জীৱন সংগী-পূৰ্ণিমা শইকীয়া গগৈ
: আপুনি আজিৰে পৰা ইটো কোঠাতে শুব।
অলকাৰ কথাত কোনো প্ৰতিবাদ নকৰি ৰাজেন আনটো কোঠাত শুবলৈ গ’ল।
পিছদিনা অলকাই আলনাদালত তেওঁৰ কাপোৰখিনি থ’লেহি। আবেলি অফিচৰপৰা আহি দেখিলে যে তেওঁৰ প্ৰয়োজনীয় সকলো বস্তুৱেই কোঠাত আছে।ছটা কোঠাৰ ঘৰটোত এটা শোৱা কোঠা, এটা আলহীৰ কোঠা,ল’ৰা ছোৱালীৰ বাবে দুকোঠা, বহা আৰু খোৱা কোঠা একেলগে আছে।কাষতে ৰান্ধনী ঘৰটো। প্ৰতিটো কোঠাৰ সৈতে সংলগ্ন হৈ আছে বাথৰূম। ঘৰটো সাজোঁতে অলকাই নিজৰ পছন্দ মতে কামবোৰ কৰাইছিল। ৰাজেনে মাত্ৰ টকাহে দিছিল।ল’ৰা-ছোৱালী দুটা সৰু হৈ থাকোঁতে মাক দেউতাকৰ লগতে একেটা কোঠাতে আছিল।সিহঁত ডাঙৰ হোৱাৰ লগে লগে কোঠাটো চাৰিজনৰ বাবে সৰু হৈ পৰিল।পঢ়াৰ সময়ত সিহঁতে নিজৰ কোঠাতে পঢ়ে যদিও শুবৰ সময়ত মাকৰ কাষ চাপে।অলকাই ভাবিলে দিনটো কষ্ট কৰি অহা মানুহজন নিশাটো শান্তিৰে শোৱক।গতিকে অলকাৰ কথামতে ৰাজেন আলহী কোঠালৈ আহিল। আজিকালি থকাকৈ আলহী নাহে। মানুহৰ ব্যস্ততাৰ অন্ত নাই। সকলো তেওঁলোকৰ দৰেই ব্যস্ত।মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকৰ ল’ৰা নীপে কটন কলেজত নাম লগালে। তাৰ দুবছৰৰ পিছত তেওঁলোকৰ ছোৱালী নীপাই কটন কলেজত নাম লগালে। সেই বছৰেই নীপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নাম লগালে। দুয়োটা পঢ়াত ভাল। বন্ধত আহিলে সিহঁত দুটা মাকৰ লগত শোৱে। মাকৰ কাৰণে সিহঁত এতিয়াও সৰুৱেই হৈ আছে।দিনবোৰ বৰ সোনকালে পাৰ হ’ল। নীপ ডাক্তৰ হ’ল। নীপা একেলগে পঢ়া ৰাজেশৰ সৈতে বিয়া হৈ জাপান পালেগৈ। চাকৰিৰপৰা অৱসৰ লৈ ৰাজেন সামাজিক কামত ব্যস্ত হৈ পৰে। লাহে লাহে অলকাই উপলব্ধি কৰিলে তাই যেন একেবাৰে অকলশৰীয়া হৈ পৰিছে। আগতে নিতৌ এবাৰকৈ মাকলৈ ফোন কৰা ল’ৰা ছোৱালীৰো আজি কালি সপ্তাহত এবাৰো ফোন কৰিবলৈ সময় নাই। ৰাতি বিছনাত পৰিলে টোপনি নহা হ’ল। মনটো কিবা খালী খালী লাগে।
: আজি তুমি ডাক্তৰৰ ওচৰলৈ যাব লাগিব।
ৰাজেনৰ কথা শুনি অলকা আচৰিত হ’ল।
: মই আকৌ কিয় ডাক্তৰৰ ওচৰলৈ যাম?
: আজি কালি তুমি ভালদৰে খোৱা বোৱা নকৰা। মই মন কৰি আছো নহয়!
ৰাজেন কথা শুনি অলকা আচৰিত হ’ল। তাই ভাবি আছিল আজিকালি সমাজৰ কামত লাগি থাকোঁতে তাইৰ প্ৰতি ৰাজেনে অৱজ্ঞা কৰিবলৈ লৈছে।
: কি ভাবি আছা, ডাক্তৰৰ ওচৰলৈ যাবানে?
: মোক ডাক্তৰৰ দৰৱ নহয় তোমাৰ সঙ্গৰহে বেছি প্ৰয়োজন।এটা কথা ভালদৰে উপলব্ধি কৰিব পাৰিছো যে জীৱনৰ সকলো সময়তে জীৱন সংগীজনৰ সমান আপোন আন কোনো হ’ব নোৱাৰে।
সেই নিশা অলকাৰ ভাল টোপনি আহিল।
*******
5:43 PM
সুন্দৰ অনুভৱৰ প্ৰতিফলন।