ফাগুন -ভাষ্যতি শৰ্মা
(১)
গছবোৰৰ শুকাই যোৱা চকুলোবোৰ
তলত পৰি আছিল।
সৰাপাত বুলি সেইবোৰ মই গচকিছিলো।
সিহঁতে মোৰ অস্তিত্বৰ উমান পাই মৰমৰণিৰ সুৰ তুলিছিল।
আৰু মই তাত ৰৈ কিছুপৰ জীৱন্ত বিষাদৰ গীত শুনিছিলোঁ।
(২)
শিমলুজোপাত লাগি থকা ৰঙাখিনিৰ প্ৰেমত পৰি
বতাহজাকে সদায় শিমলু কেইপাহমান চুইছিল।
বতাহৰ কোমল স্পৰ্শত শিমলুকেইপাহ সৰি পৰি
সেইদিনা বতাহজাকক শিমলুবোৰে প্ৰেমৰ প্ৰত্যুত্তৰ দিছিল।
(৩)
ফাগুনৰ আকাশত চিলাখন উৰুৱাই দিছিলোঁ।
আৰু তাত গাঁঠি দিছিলোঁ
অতদিন ধৰি লিখি থকা বিষাদৰ দীঘলীয়া চিঠিখন।
ক’ৰপৰা জানো হঠাতে বতাহ এজাক আহিল
চিলাখনক লৈ গ’ল সুখৰ প্ৰদেশলৈ।
এতিয়া সেই চিঠিখনতো চলিছে সুখৰ উৎসৱ।
(৪)
ফাগুনে বিষাদৰ গীত গায়।
প্ৰেমৰ ৰং কঢ়িয়ায় ফাগুনে প্ৰেমত পেলায়।
মুক্তমনে ফাগুনে যেনি তেনি উৰি থাকে,উৰুৱাই থাকে।
বিষাদবোৰ উৰুৱাই দি ফাগুনে সুখৰ উৎসৱ পাতে।
ফাগুনৰ বুকুত শুই থাকে
শুকান প্ৰকৃতিৰ জীপাল সপোন এটা।
ফাগুন নিজেই প্ৰকৃতিৰ এটা নানাৰঙী কবিতা।
******