকৰ ঘৰৰ নিচিনাকৈ একো এটা কৰিবই নোৱাৰি; সকলো সময়তে সচেতন হৈ থাকিব লাগে।ইফালে যদি শাহু সিফালে দুজনকৈ বৰজনা। জায়েক কেইগৰাকীৰ পৰা বাৰু অসুবিধা নাই, নিজৰ বায়েকৰ নিচিনা। বৰজনাকহঁতৰ চাৰিটাকৈ সৰু সৰু ল’ৰা – ছোৱালীৰ হুলস্থূল, আব্দাৰ। ইফালে মন যোৱা কিবা এটাও ভালকৈ খাবলৈ নাপায়। ইমানবোৰ মানুহৰ মাজত ভাগ কৰোঁতে তাইৰ ভাগত নপৰেগৈ। তাই মাকৰ ঘৰত থাকোতে প্ৰতি দিনে মাছ, মাংস, কণী কিবা এটা নহ’লে ভাতেই নাখায়। তাকো কণী এটা খাই হেঁপাহ পলুৱাব নোৱাৰে।এটা যদি সিজাই খায়, লগতে এটা অমলেট ভাজি খায়। এতিয়া আক’ কেইবাদিনৰ মূৰতহে কণী এটা ভাগত পৰে, কেতিয়াবা তাকো এফালহে। সকলোৱে খাই বৈ উঠাৰ পাছত প্ৰায়ে এটা কণীহে থাকে। ডাঙৰ জায়েকে সৰু দুজনীৰ মাজত সেইটোকে ভাগ কৰি দিয়ে “তোমালোকেই খোৱা” বুলি। হওঁতে ঘৰৰে শাকে-পাচলিয়ে, গাখীৰে-কণীয়ে, মাছে ঘৰখন নদন-বদন। তিনিওগৰাকীৰ মাকৰ ঘৰৰপৰাও বিধে বিধে বস্তু আহে। তেওঁলোকক খোৱা-পিন্ধাত আজিলৈকে কোনেও হাত ধৰা নাই। পিছে, আলহী-দুলহী, হালোৱা-হজুৱাৰে সৈতে ঘৰৰো এপাল মানুহক আগতে সন্তুষ্ট কৰি লৈ সিহঁত তিনিজনী খাবলৈ বহোঁতে কেৰাহীত ভগা-ছিগা মাছৰ সৈতে জোল অকণমান, আলু দুটুকুৰামানৰ সৈতে মাংসৰ হাড় কেইটুকুৰামানহে থাকেগৈ। শাহুৱেকে হ’লে কৈ থাকে “তোমালোকলৈ থ’বা আক’, গোটেইখিনি আমাকে দি নিদিবা”। তথাপি ‘ভাল হৈছে, ভাল হৈছে’ বুলি আটায়ে খুজি খুজি খাওঁতে প্ৰায়ে একে অৱস্থা হয়। মাজু বোৱাৰী মানসীয়ে কেতিয়াবা কয়,

“বৌ, মাছ-মাংসবোৰ আপুনি অলপ বেয়াকৈ ৰান্ধিবচোন; তেতিয়াহে  আমি খাবলৈ পাওঁ যদি!”

“কি যে কোৱা! তেওঁলোকেই খাওকচোন দিয়া — আমাৰো দিন আহিব নহয়, খাম দিয়া কেতিয়াবা ভালকৈ।” শান্ত মাতেৰে জিতাই কয়।

লণীয়ে গাখীৰ চাহৰ লগত আলু ভাজিৰে ফুলা ফুলা লুচি দুখনমান খাবলৈ পালে দিনটোলৈ আন একো নহ’লেও হয়। তায়ে পুৱা-আবেলি প্ৰায়ে লুচি-ভাজি কৰে; পাছে শেষত নিজলৈ চেপেটা চেপেটা ডেই যোৱা দুখন বা এখনহে থাকেগৈ। খাবলৈ লওঁতে অবাধ্য পানী দুটোপালে দুচকু জলমল কৰা জায়েক দুগৰাকীৰ চকুত পৰে। খাই থাকোঁতেহে লণীয়ে মন কৰে,ক’তা, ডেৱা লুচি দুখন তাইৰ প্লেটত নাই দেখোন! কোনোবা এগৰাকী জায়েকেহে সেয়া চোবাই আছে। কোন তলকতনো প্লেটখন সলাই নিলে তাই গমকে নাপায়। তাৰ পাছত তিনিওজনীৰে মাজত হাঁহিৰ খলকনি। এই নিভাঁজ চেনেহকণৰ কাৰনেই তাইৰ নাখালেও পেট ভৰি থাকে।

আজি পিছে উঠি নাহে তাই…….শাহু হ’ল বুলিয়েই ইমান বেয়াকৈ ক’ব লাগেনে?ডাঙৰ বৌ তেনেই নিমাখিত,সকলো হজম কৰি পেলাব পাৰে; মাজু বৌৱে অৱশ্যে শাহুৰ কথাত কেতিয়াবা উত্তৰ দিয়া তাই দেখিছে। শাহুআই পিছে আন কিছুমানৰ নিচিনা সিমান কঠোৰো নহয়। তথাপিও তাইৰ ভয় লাগে তেওঁৰ মুখামুখি হ’বলৈ। এতিয়া বা ক’ত আছে তেওঁ..মাত বোল শুনা নাই চোন! ঘৰত থকা হলে ইমান পৰে তাইক নেদেখিলে মাত এষাৰ মাতিলেহিহেঁতেন চাগৈ। অ’, ওচৰৰ এঘৰৰ আই শৰাই দিয়ালৈ কালি মাতি থৈ গৈছিল নহয়! তালৈকে যাব পাৰে। বাকীবোৰ কামে কাজে গ’ল চাগৈ। অলপ আগতে মাজু বৌৱে মাতিছিলহি,কিবা খাবলৈ… ভোকো লাগিছে।ৰাতিপুৱাৰ চাহকাপো খোৱা নহ’ল নহয়! তথাপিও দেখা যাওকচোন কিমান সময়লৈকে এনেকৈ ওফোন্দ পাতি নোখোৱাকৈ থাকিব পাৰে। তাই দেখুৱাই দিব যে তাই সকলো মনে মনে সহ্য নকৰে। সেয়া, আকৌ ডাঙৰ বৌৱে মাতিছে,

“সৰু, আহ, সোনকালে আহ। আমি দুজনীয়ে শেষেই কৰিম এতিয়া।”

ডাঙৰ বৌৱে তাইক ‘সৰু’ বুলি মাতে আৰু মৰম দেখুৱাব খুজিলে ‘তই’ বুলি কয়, আন সময়ত ‘তুমি’ বোলে যদিও। তাই আৰু ৰৈ থাকিব নোৱাৰিলে……..একে লৰে ডাইনিং টেবুলৰ কাষ পালেহি। দুয়োগৰাকী জায়েকে টেবুলত এগালমান খোৱাবস্তু সজাই লৈ তাইৰ বাবে ৰৈ আছে। তাইক দেখিয়ে দুয়োৰে মুখত হাঁহি বিৰিঙিল। ৱাহ! কি দেখিছে তাই! তিনিখন ডাঙৰ ডাঙৰ প্লেট ভৰাই ফুলা ফুলা লুচি,আলু ভাজি, একাঁহী সিজোৱা কণী লগতে অমলেট। ওচৰতে এমগ ধোঁৱা ওলাই থকা গাখীৰ চাহেৰে সৈতে ধুনীয়া ধুনীয়া কাপ কেইটামান।

“ওঁ, আক্ৰমণ কৰিবহে লাগে আৰু….দেৰি কৰিলে আমাৰে বিপদ, এটি এটিকৈ সনাহীমখা ওলাইহিহে লাগে।” সৰু জায়েকৰ আহ্বান।

তাই সকলো পাহৰি চকী এখন টানি লৈ বহি লুচি-ভাজিৰ প্লেটত হাত দিলে।

“এই, হাতখনতো ধুই ল….মই ইমান চাফ-চিকুণকৈ সকলোবোৰ বনালোঁ, তই লেতেৰা হাতেৰেই আক্ৰমণ কৰি সব পেটলৈ পঠিয়াব খুজিছ ন?”

তিনিওজনীৰে উচ্ছল হাঁহিৰ তীব্ৰতাত পুৱাৰেপৰা চপৰা পাতি থকা ক’লা ডাৱৰখিনি লাজ পাই সাউৎকৈ আঁতৰি গৈ ক’ৰবাত লুকাই পৰিল।

******

2 Comments

  • Kumkum sarmabaruah

    বাস্তৱধৰ্মী গল্প। বৰ ভাল লাগিল।

    Reply
  • Mamoni Kalita

    বৰ সুন্দৰ 👌

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *