সপোনৰ সমাধি-দীপালি বৰ্মণ

বৰষুণক লৈ কি জানো আমেজ পায় মানুহে,নাজানোঁ আৰু দেই। কবিতাও লিখে। মোৰচোন একো ভাল নালাগে।

চাৰিওফালে পানী আৰু লেতেৰা দুৰ্গন্ধময় পৰিবেশ। নলাৰ বুকুৱেদি চহৰখনৰ সোপাকে জাবৰ উটি আহিছে।যেন কৈছে,চোৱা কি সুন্দৰ পৰিবেশত জীয়াই আছা তোমালোক? মই নহ’লে এইবোৰৰ মাজত কি কৰিলাহেঁতেন? পিছে মইনো বচাম কেনেকৈ তোমালোকক? এইবোৰ আকৌ পেলাই দিম নৈত। নৈয়ে নি পেলাব সাগৰত….

ভাৱসাগৰত ডুবি মই বাছ ষ্টপেজটোত ৰৈ আছিলোঁ।যেনে তেনে মই আজি কামটো কৰিবই লাগিব। দেউতাৰ পেন্সনৰ কামটো আজি শেষ হ’ব।কিমান দিন যে তাঁত-বাতি কাঢ়িলোঁ আৰু এতিয়া আজি শেষ স্তৰত উপনীত হৈছোঁ। বাছখন দেখি ভাল লাগি গ’ল। বাছখন আহি ৰোৱাৰ লগে লগে মই অবাক! বাছৰপৰা নামিছে মোৰ একালৰ বান্ধৱী প্ৰান্তিকা। লগত এটি কেঁচুৱা। মই চাই থাকিলোঁ তাইলৈ। তায়ো মোলৈ চাই অলপ থমকি ৰ’ল আৰু ক’লে, 

: নেনা হস্পিতাল।ৰিছেপচন কাউণ্টাৰত  এদিন আহিবি। লগ হ’ম।

সেইদিনাৰ পৰাই মোৰ মন উত্ৰাৱল।এবাৰ প্ৰান্তিকাক লগ পাবলৈ।কাৰণ তাই মোৰ ঘনিষ্ঠ বান্ধৱী আছিল।এনেকুৱা কথা নাছিল যি মই তাইৰ সতে চেয়াৰ কৰা নাছিলোঁ। মোৰ সৈতে কলেজৰ নীলিমৰ প্ৰেমৰ কাহিনীয়ে যেতিয়া কলেজ ৰমৰমাই আছিল সেই সময়তে প্ৰান্তিকাৰ আচম্বিতে এদিন সেই ডাঙৰ খবৰটো পাইছিলোঁ। তেতিয়া আমি আটায়ে কলেজৰ শেষ পৰীক্ষা দি নিজ নিজ ঘৰলৈ গুচি গৈছিলোঁ।তেনেতে এদিন নীলিমে মোক ফোন কৰি জনালে, –প্ৰান্তিকাৰ বিয়া ঠিক হৈছে। দৰাজন ডাক্তৰ হেনো। আমেৰিকাত থাকে। 

–কিন্তু তাই জানো বিয়াত সন্মতি দিছে? তাইৰ পঢ়িবলৈ বহুত হেঁপাহ আছিল।এতিয়া সকলো চাঙৰ ওপৰত উঠিবচোন! 

নীলিমে হাঁহি কৈছিল,টকাই সকলো।প্ৰান্তিকাই সকলো পাব। বিলাসী জীৱনৰ আমেজ,তাকো বিদেশ ঘূৰাৰ সৌভাগ্য—এইবোৰ সকলোৰে ভাগ্যত নিমিলে নহয়।

প্ৰান্তিকাৰ ধুমধামেৰে বিয়া হৈ গ’ল।তাইৰ মাক-দেউতাক সুখী হ’ল। ককায়েক বৌৱেকে বহুত ভাল পালে প্ৰান্তিকাৰ জীৱনৰ মধুৰ সুখ দেখি।আৰু তাই জ্ঞানৰ টোপোলা সামৰি থৈ গুচি গ’ল সুদূৰ আমেৰিকালৈ।আজি বহুবছৰ তাইৰ খবৰ পোৱা নাছিলোঁ।মই নীলিমৰ সৈতে সংসাৰ আৰম্ভ কৰিলোঁ। মোৰ দেউতাৰ হঠাতে মৃত্যু হোৱাত অকলশৰীয়া মাৰ বাবে বহুত কামত নিজকে নিয়োজিত কৰি সংসাৰৰ দায়িত্ব কান্ধত লৈ আগুৱাই গলোঁ। এনে এটি ক্ষণত আকৌ মোৰ সৈতে পুৰণি বান্ধৱীৰ মিলন হ’ল।মোৰ মনটো আনন্দত ভৰি পৰিল।এবাৰ তাইক লগ কৰাৰ তীব্ৰ বাসনাই মোক আকুল কৰিলে।

নীলিমক কোৱাৰ লগে লগে সিও ওলাল প্ৰান্তিকাক লগ কৰিবলৈ।

‘ব’লা ব’লা।আজি সতীৰ্থ মিলন হ’ব।পাৰ্টি এৰেঞ্জ কৰিব লাগিব। তাইক আমি নেৰিছো আজি।’ 

দুয়ো হাঁহি হাঁহি উপস্থিত হলোঁ নেনা হস্পিতালত। হয়তো তাইৰ স্বামীক ইয়াতে লগ পাম! মই অলপ শংকিত হ’লোঁ।তাইৰ স্বামী বা কেনে ধৰণৰ?নীলিমে যি টি কৈ দিব আৰু তেখেতে যদি বেয়া পায়! মই নীলিমক বুজাই কলোঁ। সি মোক নিশ্চয়তা দিলে,মুখত লেকাম লগোৱাৰ।অলপ ভিতৰ সোমাই আমি ৰিছেপচনৰ পিনে গলোঁ।

তাত প্ৰান্তিকাক নেদেখি সুধিলোঁ এগৰাকী নাৰ্ছক।তেওঁ আমাক ভিতৰলৈ নি বহুৱালে। অলপ পিছত প্ৰান্তিকা সোমাই আহিল আৰু হাঁহিলে,

“ছৰী।মই বিজি আছিলোঁ।”

আমি হাঁহিবলৈ গৈ হঠাৎ স্তব্ধ হৈ পৰিলোঁ।এয়া কি?ইউনিফৰ্ম পৰিহিতা এইজনীয়েই প্ৰান্তিকা নে? তাই হেনো এতিয়া ইয়াৰে ৰিছেপচনত ডিউটি কৰে।তাইৰ দুটি ল’ৰা-ছোৱালী।

“তোৰ কিয় এনে হ’ল?”

মোৰ কৌতুহলপূৰ্ণ প্ৰশ্নত তাই চকুপানী লুকাই থৈ মোলৈ চাই হাঁহিলে।কিন্তু সেই হাঁহি নিস্তেজ। মই জানোঁ।

প্ৰান্তিকাই কৈ গ’ল–

“মোৰ দেউতাই জনা নাছিল একো। দেউতাই ভাবিলে ডাক্তৰ জোঁৱাই শিক্ষিত। তেওঁলোকৰ ঘৰখনে বৰকৈ ধৰাত মোক বিয়া দিবলৈ ইচ্ছা কৰিলে। ময়ো উপায় নাপাই সন্মতি দিছিলোঁ। কিন্তু প্ৰেম হেনো মাৰাত্মক ব্যাধি।সহজে আঁতৰ নহয়। মোৰ স্বামীৰ হেনো এগৰাকী বিবাহিতাৰ সৈতে গভীৰ প্ৰেম আছিল যিগৰাকীৰ স্বামী ইতিমধ্যে ঢুকাইছিল। শাহু মায়ে ভাবিছিল বিয়া পাতিলে তেওঁৰ ল’ৰা ঠিক হৈ যাব।পিছে নহ’ল। তেওঁ মোতকৈও সেইগৰাকী নাৰীৰ প্ৰতি বেছি আসক্ত। এটি এটাকৈ মোৰ দুটি শিশু জন্ম হ’ল। এদিন মই নিশা ভাত খাই থাকোঁতে তেওঁ মোক অকথ্য গালি দি মোক মাৰধৰ কৰিলে।মই ঠিক কৰিলোঁ তেওঁৰ ঘৰ এৰিবলৈ। মই সকলো কথা জনালোঁ মোৰ মাৰ ঘৰত।দেউতাই মোক লৈ আনিলে। কেচ চলিল।তেওঁ মোক মাহিলী খোৰাক দি থাকিব লাগিব। মীমাংসা হৈ গ’ল কেচৰ। এতিয়া মই ইয়াতে আছোঁ।দেউতাৰ বন্ধু এজনে ইয়াতে মোক সুমুৱাই দিছে। মই স্বাৱলম্বী হৈ চলি থকাৰ সিদ্ধান্ত ললোঁ। 

কৈ কৈ তাই চকুপানীখিনি মচি ললে।

মই তাইলৈ পানী এগিলাচ আগবঢ়াই দিলোঁ।

একে উশাহে পানী গিলাচ খাই প্ৰান্তিকা অলপ ৰ’ল।

নীলিমে খিড়িকীৰে চাই আছে বাহিৰলৈ। সি মুখতে ক’লে,

“এনেকুৱা স্বাৰ্থপৰ লোকৰ বাবেই আমাৰ দৰে যুৱকৰ বহুতো বদনাম ওলায়।”

“বাৰু এতিয়া এইবোৰ এৰা”,-প্ৰান্তিকাই ক’লে,

“মই কফি অৰ্ডাৰ দিছোঁ।ব’লা।খাই লওঁ। আৰু শুনা।মোৰ ফোন নম্বৰটো দিম ।এদিন যেনেতেনে ভাত খোৱাকৈ আহিব লাগিব মোৰ ঘৰলৈ দুয়ো।”

আহিবৰ সময়ত আমি তাইক কলোঁ, আকৌ কেতিয়াবা নিশ্চয় লগ হ’ম। তাই হাঁহিলে। তাৰপিছত আমাক বিদায় দি লাহে লাহে হস্পিতালৰ বাৰান্দাৰে ভিতৰলৈ সোমাই গ’ল।

বাটত আহোঁতে নীলিমক কলোঁ,

“জীৱন সঁচাই প্ৰহেলিকা। কেতিয়াবা সপোন দেখুৱায় আৰু কেতিয়াবা সপোন ভাঙি চূৰমাৰ কৰি আমাৰ ৰং চায়।”

     

******

 

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *