সংখ্যাটোৰ আঁৰৰ কথা

পোনপ্ৰথমতে সকলোলৈকে মোৰ আন্তৰিকতাভৰা নমস্কাৰ জনাইছোঁ।আশা কৰোঁ সকলো কুশলে আছে। মই পঢ়ি অহা মহাবিদ্যালয়খনৰ এইবাৰৰ বাৰ্ষিক আলোচনীখনৰ সম্পাদনাৰ দায়িত্বও মোৰ ওপৰতে ন্যস্ত কৰা হৈছিল।আন দুই এখন ছপা তথা হাতেলিখা আলোচনী মোৰ সম্পাদনাত প্ৰকাশ হৈছে যদিও ই-আলোচনী মোৰ সম্পাদনাত এইখনেই প্ৰথম,যাৰ বাবে এইটো মোৰ বাবে এক নতুন অভিজ্ঞতা।মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত আমাৰ ‘শব্দচিত্ৰ’ গোটৰ মুখ্য প্ৰশাসক অৰবিন্দ গোস্বামীদেৱৰপৰা মোৰ তালৈ এটা ফোন কল আহিল। সেই ফোন কলটোৰ জৰিয়তে গোস্বামীদেৱৰ পৰা মোলৈ এটা প্ৰস্তাৱ আহিল যে ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’  ই-আলোচনীৰ এইবাৰৰ অৰ্থাৎ তৃতীয় বৰ্ষ দ্বিতীয় সংখ্যা (ৰঙালী বিহু)ৰ – সম্পাদনাৰ দায়িত্ব মই গ্ৰহণ কৰিব লাগে।

প্ৰস্তাৱটো মই প্ৰথমে গ্ৰহণ কৰিব বিচৰা নাছিলো, তাত মূলতঃ দুটা কাৰণ জড়িত আছিল –

এক – মোতকৈও বহুগুণে অভিজ্ঞ তথা গুণী-জ্ঞানী ব্যক্তি এই গোটটোত জড়িত হৈ আছে; যিয়ে হয়তো খুব সুন্দৰকৈ আলোনীখন প্ৰকাশ কৰিব পাৰিব।

দুই – বৰ্তমান যিহেতু মই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ণৰত আৰু আমাৰ বিভাগৰ চেচনেল পৰীক্ষা বিহুৰ আগে আগে অনুষ্ঠিত কৰিব বুলি আমাক কোৱা হৈছিল;যাৰ বাবে হয়তো মোৰ মনত এক ভাৱ হৈছিল যে পৰীক্ষা তথা আলোচনী সম্পাদনা – এই দুয়োটা কাম একেলগে কৰিবলৈ গ’লে কিবা ব্যাঘাত জন্মিব পাৰে। সেয়ে প্ৰথমাৱস্থাত আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিব পৰা বিচৰা নাছিলো।

কিন্তু গোস্বামীদেৱৰ মোৰ ওপৰত অগাধ বিশ্বাস আছিল যে পৰীক্ষাৰ ওপৰত কোনো প্ৰভাৱ নপৰাকৈ আলোচনীখন সুন্দৰকৈ প্ৰকাশ কৰি উলিয়াব পাৰিম।

গোস্বামীদেৱৰ জোৰত তথা মোৰ প্ৰতি থকা বিশ্বাসখিনিৰ বাবেই শেষত মই আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিলোঁ।

আলোচনীখন সম্পাদনাৰ প্ৰস্তাৱৰপৰা আৰম্ভ কৰি আজি এই দিনটোলৈ অৰ্থাৎ আলোচনীখন প্ৰকাশ হোৱাৰ সময়লৈ আমাৰ হাতত বৰ বেছি সময় নাছিল।প্ৰথমটো চিন্তা হৈছিল লেখা গোট খাব নে নাখায় তাক লৈ। কিয়নো আলোচনী এখন শোভাবৰ্ধন কৰে সুন্দৰ সুন্দৰ লেখাবোৰে।এই বৰ্ষৰ অৰ্থাৎ ২০২৪ বৰ্ষৰ মাৰ্চ মাহৰ তেৰ তাৰিখ, বুধবাৰে আমাৰ গোটৰ মুখ্য প্ৰশাসক অৰবিন্দ গোস্বামীদেৱে এটি প’ষ্টৰ জৰিয়তে আপোনালোক আটাইকে উদ্দেশ্যি মোৰ নাম সম্পাদক হিচাপে ঘোষণা কৰিছিল। সেই প’ষ্টটোত আপোনালোকৰ মোৰ প্ৰতি যি মৰম আৰু বিশ্বাস দেখিছিলো,তেতিয়াই মনত ভাৱ হৈছিল যে “মই পাৰিম। নিশ্চয় পাৰিম।” চলিত বৰ্ষৰ মাৰ্চ মাহৰ চৈধ্য তাৰিখ, বৃহস্পতিবাৰে সম্পাদক হিচাপে মই আলোচনীৰ বাবে লেখা বিচাৰি এখন গোহাৰি পত্ৰ প’ষ্ট আকাৰে আপোনালোকলৈ আগবঢ়াইছিলোঁ। তাৰ পাছৰপৰাই আপোনালোকে আমালৈ সুন্দৰ সুন্দৰ লেখাবোৰ আলোচনীত প্ৰকাশৰ উদ্দেশ্যি প্ৰেৰণ কৰিলে। যিবোৰ পঢ়ি আলোচনীখনৰ সম্পাদনা কৰিবলৈ মোৰ উৎসাহ দুগুণে বাঢ়িছিল।

বৰ্ণাশুদ্ধি হৈছে এক কঠিন কাম।আপোনালোকে আমালৈ প্ৰেৰণ কৰা ভিন্ন শিতানৰ ভিন্ন লেখাবোৰৰ বৰ্ণাশুদ্ধিৰ দৰে এই কঠিন কামটো নিয়াৰিকৈ কৰিবলৈ আমাৰ অনুৰোধত দায়িত্ব গ্ৰহণ কৰা ইলি তালুকদাৰ, কুমকুম দেৱী শৰ্মাবৰুৱা, অৰবিন্দ গোস্বামী, মাতু কুকুৰাচোৱা, ড° চাহিন জাফ্ৰি,বৰষা ডেকা আৰু কংকণা গোস্বামীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। এওঁলোকৰ সহায় অবিহনে আলোচনীখন সময়মতে প্ৰকাশ কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’লোহেঁতেন!

আমাৰ এই “শব্দচিত্ৰ জীৱন জিজ্ঞাসা” ই-আলোচনীখনত প্ৰতিটো সংখ্যাতে একো একোগৰাকী বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়।এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। এইবাৰ আমি সাক্ষাৎকাৰ গ্ৰহণ কৰিছো বিশিষ্ট লেখিকা তথা আমাৰ গোটৰ সক্ৰিয় সদস্যা ড° মৃদুস্মিতা ফুকন বাইদেউৰ। যোৱা ১০ এপ্ৰিল , বুধবাৰে তেওঁৰ গুৱাহাটীস্থিত বাসগৃহলৈ গৈ সাক্ষাৎকাৰ গ্ৰহণ কৰো। তেওঁৰ এই বহুমূলীয়া সময়কণ আমালৈ দিয়াৰ বাবে তেওঁলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলো।

আলোচনী এখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে আলোচনীৰ বেটুপাতটোৱে।এই সংখ্যাৰ বেটুপাতটো মনোমোহাকৈ আমাৰ বাবে প্ৰস্তুত কৰি দিয়া প্ৰাঞ্জল বৰাদেৱলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলো।

ভিন্ন ভিন্ন শিতানত ভিন্ন ভিন্ন সুন্দৰ লেখা আমালৈ প্ৰেৰণ কৰা প্ৰতিগৰাকী লেখক-লেখিকালৈ ধন্যবাদ জনালোঁ। আলোচনীখনত পৰাপক্ষত কাৰো লেখা নাকচ কৰা হোৱা নাই কিয়নো আমাৰ মাজৰ বহুতেই ন শিকাৰু।যদিহে ভুলবশতঃ কাৰোবাৰ লেখা ইয়াত প্ৰকাশ হোৱা নাই তেন্তে সম্পাদক হিচাপে মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিলো। কিন্তু এটা কথা আপোনালোকক উদ্দেশ্যি জনাওঁ যে এগৰাকী লেখকৰ এটাহে লেখা প্ৰকাশ কৰা হৈছে।

সম্পাদকৰ নাম ঘোষণা কৰাৰপৰা আদি কৰি আজিৰ এই আলোচনীখন প্ৰকাশ হোৱা পৰকৈ মোলৈ সকলো সময়তে সহায়ৰ হাত আগবঢ়োৱা অৰবিন্দ গোস্বামীদেৱক পুনৰ এবাৰ ধন্যবাদ জনালোঁ। তেওঁৰ লগতে ‘শব্দচিত্ৰ পেনেল’ৰ আটাইলৈ ধন্যবাদ জনালোঁ।লেখাবোৰ আপলোডিঙৰ ক্ষেত্ৰত বিশেষভাৱে সহায় আগবঢ়োৱা দেৱজিৎ শৰ্মাদেৱলৈও ধন্যবাদ জনালোঁ।তেওঁৰ সহায় অবিহনে আলোচনীখনে হয়তো প্ৰকাশ কৰিবলৈ অসুবিধাৰ সন্মুখীন হ’লোহেঁতেন।

শেষত পুনৰ এবাৰ সকলোকে ধন্যবাদ জনালোঁ।সকলোৰে কলমৰ যাত্ৰা অব্যাহত থাকক।

সমীৰণ শৰ্মা

সম্পাদক

শব্দচিত্ৰ-জীৱন জিজ্ঞাসা

(তৃতীয় বৰ্ষ,দ্বিতীয় সংখ্যা)

******

3 Comments

  • Kumkum Devi sarmabaruah

    সকলো কথা খৰছি -মাৰি কৈছে সম্পাদকে। ভাল লাগিল।

    Reply
  • জ্যোতিমণি দেৱী

    আলোচনীখনৰ সম্পাদকীয় আৰু এই আঁৰৰ কথাবোৰ পঢ়িলোঁ৷ মোৰ বিশ্বাস হৈছে আলোচনীখনে সঠিক ব্যক্তিৰ হাতৰ পৰশেই লাভ কৰিছে৷
    সম্পাদনাকক্ষৰ সদৌটিলৈকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ৷

    Reply
  • Mamoni Kalita

    ভাল লাগিল, সংখ্যাটোৰ আঁৰৰ কথাখিনি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *