কুঁৱা -কুমকুম শৰ্মাবৰুৱা
প্ৰাচীন কুঁৱাটোৰ এনেয়ে কাম নাইকিয়া হ’ল। ঘৰৰ ওচৰতে টিউবৱেলটো বহুৱাই লোৱাৰ পৰা পানীকণৰ সমস্যাটো যেনিবা সমাধান হ’ল।এতিয়া মদনে বাৰীত শাক-পাচলিৰ খেতিত পানী দিবলৈ সুবিধা হ’ব বুলি কুঁৱাটো পৰিষ্কাৰ কৰাই ল’ব খুজিলে।
দুজন হাজিৰা কাম কৰা লোক লগাই জখলা এটাৰে নমাই কাম কৰিবলৈ দিওঁতেই অঘটনটো আৰম্ভ হ’ল।প্ৰথমতে নামি যোৱাজন উশাহ ল’ব নোৱাৰি ছটফটাবলৈ ধৰিলে।সিজন লৰালৰিকৈ ওপৰলৈ উঠি আহিল কি হৈছে ধৰিব নোৱাৰি।ওপৰৰপৰা তলত থকাজনক চিঞৰিবলৈ ধৰিলে, ‘ওপৰলৈ উঠি আহ বেগেতে,ওপৰলৈ উঠি আহ বেগেতে’ বুলি। কাষৰ ঘৰত থকা ৰজনী মাষ্টৰে কিহৰনো হুলস্থূল হৈছে বুলি মদনহঁতৰ ঘৰ পালেহি।
তেওঁ দেখিলে কথা বিষম।সেই পুৰণি কুঁৱাটোৰ তলত এঙাৰ গেছ(কাৰ্বন- ডাই -অক্সাইড )ভৰি থাকিব পায়।এইটো পৰিষ্কাৰ কৰিবলৈ তললৈ নামিবলৈ হ’লে উশাহ ল’ব নোৱাৰি যিকোনো লোকৰে মৃত্যু হ’ব।
তেওঁ মদনহঁতৰ ঘৰৰ সকলোকে মাতি আনি ক’লে যে কুঁৱাটো মুকলিকৈ থোৱাটো বেয়া কথা হৈছে।কেনেবাকৈ ল’ৰা-ছোৱালী পৰিলে বা উফৰি ফুৰা গৰু-পোৱালীটো পৰিলেও নাবাচিব।ৰজনী মাষ্টৰে বুজাই ক’লে,
“এঙাৰ গেছ জীৱৰ কাৰণে বৰ অপকাৰী। আমি উশাহত অম্লজান (অক্সিজেন) গেছ লওঁ আৰু নিশাহত এঙাৰগেছ এৰি দিওঁ।এই এঙাৰ গেছ বায়ুতকৈ প্ৰায় ডেৰগুণ গধুৰ।সেয়ে ই বায়ুমণ্ডলৰ তলিত বেচি পৰিমাণে থাকে।সেয়ে মাটিত শোৱা বেয়া।অন্ততঃ ডেৰফুটমান মাটিৰ পৰা ওপৰত শুব লাগে। কিন্তু দুই/তিনি মহলৰ ওপৰত বেলেগ কথা।গছে খাদ্য তৈয়াৰ কৰিবলৈ এঙাৰ গেছ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰে।কিন্তু লগে লগে উশাহ লোৱাত অম্লজানেই ব্যৱহাৰ কৰে।দিনত সূৰ্যৰ পোহৰৰ সহায়ত পানী আৰু এঙাৰ গেছ লগ হৈ হৰিৎকণাৰ সহায়ত গছৰ খাদ্য শ্বেতসাৰ প্ৰস্তুত হয়।এই প্ৰক্ৰিয়াত প্ৰচুৰ পৰিমাণে অম্লজান গেচ নিৰ্গত হয় ।কিন্তু ৰাতি গছৰ কেৱল শ্বাস-প্ৰশ্বাসহে চলি থাকে। সেয়ে ৰাতি গছৰ পাতে এঙাৰগেছ এৰি দিয়ে আৰু অম্লজান শোষণ কৰে।সেই কাৰণে ৰাতি বেচি পাত থকা ডাঙৰ গছৰ তলত শোৱা লোকৰো অঘটন হয় কেতিয়াবা।তোমালোকে এই কুঁৱাটোত ঢাকনি এখন লগাই থ’বা।আৰু প্ৰথমতে ওপৰৰপৰাই অলপ ব্লিচিং পাউদাৰ দিয়া। তাৰপিছত লাহে লাহে ওপৰৰ পৰাই চাফা কৰিব লাগিব।মই শিকাই দিমহি বাৰু।কুঁৱাটোৰ তলত কাম কৰিবলৈ অক্সিজেন মাক্স পিন্ধি ল’ব লাগিব।এতিয়া টিং এখনকে ঢাকোন হিচাবে দি ওপৰত কিবা কাঠ বা শিল দি হেঁচা মাৰি থোৱা।এইবাৰ তেনে মদনে পাচলি খেতি কৰিবা।বৰ ভাল কথা।গৰুৰ গোবৰখিনি যাক-তাক দি দিয়াতকৈ কামত আহিব।ঘৰৰ পাচলিও খাবলৈ পাবা।মই যাওঁ তেনে।”
মদনৰ পৰিবাৰে লৰালৰিকৈ হাঁহকণী তিনিটা আৰু অমিতা এটা আনি ৰজনী মাষ্টৰৰ হাতত দিলেহি। মুখেৰে ক’লে,
“মই দিবলৈ যাম বুলি ভাবিছিলোৱেই ।আমাৰ ইহঁতে হাঁহকণীকেইটা পাইছে মাজে মাজে খাবলৈ।”
ৰজনী মাষ্টৰে বটাৰপৰা তামোল এখন মুখত ভৰাই সন্তোষমনেৰে “মই তেনে উঠোহে” বুলি লাহে লাহে খোজ ধৰিলে নিজৰ ঘৰলৈ বুলি।তেতিয়া কাম কৰা লোক দুজনে বন-বাত গুচাই বাৰীখন গত লগায়।
*******