মনৰ নিজানত জোনাক নামে-নন্দিতা ভাণ্ডাৰ কায়স্থ
কাণে-নাকে ভাত দুটামান কোনোমতে পেটত সুমুৱাই বুলীয়ে ওঁঠত পাতলকৈ লিপষ্টিক অকণ সানি শাহুৱেকক…..
“মা ৰুটি বনাই থৈছোঁ, খাই ল’ব।দুপৰীয়াৰ আহাৰো হৈয়ে আছে।গৰম কৰি খাব।বাবাৰ কাৰণেও কণী বইল কৰাই আছে, মই আহিলোঁ”…..
বুলি কৈ বুলী গেট খুলি ওলাই আহে। আহোঁতে বাহিৰৰ কাপোৰবোৰ বৰষুণ নপৰা ঠাইত সাউৎকৈ মেলিও থ’লে।
ৰাতিপুৱা চৰাইৰ কোলাহল পৃথিৱীবাসীৰ কাণত পৰাৰ সময়তে বুলীৰো দৌৰাদৌৰি আৰম্ভ হৈ যায়। ঘড়ীৰ কাটাৰ লগে লগে তাইৰ হাত ভৰি সমানে চলে। অৱশ্যে তেনেকৈ খৰখেদা নকৰিলে তাই ঠিক সময়ত কৰ্মথলী মানে ‘বকুলতল এল পি স্কুল’ত উপস্থিত হ’ব নোৱাৰিব। বিদ্যালয়ত থকা সময়কণেই বুলীৰ জিৰণি সময়। জিৰণি মানে পঢ়ুৱাৰ ফাঁকে ফাঁকে ল’ৰা-ছোৱালীবোৰক লিখিবলৈ দি চকীত পাঁচ-দহ মিনিট বহিব পায়। সেয়াই আৰু। তাৰ মাজতে কেতিয়াবা যিহে ধমকৰ সুৰ দিব লগা হয়! ঘৰত তাই সেইকণ সময়ো নাপায়। ক’ত বহিব তাই । লানি নিছিগা কামে তাইক বান্ধি পেলায়। ঘৰুৱা সহায়কাৰী এজনীও নাই। নাই মানে ৰাখিব নিদিয়ে শাহুৱেকে। তেওঁ পাৰ্টটাইম কৰা মহিলা সকলক বিশ্বাস নকৰে। তেওঁৰ মতে কামৱালীবোৰ কিজানিবা চোৰ কৰাৰ উদ্দেশ্যে লৈয়ে আহে। তেখেতৰ মতবাদৰ ফলত তাই ঘৰখনত টাকুৰি ঘূৰাদি ঘূৰি থাকিব লাগে। চাকৰিৰ তাগিদাত ৰূপমো( স্বামী)ঘৰৰপৰা আঁতৰত থাকিব লাগে। তেওঁ থাকিলে তাইক হাত ধৰি দিয়ে। তাতো আকৌ শাহুৱেকৰ যি হে বুকুত শেলে বিন্ধাদি বিন্ধা মন্তব্যবোৰ। ৰূপমক তাই পৰাপক্ষত একো কামত লাগি দিব নকয়েই।তেওঁ নিজেই আগবাঢ়ি আহে। ইমান কাম কৰিও বুলীয়ে শাহুৱেকৰপৰা চেনেহৰ মাত এষাৰ নাপায়। তেওঁৰ মতে আমি আগতে কিমান কাম কৰিছিলোঁ। এইখিনি কাম নো কি? কঁকালখন অলপ লৰা বুলি হে, নহ’লে এইকণ কাম মোৰ পাকতে হোৱা কাম। বুলীয়ে মুখেৰে একো নামাতে। তেওঁৰ লগত তৰ্ক কৰি যে লাভ নাই সেইটো কথা তাই কেতিয়াবাই বুজি উঠিছে।
বুলীহতৰ ঘৰৰ পৰা মেইন ৰোডলৈ সাত মিনিটৰ বাট।কিন্তু সময়ৰ অভাৱৰ হেতুকে প্ৰায়ে বুলীয়ে ৰিক্সা ল’ব লাগে। আজিও তাই ৰিক্সা এখন ল’লে। সাত মিনিটৰ বাট দুই মিনিটতে পালে বুলীয়ে। ৰাস্তা পাৰ হৈ কিছুদূৰ গৈয়ে ট্ৰেভেলাৰখন ৰৈ থকা দেখিলে। বুলীৰ মুখলৈ পানী আহিল। লৰালৰিকৈ তাই গাড়ীখনত উঠি খিৰিকী কাষৰ চিট এটা অধিকাৰ কৰি ল’লে। তাইক লৈ গাড়ীখনত যাত্ৰী মাথোঁ চাৰিজনহে।
তাইক দেখি চিনাকি চালকজনে হাঁহি মাৰে। তায়ো প্ৰত্যুত্তৰত হাঁহি এটিৰে সম্ভাষণ জনায়। অলপ পিছতে এজন দুজনকৈ যাত্ৰীৰে ট্ৰেভেলাৰখন ভৰি গ’ল। গাড়ীৰ চালকজনে ষ্টিয়েৰিঙত হাত দি বুলীলৈ চায়,
“বাইদেউ আপুনি কিন্ত সঁচাকৈয়ে আমাৰ বাবে লখিমী আই। আপুনি উঠিলেই আমাৰ গাড়ী যাত্ৰীৰে ভৰি পৰে। আমাৰ দিনটো বহুত ভালেৰে যায়। ভাড়াও বহুত পাওঁ।”
ত্ৰিশৰ ঘৰ গচকা লৰাটোৰ কথা শুনি বুলীৰ মনটো এক অজান প্ৰসন্নতাৰে ভৰি পৰিল। ঘৰৰ মুৰব্বী শাহুৱেকে তাইক যোগ্যতাৰ মান কোনো দিনে দিব নোখোজে।তাইৰ দুখ লাগে।কিন্তু কিছুসময়ৰ পৰিচিত এই ল’ৰাটোৱে তাইক দৈনন্দিন জীৱনৰ আয়ৰ পথ গাড়ীখনৰ বাবে ‘লখিমী’ আখ্যা দিছে।আন যাত্ৰীবোৰে তাইলৈ দৃষ্টি দিয়াত তাইৰ অলপ লাজো লাগিল। হাঁহিটো ওঁঠত লৈয়ে তাই উত্তৰ দিয়ে,
“তেনেকুৱা কথা নহয় চাগে। তোমালোকে কষ্ট কৰিছা। যাত্ৰীৰ প্ৰতি ব্যৱহাৰো ভাল। সেয়েহে ভাড়াও পাইছা।নহয় জানো?”
“বাইদেউ আপোনাৰ কথাবোৰো বৰ সুন্দৰ। একেবাৰে মাটিৰ মানুহ আপুনি।”
পুনৰ এবাৰ বুলীক প্ৰশংসা কৰি ল’ৰাজনে গাড়ীখন ষ্টাৰ্ট দিয়ে। ইয়েৰ ফোন ডাল লগাই বুলীয়ে কিশোৰ কুমাৰৰ কন্ঠৰ তাইৰ প্ৰিয় গীত….”আনে ৱালা পল জানে ৱালা হে”….একান্ত মনে শুনি গ’ল।
******
9:45 PM
বৰ ভাল লাগিল।