কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা: এক বিপ্লৱী সত্তা-মাতু কুকুৰাচোৱা

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ  জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি। মধ্যযুগৰ অসমৰ স্বৰ্ণসৌধৰ অন্যতম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা গুৰুজনাৰ উত্তৰসূৰী যিসকল বৰেণ্য ব্যক্তিয়ে অসমীয়া সমাজ জীৱনক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ গৈছে, সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা অন্যতম। অসমীয়া ভাষা, সংস্কৃতি, নৃত্য-গীত, অভিনয় সকলো দিশতে ৰাভাদেৱৰ অৱদান অনস্বীকাৰ্য। তেওঁ হালোৱা-বনুৱা, সমাজৰ নিষ্পেষিত সাধাৰণ জনতাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি অক্লান্তভাৱে পৰিশ্ৰম কৰিছিল। অসমৰ সংস্কৃতি, অসমৰ জনতাক মনে-প্ৰাণে ভালপোৱা এইজনা বিপ্লৱী বীৰে বিশ্বাস কৰিছিল যে সাহিত্য-সংস্কৃতি হৈছে এটা জাতিৰ মেৰুদণ্ডৰ সদৃশ, যাৰ অবিহনে এটা জাতি অস্তিত্বহীন। এইজনা সুন্দৰৰ পূজাৰীয়ে কলা-সংস্কৃতিৰ ভেঁটিক সুদৃঢ় কৰি সাধাৰণ জনতাক সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে জনগণক সংস্কৃতিৱান কৰাৰ প্ৰয়াস কৰিছিল।

১৯০৯ চনৰ ৩১ জানুৱাৰীত পূৰ্ব বংগৰ ঢাকা চহৰৰ সেনা ছাউনীত জন্মগ্ৰহণ কৰা বিষ্ণুপ্ৰসাদ ৰাভা আছিল আজন্ম বিপ্লৱী। ঢাকাৰ মিলিটেৰী স্কুলত শিক্ষা জীৱনৰ পাতনি মেলা ৰাভাদেৱে খেলৰ জগততো নিজৰ প্ৰতিভা প্ৰতিভাত কৰিছিল। কলকাতাৰ ৰিপন কলেজত পঢ়ি থকাৰ সময়ত তেওঁ ফুটবল খেলৰ প্ৰতিনিধি আছিল আৰু এই সন্মান পোৱা ৰাভাদেৱেই আছিল অসমৰ প্ৰথম ব্যক্তি। তেখেত ৰিপন কলেজৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু সেই সময়তে স্বাধীনতা আন্দোলনত যোগদান কৰা ৰাভাদেৱৰ ওপৰত পুলিচৰ চকু পৰিছিল আৰু তেওঁ কলকাতা এৰি কোচবিহাৰৰ ভিক্ট’ৰিয়া কলেজত নামভৰ্তি কৰিছিল। স্থান সলনি কৰিলেও স্বাধীনতাৰ পিয়াসী ৰাভাদেৱৰ অন্তৰত দলিত-পীড়িত লোকসকলৰ হকে যি বিপ্লৱী সত্তা জাগ্ৰত হৈছিল সেয়া আছিল অদমনীয়। ভিক্ট’ৰিয়া কলেজতো তেখেতে বৃটিছৰ পতাকা নমাই কংগ্ৰেছৰ পতাকা উত্তোলন কৰিছিল। 

বিষ্ণুপ্ৰসাদ ৰাভা আছিল উদাৰমনা ব্যক্তি। তেখেতৰ মনত কাৰোৱে প্ৰতি ভেদ-ভাব নাছিল। তেখেতে এখন শ্ৰেণীমুক্ত সমাজৰ সপোন দেখিছিল, য’ত জাতি-বৰ্ণ নিৰ্বিশেষে উচ্চ-নিম্ন সকলোৱে সমান মৰ্যদা আৰু অধিকাৰেৰে জীৱন নিৰ্বাহ কৰিব পাৰে। তেনে এখন নিকা সমাজ গঠনৰ বাবে তেওঁৰ মনত যি মতৰ পোষণ হৈছিল, সেই মতত কেৱল বৃটিছৰ দাসত্বৰপৰাই জনগণক মুক্তি লাভ কৰাৰ কথা নাছিল। তেওঁ বিশ্বাস কৰিছিল, শাষকৰ শোষণ আৰু নিষ্পেষণৰ যি দাসত্বৰ শিকলি,সেই শিকলিৰপৰাও সৰ্বসাধাৰণ ৰাইজে মুক্তি লাভ কৰিলেহে প্ৰকৃতাৰ্থত স্বাধীনতা লাভ কৰিব পাৰিব। সেয়ে তেওঁ এই শ্ৰেণী সংগ্ৰামৰপৰা প্ৰথমতে নিজকে মুক্ত কৰিছিল। উদাৰচিতীয়া এইজন গণশিল্পীয়ে নিজৰ পূৰ্বপুৰুষৰপৰা উত্তৰাধিকাৰীসূত্ৰে পোৱা ২৫০০ বিঘা মাটি সৰ্বসাধাৰণৰ মাজত বিলাই নিজেই যাযাবৰী জীৱন কটাইছিল। আজি অসমৰ অগ্ৰণী অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়খন বিষ্ণুপ্ৰসাদ ৰাভাদেৱে দান কৰা মাটিতে সগৌৰৱেৰে জিলিকি আছে। গীত-নৃত্য-অভিনয়েৰে তেওঁ অনাই-বনাই ঘূৰি অসমৰ ৰাইজৰ মাজত স্বদেশপ্ৰীতি তথা দাসত্বৰ বান্ধোনৰপৰা মুক্তি লাভৰ বাবে সজাগতা সৃষ্টি কৰিছিল।

তেওঁ যে কেৱল অসমৰ মানুহৰ বাবেই বিপ্লৱ কৰিছিল তেনে নহয়, তেওঁৰ বিপ্লৱ কৰিছিল শাসকৰ দ্বাৰা শোষিতজনৰ প্ৰাপ্যৰ বাবে। তাৰ বাবে তেখেতে এহাতে অস্ত্ৰ আৰু এহাতে কলম তুলি লৈছিল।হাতত অস্ত্ৰ তুলি ল’লেও বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অনুভৱ কৰিছিল যে সমাজৰ সকলো মানুহক যদি একত্ৰিত কৰিবপৰা নাযায়, তেতিয়া সমাজ এখনৰ গঠন সম্ভৱ নহয়। সমূহীয়াভাৱে কাম কৰিলেহে সমাজৰ কামে সফলতা লাভ কৰে। সেয়ে তেওঁ সাহিত্য, গীত, নৃত্য আৰু অভিয়নৰ জৰিয়তে সমাজৰ মানুহক একত্ৰিত কৰিছিল। তেখেতে কৈছিল – 

“শোষণকাৰীক শেষ কৰিবই লাগিব কিন্তু অস্ত্ৰৰ সহায়েৰে নহয়, জনগণক জগাই তুলিবলৈ মহাবিপ্লৱৰ সৃষ্টি কৰিহে। তাকে কৰিবলৈ বৰ্তমান মই কলম লৈছোঁ।”

কেৱল অস্ত্ৰৰে নহয়’ সাহিত্য-সংস্কৃতিৰে মানুহৰ হৃদয়ক জয় কৰা এইজন বিপ্লৱী বীৰৰ নামত চৰকাৰে ১০ হাজাৰ ধনৰ পণ ৰাখিছিল। সৰ্বসাধাৰণৰ বুকুৰ আপোন হৈ পৰা ৰাভাদেৱৰ বিনিময় কোনেও কৰা নাছিল বৰঞ্চ তেওঁৰ ছদ্মবেশত ৰাইজে সহায় কৰি সুৰক্ষাহে প্ৰদান কৰিছিল। অথচ জীৱিত কালত এইজন বিপ্লৱী বীৰে কিমানখিনি স্বীকৃতি পালে? তেখেতৰ বিষয়ে পঢ়িলে মানুহে ভাবিবলৈ বাধ্য হয়। নিষ্পেষিত, দলিতসকলৰ বাবে অন্তৰে কান্দি উঠা, জনগণৰ কাৰণে নিজৰ সকলো ত্যাগ কৰি, নিজেই যাযাবৰী জীৱন কটোৱা এইজন গণশিল্পীক ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ত চীনৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগ জাপি দি হাতত ৰছীৰে বান্ধি ৰাজপথৰ মাজেৰে চোঁচৰাই নিছিল। কিন্তু সত্য-শুদ্ধৰ প্ৰতিভাক ম্লান কৰাৰ শক্তি কাৰোৱেই নাথাকে। যি শাসনযন্ত্ৰই এদিন বিষ্ণুপ্ৰসাদ ৰাভাদেৱক ‘দেশদ্ৰোহী’, ‘ডকাইতৰ চৰ্দাৰ’ বুলি তিৰষ্কাৰ কৰিছিল, সেই শাসনযন্ত্ৰই আজি ৰাভাদেৱক বিপ্লৱী বীৰৰূপে বিভূষিত কৰে। অসমীয়াৰ সাহিত্য, কলা-সংস্কৃতিৰ বাহক বুলি গৰ্বৰে স্মৰণ কৰে। এয়াই সময়ৰ হিচাপ।

বিপ্লৱী ৰূপে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সত্তা আজিও সৰ্বত্ৰে বিদ্যমান।সমাজৰ হকে, সমাজত প্ৰচলিত সমাজ ব্যৱস্থা, নিষ্পেষিত সাধাৰণ লোকসকলৰ হিতৰ হকে, শাসক দলৰ শোষণৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লোৱা এই একেজন মানুহেই আছিল সুন্দৰৰো পূজাৰী। সেই সুন্দৰতা প্ৰকাশ পাইছিল তেখেতৰ সৃষ্টিত। তেখেতৰ গীত-নৃত্য, অভিনয়ত। কাশী বিশ্ববিদ্যালয়ত যাৰ তাণ্ডব নৃত্যত অভিভূত হৈ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক “কলাগুৰু” উপাধি প্ৰদান কৰিছিল। আজি তেখেতৰ মৃত্যুৰ পাছত ২০ জুন তাৰিখটোত তেখেতৰ সৃষ্টিৰাজিক স্মৰণ কৰি তেখেতৰ গীত-নৃত্য, অভিনয় প্ৰদৰ্শনেৰে “ৰাভা দিৱস” হিচাপে উদযাপন কৰিছোঁ। চৰকাৰৰ ফালৰপৰাও তেখেতৰ নামত বঁটা-বাহন প্ৰদান কৰি তেখেতক স্বীকৃতি প্ৰদান কৰিছে সেয়া সৌভাগ্যৰ কথা কিন্তু এই একেজন বিষ্ণুপ্ৰসাদ ৰাভাই জীৱন কালত কৰা ত্যাগৰ প্ৰকৃত মূল্যাংকন হৈছেনে?  আজি নৱপ্ৰজন্মৰ সৰহ সংখ্যকেই “ৰাভা সংগীত” বুলিলে তেখেতৰ সৃষ্টিৰ কেইটামান নিৰ্দিষ্ট গীতকহে চিনে। যিবোৰ গীতেৰে কলাগুৰুজনাই জাতীয় চেতনাক জাগ্ৰত কৰিছিল সেইবোৰ গীত আজি যেন আমাৰ নৱপ্ৰজন্মৰ মাজতেই অচিনাকি দৰে।     

  

আমি কেৱল পৰজনমৰ শুভ লগনলৈ বাট চাই থাকিলেই নহ’ব, লোহাৰ শিকলি ভাঙি, দাসৰ বান্ধোন ছিঙি, মন্দিৰৰ পথ মুকলি কৰি ল’ব পাৰিব লাগিব। ৰাভাদেৱে বিচৰাৰ দৰেই কৃষক শক্তি দলক আগুৱাই নিব পাৰিলেহে দেশৰ লগতে খাটি খোৱা ৰাইজ স্বাৱলম্বী হ’ব আৰু ৰাইজ স্বাৱলম্বী হ’লেহে দেশৰ উন্নতি সম্ভৱ। তাহানিতে অসমৰ ভৱিষ্যৎ দ্ৰষ্টাৰূপেৰে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে যি জাতীয় চেতনাক জাগ্ৰত হোৱা গীত-নাটৰ সৃষ্টি কৰি গৈছে, প্ৰকৃতাৰ্থত সেই জাতীয় চেতনাক উদ্বুদ্ধ কৰা তেখেতৰ গীতসমূহৰ আজিও প্ৰাসংগিকতা আছে। কাৰণ বৰ্তমান সময়ৰ সমাজ ব্যৱস্থাতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ভাঙিব খোজা লোহাৰ শিকলিডাল আৰু দাসত্বৰ বান্ধোন বিদ্যমান। 

*******

Leave a Reply

Your email address will not be published. Required fields are marked *