তোলনি বিয়াৰ উৎস আৰু ইয়াৰ প্ৰসাৰণ -কমলা দাস
মোৰ আইতাৰ আঠ বছৰ বয়সতে বিয়া হৈছিল। যিটো বয়সত পখিলা খেদি,বালি ভাত ৰান্ধি ৰং-তামাছা কৰি ওমলি ফুৰাৰ সময় আছিল, সেইটো বয়সতে ফুলকুমলীয়া ছোৱালীহঁতক বিয়া নামৰ বান্ধোনটোত বান্ধি দিয়া হৈছিল।ছোৱালীহঁতে দৰা-কইনা খেলি ওমলাৰ সময়ত নিজেই কইনা হ’বলগীয়া হৈছিল। বিয়া,দৰা-কইনা আদি মানে অকল স্ফূৰ্তি আৰু ভাল ভাল মিঠাই আদি খোৱা বুলি ভবা সময়তে বলিৰ পঠাৰ নিচিনাকৈ সংসাৰৰ বলিশালত অজানিতে তাই নিজৰেই মূৰটো সুমুৱাই দিছিল একো নজনাকৈয়ে।
আইতাহঁতৰ দিনত হেনো তেনেকুৱা বয়সত ছোৱালীৰ বিয়া হোৱাটো একেবাৰে সাধাৰণ কথা অৰ্থাৎ সেই সময়ৰ সমাজত প্ৰচলিত নিয়মেই আছিল। ছোৱালীহঁতৰ বয়স সাত,আঠ,ন, দহ,মানে যাক যেতিয়া গ্ৰাহকে অৰ্থাৎ দৰা ঘৰে পছন্দ কৰে, তেতিয়াই বিয়া দি দিয়া হয়। সমাজত ছোৱালী পছন্দ কৰিবলৈ অহা ল’ৰাৰ ঘৰখন বুজাবলৈ ‘গ্ৰাহক’ শব্দটো ব্যৱহাৰ কৰিছিল। যেনে–কোনোবাই কাৰোবাৰ ছোৱালীৰ বিয়াৰ কথা সুধিছিল এনেদৰে-
‘সিহঁতৰ ছোৱালীজনীৰ গ্ৰাহক লাগিছেনে!’ নাইবা… ‘চাবলৈ অহা ছোৱালীজনী গ্ৰাহকে পচন্দ কৰিলেনে!’
ছোৱালীহঁত যেন একো একোবিধ পণ্য সামগ্ৰীহে আছিল!মুঠতে তোলনি হোৱাৰ আগতেই ছোৱালীবোৰ বিয়া দিবই লাগিব। কিবা কাৰণত যদি তোলনি হোৱালৈকে কোনোবা ছোৱালীৰ বিয়া নহয়, অৰ্থাৎ মাকৰ ঘৰত থাকোতেই তোলনি হয়, তেন্তে তাৰ পিছত সেই ছোৱালীজনীক নিজৰ ল’ৰালৈ বিয়া পাতি নিবলৈ কোনো এঘৰ গৃহস্থই আগবাঢ়ি নাহে। ছোৱালীজনীৰ চৰিত্ৰৰ দোষ থকা বা কুলক্ষণী বুলি বদনাম জাপি দিয়া হয় বা গণ্য কৰা হয়।এবাৰ বদনামী হোৱাৰ পিছত সেইজনী ছোৱালীৰ জীৱনটো কটাবলৈ বৰ দুৰ্বিসহ হৈ পৰিছিল।সমাজ বা ঘৰৰ-পৰৰ সকলোৰে লাঞ্চনা-গঞ্জনা খাই অবাঞ্চিত জীৱ হিচাপে জীয়াই থাকিব লগা হৈছিল। সেয়ে মাক-বাপেক বা পৰিয়ালৰ লোকে কন্যা সন্তানক,কণা,খোৰা,লেঙৰা, বয়সীয়া যি দৰাই নাপাওক কিয়, তোলনি হোৱাৰ আগতেই বিয়াখন দি লেঠা মাৰিবলৈ চাইছিল। তেনেকুৱা কৰোঁতে কেতিয়াবা হেনো পিছলৈ দৰা নাপাব বুলি পাঁচ-ছয় বছৰীয়া ছোৱালীকো বিয়া দি উলিয়াই দিছিল। মুঠতে ছোৱালীবোৰৰ বাবে বিয়া বোলা বস্তুটো এনেকুৱা এটা বান্ধোন আছিল যে সেই বান্ধোনৰ শিকলি ফুলকুমলীয়া বয়সৰপৰাই ডিঙিত বান্ধি গোটেই জীৱন কঢ়িয়াই লৈ ফুৰি মৃত্যুৰ পিছত হে ছিঙিব পাৰিছিল!
সেই সময়ৰ সমাজ ব্যৱস্থাত তোলনি হোৱাৰ আগতে পতা সেইখন বিয়াক “আগবিয়া” বোলা হৈছিল। আগবিয়া পাতি দৰা ঘৰে কইনা লৈ নাযায়। আপইতা থাকে বাবে কইনাক মাকৰ ঘৰতে থৈ যায়। তোলনি হোৱাৰ পিছত “পিছবিয়া” পাতি হে কইনাক দৰা ঘৰে লৈ যোৱাৰ নিয়ম আছিল।
আগবিয়া হৈ যোৱাৰ পাছত তোলনি হোৱালৈকে ছোৱালী জনী মাকৰ ঘৰতে থাকে যদিও শৈশৱৰ মুকলিমূৰীয়া জীৱনটোত সামাজিক বান্ধোনৰ শিকলি আহি পৰে। ঘৰৰ চৌহদৰ ভিতৰত আলাসৰ লাৰু হৈ থাকিলেও ঘৰৰ বাহিৰত লগৰীয়াৰ সৈতে শিশু সুলভ মানসিকতাৰে লৱৰি-ঢাপৰি ফুৰিব নোৱাৰিছিল। হাজাৰ ইচ্ছা থাকিলেও শিশু ছোৱালীজনীয়ে ঘৰৰ বাহিৰত অকলে ক’তো যাব নোৱাৰে।কথাই প্ৰতি ঘৰৰ ডাঙৰবোৰে সকীয়াই থাকে ইফালে নাযাবি,সিফালে নাযাবি, এইটো নকৰিবি, সেইটো নকৰিবি, শহুৰৰ ঘৰৰ মানুহে তোক এনেদৰে দেখিলে কি কব! মুঠতে ক’বলৈ গ’লে বাল্য কালৰ পৰাই ছোৱালীৰ জীৱন কঠোৰ বান্ধোনত বান্ধ খাই পৰিছিল। সেই বান্ধোন,ছোৱালী,বোৱাৰী,বৃদ্ধ ,বিধৱা আদি কাল অনুযায়ী বেছি কঠোৰ বা লঘু আছিল।
এয়া আছিল আমাৰ আইতাহঁতৰ সময়ৰ সমাজ ব্যৱস্থা। ছোৱালী পঢ়াব লাগে বুলি প্ৰায়ভাগ অভিভাৱকেই নাভাবিছিল। কাচিৎহে কোনোবাই নিজৰ ছোৱালীক নিজৰ নামটো লিখিব পৰা হোৱালৈকে স্কুললৈ পঠাইছিল। উচ্চ ঘৰৰ ছোৱালীয়েহে প্ৰাইমেৰী পাছ নাইবা এম.ভি পাছ কৰালৈকে স্কুল যাবলৈ পাইছিল।
আগবিয়া হোৱাৰ পাছত পিছবিয়া হোৱালৈকে যিহেতু দৰাঘৰে কইনা লৈ নাযায়, গতিকে তাইৰ মাকৰ ঘৰতে লোকৰ বোৱাৰীৰ টেগটোৰে দিনবোৰ, বছৰবোৰ পাৰ হৈ যায়। এসময়ত প্ৰকৃতিৰ নিয়ম অনুসৰি বয়ঃসন্ধি ক্ষণত ছোৱালীজনী ঋতুমতী বা ৰজস্বলা হয়। ঘৰখনত কান্দোনৰ ৰোল উঠে।কাৰণ ইয়াৰ পিছত ছোৱালীজনীক শহুৰেকৰ ঘৰে লৈ যাব। ইফালে ছোৱালী জীৱন হৈছে, জোৱাঁয়ে নিলেও নিয়া, যমে নিলেও নিয়া!
যি নহওক, ছোৱালীজনী প্ৰথম ৰজস্বলা হ’লে ঘৰখনত উথপথপ লাগি পৰে।লগে লগে তাইক নিয়ম-নীতিৰ মাজেৰে আছুতীয়া কোঠা এটাত থাকিবলৈ দিয়া হয়। মাটিত বিছনা পাতি বহিবলৈ/শুবলৈ দিয়া হয়। এই সময়ছোৱাত সেই কোঠাটোত পুৰুষৰ প্ৰৱেশ নিষেধ। আনকি দেউতাক নাইবা ভায়েককো সোমাব দিয়া নহৈছিল। প্ৰতিদিনে তাইক নিয়মৰ মাজেৰে আগ দিয়া হয়। (আগ দিয়া মানে– কাঁহৰ কাঁহী এখনত আৰৈ চাউল অলপ, দুবৰিবনৰ আগ কেইটামান লৈ তাতে মাটিৰ চাকি এগছ জ্বলাই লোৱা হয়। মাটিৰ ঘট এটাত পানী ভৰাই তাত আমদালি লোৱা হয়। তোলনি হোৱা কইনাজনী নিৰ্দিষ্ট বিছনাখনত বহাৰ পিছত তাইৰ গালৈ দুটা/এটা চাউল ছটিয়াই দি হাতেৰে চাকিৰ জুইৰ বা দিয়ে। পিছত আম দালিৰে পানী অকণ ছটিয়াই দিয়ে।বাহিৰ নুলিওৱালৈকে প্ৰতিদিনে গধুলি এই কামটো কৰে।) দুদিন তাইক লঘোণে ৰাখি তিনি দিনৰ দিনা ফলাহাৰ কৰায়। ফলাহাৰ কৰাৰ পাছত বুট,মগুৰ গাজি,গাখীৰ, কল,চাগু আদি খাবলৈ দিয়ে।চাৰিদিনৰ দিনাখন ঘৰৰ মহিলাসকল আৰু চুবুৰীয়া আইসকলে মিলি বাহিৰ উলিয়াই, কলপুলিৰ তলত মাহ-হালধি সানি গা-পা ধুৱাই ছোৱালীজনীক শুচি কৰে।তাইৰ আহিব লগা ভবিষ্যত জীৱনৰ কুশল, মঙ্গল কামনা কৰি আইসকলে নাম গোৱা পাতে।সেইবোৰ হৈ গ’লে সকলোৱে মিলি মাহ-প্ৰসাদ, চাহ-পানী খাই ৰং-তামাছা কৰে। এইটো অনুষ্ঠানত পুৰুষে ভাগ নলয়। পুৰুষে ভাগ লোৱাটো বহুত লাজৰ কথা বুলি গণ্য কৰিছিল। আনকি তোলনি বিয়া উপলক্ষে পতা নামৰ মাহ-প্ৰসাদো পুৰুষে গ্ৰহণ নকৰিছিল।
মাঙ্গলিক কামখিনিৰ জৰিয়তে মানুহে গম পাই যায় যে অমুকৰ আগবিয়া দিয়া ছোৱালীজনীয়ে কন্যাকাল পালে আৰু এতিয়া শহুৰী খাটিবলৈ যাব।
আইতাহঁতৰ দিনত তোলনি বিয়াৰ মূল উদ্দেশ্য এইখিনিয়ে আছিল।এনেদৰেই হয়তো তোলনি বিয়াৰ প্ৰচলন হৈছিল! সময়ৰ সোঁতত সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিল।ছোৱালীহঁতক “আগবিয়া” দিয়া প্ৰথাটো বিলোপ ঘটিল।কন্যাকাল পোৱাৰ পিছতহে ছোৱালী বিয়া দিয়াৰ নিয়ম প্ৰচলন হ’ল। তোলনি বিয়াখন পিছে অনুষ্টুপীয়াকৈ তেনেদৰেই পাতি থকা হৈছিল।
ছোৱালী এজনী প্ৰথম ঋতুমতী হ’লে সাধাৰণভাৱে এতিয়াও কম/বেছি পৰিমাণে এইখিনি মাঙ্গলিক নীতি-নিয়মেই পালন কৰা হয়। আজিকালি অৱশ্যে আইজনীহঁতক মাটিত থাকিব দিয়া নহয়। নিয়মবোৰ একেই আছে যদিও কালক্ৰমত সেইটো উপলক্ষ কৰি বাহ্যিকতা কিছুমান যোগ হ’ল আৰু সেই বাহ্যিকতা ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল।এতিয়া এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে কিছুমান মানুহে এই অনুষ্ঠানটো উপলক্ষ কৰি সৰুবিয়া নাম দি মহা ধুমধামেৰে পাতিবলৈ লৈছে। আৰ্থিকভাৱে স্বচ্ছলবোৰেতো পাতেই, নোহোৱাবোৰেও ধাৰ-ঋণ লৈ হ’লেও পাতে। আটকধুনীয়া পেণ্ডেল সজাই নিমন্ত্ৰিত অতিথিক বুফে প্ৰণালীত বিধে,বিধে খাদ্যৰ যোগান ধৰে। কোনে কিমান জাকজমকতাৰে পাতিব পাৰে তাৰেই যেন প্ৰতিযোগিতা চলিছে। কেতিয়াবা কিছুমান বিবাহ ভৱনততো ধৰিবই নোৱাৰি বৰ বিয়া পাতিছে নে তোলনি বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান পাতিছে! জাকজমক কৈ সজোৱা সেইবোৰ অনুষ্ঠানলৈ
পুৰুষ, মহিলা উভয়ে সাজি-কাচি গৈ তাত খাবলৈ হেঁতা ওপৰাও লগায়!সুন্দৰকৈ সজাই-পৰাই থোৱা কণমানি কইনাজনীৰ সৈতে ফটো তুলি ফেচবুকত আপলোড কৰিবলৈও দ্বিতীয় বাৰ চিন্তা নকৰে!
আমি আজিৰ যুগৰ মানুহ। সকলো কথাকে যুক্তি সহকাৰে ফঁহিয়াই চাব জানো।আইতাহঁতৰ সময়ৰ সমাজ ব্যৱস্থা কাহানিবাই ওকলি গ’ল। আজিৰ ছোৱালী সকলো ফালেই স্বাধীন।পঢ়া-শুনা কৰি নিজৰ জীৱন নিজেই উপযুক্তভাৱে গঢ় দিবলৈ সক্ষমতা ৰাখে।এতিয়া আমি আমাৰ ছোৱালীসকলক সকলো ফালে উপযুক্ত কৰি 25/30 বছৰ মান বয়সত হে বিয়া দিওঁ।গতিকে কি যুক্তিত কষ্টেৰে অৰ্জা নিজৰ সাঁচতীয়া টকাখিনি নাইবা ঋণ লৈ হ’লেও জাকজমকৈ তোলনি বিয়াখন পাতিব লাগে? আপোনাৰ আদৰৰ ছোৱালীজনী প্ৰথম ৰজস্বলা হোৱাৰ বাবেই নে! সেয়াটো প্ৰকৃতিৰ নিয়মেই। বয়ঃসন্ধিৰ সময়ত ঋতুমতী হ’বই। ল’ৰাওতো তেনেকুৱা সময়তে যৌৱনপ্ৰাপ্ত হয়। সেইটো কথাকে আপুনি/মই জাকজমককৈ ঢোল পিতি ভোজ-ভাত খুৱাই ৰাইজক জনাব লাগেনে! আমি আমাৰ কণমানিজনীক প্ৰথম ঋতুমতী হ’লে মাঙ্গলিক কামখিনি কৰি নিয়মটো পালন কৰি থব নোৱাৰোনে!
(আজিকালি অবশ্যে বহুতেই নিয়মবোৰো মানিব লাগে বুলি নাভাবে। সেয়া তেওঁলোকৰ ব্যক্তিগত কথা বাৰু) বৈজ্ঞানিক দৃষ্টিভংগীৰে সেই সময়ত তাইক চাফ-চিকুণতা,তাইৰ হ’বলগীয়া শাৰীৰিক পৰিৱৰ্তন আদিৰ বিষয়ে পাঠ শিকাব নোৱাৰোনে! তোলনি বিয়াত খৰচ কৰা টকাখিনি পঢ়া-শুনাৰ নামত নাইবা সংস্থাপন দিয়াৰ নামত খৰচ কৰিব নোৱাৰোনে! আমি কেতিয়া সজাগ হম!
জাকজমকৈ পতা তোলনি বিয়াখন খাবলৈ যোৱাৰ আগতে উপলক্ষটো এবাৰ দ কৈ ভাবি চাবচোন!
*******
6:12 PM
তোলনি বিয়াৰ ওপৰত সুন্দৰ আলোচনা।
6:15 PM
তোলনি বিয়াৰ বিষয়ে সুন্দৰ আলোচনা।