জেমছ্ মহাকাশ টেলিস্কোপেৰে নীৰিক্ষণ শনিৰ অদ্ভুত উপগ্ৰহ টাইটান-পংকজ বৰুৱা
গৱেষকসকলে নাছাৰ জেমছ্ ৱেব মহাকাশ টেলিস্কোপ (JWST) ব্যৱহাৰ কৰি ৪ নৱেম্বৰ,২০২২ চনত শনিৰ উপগ্ৰহ টাইটানৰ নতুন ছবি তোলে। নতুন ছবিসমূহত জটিল উপগ্ৰহটোৰ উত্তৰ গোলাৰ্ধত ঋতুভিত্তিক ডাৱৰ দেখা পায়, যিয়ে গৱেষকৰ আগৰ ভৱিষ্যদ্বাণীক নিশ্চিত কৰে।
নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপ (JWST)ত শনি গ্ৰহৰ সৰ্ববৃহৎ উপগ্ৰহ টাইটানৰ নতুন ছবি বন্দী কৰিছে।এই দৃশ্যসমূহে কেৱল মিথেন সাগৰ ক্ৰেকেন মেৰে আৰু বেলেটৰ ক’লা বালিৰ টিলাৰ দৰে পৃষ্ঠৰ বৈশিষ্ট্যসমূহ উজ্জ্বল কৰি তোলাই নহয়, ইয়াৰপৰা টাইটানৰ উত্তৰ গোলাৰ্ধৰ কিছু অংশ আৱৰি থকা দুটা বৃহৎ ডাৱৰৰ থুপো উন্মোচিত কৰিছে।
পিছলৈ হাৱাইৰ স্থলভিত্তিক কেক মানৱ নিৰীক্ষণ কেন্দ্ৰৰ অনুসৰণমূলক পৰ্যবেক্ষণৰদ্বাৰা নিশ্চিত হোৱা এই ডাৱৰবোৰ গৰমৰ শেষৰফালে টাইটানৰ মধ্য উত্তৰ গোলাৰ্ধত গঠন হোৱাৰ সম্ভাৱনা আছে যদিও নতুন গৱেষণাৰ এতিয়াও পৰ্যালোচনা কৰা হোৱা নাই, টাইটানত ঋতুভিত্তিক ডাৱৰৰ প্ৰমাণে কম্পিউটাৰ মডেলৰ ভিত্তিত টাইটানৰ জলবায়ুৰ বিষয়ে দীৰ্ঘদিনীয়া ভৱিষ্যদ্বাণী পৰীক্ষা কৰাত সহায় কৰিব। এই শনিৰ উপগ্ৰহ আচৰিতধৰণে জটিল ভূ-তাত্ত্বিক আৰু বায়ুমণ্ডলীয় বৈশিষ্ট্যসমূহৰ ক্ৰমবৰ্ধমান তালিকাত ইয়াৰ যোগসূত্ৰও হ’ব পাৰে।
টাইটান এটা অতি জটিল অনন্য শ্ৰেণীৰ শনিৰ প্ৰাকৃতিক উপগ্ৰহ।পৃথিৱীৰ বাহিৰেও ই সৌৰজগতৰ (বা ইয়াৰ বাহিৰত)একমাত্ৰ স্থান য’ত সক্ৰিয় নদী, হ্ৰদ আৰু সাগৰৰ আতিথ্য প্ৰদান কৰা বুলি জনা যায়।কিন্তু পৃথিৱীৰ দৰে টাইটানৰ তৰল বৈশিষ্ট্য পানীৰপৰা গঠিত নহয়,ইয়াৰ পৰিৱৰ্তে অতি শীতল হাইড্ৰ’কাৰ্বন যেনে- মিথেন আৰু ইথেন প্ৰায় ১৭৯ ডিগ্ৰী ফাৰেনহাইটলৈ ঠাণ্ডা তৰলেৰে গঠিত।
উপগ্ৰহটোৰ ধুমুহাময়, অতি ঘন মিথেন বায়ুমণ্ডলো অতি জটিল ধৰণৰ,কিয়নো টাইটানত ধুমুহা ঋতু সময়ৰ লগে লগে সলনি হৈ এক জটিল বতৰৰ আৰ্হি আয়োজন কৰে।সেইবাবেই যেতিয়া ইউনিভাৰ্চিটি পেৰিছ চিটেৰ দলৰ সদস্য চেবাষ্টিয়ান ৰড্ৰিগেজে এই নতুন জেমচ্ মহাকাশ টেলিস্কোপে লোৱা ছবিবোৰ পৰীক্ষণ কৰে আৰু ডাৱৰৰ উপস্থিতিৰ কথা আৱিষ্কাৰ কৰে, তেতিয়া তেওঁ লগে লগে দলটোৰ বাকীসকলক ই-মেইল কৰিলে বুলি নাছাৰ এটা পোষ্টত প্ৰকাশ পাইছে।এছ’চিয়েশ্যন অৱ ইউনিভাৰ্চিটিজ ফৰ ৰিচাৰ্চ ইন এষ্ট্ৰ’নমি (AURA) আৰু ৱেব ছ’লাৰ চিষ্টেম জিটিঅ’ প্ৰজেক্ট লিডাৰ হাইডি হামেলে এই শৃংখলটোৰ উত্তৰত এইদৰে কয়……
“ফেণ্টাষ্টিক! ডাৱৰ আৰু স্পষ্ট এলবিডো চিহ্নবোৰ দেখি ভাল পাওঁ। গতিকে বৰ্ণালীৰ প্ৰতি আগ্ৰহী! অভিনন্দন, সকলোকে, ধন্যবাদ!”
নৱেম্বৰ মাহত হাৱাইৰ কেক মানৱ নিৰীক্ষণ কেন্দ্ৰৰ দ্বাৰা টাইটানৰ দ্ৰুত অনুসৰণমূলক পৰ্যবেক্ষণ কৰে। গৱেষকসকলে বিচাৰি উলিয়াইছে যে যিহেতু জেমচ্ মহাকাশ টেলিস্কোপে নৱেম্বৰ মাহত টাইটানৰ ছবি তুলিছিল। ক্লাউডয়ে দৃশ্যলৈ চালে ঘূৰি থকা যেন লাগে আনহাতে ক্লাউড বি য়ে মেলখায় যোৱা যেন লাগে বা দৃষ্টিৰ বাহিৰত ঘূৰি থকা যেন লাগে। আন এটা সম্ভাৱনা হ’ল কেক ছবিত দেখা ডাৱৰবোৰ জে.ডব্লিউ.এছ.টি.য়ে ধৰা ডাৱৰতকৈ সম্পূৰ্ণ বেলেগ ডাৱৰ।
কেক পৰ্যবেক্ষণেৰে সজ্জিত হৈ গৱেষকসকলে য়েল বিশ্ববিদ্যালয়ৰ জুয়ান লাইৰাকে ধৰি তথ্যসমূহৰ ব্যাখ্যা কৰাত সহায় কৰিবলৈ বায়ুমণ্ডলীয় মডেলিঙৰ বিশেষজ্ঞসকলৰ ওচৰলৈ গৈছিল।
তথ্যসমূহ পৰ্যালোচনা কৰাৰ পিছত লাইৰাইও একেদৰেই এই সিদ্ধান্তত উপনীত হয় যে তেওঁলোকে যি ডাৱৰ দেখিছে, ইয়াৰ বিষয়ে ভৱিষ্যদ্বাণী আগতে কৰা হৈছিল। তাই দলটোক কয় ….
“সঁচাকৈয়ে ই ৰোমাঞ্চকৰ! আমি এইটো দেখি ভাল পাইছো, যিহেতু আমি এই ঋতুৰ বাবে ডাৱৰৰ কাৰ্যকলাপৰ বিষয়ে আগতীয়া ভৱিষ্যদ্বাণী কৰিছিলো৷আমি নিশ্চিত হ’ব নোৱাৰো যে ৪ আৰু ৬ নৱেম্বৰৰ ডাৱৰবোৰ একে ডাৱৰ, কিন্তু ই ঋতুভিত্তিক বতৰৰ আৰ্হিৰ নিশ্চয়তা প্ৰদান কৰে।”
গৱেষকসকলে ২০২৩ চনৰ মে’ বা জুন মাহত টাইটানৰ জেমছ্ মহাকাশ টেলিস্কোপৰ এন আই আৰ কেম আৰু এম আই আৰ আই দুয়োটা যন্ত্ৰৰ দ্বাৰা অধিক পৰ্যবেক্ষণ আশা কৰিছে।এই তথ্যই টাইটানৰ ৰহস্যজনকভাৱে ঘন বায়ুমণ্ডলৰ জটিল ৰাসায়নিক গঠনৰ বিষয়ে অধিক বিশদ তথ্য উন্মোচন কৰিব বুলি আশা কৰা হৈছে।
*******