চেনেহী-হেমন্ত নাথ
দিখৌ নদীয়েদি উজাই আহিম মই আকাশ হৈ আৰু
পূৱৰ বতাহজাকক সুধি উলিয়াম
তোমাৰ ঠিকনাটি।
অ’ মোৰ চেনেহীজনী
ফুল হৈ ফুলিম তোমাৰ তাঁতৰ পাটত
পখিলা হৈ পৰিমগৈ তোমাৰ বকুল দুগালত,
আঁচুৰি আঁচুৰি কাজল হ’ম তোমাৰ দুচকুত।
আস, প্ৰেমৰো যে কত কিমান বলিয়া কল্পনা।।
তোমাৰ গাঁৱৰ সৰিয়হতলীৰ হালধীয়া হৈ তোমাক দিম ফাগুনৰ হালধীয়া ৰংবোৰ।
বসন্তৰ সেউজীয়া হৈ তোমাৰ ঘিলা খোপাত গুজি দিম
প্ৰেমৰ সুবাসত ফুলা সুগন্ধি কপৌপাহি।।
তোমাৰ সঁহাৰিৰ বাবে বলিয়া মই
তোমাৰ এটি মিচিকিয়া হাঁহিৰ মাজতে যেন লুকাই আছে
মোৰ সোণালী ভৱিষ্যতৰ গান!
*******