জীৱন নিৰৱধি-মৌচুমী হাজৰিকা
শতাব্দীৰ চহৰখনলৈ অহা আজি প্ৰায় তিনি বছৰেই হ’ল।এই নতুন চহৰখনে তাইক নতুনকৈ গঢ় লোৱাত বহুত সহায় কৰিলে। তাই এজনী নতুন শতাব্দীক বিচাৰি পালে।
কেইদিনমানৰ পৰা তীব্ৰ গৰমক শাঁত পেলাই বৰষুণ দিছে…কেৱল বৰষুণ। শতাব্দীৰ প্ৰিয় বৰষুণ।কালি ৰাতি বহু দেৰিলৈকে বাৰাণ্ডাত বহি তাই বৰষুণ চাই আছিল। বতাহত উৰি অহা টোপালবোৰে তাইৰ দেহ মন শাঁত পেলাইছিল। তাই আকৌ উপলব্ধি কৰিলে বৰষুণজাকৰ আচৰিত জীৱনী শক্তি।তাইৰ সৰু বাৰাণ্ডাখনৰ ফুল কেইজোপাত বৰষুণৰ টোপালবোৰ পৰি জিলিকি উঠিছে, মাধৈমালতীজোপা সৰু টাবটোৰপৰাই আকাশলৈ বেঙা মেলিছে তাইৰ মনটোৰ দৰেই।
ৰাতি এনেদৰে তাই কিমান সময় পাৰ কৰিছিল তাইৰ মনত নাই।ৰাতিপুৱা সাৰ পাই শতাব্দীয়ে ঘড়ীটোলৈ চাইহে গম পালে আজি বহুত পলম হ’ল। ৰাতিপুৱাৰ কামবোৰ আজি একেবাৰে চুটি কৰি লৰালৰিকৈ তাই ওলাই গ’ল।
বাছৰপৰা নামি তাই খৰ খোজৰে আগবাঢ়িছে। আজিও তাই সেই বিশেষ ঘৰখনৰ ওচৰ পাই নোচোৱাকৈ নোৱাৰিলে।আজি তিনিটা বছৰে তাই সেই ৰাস্তাৰে স্কুললৈ অহা যোৱা কৰি আছে।সেই বাটেৰে অহা যিকোনো মানুহকে সুন্দৰ ফুলনিখনৰ সৈতে সেই আটোমটোকাৰি ঘৰখনে দৃষ্টি আকৰ্ষণ কৰে।কিন্তু আজি কালি সেই ঘৰখনৰ সৌন্দৰ্য্যই নহয়, ঘৰখনৰ সেই বিশেষ ঠাই টুকুৰাইহে তাইৰ দৃষ্টি আকৰ্ষণ কৰে।সদায় সেইখিনি ঠাইতে চকী এখনত এগৰাকী মহিলা অতি বিষাদ মনেৰে বহি থকা দেখে।তেওঁৰ দৃষ্টি তেনেই উকা।হাজাৰ বাটৰুৱা অহা যোৱা কৰে সেই বাটেৰে,কাৰো ভ্ৰুক্ষেপ নাই কথাটোত। কিন্তু তাই প্ৰথম দিনাৰপৰাই কথাটো মন কৰি আছিল। আজি কেইদিনমানৰপৰা মানুহগৰাকীক তাই দেখা নাই। ক’ত গ’ল তেওঁ?
তাইৰ মনৰ উৎসুকতা ক্ৰমে বাঢ়ি গৈ আছে।আজি শনিবাৰ তাইৰ স্কুল সোনকালে ছুটী।আহোঁতে তাই মনটোক মনাব নোৱাৰিলে।তাই এনেকুৱাই।
ডাঙৰ লোহাৰ গেটখন খুলি তাই ভিতৰলৈ সোমাই গ’ল।বাগিচাত কাম কৰি থকা আদহীয়া মানুহজনে তাই কাক বিচাৰিছে সুধিলে।শতাব্দী অলপ অপ্ৰস্তুত হ’ল।
তাই ক’লে…….
: ইয়াতে যে বহি থাকে মানুহগৰাকী……
তাইৰ কথাষাৰ শেষ নহওঁতেই মানুহজনে ক’লে…..
:অ’ বাইদেউক ল’গ কৰিবলৈ আহিছে।যাওক বাইদেউ ভিতৰতে আছে।
তাই গৈ কলিং বেলটো বজালে।বনকৰা মানুহগৰাকী ওলাই আহি তাইক ভিতৰলৈ লৈ গ’ল।তাই ক’লে….
: বাইদেউৰ গাটো ভাল নহয়।
শতাব্দীয়ে আগবাঢ়ি গৈ নিজৰ পৰিচয় দিলে….
: মই …শতাব্দী শইকীয়া। ইয়াৰ পৰা অলপ আগত গৈ পোৱা স্কুলখনৰ শিক্ষয়িত্ৰী।
মানুহগৰাকীয়ে খুব নম্ৰভাবে ক’লে…….
: হয়,কওকছোন,কিয়বা আহিলে?
অতি মৰম লগা বৃদ্ধা মানুহ গৰাকী ওচৰৰপৰা আজি প্ৰথম দেখিলে যদিও তাইৰ অচিনাকি যেন নালাগিল।
তাই অতি আপোন ভাবেই ক’লে………
: আপুনি মোক চিনি নাপায় কিন্তু মই এই কেইবছৰ ৰাস্তাৰে অহা-যোৱা কৰোঁতে সদায়ে আপোনাক লক্ষ্য কৰোঁ আৰু আপোনাৰ স’তে কিবা এটা সম্বন্ধ গঢ়ি উঠিছে।এই কেইদিনমান আপোনাক দেখা নাপাই নিজকে মনাব নোৱাৰি আপোনাৰ খবৰ এটা ল’বলৈ সোমালো। আপুনি বেয়া পাইছে নেকি?
মানুহ গৰাকী অলপ আচৰিত হৈ শতাব্দীৰ ফালে ভালদৰে চাই ক’লে….
: নাপাওঁ বেয়া। কিন্তু ইমান যান্ত্ৰিক যুগতো আপোনাৰ দৰে মানুহ আছে! ভাবিলে আচৰিত লাগে।
মানুহ গৰাকীয়ে তাইক বহিবলৈ দি সকলোবোৰ কথা সুধিলে।বহু দিনৰ মূৰত কথা পাতিবলৈ মনে মিলা লগ এটা পাই তাইৰ লগত বহু কথাই পাতি পেলালে। তায়ো প্ৰথম চিনাকিতে তাইৰ সকলোবোৰ কথাই ক’লে। তাইৰ প্ৰেম,বিবাহৰ পাছত হোৱা ছন্দপতন……….. সকলোবোৰ।তাইৰ আজিকালি এই কথাবোৰ ক’বলৈ অকণো দুখ নালাগে।সেইবোৰ জীৱনৰ এটা এৰি অহা আন্ধাৰ পৃষ্ঠা বুলি সহজভাৱেই ল’বলৈ শিকিলে।তাই ভাবে কাৰোবাৰ দুখ পাতলাবলৈ হ’লে তুমি নিজৰ দুখবোৰ কোৱা।চাবা তেওঁ নিজৰ দুখবোৰ পাহৰি তোমাৰবোৰত গুৰুত্ব দিব।সঁচাকৈয়ে শতাব্দীয়ে মানুহগৰাকীক অকণমান মুকলি হোৱা যেন অনুভৱ কৰিলে।মানুহগৰাকীয়ে আহিবৰ সময়ত তাইক আকৌ আহিবলৈ ক’লে।
আজি কালি তাই মানুহগৰাকীৰ লগত অকণমান বাৰাণ্ডাখনত নবহাকৈ আহিব নোৱাৰা হ’ল। মানুহগৰাকীয়েও তাইৰ বাবে অতি আগ্ৰহৰে বাট চাই থকা হ’ল। বন কৰা বাইদেউজনীৰ হতুৱাই কিবাকিবি খাবলৈ ৰান্ধি থয়। তাই অনিচ্ছা স্বত্বেও খায়। ইমান মৰম আকলুৱা মানুহ!
কেতিয়াবা তাইক কয়…….
: তোমাক মোৰ ইমান আপোন আপোন লাগে।তোমাৰ লগত থাকিলে মই সকলো দুখ পাহৰি যাওঁ।তুমি ইমান সজীৱ!তুমি সঁচাকৈয়ে এজনী সুকীয়া ছোৱালী।তোমাৰ জীৱন সম্পৰ্কে ধাৰণাই সুকীয়া।তোমাৰ লগত কথা পাতিলে মই পুনৰ জীৱন পোৱা যেন পাওঁ।ইমান দুখৰ পাছতো তুমি জীৱনটো সুন্দৰকৈ সজাই পৰাই ৰাখিছা।
: হয় বাইদেউ, মই কেৱল কামত বিশ্বাস কৰোঁ।সেইদৰেই জীৱনটো আগবঢ়াই লৈ গৈছোঁ।আমাৰ জীৱনটোনো কি এবাৰ গভীৰভাবে ভাবি চাওকচোন।আমাৰ জীৱনটো এখন নদীৰ দৰে … কেতিয়াবা বাৰিষাৰ দৰে ভৰুণ কেতিয়াবা খৰালিৰ দৰে শুকান। খৰালিৰ শুকান নদীখনো বৈ থাকে অৱস্থিতি বৰ্তাই নিৰৱে কত কথাৰ সাক্ষী হৈ কথাবোৰ বুকুতে সামৰি থয়।
উশাহটো দীঘলকৈ লৈ মানুহগৰাকীয় ক’লে…….
: হয় তুমি ঠিকেই কৈছা।আমাৰ জীৱনটো নদীৰ দৰেই। মোৰ তাকেই বুজাত ভুল হ’ল। ভৰুণ নদীখনক চিৰস্থায়ী বুলি ভুল কৰিছিলোঁ। সকলোকে জোৰকৈ বুকুত সুমুৱাই থৈ নিজৰ মতে গঢ়িম বুলি ভাবিছিলো। কিন্তু বাৰিষাৰ নদীৰ সুৰুঙাবোৰ পাহৰি পেলাইছিলো।সুৰুঙা পাই আঁতৰি গৈছিল সকলো মোৰ পৰা এটা এটাকৈ, একো একোখন নতুন নদী হোৱাৰ আশাত…..মোৰ কটকটীয়া বান্ধোনকো নেওচি।বহুত কষ্ট পালোঁ জানা মৰমৰ বান্ধোনত উশাহ ল’বলৈ কষ্ট পোৱাৰ কথা জানি।মোৰ স্বামী যি এদিন মোৰ বাবে পৰিয়াল, সমাজ, ধৰ্ম সকলো এৰিছিল; সময়ৰ লগে লগে সকলোতে উচিত অনুচিতৰ প্ৰশ্নচিন লাগিব ধৰিল। আৰু লগতে প্ৰশ্নচিন লাগিল মোৰো জীৱনৰ কিছুমান সিদ্ধান্তত। বহুত কষ্টৰ আছিল সেই সময়বোৰ। পাৰ কৰিলোঁ দিয়া। এতিয়া খৰালিৰ নদীখনৰ দৰে বৈ আছোঁ নিৰৱে। নাই কোনো অহংকাৰ… নাই, কালৈকো অভিমান নাই, শান্ত স্থিৰ।
আজি ইমান দিনৰ পাছত মানুহগৰাকীয় তেওঁৰ হৃদয়খন খুলিলে শতাব্দীৰ ওচৰত। তাই পৰিস্থিতিটো গহীন হৈ যোৱাৰ বাবে হাঁহি হাঁহি ক’লে…..
: আজি সময়খিনি নদীতেই পাৰ হ’ল। এইকেইদিন যিহে বৰষুণ দিছে এনেদৰে আৰু কেইদিনমান দি থাকিলে মই নাও বিচাৰিব লাগিবগৈ। বাইদেউজনীয়ে দি যোৱা চাহৰ কাপটোৰ চাহকণ একে শোহাই শেষ কৰি তাই যাবলৈ উঠিল।
শতাব্দী আকৌ এক নতুন কাহিনীৰ সাক্ষী হৈ গ’ল। পুনৰ উপলব্ধি কৰিলে……..জীৱন নদীৰ দৰে,এনেদৰেই বৈ থাকিব কত সুখ-দুখৰ সাক্ষী হৈ কত কাহিনী,কত চৰিত্ৰ বুকুত সুমুৱাই। আজি বিচাৰি পালে তাইৰ নতুন উপন্যাস ‘জীৱন নিৰৱধি’ৰ নায়িকাক।
*******