আপোন হাত জগন্নাথ-অৰবিন্দ গোস্বামী

এখন ঘৰত এটা মুৰ্গী গঁড়ালত এটা মুৰ্গী পোৱালীৰ জন্ম হৈছিল। মাক-বাপেকে মৰমতে তাৰ নাম ৰাখিলে ঘিটিং।মাক-দেউতাকৰ তত্বাৱধানত সি লাহে লাহে ডাঙৰ হ’বলৈ ধৰিলে। তাৰ বাই-ভনী,ককাই ভাই এগালমানো তাৰ লগতে জন্ম হৈছিল যদিও জন্মৰ পিছতে আটাইকেইটা বেমাৰ হৈ মৰি থাকিল। একমাত্ৰ ঘিটিংহে বাচিল।মাক-দেউতাকে তাক বৰ মৰমেৰে ডাঙৰ কৰিবলৈ ধৰিলে। ঘিটিঙে যি বিচাৰে মাক-দেউতাকে তাক সেইটোকে আনি দিয়ে। সেই কাৰণে ঘিটিং লাহে লাহে এলেহুৱা হ’বলৈ ধৰিলে। সি অলপ ডাঙৰ হোৱাত এদিন মাকে তাক ক’লে……

: শুন ঘিটিং। তই এতিয়া কামবোৰ অলপ নিজে কৰিবলৈ শিক। আমি সদায় জীয়াই নাথাকোঁ। তই নিজে পোক-পৰুৱা, কেঁচু-কুমতি এটা বিচাৰি খাবলৈ শিক।

ঘিটিং কিন্তু নাচোৰবান্দা। সি একো কামেই নকৰে। ঘিটিঙৰ মাক-দেউতাক বৰ চিন্তাত পৰিল। এদিন ঘিটিঙৰ দেউতাকে তাক অলপ টানকৈয়ে ক’লে।

: কেঁচু বা পোক এটাও যদি নিজে বিচাৰি খাব নাজান, কি কৰিবলৈ পৃথিৱীত জন্ম হৈছিলি? তোৰ নিচিনা এলেহুৱা ধোদৰ পচলাৰ এই দুনীয়াত একো কাম নাই।

গালি খাই ঘিটিঙৰ খুব খং উঠিল যদিও সি মনে মনে থাকিল। দুপৰীয়া যেতিয়া মাক-দেউতাকে খাই-বৈ অলপ জিৰণি লৈছিল, তেতিয়া সি হাতত সাৰে ভৰিত সাৰে নদীৰ পাৰ পালেগৈ। নদীখন পাৰ হ’লেই তাৰ মোমায়েকৰ ঘৰ। কিন্তু নদীখন সি পাৰ হ’ব কেনেকৈ? তদুপৰি সি মোমায়েক বা মোমায়েকৰ ঘৰটোও চিনি নাপায়। সি শুনামতে সিহঁত থকা ঘৰখনৰ মালিকে তাৰ মাকক নদীৰ সিপাৰৰপৰা কিনি আনিছিল। এনেদৰে চিন্তা কৰি নদীৰ পাৰত বহি থাকোঁতেই সি কাছ এটাক দেখা পাই মাত লগালে।

: হেৰা কাছ ভাই, তোমাৰ নামটোনো কি?

: মোৰ নাম জলযান।

: আও ইমান ধুনীয়া নাম!

: পিছে ভাইটি তোমাৰ নামটোনো কি আৰু তুমি ক’ৰপৰা আহিছা?

: মোৰ নাম ঘিটিং। মোৰ ঘৰ সৌখিনিতে কেঁকুৰিটোৰ ওচৰত। মই মামাৰ ঘৰলৈ যাবলৈ আহিছো। পিছে নদীখন কেনেকৈ পাৰ হ’ম ভাবি পোৱা নাই।

: হেৰা ভাইটি, তুমি যে নদী পাৰ হৈ মামাৰ ঘৰলৈ যাবলৈ আহিছা, তোমাৰ ঘৰত গম পায়নে?

: পায়। আচলতে মোৰ মাৰ গা ভাল নাই।তাকে মামাৰ ঘৰত খবৰটো দিবলৈ দেউতাই পঠাই দিছে। মোক কৈছে যে নদীখন কিবা প্ৰকাৰে পাৰ হৈ তই মামাক মাতি আন। ছেঃ!বৰ বিপাঙত পৰিলো।

: তুমি যদি কথাখিনি সঁচাকৈ কৈছা তেন্তে কোনো কথা নাই বাৰু। পিছে মিছা কৈছা যদি বৰ ডাঙৰ ভুল কৰিছা। তুমি এতিয়া সৰু হৈ আছা। নদীখন মই তোমাক পাৰ কৰি দিব পাৰোঁ যদিও এনে কৰিবলৈ বৰ চিন্তাত পৰিছোঁ। দোষণীয় কাম এটা কৰিবলৈ মোৰ বৰ ভয় লাগে। তুমি যদি মোক মিছা কথা কৈছা তেন্তে তোমাক নদীখন পাৰ কৰি দিলে মই নজনাকৈয়ে এটা দোষণীয় কাম কৰা হ’ব।

: নাই নাই, তুমি মোক নদীখন পাৰ কৰি দিলে একো দোষণীয় কাম কৰা নহয়, বৰঞ্চ তোমাৰ পুণ্যহে হ’ব।

: হয় নেকি? ঠিক আছে তেন্তে। মই পাৰলৈ গৈছো ৰ’বা। তুমি মোৰ চলংখনতে বহি ল’বা আৰু মই তোমাক পানীত ডুব নমৰাকৈ সিপাৰত থৈ আহিম।

জলযানৰ কথা শুনি ঘিটিং বৰ আনন্দিত হ’ল আৰু জলযান পাৰলৈ অহাত সি জঁপিয়াই জলযানৰ পিঠিত উঠিল।জলযানে পানীত ভাহি ঘিটিঙক কোনো কষ্ট নোপোৱাকৈ সিপাৰ পোৱালেগৈ।

: ধন্যবাদ জলযান দাদা। আমি বাৰু আকৌ কেতিয়াবা লগ পামনে?

: নিশ্চয় পাম ভাইটি। তুমি এই নদীৰ পাৰলৈ আহি মোক ‘জলযান দাদা’ বুলি মাতিলেই হ’ল। মই নিমিষতে হাজিৰ হ’মহি।

ইয়াৰ পাছত দুয়োৱে দুয়োৰপৰা বিদায় লৈ আঁতৰি গ’ল।

জলযান যোৱাৰ পাছতহে ঘিটিং বিপদত পৰিল। সি এতিয়া তাৰ মোমায়েকৰ কথা কাক সুধিব! লাহে লাহে সি নদীৰ পাৰৰ গাঁওখনলৈ আগবাঢ়িল। দুই এঘৰত সি মুৰ্গী কিছুমান চৰি থকা দেখা পাই ওচৰলৈ গৈ সুধিলে….

: মই তৰামাইৰ পুতেক ঘিটিং।আপোনালোক কোনোবাই মোৰ মামাক চিনি পাই নেকি?

দুই এঘৰত সুধি সি নিৰাশ  হৈছিল যদিও শেষত ঘিটিঙে তাৰ মোমায়েকক লগ পালেগৈ। ভাগিনক লগ পাই মোমায়েক-মামীয়েকে তাক বৰ আদৰ সাদৰ কৰিলে।

ঘিটিঙে মোমায়েকক ক’লে যে তাৰ মাকৰ অলপ অসুখ বাবে তাক দুদিনমানৰ বাবে মোমায়েকৰ লগতে থাকিবলৈ পঠাই দিছে।

: কিন্তু তই নদীখন কেনেকৈ পাৰ হ’লি?

মোমায়েকে তাক সুধিলে।

: মোৰ জনযান নামৰ কাছ দাদা এজন আছে। মা-দেউতায়ো দাদাক চিনি পায়। মই জলযান দাদাৰ পিঠিত উঠি ইয়ালৈ আহিছো। মা-দেউতাক জলযান দাদাই নদীখন সুকলমে পাৰ কৰি দিম বুলি কোৱাৰ বাবেহে মা-দেউতাই মোক দাদাৰ লগত পঠালে।

কথাখিনি শুনি ঘিটিঙৰ মোমায়েকে মামীয়েকক গোটেইখিনি কথা বিৱৰি ক’লে। ইয়াৰ পাছত ঘৰৰ মালিকে নেদেখাকৈ মামীয়েকে তাক গঁড়াললৈ নি তাতে লুকাই থাকিবলৈ ক’লে।এতিয়া আৰু ঘিটিঙৰ ভালেই হ’ল। দিনটো সি লেলাই-ধেণ্ডাই গঁড়ালতে পৰি থাকে আৰু মোমায়েক মামীয়েকে তাক বঢ়িয়াকৈ খুৱায়। এনেদৰে কিছুদিন যোৱাৰ পাছত এদিন মোমায়েকে ঘিটিঙক ক’লে……..

: শুন ভাগিন। তই অহা কেইবাদিনো হ’ল।তই সিদিনা বাইদেউৰ কিবা অসুখ হোৱা বুলি কৈছিলি। পিছে মই তোৰ লগত যাব নোৱাৰিম কাৰণ নদীখন মই পাৰ হ’ব নোৱাৰোঁ। তোৰ দৰে মোৰ কোনো কাছ বন্ধুও নাই। সেয়ে তই সোনকালে ঘৰলৈ ঘূৰি যা।

কথাষাৰ শুনি ঘিটিঙে বৰ বেয়া পালে কাৰণ তাৰ ঘৰলৈ যাবলৈ মন নাছিল। পিছে মোমায়েকে তাক ঘৰলৈ ঘূৰি যাবলৈ এইবাৰ অলপ টানকৈয়ে ক’লে। ঘিটিঙে বুজি পালে যে বিনাকষ্টত তাক কোনেও সদায় খুৱাই নাথাকে।

নিজৰ ভুল বুজিব পাৰি পিছদিনা ঘিটিঙে মোমায়েক-মামীয়েকৰপৰা বিদায় লৈ ওলাই আহিল। নদীৰ পাৰলৈ আহি সি মাত লগালে……

: জলযান দাদা, আছানে তুমি?

ঘিটিঙে মাত দিয়াৰ কিছু সময়ৰ পিছতে জলযান আহি উপস্থিত হ’ল। ঘিটিং ঘৰকৈ ঘূৰি যাব বুলি গম পাই সি ঘিটিঙক আগৰবাৰৰ দৰে পিঠিত উঠাই ল’লে।

: কোৱা ভাইটি মামাৰ ঘৰত থাকি কেনে লাগিল।

: বৰ ভাল লাগিল দাদা। মামা-মামীয়ে মোক এইকেইদিন বৰ মৰমত ৰাখিলে। পিছে মোৰহে আপোনাক বহু কথা ক’বলগীয়া আছে।

: কোৱা কোৱা….মই শুনিবলৈ বৰ আগ্ৰহী।

পানীৰে আহি থাকোঁতে ঘিটিঙে জলযানক সকলো ঘটনাৰ আদ্যোপান্ত এইবাৰ সঁচাকৈ বিৱৰি ক’লে। জলযানেও কথাখিনি মন দি শুনি গ’ল। নদীৰ পাৰ পাই জলযান পাৰলৈ উঠিল। ঘিটিং জাপ মাৰি জলযানৰ পিঠিৰপৰা নামিল।

: দাদা মই মোৰ আটাইখিনি কথা আপোনাক সঁচাকৈ ক’লো। এতিয়া আপুনি মোক গালিকে পাৰক।

: নহয় ঘিটিং, তোমাক গালি পাৰিবলগীয়া নাই যিহেতু তোমাৰ অনুশোচনা হৈছে। তুমি মোৰ তিনিটা কথা তুমি সদায় মনত ৰাখিবা। প্ৰথম কথাটো হ’ল নিজৰ মা-দেউতাতকৈ আপোন কোনো হ’ব নোৱাৰে। তেওঁলোকে আমাৰ ভালৰ বাবেহে আমাক গালি-গালাজ কৰে। আত্মীয়সকলে আমাক খুব ভাল পায় কিন্তু আমাৰ দায়িত্ব কেতিয়াও ল’ব নোৱাৰে।দ্বিতীয় কথাটো হ’ল মিছা কথাই মানুহক বিপদত পেলায়। মিছা কথা কোৱা মানুহক কোনেও বিশ্বাস নকৰে। তুমি মোকো মিছা কথা ক’লা আৰু নিজৰ মোমাইদেউৰ আগতো মিছা মাতিলা। এনে ভুল কাম দুনাই আৰু কেতিয়াও নকৰিবা। তৃতীয় কথাটো হ’ল, ঘৰত নজনোৱাকৈ কেতিয়াও ক’লৈকো যাব নাপায়। এনে কৰিলে আমাৰ পিতৃ-মাতৃ বা ঘৰৰ আন সকলো দুশ্চিন্তাত ভোগে।

এতিয়া ঘৰলৈ যোৱা আৰু মা-দেউতাৰ লগত কুশলে থাকাগৈ।

: ধন্যবাদ দাদা। মই সঁচাই বৰ ডাঙৰ ভুল কৰিছো। আপোনাৰ কথাখিনি মোৰ সদায় মনত থাকিব। এতিয়াৰপৰা মই মা-দেউতাৰ বিনা অনুমতিত ক’লৈকো নাযাওঁ, মিছা কথা নকওঁ আৰু মা-দেউতাক সদায় শ্ৰদ্ধা কৰিম। আপোনাক লগ কৰিবলৈ আহিলেও ঘৰত কৈয়েই আহিম।

: সুন্দৰ কথা ঘিটিং। তেন্তে এতিয়া বিদায়হে মাগিলো।

: বিদায় দাদা। আকৌ লগ পাম।

ঘিটিঙে ঘৰলৈ গৈ দেখে যে তাৰ মাক তাৰ চিন্তাতে বেমাৰ হৈ গঁড়ালত পৰি আছে। এই দৃশ্য দেখি ঘিটিঙৰ বৰ দুখ লাগিল। হেৰোৱা পুত্ৰক লগ পাই ঘিটিঙৰ মাকৰ অসুখ দুদিনতে ভাল হ’ল। ঘিটিঙে মাক-দেউতাকক তাৰ ক্ষেত্ৰত ঘটা সকলো ঘটনাৰ আদ্যোপান্ত বিৱৰি ক’লে।

: মই এতিয়াৰপৰা নিজৰ আহাৰ নিজেই যোগাৰ কৰিম মা। তোমালোকে আৰু মোক লৈ চিন্তা নকৰিবা।

ঘিটিঙে মাক-দেউতাকক ক’লে।

ঘিটিঙৰ দেউতাকে ক’লে……….

এৰা বোপাই…..পৰত আশ বনত বাস….আপোন হাত জগন্নাথ।

*******

2 Comments

  • বৰষা ডেকা

    মিছা কথা ক’লে নিজৰে বিপদ।নিজে কৰিব পৰা কামটোও আমি কৰি ল’ব লাগে নহ’লে এলাহ বান্ধে । বৰ সুন্দৰ হৈছে দাদা।

    Reply
  • Kumkum Devi Sarmabaruah

    উপদেশমূলক শিশু গল্প হিচাবে বৰ ভাল হৈছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *