ৰুণিমাৰ সাফল্য-মানসী শৰ্মা
“অ’ মাজনী তই এতিয়াই কাকো একো নক’বি, মই এঘণ্টাৰ ভিতৰত গৈ পাম। তই সকলোকে গোট খাবলৈ ক’লি নহয়। এতিয়া ফোনটো ৰাখিছো দে।”
আজিহে ৰুণিমাৰ মনটো ভাল লাগিছে। এই দুই বছৰে নিজকে অপৰাধী যেন লাগি আছে। সকলোকে কথাখিনি খুলি ক’ব পাৰিলেহে তাই শান্তি পাব।তাইৰ মনটো দুই বছৰৰ আগৰ দিনবোৰলৈ ঘুৰি গ’ল।
“তোৰ ভালনে মাজনী, কি হ’ল ? বৰ দুখত থকা যেন লাগিছে। খুলি কচোন।”
তাই মাকক ক’লে… সকলো ক’লে, ৰক্তিমে যে একো নকৰে। সি বিজনেচ কৰে বুলি এনেয়ে ক’লে।সেয়া দেউতাকৰ হে ব্যৱসায়। দেউতাক আৰু সৰু ভায়েকেহে ব্যৱসায় চলায়। সি দিনটো ঘৰতে থাকে। বাইকখন লৈ গধূলি এনেয়েহে ওলাই যায়। মাক-দেউতাকে জানে কিন্তু একো নকয়। তাৰ আন একো বেয়া অভ্যাসো নাই। তাইকো আজিলৈকে বেয়া ব্যৱহাৰ কৰা নাই। তায়ো যে তাক বহুত ভাল পায়। মাকৰ মতে ইমান ধন-সম্পত্তি আছে সিনো কিয় কাম কৰিব লাগে। তাৰ কৰিবলৈ মন নাই নকৰে। দেউতাকহঁতে ব্যৱসায় চায়েই। সি নকৰিলেও খাবলৈ পাব।
“তই মই কোৱা মতে কৰ সকলো ঠিকহৈ যাব।”
মাকে তাইক শিকাই দিলে। ৰুণিমায়ো সেই মতেই কৰি গ’ল।
তাই লাহে লাহে ৰক্তিমৰ অগোচৰে সকলোৰে লগত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে।ৰক্তিমৰ সমুখত কিন্তু সেই একেই ৰুণিমাই হৈ থাকিল। অতি নম্ৰ-স্বভাৱৰ।লাহে লাহে শাহুৱেকহঁতো তাইৰ ব্যৱহাৰত অতিষ্ঠ হ’বলৈ ধৰিলে।ৰক্তিমেও তাইৰ হৈ মতা দেখি শাহুৱেকে দুয়োটাকে বেলেগে খাবলৈ ক’লে।দেউতাকে মাহত যি কেইটা পকেট মানী দিয়ে তাৰে চলিবলৈও দিগদাৰ হ’বলৈ ধৰিলে। কিবা এটা নকৰিলে নহ’ব।সি ভাবিলে, কি কৰিবনো!ৰুণিমায়ে উপায়টো দিলে।
“তোমালোকৰ মাটিতো বহুত আছে। তাতে চাহ বাগানকে খুলিব পাৰা দেখোন। দেউতাক কলে নিশ্চয় সহায় কৰিব।”
সি দেউতাকৰ লগত আলোচনা কৰি তাকে কৰাৰ সিদ্ধান্ত ল’লে। তাহাঁতৰ ঘৰৰ অলপ আঁতৰতে চেনিজান বাগানখন আছে। সি তালৈ গৈ বাগানৰ বিষয়ে সকলো জানি বুজি আহিল। তাৰপৰাই কাম কৰা মানুহো পাব বুলি মেনেজাৰে ক’লে। কেচাঁ পাতো তাতে দিব পাৰিব। সি কামত লাগি গ’ল। মাকৰ বৰ দুখ লাগিল। ভালপোৱাই যে কি কি কৰোৱাব পাৰে। অতি কম দিনৰ ভিতৰতে পাত ছিঙিব পৰা হ’ল। সি ওচৰৰ বাগানখনতে পাত দিলে। লাহেলাহে সি বাগানখন ডাঙৰ কৰাৰ কথা সি চিন্তা কৰিলে।
গাড়ীৰ হৰ্ণৰ শব্দত তাই বাস্তৱলৈ ঘূৰি আহিল। মাক-দেউতাক পালেহিয়েই।তাই ড্ৰয়িং ৰুমতে মাকহঁতক বহিবলৈ দিলে। শাহু-শহুৰ,দেওৰ, ৰক্তিম সকলো আহিল। মাকেই আৰম্ভ কৰিলে ….
“প্ৰথমে আপোনালোকৰ ওচৰত মই ক্ষমা খুজিছো। মোক আৰু ৰুণিমাক ক্ষমা কৰি দিয়ক। কিছু কথাও ক’বলগীয়া আছে।”
এই বুলি মাকে সকলো কথাই কৈ গ’ল …
কেনেকৈ তেঁৱেই ৰুণিমাক সকলোৰে লগত বেয়া ব্যৱহাৰ কৰিবলৈ কৈছিল।
“আচলতে মই বা ৰুণিমা বেয়া নাছিলো। মাথোঁ আপোনালোকৰ আগত বেয়া হোৱাৰ অভিনয় হে কৰিছিলোঁ যাতে ৰক্তিমে নিজে কিবা এটা কাম কৰে। তেতিয়া মনলৈ যিটো উপায়ে আহিল তাকে কৰিলোঁ। ভাল নহৈ বেয়া হোৱা হ’লে কি যে হলহেঁতেন ভাবিবলৈকে নহ’ল।আপোনালোকে তাইক ক্ষমা কৰি আকৌ আঁকোৱালি লওক এয়াই মোৰ অনুৰোধ।
শাহুৱেক উঠি আহি ৰুণিমাক সাবটি ধৰিলেহি।
“মোক বেয়া নাপাবা, মই তোমাৰ ওপৰত বেয়া ধাৰণা এটা লৈ আছিলো। সেইটোতো তোমাৰেই দোষ ন।”
সকলোৰে মনত আনন্দ লাগিল। দেউতাকৰ দুধাৰি অশ্ৰু নিগৰি গ’ল ল’ৰা বোৱাৰী হালক ঘূৰাই পোৱাৰ আনন্দত।
******
7:13 PM
সুন্দৰ
9:42 PM
ভাল লাগিল