সম্পাদকীয়

প্ৰাক্‌ক্ষণতঃ
পোনপ্ৰথমে সকলোলৈকে আমাৰ সম্পাদনা সমিতিৰ হৈ  নমস্কাৰ তথা ৰঙালী বিহুৰ ওলগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সম্পাদকীয় পৃষ্ঠাৰ আৰম্ভণিতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ যোৱা ফেব্ৰুৱাৰী মাহত আমাৰ মাজৰপৰা চিৰদিনৰ বাবে হেৰাই যোৱা আমাৰ গ্ৰুপৰ অন্যতম এগৰাকী অগ্ৰণী সদস্যা, শিক্ষক তথা সু – লেখিকা ৰীনা দাসলৈ।
বিহুৰ চিত্ৰণঃ
বৰ্তমান ব’হাগ বিহুৰ বতৰ। সেয়ে প্ৰতিজন অসমীয়াৰে এতিয়া মন সাতখন আঠখন। নহ’বই বা কিয়!বসন্তৰ আগমনত প্ৰকৃতিয়ে ন মেলা পাতে। ফাগুনৰ পছোৱা বতাহজাকে বসন্তক আগমন জনায় ধৰাৰ বুকুলৈ। এনে পৰিৱেশত মনুষ্য জাতিয়েও বসন্তক ভিন্ন ধৰণে আদৰণি জনায়। কিয়নো প্ৰকৃতিয়ে ন ৰূপত যি সজীৱতা কঢ়িয়াই আনে, সেই সজীৱতাই মনুষ্যৰ মনলৈ অনাবিল আনন্দ আনে।
স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৰংঘৰৰ বাকৰিতপৰা বিহু আৰম্ভণি কৰিছিল। সেই বিহু ফালৰি কাটি আহি মুকলি পথাৰ পালে, আঁহতৰ তলত।উল্লেখ্য যে অসমৰ প্ৰথমখন মুকলি বিহুৰ জন্ম হৈছে ১৯১৮ চনত চতিয়াৰ উহনি পথাৰত, যি হৈছে বৰ্তমান চতিয়া সাৰ্বজনীন মাধুৰী আঁহতৰ তলৰ মুকলি বিহু। এই বিহু প্ৰথমতে আৰম্ভণি কৰিছিল মহিলাসকলে। উহনি পুখুৰীৰ পাৰত মহিলাসকলে যেতিয়া কাপোৰ ধুবলৈ আহিছিল তেতিয়া বিহুৰ সময়ত তেওঁলোকে মনে মনে বিহু মাৰিছিল। এই বিহুৱেই শেষত গৈ ১৯১৮ চনত স্থায়ী ৰূপ পাইছিল। তেওঁলোকে গাইছিল –
       “উহনিৰ পাৰতে           কাপোৰ ধুই আছিলোঁ
                       চেনাইক যে দেখা নাই
        কাপোৰ শুকাল           বেলিও লুকাল
                       চেনাইৰহে বাতৰি নাই।”
সেই উহনি পথাৰৰ আঁহতৰ তলৰপৰা বিহু আহি কালক্ৰমত মঞ্চ পালে।
বিহুৰ লগত সংস্কাৰো জড়িত।
বিহু অনুষ্ঠান এটা হৰিনামৰ হুঁচৰি কীৰ্তন কৰি আৰম্ভণি কৰি হয়।
          “প্ৰথমে প্ৰণামো        দেৱী সৰস্বতী
                     দুতিয়ে প্ৰণামো হৰি;
           তৃতীয় প্ৰণামো           গাঁৱৰ বুঢ়া – মেথা
                     ধৰি যাওঁ নামৰে গুৰি।”
সংস্কাৰৰ লগত জড়িত অন্য এক অংগ হৈছে সাজপাৰ। বিহু নাচ পৰিৱেশন কৰোঁতে বিহুৱা-বিহুৱতীয়ে মাৰ্জিত সাজপাৰ পিন্ধাটো অপৰিহাৰ্য্য। বিহুৱাই কপাহী চুৰিয়া, চাপকন, টঙালি আদি পৰিধান কৰে তথা বিহুৱতীয়ে মুগা তথা ৰিহা মেখেলা-চাদৰ, হাতত গামখাৰু, ডিঙিত গলপতা,জোনবিৰি, মাদুলি, ঢোলবিৰি, কাণত কেৰু বা থুৰীয়া, মূৰত বসন্তৰ ফুল  লগতে কপালত ৰঙা ফোট  অপৰিহাৰ্য।
বিহুনামত গোৱা হয়,
             “হাতেৰে শুৱনি       হাতৰ গামেখাৰো
                       কঁকালৰ শুৱনি ৰিহা।
               শিৰৰে শুৱনি         দীঘলকৈ সেওঁতা
                      গলধন শুৱনি খোপা।।”
মানুহ বিহুৰ দিনা সৰুৱে ডাঙৰক শ্ৰদ্ধা জনোৱা যি সংস্কাৰৰ নিদৰ্শন পোৱা যায়; এনেকুৱা খুব কম উৎসৱ আছে। যাৰ মাজত আমাৰ বিহুটিও অন্যতম।
বিহুৰ এক অন্যতম অংগ হৈছে থলুৱা বাদ্যযন্ত্ৰ। কি জেং বিহু, কি হুঁচৰি, কি ৰাতি বিহু সকলোতে বাদ্যযন্ত্ৰই এক বিশেষ ভূমিকা গ্ৰহণ কৰে।
এই বাদ্য যন্ত্ৰসমূহৰ মাজত প্ৰথমেই আমি ক’ব লাগিব ঢোলৰ বিষয়ে। ঢোলটিক বিহুৰ প্ৰধান বাদ্য বুলি অভিহিত কৰা হয়।
বিহুনামত বিহুৱতীয়ে গাই,
          “ঢোলত চাপৰ মাৰি        ঢুলীয়া ওলালে
                        বহি বৈ আছিলোঁ তাত
           টোপোলাৰ সেন্দূৰ         টোপোলা থাকিলে
                         খাবলৈ নহ’লে ভাত।”
তদুপৰি পেঁপা, গগনা, তাল , সুতুলী, টকা তথা বাঁহীয়ে বিহু নামত বিশেষ তাৎপৰ্য বহন কৰে।
           “চ’তৰে শেষতে বহাগে পালেহি
            গছে বনে সলালে ঐ পাত।
            আজি বিহু তলিত ঢোল পেঁপা বাজিলে ঐ
            নাচো নাচো লাগিছে গাত॥”
            “টকাৰ সৰু সৰু মাত সমনীয়া
             টকাৰ সৰু সৰু মাত।
             ম’হঘূলি চাপৰিত টকাৰ মাত শুনি
             এৰি যাওঁ পেটৰে ভাত।।”
             “সুতুলি সুতুলি মাটিৰে সুতুলি
              সুতুলি কিহেৰে বাওঁ।
              কঁকালৰ খোচনিত মাটিৰে সুতুলি
              আঙুলি বোলায়ে বাওঁ।।”
              “গগনা আৰণি গগনা পুৰণি
               গগনা কিহেৰে বায়।
               দুফালে দুচটি মাজতে এচটি
               মুগাসূতা লগায়ে বায়।।”
এই বাদ্য যন্ত্ৰবোৰে অতীজৰেপৰাই আজি পৰ্যন্ত বিহু নাচত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।
বসন্ত উৎসৱৰ লগত আমাৰ প্ৰকৃতি ৰাজ্য ওতঃপ্ৰোতভাৱে জড়িত। কোৱা হয় কপৌ ফুলে বসন্তক আদৰণি জনাই আৰু এজাৰ ফুলে বসন্তক বিদায় দিয়ে।
গোৱা হয়,
               “এজাৰ ফুলা দেখি
                বেজাৰ কিয় কৰ,
                কিয় মনে মাৰি থাক,
                মোৰ দেহী ঐ,
                আছেনে মোলৈ তোলৈ
                যিটো মোৰ চিত…”
বহাগ বিহুৰ প্ৰতিটো দিনতে অৰ্থাৎ সাতোটা দিনতে ঠাই ভেদে বেলেগ বেলেগ পৰম্পৰা আছে।
গৰুৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা ভাৰতীয় সভ্যতাৰ এক পুৰণি পৰম্পৰা। গৰু হৈছে কৃষকৰ এক অপৰিহাৰ্য্য সমল। বহাগ বিহুৰ প্ৰথম দিনটোৱেই আৰম্ভ হয় গো – পূজাৰ মাধ্যমেৰে। অসমত বাস কৰা বড়ো কছাৰী, ৰাভা, মৰাণ, মিছিং, তিৱা, কাৰ্বি , হাজং আদি জনজাতিৰ সমাজতো গো পূজাৰ প্ৰচলন আছে।
প্ৰকৃতিক কেন্দ্ৰ কৰি বিহুনামত গোৱা হয়,
               “আজি বিহু বিহু        কালি বিহু বিহু
                      নাহৰ ফুল ফুলিবৰ বতৰ
                নাহৰৰ গোন্ধ পাই      লাহৰী ৰ ততে নাই
                      গচকত ভাঙি যায় যঁতৰ।”
আজিৰ বিহুঃ
বৰ্তমান বিহুলৈ পৰিবৰ্তন আহিল। বৰ্তমান যেন বিহু উৎযাপনৰ আন এক নাম হৈ পৰিছে “সাংস্কৃতিক সন্ধিয়া, চমুকৈ ক’বলৈ গ’লে চেলিব্ৰেচন।” আজি কালি বিহু অনুষ্ঠানত যেন গায়কক মতাক লৈ এক অঘোষিত প্ৰতিযোগিতা চলে। বৰ্তমান যেন বিহু মঞ্চক বাণিজ্যিক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা হৈছে।বৰ্তমান যেন বিহু নাম গুচি বিহু গীত হ’লগৈ, বিহু নাচ গুচি বিহু নৃত্য হ’লগৈ। এটা কথা ঠিক যে বিশ্বায়নে অসমীয়া সংস্কৃতিক সকলো দিশতে গ্ৰাস কৰিছে। কিন্তু বিশ্বায়নৰ পৰিপ্ৰেক্ষিতত আমাৰ বাপতিসাহোন বিহুটিৰ ঐতিহ্য পাহৰি যোৱাটো আমাৰ আদৰ্শ হ’ব নোৱাৰে।
প্ৰান্ততঃ
শেষত সকলোকে পুনৰ এবাৰ সমূহ লেখক-লেখিকা তথা আলোচনীখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আটাইলৈকে ধন্যবাদ জনালোঁ। সম্পাদক হিচাপে আমি কিমান শুদ্ধ তথা নিখুঁতভাৱে আলোচনীখন সম্পাদনা কৰিব পাৰিছো সেয়া মই ক’ব নোৱাৰিম কিন্তু আমাৰ চেষ্টাত কোনো ত্ৰুটি ৰখা নাই। আমাৰ ভুল-ভ্ৰান্তি দেখিলে আঙুলিয়াই দিব বুলি আশা কৰিলো। সকলোৰে যেন কলমৰ যাত্ৰা অবিৰাম চলি থাকে।
তাৰেই কামনাৰে আৰু
প্ৰীতিভৰা আন্তৰিকতাৰে,
সমীৰণ শৰ্মা
সম্পাদক
শব্দচিত্ৰ-জীৱন জিজ্ঞাসা
(তৃতীয় বৰ্ষ,দ্বিতীয় সংখ্যা)

6 Comments

  • জ্যোতিমণি দেৱী

    সকলো দিশ সামৰি খুউব সুন্দৰ সম্পাদকীয় পৃষ্ঠা এটি আগবঢ়ালে৷ আজিৰ বিহুৰ ৰূপে মন আশাহত কৰে৷ তথাপি বিহু বুলিলে বুলিবলৈ একো নাই৷
    শব্দচিত্ৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ৷

    Reply
  • ডলী তালুকদাৰ

    সুন্দৰ সম্পাদকীয়। ভাল লাগিল পঢ়ি। শুভেচ্ছা জনালোঁ।

    Reply
  • Kumkum Devi Sarmabaruah

    সম্পাদকীয়টো পঢ়ি বৰ ভাল পালোঁ। বিহুৰ সকলো দিশ সামৰি সুন্দৰকৈ লেখিছে।

    Reply
  • সমুজ্জ্বল

    শুভেচ্ছা জনালোঁ সমীৰণ, আলোচনীখন সুন্দৰ হৈছে ।

    Reply
  • চিত্ৰলেখা দেৱী

    ঋতুৰ সৈতে সুন্দৰ সম্পৰ্ক ৰক্ষা কৰি লিখা এটা মনোৰম সম্পাদকীয়।

    Reply
  • Mamoni Kalita

    সুন্দৰ সম্পাদকীয়

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *