সময় গতিশীল-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে
হে সময়!
তুমি গতিশীল
গতিশীলতাই তোমাৰ ধৰ্ম।
কেতিয়াবা মন যায়…
হাতৰ মুঠিত ধৰি
তোমাক আলফুলে ৰাখি থ’ম…
কিন্তু নোৱাৰোঁ…
আঙুলিৰ ফাঁকেৰে কেতিয়ানো
ওলাই যোৱা গমকে নাপাওঁ।
হে সময়!
তুমি গতিশীল
গতিশীলতাই তোমাৰ ধৰ্ম….
শৈশৱৰ পৰাই কৈশোৰলৈ…
কৈশোৰৰ পৰা যৌৱনলৈ…
যৌৱন অবধি বৰ্তমানলৈ…
কেৱল পাৰ হৈ গৈছা….
পূৰ্ণ অপূৰ্ণ তোমাৰ বৈভৱ গাঁথা
ৰাখি থৈছা মাথোঁ তোমাৰ স্মৃতিৰ সুৱাস..
স্মৃতিৰ দুৱাৰ খুলি কেতিয়াবা..
তোমাকেই বিচাৰোঁ…..
পাৰ হোৱা দিনবোৰ জুঁকিয়াই চালো..
নাপাওঁ একোকে বিচাৰি…
সময়ৰ সোঁতত সকলোবোৰ..
গ’ল উটি-ভাঁহি..
কাৰণ সময় গতিশীল…
গতিশীলতাই তোমাৰ ধৰ্ম।
******