ছায়া,মূল লেখক: মঞ্জিল সেন,ভাবানুবাদ-অঞ্জু মহন্ত
অসমৰ পৰা বন্ধু এজনে ঘনাই চিঠি লিখিছিল:
এবাৰ ইয়ালৈ ফুৰিবলৈ আহাঁ, তেতিয়া বুজিবা প্ৰকৃতিক কিয় লীলাচঞ্চলা বুলি কোৱা হয়।অলপ ঠাট্টা কৰিয়েই লিখিছিল, তোমালোকে পাহাৰ-পৰ্বতৰ কল্পনা কৰা আৰু তাৰেই বৰ্ণনা পাঠক-পাঠিকাক উপহাৰ দিয়া……অথচ ইটা,কাঠ,শিলৰ বাহিৰে একোৱেই তোমালোকে নেদেখা। ভাবি চালো অপবাদটো একেবাৰে মিছা নহয়, সেয়ে অপবাদটো নোহোৱা কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ।
বন্ধুৱে যে অলপো বঢ়াই কোৱা নাই সেয়া ট্ৰেইনত গৈ থাকোঁতেই অনুভৱ কৰিলোঁ। খিৰিকীৰ কাষত বহি ঘন সেউজীয়াৰ শোভা আৰু পাহাৰৰ শাৰীবোৰে অ-কবিৰ মনলৈও কবিত্ব অনাটোত আচৰিত হবলগীয়া একো নাই।
বন্ধুৱে মোক ষ্টেচনৰপৰা নিবলৈ আহি আনন্দত সাবটি ধৰিলে, ময়ো অভিভূত হৈ পৰিলোঁ।
দেবু অৰ্থাৎ মোৰ বন্ধুজন চিকিৎসক।অলপদিন হ’ল প্ৰেকটিছ আৰম্ভ কৰাৰ কিন্তু চিকিৎসক হিচাপে ইতিমধ্যে নাম কৰিছে। এতিয়াও বিয়া পতা নাই……
অকলে থাকে।সেয়ে মোক লৈ বন্ধু আনন্দত আত্মহাৰা হৈ পৰিল।
কেইদিনমান খুব ফূৰ্তিৰে পাৰ হ’ল। শুনিব পাইছিলো, অসমত ৰহস্য -ৰোমান্স পত্ৰিকাৰ খুব আদৰ। দেবুৱে আকৌ অতিৰঞ্জিত কৰি মোৰ বিষয়ে প্ৰচাৰ কৰি দিছিল, ……কৈছিল ৰহস্য -ৰোমান্স পত্ৰিকাত মই
নিয়মিতভাৱে লেখালেখি কৰো।তাৰ ফলত কিছু স্থানীয় বাসিন্দাই কৌতূহল প্ৰকাশ কৰি মোৰ লগত কথা পাতি মোক বিভিন্ন প্ৰশ্নৰে জৰ্জৰিত কৰি তুলিছিল।অৱশ্যে মই যে মনে মনে আত্মতুষ্টি অনুভৱ কৰা নাছিলোঁ বুলি ক’লে সত্যৰ অপলাপ কৰা হ’ব।
এদিন ৰাতিপুৱা দহ মান বজাত মই দেবুৰ ঘৰৰ বাৰান্দাত এখন কিতাপ লৈ বহিছো। মাজে মাজে ৰাস্তাৰে অহা-যোৱা কৰি থকা মানুহো চাই আছোঁ।দেবু ৰোগী এজন চাবলৈ গৈছিল।ঘূৰি আহোঁতে তাৰ পলম হ’ব বুলি কৈ গৈছিল। গেটখন খোলাৰ শব্দত মই চকু তুলি চালোঁ।
যিজন মানুহ গেট খুলি সোমাই আহিল তেওঁৰ নাম মিষ্টাৰ হাজৰিকা,দেবুৰ এজন পেচেণ্ট।দেবুৰ মুখত শুনিছিলো, মানুহজনৰ বয়স বেছি নহয়।এসময়ত
হেনো তেওঁৰ স্বাস্থ্য-পাতি খুব ভাল আছিল, কিন্তু কেইবছৰ মানৰপৰা তেওঁ ক্ষীণাই গৈছে। চকুদুটা সোমাই গৈছে,মুখৰ ৰং পাণ্ডু বৰণৰ,গাৰ ৰং অস্বাভাৱিক ধৰণৰ শেঁতা…যেন এটা জীবিত শৱ।তেখেতৰ বেমাৰ আচলতে কি সেয়া বহুতো পৰীক্ষা নিৰীক্ষা কৰিও ধৰিব পৰা নাই। ভোক নালাগে,টোপনি নহয়,দিনে দিনে শুকাই গৈছে, অথচ সকলো পেথোলোজীক্যাল টেষ্ট কৰিও শৰীৰৰ
কোনো অস্বাভাৱিকতা বা কিহবাৰ অভাৱ একোৱেই ধৰা পৰা নাই। দেবুৱে কৈছিল কেছটো বৰ অদ্ভুত।সি মেডিকেল জাৰ্ণালত মানুহজনৰ কেছ হিষ্ট্ৰি প্ৰকাশ কৰিছিল।কেইজনমান বিশেষজ্ঞ চিকিৎসকে তাক বিভিন্ন চিকিৎসা পদ্ধতিৰ বিষয়ে কৈছিল, কিন্তু কোনো উন্নতি নহ’ল।
মই হাজৰিকাক ক’লো ডাক্তৰ বাবু ঘৰত নাই, তেওঁ ক’লে যে তেওঁ সেইটো জানে,তেওঁ মোৰ ওচৰলৈহে আহিছে।ভদ্ৰতাৰ খাতিৰত মই তেওঁক বহিবলৈ ক’লো।মনে মনে ভাবিলো,মোৰ লগত তেওঁৰ কি কথা থাকিব পাৰে!
চকী এখন টানি আনি মোৰ মুখামুখিকৈ তেওঁ বহিল। দিনৰ উজ্বল পোহৰতো মানুহজনৰ সান্নিধ্য কিয় জানো
মোৰ অস্বস্তিৰ কাৰণ হৈ পৰিল, গা শিয়ৰি উঠিল,যেন তেওঁৰ উপস্থিতিয়ে অশৰীৰী আত্মাৰ কথা মোক মনত পেলাই দিলে।
মানুহজনৰ কোটৰগত দুচকুয়ে মোক লক্ষ্য কৰিছিল। হঠাৎ তেওঁৰ ওঁঠৰ ফাঁকত মৃদু কৌতুকৰ
হাঁহি জিলিকি উঠিল। মোৰ অস্বস্তি আৰু বাঢ়ি গ’ল।
মানুহজনে খুক খুক কৈ কেইবাৰমান কাহিলে। তাৰপিছত ক্ষমা খোজাৰ ভঙ্গিৰে ক’লে,
: আপোনাক বিৰক্ত কৰিছোঁ বুলি যেন নাভাবে…।
আপোনাৰ কেইটামান গল্প মই পঢ়িছোঁ।
অলপ ৰৈ তেওঁ আকৌ ক’লে,
: অলৌকিক কাহিনীয়েই আপুনি বেছি লিখে…।
এজন গুণমুগ্ধ পাঠক, এইটো ভাবি মই যেন অলপ সকাহ পালোঁ।
: আপোনাক মই এটা কাহিনী শুনাবলৈ বিচাৰিছো।
মানুহজনে চিধাচিধি কৈ প্ৰসঙ্গ অৱতাৰণা কৰিলে।
মই নিজৰ প্ৰশংসা শুনিম বুলি ভাবিছিলো,হতাশ হ’লো। যিয়েই নহওঁক ক’লো,
: কওঁক,মই শুনিম।
: ধন্যবাদ।
মানুহজনে ভাবলেশহীশ ভাবে ক’লে।অলপ ৰৈ তেওঁ কবলৈ ধৰিলে,
: মই জানো,মোৰ দিন কমি আহিছে,আনকি কেতিয়া মৰিম সেয়াও মোৰ অজানা নহয়। সেয়ে আপোনাক ক’বলৈ একো বাধা নাই।
মই চমকি উঠিলো। মানুহজনে কি কয়? কেতিয়া মৰিব সেয়াও জানে!
: কোনোবা এজনক সকলো কথা খুলি নোকোৱালৈকে মই শান্তি নাপাম।আপুনিয়েই উপযুক্ত মানুহ।দয়া কৰি মোৰ কাহিনীটো আপুনি পত্ৰিকাত ছপাব। মোৰ অপৰাধৰ কথা সকলোৱেই গম পাওঁক,সেয়াই মই বিচাৰোঁ।
মানুহজনে তেওঁৰ কাষৰ চকীখনলৈ চালে, যেন কোনোবা তাত বহি আছে আৰু তেওঁক শুনাবলৈ কথাষাৰ ক’লে। মোৰ গা আকৌ শিয়ৰি উঠিল।
: পাঁচ বছৰ আগেয়ে মোৰ চেহেৰা এনেকুৱা নাছিল,
মানুহজনে মোৰ ফালে চাই কবলৈ আৰম্ভ কৰিলে।
: শৰীৰত মেদ নাছিল,অথচ পুষ্ট দেহ আছিল। মই এখন চাহবাগানৰ হেড অফিচত কাম কৰিছিলোঁ। তাতেই বৰুৱাৰ লগত মোৰ চিনাকি।
মানুহজন আকৌ মনে মনে ৰ’ল,যেন পুৰণি দিনৰ কথাত নিজকে হেৰুৱাই পেলালে। তাৰপিছত মোৰ ফালে চাই ক’লে,
: বৰুৱা মোতকৈ সৰু হলেও মোতকৈ আগেয়ে চাকৰিত সোমাইছিল।বৰ সুন্দৰ চেহেৰা, কিন্তু কিছু ছোৱালী সুলভ।তেওঁৰ ঘৰ লামডিঙত, ইয়াত তেওঁ এটা ভাড়াঘৰত আছিল।প্ৰথমৰপৰাই কিয় জানো তেওঁ মোৰ প্ৰতি আকৃষ্ট হৈছিল। মই হোটেলত থকা বুলি গম পাই তেওঁ তেওঁৰ লগত থাকিবলৈ জোৰ দিলে। ময়ো ভাবি চালোঁ মোৰো সুবিধা হ’ব। যি দৰমহা পাওঁ তাৰ বেছিভাগ হোটেলতেই খৰচ হয়। তাতকৈ তেওঁৰ লগত থাকিলে খৰচ বহুত কম হ’ব। ৰন্ধা-বঢ়া কৰিবলৈ এজন মানুহ ৰাখিলে আৰু সুবিধা হ’ব।
মই তেওঁৰ প্ৰস্তাৱত মান্তি হলো। কিছুদিন ভালকৈ পাৰ হৈ গ’ল। টকা-পইচাও বাচিল। বৰুৱা ক্ৰমান্বয়ে মোৰ অনুগত হৈ পৰিল। মোৰ সুখ সুবিধাৰ প্ৰতি তেওঁৰ তীক্ষ্ণ দৃষ্টি লক্ষ্য কৰি মই খুব মজা পাইছিলো। ক্ৰমে এনেকুৱা অৱস্থা হ’ল যে তেওঁ যেন মোৰ মাজত নিজৰ সত্ত্বাক হেৰুৱাই পেলালে।মাজৰাতিও মই তেওঁক চিগাৰেট আনিব ক’লে,একমাইল খোজকাঢ়ি আনি দিবলগীয়া হ’লেও অকণমানো বিৰক্তি প্ৰকাশ নকৰে,বৰং মোক সন্তুষ্ট কৰিব পাৰি তেওঁ যেন তৃপ্ত হয়! মোৰ বাবে সকলো ত্যাগ কৰিবলৈ তেওঁ প্ৰস্তুত আছিল।
কেইবছৰমান পাৰ হৈ গ’ল। মোৰ মাজত এটা পৰিবৰ্তন আহিল। ইমান দিনে মই বৰুৱাৰ এই আত্মনিবেদনত আত্মতুষ্টি অনুভৱ কৰিছিলোঁ, কিন্তু লাহে লাহে মোৰ তেওঁক ভাল নলগা হ’ল। এই একঘেয়ামি,
বৈচিত্ৰহীনতা অসহনীয় যেন অনুভৱ হ’বলৈ ধৰিলে।তেওঁৰ সেই ছোৱালীসুলভ স্বভাৱ মোৰ দুচকুৰ বিষ হৈ উঠিল।মই যেন ক্লান্ত হৈ পৰিলোঁ। তেওঁৰ সঙ্গ ত্যাগ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু একোৱেই কৰিব নোৱাৰিলো।বৰুৱাই নানা ছল-চাতুৰী কৰি মই বেলেগে থকাৰ ব্যৱস্থা পণ্ড কৰি দিব ধৰিলে।মোৰ ভিতৰে ভিতৰে খং উঠি আহিবলৈ ধৰিলে।তেওঁৰ লগত নিষ্ঠুৰৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিলো। তেওঁৰ মুখত দুখৰ চিন ফুটি উঠিল….আৰু সেয়া লক্ষ্য কৰি মই উল্লাস বোধ কৰিলোঁ। নিজৰ অজানিতে মই হিংস্ৰ হৈ উঠিলো। ইমানৰ পিছতো বৰুৱাই কিন্তু মোক এৰি নিদিলে,ছায়াৰ দৰে মোৰ কাষে কাষে থাকিল।
লাহে লাহে মই অধৈৰ্য্য হৈ উঠিলো। তেওঁৰ হাতৰ পৰা মই নিষ্কৃতি পাবই লাগিব।বহুতো ভাবি চিন্তি ঠিক কৰিলোঁ,তেওঁক মই খুন কৰিম। মই ফন্দি পাতিবলৈ ধৰিলো।এনেকুৱাকৈ কাম হাচিল কৰিব লাগিব যেন মোৰ ওপৰত কাৰো সন্দেহ নহয়। অৱশেষত সকলোৰে চকুৰ সন্মুখতেই এটা দুৰ্ঘটনা ঘটাই দিলোঁ…মোক সন্দেহ কৰাৰ একো কাৰণেই নাছিল।
হস্পিটেলত শেষ নিশ্বাস পেলোৱাৰ আগেয়ে তেওঁ মোৰ ফালে চকু মেলি চালে। সেই চকুত খং বা অভিযোগ নাছিল…..আছিল ভৎসনা। বিৰবিৰকৈ তেওঁ ক’লে,
: মোক তুমি ফাঁকি দিব নোৱাৰিবা………তোমাৰ কাষত ছায়াৰ দৰে মই থাকিম।
মিষ্টাৰ হাজৰিকা অলপ ৰ’ল। মই তেওঁৰ স্বীকাৰোক্তি শুনি যেন জ্ঞান হেৰুৱাই পেলালো।
: বৰুৱাই তেওঁৰ কথা ৰাখিছে।
হাজৰিকাই আকৌ আৰম্ভ কৰিলে।
:মৃত্যুৰ পিছমুহূৰ্তৰপৰা ছায়াৰ দৰে তেওঁ মোৰ কাষে কাষে আছে। দিনে ৰাতিয়ে মই তেওঁৰ উপস্থিতি অনুভৱ কৰোঁ। এতিয়াও তেওঁ মোৰ কাষত বহি আছে।
হাজৰিকাই কাষৰ চকীখনলৈ মূৰ ঘূৰাই চালে।
মোৰ মেৰুদণ্ডৰে যেন এটা হিম-শিহৰণ বৈ গ’ল।ময়ো যন্ত্ৰৰ দৰে মূৰটো ঘূৰালো, আৰু লগে লগে আতঙ্কিত হৈ উঠিলো।মোৰ স্পষ্ট ভাৱ হ’ল,যেন কোনোবা চকীত বহি আছে, এটা অস্পষ্ট ছায়া মূৰ্তি।
মোৰ মূৰ ঘূৰি গ’ল।অলপ প্ৰকৃতিস্থ হৈ আকৌ চকীখনৰ ফালে চালোঁ। এইবাৰ কিন্তু একো দেখা নাপালোঁ।
মিষ্টাৰ হাজৰিকাই মোৰ মুখৰ ফালে চাই আছিল। তেওঁৰ মুখত বিচিত্ৰ এটা হাঁহি ফুটি উঠিল। তেওঁ ক’লে…..
: জানেনে, তেওঁ মোৰ কাণত ফিচফিচকৈ কথা কয়। সেয়ে আজি মই সাহস কৰি সকলো কথা
আপোনাক খুলি ক’বলৈ ভৰসা পাইছোঁ। কাণে কাণে তেওঁ মোক কৈছে, আৰু মাত্ৰ এটা মাহ মোৰ আয়ুস।
এটা দীৰ্ঘনিশ্বাস পেলাই হাজৰিকাই ক’লে…..
: মৰিও মই তেওঁৰ হাতৰ পৰা নিষ্কৃতি নাপাম।
তেওঁ উঠি থিয় হ’ল,মোৰ অনুভৱ হ’ল আৰু কোনোবা এজন কাষৰ চকীখনৰপৰা উঠি থিয় হ’ল। মোক ধন্যবাদ জনাই হাজৰিকাই খোজ দিবলৈ
আৰম্ভ কৰিলে, আৰু মই ভয়ানক ভাবে চক খাই উঠিলো।
মূৰৰ ওপৰত তীব্ৰ ৰ’দ। মিষ্টাৰ হাজৰিকাই খোজ কাঢ়িছে, তেওঁৰ লগে লগে তেওঁৰ ছায়াও গৈ আছে।
কিন্তু… ছায়া এটা নহয়,দুটা…।
*******
9:48 PM
হৃদয় বিদাৰক এখন ছবি। বৰ ভাল লাগিল পঢ়ি 😓❤️
10:52 PM
ভাল লাগিল।