বিশ্বায়নৰ আলি-দোমোজাত বিহু আৰু ইয়াৰ স্বকীয়তা ৰক্ষাত আমাৰ জাতীয় দায়িত্ব-সঞ্জয় কৃষ্ণ

অসমীয়াৰ হৃদস্পন্দন, অসমীয়াৰ স্বাভিমান হ’ল বিহু।মূলতঃ কৃষিভিত্তিক উৎসৱ বিহুৰ লগত জড়িত হৈ আছে নানান পৰম্পৰা, লোকাচাৰ ইত্যাদি।অতীজৰেপৰা ই চলি আহিছে পুৰুষানুক্ৰমে।সময়ে সময়ে কিছু পৰম্পৰা, লোকাচাৰ, নীতি-নিয়ম নতুনকৈ সংযোজিত হৈ পৰে।এইবোৰ সংযোজিত হয় কিছু প্ৰকৃতিবাদী বৈজ্ঞানিক চিন্তাৰ ফলস্বৰূপে। লগতে প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্কৰ ফলস্বৰূপে। 

সময়ে সময়ে সংস্কৃতিলৈ নতুন সোঁত, নতুন উপাদান আহে।কিছুমান নিয়ম লোপ পায়, কিছুমান নতুনকৈ সংযোজিত হয়।এনেদৰেই সময়ে সময়ে কিছু ন-ৰূপ লৈ পৰিৱৰ্তিত হৈ বিহুৱে আজিৰ অৱস্থা পাইছেহি।সংস্কৃতিয়ে সামৰি লয় নৃত্য-গীত, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, জীৱন ধাৰণৰ প্ৰণালী ইত্যাদি।বৰ্তমান যোগাযোগ ব্যৱস্থা আৰু আন আন ক্ষেত্ৰত মানৱ জাতি অধিক আগবাঢ়ি যোৱাত পৃথিৱীৰ এটা প্ৰান্তৰপৰা আন এটা প্ৰান্তৰ দূৰত্ব হ্ৰাস পোৱাৰ নিচিনা হৈ পৰিছে। পৃথিৱীখন যোগাযোগৰ ফালৰপৰা এক ক্ষুদ্ৰ অঞ্চলত পৰিণত হৈছে।এটা অঞ্চলৰ কলা, সংস্কৃতি আনৰ সংস্পৰ্শলৈ আহিছে আৰু প্ৰভাৱান্বিত হৈছে। বিশ্বায়নৰ এই প্ৰভাৱে সমাজৰ সকলো দিশ চুই গৈছে। অৱধাৰিতভাৱে আধুনিকতাৰ ঢৌৱে চুই গৈছে আমাৰ বিহুকেইটিকো। 

অনাৰ্য আৰু আৰ্য সুঁতিৰ মিশ্ৰণত সৃষ্ট বিশাল পৰিসৰৰ বিহুৱে এক জাতীয় মৰ্যাদা পাইছিল আহোম ৰজাসকলৰ দিনত। ৰজা প্ৰজা সকলোৰে মাজত বিহু সোমাই পৰিল।আহোমৰ পতনৰ পাছত আহিল ইংৰাজ আমোল।এয়া অসম প্ৰত্যেক্ষভাবে বহিঃসংস্কৃতিৰ প্ৰভাৱলৈ অহাৰ প্ৰাক সময়। সমাজত গঢ় লোৱা কেতবোৰ ধ্যান ধাৰণাৰ বাবে বিহুৱে হেৰুৱাবলৈ ধৰিলে আগৰ মৰ্যাদা।সমাজৰপৰা কিছু পৰিমাণে বিহু আঁতৰিবৰ উপক্ৰম হ’ল। কিন্তু সময় যোৱাৰ লগে লগে পুনৰ বিহুৰ প্ৰতি মানুহৰ ধ্যান ধাৰণাৰ পৰিৱৰ্তন হ’ল আৰু বহুলোকে বিহুক আগৰ মৰ্যাদা দিবলৈ অহোপুৰুষাৰ্থ কৰিলে।গণেশচন্দ্ৰ হাজৰিকাদেৱে  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ কিতাপখনত বিহুৰ সপক্ষে ওকালতি কৰিছিল। তেওঁ লিখিছিল, 

“সজ বিবেচকৰ কৰ্তব্য হৈছে সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সময় আৰু সমাজৰ উপযোগী কৰি তোলা আৰু সেই সম্বলেৰেই বৰ্তমান সমাজৰ মংগল সাধন কৰা।” 

ঠিক তেনেদৰে লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিল,

“বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেইদেখি বিহুক লোকে হাঁহে, বেয়া পায়।” 

এনেদৰে বিহু পুনৰ অসমীয়াৰ হৃদয়লৈ উভতি আহিল। ই হৈ পৰিল জাতীয় জীৱনৰ এক মহাঅংগ। বিহুত গৌণ হৈ যায় ধৰ্মীয় প্ৰভাৱ, সকলোৱে অংশ লয় আনন্দত। তেনেদৰে সাহিত্যৰ পথাৰলৈও বিহুৱে যোগায় অলেখ বীজ। নৱবৰ্ষৰ প্ৰাৰম্ভতে অহা ব’হাগে অসমীয়াক নতুন সংকল্পৰে জীৱন আৰম্ভণি কৰিবলৈ প্ৰেৰণা যোগায়, উচাহৰ ধল আনে, শস্যৰ শ্ৰীবৃদ্ধিৰ সময়ত কাতিয়ে আনে আশা…আৰু শেষত ভোগালীয়ে দিয়ে পৰিশ্ৰমৰ ফল….যোগায় আনন্দ। জাতি, জনজাতিকে আদি কৰি ভিন্নলোকৰ সমন্বয় আৰু সংমিশ্ৰণৰ চেতনাক সজীৱ কৰি ৰাখিবলৈ প্ৰতিবছৰে ব’হাগ আহে আই অসমীলৈ। ই আহে অসমীয়া জাতিক প্ৰগতি আৰু সমৃদ্ধিৰ বাট দেখুৱাবলৈ। 

ব’হাগ বিহুৰ ক্ষেত্ৰত এক নতুন সংযোজন হ’ল মঞ্চ বিহু।পথাৰৰ বিহু মঞ্চলৈ আহিল।ই এক প্ৰয়োজনীয় পদক্ষেপ আছিল। জনসংখ্যাৰ বৃদ্ধিৰ ফলত লাহে লাহে মুকলি ঠাইৰ অভাৱ হৈছিল আৰু মঞ্চ পৰম্পৰা অহাৰ ফলত বিহু উদযাপনত সুবিধা হ’ল।আনহাতে পথাৰৰ বিহুৰ পৰম্পৰাক ধৰি ৰাখিবলৈ মঞ্চ বিহুৰ সমান্তৰালকৈ মুকলি বিহুৰ ব্যৱস্থাও কৰা হ’ল। সময়ে সময়ে সংস্কৃতিত কিছু নতুন ৰূপ সংযোজিত হোৱাটো স্বাভাৱিক কথা। মঞ্চ বিহু এনে এটা সংযোজন। ইয়াৰ ফলত বিহুৰ প্ৰচাৰ আৰু প্ৰসাৰ হ’ল। বহু ঠাইত পথাৰৰ বিহুও বৰ্তি থাকিল। উদাহৰণস্বৰূপে ৰংঘৰৰ বাকৰিৰ বিহু। 

প্ৰথমে মঞ্চলৈ বিহু অহাৰ পাছত বিহুৰ জনপ্ৰিয়তা বহুত বৃদ্ধি পাইছিল আৰু অসমীয়াৰ মাজত এক নৱ চেতনা গঢ় লৈ উঠিছিল। কিন্তু লাহে লাহে কেতবোৰ সমস্যাই ইয়াত গা কৰি উঠিবলৈ ধৰিলে। যিবোৰ হৈ পৰিল বিতৰ্কিত।সময় যোৱাৰ লগে লগে বিহু মঞ্চই জাক-জমকতাৰ ফালে গতি কৰিলে আৰু টকাৰ প্ৰয়োজন হোৱাত স্বেচ্ছাই দিয়া দান বৰঙণিৰ পৰিৱৰ্তে জোৰ জবৰদস্তি কৰি পইচা আদায় কৰা ইত্যাদি কাৰ্য বৃদ্ধি পালে। লগতে বিহু মঞ্চত লাহে লাহে কিছু ক্ষেত্ৰত বিহু নৃত্য এলাগী হ’ব ধৰিলে আৰু প্ৰাধান্য পাব ধৰিলে নানা ধৰণৰ পশ্চিমীয়া সংস্কৃতিয়ে। আনহাতে বহু টকাৰে কেতবোৰ অসমীয়া নজনা শিল্পীক গীত গাবলৈ আমন্ত্ৰণ কৰি সংগীতানুষ্ঠান পতাত বিহু মঞ্চৰ গৌৰৱ হ্ৰাস পাবলৈ ধৰিলে। 

আধুনিকতাই বিহুক গ্ৰাস কৰা আন এটা দিশ হৈছে আমদানিকৃত গামোচাসদৃশ বস্ত্ৰৰ বিষয়টো।এতিয়া বাহিৰৰপৰা অহা কলত তৈয়াৰী এনে বস্ত্ৰই অসম ছানি ধৰিছে।ইয়াৰ কুপ্ৰভাৱ হৈছে বহুত। বহুতো বিহুৰ অনুষ্ঠানত আৰু অসমীয়া লোকৰ গৃহত অসমীয়া ফুলাম গামোচা আৰু আন জনজাতীয় বস্ত্ৰৰ স্থান দখল কৰিছে এনে বস্ত্ৰই। ফলস্বৰূপে এফালে ক্ষতিগ্ৰস্ত হৈছে অসমৰ থলুৱা শিপিনীসকল আৰু আনফালে কুঠাৰাঘাত হৈছে অসমীয়া পৰম্পৰাত।আনহাতে তেনে ধৰণৰ দৃষ্টিকটু বস্ত্ৰই মানুহৰ সৌন্দৰ্য্য প্ৰকাশতো অন্তৰায় হৈছে। এইক্ষেত্ৰত প্ৰয়োজন কঠোৰ চৰকাৰী হস্তক্ষেপৰ।

আহিন-কাতিৰ সংক্ৰান্তিত পথাৰৰ লখিমীৰ মংগলৰ অৰ্থে পালন কৰা কাতি বিহুক আধুনিকতাই তেনেকৈ স্পৰ্শ কৰিব পৰা নাই।সময়ৰ সোঁতত কিছু নতুনত্ব দেখা যাবই।এতিয়া চোতালত তুলসীৰ তলত চাকি জ্বলোৱাৰ লগতে তুলসী বা আন কোনো জোপোহা ফুল আদিত বৈদ্যুতিক আলোকসজ্জা ব্যৱহাৰ কৰা ঠাইখিনি আলোকোজ্জ্বল কৰা দেখা যায় । অৱশ্যে কৃষিভূমি হ্ৰাস পোৱা আৰু আধুনিক বজাৰ ব্যৱস্থাৰ ফলশ্ৰুতিত কঙালী বিহু পালনত কিছু স্থবিৰতা দেখা যায় । 

খেতি চপোৱাৰ অন্তত পালন কৰা মাঘ বিহুটিতো আধুনিকতাই কেতবোৰ দিশত প্ৰভাৱ পেলাইছে।মাঘ বিহুত সজা মেজি, ভেলাঘৰ বা মঠ আদি সজা যেন এক প্ৰতিযোগিতাৰ বিষয় হৈ পৰিছে।ই এতিয়া এনে হৈ পৰিছে যে এমাহৰ আগৰেপৰাই ৰংঘৰ, কাৰেংঘৰ, অট্টালিকা, যান বাহন আদিৰ প্ৰতিকৃতি সাজিবলৈ লাগি যোৱা দেখা যায়। 

আনহাতে এই ভোগৰ উৎসৱ ভোগালী বিহুৰ খাদ্য সম্ভাৰৰ ক্ষেত্ৰতো বহু পৰিৱৰ্তন আহিছে।ভোগালীৰ খাদ্য সম্ভাৰে এতিয়া চহৰৰ বজাৰো দখল কৰিছে।এইক্ষেত্ৰত গাঁও অঞ্চলৰ বহু লোক অৰ্থনৈতিকভাৱে লাভবান হয। এয়াও আধুনিকতাৰে ফল। সময়ৰ লগে লগে মানুহৰ ৰুচিৰ পৰিৱৰ্তন ঘটে।এতিয়া পিঠা, লাৰু, চিৰা, সান্দহ আদিৰ ওপৰিও নানা তৰহৰ বিস্কুট, মিঠাই আদিয়ে পাকঘৰ দখল কৰিছে। আজিকালি বহুতো ল’ৰা ছোৱালীয়ে লাৰু, পিঠা দেখিলে মুখ বিকটোৱা দেখা যায়।অৱশ্যে ইয়াত নিহিত হৈ আছে নানান কাৰণ। চহৰমুখী সমাজত পিঠা-পনা কৰাৰ অসুবিধাও এক অন্যতম কাৰক। কিন্তু ই ইমান চিন্তাৰ বিষয় যেন নালাগে।এতিয়া কলত পিঠাগুৰি খুন্দিবলৈ সুবিধা হোৱাত সহজে পিঠা-পনা কৰিব পৰা হৈছে। আনহাতে বজাৰলৈ পিঠা, লাৰুকে আদি কৰি ভোগালীৰ সমস্ত খাদ্য সম্ভাৰ অহাৰ পাছত চহৰ-নগৰ সকলোতে এইবোৰ সুলভ হৈছে। এইটো বিশ্বায়নৰ ফলত আধুনিক সমাজলৈ অহা এটা ভাল দিশ। আন উৎসৱতো পিঠা, লাৰুৱে ঠাই দখল কৰিছে।

ডেকা-গাভৰুৰ প্ৰেম নিবেদন ,মানুহৰ সুখ-দুখ ইত্যাদি নানান বিষয়ক উপজীব্য বিষয় হিচাপে লৈ ভিন ভিন সময়ত ৰচিত হৈ মানুহৰ মুখে মুখে চলি আহিছে বিহুনামসমূহ। সময়ে সময়ে নানান ঘটনা-পৰিঘটনা আদিৰ ফলত সৃষ্টি হয় ন ন বিহুনাম। ঠিক তেনেদৰে আন ভাষাৰ শব্দও সংযোজিত হয় এই বিহুনামবোৰত। বহুদিন প্ৰচলন হৈ থকাৰ ফলত এটা ভাষাৰ শব্দৰ মাজত আন এটা ভাষাত কেতবোৰ প্ৰৱেশ ঘটে। এয়া সমন্বয়। উদাহৰণস্বৰূপে কোম্পানী, স্কুল, ৰে’ল, গেছ আদি অনেক শব্দৰ বিহুনামত প্ৰৱেশ ঘটিছিল। কিন্তু ভাষাৰ সমন্বয়, সংমিশ্ৰণৰ অৰ্থ এইটো নহয় যে এটা গীতত অযথা অসমৰ কৃষ্টি সংস্কৃতিৰ লগত খাপ নোখোৱা আন ভাষাৰ শব্দ ব্যৱহাৰ কৰিব। গীত ৰচনা কৰিবলৈ শব্দৰ অভাৱ হৈ যোৱা নাই। নানান জাতি, জনগোষ্ঠী, জনজাতি আদিৰ সমন্বয়ত গঢ় লোৱা অসমত অসমীয়াৰ উপৰিও নানান দোৱান আছে। এনেবোৰ ভাষাৰ অজস্ৰ শব্দই অসমীয়া ভাষা সমৃদ্ধ কৰিছে। গতিকে এক সচেতন অসমীয়া হিচাপে এনেবোৰ দিশত লক্ষ্য ৰাখি সংগীতৰ সৃষ্টি কৰিলেহে সি আমাৰ বাবে সম্পদ হৈ পৰিব,আমাৰ গৌৰৱৰ বিষয় হৈ পৰিব। সুখৰ বিষয় বৰ্তমান জাতি জনগোষ্ঠীয় ভাষাৰ শব্দৰ অন্তৰ্ভুক্তি, জনগোষ্ঠীয় সুৰ, নৃত্যৰ সংযোজনেৰে বহু বিহুনাম আৰু বিহুসুৰীয়া গীতৰ সৃষ্টি হৈছে। চলিছে নানান সম্পৰীক্ষা। 

বিশ্বায়নে গ্ৰাস কৰা বিহুক বিশুদ্ধ ৰূপত ধৰি ৰাখিবলৈ প্ৰয়াস কৰাটো আমাৰ জাতীয় কৰ্তব্য আৰু দায়িত্ব। অৱশ্যে এটা প্ৰশ্ন উঠে যে বিশুদ্ধ ৰূপ কোনটো? বিহু উৎসৱৰ সৃষ্টিৰ সময়ত থকা ৰূপটো এতিয়া আছে জানো? তেন্তে বিশুদ্ধ ৰূপ কি? সংস্কৃতি এনেকুৱাই। ই নতুন নতুন ৰূপ পৰিগ্ৰহণ কৰে। যি কি নহওক, কিছু নতুন নতুন ৰীতি অন্তৰ্ভুক্ত হ’লেও বিহুৰ মূল অংগবোৰ একেদৰেই আছে। সেই ৰূপৰ ধ্বংস নাই। সেয়াই বিশুদ্ধ ৰূপ। সেইবোৰক কেন্দ্ৰ কৰিয়ে বিহু জীয়াই থাকিব আৰু আমি সেইবোৰক চিৰদিনলৈ ধৰি ৰাখিবলৈ যত্ন কৰিব লাগিব।বিশ্বায়নে বিহুলৈ অনা সমস্যাবোৰ আঁতৰ কৰিবলৈ আমি বদ্ধপৰিকৰ হ’ব লাগিব। হেমাংগ বিশ্বাসদেৱে কৈছিল,

“অপসংস্কৃতিৰ বিৰুদ্ধে কেৱল মাথোন চিঞৰ-বাখৰ কৰি থাকিলে একো নহ’ব। গণ-সংস্কৃতিৰদ্বাৰা তাৰ মোকাবিলা কৰিব লাগিব”। 

বিহু হ’ল কৰ্মসংস্কৃতিক জীয়াই ৰখা উৎসৱ। প্ৰতিটো বিহুৰে মাজৰ সময়খিনি কৰ্মৰ মাজেৰে পাৰ হয়। তেনে কৰ্মৰ পাছতহে বিহু। অৰ্থাৎ বিহুৱে মানুহক কৰ্মৰপৰা আহৰি দি কিছু ফূৰ্ত্তি প্ৰদান কৰে, আনহাতে বিহুৰ পাছতে পুনৰ কৰ্মত ব্ৰতী হ’বলৈ সোঁৱৰায়। হেমাংগ বিশ্বাসদেৱে কৈ যোৱাৰ দৰেই বিহুত দেখা দিয়া প্ৰত্যাহ্বানবোৰ আঁতৰাবলৈ গণসংস্কৃতিৰেই মোকাবিলা কৰিব লাগিব। মাঘ বিহুত টাইটানিক, উৰাজাহাজ, গাড়ী আদিৰ দৰে ভেলাঘৰ, মেজি সজাৰ কোনো আৱশ্যক নেদেখোঁ। পৰম্পৰাগত ভেলাঘৰ, মেজি সাজিবলৈ লগা ছয় সাতদিনৰ পৰিৱৰ্তে এমাহমানৰ আগৰপৰাই সুউচ্চ প্ৰতিকৃতি সাজি সময় আৰু ধন অপচয় কৰাৰ দৰকাৰ নাই। কোনো কোনোৱে মত পোষণ কৰে যে এইবোৰে আমাৰ মাজত থকা শিল্প প্ৰতিভা পোহৰলৈ আনে। কিন্তু ডাঠি ক’ব পাৰি যে শিল্প প্ৰতিভা দেখুৱাবলৈ আন ক্ষেত্ৰ আছে। নিজৰ প্ৰতিভাক সেইবোৰত প্ৰয়োগ কৰিলেহে মংগল হ’ব। সেই প্ৰতিভা স্থায়ী হৈ ৰ’ব, অসমীয়া সংস্কৃতিলৈ অৰিহণা যোগাব লগতে জীৱিকাৰো সমল হ’ব। আনহাতে এইবোৰত গণমাধ্যমৰো কৰণীয় নথকা নহয়। এই অপসংস্কৃতিয়ে সৰ্বত্ৰ ছানি ধৰাৰো বেছি বছৰ হোৱা নাই। অপ্ৰিয় হ’লেও সত্য ইয়াত মূল অনুঘটকৰূপে কাম কৰিছিল বৈদ্যুতিন মাধ্যম, বাতৰিকাকত আদিয়ে। যি বৈদ্যুতিন মাধ্যমে সংস্কৃতি ৰক্ষাৰ বাবে কথা কয়, সেই মাধ্যমেই আকৌ এনেকুৱা কথাবোৰ প্ৰচাৰ কৰাটো চিন্তা কৰিবলগীয়া কথা। আনহাতে বাতৰি কাকতৰ সম্পাদকীয় স্তম্ভকে ধৰি কিছু পৃষ্ঠাত দেখা যায় সংস্কৃতি ধৰি ৰাখিবলৈ নানান আলোচনা। ইফালে আকৌ প্ৰথম পৃষ্ঠাত  ৰংচঙীয়া ফটোৰে টাইটানিক, হেলিকপ্টাৰৰ  প্ৰতিকৃতি। আনহাতে ৰঙালী বিহুলৈ অহা প্ৰত্যাহ্বানবোৰ আঁতৰাবলৈ সুদূৰপ্ৰসাৰী পদক্ষেপ ল’ব লাগিব। বিহুক জীয়াই ৰাখিবলৈ আমি হ’ব লাগিব পৰিশ্ৰমী। এলাহৰ ঘুণ আঁতৰাব লাগিব আমাৰ জাতীয় জীৱনৰপৰা। নহ’লে যে অন্ধকাৰ আমাৰ স্বকীয় সংস্কৃতিৰ ভৱিষ্যত। সেই গীতৰ ভাষা যে সদায় প্ৰাসংগিক— অসমৰ ৰাইজে নিজক পাহৰিলে, ভোগালীতো দুৰ্ভোগ পাব, আৰু বাপতিসাহোন সেই ৰঙালী বিহুটিও কঙালীত পৰিণত হ’ব। আনহাতে দেখিবলৈ পোৱা যায় এতিয়া উঠি অহা চামে বিদ্যায়তনিক হেঁচাত বিহু আদিত নিজকে বিলীন কৰিবলৈ সময় নাপায়। উদাহৰণস্বৰূপে বিহুত শিক্ষানুষ্ঠান বন্ধ থাকে সীমিত দিনৰ বাবে। মাজতে কাতি বিহুৰ বন্ধ পৰ্যন্ত উঠাই দিয়া হৈছিল। ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পৰম্পৰা শিকিবলৈ সময় পাব ক’ত? কিন্তু আনফালে দেখা যায় দুৰ্গা পূজাৰ সময়ত ন দহদিন বন্ধ। ছঠ পূজাৰ বাবে দিয়া হয় ৰাজ্যিক বন্ধ। ৰাজ্যিক বন্ধতকৈ ইয়াত নিশ্চয়কৈ স্থানীয় বন্ধৰ ধাৰণাটো ল’ব পাৰি। অধিক বন্ধ ছাত্ৰ-ছাত্ৰীৰ জ্ঞান আহৰণৰ অন্তৰায়। দুৰ্গা পূজাত তিনিদিনমান বন্ধ দি বিহুৰ বন্ধ দুদিনমান বঢ়াই দিলেই চোন ইকূল সিকূল দুয়োকূল ৰক্ষা পৰে।

বিভিন্ন ধৰণৰ উৎসৱৰ মূল উদ্দেশ্য হৈছে মানুহৰ মাজত মিলাপ্ৰীতি অনা,সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰখা। বিহু মিলনৰ উৎসৱ, বিভেদৰ নহয়। এই মিলনৰ আনন্দই সূচায় সৃষ্টিৰ আনন্দক, ধ্বংসক নহয়। কিন্তু বৰ্তমান ভোগবাদী ব্যৱস্থাৰ কবলত পৰি সমাজবোৰত ভাঙোনে ধৰিছে । সাধাৰণ মনোমালিন্যৰ বাবেই চুবুৰীয়ে চুবুৰীয়ে মঞ্চ বিহু পাতিবলৈ লৈছে । হয়, উৎসৱ পাৰ্বণ, অনুষ্ঠান আদিয়ে মানুহৰ মনত প্ৰশান্তি দিয়ে । কিন্তু যেতিয়া এইবোৰত মনোমালিন্য, বাদ-বিবাদ আদিয়েহে স্থান পায় তেতিয়া এনে অনুষ্ঠানৰ পতাৰ সাৰ্থকতা ক’ত ? 

সময়ৰ লগে লগে মানুহৰ আচাৰ ব্যৱহাৰ, ৰুচি অভিৰুচি, কৃষ্টি-সংস্কৃতি, জীৱন ধাৰণৰ মানদণ্ড আদিত কিছু পৰিৱৰ্তন অহাটো এক নিৰ্মোহ সত্য। কিছুমান পৰিৱৰ্তনে সমাজ, সংস্কৃতিক চহকী কৰে আৰু কিছুমানে সমাজ আৰু সংস্কৃতিক ঋণাত্মকভাৱে প্ৰভাৱিত কৰে। সেয়ে এনেক্ষেত্ৰত প্ৰয়োজন সুস্থ চিন্তা, সু-বিবেচনা আৰু স্ব সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা। সকলোৱে সমিলমিলেৰে এক সামূহিক পথ লৈ আগবঢ়াটোহে সুদূৰপ্ৰসাৰী হ’ব। নিজৰ ভুলখিনি মানি লোৱাটো জ্ঞানীৰ কাম। এনেদৰে ভুল পথ পৰিহাৰ কৰি শুদ্ধ পথ ল’লেহে অসমীয়া জাতিসত্তা , অসমীয়া সংস্কৃতি চিৰদিনলৈ প্ৰবাহিত হৈ থাকিব। সততে কোৱা যায় যে সংস্কৃতি বোৱতী নৈ। গতিকে নতুন নতুন পৰিবৰ্তন অহাটো স্বাভাৱিক। হয়, সংস্কৃতি বোৱতী নৈ। নৈৰ পানী বৈ যায়। কিন্তু নৈৰ পানীৰ বৰণ একেই থাকে। ই এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। তেনেদৰে সংস্কৃতিও এঠাইৰ পৰা আনঠাইলৈ প্ৰবাহিত হয়। কিন্তু সত্য যে, সংস্কৃতিৰ মূল ধৰ্ম একেই থাকিব লাগিব। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ভাষাত,

“সংস্কৃতিৰ গতিপথত দেশী-বিদেশী যিবোৰ সাংস্কৃতিক সম্পদ লগ পোৱা যায় সেইবোৰ গ্ৰহণ কৰোঁতে সদায় নিজৰ জাতীয় ৰূপত সজাই পৰাই ল’লেহে সংস্কৃতি গতিধৰ্মী হয়৷ এনে সংস্কৃতিৰ গতিধৰ্মিতাই ভৱিষ্যতৰ সংস্কৃতিৰো বাট মুকলি কৰি ৰখাৰ লগতে বাটটো বহল আৰু ওখও কৰে।” 

একেদৰেই এতিয়াও প্ৰাসংগিক গণেশ চন্দ্ৰ হাজৰিকাদেৱে তাহানিতে লিখি যোৱা কথা। সুবিবেচনাৰে সমাজৰ পুৰণি নীতি-নিয়মৰ সাৰভাগ স্বকীয় মহিমাৰে ধৰি ৰখাটো। সময় সাপেক্ষে তাত সংযোজিত হ’ব পাৰে নতুন নিয়ম। অৱশ্যে ন-পুৰণি দুয়োটাৰে সমন্বয় হ’ব লাগিব যাতে সমাজ উন্নতিৰ পথলৈ আগুৱাই যায়।

ৰঘুনাথ চৌধাৰীদেৱে কৈছিল, “হাতীক যেনেকৈ বগৰাই দিব নোৱাৰি,  তেনেকৈ অসমীয়া জাতিও বাৰিষাৰ ঢলত জাঁজি হৈ উটি নাযায়।” ড° ভূপেন হাজৰিকাদেৱে  বিহু আৰু ব’হাগৰ প্ৰসংগত কৈছিল যে, বিহু আৰু ব’হাগে বৃহত্তৰ অসমীয়া জাতিটোক অকল মৰমৰ ডোলেৰে বান্ধি ৰখাই নহয় — জাতীয় জীৱনলৈ আনি দিয়ে এক সমদল গতি। অসমীয়া জাতিয়ে সংস্কৃতিৰ জলধিত স্নান কৰি নিজৰ ভুল ত্ৰুটি আঁতৰাই অসমীয়া মনটোক ন-চেতনাৰে উদ্দীপ্ত কৰি ন-উলাহেৰে আগবাঢ়ি যোৱাটোহে সজ কথা। 

    বিহুটি বিহুটি বিহুটি 

    বিহুটি আমাৰ মৰমৰ 

   বিহুটি আমাৰ সাদৰৰ 

    বিহুটি বিহুটি বিহুটি ঐ 

    বিহুটি হেঁপাহৰ ধন।

******

Leave a Reply

Your email address will not be published. Required fields are marked *