ভাই-হৰিচন্দ্ৰ ডেকা
হৰ আৰু নীৰেন দুয়ো ভাই-ককাই ৷ পিছে মানুহে দেখিলে দুয়োজনকে বাপেক-পুতেক বুলিহে ক’ব।ইয়াৰো কাৰণ আছে।হৰৰ জন্মৰ পিছত মাক শাৰীৰিকভাৱে অসুস্থ হৈ পৰিল।সেয়েহে তাক লৈয়ে সংসাৰখন আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰি কোনোমতে পেটে ভাতে খাই থকা পিতাকে পত্নীৰ শুশ্ৰূষা আৰু হৰক অসুবিধা নোপোৱাকৈ প্ৰতিপালন কৰাত মনোনিৱেশ কৰিলে ৷ এইদৰেই তিনিওজনৰ সংসাৰৰ জীৱনচক্ৰ আগবাঢ়ি গৈ থাকিল।পাঁচ বছৰীয়া হোৱাৰেপৰা হৰই পঢ়া-শুনা আৰম্ভ কৰাৰ লগতে পিতাকক খেতি পথাৰত আৰু দুৰ্বল শৰীৰৰ মাকক ঘৰুৱা কামত সহায় কৰিব পৰা হ’ল ৷ইমান ভাল ল’ৰা এজন পুত্ৰ হিচাপে পাই পতি-পত্নী দুয়োৱে ভগৱানক কৃতজ্ঞতা জনালে।পঢ়াত বৰ এটা উত্তম নহ’লেও হৰ ভালদৰেই চতুৰ্থ শ্ৰেণী পালেগৈ ৷ বাপেক -পুতেকৰ শুশ্ৰূষাত মাকৰো ধীৰে ধীৰে স্বাস্থ্যৰ উন্নতি হ’বলৈ ধৰিলে ৷ আগৰ স্বাস্থ্য ঘূৰি অহাত মাকৰ পেনপেননি আৰম্ভ হ’ল নহয় ৷
“হেৰি শুনিছেনে কথাটো ! এইদৰে থাকিবলৈ হ’লে হৰ দেখোন ঘৰখনত অকলশৰীয়া হৈ পৰিব;মনৰ কথা এষাৰ ভগাবলৈ হৰক ভাই বা ভনী এগৰাকী নহ’লে কেনেকৈ হ’ব বাৰু আপুনিয়ে কওকচোন! আপুনিও লাহে লাহে নোৱাৰা হৈ আহিব।মোৰ এই আজি ভাল কাইলৈ বেয়া, একো ভৰসা নাই ৷ আৰু এটা সন্তানৰ কথা চিন্তা কৰিব লাগে।”
“ হৰৰ প্ৰতিপালনত গাটো টঙাই উঠিছাতো, এতিয়া আহিল নহয় মূৰলৈ সংসাৰ বঢ়োৱাৰ চিন্তা।নালাগে দিয়া এনেকৈয়ে ভাল।”
পিছে মুখেৰে ক’লে কি হ’ব ; দহ বছৰ বিৰতিৰ পিছত নীৰেন আহিল মাকৰ কোলালৈ ৷ মাকৰ স্বাস্থ্য আকৌ পৰি আহিল ৷ এইবাৰ পিছে লক্ষণ বৰ এটা ভাল নহয়।দিনে দিনে স্বাস্থ্যৰ অৱনতি ঘটি গৈহে থাকিল ৷ অৱশেষত সৰু পুতেকৰ চাৰি বছৰ পূৰ নৌহওঁতেই মাক স্বৰ্গধামলৈ গতি কৰিলে।মাকৰ মৃত্যুত ল’ৰা দুটা নিশ্চিতভাৱে উদাস হৈ পৰিব লাগিছিল,পিছে উদাসীন হ’ল বাপেকহে।হৰই এইবাৰ মাকৰ সলনি দেউতাকৰ আলপৈচান ধৰিব লগাত পৰিল।ভায়েককো মাকৰ মৰমখিনিও দিবলৈ ককায়েকে যৎপৰোনাস্তি চেষ্টা কৰি গৈ থাকিল।সামান্য খেতি মাটিখিনিও মাকৰ বেমাৰৰ নামতে বন্ধকীত গ’ল।বাপেক লাহে লাহে ঘৰতে সোমাই থকা হ’ল।হৰই ৰান্ধি-বাঢ়ি খাবলৈ মাতিলে বিচনাৰপৰা উঠি আহে।তিনিওজনৰ দুবেলা দুসাজ খোৱাৰ কাৰণে হৰইহে চিন্তা কৰিব লগাত পৰিল।
ইফালে অহা বছৰ মেট্ৰিক পৰীক্ষাটোও দিব লাগে সি ৷ পিতাক বিছনাৰপৰা আজিকালি উঠিয়ে নহা হ’ল। দেখাত একো বেমাৰো নাই ; কিন্তু মানুহজন শুকাই খীণাই হাড়ৰ মাজতহে জীৱটো থকা যেন লাগে।এদিন বহু দেৰিলৈকে পিতাক শুই নুঠা দেখি হৰই চাবলৈ গৈ দেখে যে পিতাকে মণিদুটা কোটৰত সোমাই যোৱাকৈ চকু দুটা মেলি শুই আছে ৷ তাৰ আৰু বুজিবলৈ একো বাকী নাথাকিল।ভায়েকৰ দায়িত্ব হৰক গতাই থৈ বাপেকো সিপুৰীলৈ গ’ল।পঢ়া-শুনা ইমানতে সামৰি নীৰেনক ডাঙৰ-দীঘল কৰাতে সি মনোনিৱেশ কৰিলে ৷ কিন্তু কেনেকৈ?আয় কৰিব পৰাকৈ ঘৰত একো উপাদানেই নাই।
পঢ়া-শুনাত আগবাঢ়িব নোৱাৰিলেও বুদ্ধিখিনি তাক ভগৱানে ঠিকেই দিছে।বেলেগৰ নিচিনা হা-হুমুনিয়াহ কাঢ়ি বহি থকা ল’ৰা হৰ নহয়।জীৱিকাৰ নতুন পথৰ সন্ধান আৰম্ভ কৰিলে।ইতিমধ্যে ভায়েকেও স্কুললৈ যাবলৈ আৰম্ভ কৰিছে।
“শুন হৰ!তই এজন সৎ আৰু বিশ্বাসী ল’ৰা বুলি সকলোৱে জানে।কষ্ট কৰিবলৈ তোৰ উৎসাহ আৰু আগ্ৰহ দুয়োটাই আছে।আমাৰ নিচিনা তই চঞ্চল মনৰ ল’ৰাও নহয়।পঢ়া সামৰিলি যেতিয়া তই ব্যৱসায় আৰম্ভ কৰ।”
হৰৰ লগতে একে শ্ৰেণীতে পঢ়া এইবাৰ সুখ্যাতিৰে মেট্ৰিক পাছ কৰা বন্ধু অমৰে পৰামৰ্শ দিলে।
“হাতত সিকি এটা নাই ; কিডাল ব্যৱসায় কৰিম অ’ অমৰ?”
“বুদ্ধি থাকিলে মূলধনৰ প্ৰয়োজন নহ’ব।তোৰ সেইকণ মগজু আছে।তই যদি চালুকীয়া অৱস্থাৰপৰা আৰম্ভ কৰ এপইচাও নোহোৱাকৈয়ে সৰু-সুৰা ব্যৱসায় কৰিব পাৰিবি। চা হৰ ! ৰাষ্ট্ৰীয় ঘাইপথে বুকুফালি যোৱা আমাৰ গাঁওখন যাতায়াতৰ ক্ষেত্ৰত এখন উন্নত গাঁও।তইতো জানই ৰাতিপুৱা ছয় বজাৰপৰা আঠ বজালৈ আমাৰ চকত ওচৰৰ গাঁওবোৰৰপৰা পাণ-তামোল,শাক-পাচলি বিক্ৰী কৰিবলৈ অহা লোকে এখন বিৰাট বজাৰৰ সৃষ্টি কৰে।তয়ো ইয়াতে সোমাই যা।ওচৰৰ গাঁওৰপৰা উৎপাদিত সামগ্ৰী চাইকেলেৰে দিনটো সংগ্ৰহ কৰি আনি তই পুৱাৰ বজাৰত বিক্ৰী কৰিবি।লাভাংশ নিজৰ হাতত ৰাখি আবেলি খেতিয়কৰ প্ৰাপ্যখিনি আদায় দিবি আৰু পিছদিনাৰ কাৰণে আকৌ মাল সংগ্ৰহ কৰি আনিবি। এইদৰেই আৰম্ভ কৰচোন।”
অমলৰ দিহা হৰৰ মনত লাগিল।পিতাকৰ দিনৰ চাইকেলখনতে অতিৰিক্তভাৱে কিছু সংযোগ কৰি অধিক ভাৰ বহন কৰিবপৰা ব্যৱস্থা এটা কৰি ল’লে। তাৰপাছত শুভক্ষণ চাই এদিন হৰই ব্যৱসায় আৰম্ভ কৰিলে।ভায়েক নীৰেনে স্কুললৈ যাবলৈ আৰম্ভ কৰিছে যদিও পুৱাৰ বজাৰলৈ তাকো লগত লৈ যায়।প্ৰতিটো মুহূৰ্ততে মুখামুখি হ’বলগীয়া জীৱনৰ সংঘৰ্ষৰ লগত ভায়েকক আৰম্ভণিতে চিনাকি কৰি দিয়াই হৰৰ প্ৰধান উদ্দেশ্যে।অকল বিদ্যা গ্ৰহণে জীৱনৰ বাটত আহিবলগীয়া সংঘৰ্ষৰ সৈতে মোকাবিলা কৰি আগুৱাই যোৱাত সহায় নকৰে বুলি এই কম বয়সতে সি বুজি উঠিছে।সোঁতৰ সৈতে আগুৱাই যোৱাৰ প্ৰয়াস এতিয়াৰ পৰাই আৰম্ভ কৰিব লাগিব।ভায়েকেও স্কুললৈ যোৱাৰ আগলৈকে বজাৰত ককায়েকক ইটো-সিটো সহায় কৰি দিব পৰা হ’ল।গাঁৱৰ ল’ৰা হেনো সোনকালে ডাঙৰ হয়। বজাৰৰপৰা আহি আগদিনাই ককায়েকে ৰান্ধি থৈ দিয়া ভাত খাই সি স্কুললৈ যায়।হৰই দুপৰীয়াৰ ভাতপানী ৰান্ধি আবেলি আকৌ গাঁওলৈ পাণ-তামোল, পাচলি সংগ্ৰহ কৰিবলৈ যায়।হৰৰ সততা আৰু কৰ্মস্পৃহাৰ কাৰণে ব্যৱসায়ত লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে।এইদৰেই বৰনদীয়েদি লখেতৰাৰ বহুত পানী বৈ গ’ল ; হৰ আৰু নীৰেনৰ জীৱনৰ ছন্দৰ সৈতে তাল মিলাই।কেইটামান টকা জমা হোৱাত ঘৰখন পৰিপাটি হওক বুলিয়ে হৰই নীৰেনৰ কাৰণে বৌৱেক এজনী আনিলে।এতিয়া ঘৰুৱা কাম-বন আৰু ৰন্ধা-বঢ়াৰপৰা অব্যাহতি পাই বেপাৰতে মনপুতি লাগিব পৰা হ’ল।নীৰেনেও পঢ়াৰ সমান্তৰালভাৱে ককায়েককো সহায় কৰি থাকিল।স্কুল বন্ধ থাকিলে সিও ককায়েকে কিনি দিয়া চাইকেলখন লৈ গাঁও ফুৰিবলৈ যায়।এবাৰ ককায়েক নৰিয়াত পৰোঁতে গাঁৱৰ পৰা নীৰেনেই মাল সংগ্ৰহ কৰি বজাৰত বিক্ৰী কৰি নিজৰ পাৰদৰ্শিতাৰ পৰিচয় ককায়েকৰ ওচৰত দাঙি ধৰিলে।
“বাপু অ’ “
হৰই ভায়েকক বাপু বুলি মাতে।
“মই বেছিদিন গাঁও ফুৰিবলৈ যাব নোৱাৰিলে মোৰ এলেকাটো বেলেগ বেপাৰীয়ে লৈ ল’ব বুজিছ! জ্বৰটোও নেৰাত পৰিল।অলপ শাম কাটিলে যাব পাৰিলোঁহেঁতেন৷“
“তই চিন্তা নকৰিবি সেইবোৰ।বেমাৰ ভাল নোহোৱালৈকে ক’লৈকো ওলাব নোৱাৰ।মই যাম গাঁও ফুৰিবলৈ।বেপাৰ বন্ধ হ’বলৈ নিদিওঁ ; তই নিশ্চিন্তমনে থাক।”
“তোক সেইবোৰ কৰিবলৈ বাধা নিদিওঁ ৰহ, সৰুৰে পৰা সেইকাৰণেই এইবোৰত অভ্যস্ত কৰাইছোঁ।যি পঢ়াত ভাল সি সকলো কামতে ভাল অ’ বাপু।কথা হ’ল তোৰ স্কুল খতি হ’ব নহয় ; দুবছৰ পিছত মেট্ৰিক দিব লাগিব। মই পৰীক্ষা দিবই নাপালোঁ;তই পৰীক্ষাটো ভালদৰে দে।”
“স্কুল খতি হ’লেও পঢ়াৰ ক্ষতি নহয় ৷ মই সকলো ঠিক কৰি লম ৷ তই কেবল গাটো টঙাই ল।”
নীৰেন পঢ়া-শুনাত চোকা হোৱাৰ সমান্তৰালভাৱে বাকীবোৰ কামতো সমানে পাৰদৰ্শী।ককায়েক বেপাৰত লাগি থাকে কাৰণে ঘৰৰ কামত বেছি সময় দিব নোৱাৰে।ঘৰৰ চৌহদ মেৰামতি কৰা, শাক-পাচলিৰ খেতি কৰা,গাইজনীক এৰাল দিয়া এইবোৰ কাম সিয়ে চম্ভালে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত নীৰেনে সুখ্যাতিৰেই পাছ কৰিলে।গাঁৱৰ কলেজখনতো কলা, বাণিজ্য আৰু বিজ্ঞান তিনিওটা বিভাগ আছে কাৰণে নীৰেণে তাতেই নাম ভৰ্ত্তি কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে;তেতিয়া অন্ততঃ ককায়েককো বেপাৰত সহায় কৰিব পাৰিব।
“নালাগে! পিতা থাকিলে মই একো নক’লোঁহেঁতেন , তোৰ য’ত মন যায় তাতেই পঢ়িলিহেঁতেন;কিন্তু এতিয়া তই চিট পালি যেতিয়া হোষ্টেলত থাকি গুৱাহাটীৰ নামজ্বলা কলেজখনতে পঢ়িব লাগিব;কাৰণ তোৰ এতিয়া ময়েই পিতৃ, ময়েই ভাতৃ।”
নীৰেনৰ চকু চলচলীয়া হৈ গ’ল, ভাতৃ আৰু পিতৃৰ দুয়োটা দায়িত্ব পালন কৰা তাৰ ককায়েক সঁচায়ে মহাপুৰুষ ৷ মুখ ফুটাই ক’লে –
“দাদা! বেপাৰৰ এই সামান্য আয়, মোৰ কিতাপ কাগজ, হোষ্টেলৰ ইমানগাল খৰচ , তাতে ময়ো আগৰ নিচিনা বেপাৰত লাগি দিব নোৱাৰিম।বৌৱে কেঁচুৱা, গৰু-গাই একেলগে কিদৰে চম্ভালিব!”
এইবাৰ বৌৱেকে মাত দিলে।
“তুমি বাপু এইবোৰ চিন্তা কৰিব নালাগে।ঘৰৰ কাম মই চম্ভালিব পাৰিম।কলেজৰ পঢ়া স্কুলৰ নিচিনা নহয়। ভালদৰে পঢ়া-শুনা কৰিব লাগিব।!
“মই বেপাৰৰ ধৰণটো সলনি কৰিব খুজিছোঁ বাপু ৷ এতিয়াৰপৰা আৰু গাঁও ফুৰিবলৈ নাযাওঁ বুলি ভাবিছোঁ। তাৰ সলনি পুৱাৰ পাইকাৰী বজাৰৰপৰাই মই মাল সংগ্ৰহ কৰি গুৱাহাটীলৈ নিম।অমৰে ভায়েকক চলাবলৈ টেম্পো এখন কিনি দিছে।সেইখনতে আমি দুজনমানে সামগ্ৰীবোৰ নি গুৱাহাটীৰ বজাৰত বিক্ৰী কৰিম;লাভো বাঢ়িব আৰু কষ্টও কমিব।”
অত্যধিক পৰিশ্ৰমে হৰক অকালতে বুঢ়া কৰি পেলাইছে।দুয়ো একেলগে ওলাই গ’লে মানুহে বাপেক-পুতেক বুলিহে কয়।কলেজত পঢ়াৰ পিছতো নীৰেনৰ জীৱনশৈলীৰ কোনো পৰিবৰ্তন নহ’ল ৷ লক্ষ্মীপূজা, ছঠ পূজা, গণেশ চতুৰ্থী, দেৱালী আদি উৎসৱ পাৰ্বণৰ সময়ত গুৱাহাটীৰ বজাৰত ভিৰ হ’লে ককায়েকৰ সৈতে সিয়ো বজাৰত বহে।কলেজ বন্ধ থাকিলে বা কেতিয়াবা ক্লাছ নহ’লে দুয়ো ভায়েকে ওচৰা ওচৰিকৈ পৃথকে আৰু এখন দোকান কৰি লয়।কিছুমান চহৰীয়া লোকে দাম-দৰ নিমিলিলে ওচৰৰ দোকানলৈ গুচি যায়।এই ক্ষেত্ৰত লাভ নিজৰ হাততে থাকি যায়। এয়াও এক ব্যৱসায়িক কৌশল।
“চা বাপু ! তই এতিয়া পঢ়া-শুনা কৰা শিক্ষিত ল’ৰা ; এইবোৰ কাম কৰা দেখিলে সমনীয়া কোনোবাই ঠাট্টা – মস্কৰা কৰিব পাৰে ; কিন্তু তই এইবোৰলৈ কৰ্ণপাত নকৰিবি ৷ যিমানে পঢ়া-শুনা নকৰ কিয় নিজ কৰ্মৰপৰা পিছ হুহকি নাহিবি।এয়াই আমাৰ বুনিয়াদী অৰ্থনীতি ৷ তেতিয়াহে সফলতাৰ জখলাত বগাব পাৰিবি।”
এদিন কলেজ নোহোৱা দিনত বেপাৰৰ কাম শেষ কৰি দুয়ো ঘৰৰপৰা বৌৱেকে দি পঠোৱা খাদ্যৰ টোপোলা ব্ৰহ্মপুত্ৰৰ চাপৰিত বহি খাই থাকোঁতে হৰই কথাখিনি নীৰেনক ক’লে।
দিন বাগৰিল।হৰৰ ব্যৱসায় ঠন ধৰি উঠিল।এতিয়া গাঁৱৰপৰা নিজা টেম্পোৰে চহৰলৈ পাচলি কঢ়িয়ায়। টেম্পোৰে চাহিদা পূৰণ কৰিব নোৱাৰাত গাঁৱত অনুষ্ঠিত হোৱা বেঙ্কৰ ঋণ মেলাৰপৰা নীৰেনে এটা ঋণৰ ব্যৱস্থা কৰি এখন ট্ৰাক কিনি দিলে ককায়েকক ৷ আজিকালি দুয়ো খাৰুপেটীয়াৰপৰা দৈনিক শাক-পাচলি গুৱাহাটীৰ পাইকাৰী বজাৰত বিক্ৰী কৰে।তাৰ ল’ৰা-ছোৱালী হালো কলেজত পঢ়িব পৰা হ’ল।সেই যে সৰুৰেপৰা নীৰেনৰ ব্যৱসায়ৰ প্ৰতি নিচা লাগিল,সেয়া এতিয়া পেছালৈ ৰূপান্তৰিত হ’ল৷ পঢ়া-শুনাৰ সফল সামৰণি মাৰি সি চাকৰিৰ কাৰণে বাট নাচাই ব্যৱসায়তে মনোনিৱেশ কৰিলে।ককায়েকক জিৰণি ল’বলৈ দি ব্যৱসায়টো নিজে কান্ধপাতি ল’লে।
সামগ্ৰী যোগান এতিয়া নীৰেনৰ বৃহৎ ব্যৱসায়।বেঙ্কৰ পৰা ঋণ লৈ কেবাখনো ট্ৰাক কেৰিয়াৰ কোম্পানীত অন্তৰ্ভুক্ত কৰি বাহিৰৰ ৰাজ্যলৈ অসমত উৎপাদিত সামগ্ৰী যোগান ধৰে।বাহিৰৰপৰা অত্যাৱশ্যকীয় সামগ্ৰী অসমলৈ অনাৰ দায়িত্বও লাহে লাহে নীৰেনে বহুখিনি নিজৰ হাতলৈ আনিবলৈ সক্ষম হ’ল।গাঁৱৰ কিছুমান অৱস্থাসপন্ন মানুহৰ হাতত অংশীদাৰিত্ব বিক্ৰী কৰি নিজ গাঁৱত কেবাটাও শীতলীকৰণ ভঁৰাল স্থাপন কৰিছে। অসমৰ বাহিৰলৈ শাক-পাচলি ৰপ্তানি এই শীতলীকৰণ ভঁৰালবোৰৰপৰাই আৰম্ভ হয়।অসমৰ ব্যৱসায়িক ক্ষেত্ৰখনত নীৰেন এতিয়া সঘনাই উচ্চাৰিত হোৱা এটা নাম।ককায়েকৰ প্ৰতি ভক্তিত গদগদ হৈ সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিও নীৰেনে ককায়কৰ সন্মানখিনি কাঢ়ি অনা নাই।হৰই চহী কৰি দিলেহে নীৰেনে বেঙ্কৰ লেনদেন কৰিব পাৰে।হৰৰ প্ৰিয় খাদ্যখিনি ঘৰত থাকিলে নীৰেনেহে ৰান্ধি খুৱায় ৷সেই চাৰিবছৰ বয়সত হৰই নীৰেনক ভাত খুৱাই দিয়া ছবিখন আকৌ দেখিবলৈ পোৱা গ’ল, নীৰেনে ককায়েকক মৰমেৰে খুৱাই দিয়া নিজ হাতেৰে ৰন্ধা ককায়েকৰ প্ৰিয় নাৰিকলৰ গাখীৰ আৰু সৰিয়হৰ সৈতে ৰন্ধা চিতল মাছৰ আঞ্জাখন ৷ ভৰিপৰা চকুৰে বৌৱেক ভতিজাকে এই নয়নাভিৰাম দৃশ্য চাই থাকিল।
******
7:53 PM
বৰ সুন্দৰ হৈছে
8:31 PM
আপুনি গল্পৰ যাদুকৰ। বৰ সুন্দৰ হৈছে।