ৰঙালী বিহু:অভিলাষ আৰু সংশয়-হৰগোবিন্দ দাস
“কিনো কাপোৰখনি ফুলে জকেমকি
উৰি যায় বতাহৰ লগত;
নেখায় চাৰি সাঁজি থাকিব পাৰোঁ মই
বহাগৰ বিহুৰে লগত ৷”
এই বিহুনামৰ জৰিয়তে অসমীয়া স্বভাৱ কবিয়ে বিহুৰ প্ৰতি থকা অসমীয়া মানুহৰ আৱেগ,অনুভূতি, অফুৰন্ত চেনেহ-শ্ৰদ্ধা অতি মননশীলভাৱে পৰিস্ফুট কৰি তুলিছে৷বিহুৰ প্ৰতি থকা অসমীয়া মানুহৰ এনে অনুভৱ আৰু একাত্মবোধ উপলব্ধি কৰিয়েই হয়তো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে গাইছিল —
“ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণজীৱনৰ ই সাহ।”
ব’হাগত প্ৰকৃতি গাভৰু হয়৷ ব’হাগ মানেই যেন নানা ৰঙৰ সমাহাৰ, অসমীয়াৰ মন- প্ৰাণত সজীৱতা, নিত্য-নতুন আঁচনিৰ সম্ভাৰ, নৱ নৱ সৃষ্টিৰ এখন বহুল উৰ্বৰা পথাৰ।এই পথাৰতে অসমীয়াই জীয়াই থকাৰ প্ৰেৰণা লভে,একতাৰ এনাজৰীডাল নিকপকপীয়া কৰি জগত সভালৈ আগবাঢ়ি যাবলৈ বুকুত সাহ-পিত গোটায়। সেয়ে হয়তো সুধাকণ্ঠ ড° হাজৰিকাদেৱে ব’হাগক জাতিৰ সাহ -আয়ুসৰেখা বুলি অপৰূপা, অতুলনীয় ব’হাগৰ গুণ-গৰিমা প্ৰকাশ কৰি অসমীয়াক ব’হাগৰ স্বকীয়তাৰ বিষয়ে উপলব্ধি কৰাবলৈ প্ৰয়াস কৰিছে।
বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ যদিও ৰূপান্তৰৰ সাঁকো বগাই বিহুৱে সাম্প্ৰতিক সময়ৰ ৰূপ পৰিগ্ৰহণ কৰিছে ৷ভাবি বিস্মিত নহৈ নোৱাৰি — ১৮৯৮ খ্ৰী:ৰ এপ্ৰিলত “দ্যা নেচনেল গাৰ্ডিয়েন নিউজ” পেপাৰত সেই সময়ৰ মুধাফুটা অসমীয়া বুদ্ধিনাথ ভট্টাচাৰ্যই বিহুক অসমীয়া নিম্ন শ্ৰেণী লোকৰ অশ্লীল যৌনগন্ধী নাচ-গান মাত্ৰ বুলি প্ৰচাৰ কৰাত বৃটিছ চাহাবে বিহুক নিষিদ্ধ ঘোষণা কৰাত বিহুবলীয়া অসমীয়া ৰাইজ স্তম্ভিত, মৰ্মাহত,নিৰ্বাক হৈ পৰিছিল ৷
এনে অনাকাংক্ষিত পৰিস্থিতিৰ মাজতে নগাঁৱৰ পুৰণিগুডামৰ ওচৰৰ চলচলিৰ ঢোলৰ ওজা মইমত টাতিঙ্গা আৰু তেওঁৰেই ভনীয়েক চেনিমাই গাভৰুৱে চিন্তা-চৰ্চা কৰিছিল বিহুক পুনৰুদ্ধাৰৰ নিমিত্তে। তেওঁলোকে ওচৰৰে সংস্কৃতিৱান অসমীয়া আনন্দি দাসৰ লগত আলোচনা কৰি গুৱাহাটীত থকা বগা চাহাবৰ সম্মুখত বিহুমাৰি; বিহুত যে কোনো অশ্লীলতা নাই সেই কথা প্ৰতিপন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।
কথা মতেই কাম ৷ নগাঁৱৰ পৰা নাঁৱেৰে গুৱাহাটীলৈ আহি আনন্দি দাসৰ সহযোগত অশেষ চেষ্টাৰ ফলত বগা চাহাবৰ সম্মুখত বিহু প্ৰদৰ্শনৰ অনুমতি লাভ কৰি দুয়ো ককাই ভনীয়ে প্ৰাণ উজাৰি বিহু মাৰিলে আৰু আনন্দি দাসে বিহুৰ প্ৰতিটো কথাই তৰ্জমা কৰি চাহাবক বুজাই দিলে।চাহাবে বিহুৰ প্ৰকৃত তত্ত্ব অনুধাৱন কৰি মুগ্ধ হ’ল আৰু বিহুৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰিলে।ফলস্বৰূপে অসমীয়াই পুনৰ উলহ-মালহেৰে বিহু মাৰিবলৈ সুযোগ পালে।(মইমত টাতিঙ্গা আৰু চেনিমাই আছিল মুছলমান) তেতিয়াৰে পৰাই ধনী-দুখীয়া সকলোৱে বিহুক সসন্মানে আদৰি ল’লে৷
কালক্ৰমত অতীজৰ গছৰ তলৰ বিহু মঞ্চলৈ আহিল।ৰঙালী বিহুটিয়ে ভিন্ন স্তৰৰ পৰিৱৰ্তন, পৰিবৰ্ধনৰ মাজেৰে আহি এতিয়াৰ পৰ্যায়ত উপনীত হৈছে।কিন্তু অতি সাম্প্ৰতিক মঞ্চ বিহুত আয়োজকসকলে গায়ক – গায়িকাসকলক অধিক প্ৰাধান্য দি বিহুৰ স্বকীয়তাত কিছু পৰিমাণে আঘাত হানিছে বুলি এচাম বিহুপ্ৰেমী সজাগ অসমীয়াই প্ৰায়ে অভিযোগ কৰা শুনা যায় ৷ আয়োজক সমিতিসমূহে (সকলো নহয়) তথাকথিত কণ্ঠ শিল্পী এগৰাকীক যিমানখিনি গুৰুত্ব প্ৰদান কৰে বিহুদল বা অন্যান্য শিল্পীদলসমূহক সিমানখিনি গুৰুত্ব নিদিয়া বুলি প্ৰায়ে চৰ্চা হোৱা দেখা যায়।
মাননিৰ ক্ষেত্ৰতো গায়ক আৰু বিহুদলৰ মাজত যি বৃহৎ ব্যৱধান প্ৰত্যক্ষ কৰা যায়, এয়া নিশ্চয় চিন্তনীয় বিষয় হিচাপে গণ্য হোৱাৰ যোগ্য।ঠাই বিশেষে আয়োজক সমিতিৰ কাম-কাজ লক্ষ্য কৰিলে দেখা যায় যে বিহুটো যেন তেওঁলোকৰ উপলক্ষহে।তেওঁলোকৰ মূল লক্ষ্য গায়ক।গায়কসকলে গান গোৱাত, তেওঁলোকে টকা পোৱাত আমাৰ কোনো আপত্তি নাই।আয়োজক সমিতিয়ে যদিহে বিহুদল বা অন্যান্য সাংস্কৃতিক দলকো সমমৰ্য্যদা দিয়াৰ আঁচনি গ্ৰহণ কৰে সেয়া ৰঙালী বিহুৰ বাবে লগতে জাতিটোৰ বাবেই মঙ্গলজনক হ’ব।
উল্লেখ্য যে সাম্প্ৰতিক সময়ৰ একাংশ বিহুতলী মাৰপিট থলীলৈ পৰ্যৱসিত হোৱা বুলি শুনিবলৈ পোৱা যায়।ইয়াৰ বাবে ঘাইকৈ গায়ক আৰু নিচাসক্ত একাংশ লোককে জগৰীয়া বুলি ক’লেও ভুল নহ’ব কিজানি। কাৰণ সাম্প্ৰতিক সময়ত গায়ক-গায়িকাসকলে মঞ্চত গীত পৰিৱেশনৰ সময়ত শ্ৰোতা-দৰ্শকক গীত গোৱাব বিচাৰে,নাচিবলৈ,টেটুফালি চিঞৰিবৈ প্ৰৰোচিত কৰে। সকলোকে হাতচাপৰি বজাবলৈ নিৰ্দেশ কৰে।এনেবোৰ কাৰ্য এচাম দৰ্শকে সমৰ্থন কৰে যদিও আন এচামে আকৌ সমৰ্থন কৰাৰ পৰিৱৰ্তে অপমানবোধহে কৰে।
দৰ্শকে অনুষ্ঠান উপভোগ কৰিবলৈহে আহে। সকলো দৰ্শকে গায়কৰ লগত নাচিবলৈ বা গান গাবলৈ নাহে।গায়কৰ এনেধৰণৰ নিৰ্দেশনাৰ বাবে বিহুতলী এৰি দৰ্শক ঘৰলৈ যোৱাৰ উদাহৰণ এইখন অসমতে আছে বুলি শুনা যায় ৷
নাটক এখন উপভোগ কৰাৰ সময়ত ক’ত হাত চাপৰি বজাব লাগে, কোনখিনিত চিঞৰিব লাগে নালাগে দৰ্শকে নিজেই বুজি পায়।অভিনেতাই নিজেই কব নেকি যে “আপোনালোকে হাত চাপৰি দিলে চিঞৰিলেহে মই ভাল অভিনয় কৰিব পাৰিম” ৷ কেতিয়াও নকয়।কিন্তু গায়কসকলে দৰ্শকৰ তালি বিচাৰি সহযোগিতা বিচাৰি এচাম দৰ্শকক উত্তেজিত হোৱাত সহায় কৰে।অপৰিমিত “চাউণ্ড চিষ্টেম” ব্যৱহাৰৰ সুযোগ গ্ৰহণ কৰি এচামে পৰিৱেশটো বিনষ্ট কৰি মাৰপিটৰ পৰ্যায়লৈ গুচি যায়৷ বিহুতলীত এনেবোৰ কাৰ্য্য কিমান সমৰ্থনযোগ্য আজিৰ তাৰিখত এয়া এক বিচাৰ্যৰ বিষয় ৷
তদুপৰি, আজিকালি অনেক বিহু সমিতিয়ে বিহুৰ নামত ‘’ স্মৃতিগ্ৰন্থ’ প্ৰকাশ কৰা দেখা যায়।অসমীয়া জাতিৰ বাবে ই এক শুভলক্ষণ বুলিব পাৰি।কিন্তু স্মৃতিগ্ৰন্থৰ লেখক-লেখিকাসকলক যথাযোগ্য সন্মান প্ৰদৰ্শন নকৰা (ব্যতিক্ৰমো আছে) বুলি অনেকেই অনুভৱ কৰে।এনেও হয় যে কেতিয়াবা গ্ৰন্থখন কোনো লেখকৰ হাতত গৈয়ে নপৰে।(অৱশ্যে এয়া বিহুৰ স্মৃতিগ্ৰন্থ বুলি নহয়,আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্মৃতিগ্ৰন্থৰ ক্ষেত্ৰতো হোৱা বুলি শুনিবলৈ পোৱা যায়)
প্ৰণিধানযোগ্য যে এলেহুৱা মানুহ কেতিয়াও লেখক হ’ব নোৱাৰে ৷ লেখকসকলক এক শ্ৰেণীৰ শ্ৰমিক বুলিব পাৰি।নিজৰ কাম-বন কাতি কৰি থৈ তেখেতসকলে অত্যধিক মানসিক শ্ৰম আৰু ভালেমান সময় ব্যয় কৰি লেখা একোটা যুগুত কৰি উলিয়ায়।সেয়ে তেখেতসকল সন্মান পোৱাৰ যোগ্য।কিন্তু বাস্তৱত তাৰ পূৰ্ণ প্ৰতিফলন দেখা পোৱা নাযায়৷ নিশ্চিতভাবে ই এক চিন্তনীয় বিষয় ৷
অতি সম্প্ৰতি বিহুক এচাম লোকে যেনেধৰণে বাণিজ্যকৰণৰ বাবে উঠিপৰি লাগি আছে এই ধাৰা অব্যাহত থাকিলে সুদূৰ ভৱিষ্যতলৈ অসমৰ বাপতি-সাহোন হিয়াৰ আমঠু বিহুটিৰ স্বকীয়তা সমূলঞ্চে হেৰাই যাব বুলি এচাম সচেতন অসমীয়াই শংকা প্ৰকাশ কৰা শুনিবলৈ পোৱা যায়।সাম্প্ৰতিক বিহুমঞ্চৰ কাৰ্য্যসূচীসমূহলৈ লক্ষ্য কৰিলে এই শংকা অমূলক বুলি নিশ্চয় ক’ব নোৱাৰি।
সেয়ে বিহুৰ আয়োজক সমিতি, বিহুৱা-বিহুৱতী, ঢুলীয়া, তালীয়া, পেঁপুৱা, নৃত্যশিল্পী, কণ্ঠশিল্পী,অসমৰ গুণী-জ্ঞানী ব্যক্তি,সকলোৱে মিলি বিহুৰ স্বকীয়তা যাতে বৰ্তি থাকে তাৰ বাবে চিন্তা- চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে।আহক,আমাৰ অতি হেপাঁহৰ, অতি আদৰৰ বিহুৰ স্বকীয়তা ৰক্ষা কৰাৰ নিমিত্তে আমি সকলোৱে পণ লওঁ এই ৰঙালীতে।বিহুটি অসমীয়াৰ আয়ুসৰেখা ৰূপে চিৰকাল উজ্জ্বলি থাকক,অসমৰ আকাশে-বতাহে, প্ৰতি অসমীয়াৰ হৃদয়ৰ কোঁহে কোঁহে।
******
10:35 AM
বৰ সুন্দৰ লিখিছে
6:52 PM
কথাখিনি বৰ সুন্দৰ ভাবে উপস্থাপন কৰিছে।