দৃষ্টি-মানসী শৰ্মা
সকলো কামতে তাই নিপুণ, তথাপিও জীৱনসংগী কৰাৰ বেলিকা সকলোৱে মুখ ঘূৰায়।
দুচকুৰ আন্ধাৰবোৰে লাহে লাহে তাইৰ মনটোও বেৰি ধৰিলে।
“মই মৰিলে তাইৰ কোনো লগেই নাথাকিব দেখোন।”
“কাইলৈ তুমি প্ৰথম পৃথিৱীৰ সুন্দৰতা দেখিবা মাজনী। তুমি প্ৰথমেই কি চাব বিচাৰিবা।”
“মোৰ সাহস, মোৰ প্ৰেৰণা, কেতিয়াও মোক ভাগি পৰিবলৈ নিদিয়া মোৰ দেউতাক।”
“দেউতাৰ চকুত কি হ’ল?”
“দেউতাৰ দৃষ্টিয়েই তুমি আগতো দেখিছিলা, এতিয়া তুমিয়েই দেউতাৰ দৃষ্টি হ’বা।”
*******
9:37 PM
ধুনীয়া প্ৰকাশ
10:32 PM
ভাল লাগিল।