অনৈচ্ছিক-ববিতা শৰ্মা 

: Mr. Baruah please put your signature on this consent form.

মাধুৰ্য বৰুৱাই ছিষ্টাৰগৰাকীৰ মুখলৈ চালে।ভাৱলেশহীন এখন মুখ। অতি ফৰ্মেল। মানুহৰ আৱেগ-অনুভূতি, দুখ-কষ্টই চুব নোৱাৰা। পেছাই তেওঁলোকক কঠোৰ হ’বলৈ হয়তো বাধ্য কৰাইছে। জীৱন-মৰণৰ খেলা দেখি দেখি তেওঁলোক অভ্যস্ত হৈ পৰিছে।গতিকে মাধুৰ্য বৰুৱাৰ বুকুত বলি থকা ধুমুহাজাকৰ খবৰ তেওঁৰ নাই। তেওঁলোকৰ বাবে এইবোৰ সাধাৰণ ঘটনা। কিন্তু মাধুৰ্য বৰুৱাৰ বাবে…। আজি তিনিদিনেই হ’ল  চকুৰ টিপ এটা নমৰাকৈ মাধুৰ্য বৰুৱাই আই চি ইউৰ বাহিৰৰ চকীখনত বহি সময় পাৰ কৰা। আই চি ইউৰ ভিতৰৰ বেডত শুই আছে আয়ুস্মান।তেওঁলোকৰ একমাত্ৰ সন্তান বাবা।শুই শুই  সি জীৱন-মৰণৰ যুঁজত নামিছে।অসহায় পিতৃ মাধুৰ্য বৰুৱাই নীৰৱে যুঁজখন চাই আছে।‌ তাৰ  বাহিৰে কৰিব পৰা তেওঁৰ যে একোৱেই নাই। যোৱা  তিনিদিনৰ গোটেই সময়খিনিত সৰহ ভাগ সময় তেওঁ আই চি ইউৰ বাহিৰৰ চকী খনত বহি আছে। বহাৰ পৰা উঠি মাজে মাজে দীঘল বাৰাণ্ডাখনত পাইচাৰী কৰিছে।‌আই.চি.ইউৰ কাঁচৰ ফাঁকেৰে মনিটৰত ভাহি থকা বাবাৰ জীৱন ৰেখাৰ উঠা-নমাবোৰ চাইছে। ৰেখাডাল স্থিৰ হৈ থাকিলে আশ্বস্ত হৈ পুনৰ চকীত বহিছে।ৰেখাডাল অস্বাভাৱিক দেখিলে অসহায় হৈ ডাক্তৰক মাতিছে। নিজে একো কৰিব নোৱাৰাৰ অস্থিৰতাত ভুগিছে। মাজে মাজে ছিষ্টাৰে আগবঢ়াই দিয়া প্ৰেছক্ৰিপছন খন লৈ ফাৰ্মাছিলৈ দৌৰিছে। আই.চি.ইউৰ বাহিৰত ডাক্তৰলৈ অপেক্ষা কৰিছে। ডাক্তৰৰ আশ্বাসবাণীত আশাৰ ৰেঙনি দেখা পালে পুনৰ চকীত বহিছে। এইবোৰৰ মাজতে সময় বুজি আই.চি.ইউৰ ভিতৰ সোমাই বাবাৰ বেণ্ডেজ বন্ধা মূৰটোত আলফুলে হাত থৈ তাৰ মুখলৈ আশাৰে চাইছে। কিজানিবা সি চকু মেলে। ‘দেউতা’ বুলি কৈ উঠি বহে। এইবোৰ কামৰ মাজতে অৱশ্যে তেওঁ‌ ভালেমান দিন নকৰাকৈ থকা আৰু দুটামান কামো কৰিছে। মনৰ ভিতৰতে ভগৱানৰ নাম লৈছে, চকু দুটা মুদি হাতযোৰ কৰি তেওঁৰ দয়া বিচাৰিছে আৰু ইমান দিনে পৰ বুলি ভাবি অৱহেলা কৰি অহা আপোন মানুহখিনি কাষলৈ আহিলে আন্তৰিকতাৰে দুষাৰ কথা পাতিছে। তথাপিতো তেওঁ এটা কাম এতিয়াও কৰিব পৰা নাই। ঘটনাটো ঘটি যোৱাৰ পাছৰেপৰা মায়াৰ মুখামুখি হোৱা নাই।হ’বলৈ আচলতে তেওঁ সাহস কৰিব পৰা নাই। বাবাৰ ঘটনাটোৱে জোকাৰি পেলোৱা মানুহজনী এইখন হস্পিটেলৰে কোঠা এটাত শুই আছে। শুই আছে মানে টোপনি অহা বেজী দি ডাক্তৰেহে শোৱাই থৈছে। ডাক্তৰৰ মতে তেনে নকৰিলে মায়াৰ দুৰ্বল হৃদপিণ্ড অচল হৈ পৰাৰ ভয় আছে।বাবাৰ খবৰটো পায়েই অচেতন হৈ পৰি গৈছিল মায়া। অগা-পিছাকৈ দুখন এম্বুলেন্সত বাবা আৰু মায়াক হস্পিটেললৈ লৈ অনা হৈছিল। মাধুৰ্য বৰুৱা তেতিয়া কলকাতাৰ এখন বিলাসী হোটেলত বিজনেছ মিটিঙত ব্যস্ত আছিল। বাবা আৰু মায়াৰ বাবে সময় নোহোৱা মাধুৰ্য খবৰ পাই দৌৰি আহিছিল বাবাৰ কাষলৈ,মায়াৰ কাষলৈ। হস্পিটেলত গোট খাই থকা আত্মীয়সকলৰ তীৰ্যক চাৱনি সহ্য কৰিব নোৱাৰি অকলশৰে বহু পৰ আই.চি.ইউৰ বাহিৰত তলমূৰ কৰি থিয় হৈ আছিল মাধুৰ্য বৰুৱা। বাবাৰ কাষলৈ যোৱাত ডাক্তৰৰ বাধা আছিল। কিন্তু মায়াৰ কাষলৈ তেওঁৰ ভৰি দুখন আগবঢ়াব পৰা নাছিল। কি ক’ব তেওঁ মায়াক!এটা সময়ত মায়াৰ ভিনিহিয়েকে মায়া থকা কোঠাটোলৈ তেওঁক আগবঢ়াই নিছিল। ওপৰলৈ চাই মায়াই কিবা ভাবি আছিল। ভিনিহিয়েকৰ মাতত তেওঁলোকৰ ফালে ঘূৰি চাইছিল। তেওঁক দেখি মুখেৰে নামাতি ফেঁকুৰি উঠিছিল। তাইৰ কৰুণ চাৱনিত তেওঁৰ বুকু ভাঙি গৈছিল আৰু এটা সময়ত সহ্য কৰিব নোৱাৰি কোঠাৰপৰা পলাই আহিছিল। তাৰ পাছৰেপৰা তেওঁ আৰু মায়াৰ মুখামুখি হোৱা নাই। আচলতে হ’ব পৰা নাই। বাবাৰ ঘটনাটোত মায়া যেন বোবা হৈ পৰিছে।জীয়া শ হৈ তাই বিছনাত পৰি আছে।মায়াৰ সজল চকুৰ উদাস চাৱনিটোৱে সেই তেতিয়াৰপৰা তেওঁক খেদি ফুৰিছে। নাই, বাবাৰ এই অৱস্থাৰ বাবে মায়াই তেওঁক প্ৰকাশ্যে জগৰীয়া কৰা নাই। কিন্তু তাইৰ চাৱনিয়ে বহু কথা বুজাই দিছে। বৰ কষ্ট পাইছে তাই। তাইৰ কষ্ট তাইৰ চকুত স্পষ্ট হৈ পৰিছে। তেওঁ অপৰাধবোধত ভুগিছে।তেওঁৰ এনে লাগিছে মায়াই যেন মনে মনে থাকিও তেওঁক তেওঁৰ ভুল ক’ত বুজাই দিছে। এনেকৈ মনে মনে থকাতকৈ তাই তেওঁক  চিঞৰি চিঞৰি গালিকে পৰা হ’লে!’তোমাৰ বাবে আজি বাবাৰ এনে হ’ল’ বুলি‌ মুখ ফুটাই সকলোৰে আগত তেওঁকে জগৰীয়া কৰা হ’লেও  হয়তো  ইমান অন্তৰ্দ্বন্দ্বত ভুগিব লগা নহ’লহেঁতেন‌। এইটো সময়ত মায়াৰ পৰা পলাই থাকি কিমান কষ্ট পাইছে তাক মুখ খুলি ক’বও নোৱাৰে। মায়াৰ হাত দুখন নিজৰ হাতৰ মাজত সুমুৱাই লৈ ‘চিন্তা নকৰিবা মায়া,বাবা ভাল হৈ উঠিব’ বুলি ক’ব পৰা হ’লে। জীৱনৰ‌ এই অভাৱনীয় সময়খিনিত দুখবোৰ সমানে দুয়ো ভগাই ল’ব পৰা হ’লে! নাই নাই নোৱাৰে। মাধুৰ্যই নিজেই বহুত দিনৰ আগতেই সেই বাট মাৰি দিছে।

মি. বৰুৱা……..

ছিষ্টাৰৰ মাতত মাধুৰ্য বাস্তৱলৈ উভতি আহিল। তেওঁলৈ আগবঢ়াই দিয়া কাগজখন হাত পাতি ল’লে তেওঁ। মনটো বৰ খেলিমেলি লাগিছে। বৰ অকলশৰীয়া অনুভৱ হৈছে তেওঁৰ। এইমাত্ৰ তেওঁ হাত পাতি লোৱা কাগজখন এখন সাধাৰণ কাগজ নহয়। এখন অনুমতি পত্ৰ।তেওঁ ইয়াত মাত্ৰ এটা চহী কৰি দিব লাগে।বাবাৰ শৰীৰটো কটা-ছিঙা কৰিবলৈ ডাক্তৰক অনুমতি দিব লাগে। পৰিণাম অনিশ্চিত।বাবা মুত্যুৰ দুৱাৰডলিৰ পৰা উভতি আহিবও পাৰে, নাহিবও পাৰে। বাবাৰ মগজুত গোট মৰা তেজবোৰ বাহিৰ কৰিব পাৰিলে সি বাচিব, অন্যথা…। নাই তেওঁ আৰু ভাবিব নোৱাৰিলে।মুঠৰ ওপৰত আজি তিনিদিন ধৰি চলি থকা জীৱন-মৰণৰ খেলখন শেষ কৰিব লাগে। কলমটো হাতত লৈ মাধুৰ্যই নিজৰ চাৰিওফালে চালে।‌ কেওফালে শূন্যতা। এই মুহূৰ্তত মায়া আহি তেওঁৰ বাওঁ কান্ধখনত হাতখন থোৱা হ’লে ! নাই নাই মায়াক আমনি নকৰাই ভাল।নোৱাৰিব তাই সহ্য কৰিব। বাবাক উভতাই পাবলৈ তেওঁ এই ৰিস্ক ল’বই লাগিব। কলমটো হাতত লৈ তেওঁৰ হাতখন দেখোন বৰকৈ কঁপিছে। এই হাতখনেৰেই কিমান চহী কৰিছে তেওঁ। আজিৰ দৰে দেখোন আগতে কেতিয়াও কঁপা নাই। আগতে তেওঁ কনচেণ্ট ফৰ্মতো বহু বাৰ চহী কৰিছে। শেষ বাৰ কৰিছিল কোটাত। বাবাৰ ক’চিং চেণ্টাৰত। তেতিয়াতো তেওঁৰ হাত কঁপা নাছিল। এনেকুৱা পৰিৱেশ এটাৰ কথা তেওঁৰ মনলৈ অহাও নাছিল। সেইদিনা  কিবা এক অনামী গৰ্বত তেওঁৰ বুকু ফুলি উঠিছিল। চকুৰপৰা দুটোপাল পানী বাগৰি আহি ফৰ্মখনত পৰিল। 

“পেচেণ্টৰ ইণ্টাৰনেল ব্লিডিং বন্ধ হোৱা নাই। লাহে লাহে হৈ আছে। সোনকালে অপাৰেশ্যন নকৰিলে জটিলতা বাঢ়িব পাৰে।” 

ডাক্তৰে কালি ৰাতি তেওঁক কোৱা কথাষাৰ মনলৈ আহিল। বাবাৰ ফাইন আৰ্টছৰ পঢ়াৰ ইচ্ছাত তেওঁ সেইদিনা অনুমতিৰ মোহৰ মাৰি দিব পৰা হ’লে আজি এই কনচেণ্ট ফৰ্মখনৰ প্ৰাসংগিকতাই হয়তো‌ নাথাকিলহেঁতেন। সৰি পৰিব খোজা হুমুনিয়াহটো সামৰি তেওঁ চহীটো কৰি দিলে‌।

অপাৰেশ্যন থিয়েটাৰৰ সন্মুখত  ৰৈ আছে মাধুৰ্য বৰুৱা। তেওঁৰ কান্ধত হাত থৈ অলপ আগতে চহৰখনৰ নামী নিউৰ’ চাৰ্জনজন ভিতৰলৈ সোমাই গৈছে। দুৱাৰৰ ওপৰৰ ৰঙা লাইটটোলৈ একেথৰে চাই আছে মাধুৰ্যই। এনেকুৱা দিন এটাৰ কথা তেওঁ বাৰু কেতিয়াবা কল্পনা কৰিছিল নে! কৰিব পৰা হ’লে ভাল আছিল। তেওঁ তেতিয়া হয়তো নিজৰ ইচ্ছাবোৰ বাবাৰ ওপৰত বলেৰে জাপি নিদিলেহেঁতেন।‌ মাধুৰ্য বৰুৱাৰ মনটো ওঠৰ বছৰৰ আগৰ‌ দিন এটালৈ উভতি গ’ল। সেই বিশেষ দিনটোত তেওঁ এনেদৰেই অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত বহি আছিল। ভিতৰত মায়া আছিল। বৰ নাৰ্ভাছ কৰিছিল সেইদিনা তেওঁ। সময় আগবঢ়াৰ লগে লগে তেওঁ বৰ অধৈৰ্য্য হৈ পৰিছিল।‌ যেন অপেক্ষাৰ অন্ত নাই। এঘণ্টামান পাছতে সেউজীয়া লাইটো জ্বলি উঠিছিল। দুৱাৰ ঠেলি ওলাই অহিছিল শকত ছিষ্টাৰগৰাকী। দৌৰি গৈছিল মাধুৰ্য। ছিষ্টাৰৰ কোলাত গুলপীয়া ৰঙৰ টাৱেলেৰে মেৰিয়াই থোৱা বাবা। ভয়ে ভয়ে বাবাৰ কণমানি হাত এখন চুই চাইছিল তেওঁ।এক অজান পুলক জাগিছিল। গাৰ ভিতৰত এক শিহৰণ অনুভৱ কৰিছিল। তাৰ পাছৰ দিনবোৰত তেওঁৰ দায়িত্ব আৰু ব্যস্ততা দুয়োটাই বাঢ়িছিল। বাবা আৰু মায়াই যাতে অভাৱ অনুভৱ নকৰে তাৰ বাবে বিজিনেছ বঢ়াবলৈ উঠি পৰি লাগিছিল। বাবাক দামী স্কুলত পঢ়াব লাগিব, ডাঙৰ মানুহ কৰিব লাগিব। তেওঁ সপোন দেখিছিল। নিজৰ সপোনৰ মায়াজালত বন্দী হৈ তেওঁ মায়া আৰু বাবাৰ সপোনবোৰৰ কথা জনাৰ প্ৰয়োজনেই অনুভৱ কৰা নাছিল।মায়াৰ ডাঙৰ মানুহৰ সংজ্ঞাও তেওঁতকৈ বেলেগ আছিল। সাধাৰণ ঘৰৰ ছোৱালী মায়াৰ মাধুৰ্যৰ কিছুমান কথাৰ প্ৰতি কোনো আগ্ৰহ নাছিল। দুবেলা-দুমুঠি খাই স্বামী-পুত্ৰৰ লগত সময় পাৰ কৰাটোকে তাই জীৱন বুলি ভাবিছিল।মতৰ অমিলে সিহঁতৰ মনৰ ব্যৱধান বঢ়াইছিল। মাধুৰ্যই বিজনেছক লৈ ব্যস্ত হৈ পৰা সময়বোৰ মায়াই বাবা আৰু সংসাৰৰ মাজত নিজকে ব্যস্ত ৰাখিছিল। বাবাই ভালপোৱাবোৰ ৰান্ধিছিল, তাক সাধু কৈছিল, তাৰ লগত খেলিছিল। গান গাবলৈ, ছবি আঁকিবলৈ প্ৰেৰণা দিছিল। বাবাৰ ছাঁ হৈ আছিল তাই। বাবা ডাঙৰ হৈ অহাৰ লগে লগে বাবাকেন্দ্ৰিক  তেওঁৰ সপোনবোৰো ডাঙৰ হৈ আহিছিল। নিজে কৰিব নোৱাৰা খিনি বাবাৰ মাজেৰে পূৰণ কৰাৰ‌ তাগিদাত তেওঁ বহু সময় বাবাৰ মনটোক আওকাণ কৰিছিল। বাবা অৱশ্যে দেউতাকে আশা কৰা ধৰণেই পঢ়া-শুনাত আগবঢ়া আছিল। দেউতাকৰ অকাল মৃত্যুৰ পাছত পঢ়া-শুনাৰ হেঁপাহবোৰ আধাতে সামৰি মাধুৰ্যই দেউতাকৰ ব্যৱসায়ত হাত দিছিল। দায়িত্ব আছিল তেওঁৰ। দুজনী ভনীয়েকক বিয়া দিয়াৰ। ভায়েক দুটাক মানুহ কৰাৰ। দায়িত্বত পৰি বিজনেছত সোমাই পৰা মাধুৰ্যৰ বাবে এদিন বিজিনেছ‌ নিচা হৈ পৰিল। বিজনেছৰ সকলো খুঁটি-নাটি নখদৰ্পনত থকা মাধুৰ্য বৰুৱাৰ মায়া বা বাবাৰ মন বুজিবলৈ সময় নোহোৱা হৈছিল। মানুহজন দিনে‌ দিনে ষ্টেটাচ কনচিয়াচ হৈ পৰিছিল। যিটো কথা মায়াৰ সমৰ্থনৰ বাহিৰত আছিল। আনহাতে বাবাৰ সপোনবোৰ মাধুৰ্য বৰুৱাৰ সপোনৰ সম্পূৰ্ণ বিপৰীত আছিল। বাবাই ছবি আৰু গান ভাল পাইছিল। ৰং আৰু তুলিকাৰ প্ৰেমত পৰা ল’ৰাটোৱে  হায়াৰ চেকেণ্ডেৰী পাছ কৰি দেউতাকে বিচৰাধৰণে মেডিকেল নপঢ়ি ফাইন আৰ্ট পঢ়াৰ সিদ্ধান্ত লৈছিল। মাধুৰ্য বৰুৱা খঙত ফাটি পৰিছিল। মায়াই তেওঁক বুজাবলৈ চেষ্টা কৰি হাৰ মানিছিল। বাবাৰ মনটোৰ কথা এবাৰো চিন্তা নকৰি তেওঁ তাক কোটাত ক’চিং কৰিবলৈ বাধ্য কৰাইছিল। ছমাহৰ আগতে ৰাজস্থানলৈ যোৱা বাবা পূজাৰ বন্ধত ঘৰলৈ আহি পুনৰ ঘূৰি নোযোৱাৰ সিদ্ধান্ত জনাইছিল। কলকাতালৈ যাবলৈ ওলোৱা মাধুৰ্য বৰুৱাৰ লগত সি তৰ্ক কৰিছিল। বাবাক বুজাব নোৱাৰি শেষত তেওঁ ‌তাৰ গালত  প্ৰচণ্ড চৰ এটা শোধাই দপদপাই ওলাই গৈছিল। মায়া থৰ হৈ ৰৈ আছিল।  দিনটো কোঠাৰ ভিতৰত সোমাই থাকি বাবাই গধূলি সময়ত বাইকখন লৈ ওলাই গৈছিল। অলপ দূৰ গৈয়ে ৰৈ থকা গাড়ী এখনত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা এটা মাৰি সি পকা ৰাস্তাত পৰি গৈছিল। বাটৰ মানুহে ঘৰলৈ খবৰ‌ দিছিল।  মূৰত গুৰুতৰ আঘাত পোৱা বাবাক হস্পিটেলত ভৰ্তি কৰাৰে পৰা সি অচেতন অৱস্থাতে আই.চি.ইউৰ বেডত মৃত্যুৰ লগত যুঁজি আছে। অলপ আগতে মাধুৰ্য বৰুৱাই কনচেণ্ট ফৰ্মত চহী কৰি সেই যুঁজখন শেষ কৰিবলৈ ডাক্তৰক অনুমতি প্ৰদান কৰিছে। বাবা উভতি আহিব। সি বিচৰাৰ ধৰণেৰে তেওঁ তাক ফাইন আৰ্ট পঢ়াব। মাধুৰ্য বৰুৱাই চকুৰ পলক নেপেলোৱাকৈ ৰঙা লাইটটো  নুমুৱালৈ বাট চাই ৰ’ল…।

 (জৱাহৰ নৱোদয় বিদ্যালয় ,মহাদেৱপুৰ 

নামচাই,অৰুণাচল প্ৰদেশ)

*******

Leave a Reply

Your email address will not be published. Required fields are marked *