বিহুনামত তাঁতশাল-ইলি তালুকদাৰ
বিহু অসমীয়াৰ আয়ুস ৰেখা। বিহু অসমীয়াৰ চেনেহৰ, আদৰৰ, প্ৰাণৰ উচ্ছ্বাস মিহলি জাতীয় উৎসৱ। আকৌ অসমীয়া নাৰীৰ প্ৰাণৰ সম্পদ তাঁতশালখন। কৰ্ম আৰু উৎসৱৰ মাজৰ সেতু হিচাপে যুগে যুগে আমি গাই অহা বিহুনামে খেতি-বাতিৰ লগতে তাঁতশালখনকো সাঙুৰি লৈছে। তাঁতশালত অসমীয়া জীয়ৰী-বোৱাৰীহঁতে সপোন ৰচে। তাঁতশালৰ সৈতে আছে আমাৰ এক নিবিড় সম্পৰ্ক। বিহুনামতো এই তাঁতশালখনে বিশেষ গুৰুত্ব পাই আহিছে । তাঁতশালখনক লৈ বিভিন্ন বিহুনাম ৰচিত হৈছে।
বিহুনাম গাবলৈ লওঁতে প্ৰথমেই তাঁতশালখনক মনত পেলোৱা হয়।
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকোঁ।
ফাগুন গৈ চ’ত পৰাৰ লগে লগে শিপিনীৰ গা সাতখন-আঠখন কৰিবলৈ ধৰে। যেনেতেনে মনেবছা ফুল এপাহেৰে চকুত লগা ফুলাম গামোচা এখনি চেনাইক দিব লাগিব বুলি সৰু সূতাৰ তাঁতখন লগায়। চোতালৰ মাজেৰে তাঁতৰ কাৰণি, চৌফলীয়া ৰ’দত ৰাঁচ চলাই শালত আঁৰে।
ৰাতি দুপৰলৈ কাটি সূতলাহী
ধনলৈ বিহুৱান বলোঁ
ৰঙাকৈ আঁচুৰে বাছি পানেকটা
টিপতে লুকুৱাই থ’লোঁ।
বিহুৱান ল’বলৈ চেনাই আহেনে নাহে প্ৰেমিকাৰ সন্দেহ। সেয়ে তাঁতৰ পাতত বহি বিহুনাম গাই –
আগলি বাঁহৰে লাহৰী গগণা ঐ, লাহৰী গগণা ঐ
বহি তাঁতৰ পাতত, বহি তাঁতৰপাতত বাওঁ
আহে কি নাহে মোৰ ধন চেনাই ঐ
চিৰি পাতি মঙলখন, চিৰি পাতি মঙলখন চাওঁ।
তাঁতশালৰ পাতত বহি থাকোঁতে চেনাইৰ চিন্তাত কেনা লাগে। ঢোলৰ মাত শুনি ৰ’ব নোৱাৰি শালৰ কাপোৰ শালতে এৰি ৰচকী চেনাইৰ ওচৰ পায়।
চ’তে গ’ই গ’ই ব’হাগে পালেহি
নাহৰ ফুল ফুলিবৰ বতৰ
ফুল পানী ছিগাত ঢোলৰ মাতে শুনি
থেকেচি ভাঙি যাওঁ যতঁৰ।।
খিতিৰ খিতিৰ কৰি জান ঐ ৰৈ – ৰৈ বৈ আছিলোঁ
ফুলামকৈ গামোচা জান ঐ ৰৈ – লৈ মই আহিছোঁ।
ঢোলৰ চাপৰত পেঁপাৰে লহৰত –
চেনাইটি ঐ গচকত ভাঙি যাওঁ যতঁৰ।
তাঁতশালত বহি বাৰে বাৰে চেনাইক বিচাৰি আলিবাটলৈ চাই থকা কোনোবা প্ৰেমিকাক চাই চেনায়ে বিহুনাম জুৰে,
ব’হাগী ঐ তোৰে নাম
তুমি মোৰ দেহাজান
বহানো তাঁতৰ পাতত
চকুনো আলিবাটত
মাকোনো সৰি সৰি
মাকোনো সৰি সৰি পৰে।
চেনাইৰ মনত সন্দেহ , কালৈ বা গামোচা বইছে –
উলুজৰী তাঁতৰ খুঁটা
তাঁতৰ পাতত বহি লাহৰী
মিচিক মাচাক হাঁহি লাহৰী
মৰমৰ দীঘ ঐ
চেনেহৰে বাণী ঐ
ফুলামনোকৈ গামোচা ঐ
কালৈ তুমি আছিলা
কালৈ তুমি আছিলা বৈ?
জাতকুল নিমিলিলে মহা সমস্যা।চেনাইলৈ বিহুৱান ববলৈ মন নাযায়।
তাকে দেখি চেনাইয়ে মনৰ বেজাৰত গাই –
বুটলিনো নল’লি মাটিত পৰা মাকোটো
সূতাৰেনো নাভাঙিলি আউল
হেঁচা দিনো ৰাখিলি বুকুৰে বেথা ডোখৰ
আমাকে ঐ কৰিলি বাউল।
ৰচকীৰো মনত দুখ –
নবওঁ বুলি নবলোঁ আশী সূতাৰ গামোচা
নিদিওঁ বুলি নিদিলোঁ ফুল
তোমালৈনো যিমানটো ভাবনি ঐ চিতনি
আমাৰে ঐ নিমিলিল কুল।
কোনোবা শিপিনীৰ আকৌ তাঁতশালেই নাই। তাঁতশাল পাতিব নজনা, চেৰেকী সাজিব নজনা চেনাইক লৈ ৰচকী নাৰাজ। সেয়ে মনৰ দুখত গাই –
দিখৌ নৈ ইপাৰে দিখৌ নৈ সিপাৰে
কোনে দিয়ে যাব সাঁকো
কোনে দিয়ে যাব কাঠৰ দোৰেপতি
কোনে দিয়ে যাব মাকো?
বোৱা-কটা জনাটো অসমীয়া তিৰোতাৰ বিশেষ গুণ। সেয়ে ককায়েকৰ বাবে কইনা চাবলৈ গ’লে বিহুনামৰ চলেৰে সোধা হয় –
অ’ নবৌ গামোচা বব জানানে?
অ’ নবৌ আমাকো এখন দিবানে?
আমাৰ ঘৰৰ সিজনীয়ে
গামোচা বব নাজানে।।
ওলোটাই ককায়েককো সোধে,
অ’ ককাইদেউ তাঁতশাল পাতিব জানানে?
অ’ ককাইদেউ চেৰেকী সাজিব জানানে?
বব-কাটিব নাজানিলে আৰু সমস্যা। তাঁত বব কাটিব নজনা নাৰীক আগতে এলাই-জাবৰী, আকাজী , থুপৰী আদি শব্দ প্ৰয়োগেৰে নিন্দা কৰা হৈছিল।
ববও নাজানে কাটিবও নাজানে
লোকৰ শালে শালে ফুৰে,
ৰান্ধিব নাজানে বাঢ়িব নাজানে
খৰি মুঠা মুঠে পোৰে।
ঘাহীয়াল বৰুৱাৰ পাঁচজনী জীয়েক
তাৰে সৰুজনী কাজি
আলেঙে আলেঙে চাই থৈ আহিছোঁ
ধৰিব নাজানে পাঁজি।
অসমীয়া তিৰোতা স্বভাৱ শিপিনী।অতীজত অসমীয়া শিপিনীয়ে ৰণলৈ ওলোৱা বঙহৰ দেউক ৰাতিৰ ভিতৰতে কপাহ ধুনি, পাজি বাটি, সূতা কাটি, কাপোৰ বৈ পিছদিনা সেইখন কমৰত বান্ধি দিহে ৰণলৈ পঠাইছিল। এইবিধ কাপোৰক কৱচ কাপোৰ বোলে। কৱচ কাপোৰ গাত থাকিলে ৰণত পৰাজয় নহয় বুলি বিশ্বাস আছিল। এই কথা বিহুনামতো পোৱা যায়।
সান্দহ খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী
চিৰা খুন্দি দিয়া খাওঁ,
ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া
বঙাল মাৰিবলৈ যাওঁ।
বিহুনাম বোৰত এনেকৈয়ে অসমীয়া নাৰীৰ মৰমৰ তাঁতশালখন আৰু বোৱা-কটাৰ কথাবোৰ সোমাই আছে। সময়ৰ পৰিবৰ্তনৰ লগে লগে তাঁতশালত বোৱা কাপোৰৰ চাহিদা কমি অহা যেন লাগিছিল যদিও পুনৰ যেন তাঁতশালখন অসমীয়া সমাজে আগৰ দৰেই আঁকোৱালি লৈছে।
******