নিসঙ্গতা জীৱনৰ-মামণি কলিতা

পৰিয়ালৰ সকলো বিভিন্ন কামত ব্যস্ত হৈ থকাৰ বাবে বৰবৰাণী আজিকালি প্ৰায়ে অকলশৰেই থাকে । অৱশ্যে পৰিয়ালৰ লোকসকলে মাজে-সময়ে লগত অ’লৈ-ত’লৈ নিয়ে যদিও তেওঁহে যাবলৈ মন নকৰে। কাৰণ তেওঁৰ বয়সৰ লোকসকল নাপালে বেছিভাগ সময়েই আৰ-তাৰ মুখলৈ চাই আমন-জিমনকৈ বহি থাকিবলগীয়া হয়। কোনোৱে ভাল-বেয়া দুই-এষাৰ নোসোধা নহয় বাৰু কিন্তু তাৰ পাছত তেওঁ পুৰণি কথা উলিওৱাৰ লগে লগে তেওঁলোকে কিবা এটা অজুহাত দেখুৱাই আঁতৰি যায়। আচলতে বৰবৰাণীৰ ওচৰত নতুন কথা নায়েই, কাৰণ এতিয়াৰ সময় তেওঁৰ বাবে দুৰ্বোধ্য। বেছিভাগেই আন্তৰিকতাবিহীন সম্পৰ্ক। সেয়ে বাৰীৰ গছ-গছনি, চৰাই-চিৰিকতিবোৰ তেওঁৰ বৰ প্ৰিয়। সেইবোৰৰ লগত সময় কটাই তেওঁ ভাল পায়। মাজে মাজে নিজৰ স্বামীলৈ মনত পেলাই হুমুনিয়াহ কাঢ়ে…..

“কিয় এনে দুৰ্বোধ্য সময়ত তেওঁক অকলশৰীয়া কৰি থৈ গুচি গ’ল।”

*******

Leave a Reply

Your email address will not be published. Required fields are marked *