জীৱনৰ শুদ্ধ মাৰ্গ দৰ্শনত অন্তৰাত্মাৰ ভূমিকা-বিজয়া শৰ্মা

অন্তৰাত্মা হৈছে-বিবেক আৰু আমাৰ চেতনা শক্তি।   অন্তৰাত্মাই আমাক সদায় মাৰ্গ দৰ্শন কৰি আহিছে। আমি জীৱনত কিমান শুদ্ধ বা কিমান ভুল কৰিছোঁ সেয়া মাত্ৰ আমাৰ ভিতৰত থকা দুটা শক্তিয়ে গম পায়  অন্তৰাত্মা আৰু পৰমাত্মা।

অন্তৰাত্মা(conscience) হৈছে  আমাৰ শৰীৰৰ এনে এক সত্বা যি আমাক সদায় সঠিক পথত চলিবলৈ দিক্ দৰ্শন কৰি আহিছে।যেতিয়া আমি কিবা বেয়া কাম কৰোঁ আমাৰ মনটো বৰ বেয়া লাগি থাকে।  তেতিয়া আমাৰ  ভিতৰৰপৰা কোনোবাই যেন সকীয়াই থাকে, “যি কৰিছা ঠিক হোৱা নাই”।সেয়াই হৈছে অন্তৰাত্মা। যেতিয়া আমি অন্তৰাত্মাৰ আহ্বান শুনো আৰু বেয়া কামলৈ আগ নাবাঢ়োঁ ,আমাৰ অন্তৰাত্মা সদায় শক্তিশালী হৈ থাকিব। অন্তৰাত্মাৰ আহ্বান নুশুনা হ’লেই আমাৰ অন্তৰাত্মা দুৰ্বল হৈ পৰে।অন্তৰাত্মা দুৰ্বল হ’লে আমাৰ বেয়া প্ৰবৃত্তিবোৰ জাগি উঠে।ফলত কাম,ক্ৰোধ,লোভ,মোহৰ বশৱৰ্তী হৈ আমি বেয়া কাম কৰিবলৈ আগবাঢ়োঁ। জাগ্ৰত অন্তৰাত্মাত হে ঈশ্বৰীয় গুণসমূহে প্ৰৱেশ কৰে।গতিকে যেতিয়ালৈকে আমাৰ মনত অহংকাৰ,লোভ,লালসাৰে ভৰি থাকিব তেতিয়ালৈকে আমি অন্তৰাত্মাৰ নিৰ্দেশ শুনা নাপাওঁ।

অন্তৰাত্মাৰ আহ্বান আমি আমাৰ স্বাভাৱিক আৰু শান্ত স্থিতিতহে শুনিবলৈ পাওঁ। কিন্তু আমাৰ মনটো বৰ চঞ্চল।মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে আমি অন্তৰাত্মাৰ পৰা বিচ্ছেদ হৈ  যাওঁ আৰু বেয়া কাম  কৰিবলৈ আগবাঢ়োঁ।বাৰে বাৰে অন্তৰাত্মাৰ ভাষা  আওকান কৰিলে অন্তৰাত্মা দূৰ্বল হৈ যায় আৰু আমি অন্তৰাত্মাৰ পৰা বিচ্ছেদ হৈ যাওঁ।  সেই কাৰণেই একেজন ভগৱানৰ সৃষ্টি কোনোবাজন সাধু আৰু কোনোবাজন অসৎ প্ৰকৃতিৰ হয়। মনুষ্যই বেছিভাগ কাম মনে বিচৰা ধৰণেই কৰে। চঞ্চল আৰু উশৃংখল মনে মানুহক অন্ধকাৰৰ দিশেহে লৈ যায়। প্ৰকৃততে মানুহে উশৃংখল মনৰ  কোলাহলত অন্তৰাত্মাৰ আহ্বান শুনা নাপায়।

ধ্যানৰদ্বাৰাই আমি অন্তৰাত্মাক সক্ৰিয় কৰিব পাৰোঁ।অশান্ত মনক শান্ত কৰাৰ একমাত্ৰ উপায়েই হৈছে ধ্যান।

দালাই লামাৰ মতে ধ্যান হৈছে মানসিক শান্তিৰ কাৰণে মনক প্ৰশিক্ষণ দিয়াৰ এটা উপায়।

গৌতম বুদ্ধক যেতিয়া সোধা হৈছিল, 

“আপুনি ধ্যান সাধনাৰ দ্বাৰা কি পালে? 

বুদ্ধই  উত্তৰত কৈছিল, 

“একো নাই ,মাত্ৰ ইয়াকে ক’ব পাৰো যে মই

ক্ৰোধ,চিন্তা,নিৰাশা, বৃদ্ধাৱস্থা, মৃত্যুভয় সকলো হেৰুৱালোঁ।”

ধ্যানৰ অৰ্থ হৈছে কোনো এটা বিষয় ধাৰণ কৰি তাতে মনক একাগ্ৰ কৰা।  অগ্নিয়ে যেনেকৈ সকলো বস্তুৱেই দাহ কৰে ,ধ্যানৰদ্বাৰাও আমি আমাৰ বিকাৰ সমূহ নাইকিয়া কৰি এটা সুস্থ মনৰ অধিকাৰী হ’ব পাৰোঁ।

ধ্যানৰ সৰল বিধি হৈছে সুখাসন বা পদ্মাসনত বহি আমাৰ আজ্ঞাচক্ৰৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰা বা নিজৰ উশাহ-নিশাহৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰা।ধ্যানত বহাৰ সময়ত আমাৰ মনলৈ নানা ধৰণৰ চিন্তা,,ভাৱনা আহি থাকে,যিয়েই চিন্তা আহক আহি থাকিবলৈ দিব লাগে,এটা সময়ত সেই চিন্তা, ভাৱনাবোৰ অহাটো কমি যায় আৰু এটা সময়ত মনটো নিৰৱতাত প্ৰৱেশ কৰে।সেই নিৰৱতাই হৈছে প্ৰকৃত শান্তি। আৰম্ভণিতে পাঁচ মিনিট, লাহে লাহে বিশ, ত্ৰিশ মিনিটলৈ বা তাতকৈ বেছি সময় ধ্যান কৰিব পাৰি। ধ্যানৰদ্বাৰা আমি আমাৰ বিকাৰসমূহ দূৰ কৰিব পাৰোঁ। যিদৰে মামৰেৰে পোত খাই থকা লোহাক চুম্বকে  আকৰ্ষণ নকৰে সেইদৰে বিকাৰেৰে ভৰি থকা মনেও অন্তৰাত্মাৰ নিৰ্দেশ নুশুনে।

*******

One comment

  • Kumkum Devi Sarmabaruah

    বৰ সুন্দৰ নিবন্ধ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *