পৰম্পৰাগত বিহুগীতৰ সুষমা বিচাৰি-জয়ন্ত গগৈ

জন-জীৱনৰ চিন্তা আৰু আচৰণৰ ভেঁটিত একোটা লোক-সংস্কৃতি গঢ় লৈ উঠে।অসমৰ জন-গোষ্ঠীসমূহৰ মাজত চলি অহা লোক-বিশ্বাস, আচৰণ পদ্ধতি, সামাজিক ৰীতি-নীতি, জীৱন-ধাৰণৰ পদ্ধতি আদি লোক-উৎসৱ সমূহত প্ৰতিফলিত হয়। অসমীয়াৰ বাপতি সাহোন উৎসৱ ৰঙালী বিহুৰ সময়ত পৰিৱেশিত বিহুগীত আৰু বিহুনাম ইয়াৰে এক ফচল। বিহুৰ সময়ত গোৱা আৰু পৰম্পৰাগতভাৱে চলিত হৈ অহা গীতসমূহকে ‘বিহুগীত’ বুলি কোৱা হয়।’বিহুগীত’ আৰু ‘বিহুনাম’ দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয় বুলি ক’ব পাৰি। অসমীয়া সমাজ জীৱনৰ লগত জড়িত সকলো বিষয়েই বিহু গীতত স্থান লাভ কৰিছে। মুখ্যতঃ অসমীয়া বিহুগীত সমূহত প্ৰায়ে প্ৰেম আৰু ৰোমাঞ্চৰ বিষয়বস্তুক এক জীৱন্ত আৰু অভিব্যক্তিপূৰ্ণ ৰূপত চিত্ৰিত কৰা হৈ আহিছে।  বিহুগীতত প্ৰায়ে প্ৰকৃতি, সাংস্কৃতিক পৰম্পৰা আৰু প্ৰেমিক-প্ৰেমিকাসকলৰ আৱেগৰপৰা অনুপ্ৰেৰণা লৈ প্ৰেমক কাব্যিক আৰু অভিব্যক্তিপূৰ্ণ ভাৱে দেখুওৱা হয়। এই সংগীত শৈলীবোৰত প্ৰেমক আৰু সমাজ এখনত কেনেদৰে চিত্ৰিত কৰা হৈছে, ইয়াকে এই লেখাৰ যোগেদি এক চমু আলোচনা দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।

বিহুগীতসমূহৰ কাব্যিক ধাৰণা আৰু অলংকাৰৰ ওপৰত ভিত্তি কৰি আমি তলত উল্লেখিত ধৰণৰ একো একোটা ভাগত ভাগ কৰি ফঁহিয়াই চাব পাৰোঁ। 

ৰোমান্টিক অনুভূতি প্ৰকাশ কৰা: বহুতো বিহু গীত প্ৰেমিকৰ মাজত ৰোমান্টিক অনুভূতি প্ৰকাশ কৰিবলৈ সমৰ্পিত। এই গীতবোৰে প্ৰায়ে প্ৰকৃতিৰ সৌন্দৰ্য্য বৰ্ণনা কৰে, ইয়াক প্ৰিয়জনৰ সৌন্দৰ্য্যৰ সৈতে তুলনা কৰে, আৰু আকাংক্ষা আৰু প্ৰত্যাশাবোৰ প্ৰকাশ কৰে। বিহুগীত ৰোমান্টিক ছবিৰে সমৃদ্ধ, প্ৰেমিকসকলক ইজনে সিজনৰ সৈতে আৰু তেওঁলোকৰ চাৰিওফালৰ সৈতে গভীৰভাৱে সম্পৰ্কিত বুলি চিত্ৰিত কৰে। সেউজীয়া পথাৰত বা নদীৰ পাৰত ৰোমান্টিক মিলনৰ দৃশ্যবোৰ সাধাৰণ বিষয়বস্তু। উদাহৰণ স্বৰূপে ন ভূঁই খেতি-পথাৰত ৰুই থকাত ব্যস্ত ডেকা গাভৰুৱে কামৰ মাজতে জোকোৱা – জুকুৰি কৰি মনে মিলা ডেকালৈ বা গাভৰুলৈ চাই বিহুগীত জুৰে……

          হালবাই হালোৱা      ঘৰলৈ নাযাবা

                    কঠিয়া বোলাব লাগে,

          ভূঁই ৰুই ৰুৱনী         নাযাবা আঁতৰি

                    পেটৰ কথা পাতিব আছে।

          আহুধান দাবলৈ       আমনী জামনী

                    তলে লেউ লেউ জোক,

          আহু ধানৰ তলিতে    নোজোকাবি চেনাইটি

                    এনেয়ে পাবিচোন মোক।

এই বিহুগীতৰ মাজেদিয়েই গায়কীৰপৰা সেই পৰিৱেশটোৰ এখন সজীৱ ছবি দাঙি ধৰে। একেদৰে ডেকা গাভৰুবোৰ যৌৱনপ্রাপ্তি হোৱাৰ লগে লগে সংসাৰ খনক নতুন ভাৱেৰে চাবলৈ শিকে আৰু ব’হাগৰ মলয়া বতাহৰ বা লাগি দেহে মনে প্ৰেমৰ ভাৱ জগাই তোলে। যাৰ ফলত নিজৰ লগৰী অর্থাৎ হিয়াই হিয়াক বিচৰাৰ প্ৰৱণতা জাগি উঠে আৰু তাকে ডেকা গাভৰুৱে এনেদৰে বিহুগীতৰ জৰিয়তে প্ৰকাশ কৰে…..

            ঘৰতো নবহে             মন সমনীয়া

                     পথাৰতো নবহে মন

           কমোৱা তুলাবোৰ    যিদৰে উৰিছে

                     সিদৰে উৰিবৰ মন।

একেদৰে বিহুগীত বিলাকৰ বেছি ভাগ গাভৰুসকলৰ সৌন্দৰ্য্যৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈ আহিছে। ঘৰখনৰ সন্মুখত থকা ফুল কেইজোপাই ঘৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ দৰে গাভৰুসকলেও ঘৰ তথা সমাজৰ সৌন্দৰ্য্য বৃদ্ধি নকৰাকৈ নাথাকে। সেয়ে হয়তো বিহুগীতত উল্লেখ আছে-

            আগবাৰীৰ শুৱনি      কাকিণী তামোল ঐ

                         পিছবাৰীৰ শুৱনি পান

             বৰ ঘৰৰ শুৱনি         গাভৰু ছোৱালী 

                         উলিয়াই দিবলৈ টান।

গাভৰু সকলৰ সৌন্দৰ্য্য বৰ্ণনা কৰিও বিহুৱা ডেকাই বিহুগীতত গায়-

             হাতৰে আঙুলি পবালি পবালি

             ভৰিৰে আঙুলি ঘন,

             তোমাক জানো লাহৰি  কোনে স্বৰজিলে

             চাইনো চাই থাকিবৰ মন

             পানীত জকমকাই পানীৰে পৰুৱা

              ফুলৰ জকমকাই পাহি,

              তোমাৰ গাল দুখনিত তেজে জকেমকাই

              মুখত মিচিকিয়া হাঁহি।

 আকৌ কেতিয়াবা হয়তু প্ৰেমিক-প্ৰেমিকাৰ মাজত মিলন নহ’বও পাৰে, নতুবা ডেকাজনক কিবা প্ৰকাৰে গাভৰু গৰাকীয়ে দূৰত্ব বজাই ৰাখিলে তেনে ক্ষেত্ৰত এৰা-এৰি হোৱা প্ৰেমিকে এৰি থৈ যোৱা প্ৰেমিকাৰ মনৰ কথা বিহুগীতত এনেদৰে প্ৰকাশ পায় –

               ধানে দায়ে গ’লা পাছলৈ নাচালা

                          এৰিলা ঐ চেনেহৰ ঠোক‌ 

               বামে পাই লাখুটি  যিদৰে এৰিলা

                           সেইদৰে এৰিলা মোক।

আকৌ কেতিয়াবা দুখীয়া প্ৰেমিক ডেকাই প্ৰেমিকাৰ পৰা পোৱা অৱহেলাত প্ৰকাশ কৰি এনেদৰে বিহুগীত গায়-                   

                মাছখোৱা বজাৰত  ছাতিটি কিনিলো

                           চিচিমুখত বদলি হ’ল,

                তোমাক আনিম বুলি  বৰঘৰ সজালোঁ

                           গৰুবন্ধা গোহালি হ’ল।

প্ৰকৃতিত প্ৰেমৰ উদযাপন: প্ৰেমৰ তীব্ৰতা প্ৰকাশ কৰিবলৈ বিহুৰ গীতবোৰে সঘনাই প্ৰকৃতিৰ ৰূপক ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে, ফুল ফুলা, চৰাইৰ চিঞৰ-বাখৰ আৰু প্ৰবাহিত নদীবোৰ প্ৰায়ে প্ৰেম আৰু আৱেগৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। ফুলৰ সৌন্দৰ্য্য, চৰাইৰ গীতৰ সুৰ, আৰু বাৰিষাৰ সতেজতাক প্ৰায়ে প্ৰেম আৰু আকাংক্ষাৰ অনুভূতিৰ সৈতে তুলনা কৰা হয়। সেয়ে বিহুগীতত বিহুৱা ডেকাই গায়-

         চ’তে গৈয়ে গৈয়ে- নয়া নদী নয়া কুল

         ব’হাগে পালেহি- নয়া নদী নয়া কুল

         ফুলিলে বাবৰি ফুলেহে- নয়া নদী নয়া কুল

         খোপাত মাৰে কপৌফুল, ফুলি আছে নাহৰ ফুল

         হাততে ঐ, হাততে ঐ জেতুকাৰ, 

         হাততে ঐ জেতুকাৰ বোল।

নদীৰ কাষৰ ঠাইসমূহ নিজম, শান্ত সমাহিত পৰিৱেশে বিৰাজমান।গতিকে নৈ কিনাৰৰ সেই নিজম পৰিৱেশত প্ৰেমিক-প্ৰেমিকাই মনৰ কথাবোৰ হেঁপাহ পলুৱাই পাতিব পাৰে। সেয়েহে হয়তো বিহুৱা ডেকাই প্ৰেমিকাক অনুপ্ৰাণিত কৰি বিহুগীত গায়-

           নৈ কিনাৰৰ কঁহুৱা

                বতাহত হালে জালে

                      ভন্টী তোমাৰ কাৰণে

                          কান্দি আছে অন্তৰে।।

সাংস্কৃতিক প্ৰেক্ষাপটত প্ৰেমৰচনা: বিহুগীতবোৰে অসম সমাজৰ সাংস্কৃতিক প্ৰেক্ষাপটৰ ভিতৰত প্ৰেমকো চিত্ৰিত কৰে। তেওঁলোকে পৰম্পৰাগত ৰীতি-নীতি, প্ৰেমৰ সৈতে সম্পৰ্কিত ৰীতি-নীতি, আৰু বিহুৰ দৰে উৎসৱৰ সময়ত প্ৰেম উদযাপনৰ বিষয়ে বৰ্ণনা কৰিব পাৰে। বিহুগীতত কেতিয়াবা সাংস্কৃতিক উপাদান যেনে- অন্তৰ্ভুক্ত কৰে পৰম্পৰাগত অসমীয়া পোছাক, ৰীতি-নীতি, আৰু প্ৰেম আৰু প্ৰেমৰ সৈতে সম্পৰ্কিত ৰীতি-নীতি, গানবোৰত সাংস্কৃতিক সমৃদ্ধিৰ এক স্তৰ যোগ দিয়ে। দূৰৰ বিহুৱা ডেকাৰ পেঁপাৰ টিঁহিটি তিল ধ্বনি যেতিয়া বিহুৱতী গাভৰুৰ কাণত পৰিছিল তেতিয়া মনৰ আনন্দতে তাঁত শালত ৰব নােৱাৰি গাইছিল-

         ম’হৰ শিঙৰ পেঁপাটি নবজাবি চেনাইটি

             দেহামন কেনেবা কৰে 

                  তােমালৈ বুলি বিহুৱান বৈছােঁ

                       ফুলত কেণা লাগিব পাৰে 

                          মৰমৰ দীঘদি চেনেহৰ বাণীৰে

                             হেঁপাহৰে গুটি ফুল বাচোঁ 

                               অহা ব’হাগতে চেনাইকে দি যাম

                                    মনতে কল্পনা কৰােঁ।

কেতিয়াবা বিহুৱা ডেকাই মাক নতুবা বায়েক-ভনীয়েকক উদ্দেশ্যি বিহুগীতত গায়-

             “আইয়ে বৈ এ দিয়া ফুলাম কৈ গামোচা 

                  মূৰত পাগে মাৰি বিহুলৈ যাওঁৱে হেই

                      গোবিন্দাই ৰাম।”

               সৰু সুতাৰ চেলেং খনি

                    বৈ দিয়া সৰু ভনী 

                        বিহু মাৰিবলৈ যাওঁৱে 

                            ঐ লগৰীয়া।”      

একেদৰে কৃত্ৰিম প্ৰসাধন সামগ্ৰীবোৰ সুলভ হৈ নথকা সময়ত আগৰ দিনৰ বিহুৱতী গাভৰুৱে বিহু নাচিবৰ বাবে নিজকে ধুনীয়াকৈ সজাই পৰাই ল’বলৈ জেতুকা, কপৌফুল আৰু বৰহমথুৰি আদি যোগাৰ কৰি লৈছিল আৰু সেই  তেতিয়া বিহুৱা ডেকাই মাতি থাকিলেও বিহুৱতী গাভৰু তৎক্ষণাৎ ওলাই নগৈ ভিতৰৰপৰাই বিহুৱা ডেকাক উদ্দেশ্যি গাইছিল_

     ৰাতিতে উঠিলোঁ পাতিতে বহিলোঁ

         জেতুকা বোলালো হাতত,

             এই বেলা বেলাতি মাতিব নোৱাৰোঁ

                  বৰহমথুৰি বোলাইছো ওঁঠত।

প্ৰেমকাহিনী বৰ্ণনা কৰা: কিছুমান বিহু গীতত কিংবদন্তী প্ৰেমিকৰ প্ৰেমকাহিনী বা কিংবদন্তী বৰ্ণনা কৰা হৈছে, গানবোৰত এক পৌৰাণিক আৰু ৰোমান্টিক উপাদান যোগ দিছে।এই কাহিনীবোৰে প্ৰায়ে প্ৰকৃত প্ৰেম, আনুগত্য আৰু ভক্তিৰ আদৰ্শক মূৰ্ত কৰে। কেতিয়াবা প্রেমিকাক পোৱাত সমাজৰ বান্ধোন দেখা যায়।যাৰ ফলত প্ৰেমিকাই সেই বান্ধোন ছিঙি যোৱাৰ পৰিপন্থী নহয়গৈ। তেতিয়া বিহুগীতৰ জৰিয়তে ডেকা গাভৰুৱে গায় –

          তুমি তামোল দিয়া খামে কোনে কৰি

                    তিতিকি তিতিকি লাগে

           তোমাৰে লগতে পিৰিতি কৰো কেনে কৰি

                     সম্বন্ধত এফোৰি লাগে।

তাৰ উত্তৰত প্ৰেমিকে গায়…..

          শ্রীকৃষ্ণই অর্জুনে সখি বান্ধৈ আছিলে

                     সুভদ্রা আছিলে ভনী,

          তেওঁ চোন অৰ্জুনে সুভদ্রাক আনিলে

                     তালৈ কিয় নোচোৱা গুনি।

প্ৰেমৰ ক্ষেত্ৰত সংগীত আৰু নৃত্যৰ ভূমিকা: বিহুগীতৰ সৈতে প্ৰায়ে বিহু নৃত্যৰ দৰে উদ্যমী নৃত্য থাকে, যিটো যুৱক-যুৱতীয়ে পৰিৱেশন কৰে। এই নৃত্যবোৰে প্ৰেমৰ ৰীতি-নীতিত এক ভূমিকা পালন কৰে, যাৰ ফলত ব্যক্তিসকলে সংগীত আৰু চলাচলৰ জৰিয়তে তেওঁলোকৰ অনুভূতি আৰু আৱেগ প্ৰকাশ কৰিব পাৰে। সেয়ে হয়তো বিহুতলিত বিহুৱা ডেকাই গাভৰু নাচনীক নচুৱাই বিহুগীতৰ মাজেৰেই গায়-

           হেৰা ভনী তুমি আমাৰ মৰমৰ নাচনী

           নানাচো বুলিলে ওলাই চকুপানী

           নচুৱাই থাকিলে নালাগেচোন আমনি 

           চাবা দে নাচনী গাতে গাত লাগিব

           সোণালী যৌৱনৰ মুকুতা সৰিব।

 আকৌ প্ৰেমৰ আকুলতাৰে পূৰ্ণ নাচনীৰ প্ৰণয়মূলক চকুৰ চাৱনিত দহি যোৱা বিহুৱা ডেকাই গায়-

       ঘুনুক ঘানাক কৰি হঠাতে মই শুনিলো

            হিয়াভঙা কুলিৰ মাততে মই বুজিলো,

                ওচৰ চাপি চাপি নাহিবা ঐ নাচনী

                    ব’হাগ নহয় ধেমালি মোৰ বুকুৰে বিননি।

এনেদৰে পৰিবেশিত  বিহুগীতসমূহৰ ছন্দে ছন্দে অসমীয়া ডেকা-গাভৰুৰ হেঁপাহ আৰু আন্তৰিক ভালপোৱাবোৰ ফুটি উঠিছে।কুলি কেতেকীৰ অমিয়া মাতত আৰু প্ৰকৃতিৰ মধুময় পৰশত উন্মুক্ত হৈ উঠা অসমীয়া ডেকা-গাভৰুৰ প্ৰাণৰ মৰমবোৰ, হেঁপাহবোৰ বিহুগীত সমূহৰ জৰিয়তে যুগে যুগে স্বীকৃতি পাই আহিছে।কোনো অনামী স্বভাৱৰ কবিৰ অথবা বিহুৱা-বিহুৱতীৰদ্বাৰা ৰচিত ইমানেই সুৰীয়া বিহুগীত বা বিহুনাম অসমৰ প্ৰতিটো কোণতে প্ৰচলিত হৈ আছে যাক কৈ বা লিখি শেষ কৰিব নোৱাৰি।কৈনো কৈ থাকিলেও, ওৰকে নপৰে এই বিহুগীত বা বিহুনামৰ অমিয়া মাধুৰীবোৰ।এই বিহুগীত বা বিহুনামবিলাকৰ সাহিত্যিক অলঙ্কাৰো অসমীয়া লোক-সাহিত্যত লেখত লবলগীয়া। সামগ্ৰিকভাৱে, অসমীয়া বিহুৰ গীতবোৰে প্ৰেমৰ সাংস্কৃতিক অভিব্যক্তি হিচাপে কাম কৰে,যিয়ে অসমৰ সমাজত প্ৰচলিত আৱেগ, পৰম্পৰা আৰু ৰোমান্টিক আদৰ্শক ধৰি ৰাখে। ডেকা গাভৰুৰ প্ৰেমৰ সৌন্দৰ্যক ইয়াৰ বিভিন্ন ৰূপত উদযাপন কৰে আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ লোক-সাহিত্যৰ ভঁৰালত প্ৰভূত অৰিহণা যোগায়।

******

                                  

One comment

  • বৰষা ডেকা

    ইমান ধুনীয়া হৈছে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *