পৃথিৱীৰ সকলোতকৈ বেগী ট্ৰেইন মেগলেভ-নিদৰ্শন ৰুদ্ৰপতি
মানুহে আৰম্ভণিৰেপৰা ব্যৱহৃত যান-বাহনৰ বেগ বঢ়াবলৈ চেষ্টা কৰি আহিছে।আগতে খোজ কাঢ়িছিল,তাৰ পাছত গৰু গাড়ী,মটৰ গাড়ী,ট্ৰেইন,এৰ’প্লেন ইত্যাদি ব্যৱহাৰ কৰিবলৈ ধৰিলে।মানুহে পৃথিৱী এৰি চন্দ্ৰলৈ গৈ তাৰপৰাও ঘূৰি আহিল।এয়া বৰ্তমান যুগৰ প্ৰযুক্তিৰ বলত সম্ভৱ হৈছে।সময়ৰ লগে লগে মানুহে নতুন নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ কৰি আহিছে,যি কাৰণত সকলোবোৰ কাম আগতকৈ কম সময়ৰ ভিতৰত কৰিবপৰা হৈ উঠিছে।
বৰ্তমান আকাশীপথেৰে ভ্ৰমণেই হৈছে আটাইতকৈ বেগী ভ্ৰমণ কিন্তু সকলো ক্ষেত্ৰত এখন ঠাইৰপৰা আন এখন ঠাইলৈ এৰ’প্লেনেৰে যোৱা সম্ভৱ নহয়।ঘৰৰপৰা চাকৰিলৈ বা অন্য ঠাইলৈ যাবলৈ মানুহে বাছ বা মেট্ৰ’ৰ ব্যৱহাৰ কৰে।কিন্তু এই মেট্ৰ’ বা বাছৰ বেগ বৰ বেছি নহয় বাবে আমাৰ কেতিয়াবা পলমো হ’ব পাৰে।এনে কাৰণতে ‘মেগলেভ ট্ৰেইন’ আৱিষ্কাৰ কৰা হৈছে।ই ট্ৰেইন আৰু এৰ’প্লেনৰ এক অদ্ভুত সংমিশ্ৰণ।এক কথাত এই ট্ৰেইনখন ট্ৰেইনৰ দৰে চলে আৰু এৰ’প্লেনৰ দৰে উৰে।মেগলেভ ট্ৰেইন এতিয়া জাপান,চীন আৰু দক্ষিণ কোৰিয়াত চলে।এইখন ট্ৰেইনৰ বেগ ঘণ্টাত প্ৰায় ৬০৩ কিল’মিটাৰ।
মেগলেভ ট্ৰেইন ইলেকট্ৰ’মেগনেটৰ সহায়ত চলে।ট্ৰেইনৰ তলত আৰু ট্ৰেকত চুম্বক লগোৱা থাকে।ট্ৰেইনৰ চুম্বকবোৰক ঠাণ্ডা কৰি ৰখা হয়,যাৰ বাবে চুম্বকীয় শক্তি বাঢ়ি যায়।ট্ৰেকত লগাই থোৱা চুম্বকৰ বাবে ট্ৰেইনখন আগ-পিছ কৰিব পাৰে।ট্ৰেকৰ চুম্বকে ট্ৰেইনখন আগলৈ বা পিছলৈ ঠেলি দিয়ে।ট্ৰেকৰ দুয়োফালে চুম্বক লগোৱা বাবে ট্ৰেইনখনৰ এফাল চুম্বকৰ দিশে আহিলে আকৌ ট্ৰেকৰ মাজ গৈ পাব।এই ট্ৰেইনৰ ট্ৰেকত ইংৰাজী 8(Eight) ৰ আকাৰৰ এবিধ ধাতু লগোৱা থাকে।মেগলেভ ট্ৰেইনত দুযোৰ চুম্বক থাকে।প্ৰথমযোৰ চুম্বকে ট্ৰেইনখন ঠেলি দিয়ে আৰু দ্বিতীয়যোৰ চুম্বকে ট্ৰেইনখন ট্ৰেকৰপৰা অলপ ওপৰলৈ উঠাই দিয়ে।ট্ৰেইনখন এনেদৰে শূণ্যত চলি থাকিলে ঘৰ্ষণ কমি যায় আৰু সেইবাবে বেগ বাঢ়ে।দ্বিতীয়যোৰ চুম্বকে যেতিয়া ধাতুৰ আকৃতি পাৰ হৈ যায়,তেতিয়া ধাতুৰ স্বভাৱ
চুম্বকৰ দৰে হৈ পৰে।ট্ৰেকৰ চুম্বকে ট্ৰেইনৰ চুম্বকক ঠেলাৰ বাবে ট্ৰেইনখন ট্ৰেকৰ প্ৰায় ১০ ছেণ্টিমিটাৰমান ওপৰত উৰিবলৈ ধৰে।ট্ৰেকৰ দুয়োফালে দেৱাল থকা বাবে ট্ৰেইনখন পৰি যোৱাৰ সম্ভাৱনা নাথাকে।মন কৰিবলগীয়া কথাটো হ’ল ট্ৰেইনখন তেতিয়াহে উৰিব পাৰে যেতিয়া ই এটা নিৰ্দিষ্ট বেগত গৈ থাকে।সেয়ে ট্ৰেইখন ৰৈ থাকিলে বা লাহে লাহে চলিলে ই উৰিব নোৱাৰে।এই সাম্ভাব্য বিপদৰ সমাধান হিচাপে ট্ৰেইনখনত কিছুমান সৰু সৰু চকা লগোৱা হয়।লাহে লাহে চলিলে এই ট্ৰেইন চকাৰে চলে।যেতিয়া মেগলেভ ট্ৰেইনে সেই নিৰ্দিষ্ট গতিবেগ লাভ কৰে,তেতিয়া চকাবোৰ ভিতৰলৈ টানি সুমুৱাই দিয়াৰ ব্যৱস্থা আছে।যি নিৰ্দিষ্ট গতিবেগত এই মেগলেভ ট্ৰেইনে এই উৰন্ত অৱস্থা পায়,সেয়া প্ৰতিখন ট্ৰেইনৰ ক্ষেত্ৰত বেলেগ বেলেগ।এনে এক অভিনৱ প্ৰযুক্তি মানুহেই সৃষ্টি কৰিছে।এই মেগলেভ ট্ৰেইন ভাৰততো চলক,ইয়াক লৈ মই আশাবাদী।
*******