গান্ধাৰী-গীতামণি দত্ত
গৌৰৱৰ আজি জন্মদিন । তাৰ কথা মতে মাক নিৰ্মলাই বৰ ধুম-ধামেৰে জন্মদিনৰ আয়োজন কৰিছে।গৌৰৱে নিজৰ বন্ধু-বান্ধৱীৰ লগত চহৰৰ বাহিৰৰ ৰিজ’ৰ্ট এখনলৈ ওলাই গৈছে।মাকৰপৰা খুজি টকা পাঁচ হাজাৰ হাতত লৈ গৈছে।পইচা দিয়া কথাটো গৌৰৱৰ দেউতাকে গম নাপায়।পুতেকে বেয়া পাই বুলি নিৰ্মলাই মনে মনে দিছে।
“বাবা তোক টকা পাঁচ হাজাৰ মই দেউতাই ক’ব নোৱাৰাকৈ দিছো,সাৱধানে যাবি,মটৰ চাইকেল ভালকৈ চলাবি।ল,সোনকালে ঘৰলৈ ওভতিবি দেই।নহ’লে দেউতাই কি কৰিব ঠিক নাই।মই সদায় সদায় তোৰ হৈ মিছা মাতিব নোৱাৰো।”
মাকৰ কথালৈ গুৰুত্ব নিদি গৌৰৱে নতুনকৈ লোৱা মটৰ চাইকেলখন লৈ ফৰফৰাই ওলাই গ’ল।ইফালে সন্ধিয়া হৈ অহাৰ লগে লগে নিমন্ত্রিত অতিথি সকলো আহি পালে। সকলোৱে জন্মদিনৰ কেক্ কাটিবলৈ ৰৈ আছে।বাপেক অনিৰুদ্ধ বৰুৱাই প্ৰশ্নবোধক চাৱনিৰে নিৰ্মলাৰ পিনে ঘনে প্ৰতি চাই আছে।মাজে মাজে নিৰ্মলাক পুতেক ক’ত গ’ল বুলি চকুৰ ইঙ্গিতেৰেও সুধিছে।নিৰ্মলাই যিমান পাৰে মানুহজনৰপৰা আঁতৰি থাকিবলৈ যত্ন কৰিছে।ঘনে প্ৰতি নিৰ্মলাৰ চকু বাহিৰৰ লোহাৰ জপনাখনৰ ওপৰত। ৰাতিপুৱাই ওলাই যোৱা ল’ৰাটো এতিয়ালৈকে ঘৰ পোৱাহি নাই । নানা ধৰণৰ বেয়া চিন্তাই মনত ঠাই ল’বলৈ ধৰিলে।তাৰ কথামতেই এইবোৰ আয়োজন কৰিছিল। জানি শুনি সি তেনে কাম কিয় কৰিলে?গৌৰৱৰ দেউতাকক তাই কি উত্তৰ দিব! নিৰ্মলাই পুৱা গৌৰৱ ওলাই যাওঁতে অনিৰুদ্ধক মিছা মাতিছিল,কলেজলৈ গৈছে বুলি।এতিয়া কি হ’ব! ইফালে ফোন কৰিলেও ফোন নধৰে । শ্ৰীমতী ফুকননীয়েতো সুধিলেই………
: কি হ’ল গৌৰৱ এতিয়ালৈকে যে আহি নাপালেহি; জন্মদিনৰ কাৰণে তালৈ অনা উপহাৰটো অপোনাকে দিলো।ফুকননী আন্টীয়ে দিছে বুলি ক’ব দেই।
গৌৰৱ সময়মতে আহি নোপোৱাত কেকটো কটা নহ’ল। অনিৰুদ্ধই সকলোৰে ওচৰত পুতেকৰ হৈ মাফ খুজিলে।জন্মদিনৰ কাৰণে আয়োজন কৰা বিভিন্ন ধৰণৰ আহাৰ খাই অতিথি ঘৰাঘৰি গ’লগৈ।ৰাতি দহ বাজিল,এঘাৰ বাজিল গৌৰৱৰ খবৰ-খাতি নাই।কাৰ লগত গৈছে, ক’ত গৈছে কোনেও ক’ব নোৱাৰে।ঠিক বাৰ মান বজাত ঘৰৰ কলিং বেল বজাত অনিৰুদ্ধ শোৱাপাটীৰপৰা উঠি গ’ল। দৰ্জাখন খুলি দেখিলে সন্মুখত গৌৰৱ।মুখে হাতে বেণ্ডেজ।গৌৰৱক দেখি মাক নিৰ্মলা দৌৰি আহিল। লৰা-লৰিকৈ সাৱটি তাক ভিতৰলৈ লৈ গ’ল।অনিৰুদ্ধ তাতে থিয় হৈ ৰ’ল।তেওঁ মুখেৰে টু শব্দ এটাও নকৰিলে। নিৰ্মলাই মানুহজনৰ আগত ওলাবলৈকে সাহস নকৰিলে। সেই ৰাতি তেনেদৰেই পাৰ হ’ল।
পুৱা গা-পা ধুই গোসাঁই ঘৰত সোমাই নিৰ্মলাই হুক-হুকাই কন্দা দেখি অনিৰুদ্ধই মাত নমতাকৈ থাকিব নোৱাৰিলে।
: দেখিলা মটৰ চাইকেল কিনি দিয়াৰ ফল।ল’ৰাই বেয়া পাব,সেইবাবে মোৰ লগত তৰ্কাতৰ্কি কৰি মটৰ চাইকেল কিনি দিলা,একেবাৰে টপ মডেল।সৰুৰেপৰা তাৰ দোষবোৰ মোৰপৰা লুকুৱাই তুমি বহুত ভুল কৰিলা নিৰ্মলা।মই নজনাকৈ তাক তুমি কিমান পইচা দি থাকা মই সকলো জানো।ক’লে তুমি ল’ৰাৰ দোষ নেদেখি মোক মিছা কথা কোৱা।তাৰ ফল আজি গোটেই পৰিয়ালে ভোগ কৰিব ল’গা হৈছে।কেৱল ফূৰ্তিৰ নামত হোটেলে হোটেলে পাৰ্টি।তোমাৰ অন্ধ মৰমৰ বাবে তাৰ ভৱিষ্যত ধংস হ’ল।
পাছদিনা অনিৰুদ্ধই পুৱাই উঠি প্ৰাত:ভ্ৰমণলৈ ওলাই নগৈ থানা পালেগৈ।থানাত গৈ দেখিলে ল’ৰাৰ দৰে মটৰ চাইকেলৰো অৱস্থা কাঢ়িল।আজি অত বছৰে ল’ৰাৰ লগত পইচা পানী যোৱাদি গৈছে।দৰমহাৰ পইচা কেইটাৰে ঘৰখন কেনেকৈ চলাই আছে একমাত্ৰ তেওঁহে জানে।তাৰ লগতে ঘৰৰ ল’ন , গাড়ীৰ ল’ন আছেই।মটৰ চাইকেলখন লোৱাৰেপৰাতো গৌৰৱক সদায় তেল ভৰাবৰ বাবে দুশ টকা মান দিবই লাগে।তাৰোপৰি বাহিৰত খাবৰ কাৰণে এশ টকা মুঠ তিনিশ টকা।হিচাপ কৰিলে মাহে প্ৰায় দহ হেজাৰমান টকা অবাবত খৰচ হৈ আছে।তাৰপৰা একো লাভ হোৱা নাই বৰঞ্চ অপকাৰহে হৈছে।
আগে তেওঁ গৌৰৱক নিজৰ মতে আগবঢ়াই নিবলৈ যত্ন নকৰাকৈ থকা নাছিল কিন্তু নিৰ্মলাৰ অতিৰিক্ত মৰমে গৌৰৱক একেবাৰে ধ্বংসৰ পথলৈ লৈ গ’ল।সেই সদায় লৈ যোৱা দুশ-তিনিশ টকা সি ক’ত খৰচ কৰে তাৰ হিচাপ কিন্তু নিৰ্মলাই নলয়, মাথো ল’ৰাই বেয়া পাব নালাগে।
অনিৰুদ্ধই অফিচৰ পৰা দুদিনমান ছুটী ল’লে। ইপিনে গৌৰৱৰ খবৰ ল’বলৈ ফোনৰ উপৰি ফোন।কথাবোৰ কৈ কৈ অনিৰুদ্ধ ভাগৰি পৰিছে।কাৰ কিমান উপদেশ শুনিব আৰু কাক কিমান বুজাই ক’ব।মানুহেতো ফোন কৰিবই খবৰ-খাটি ল’বলৈ।তেওঁ অশান্তি পালে কি হ’ব!
গৌৰৱক লৈ তেওঁ এদিন ডাক্তৰৰ ওচৰলৈ গ’ল।লগত নিৰ্মলাও ওলাল।নিৰ্মলাই এইকেইদিন পুতেকক এৰিয়েই দিয়া নাই।পুতেকে ভাল পোৱা বস্তু সকলো বিধে বিধে ৰান্ধি দিছে।মুঠতে খাই বৈ সোনকালে ভাল হ’ব লাগে। অনিৰুদ্ধই নিৰ্মলাক জোকায়……
: সি ভাল হৈ কি কৰিব! আকৌ ঘূৰিবহে!তাৰ সলনি বেমাৰ হৈ ঘৰতে শুই বহি থকাই ভাল।
তেতিয়া নিৰ্মলাই চকু চলীয়া কৰি অনিৰুদ্ধক কয়….
: বাপেকটো হৈ আপুনি কেনেকৈ ক’ব পাৰিছে!
পুতেকে যে কি দোষ কৰি এনে দশা হৈছে তাক নিৰ্মলাই কেতিয়াও স্বীকাৰ নকৰে।গৌৰৱৰ ভালৰ কাৰণে জ্যোতিষীৰ ওচৰলৈ গৈ দামী পাথৰ দি কত যে পইচা পানীত পেলালে তাৰ হিচাপ বাপেকটো হৈ অনিৰুদ্ধই গম নাপায়।
ডাক্তৰৰ ওচৰলৈ যাওঁতে নিৰ্মলাও ওলাল।ডাক্তৰে চাই চিতি অনিৰুদ্ধক আছুটীয়াকৈ মাতি যি খিনি কথা ক’লে’ শুনি অনিৰুদ্ধৰ মুখৰ মাত হেৰাল।এইবোৰ নিৰ্মলাই সহ্য কৰিব পাৰিব নে?ল’ৰাৰ উৎপাত দেখি এনে এটা দিনৰ মুখামুখি যে হ’ব লাগিব, সেই কথা অনিৰুদ্ধই নভবা নহয়।মাজে মাজে তেনে ভাৱ আহে।নিৰ্মলাক কেতিয়াবা তেওঁ কয়
: ল’ৰাই বেয়া বস্তু মুখত দিয়া নাইতো?
নাই তাই মানি নলয় আৰু কয়…….
: মোৰ ল’ৰা হৈ গৌৰৱে তেনে বস্তু মুখত কেতিয়াও নিদিয়ে,সি মোৰ মৰমক নেওচা নিদিয়ে’ এয়া মোৰ তাৰ ওপৰত বিশ্বাস।
তেতিয়া অনিৰুদ্ধই মনে মনে থাকিবলৈ বাধ্য হয়।গৌৰৱে মাকক পইচা নিবৰ সময়ত নানা ধৰণৰ ছলাহী কথা কৈ ফুচুলাই থাকে।কথাবোৰ এনেধৰণৰ….সি লগৰ ল’ৰাৰ লগত থাকোঁতে কি কৰে,আগলৈ কি কৰিব,কি পঢ়িব ইত্যাদি।এইবোৰ কথাতে নিৰ্মলা ভোল যায়।সি যিমান পইচা বিচাৰে, বেয়া লাগি দুপইচা বেছিকৈহে দিয়ে…..
কাৰণ বস্তুৰ দাম বাঢ়িছে ,ল’ৰাৰ অসুবিধা হ’ব বাহিৰত কিবা খাবলৈ।
অনিৰুদ্ধই মুখেৰে একো নামাতিলে।মনতে ভাবি থাকিল কি কৰিলে গৌৰৱক নিচা কৰাৰপৰা বিৰত ৰাখিব পাৰিব।নাই কথাটো তেওঁ লুকুৱাই নথয়,নিৰ্মলা আৰু গৌৰৱৰ লগত ভালদৰে বহি মুকলিকৈ কথাবোৰ পাতিব লাগিব!এতিয়াও দেৰি হোৱা নাই।
ঘৰলৈ আহি অনিৰুদ্ধই খং ৰাগ নকৰি নিৰ্মলা আৰু গৌৰৱক তেওঁৰ ওচৰলৈ মাতিলে।ল’ৰাৰ মোহত অন্ধ হৈ নিৰ্মলাই চকু থাকিও ইমান দিনে যে অন্ধ হৈ আছিল তাৰ পৰিণাম আজি গোটেই পৰিয়ালে ভুগিব লগা হৈছে।
নিৰ্মলাই অনিৰুদ্ধৰ ওচৰত মাফ খুজিলে ইমান দিনে কৰি অহা ভুলৰ বাবে।
: হেৰা, তুমি এতিয়া গান্ধাৰী হ’লে নহ’ব।
নিৰ্মলাৰ চকু মুকলি হ’ল।অনিৰুদ্ধই গৌৰৱক লৈ অকণমান হ’লেও আশাৰ ৰেঙনি দেখিলে।
*******
11:25 PM
সুন্দৰ গল্প।