আমাৰ  খাদ্যত  আমাৰ  স্বাস্থ্য-ড০ মৃদুস্মিতা ফুকন

খাদ্যৰ প্ৰতি মানুহৰ যি প্ৰেম আন কোনো প্ৰেমেই তাতোতকৈ আন্তৰিক হ’ব নোৱাৰে – বাৰ্ণাৰ্ড শ্ব’

চিকিৎসা  বিজ্ঞানৰ পিতৃস্বৰূপ হিপ’ক্ৰেটিছে প্ৰায় ২৫০০ বছৰৰ আগেয়ে কৈছিল –

‘আপোনাৰ খাদ্যই আপোনাৰ ঔষধ হ’ব(Let food be thy medicine)।’

আকৌ সংস্কৃততো এষাৰ কথা আছে –

“যস্য দেশস্য যো মৰ্ত্তস্তস্য এজোষধ্যং হিতং।”

অৰ্থাৎ যি দেশৰ যি প্ৰাণী, সেই দেশৰ বনজ দ্ৰব্যহে সেই প্ৰাণীৰ বাবে বেছি হিতকৰ।

মানুহে ঘৰ আৰু সমাজ পাতি বাস কৰাৰ আগতে অঘৰী জীৱন-যাপন কৰাৰ সময়ত গছৰ ফল-মূল, জীৱ-জন্তুৰ মঙহ আদিৰে কেঁচা আহাৰহে গ্ৰহণ কৰিছিল। জুইৰ ব্যৱহাৰ শিকাৰ পাছত মানুহে প্ৰথমে খাদ্য পুৰি আৰু পাছলৈ সিজাই খাবলৈ শিকিলে। আজিকালি আমাৰ খাদ্যাভ্যাস সলনি হৈছে; তথাপি অতীজৰ আহাৰ আৰু আজিৰ আহাৰৰ মূল উপকৰণখিনি কম-বেছি পৰিমাণে একেই আছে।

আমাৰ জীৱনত নহ’লেই নোহোৱা এই ‘খাদ্য’ বা ‘আহাৰ’ৰ এই নিৰ্দিষ্ট সংজ্ঞা দিয়াটো কিন্তু সিমান সহজ নহয়।সাধাৰণতে আমাৰ আহাৰত কাৰ্ব’হাইড্ৰেট, প্ৰটিন, চৰ্বি, বিভিন্ন প্ৰকাৰৰ ভিটামিন, খনিজ পদাৰ্থ আৰু পানী থাকে। যিবোৰ আহাৰত এইবোৰৰ উপৰিও শৰীৰৰ অনিষ্ট কৰিবপৰা কোনো বিষাক্ত বস্তু নাথাকে, সাধাৰণতে তাকে খাদ্য বুলি ধৰা হয়।

আমাৰ খাদ্যৰ সৈতে স্বাস্থ্যৰ ওত:প্ৰোত সম্পৰ্ক।স্বাস্থ্য হ’ল আমাৰ দেহ-মনৰ স্বাভাৱিক অৱস্থা। জীৱনটোক সুন্দৰভাৱে উপভোগ কৰিবলৈ স্বাস্থ্যৰ খুবেই দৰকাৰ।আমাৰ শৰীৰটো যেতিয়া সম্পূৰ্ণৰূপে সবল আৰু উত্‍ফুল্লিত হৈ থাকে, তেতিয়া আমি সকলো কাম কৰিয়েই আনন্দ লাভ কৰোঁ। সুস্বাস্থ্যৰ অভাৱে আমাক জীয়াই থকাৰ আনন্দৰপৰাও বঞ্চিত কৰে।

খাদ্য গ্ৰহণৰ ক্ষেত্ৰত স্বাস্থ্য আৰু পৰিপুষ্টিৰ নিচেই সাধাৰণ জ্ঞানখিনি আয়ত্ব কৰি ল’লে এজন ব্যক্তিয়ে নিৰোগী জীৱন যাপন কৰিব পাৰে। কিন্তু কেতিয়াবা দেখা যায় আমি খাবলৈ ব্যৱহাৰ কৰা সকলো বস্তু ‘খাদ্য’ নহবও পাৰে।আনহাতে আমি কোনো কাৰণে অখাদ্য বুলি আঁতৰাই থোৱা বস্তুও কেতিয়াবা কোনো উন্নত খাদ্য হ’ব পাৰে।আমাৰ পৰিবেশ বা জলবায়ুত সহজে উপলব্ধ, আমাৰ সমাজ-ব্যৱস্থা নতুবা আমাৰ ধৰ্ম-বিশ্বাসৰ ওপৰত আমাৰ খোৱা-বোৱাৰ অভ্যাস নিৰ্ভৰশীল।

সুস্বাস্থ্যৰ বাবে সতেজ শাক-পাচলি, ফল-মূলৰ প্ৰয়োজনীয়তাৰ কথা দোহৰাৰ প্ৰয়োজন নাই। এইবোৰ ভিটামিন,খনিজ পদাৰ্থ আদিত চহকী উত্‍স। আমাৰ দৈনন্দিন আহাৰত এইবোৰে প্ৰয়োজনীয় পুষ্টিদ্ৰব্যৰ যোগান ধৰি আমাক স্বাস্থ্য-ৰক্ষাত সহায় কৰে।

বনৌষধি আৰু সুগন্ধি উদ্ভিদত অভাৱনীয়ভাৱে চহকী আমাৰ দেশ ভাৰতবৰ্ষ ‘বিশ্বৰ উদ্ভিদ উদ্যান(Botanical Garden of the world)হিচাপেও বিখ্যাত। ভেষজ উদ্ভিদৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে অদ্বিতীয়। ‘বটানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া’ৰ এক তথ্য মতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ১০,০০০ বিধ উদ্ভিদ প্ৰজাতি আছে।ই দেশৰ এনে উদ্ভিদৰ ৫০ শতাংশ। ইয়াৰে ভিতৰত আকৌ ১,৫০০ বিধ উদ্ভিদ প্ৰজতি বনৌষধি গুণত চহকী।অৰ্থাৎ ইবিলাকৰ মানৱ-শৰীৰৰ ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰিব পৰা ঔষধি গুণ আছে।ইয়াৰে অনেক প্ৰজাতি বিভিন্ন ধৰণৰ চিকিত্‍সা পদ্ধতিত ব্যৱহাৰ কৰা হয়।এই অঞ্চলৰ অধিবাসীসকলে নিয়মিত খাদ্যৰ তলিকাত অন্তৰ্ভুক্ত কৰা শাক-পাচলিবোৰ অপৰিসীম পৰিপুষ্টিৰ ভঁৰাল।

অতীজত আৰ্য্যসকলে ব্যৱহাৰ কৰা এশবিধ বনৌষধি উদ্ভিদৰ বিষয়ে মানৱ সভ্যতাৰ অতি পুৰণি সংগ্ৰহ ঋকবেদত(খৃষ্টপূৰ্ব ৪৫০০-২৫০০)উল্লেখ আছে।আন এখন উল্লেখযোগ্য বেদ অথৰ্ব বেদতো (খৃষ্টপূৰ্ব ২৫০০-১০০০) মানৱ ৰোগ নিৰাময় কৰিব পৰা অনেক উদ্ভিদৰ এক বিস্তৃত বিৱৰণ পোৱা যায়।এই ভেষজ উদ্ভিদৰ বিষয়ে কৰা অধ্যয়নেই হৈছে আয়ুৰ্বেদ বিজ্ঞন।এই আয়ুৰ্বেদ বিজ্ঞানৰ ভেঁটি হৈছে ক্ৰমে খৃষ্টপূৰ্ব ২০০০ আৰু ১০০০ ত ৰচিত চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা।

আমাৰ দৈনন্দিন আহাৰত থকা শাক-পাচলিৰ ভিতৰত অনেক খিনি হৈছে এনে ভেষজ উদ্ভিদ। ইবিলাকে দৰকাৰী পুষ্টিদ্ৰব্যৰ যোগান ধৰি আমাক স্বাস্থ্য-ৰক্ষাত সহায় কৰে।

আমাৰ পৰিবেশত সচৰাচৰ পোৱা প্ৰায়বোৰ থলুৱা শাক-পাচলি, ফল-মূলতে কম-বেছি পৰিমাণে খাদ্যৰ প্ৰয়োজনীয় উপাদানসমূহ পোৱা যায়। অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল নানা মহামূল্যৱান উদ্ভিদৰ আবাসস্থল। অসমৰ জলবায়ু বিভিন্ন ধৰণৰ শাক-পাতৰ বাবে উপযোগী। ইয়াৰ প্ৰায়বোৰ মানুহৰ ঘৰতে সাধাৰণতে একোখন শাকনি থাকে। এই শাকনিত বতৰ ভেদে বিভিন্ন ধৰণৰ শাকৰ খেতি কৰাৰ উপৰিও বাৰীৰ ঢাপত,ঘৰৰ চৌহদত,পিৰালিত বাৰে-বৰণীয়া শাক-পাতবোৰ আপোনা-আপুনি গজি থাকে। মন কৰিবলগীয়া যে,এই শাক-পাতবোৰৰ প্ৰায়বোৰেই আমাৰ শৰীৰৰ বাবে উপকাৰী।ডাকৰ বচনত আছে…

—“শাকে শোকোতাই ভক্ষণ, সেয়াহে পুৰুষৰ লক্ষণ”।

 তদুপৰি বৰ্তমান প্ৰায়বোৰ শাক-পাচলিতে ৰসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাৰ সময়ত এনে ধৰণৰ কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰা এই শাক-পাতবোৰ আমি বিনাদ্বিধাই নিয়মীয়াকৈ খোৱা উচিত।

বতৰৰ বিভিন্ন সময়ত বিভিন্ন শাক-পাত খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ গুণে ৰাজ্যখনৰ বিভিন্ন উত্‍সৱ-পাৰ্বণতো বতৰৰ বিভিন্ন শাক-পাচলি খোৱাৰ পৰম্পৰা আছে।

সুস্বাস্থ্যৰপৰা পোৱা শক্তি, কৰ্মবলে আমাক জীৱনত কৃতকাৰ্যতা লাভ কৰাত সহায় কৰে| তেতিয়া আমি কঠোৰ পৰিশ্ৰম কৰি হ’লেও কৃতকাৰ্যতা লাভ কৰিব পাৰোঁ।গতিকে আমাৰ সৰ্বপ্ৰথম আৰু সৰ্বপ্ৰধান কৰ্তব্য হ’ল সুস্বাস্থ্যৰ গৰাকী হোৱা আৰু তাৰ বাবে শৰীৰটোৰ যত্ন লোৱা।এই ক্ষেত্ৰত প্ৰতিদিনে নিয়ম অনুযায়ী পুষ্টিকৰ সুষম আহাৰ গ্ৰহণ কৰাটো অতি জৰুৰী। সুস্বাস্থ্যৰ সূচক হৈছে মন ভালে থকা,মানসিক চাপত নথকা,সুখানুভূতি থকা আৰু যিকোনো কাম কৰিবলৈ তত্‍পৰ হৈ থকা দেহাৱস্থা।

কিন্তু সৰ্বসাধাৰণ মানুহৰ মাজত বিভিন্ন খাদ্য তথা খাদ্য-গুণৰ গুৰুত্বৰ বিষয়ে থকা অজ্ঞানতা আৰু পৰামৰ্শদাতাৰ অভাৱ পৰিলক্ষিত হৈছে। সেয়ে আমাৰ পৰিবেশতে অতবোৰ পুষ্টিকৰ শাক-পাচলি থকা স্বত্বেও আমাৰ মানুহ পুষ্টিহীনতাত ভোগা দেখা যায়।শৰীৰৰ কাৰণে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য কম খৰচতে পাবলৈ হ’লে আমাৰ আহাৰত শাক-পাচলিৰ পৰিমাণ আৰু সিবিলাকৰ ৰন্ধন-বিধি বৈজ্ঞানিক ভিত্তিত নিৰ্ণয় কৰি ল’ব লাগে।শৰীৰৰ কাৰণে প্ৰয়োজনীয় পুষ্টিদ্ৰব্যবোৰ, যেনে –প্ৰ’টিন, বিভিন্ন ধৰণৰ খাদ্যপ্ৰাণ, শ্বেতসাৰ আদি থকা শাক-পাচলিবোৰ গ্ৰহণ কৰিব লাগিব।

খাদ্যাভাস পৰিবৰ্তন কৰাটো অতি কঠিন, কিন্তু তাক নিশ্চয়কৈ উন্নত কৰিব পাৰি –

“শতেক বিংশতি মনুষ্য আয়ু

বুজায় কৈলো সকলে

এহিমতে ফল সমস্ত লোকৰ

আয়ু সৰে বিফলে।”

গতিকে ক’ব পাৰি খাদ্যৰ লগত স্বাস্থ্য আৰু পৰিপুষ্টিৰ কথাও সাঙোৰ খাই আছে|সুস্বাস্থ্য অবিহনে আমি কেতিয়াও এটা সুচল বা সফল জীৱন আশা কৰিব নোৱাৰোঁ।সেয়ে আমি আমাৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি জৰুৰী।আমাৰ খাদ্যই আমাৰ শৰীৰৰ বাবে বহু প্ৰয়োজনীয় উপাদান যোগান ধৰে।আজি-কালি স্বাস্থ্য-সচেতনসকলে খাদ্যৰ বেলিকা বাচ-বিচাৰ কৰিবলৈ লৈছে। বিষয়টো ইমানেই বহল যে, চিকিত্‍সকৰ পৰা খাদ্য-বিশেষজ্ঞলৈকে নানা মুনিৰ নানা মত।এই বিষয়ত দেশ-বিদেশৰ চিকিত্‍সা প্ৰতিষ্ঠান আৰু বিশ্ব-বিদ্যালয়সমূহত নিতৌ ন ন গৱেষণা হ’বলৈ লৈছে। খাদ্যৰ পুষ্টিগুণ, গুৰুত্ব আদি লৈ নিতে নতুন ধৰণৰ প্ৰতিবেদন প্ৰকাশ পাই আহিছে।আজিৰ এখন নিৰ্দেশিকা আৰু ছমাহৰ মূৰত হয়তো ভ্ৰান্ত প্ৰতিপন্ন হৈছে।এনেধৰণৰ তথ্যই স্বাভাৱিকতে সাধাৰণ মানুহক বিপাঙত পেলাইছে।

তদুপৰি কোনো এবিধ খাদ্যৰ পুষ্টি-গুণো অনেক দিশৰ ওপৰত নিৰ্ভৰশীল।প্ৰায় সকলো পুষ্টিগুণেৰে সমৃদ্ধ হ’লেও কোনো খাদ্য কিছুমান বিশেষ কাৰণত, কোনো বিশেষ ব্যক্তিৰ বাবে পুষ্টিকৰ নহ’বও পাৰে।পুষ্টিকৰ খাদ্য হ’বলৈ হ’লে সেই খাদ্য সহজে হজম হৈ শোষিত হ’বও লাগিব। হজম বা শোষণ হোৱাৰ পাছত সেই খাদ্যই শৰীৰৰ বিপাক ক্ৰিয়াত ব্যাঘাত জন্মাবও নালাগিব। আকৌ কেতিয়াবা দেখা যায়, কিছুমান উপকাৰী খাদ্য আন কোনো এবিধ বিশেষ খাদ্যৰ সৈতে খালে অপকাৰী হৈ পৰে। তদুপৰি পুষ্টিকৰ খাদ্য এবিধ কেনেকৈ,কি পৰিমাণত,কি ধৰণে ৰখা বা ৰন্ধা হৈছে তাৰ ওপৰতো খাদ্যবিধৰ পুষ্টি গুণ নিৰ্ভৰ কৰে। এইবোৰৰ উপৰিও এখন বিশেষ ঠাইৰ জলবায়ুৰ ওপৰতো খাদ্যৰ পুষ্টিকাৰিতা নিৰ্ভৰ কৰে। কিন্তু বিভিন্ন ধৰণৰ ৰসায়ণৰ ব্যৱহাৰে আমাৰ খাদ্যৰ খাদ্যগুণ বৃদ্ধি বা হ্ৰাস কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।এই ক্ষেত্ৰত সতৰ্কতা আৰু সাৱধানতা নিতান্তই বাঞ্চনীয়।

অসমীয়া সংস্কৃতিত খাদ্যাভাসৰ গুৰুত্বপূৰ্ণ স্থান আছে।জীৱ প্ৰযুক্তিবিজ্ঞানে অসমীয়া খাদ্যসমূহৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰিছে আৰু পাৰিপাৰ্শ্বিকতা, শাৰীৰিক শ্ৰম, দৈহিক গঠন ইত্যাদি বিভিন্ন দৃষ্টিকোণৰপৰা পৰম্পৰাগত অসমীয়া খাদ্যক সুষম আহাৰ(Balanced diet) হিচাপে চিহ্নিত কৰিছে।

কোন বিধ খাদ্য কেতিয়া খাব,বা কেনেকৈ কুটা-বছা কৰিব বা কোন সময়ত সংগ্ৰহ কৰিব এই বিষয়ে অভিজ্ঞসকলে নিৰ্ণয় কৰি যোৱা অনেক নীতি-নিয়ম পালন কৰা হয়।সেইদৰে কোনো-কোনো তিথিতো কিছুমান খাদ্য-সম্ভাৰৰ নিষেধ আছে। যেনে – প্ৰতিপদত কোমোৰা,দ্বিতীয়াত খৰুৱা বেঙেনা, তৃতীয়াত পটল, চতুৰ্থীত মূলা, পঞ্চমীত বেল, সপ্তমীত তাল, অষ্টমীত নাৰিকল, নৱমীত লাও,দশমীত কলমৌ, একাদশীত উৰহী, দ্বাদশীত পূৰৈশাক,ত্ৰয়োদশীত বেঙেনা, চতুৰ্থীত মাটিমাহ, আৰু পূৰ্ণিমা-অমাৱস্যা-সংক্ৰান্তিত মাছ-মাংস খোৱা নিষেধ।

বিভিন্ন পুৰাণিক পুথি-পাঁজিতো খাদ্য সম্পৰ্কে ভালেমান সাৰুৱা কথা আছে। ‘দৰংগ ৰাজবংশাৱলী’ত আছে…

 –“বাত পিত্ত কফ শ্লেষ্মা যেন নলঙঘয় / ভোজনৰ দ্ৰব্য সেহি মতে মিলাৱয়/ যি তিথিত যি ব্যঞ্জন খাইতে নিষেধন/ সবাকে জানয় সুপকাৰ শুদ্ধজন।”

তেনেকৈ ডাকৰ বচনত থকা এষাৰ কথা হ’ল,

“জেঠত দৈ, আহাৰত খৈ,

শাওনত মৰাপাট খাবা গৈ।

ভাদত ওল, আহিনত কল,

কাতিত কচুৱে বঢ়াই বল।

আঘোণত খাবা চৰাই,পুহত পিঠা,

মাঘত কড়াই।

ফাগুনত মৌ,চ’তত-ঔ,

       ব’হাগত বৰ,

ইয়াকে খালে পুৰুষৰ গুচে সৰ্বজ্বৰ।”

এটা জাতিৰ খোৱা-বোৱাৰ ইতিহাস আছে, ভূগোল আছে,দৰ্শন আছে।কোনো আধুনিক খাদ্য-বিশেষজ্ঞৰ গৱেষণাৰ ফল নহ’লেও প্ৰাচীন ব্যক্তিসকলে ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত যুগুত কৰা এনেবোৰ তথ্যৰ নিশ্চয় সামাজিক মূল্য আছে।

কিন্তু মানুহে কেৱল স্বাস্থ্য বা পৰিপুষ্টিৰ বাবেই খায়নে?কেতিয়াওঁ নহয়। ইয়াৰ লগত আত্মাৰ শান্তি জড়িত হৈ আছে|সেয়ে প্ৰাচীন ভাৰতীয়সকলে কৈছিল,–

“অন্নই ব্ৰহ্ম।”

আমি যি খাওঁ, যি পান কৰোঁ, সিয়েই আমাৰ দেহৰ অভ্যন্তৰত মহত্‍কাব্য, সংগীত বা দৰ্শন আদিত পৰিণত হয়।এই ক্ষেত্ৰত প্ৰখ্যাত সংগীতজ্ঞ প্ৰভাত শৰ্মাৰ ব্যাখ্যা এনেধৰণৰ—

“মানুহৰ জীৱনশৈলী, কৰ্ম ইত্যাদিৰ কাৰখানা পাকঘৰ। পাকঘৰত যদি মনে বিচৰা খাদ্য নিসিজে তেন্তে সুন্দৰ মনেৰে সুন্দৰ কাম সম্পূৰ্ণ কৰা সম্ভৱ নহয়। হয়তো ‘কিবা’ তাগিদাত সম্ভৱ হ’ব, কিন্তু কাম সুন্দৰ নহ’ব।”

গতিকে খাদ্যৰ লগত জিভাৰ জুতিৰ কথাও সাঙোৰ খাই আছে|খোৱাৰো আনন্দ আছে।

‘সুখাদ্য জীৱনৰ অন্তহীন আনন্দৰ উত্‍স।’ 

গতিকে সুন্দৰ কামেৰে সুন্দৰ জীৱন অতিবাহিত কৰিবলৈ হ’লে পাকঘৰটোক উলাই কৰিব নোৱাৰি।

আজিৰ বিশ্বায়নে খাদ্যকো সাৰ্বজনীন কৰি তুলিছে।লগতে প্ৰচাৰৰ প্ৰভাৱেও ইয়াত ইতিবাচক সঁহাৰি জনাইছে।এইবোৰ যিয়েই নহওক, শেহতীয়াকৈ থলুৱা খাদ্যৰ প্ৰতি আমাৰ মানুহৰ যি এক আগ্ৰহ জন্মিছে সি নি:সন্দেহে এক সুখৰ বতৰা।

  

“সুখাদ্য জীৱনৰ অন্তহীন আনন্দৰ উত্‍স।জীৱনক ভাল পাবলৈ হ’লে সুখাদ্যকো ভাল পাবলৈ আৰু প্ৰাণ ভৰি উপভোগ কৰিবলৈ শিকক।”

-হোমেন বৰগোহাঞি

*******              

Leave a Reply

Your email address will not be published. Required fields are marked *