অব্যক্ত-দেৱজিত শৰ্মা
বসন্তৰ গীত গোৱা চৰাইজনীক
বহু কথা ক’বলৈ ৰৈ গ’ল!
ঋতু সলনিৰ কোনোবা সময় এটাত
তাইক চকামকাকৈ দেখিছিলোঁ,
সোঁৱৰণীৰ ষ্টেচন এটাত
ৰৈ আছিল দিশৰ বিপৰীতে৷
কথাবোৰ সজাই ল’ব
নজনা বাবেই মুক হৈ থাকোঁ
কোলাহলৰ সমদলত৷
জোনবাইটো কাঁহী এখনৰ
দৰে গোল হোৱাৰ ৰাতি,
শাওণৰ চিপচিপয়া সন্ধিয়াতো,
শুকান দিনৰ জীৱনী হৈ থাকোঁ৷
কোনো সুৰুঙা নথকা একাকীত্বৰ
ঋতুবোৰত চৰাইজনীয়ে
শান্তি(?) ভাঙি গীত গোৱাৰপৰা,
কঠিন মাটি ফালি কবিতা এটা
গুণগুণাই ধমনীৰে উজাই অহাৰপৰা
আলাপৰ বদ অভ্যাস এটা গঢ়ি
উঠিছিল, বৰ বেয়াকৈ৷
যেন এক নিচা,নিজক পাহৰি যোৱাৰ
নতুবা বাৰে বাৰে সোঁৱৰাই থকাৰ
“একৰ এক গ’লে থাকিল শূন্য,
দুইৰ এক গ’লে থাকিল এক”!
সময়বোৰ সময়ৰপৰা গৈ মাথোঁ
পাহৰিব খোজা বা মনলৈ আহি থকা
স্ৰোত হৈ!
উইচিৰিঙাৰ মাতত সন্ধিয়া হোৱা
গাঁৱৰ পথ এটাৰে,
শিলৰ কঠিন দলিচা এখনেৰে
জীৱনৰ আঙুলিত ধৰি খোজ দিয়ালৈকে
তাইৰ গীতবোৰত ঘড়ীটোৰ কাটাডাল হৈ৷
কপিলীৰ বুকুৱেদি কিমান
ৰাতি উটি বৈ গ’ল,
চাৰিআলিৰ আঁহতজোপাত
কিমান দুপৰীয়াই বাঁহ সাজি
ধুমুহাত সৰি পৰি ৰ’ল!
বাৰ্তালাপবোৰ নতুনকৈ সজাব
জনা হ’লে,
তাইৰ গীতৰ সভা এখনৰ আয়োজন
কৰা হ’লহেঁতেন!
আকৌ একেবোৰ কথা ,গান
এবাৰ,দুবাৰ…
বুকুৰ পাৰ নভঙালৈকে!
*******