ন-ভূঁই-জয়ন্ত গগৈ
ঐ বুবুল, বুবুল।শোৱাপাটিৰ পৰা নুঠ নেকি? সোনকালে উঠি যা আকৌ।মবিহঁতৰ আজি ন-ভূঁই লৈ মাতিছিল নহয়… বুলি মাই চিঞৰি কৈ থকা শুনিলো টোপনিৰ চকা-মকাত। ঘপহকৈ বিছনাৰপৰা নামি ঘড়ীটোলৈ চকু দি দেখিলোঁ পাঁচ বাজিয়েই গ’ল। দমকলৰ পাৰলৈ গৈ আঁৰবেৰত ওলোমাই ৰখা টুথব্ৰাছত টুথপেষ্ট অলপ লগাই খৰধৰকৈ মুখখন ব্ৰাছ কৰিলোঁ। মায়ে চাহ বাকিবলৈ লোৱাত, মাক হাক দি খৰ-ধৰকৈ ভঁড়ালঘৰৰ আগফালে থোৱা কোৰখন লৈ পথাৰলৈ যাবলৈ সাজু হলোঁ। দেৰিকৈ গ’লে লাজো লাগিব। ৰাতিপুৱাৰ হালোৱা জলপান নিয়াৰ আগতেই পালে ভালো লাগে।ন-ভূঁইলৈ অহা হালোৱা-হজুৱাহঁতৰ সৈতে হাঁহি-স্ফূৰ্তিৰে ন-ভূঁইৰ হালোৱা জলপান মুঠি খোৱাৰ সোৱাদটোৱেই বেলেগ। জলপানৰ আগে আগে গ’লে লগৰ সমনীয়াহঁতৰ মুখৰ পৰা শুনিবলৈ সাজু থাকিব লগীয়াত পৰে –
“তোৰে কপাল দেই! একেবাৰে সময়ত আহিছ।”
এনেদৰে কথা শুনিবলৈ মন নাই বাবেই মাই বাকিবলৈ লোৱা চাহ কাপ নোখোৱাকৈয়ে পথাৰলৈ পোনাবলৈ ললোঁ। আগফালৰ বাৰান্দাতে আঁউজাই ৰখা জাপিটো মূৰত গুজি পথাৰলৈ ঢাপলি মেলিলো। অলপ গৈয়ে কনচেঙক পালোঁ। সিও ন-ভূঁই লৈকে ওলাইছে। মনতো অলপ ভালো লাগিল লগৰীয়া এজন পালোঁ অন্ততঃ।
মূল পথৰপৰা পথাৰলৈ সোমাই যোৱা পথটোৱে গৈ পথাৰত ভৰি থৈ দেখিলোঁ ন-ভূঁই স্থলীত পাঁচখন গৰুহাল। সাতজন মানে কোৰ লৈ আঁচ বিলাক কোৰ মাৰি গৈছে। যিমানে ওচৰ চাপি গৈ আছোঁ সিমানেই ন-ভূঁইৰ পথাৰত কোৰ মৰা কেইজনে ৰগৰ লগাই লগাই হাঁহিছে, উকিয়াইছে। হাল বোৱা কেইজনেও নাঙলৰ মুঠিত ধৰি পথাৰত ঘূৰাই ঘূৰাই হাল বাই বিহু জুৰিছে।কোৰ মৰা জনসংখ্যা বাঢ়ি যোৱাৰ বাবে হাল বোৱা কেইজনৰ মুখতো আনন্দ। যিমানে পাৰে সিমানেই আঁচ উলিয়াই থৈ গৈছে।হালবোৱা কেইজনৰ মুখত বিহুনাম, ঘূৰিয়াহ -চাপিয়াহ, আহ আহ বাহিৰে, আহ আহ ভিতৰে, ঐ লালো যা যা চিধা চিধি যা …আদি শব্দবোৰো বেছিকৈ শুনিবলৈ পোৱা গৈছে। ব্যতিক্ৰম মাথোঁ লুথু ককাইদেউ। তেখেতৰ আকৌ মুখেৰে কেৱল গৰুহালক -“যা আকৌ, ওঁহো..ওঁহো..ওঁহো…” বুলি চিঞৰিয়েই হাল বাই গৈছে । হাল বোৱাৰ সময়ত প্ৰায়ভাগ ব্যক্তিৰে বেলেগ বেলেগ আদৱ-কায়দা আছে। হালত থকা গৰু হালেও ঠিক তেনেকৈয়ে গৃহস্থৰ লগত শিকন লৈছে। ভাস্কৰে কোৰৰ নালটো বাওঁহাতৰ কাষলতিৰ তলত ৰাখি সোঁহাতখন ভেঁজা দি অলপ সময় ভাগৰ আঁতৰাবলৈ পথাৰৰ আলিত উঠি হালোৱাৰ জলপান আহিব লগা ফালে চাই থাকোঁতে আমিবোৰ পথাৰৰ চাৰি দৰা মান সি থিয় দিয়া ঠাইৰপৰা আগবাঢ়ি গ’লোয়েই। মইনাই মুখত পাগ উঠা তামোলৰ ৰঙা পিকখিনি দূৰলৈ পিৰিককৈ উলিয়াই ভাস্কৰক দেখুৱাই ক’লে –
“এটাই কোৰৰ নালক গাখীৰ খুৱাবলৈ ল’লেই ঐ!”
আমিসোপাই একেলগে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলো আৰু সেয়ে পৰিৱেশটো আৰু আনন্দময় হৈ উঠিল। তেনেতে হাল বাই থকা দাবুৱে ভাস্কৰলৈ উদ্দেশ্যি-
“ঐ গাখীৰ খুৱাই হ’ল নে নাই ? আহ,আহ … আৰু অলপ সময়ৰ পিছতেই ৰোৱনীসোপা ওলাবহি।নহ’লে আহিয়েই ক’ব –
“ই এই কেইদৰাহে হাল বাই থৈছে।হাল বাই মৈ দি কঠীয়া বুলাই নথ’লে লাজেই পাম, আহ আহ ..।”
‘ধুইত’…. বুলি কৈ ভাস্কৰে দুগুণ উৎসাহেৰে আমাৰ লগ লাগি কোৰ মৰাত লাগিলহি।দূৰৈত কেইবাজনী ৰোৱনীয়ে হাতত জলপান, পানীৰ জাগ-কেটলি লৈ আগুৱাই অহাত আমিবোৰেও খৰকৈ কোৰ মাৰি আঁচবোৰ শেষ কৰাৰ চেষ্টা চলাইছো। যিমানে জলপান কঢ়িয়াই অনা ৰোৱনী কেইজনী আমাৰ ফালে আগুৱাই আহিব ধৰিছে, সিমানেই মোৰ পেটৰ কল-মলনিবোৰ বাঢ়িবলৈ লৈছে যেন অনুভৱ হৈছে।হ’বই দিয়কচোন। পথাৰত হাল বোৱা অথবা কোৰ মৰা কেইজনেহে বুজে ভোক -পিয়াহৰ কথা। তাতে ঘৰত মাই যতনাই দিয়া চাহ টোপাও খাই নাহিলো।
মিনাক্ষী বাইদেউ আৰু সৰুভনী বাইদেৱে পথাৰৰ আলিত ডিমৰু গছৰ পাতবোৰ এখন এখনকৈ সজাই পাতত চেৱা দিয়া বৰাভাত, ভাত, ভাজি,নিমখ , জলকীয়া আদি দি আমাক খাবলৈ মাতিলে।পথাৰৰ আলিত বহি ভৰিৰ আঁঠু দুটাৰ মূৰত ভাতৰ পাতত খোৱাৰ আনন্দই সুকীয়া। ভাতৰ পাতত ঢেঁকীয়াৰ লগত বুটমাহৰ ভাজি, ন-ভূঁই বুলি ৰঙালাউৰ লগত হাঁহ মাংসৰ তৰকাৰীৰ সৈতে পেট ভৰাই খোৱাত লাগিলো। আমি জলপান খাই উঠো মানে বাকী ৰোৱনী কেইজনীয়ে চহাই থোৱা ভালে কেইদৰা পথাৰ ৰুই শেষ কৰিলেই। দাবুৱে খুউব খৰকৈ খাব পাৰে। তাৰ খোৱাৰ ধৰণ দেখিলে খাদ্যবোৰ নুচোবোৱাকৈ পেটলৈ গিলি দিয়ে যেনেই লাগে। আজিও সেই একেই,ব্যতিক্ৰম নহয়।আমাৰ পাতত তেতিয়াও আধামান শেষ হৈছিলহে।আমাৰ জলপান খোৱাৰ সময়তে আৰু কেইজনীমান ৰোৱনী আহিল। লুথু ককাইদেৱে খোৱাৰ পাতৰ পৰাই তামোলৰ মুহুদি মাৰিবলৈ আৰম্ভ কৰা দাবুক হাল বাই থোৱা বাকী পথাৰ কেইদৰাতো কঠীয়া মুঠিবোৰ বুলাই দিবলৈ ক’লে।
“তুচে নাৰাজ নহি জিন্দেগী, হে ৰাণোহো মে , জিনে কে লিয়ে…”
হিন্দী গীতৰ কলিটো গাই গাই দাবুৱে কঠিয়াবোৰ বুলাই গ’ল। দাবু যদিও স্কুললৈ পঢ়িবলৈ যোৱা নাছিল,তথাপি সি অসমীয়া, হিন্দী ভালেমান সুৰীয়া গীত সলসলীয়াকৈ গাব পৰিছিল। সেইসময়ৰ তোলনি বিয়া বিলাকত বজোৱা টেপ ৰেকৰ্ডাৰত শৈলেন ককাইদেৱে তাৰ সুৱদী কন্ঠৰ গীতসমূহ ৰেকৰ্ড কৰিছিল। আৰু ৰেকৰ্ডৰ পিছত আমিবোৰে আপোনমনে শুনিছিলোঁ।তাৰ মুখত হুঁচৰি গীতবোৰ শুনিবলৈ বৰ ভাল লাগে। নিৰঞ্জন চিনেমা হলত সি প্ৰতি সপ্তাহত চিনেমা চাবলৈ গৈছিল। চিনেমা আৰু ৰেডিঅ’, কেছেটত শুনা গীতবোৰ সি ভালকৈ আয়ত্ব কৰিছিল।
জলপান খাই উঠি আমি হালোৱাসৱে যেনেকৈ হাঁহি- তামাছা কৰি পথাৰ চহোৱাত লাগিছো, তেনেদৰে ৰোৱনীৰ মাজতো আৰম্ভ হোৱা হাঁহি, বিহুগীতৰ ৰেঙনিবোৰ আমাৰ কাণত পৰিছিলহি। তাতে কেইবাজনী বৌও ৰোৱনীৰ মাজত আছিল। আমাৰ দৰে কেইবাটাও ডেকা দেওৰেকক পথাৰত পাই আৰু বেছিকৈহে ধেমালি-জোকাৰি গাত লগাকৈ দুই-এষাৰ বাক্যবাণ মাৰিব ধৰিছিল। ভাস্কৰে তামোল -পাণৰ টোপোলাটো লৈ দিবলৈ যাওঁতে তাক মূলে বৌৱে বোকা লগা হাতেৰে দুয়োখন গালতে বোকাৰ ফাকু সানি দিছিল আৰু ভাস্কৰেও ছেগ বুজি বৌলৈ বোকা-পানী অলপ ছটিয়াই কাপোৰ ফুটুকা-ফুটুকী কৰি তুলিছিল। বৌৱেও – ‘ঐ মৰাটো’ বুলি কৈ তাৰ গা লৈ আৰু অলপ বোকা ছটিয়াই পঠিয়ালে। ভাস্কৰৰ মুখৰ পৰা আৰম্ভ কৰি শৰীৰৰ সন্মুখভাগ বোকা-পানীৰে লুটুৰি-পুটুৰি হৈ পৰিছিল। তাৰ অৱয়ব দেখাৰ লগে লগেই আমাৰ হালোৱামখাৰ মাজতো হাঁহি আৰু উকিৰ মিচিল বৈ পৰিল। ৰোৱনীৰ কাষ চাপিবলৈয়ে ভয় হ’ল।জানোচা ওচৰ চাপিলেই বোকা ছটিয়ায়। এতিয়া যেন সকলোৱে সুযোগৰ অপেক্ষাত। কাষত কোনোজনক পালেই হ’ল। এনে কিছুমান সময় ,পৰিবেশ সৃষ্টি হৈছিল, য’ত খেতি খোলাৰ সময়ৰ ভাগৰুৱা দেহ মনক এইধৰণৰ ধেমালি বোৰে বৰ অপূৰ্ব আনন্দ যোগাইছিল। ইজনে সিজনৰ প্ৰতি থকা সহায় , মৰম, ভালপোৱা আৰু আন্তৰিকতাবোৰ উদ্বেলিত হৈছিল। জুলি বৌৰ সম্বন্ধীয় দুজনী ভনীয়েকো ৰুবলৈ আহিছিল। সেয়ে কথাৰ কাট মৰা, জোকৰা-জোকৰি অলপ বেছি হৈছিল। জুলি বৌৱে কঠীয়াৰ মুঠি কেইটামান বিচাৰি মোক মাতি থকাৰ বাবে ময়ো কঠীয়া মুঠি লৈ আগবাঢ়িব লগা হ’ল। বোকাৰ ছিটিকনি খোৱাৰ ভয়ত অলপ আঁতৰৰপৰাই কঠীয়া মুঠিবোৰ দলিয়াই দিছিলোঁ। এবাৰত মুঠি বোলাওঁতে আলহী ছোৱালী এজনীৰ ওচৰতে মুঠিটো পৰি তাইৰ নাকে-মুখে বোকাৰ ছিটিকনি পৰিল। হাঁউলি ৰুই থকাৰ পৰা পোন হৈ মোৰফালে ঘোপাহ কৰি একেথিৰে চকু ৰাখি চাই আছিল। অলপ সময়ৰ পিছত মিচিকিয়াই হাঁহি এটি মৰাতহে মোৰ বুকুৰ ধপধপনিটো কমিল। দুৰু দুৰুকৈ থকা মনটো অলপ ফৰকাল লাগিল। অচিনাকি গাভৰু ছোৱালী, বেয়াকৈ গালি -শপনি এটা খাম বুলি মনে মনে বহু ভয় লাগিছিল। কোৰ মাৰি থকাৰপৰা ৰোৱনীজাকলৈ চালেই তায়ো ঘূৰি ঘূৰি চাবলৈ ল’লে। চকুত চকু পৰিলেই মনটো উগুল-থুগুল লগা হ’ল। চকুৱে চকুৱে কথা ক’লে মৰমবোৰো বাঢ়ে। বুকুৰ মাজত এক শিহৰণ অনুভৱ কৰিবলৈ ল’লো। লাজো লাগে, ভয়ো লাগে।আমি হেনো প্ৰেমতে পৰিছোঁ, ভাবি ভাবি লাজতে মৰিছোঁ।
*******
6:02 PM
ভাল লাগিল।