কৰ্মশালা-হৰগোবিন্দ দাস

সত্যপ্ৰিয় হাজৰিকাই সভা- সমিতি, কৰ্মশালা আদিৰ দৰে অনুষ্ঠানসমূহ প্ৰায় এৰাই চলিব বিচাৰে ৷ তেওঁ নীৰৱে কাম কৰি ভালপোৱা মানুহ ৷ সময়ৰ অপচয় কৰিবলৈ তেওঁ বৰ বেয়া পায় ৷ সভা-সমিতি এৰাই চলিবলৈ চেষ্টা কৰাৰ  মূল কাৰণ হ’ল – নিৰ্দিষ্ট সময় অনুসৰি অনুষ্ঠানসমূহৰ কাৰ্যসূচী ৰূপায়ণ নোহোৱা ৷

কিন্তু এইখন কৰ্মশালাৰ বিষয়বস্তুৱে তেওঁক অলপ আচৰিত কৰিলে।বিষয়বস্তুৰ আকৰ্ষণতে তেওঁ নিৰ্দিষ্ট সময়ত সভাগৃহত উপস্থিত হ’ল।সভাগৃহৰ চৌদিশে এবাৰ চকু ফুৰালে।মঞ্চৰ পিচপিনে আঁৰি থোৱা বেনাৰখনত তেওঁৰ দৃষ্টি নিৱদ্ধ হ’ল।তাত  গোট গোট আখৰেৰে লিখা আছে – “ মানুহ বনোৱা কৰ্মশালা” 

উদ্যোক্তাঃ  সেউজপুৰ গ্ৰামোন্নয়ন সমিতি ৷

তাৰিখঃ ১২ জুলাই / ২০২৪ খ্ৰী:

স্থানঃ সেউজপুৰ ৰাজহুৱা ভৱন,অসম

হাজৰিকাই লক্ষ্য কৰিলে – ডেকা-বুঢ়া, পুৰুষ-মহিলা আৰু ভিন্ন স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে সভাগৃহটো ভৰি পৰিছে।এনেতে,কৰ্মশালাৰ উদ্যোক্তা এগৰাকীয়ে তেওঁক আদৰি নি মঞ্চৰ নিৰ্দিষ্ট আসনত বহুৱালে।

যথা সময়ত সঞ্চালকে আসন গ্ৰহণ কৰিলে আৰু কৰ্মশালাখনি অনুষ্ঠিত কৰাৰ উদ্দেশ্য বাখ্যা কৰাৰ বাবে শ্ৰীঅনন্ত বৰাক আহ্বান জনালে।শ্ৰীবৰাই সঞ্চালক প্ৰমুখ্যে সকলোৰে প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্দেশ্য বাখ্যা আৰম্ভ কৰিলে।

: আপোনালোক সকলোৰে জ্ঞাত যে সাম্প্ৰতিক সময়ত আমাৰ দেশত বিভিন্ন ধৰণৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে।মুখ্যতঃ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত কেনেকৈ সৰহ নম্বৰ গোটাই উচ্চ পৰ্যায়ৰ কামত নিয়োজিত হব পাৰে, তাৰ ভিন্ন কলা-কৌশল বিশিষ্ট সমল ব্যক্তিৰদ্বাৰা দিয়া হয় ৷ 

তদুপৰি, গীত,নৃত্য,বাদ্যযন্ত্ৰ,অভিনয়,আবৃত্তি ইত্যাদিৰ কৰ্মশালাও অনুষ্ঠিত হৈ থকাটো সৰ্বজনবিদিত। উল্লেখযোগ্য যে এই কৰ্মশালাসমূহক সমৰ্থন জনায়ো আমি আমাৰ নৱপ্ৰজন্মক আৰু এঢাপ আগুৱাই নিব বিচাৰোঁ।সেয়ে আমি প্ৰকৃত মানুহ এজন কেনেদৰে গঢ়ি তুলিব পাৰি বা কেনেদৰে এজন প্ৰকৃত মানুহ হ’ব পৰা যায়, সেই বিষয়ৰ কিছু কলা-কৌশল প্ৰদানেই আজিৰ কৰ্মশালাৰ মুখ্য উদ্দেশ্য।”

…..বুলি সকলোকে নমস্কাৰ জনাই তেওঁ তেওঁৰ নিৰ্দিষ্ট আসন গ্ৰহণ কৰিলে ৷

এইবাৰ  সঞ্চালকে আমন্ত্ৰিত বিশিষ্ট সমল ব্যক্তি শ্ৰীযুত সত্যপ্ৰিয় হাজৰিকাক বক্তৃতা প্ৰদান কৰিবলৈ আনুৰোধ জনালে।হাজৰিকাদেৱে মুখত স্মিত হাঁহিৰে মোনা এখনত কিছু সামগ্ৰী লৈ গহীন গম্ভীৰ খোজেৰে গৈ মাইক্ৰফোনটোৰ কাষত থিয় হৈ  মাইক্ৰফোনটো এবাৰ পৰীক্ষা কৰি ল’লে।

সঞ্চালক আৰু সভাসদ সমস্তক সম্বোধনৰ অন্তত মোনাৰপৰা কেইখনমান ফটো উলিয়াই ৰাইজৰ মাজত এৰি দিলে।যিয়ে ফটোখন চিনিব,তেওঁ মানুহজনৰ নামটো আৰু নিজৰ নামটো ক’ব ৷ 

কমসংখ্যকে দুই এজনক চিনি পাই নাম ক’লে কিন্তু তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে বিশেষ ক’ব নোৱাৰিলে। হাজৰিকাই এইবাৰ অসমৰ কেইগৰাকীমান স্বনামধন্য ব্যক্তিৰ নাম ক’বলৈ দিলে।তেখেতে আংশিক উত্তৰতে সন্তুষ্ট থাকিল।পৰৱৰ্তী সময়ত ভাৰতৰ আৰু বিশ্বৰ প্ৰখ্যাত ব্যক্তিৰ নাম ক’বলৈ কোৱাত ছাত্ৰ-ছাত্ৰীৰ উত্তৰে তেখেতক প্ৰায় নিৰাশ কৰিলে।

 

তেতিয়া হাজৰিকাই…. “সৱাৰো ওপৰে মানুষ শ্ৰেষ্ঠ, তাহাৰ উপৰি কেও নাই ”……এই বচনটি কোনে কৈছিল সোধাত সকলো নিমাত।এগৰাকী আদ বয়সীয়া ভদ্ৰ মহিলাই  “মনীষী চন্দী দাস”ৰ বুলি কোৱাত সভাগৃহ কাঁহ পৰি জীণ যোৱা অৱস্থা হ’ল।হাজৰিকাই উক্ত বচনৰ তাৎপৰ্য বাখ্যা কৰি সমজুৱাৰ দৃষ্টি কাঢ়িলে।

হাজৰিকাই  ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি পুনৰ ক’লে,

: এইবাৰ মই বিশ্বখ্যাত এনে কিছু ব্যক্তিৰ  নাম ক’ম,যি সকলৰ  গৰিষ্ঠসংখ্যকে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাছিল।নিজৰ কৰ্মোদ্যম, কৰ্তব্যনিষ্ঠা, জীৱন যুঁজৰ মানসিকতা,নিৰলস সাধনাৰ বলেৰে বিশ্বত ভোটাতৰা হৈ জিলিকি আছে।

সেই সকলৰ ভিতৰত নাম ল’ব পাৰি — আব্ৰাহাম লিংকন,জৰ্জ ৱাছিংটন,টমাচ আলভা এডিচন,মেক্সিম গোৰ্কী,শ্বেক্সপীয়েৰ,চাৰ্লি চেপলিন, এলবাৰ্ট আইনষ্টাইন, জে. কে. ৰোৱলিং, মেডাম মেৰী কুৰী, ষ্টিফেন হকিং আৰু অনেক ৷

ভাৰতৰ বেলিকা ক’ব পাৰি – লাল বাহাদুৰ শাস্ত্ৰী, লতা মঙ্গেশকাৰ,কবিৰ,মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ, বিষ্ণুপ্ৰসাদ ৰাভা,জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা,ড° ভূপেন হাজৰিকা,পদ্মশ্ৰী বিৰুবালা ৰাভা, অসম গৌৰৱ উপেন্দ্ৰ ৰাভা আৰু বহুতো।এই সময়ত মনলৈ অহা কিছু ব্যক্তিৰ নাম কোৱা হ’ল যদিও এনে মহান ব্যক্তি বিচাৰি চালে অনেক পোৱা যাব ৷

হাজৰিকাৰ কথাৰ মাজতে এগৰাকী ছাত্ৰই থিয় হৈ মাত লগালে……..

: ছাৰ, ডাক্তৰ, ইঞ্জিনীয়াৰসকল ডাঙৰ মানুহ নহয় নেকি?

হাজৰিকাই এপলক ছাত্ৰগৰাকীলৈ চাই লাহেকৈ ক’লে…..

: কিয় নহ’ব , নিশ্চয় হয়।কিন্তু তুমি যিয়েই নোহোৱা কিয় সৎ হ’ব লাগিব।সকলো বৃত্তিতেই মানুহো আছে আৰু মানুহৰূপী অমানুহো আছে।আমি বিচাৰোঁ আমাৰ নতুন পুৰুষ প্ৰকৃত অৰ্থত মানুহ হওক ৷

হাজৰিকাৰ কিছু ক’ব লগা আছিল যদিও হুৰমূৰকৈ অহা বৰষুণজাকৰ বাবে তেখেতে সামৰিলে ৷

 

সঞ্চালকগৰাকীয়ে নিজৰ মন্তব্যত ক’লে…….

 : ভল্‌টেয়ৰে কৈছিল — “কিছুমান বৰ্বৰ জাতিৰ বাহিৰে সমগ্ৰ বিশ্বক শাসন কৰে কিতাপে।”

সেয়ে আজিৰ এই সভাত  ঘোষণা কৰা হ’ল, আমি এটা বৃহৎ পুথিভঁড়াল গঢ়ি তুলিবলৈ যত্ন কৰিম, য’ত বিশ্বৰ মনীষীসকলৰ  জীৱন যুদ্ধৰ কাহিনী তথা চিন্তা-চেতনা সংপৃক্ত হৈ থাকিব,থাকিব স্বাভিমানী ভাৰতীয়, অসমীয়াৰ জীৱন গাঁথা।যি আমাৰ নৱপ্ৰজন্মক নৱতম জ্ঞান-গৰিমাৰে সমৃদ্ধ কৰিব আৰু আমাৰ মানৱ সম্পদৰ চাহিদা পূৰ হ’ব ৷

বৰষুণজাক চলি আছে।লগত ফিৰফিৰীয়া বতাহ এছাটিয়ে সহযোগিতা কৰাত সভাৰ পৰিৱেশ বহুপৰিমাণে বিনষ্ট  হৈছে।উপায়ন্তৰ হৈ সঞ্চালক মহোদয়ে খৰখেদাকৈ অনুষ্ঠানৰ সামৰণি ঘোষণা কৰিলে।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *