পনীয়া সোণ-কুমকুম শৰ্মাবৰুৱা
দুলিয়াজান দুলিয়াজান
তেলৰ নগৰী,
আশে-পাশে আছে বহু
পনীয়া সোণৰ খনি।
১৮৬৬ চনতে জানা
মিষ্টাৰ গুডেনাফে ,
জয়পুৰৰ নাহৰপুঙত
প্ৰথমে তেল খান্দে।
ডিগবৈত প্ৰথমতে
বৃটিছ চাহাবে,
হাতীৰ খোজতে তেল
বিৰিঙা দেখে।
চতুৰ চাহাবে কয়
” ডিগ্ বয় ডিগ্ বয়,
সোণ আছে তলতে
দেখা নাই তই।”
১৮৯৯ চনত হয়
আছাম অইল কোম্পানী,
ভাৰততে নাম থয়
প্ৰথমে তেল খান্দি।
খনিজ তেলৰ পৰা
কি কি হয় বাৰু,
মমবাতি,কেৰাচিন
পেট্ৰ’ল,ডিজেল আৰু?
তেলৰ লগতে পাওঁ
প্ৰাকৃতিক গেছ,
ব্যৱহাৰ কৰোঁ আমি
বুলি ৰন্ধন গেছ।
তেল আকৌ কেনেকৈ
খান্দে জানো জানা ?
তিনিবিধ নলী আছে
তেল -গেছ টনা।
প্ৰথম নলীৰে গেছ
উলিয়াই লয়,
দ্বিতীয় নলীৰে পাছে
পানীহে ভৰায়।
তেল জানা পানীতকৈ
বহু পাতল হয়,
সেয়ে সকলো তেল আহি
পানীত ওপঙি ৰয়।
তৃতীয় নলীৰে মাথোঁ
তেল ওলাই থাকে,
পৃথিৱীৰ অভ্যন্তৰত
যিমান থাকে মানে।
*******