সোণমইনা-অৰবিন্দ গোস্বামী

কেতিয়াবা কেতিয়াবা একোখন বোলছবিৰ কাহিনী, বোলছবিৰ গীত একোটা অথবা বোলছবিৰ ডাইলগ একোটাই মনত গভীৰভাৱে সাঁচ বহুৱাই থৈ যায়।সময়ৰ সোঁতত কথাবোৰ পাহৰি থাকিলেও কেতিয়াবা সেই কাহিনীটো বা গীতৰ কলিটোৱে হঠাৎ কোনোবাদিনা মনত ভুমুকি মাৰেহি।মোৰ মনৰ গভীৰতম স্থানলৈকে ৰেখাপাত কৰা বোলছবিখন হৈছে —-“সোণমইনা”।

১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ছবিখনৰ কাহিনী আৰু

“যদি কাৰোবাৰ চকুপানী,কাৰোবাৰ হয় হাঁহি…….”

গীতটি মনলৈ অহাৰ লগে লগে মনটো বিষাদেৰে ভৰি পৰে।সঁচাই কাহিনীৰ সৈতে গীতটি বৰ সুন্দৰকৈ খাপ খুৱাই ৰচনা কৰা হৈছিল।

ছবিখনি পৰিচালনা কৰিছিল শিৱ প্ৰসাদ ঠাকুৰে।আৰ.বি.প্ৰডাক্সনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে আৰ.পি.মেহতা,এন.পি.নায়াৰ আৰু শিৱ প্ৰসাদ ঠাকুৰে।বোলছবিখনৰ কাহিনীভাগ ৰঞ্জন ৰয়ৰ এখন বাংলা অঁনাতাৰ নাটৰ আধাৰত ৰচনা কৰা।একেই কাহিনীভাগ লৈ হিন্দী —-“চাহেব”—–বোলছবিখনো সমসাময়িকভাৱে নিৰ্মান কৰি উলিওৱা হৈছিল।

বোলছবিখনত অভিনয় কৰা শিল্পীসকল—-

(১)প্ৰাঞ্জল শইকীয়া—-সোণমইনা

(২)মঞ্জুলা_বৰুৱা___সোণমইনাৰ ডাঙৰ বৌৱেক

(৩)সুৰেণ মহন্ত ——-সোণমইনাৰ_দেউতাক

(৪)পূৰৱী শৰ্মা—–সোণমইনাৰ ভণীয়েক

(৫)জয়া ভূঞা—–সোণমইনাৰ প্ৰেমিকা

(৬)সমুদ্ৰগুপ্ত(শিশুশিল্পী)—–সোণমইনাৰ ভতিজাক।

(৭)অঞ্জলি ভূঞা

(৮)অপূৰ্বা দত্ত

(৯)বিজু ভঁড়ালী

(১০)মৰমী বৈশ্য

(১১)শিৱ ঠাকুৰ

(১২)মিৰেল কুদ্দুচ

(১৩)ৰাণা তামুলী

বোলছবিখনৰ সঙ্গীত পৰিচালক বসন্ত-মাণিক,চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা আৰু সম্পাদনা ৰাস বিহাৰী সিন্হাৰ।বোলছবিখনত সৰ্বমুঠ ৬ টা গীত আছে আৰু গীতকেইটিত কণ্ঠদান কৰিছে ক্ৰমে—-অৰুণ দাস,বসন্ত বৰদলৈ,সমৰ হাজৰিকা,শান্তা শৰ্মা,নমিতা গোস্বামী আৰু বিজু ফুকনে।

বোলছবিৰ মূল কাহিনীভাগঃ

মধ্যবিত্ত পৰিয়ালৰ এটিৰ কণিষ্ঠ সন্তান সোণমইনা।পঢ়া জীৱনত বৰ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলে।তথাপি সোণমইনাই ভাল ক্ৰিকেট খেলে।সোণমইনা নিবনুৱা কিন্তু পৰিয়ালৰ বাবে তেওঁ এজন ভাল বনুৱাই।বৌৱেকৰ চেণ্ডেল ছিগিলেও ভাল কৰি আনি দিয়া ল’ৰা সোণমইনা।ঘৰত সকলোৱে সকলো কামৰ বাবে পাচে,কিন্তু সৰুমইনাৰ কোনোটো কামকেই হেয়জ্ঞান নকৰি হাঁহিমুখে সকলোৰে কামবোৰ কৰি যায়।তেওঁৰ এই আনক সহায় কৰা মানসিকতাৰ বাবে সকলোৱে যেন তেওঁক ব্যৱহাৰ কৰে,কিন্তু সোণমইনাই কথাবোৰ তেনেদৰে চিন্তা নকৰে।তথাপি এজন নিবনুৱা হিচাপে পৰিয়ালত তেওঁ কিছু পৰিমাণে হ’লেও অৱহেলিত।তেওঁ মনত এক অদম্য হেঁপাহ পুহি ৰাখে এজন ভাল ক্ৰিকেটাৰ হোৱাৰ।কিন্তু “ভবা কথা নহয় সিদ্ধি,বাটত আছে কণা বিধি”।

ইতিমধ্যে সোণমইনাৰ ভণীয়েকৰ বিয় ঠিক হয়।মধ্যবিত্ত শ্ৰেণীৰ এজন ব্যক্তি সোণমইনাৰ দেউতাকৰ বাবে বিয়াখন এক ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিলে।কাৰণ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ জীৱনৰ সমস্ত গাঁথিৰ ধন ল’ৰা-ছোৱালীক লালন-পালন কৰোঁতেই শেষ হৈ যায়।মাক-দেউতাকে আশা কৰে যে সংস্থাপন লাভ কৰাৰ পিছত পুত্ৰই ঘৰখনৰ প্ৰয়োজনীয়তা আৰু বিপদ আপদৰ সময়ত মাক-দেউতাকৰ ওচৰত সহায় হৈ থিয় দিব।তেওঁলোক এই ক্ষেত্ৰত একপ্ৰকাৰে নিশ্চিত থাকে যিহেতু সন্তানৰ লালন-পালন আৰু সুন্দৰ জীৱনৰ  বাবেই তেওঁলোকে জীৱনৰ সমস্ত ত্যাগ কৰিছিল।

কিন্তু সোণমইনাৰ দেউতাকৰ ক্ষেত্ৰত তেনে নহ’ল।ঘৰৰ সকলোকে মতাই আনি সোণমইনাৰ দেউতাকে যেতিয়া নিজৰ কন্যা তথা সোণমইনাহঁতৰ ভনীয়েকৰ বিয়াৰ কথা সকলোকে অৱগত কৰে, সোণমইনাৰ সুসংস্থাপিত  ককায়েক আৰু বৌৱেকহঁতে বিয়াখনত আৰ্থিকভাৱে সহায় কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে।এই কথাত সোণমইনাৰ দেউতাক একপ্ৰকাৰে ভাগি পৰে।সোণমইনাৰ ককায়েকহঁতৰপৰা তেওঁ  এনে গা এৰা দিয়া মন্তব্য কোনোকালে আশা কৰা নাছিল।

এই সকলোখিনি ঘটনা সোণমইনাই অসহায়ভাৱে চাই ৰৈছিল,কাৰণ সোণমইনা নিবনুৱা।

এনেতে সোণমইনাই এখন বাতৰি কাকতত এটা বিজ্ঞাপন দেখা পায়।এজন ধনী মানুহৰ কন্যাগৰাকীৰ দুয়োটা কিডনী বিকল হৈ গৈছে আৰু সেই ছোৱালীজনীৰ বাবে এটা কিডনীৰ প্ৰয়োজন।ইয়াৰ বিনিময়ত সেই ধনী ব্যক্তিজনে কিডনী দিওঁতাক যথেষ্ট ধন দিবলৈও প্ৰস্তুত।

এই বিজ্ঞাপন পোৱাৰ পিছত সোণমইনাই নিজৰ ঘৰুৱা ডাক্তৰজনক লগ কৰি সোধে যে এটা কিডনীৰে মানুহে সাধাৰণ জীৱন-যাপন কৰিব পাৰিব নে নোৱাৰে।ডাক্তৰজনে উত্তৰ দিয়ে যে এটা কিডনীৰেও জীয়াই থাকিব পাৰি কিন্তু কিডনী দিওঁতেই কোনো পৰিশ্ৰম হ’বপৰা কাম কৰিব নোৱাৰিব।সোণমইনাৰ মনত যেন সমস্ত সমস্যাৰ সমাধান সূত্ৰ ওলাই পৰে।এই সময়ত ঘৰুৱা ডাক্তৰজনে সোণমইনাই কিয় এই কথা সুধিছে সেয়া জানিব বিচৰাত সোণমইনাই কোনো উত্তৰ নিদিয়ে।

সোণমইনাৰ সন্মুখত এতিয়া দুটা পথ খোলা থাকে—–প্ৰথমটো হ’ল নিজকে এজন দক্ষ ক্ৰিকেটাৰ ৰূপে গঢ়ি নিজৰ কেৰিয়াৰ বনোৱা আৰু দ্বিতীয়টো হ’ল—-জীৱনৰ সমস্ত আশা/লক্ষ্য ত্যাগ কৰি পৰিয়ালৰ বাবে জীৱনৰ আধা উচৰ্গা কৰা।

দুয়োটা পথৰ ভিতৰত সোণমইনাই দ্বিতীয় পথটোকে বাচি লৈ দেউতাকৰ সমস্ত দুঃচিন্তাৰ ওৰ পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ক্ৰিকেট বেটখনত শেষবাৰলৈ চুমা খাই পৰিয়ালৰ সকলোৰে অজ্ঞাতে সোণমইনা ওলাই গৈছিল নিজৰ এক গুৰুত্বপূৰ্ণ অঙ্গ আৰু নিজৰ সপোন চিৰদিনৰ বাবে হেৰুৱাবলৈ।এই সময়তে……

“যদি কাৰোবাৰ চকুপানী…কাৰোবাৰ হয় হাঁহি…”

গীতটি বাজি উঠে।সোণমইনাই ফিন্ডত দেখা পায় ক্ৰিকেটাৰসকলে খেলি থকাৰ দৃশ্য।ক্ষণিকৰ বাবে সোণমইনা উচুপি উঠিলেও নিজকে স্বম্ভালি আগবাঢ়ে নিজৰ সিদ্ধান্তৰ অন্তিম পৰিণতিৰ বাবে।

সোণমইনাৰ  কিডনী  সফলতাৰে অস্ত্ৰোপচাৰ কৰি আঁতৰোৱাৰ পিছতহে পৰিয়াললৈ সোণমইনাৰ ত্যাগ আৰু মহানতাৰ খবৰ আহে।

ছবিখন কাহিনী ইমানতে সমাপ্ত হৈছে।সঁচাই কিছুমান ছবিৰ কাহিনীয়ে বহু কথা চিন্তা কৰিবলৈ বাধ্য কৰে।এফালে বোলছবিখনত যিদৰে সন্তানৰ পিতৃ মাতৃৰ প্ৰতি অৱজ্ঞাক দেখুওৱা হৈছে,বিপৰীতক্ৰমে সোণমইনাৰ চৰিত্ৰৰদ্বাৰা দেখুওৱা হৈছে সন্তানৰ পিতৃ-মাতৃৰ বাবে ত্যাগক।

সকলোলৈকে অনুৰোধ জনালোঁ যে কেতিয়াবা সুবিধা পালে এই পুৰণি অসমীয়া বোলছবিখন চাব।সকলোলৈকে ৰঙালী বিহুৰ শুভকামনা জনালোঁ।

******

2 Comments

  • Kumkum Devi Sarmabaruah

    চিনেমাখন চোৱাৰ দৰেই লাগিল। বৰ্ণনা অপূৰ্ব।

    Reply
  • ভাল লাগিল ৷ মনত পৰি গ’ল বোলছবিখনৰ দৃশ্যবোৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *