অদৃশ্য খিৰিকীৰ সিপাৰে-ববিতা শৰ্মা 

“মন্ত্ৰ সাহিত্য ভাৰতবৰ্ষৰ ঐতিহ্য, পৰম্পৰা, সংস্কৃতি, লোক সংস্কৃতি।মহেঞ্জোদাৰো, হৰপ্পাৰ দিনৰপৰা আছে মন্ত্ৰ আৰু লোক চিকিৎসা।ভাৰতৰ তথা পৃথিৱীৰ প্ৰথম সাহিত্য বেদত আছে মন্ত্ৰ।অথৰ্ববেদত আছে চিকিৎসা। আজি অসমৰ গাঁৱে-ভূঞে মৃত্যুৰ ক্ষণ গণিছে মন্ত্ৰ সাহিত্যই,আসুৰিক চিকিৎসাই।আজি বাহিৰৰ বিশ্ববিদ্যালয়ে মায়ঙৰ ওপৰত গৱেষণা কৰিছে,পেপাৰ উলিয়াইছে।তেওঁলোকে আমাক উপহাস কৰে আমি হাতত থকা ৰত্ন চিনি নাপাওঁ বুলি।”

                                         _অদৃশ্য খিৰিকীৰ সিপাৰে_ 

‘মায়ং’।এক মায়াসনা নাম।মৰিগাঁও জিলাৰ লুইতৰ পাৰৰ এই অঞ্চল যাদু-মন্ত্ৰৰ কিংবদন্তিপূৰ্ণ ইতিহাসৰ বাবে বিখ্যাত।মধ্যযুগৰপৰাই এই অঞ্চল প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈছিল বুলি জনা যায়।সাহিত্য আলোচক ডিম্বেশ্বৰ নেওগৰ মতে…

“মন্ত্ৰসমূহ অতি আদিম, অন্ততঃ একাদশ-দ্বাদশ শতিকাৰ পিছলৈ নাহে।বিশেষকৈ অসমীয়া সমাজত  বৈষ্ণৱ  ধৰ্মৰ ঢৌ উঠাৰ পাছত এনেবোৰ তন্ত্ৰ-মন্ত্ৰৰ ন-কৈ জন্ম হোৱাৰ সম্ভৱ নহয় বুলিয়ে ভাবিব পাৰি।”

যোগিনীতন্ত্ৰৰ উল্লেখ অনুসৰি খ্ৰীষ্টীয় নৱম শতিকামানৰ পৰাই কামৰূপ তন্ত্ৰ-মন্ত্ৰ আৰু ইন্দ্ৰজাল বিদ্যাৰ কেন্দ্ৰস্থল হৈ উঠিছিল।অদ্বৈতবাদী শংকৰাচাৰ্যৰ দিগ্বিজয়ৰ কাহিনীতো কামৰূপৰ তন্ত্ৰ-মন্ত্ৰৰ কথা উল্লেখ আছে। শংকৰাচাৰ্য কামৰূপলৈ আহোঁতে শাক্ত অভিনৱ গুপ্তৰ লগত মতবাদৰ বিবাদ হৈ দুয়ো তৰ্কযুদ্ধত লিপ্ত হয় আৰু অভিনৱ গুপ্ত শংকৰাচাৰ্যৰ হাতত পৰাস্ত হয়।এই পৰাজয়ৰ পোটক তুলিবলৈ অভিনৱ গুপ্তই কু-মন্ত্ৰ মাৰি শংকৰাচাৰ্যৰ গাত ভোগন্দৰ ৰোগ মেলি দিয়ে।প্ৰবাদ অনুসৰি এই ৰোগতে শংকৰাচাৰ্যৰ মৃত্যু হয়।ষোড়শ শতিকাত শিখ গুৰু নানক অসমলৈ আহোঁতে গুৰুজনাৰ এজন শিষ্যক বোলে এগৰাকী মহিলাই মন্ত্ৰ মাৰি ভেড়া কৰি পেলাইছিল।মুছলমান লেখকসকলৰ গ্ৰন্থ আলমগীৰ নামা আৰু বাহাৰিস্তান ঘায়বীতো অসমৰ তন্ত্ৰ-মন্ত্ৰৰ ভালেমান কথাৰ উল্লেখ আছে।বাদশ্যাহ বুৰঞ্জীত অসমৰ নাৰীসকল তন্ত্ৰ-মন্ত্ৰত পাকৈত বুলি উল্লেখ কৰা হৈছে । বৌদ্ধ ধৰ্মৰ ‘বৌদ্ধ সাধনমালা’ গ্ৰন্থতো অসমৰ তন্ত্ৰ-মন্ত্ৰৰ বিষয়ে ভালেমান কথা দিয়া হৈছে। ‘দৰং ৰাজবংশাৱলী’ৰ উল্লেখ অনুসৰি বীৰ চিলাৰায় গৌড় দেশত বন্দী হৈ থাকোঁতে সৰ্প মন্ত্ৰৰে সাপ সৃষ্টি কৰি গৌড়ৰ ৰাজমাতাক প্ৰথমে দংশন কৰোৱাই আৰু পিছত আৰোগ্য কৰি তুলি নবাবৰ প্ৰিয় হৈ পৰে।অসমীয়া লোক সাহিত্যৰ বিশিষ্ট সম্পদ এই মন্ত্ৰ সাহিত্যৰ বিষয়ে এক গৱেষণাধৰ্মী বিশ্লেষণাত্মক অধ্যয়ন বৰ্তমানেও হোৱা নাই  বুলি ক’ব পাৰি।

মায়ং তথা অসমৰ তন্ত্ৰ -মন্ত্ৰক আধাৰ কৰি বিশিষ্ট নাট্যকাৰ,ঔপন্যাসিক প্ৰভাত গোস্বামীদেৱে ৰচনা কৰি উলিয়াইছে তেওঁৰ নৱতম উপন্যাস ‘অদৃশ্য খিৰিকীৰ সিপাৰে’।মন্ত্ৰ সাহিত্যৰ পৰিসৰ সাগৰৰ দৰে বিশাল।মন্ত্ৰ আৰু তন্ত্ৰ একেটা মুদ্ৰাৰে দুটা ফাল।তন্ত্ৰ-মন্ত্ৰৰ চৰ্চা  আমাৰ লোক সংস্কৃতি,আমাৰ ঐতিহ্য,আমাৰ পৰম্পৰা। এনে এটি বিশাল পৰিসৰৰ বিষয় লৈ উপন্যাস লিখাটো সহজ নহয়।প্ৰভাত গোস্বামীয়ে ঐকান্তিক চেষ্টা আৰু পৰিশ্ৰমেৰে এই সহজ নোহোৱা কামটো ‘অদৃশ্য খিৰিকীৰ সিপাৰে’ ৰূপত সহজ কৰি তুলিছে।লেখকৰ ভাষাত…

“আমি চেষ্টা কৰিছো আমাৰ এই উপন্যাসখনৰ মাজেৰে তন্ত্ৰ -মন্ত্ৰৰ জগতখনৰ দুই-এটা দিশৰ সন্ধান দিবলৈ।”

লেখকে দুই-এটা দিশৰ সন্ধান দিয়া বুলি ক’লেও দৰাচলতে উপন্যাসখনত মন্ত্ৰ সাহিত্যৰ প্ৰায়বোৰ দিশকে চুই যোৱাৰ প্ৰয়াস কৰা হৈছে।আটাইতকৈ ডাঙৰ কথা হাজাৰ হাজাৰ বছৰ পুৰণি কিন্তু কোনো বিশেষ ধৰণৰ চৰ্চা বা অধ্যয়ন নোহোৱা বিষয় এটাক উপন্যাসৰ বিষয়বস্তু কৰি  পাঠকক তাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টা।ঔপন্যাসিকৰ এই প্ৰচেষ্টাৰ আঁৰত আছে মন্ত্ৰ সাহিত্যৰ ঐতিহ্য, পৰম্পৰা আৰু আমাৰ লোকসংস্কৃতিক ভৱিষ্যতলৈ সংৰক্ষণ কৰাৰ মানসিকতা।

উপন্যাসখনৰ পটভূমি মায়ং।মূল বিষয়বস্তু মন্ত্ৰ সাহিত্য। মূল বিষয়বস্তু উপস্থাপনৰ বাবে লেখকে দুটা কাহিনীক সমান্তৰালভাৱে আগবঢ়াই নিছে।মূল কাহিনীত কৰ্ণাটকৰ বিজয়নে অসমলৈ আহি বন্ধু  অচিন্ত্য আৰু নীতাশ্ৰীৰ সহায়ত কামাখ্যা, মায়ং , আদি অঞ্চল ঘূৰি-ফুৰি শৈশৱতে নিৰুদ্দেশ হোৱা তেওঁৰ পিতৃৰ সন্ধান কৰিবলৈ গৈ  তন্ত্ৰ-মন্ত্ৰৰ জগতখনত সোমাই পৰি এদিন নিজে নিৰুদ্দেশ হৈ পৰা আৰু শেষত ৰুদ্ৰ বাবাৰ সহায়ত মন্ত্ৰৰ জাল ফালি পুনৰ নিজৰ বন্ধু-বান্ধৱ পৰিয়ালৰ কাষলৈ উভতি অহাৰ বৰ্ণনা আছে আৰু আনটো কাহিনীত নীতাশ্ৰীয়ে কৈশোৰৰ প্ৰেম অনুপমৰ কু-মন্ত্ৰৰ জাল ফালি আত্মৰক্ষা কৰাৰ লগতে নিজকে এগৰাকী আত্মনিৰ্ভৰশীল স্বাৱলম্বী নাৰী ৰূপে প্ৰতিষ্ঠা কৰাৰ কাহিনী বৰ্ণনা কৰিছে । দুয়োটা কাহিনীৰ বৰ্ণনাৰ মাজতে আছে অসমৰ তন্ত্ৰ-মন্ত্ৰ, যাদুবিদ্যাৰ জগতখনৰ এখন জীৱন্ত ছবি।এই ছবিবোৰ তন্ত্ৰ-মন্ত্ৰৰ অদৃশ্য জগতখনৰ কেতবোৰ গা-শিয়ৰি উঠা বৰ্ণনাৰে ভৰপূৰ।প্ৰায় পাঁচশ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ উপন্যাসখন দৰাচলতে অসম তথা ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে প্ৰচলিত মন্ত্ৰ বিদ্যাৰ এখন সুশৃংখলিত বুৰঞ্জী।কাহিনী কথনৰ অচিলাৰে উপন্যাসখনত তন্ত্ৰ-মন্ত্ৰৰ কথাবোৰ, ইয়াৰ লগত জড়িত কাহিনীবোৰ, তন্ত্ৰ-মন্ত্ৰৰ ভাগবোৰ, মানুহৰ বিশ্বাস-অবিশ্বাসবোৰ, মন্ত্ৰ বিদ্যাৰ ৰহস্যময় জগতখনৰ ঘটনা-পৰিঘটনাবোৰ বিশ্লেষণাত্মক ভাৱে পাঠকৰ আগত দাঙি ধৰা হৈছে।প্ৰসংগক্ৰমে ঔপন্যাসিকে অসমৰ বড়ো, কাৰ্বি, ৰাভা,মিচিং,দেউৰী আদি জনজাতীয় সমাজবোৰত প্ৰচলিত তন্ত্ৰ-মন্ত্ৰ সম্পৰ্কীয় বিশ্বাসসমূহকো কাহিনীৰ আওতালৈ আনিছে।তন্ত্ৰ-মন্ত্ৰ সম্পৰ্কীয় বিশ্বাস সমূহ জাতি-ধৰ্মৰ উৰ্দ্ধত।হিন্দু ধৰ্মৰ লোকসকলে এইবোৰ কথা বিশ্বাস কৰি অহা বা মানি চলাৰ দৰে ইছলাম আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজতো তন্ত্ৰ-মন্ত্ৰ সম্পৰ্কীয় বিশ্বাস প্ৰচলিত হৈ আহিছে । লেখকে এই সকলোবোৰ কথা তথ্য সহকাৰে উপন্যাসৰ কাহিনীৰ ভিতৰুৱা কৰিছে।

উপন্যাসখনৰ মূল উপজীৱ্য মন্ত্ৰৰ জটিল তথা ৰহস্যময় জগতখন, কিন্তু বিজয়ন, অচিন্ত্য আৰু নীতাশ্ৰীৰ নিভাঁজ বন্ধুত্ব উপন্যাসখনৰ মূল সৌন্দৰ্য।           

উপন্যাসখনৰ চৰিত্ৰসমূহ বাস্তৱ আৰু জীৱন্ত। উপন্যাসখনৰ নায়ক বিজয়ন , নায়িকা নীতাশ্ৰী। নায়ক-নায়িকা কিন্তু সচৰাচৰ উপন্যাসৰ দৰে প্ৰেমিক-প্ৰেমিকা নহয়।সহপাঠী তথা অন্তৰংগ বন্ধু। বিজয়ন আৰু নীতাশ্ৰীৰ লগত আছে আন এজন বন্ধু, অচিন্ত্য উপন্যাসখনৰ এটি উজ্জ্বল চৰিত্ৰ।অনুপম এজন সাধাৰণ মানসিকতাৰ সাধাৰণ যুৱক,যি প্ৰণয়প্ৰাৰ্থীক পাবলৈ কু-মন্ত্ৰৰ সহায় ল’বলৈও কুণ্ঠাবোধ নকৰে।একে সময়তে আকৌ আন এগৰাকী যুৱতীক মিছা প্ৰেমেৰে বিয়াৰ প্ৰলোভন দেখুৱাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। নাৰীৰ স্বভাৱজাত ঈৰ্ষা, সন্দেহ, ভয় আদিৰে ফুল এজনী সাধাৰণ গাঁৱলীয়া ছোৱালী।নীতাশ্ৰীৰ মাক-দেউতাক অসমীয়া সমাজৰ কন্যাদায়গ্ৰস্ত পিতৃ-মাতৃৰ প্ৰতিনিধি। কন্দৰ্প এজন সুবিধাবাদী লেহুকা মনৰ ডেকা। উপন্যাসখনৰ মলয়া খুৰী, ৰুদ্ৰ বাবা, ভৈৰৱী মাতা,টিমুং বেজ, কলিয়া গোঁসাই দ্ৰোণ নাথ, প্ৰমোদ দোৱনীয়া আদি চৰিত্ৰবোৰ তন্ত্ৰ-মন্ত্ৰৰ জগতখনৰ খুটি-নাটিবোৰ পাঠকক অৱগত কৰোৱাৰ উদ্দেশ্যে সৃষ্টি কৰা চৰিত্ৰ।এই চৰিত্ৰবোৰ উপন্যাসখনৰ অপৰিহাৰ্য অংগ।

   

‘অদৃশ্য খিৰিকীৰ সিপাৰে’ৰ কাহিনীৰ উপস্থাপন আকৰ্ষণীয়।বহল পৰিসৰৰ বিষয়বস্তুৱে উপন্যাসখনৰ আকাৰ ডাঙৰ কৰিলেও আদিৰপৰা অন্তলৈ কাহিনী কথন স্বাভাৱিক গতিৰেই আগবাঢ়িছে।কাহিনীভাগ আৰম্ভ হৈছে কৰ্ণাটকৰ ভিক্টোৰিয়া ইউনিভাৰচিটিৰ কেণ্টিনত পাঁচজন বন্ধুৰ চাহৰ আড্ডাত।এই পাঁচজন বন্ধু ভাৰতৰ চাৰিখন ৰাজ্যৰ।অচিন্ত্য আৰু নীতাশ্ৰী অসমৰ,বিজয়ন কৰ্ণাটকৰ, গোপাল বিহাৰৰ আৰু ভাস্কৰ দিল্লীৰ।আড্ডাৰ বিষয় ফাইনেল পৰীক্ষা দি আজৰি হোৱা পাঁচোজন বন্ধুৰ ভৱিষ্যত পৰিকল্পনা । আড্ডাৰ মাজতে বিজয়নে নীতাশ্ৰীৰ আগত অসমলৈ অহাৰ ইচ্ছা প্ৰকট কৰে।নীতাশ্ৰীৰ ঘৰ মায়ঙত।গোপালে লগে লগে বিজয়নক বাধা দি কয়….

“অই বিজয়ন,তই অসমলৈ যাবি নেকি?তাতে এইৰ ঘৰলৈ — মায়ঙত তাইৰ ঘৰ জান?ভেড়া বনাই থৈ দিব তোক তাত।”

ঔপন্যাসিকে এনেদৰে কাহিনীভাগ অৱতাৰণা কৰাৰ সমান্তৰালকৈ কৌশলেৰে পাঠকক বিষয়বস্তুৰ মাজলৈ টানি লৈ যায়।বিহাৰৰ গোপালৰ মুখৰ এই কথাখিনিয়ে মায়ঙৰ তন্ত্ৰ-মন্ত্ৰৰ প্ৰসিদ্ধি যে ভাৰত বিখ্যাত তাকো বুজাই গৈছে।উপন্যাসখনৰ ভাষা সহজ-সৰল।বৰ্ণনা সাৱলীল।আমাৰ বাস্তৱিক জগত আৰু তন্ত্ৰ-মন্ত্ৰৰ জগতখনৰ মাজত আছে এখন অদৃশ্য খিৰিকী।সেই অদৃশ্য খিৰিকীখনৰ সিপাৰে কি আছে তাক চোৱাৰ এক সাৰ্থক প্ৰয়াস প্ৰভাত গোস্বামীদেৱৰ ‘অদৃশ্য খিৰিকীৰ সিপাৰে’ ।তন্ত্ৰ-মন্ত্ৰ আমাৰ চহা জীৱনৰ এক বিশ্বাস, এক পৰম্পৰা।অসমীয়া সমাজৰ এই বিশ্বাস,এই পৰম্পৰাক ধৰি ৰখাৰ এক সচেতন প্ৰয়াসৰ নাম ‘অদৃশ্য খিৰিকীৰ সিপাৰে’ । উপন্যাস খনৰ পাতত অসমীয়া চহা সমাজখনৰ ৰীতি-নীতি, পৰম্পৰা, বিশ্বাস, মানৱীয় প্ৰমূল্যবোধ, আদিবোৰ নিখুঁত ৰূপত অংকন কৰা হৈছে । অৱশ্যে, ইয়াৰ মাজতে ঔপন্যাসিকে সময়ে সময়ে কঢ়িয়াই অনা সামাজিক অৱক্ষয়ৰ ৰূপটোও উপন্যাসৰ পাতত প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰিছে।

মন্ত্ৰ সাহিত্য আমাৰ লোক সাহিত্যৰ অমূল্য সম্পদ। আমাৰ পুৰণি চিকিৎসা পদ্ধতি,আমাৰ বিশ্বাস,আমাৰ ঐতিহ্য,আমাৰ পৰম্পৰা।বৈজ্ঞানিক মানসিকতাৰ ধ্বজাবাহক হৈ আমি এই ঐতিহ্য, এই পৰম্পৰাক অন্ধবিশ্বাসৰ নাম দি অৱহেলা কৰিবলৈ ল’লোঁ । ফলশ্ৰুতিত আমাৰ লোক সাহিত্যৰ এই অমূল্য সম্পদবিধ পাহৰণিৰ অতল গৰ্ভত লীন হোৱাৰ উপক্ৰম ঘটিছে।বিশ্বাস-অবিশ্বাসৰ যুক্তিবাদক কাষৰীয়া কৰি সময় থাকোতেই এইবোৰ সংগ্ৰহ কৰি গৱেষণাধৰ্মী বিশ্লেষণেৰে সংৰক্ষণৰ ব্যৱস্থা নকৰিলে অদূৰ ভৱিষ্যতে অসমৰ মন্ত্ৰ সাহিত্য কালৰ বুকুত লীন যাব।অসমৰ মন্ত্ৰ সাহিত্যৰ বিষয়ে আজিৰ অসমীয়াক সচেতন কৰি তোলাৰ এক পদক্ষেপ ‘অদৃশ্য খিৰিকীৰ সিপাৰে’ । আশাকৰোঁ সদাশয় পাঠক সমাজে উপন্যাসখন আঁকোৱালি ল’ব।

(জৱাহৰ নৱোদয় বিদ্যালয় ,মহাদেৱপুৰ 

নামচাই,অৰুণাচল প্ৰদেশ)

পলকতে…..

অদৃশ্য খিৰিকীৰ সিপাৰে ( উপন্যাস )

বিষয়বস্তু :  মন্ত্ৰ সাহিত্য

লেখক : প্ৰভাত গোস্বামী

প্ৰকাশক : জিণ্টি ডেকা

                পাব্লিকেশ্বন আৰু …

                 চাৰ্ভে, গুৱাহাটী – ৭৮১০২৮

প্ৰথম সংস্কৰণ : ২০২৩

মূল্য : ৫৫০ টকা 

*******

Leave a Reply

Your email address will not be published. Required fields are marked *