তাবিজ-ৰাজু কুমাৰ নাথ
(১)
মোক এটা তাবিজ লাগে,
চৌদিশে আমাক গ্ৰাস কৰি
কৰ্মস্পৃহাৰে ধনী হোৱা,
পমুৱা,ভগনীয়াৰ সৈতে এঘৰী যুঁজিবলৈকে ….
মোক এটা তাবিজ লাগে।
(২)
মোৰ কণ্ঠত এতিয়া দুই তিনিখন আঁচনিৰ মালা,
নানাৰঙী সপোনৰ বাটত চলি যায়…
মোৰ জীৱনৰ মধুবেলা,
আস্!এই সপোনবোৰ জীৱন দি ৰাখিবলৈ ….
মোক এটা তাবিজ লাগে।
(৩)
ঘৰৰ পিৰালিত হাবিয়নি,
কেঁচু,শামুকৰ খেতি,
‘মনৰেগা’ৰ শাৰী পাতি উঠোৱা টকা,
ব্ৰইলাৰৰ সৈতে
ফ্ৰী চাউলৰ ভাত।
বাৰীত নতুনকৈ গজা গেজেপনি মৰা হাবিডৰা কটাৰ
সাহকণ গোটাবলৈ ….
মোক এটা তাবিজ লাগে।
(৪)
অসহিষ্ণু সমাজ এখনৰ পক্ষত থাকি
নিজৰ মূৰটো খুলি থৈ…
উন্মাদ স্তাৱকৰ আচৰণ কৰি সাহিয়াল দেখুৱাবলৈকে….
মোক এটা তাবিজ লাগে।
(৫)
দেশ,জাতি,মাটি,ভেঁটি যাওক ৰসাতলে
কলা,বোবা,সোৰোপাৰ চৰ্দাৰ হ’বলৈ গৈ…
আজি আৰু মোক অইন একোৱেই নালাগে।
মাথোঁ মোক এটা তাবিজ লাগে।
“হিতাধিকাৰীৰ তাবিজ”।
******
10:24 AM
হয়নে, বঢ়িয়া।
2:41 PM
সুন্দৰ সময়োপযোগী লেখা ।
ৰাজু, পঢ়ি ভাল লাগিল। ধন্যবাদ তোমাক।
5:59 PM
আঁচনিৰ জয় জয়কাৰৰ দিনত হিতাধিকাৰী তাবিজ নিবিচাৰি উপায়েই নোহোৱা হৈছে ৰাইজৰ৷ বৰ ভয়ংকৰ তাবিজ এইটো৷ সুন্দৰ প্ৰকাশ৷
7:00 PM
সুন্দৰ 👌