বিহুঃ সংস্কৃতি আৰু অপসংস্কৃতিৰ দোমোজাত আমাৰ জাতীয় উৎসৱটি-ড° চাহিন জাফ্ৰি
‘বিহু’ অসমীয়াৰ এক অবিচ্ছিন্ন জাতীয় সংস্কৃতি। জন্মৰপৰা মৃত্যুলৈ অসমীয়াৰ এক গৌৰৱোজ্জ্বল মানৱীয় আৰু সাংস্কৃতিক ধাৰা। অসমত বসবাস কৰি অহা বিভিন্ন নৃগোষ্ঠীসমূহৰ অঞ্চলভেদে স্বকীয়তাৰে অনুষ্ঠিত হোৱা বিভিন্ন বসন্তকালীন উৎসৱ অনুষ্ঠানৰ ভিতৰত বিহুক অন্যতম প্ৰধান উৎসৱ হিচাপে ধৰা হয়। বিহু কোনো নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ নিজস্ব সম্পদ নহয়, ই হৈছে সমগ্ৰ অসমৰ জাতীয় উৎসৱ।জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ আটাইবোৰ জনগোষ্ঠীৰ উৎসৱ-পাবৰ্ণসমূহক বিহুৰ সামগ্ৰিক ৰূপ বুলি অভিহিত কৰিব পাৰি। ভিন্নতাক পৰিহাৰ কৰি একতাৰ ডোলেৰে উদাৰভাৱে অনুষ্ঠিত হোৱা বিহু উৎসৱটি হৈছে অসমীয়া জাতীয় সম্প্ৰীতিৰ এক উৎকৃষ্ট উদাহৰণ। সেয়েহে বিহুক অসমৰ ‘বাপতিসাহোন’ বুলিও কোৱা হয়।
বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰে-বৰণীয়া সংস্কৃতিৰে ভৰপূৰ অসম ভূমিৰ এই জাতীয় উৎসৱটি হৈছে মূলতঃ বসন্তকালীন উৎসৱ। এই উৎসৱটি বিশেষভাৱে কৃষিৰ লগত জড়িত। শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি কৃষিজীৱী জনগণে পালন কৰা বিভিন্ন উৎসৱ-অনুষ্ঠানৰ ভিতৰত এই বিহুও হৈছে অন্যতম। ইয়াৰ মাজতেই নিহিত হৈ আছে সৃষ্টিশীলতাৰ বীজ।
বড়োসকলৰ ‘বৈশাগু’,ৰাভাসকলৰ ‘বায়খো’, তিৱাসকলৰ ‘ছগ্ৰামিছাৱা’,কাৰ্বিসকলৰ ‘হাচাকেকান’, মিচিংসকলৰ ‘আলি-আয়ে-লৃগাং’,হাজংসকলৰ ‘লেৱাটানা’,দেউৰীসকলৰ ‘বাসন্তী উৎসৱ’ আদি বিভিন্ন নামেৰে এই বসন্ত উৎসৱটি পালন কৰি অহা হৈছে । অঞ্চলভেদে যদিও ইয়াৰ সুকীয়া নাম আছে,এই উৎসৱৰ মূল উদ্দেশ্য কিন্তু এটাই ; সেয়া হৈছে- কৃষি আৰু প্ৰকৃতি।
ভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক মিলনেৰে পালিত বিহুক ‘সমম্বয়’ৰ মূল সূঁতি বুলি ধৰা হয়। অসমৰ বাপতিসাহোন বিহু উৎসৱটিক জনসংস্কৃতিৰ ‘ৰহঘৰা’ বুলিও কোৱা হয়। বহাগৰ ৰঙালী, মাঘৰ ভোগালী আৰু কাতিৰ কঙালী এই তিনিওটি বিহুৱেই মনলৈ ৰং,ফূৰ্তি আৰু আনন্দৰ জোৱাৰ কঢ়িয়াই আনে। আটাইকেইটি বিহুৱেই অসমীয়াৰ আদৰৰ যদিও ৰঙালী বিহুটিৰ আনন্দৰ আৱেশ কিছু সুকীয়া। যৌৱনোচ্ছল ডেকা-গাভৰুৰ প্ৰেম-প্ৰণয়ৰ প্ৰতীক হিচাপেও এই বিহুটি উদ্যাপিত।বিহুটিৰ বাবে অসমীয়াৰ চেনেহৰ গভীৰতা তলৰ বিহুনামফাঁকিলৈ মন কৰিলেই বুজিব পাৰি –
“অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নাপাতি কেনেকৈ থাকোঁ??”
বিহুৰ লগত জড়িত হৈ থকা বিভিন্ন লোকাচাৰসমূহক সামৰি আমাৰ সংস্কৃতিৰ ভঁৰালটো চহকী হৈ আছে।বিহুনাম,নৃত্য, হুঁচৰি আদি বিভিন্ন লোকানুষ্ঠানসমূহ সংস্কৃতিৰেই অংগ। এই সংস্কৃতিসমূহে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত প্ৰেম-প্ৰীতি বৃদ্ধি কৰি ঐক্য আৰু সম্প্ৰীতি ৰক্ষা কৰি আহিছে।যিহেতু ‘সংস্কৃতি’ৰ মূল উদ্দেশ্যই হৈছে – দুষ্কৃতিক পৰিহাৰ কৰি সৎ তথা ভালখিনিক আগুৱাই লৈ যোৱা।
কিন্তু বৰ্তমান সময়ত দেখা যায় যে, বহু সময়ত আমাৰ এই জাতীয় গৌৰৱপূৰ্ণ সংস্কৃতিত বাধাই দেখা দিছেহি। আমাৰ ঐতিহ্যপূৰ্ণ সংস্কৃতিত কিছুমান অপসংস্কৃতিয়ে দেখা দিছে যিটো জাতিটোৰ কাৰণে অতি ক্ষতিকাৰক। বিশ্বায়নৰ প্ৰভাৱত আজি একবিংশ শতিকাত ‘সংস্কৃতি’য়ে বহু পৰিবৰ্তন লাভ কৰিছে।বৰ্তমান সময়ত ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আদি ছ’ছিয়েল মিডিয়াসমূহৰ প্ৰভাৱে জাতীয় সম্পদটিক যেন ই-মঞ্চলৈহে পৰিবৰ্তন কৰিলে। ইয়াৰ ফলত গছৰ তলৰ বিহুৰ পৰিবৰ্তন ঘটি মঞ্চবিহু হ’ল,তাৰ পৰা ক্ৰমে পৰিবৰ্তন ঘটি ব্যৱসায়কেন্দ্ৰিক প্ৰতিযোগিতামূলক বিহুহে হৈ পৰিলগৈ।জেং বিহু, হুঁচৰি আদিবোৰৰো পৰম্পৰাগত ৰূপ নোহোৱা হৈ পৰিল। ইয়াৰ ঠাইত শ্ৰৱ্য কেছেট, ভিচিডি আদিৰে বজাৰমুখী হৈ পৰিল।আমাৰ পৰম্পৰাগত সাংস্কৃতিক মঞ্চৰ পৰিৱৰ্তন ঘটি মাথোঁ ব্যৱসায়কেন্দ্ৰিক জাক-জমকতাৰে ভৰি পৰিল। ঘৰে ঘৰে চান্দা তুলি মোটা অংকৰ হিচাপ-নিকাচেৰে নামী-দামী শিল্পীৰদ্বাৰা আধুনিক গীত, নৃত্যৰ সমাহাৰেৰেহে বিহুক আদৰণি জনোৱা হ’ল।ইয়াৰ লগতে দেশী-বিদেশী সুৰা তথা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ,পাশ্চাত্যৰ অন্ধ অনুকৰণত দৃষ্টিকটু গীত-নৃত্য, অশালীন সাজপাৰ আদিবোৰতো আছেই।
সংস্কৃতি ৰক্ষাৰ নামত ব্যৱসায়িক দৃষ্টিভংগী, শিল্পী নিৰ্বাচন আৰু গীত পৰিবেশনৰ নামত অত্যাধুনিকতা আৰু অশালীনতাই আমাৰ সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অৱক্ষয় মাতি আনিছে। বিশেষকৈ ধৰ্মীয় অৰিয়া-অৰি আৰু ৰাজনীতিৰ লেতেৰা খেলখনে আমাৰ সম্প্ৰীতিত কু-প্ৰভাৱ পেলাব ধৰিছে।এই অন্তৰায়সমূহ আমি নিজে আঁতৰ কৰিব পাৰিব লাগিব।
যিকোনো কাৰ্যই সৎ-চিন্তা আৰু যুক্তিপূৰ্ণভাৱে তথা যোগাত্মক দৃষ্টিভঙ্গীৰে আগুৱাই গ’লেহে ইয়াৰ উচিত ফল লাভ কৰা সম্ভৱ। যোগাত্মক নহৈ বিয়োগাত্মক হ’লে ঐক্যৰ সলনি অনৈক্য, সৃষ্টিৰ সলনি ধ্বংসইহে বিৰাজ কৰিব।শান্তিপূৰ্ণভাবে নহ’লে কোনো সাংস্কৃতিক অনুষ্ঠানে সমাজৰ উন্নতি কৰিব নোৱাৰে। তেনেহ’লে আমাৰ সংস্কৃতিক অপসংস্কৃতিয়েহে গ্ৰাস কৰিব!সেয়েহে আমি সকলোৱে মিলি আমাৰ জাতীয় সংস্কৃতিৰ উন্নতিৰ দিশবোৰ বিচাৰ কৰা দৰকাৰ।জাতি-ধৰ্ম-নিৰ্বিশেষে সকলোৰে একত্ৰিত প্ৰচেষ্টা আৰু ঐক্যবদ্ধতাইহে জাতিটোৰ উত্তৰণ সম্ভৱ কৰি তুলিব।যিহেতু ভাষা-সাহিত্য আৰু সংস্কৃতিয়েই আমাৰ জাতীয় জীৱনৰ আয়ুস নিৰ্ধাৰণ কৰে, সেয়ে জাতিটোৰ ৰক্ষাৰ নামত আমাৰ ‘জাতীয় সংস্কৃতি’ক ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত।
******
6:22 PM
মনোৰম হৈছে লিখনিটো
8:16 PM
বিহু বিষয়ে অতি সুন্দৰ লেখা পঢ়িবলৈ পালোঁ।