নৱপ্ৰভাত-নয়নমণি শইকীয়া
নৱ জীৱনৰ শুভ ক্ষণত
দুহাতত হাত থৈ
দুভৰিৰে খোজ দিয়া
সপোনৰ আলিবাটটো।
মাহ হালধিৰ কেঁচা গোন্ধ
দুহাতৰ জেতুকাৰ বোল
চিৰযুগমীয়া হৈ বলক
প্ৰেমৰ যাউতিযুগীয়া পছোৱা।
মোৰ দুচকুৰ কাজল জোনবাইৰ দেশৰ এখন মোহনীয়া আলোকিত চিত্ৰ হৈ জিলিকি ৰওক তোমাৰ দুচকুত।।
অটুট বান্ধোনত সাৰথি হওক
সাত জনমৰ হোমৰ শিখা,
দুয়োৰে বুকুত সযতনে জ্বলি ৰওঁক
এগছি বিশ্বাসৰ চাকি।।
*******