কুৰ্গ – The Scotland of India-গীতালী চক্ৰৱৰ্তী
আপুনি যদি এজন প্ৰকৃতিপ্ৰেমী আৰু দুঃসাহসিক খেল খেলি ভাল পায়, তেন্তে আপোনাৰ এখন প্ৰিয় ঠাই হ’ব পাৰে “কুৰ্গ”৷ আৰু ইয়াৰ লগতে কুৰ্গীলোকৰ আতিথ্য পৰায়ণতাই আপোনাৰ মন পুলকিত কৰি তুলিব৷ কুৰ্গ বা কদাগু হ’ল কৰ্ণাটক ৰাজ্যৰ আটাইতকৈ সৰু জিলা আৰু কম জনবসতিপূৰ্ণ ঠাই৷ ইয়াৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বাবে কুৰ্গক ‘ভাৰতৰ স্কটলেণ্ড’ বুলি অভিহিত কৰা হয়৷
কুৰ্গত প্ৰধানকৈ চাবলগীয়া ঠাইবোৰ হ’ল :-
(১) থল কাবেৰী :- ব্ৰক্ষ্মগিৰি পাহাৰৰপৰা কাবেৰী নৈ উৎপত্তি হৈ কৰ্ণাটক আৰু তামিলনাডুৰ মাজেৰে বৈ গৈ বংগোপসাগৰত পৰিছে আৰু এই উৎপত্তি স্থলত কাবেৰী নৈক পূজা কৰা হয়৷
(২) ৰাজা চীট :- এই ঠাইডোখৰতে বহি কুৰ্গৰ ৰজাই হেনো কুৰ্গৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিছিল আৰু তেনেদৰে এই ঠাইখনৰ নাম ‘ৰাজা চীট’ হ’ল৷ এতিয়া এইখন এখন মনোমোহা উদ্যান হৈছে৷
(৩) নিছাৰ গাধামা :- এইটো এটা বৃহৎ এলেকাৰ দ্বীপ আৰু ইয়াৰ মুখ্য আকৰ্ষণ হ’ল ইয়াৰ ‘ওলোমা দলং’খন৷ দ্বীপটোত সোমায়েই দেখা পোৱা যায় বিভিন্ন জাতৰ ভাটৌ, অষ্ট্ৰিক ইত্যাদি চৰাই৷ ইয়াত আপুনি চৰাইক নিজ হাতেৰে খাদ্য খুৱাই অনাবিল আনন্দ পাব পাৰে৷ ইয়াত তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ পৰিহিতা পুৰুষ-মহিলাৰ নৃত্যৰত প্ৰতিমূৰ্তিবোৰ সুন্দৰকৈ সজাই ৰখা হৈছে৷
(৪) নামড্ৰলিং ম’নেষ্ট্ৰি :- শান্তশিষ্ট পৰিৱেশৰ মাজত থকা এইটো এটা বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ উপাসনাৰ কেন্দ্ৰ আৰু লগতে ইয়াত থাকি তেওঁলোকে পঢ়া-শুনাও কৰে৷
(৫) ডুবাৰি এলিফেণ্ট কেম্প :- এইটো পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ স্থলী। কিয়নো ইয়াত আপুনি হাতীত উঠি ভ্ৰমণ কৰিব পাৰে, হাতীক গা ধুৱাব পাৰে, খাদ্য খুৱাব পাৰে৷ লগতে ইয়াত ৰিভাৰ ৰাফটিঙৰ সুবিধাও আছে৷
আপোনাৰ হাতত যদি আৰু অধিক সময় আছে তেন্তে এইকেইটা পৰ্যটন স্থলীৰ উপৰিও আপুনি চাব পাৰে-
* মাদাইকাৰী ফ’ৰ্ট
* এবে ফলছ্
কুৰ্গ ভ্ৰমণৰ উপযুক্ত সময় :- কুৰ্গ ভ্ৰমণৰ বাবে উপযুক্ত সময় হৈছে অক্টোবৰৰপৰা এপ্ৰিললৈ৷
কুৰ্গলৈ কেনেদৰে আহিব :- আপুনি কুৰ্গলৈ আহিবলৈ হ’লে উৰাজাহাজ অথবা ৰেলেৰে ইয়াৰ সমীপৱৰ্তী ষ্টেচনলৈ আহি তাৰপৰা সৰু গাড়ীৰে আহিব পাৰে৷ ইয়াৰ দূৰত্ব বাংগালোৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰপৰা ১৪০ কিঃমিঃ আৰু কান্নোৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰপৰা ১১০ কিঃমিঃ৷ ৰেলেৰে আহিলে মায়ছৰ জংচনৰপৰা ১২০ কিঃমিঃ আৰু বাংগালোৰ জংচনৰপৰা ১৩৫ কিঃমিঃ৷
কুৰ্গৰপৰা কি আনিব :- কুৰ্গ যিহেতু মছলা আৰু কফিৰ বাবে বিখ্যাত সেয়ে আপুনি এইকেইবিধ সামগ্ৰী নিশ্চয় কিনিব আৰু লগতে ইয়াত ঘৰতে বনোৱা চকলেট আৰু থলুৱা সামগ্ৰী কিনিব পাৰিব৷
সামৰণি :- কুৰ্গ ভ্ৰমণ কৰি সঁচাকৈ বৰ ভাল লাগিছিল আৰু তেওঁলোকৰ আতিথ্য দেখি পুলকিত হৈ পৰিছিলোঁ৷ আমাৰ সময়ৰ অভাৱ হোৱাৰ বাবে সকলোবোৰ ঠাই চোৱা নহ’ল৷ আকৌ কেতিয়াবা কুৰ্গলৈ যোৱাৰ আশা এটা বুকুত বান্ধি আমাৰ ভ্ৰমণ কাহিনী ইমানতে সামৰিলোঁ৷
*******