প্ৰণতিৰ চিঠি-সমুজ্জ্বল কাশ্যপ
প্ৰণতি,
মৰম লʼবা। বিয়াৰ দিন তেনেই ওচৰ চাপিল। বিয়াৰ আগত এইখন লিখি কিনো ক’বলৈ ওলাইছো বুলি ভাবিছা ছাগে, নহয়নে?
আচলতে কেইটামান কথা আছিল, কেনেদৰে আৰম্ভ কৰোঁ ভাবিহে পোৱা নাই। এইসময়ত এইবোৰ কিমান উচিত হ’ব সেয়াও নাজানো, কিন্তু বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খোৱাৰ আগতে দুটামান কথা তোমাক জনোৱা মোৰ কৰ্তব্য বুলি ভাবিছোঁ।
বাৰু, এটা সাধু কওঁ শুনা –
কেইবছৰমান আগৰ কথা।
সেইদিনা বতৰটো ডাৱৰীয়া। গৰুহাল এৰি দি ঘনকান্ত ডেকাই নাঙলটো লৈ পথাৰৰপৰা ঘৰলৈ আহি আছিল। তেনেতে পথাৰৰ দাঁতিত আধাখোলা অৱস্থাত পৰি থকা সৰু বাকচ এটা দেখি তেওঁৰ মনত কৌতুহলৰ সৃষ্টি হ’ল। বাকচটোৰ ওচৰ চাপি যিটো দৃশ্য দেখিলে, সন্তুলন হেৰুৱাই সি পৰি যোৱাৰ উপক্ৰম হ’ল। ততাতৈয়াকৈ কান্ধৰ নাঙলটো পথৰ কাষতে নমাই বাকচটো হাতত তুলি ইফালে সিফালে চাবলৈ ধৰিলে। সেই ঢলপুৱাতে ওচৰে পাঁজৰে কোনো নাছিল, তাতে বতৰটোও বেয়া। কি কৰিব কি নকৰিব একো ভাবি নাপাই মানুহজনে ঘৰলৈকে খোজ দিলে। ঘৰলৈ আহি পত্নীৰ সম্মুখত সকলো বিৱৰি কৈ লাহেকৈ বাকচটো খুলি দেখুৱালে। বাকচৰ ভিতৰত কি আছিল জানানে – কণমানি শিশু এটি। লেতেৰা বগা কাপোৰ এখনেৰে সৰ্বশৰীৰ ঢকা সদ্যজাত শিশুটো হাতত লৈ এইবাৰ মানুহগৰাকী কঁপিবলৈ ধৰিলে। মুহূৰ্ত্ততে কাৰ সন্তান, কিয় এনেদৰে লৈ আহিছে, কোনোবাই দেখিছে যদি কি ক’ব আদি বিভিন্ন প্ৰশ্নৰে গিৰিয়েকক ঠকা-সৰকা কৰি পেলালে। লাহে লাহে দুয়ো শান্ত হ’ল। শিশুটোক ওচৰৰ হাস্পতালত যথাসম্ভৱ শুশ্ৰূষা কৰালে। ওচৰৰে পুলিচ থানালৈও নিলে। কিন্তু সকলোৰে উপদেশ মতে শেষত তেওঁলোকে শিশুটোক নিজৰ সন্তানৰ দৰে তুলি-তালি ডাঙৰ কৰিবলৈ সাজু হ’ল।
ঘটনাৰ বিষয়ে অজ্ঞাত ল’ৰাজন লাহে লাহে ডাঙৰ হৈ আহিল, বিদ্যালয়লৈ গ’ল। পিছে পঢ়া-শুনাত ভাল নহ’ল আৰু বেয়া সঙ্গই লগ দিলে। কিশোৰ অৱস্থাত এগৰাকী বেয়া চৰিত্ৰৰ মহিলাৰ প্ৰেমত পৰি ঘৰ-বাৰী সকলোবোৰ এৰিলে। আনকি এদিন ঘনকান্ত ডেকাৰ দৰে মানুহজনক সকলোৰে সম্মুখত বেয়াকৈ কʼবলৈও কুণ্ঠাবোধ নকৰিলে।
কিন্তু সেই দেৱতুল্য ব্যক্তিজনে তাক কোনোদিনে একো নকʼলে। আনকি নিজ সন্তান ৰমেশৰ পঢ়া-শুনাৰ কথা চিন্তা নকৰি জীৱনৰ সাঁচতীয়া ধনেৰে গেলামালৰ দোকান এখন খুলি দিলে।
নৰিয়া গাৰে ঘনকান্ত ডেকাৰ পত্নীয়ে এদিন তাক সকলো খুলি কৈছিল। কথাখিনি শুনি সি অনুতপ্ত হ’ল, লাজ-অপমানত জৰ্জৰিত হৈ নিজকে নিজে কষ্ট দিবলৈ ধৰিলে।
লাহে লাহে তাৰ নতুন জীৱনৰ আৰম্ভণি হ’ল। সকলোৰে পৰা আতঁৰি আহিল সি। পুনৰাই সেই মহিলাগৰাকীৰ ওচৰলৈ আৰু কোনোদিনে নোযোৱাৰ সিদ্ধান্ত ল’লে আৰু দেউতাকে কষ্টৰে বনাই দিয়া দোকানখনত একাত্ম হৈ পৰিল।
হয়তো ভাবিছা,এই কাহিনীটো তোমাক কিয় কʼলো! নহয়নে? আচলতে এইটো সত্য ঘটনা। ঘনকান্ত ডেকাই তুলি-তালি ডাঙৰ-দীঘল কৰা সেই শিশুটোৱেই আজিৰ প্ৰণৱ ডেকা; এই গেলামালৰ দোকানী, তোমাৰ হ’বলগীয়া স্বামী। মই আচলতে কোন, কʼৰপৰা আহিছোঁ বা মোৰ পিতৃ-মাতৃয়ে কিয় তেনেদৰে মোক মৰিবলৈ এৰি থৈ গৈছিল আজিও নাজানিলোঁ। তোমাৰ ভাবী শহুৰ-শাহুৰ ওচৰত মই চিৰদিনলৈ ঋণী। সেয়া পৰিশোধ কৰা এই জনমত অসম্ভৱ। তোমাক দেখি ভাল লাগিল যদিও বিয়াৰ কথা কোৱাৰ সাহস নাছিল৷ এদিন তেওঁলোকৰ ইচ্ছামতেহে বিয়াৰ প্ৰস্তাব লৈ তোমাৰ ওচৰ চাপিছিলোঁ৷
এতিয়া কথা হ’ল ইমানখিনি জনাৰ পিছত তুমি আমাৰ এই সম্বন্ধত মত দিবানে? নাজানো।মোৰ পিতৃ-মাতৃয়ে এইবোৰ কথা কাৰো আগত নজনালে, কিন্তু বিবাহৰ বান্ধোনত বান্ধ খোৱাৰ আগতে মোৰ বিষয়ে তুমি ভালদৰে জনাটো আৱশ্যক বুলি কথাখিনি লিখিলোঁ। তোমাৰ সিদ্ধান্ত যিয়েই নহওক কিয়, সম্পূৰ্ণ সন্মান জনাই সহযোগ কৰিবলৈ ৰাজী আছোঁ।
তোমাৰ কুশল কামনা কৰি উত্তৰৰ বাবে বাট চাই থাকিলোঁ।
ইতি
প্ৰণৱ।
______________________________________________
প্ৰণতিৰ উত্তৰ
শ্ৰদ্ধাৰ প্ৰণৱ,
সেৱা ল’ব।
আপোনাৰ চিঠিখন পঢ়ি বহু সময় চিন্তা কৰি বহি থাকিলোঁ। এইখিনি আগতে কিয় কোৱা নাছিল বাৰু? যিয়েই নহওক, বিয়াৰ আগতে দুয়ো ইজনে সিজনৰ বিষয়ে জনা নিতান্তই আৱশ্যক। মোৰো হয়তো আপোনাৰ দৰে কিবা ক’বলগীয়া থাকিব পাৰে, যিটো কথা এই চিঠিখন নাপালে ময়ো ক’বলৈ সাহস গোটাব নোৱাৰিলোঁহেতেন।
ময়ো এটা সৰু কাহিনী কʼমনে?
আপোনাৰ জীৱনত অহা সেই মহিলাগৰাকীৰ দৰেই এদিন মোৰ জীৱনলৈও আহিছিল বিকাশ চাৰ। তেওঁ আমাৰ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। দেখিবলৈ ভাল, স্বভাৱ চৰিত্ৰও বেয়া নহয়৷ সকলো ছাত্ৰ-ছাত্ৰীকে বৰ মৰম কৰে। সেই মৰমতে গলি পমি ময়ো ক্লাছৰ বাহিৰে ভিতৰে কেৱল তেওঁকেই চাই থকা হলোঁ। তেওঁ ক্লাচত দেৰিকৈ সোমালে মনটো উখল-মাখল লাগে। লগৰবোৰৰ মুখত তেওঁ অবিবাহিত বুলি গম পাইছিলোঁ। সেই কথাটোৱে মনটো চঞ্চল কৰি তুলিছিল আৰু এসময়ত সপোনে-দিঠকে মাথোঁ তেওঁৰ লগতেই থাকিবলৈ পণ লৈ পেলালোঁ। এদিন সাহস কৰি তেওঁক মনৰ কথাবোৰ খুলি কৈছিলোঁ। তেওঁ মোক নিজৰ মনৰ কথাবোৰো ক’লে। তেনেদৰে আমাৰ সম্পৰ্ক আগুৱাই গ’ল।
ঘৰৰ সকলোৰে অসন্মতিত এদিন ছাৰৰ লগত বিয়াত বহিলোঁ। মা-দেউতাই শিক্ষাগুৰুৰ সৈতে বিয়া দিবলৈ যে কোনোপধ্যেই ৰাজী নাছিল।
আচৰিত হৈছে নহয়? মই আগতে বিবাহপাশত আবদ্ধ হোৱা বুলি আপুনি কেনেকৈ জানিব!
এদিন আমাৰ সংসাৰলৈ অয়ন আহিল। সৰুৰেপৰা চাকৰি কৰিবলৈ হেঁপাহ এটা পুহি ৰাখিছিলোঁ। অয়ন অলপ ডাঙৰ হ’লে চাকৰি বিচাৰিম বুলি বিকাশৰ আগতো কৈছিলোঁ। কিন্তু আমাৰ সুখৰ সংসাৰখনত কেৰোণ লাগিবলৈ মোৰ সেই অকণমানি ইচ্ছাটোৱেই যথেষ্ট হ’ব বুলি সপোনতো ভবা নাছিলোঁ। লাহে লাহে বিকাশৰ লগত সৰু ডাঙৰ কথাত মনোমালিন্য হ’বলৈ ধৰিলে। মই চাকৰি কৰিবলৈ ঘৰৰ বাহিৰলৈ যোৱাটো তেওঁ হেনো বিচৰা নাছিল। মনটো মাৰি চাকৰি নকৰোঁ বুলিও ক’লো৷ কিন্তু সেই যে এবাৰ তেওঁৰ মোৰ প্ৰতি বেয়া ভাৱ এটা সোমাল, তেওঁ আৰু কোনোদিনেই মোক ভাল ভাৱে চাব নোৱাৰিলে। কাজিয়া কৰা হ’ল, মদ খাবলৈ ধৰিলে। সৰু-বৰ কথাতে মোৰ ওপৰত চৰ-ভুকু আদিও পৰিবলৈ ধৰিলে।
আৰু এদিন —
মদৰ নিচাত সন্ধিয়া ঘৰলৈ ওভতিছিল তেওঁ, পিছফালৰ পৰা হৰ্ণ বজাই থকা ট্ৰাকখনৰ শব্দ নুশুনিলে। তেওঁ ঘৰলৈ ঘূৰি নাহিল; নিয়তিয়ে অয়নৰ দেউতাকক কাঢ়ি লৈ গ’ল। বহুত কান্দিলো। মা-দেউতাক অমান্য কৰি নিজৰ পছন্দমতে বিয়া হোৱাৰ পৰিণাম হয়তো মোৰ বাবে অভিশাপ হৈ পৰিছিল। এদিন দেউতাই অয়ন আৰু মোক পুনৰ ঘৰলৈ লৈ আহিল। নিজৰ সন্তানক কোন পিতৃ-মাতৃয়েনো অকলে এৰিব পাৰিব, নহয়নে?
অয়নক মই এৰিব নোৱাৰোঁ, কিন্তু মা-দেউতাৰ কথামতে আপোনাৰ সৈতে বিয়া হ’ম বুলিও কথা দি পেলালোঁ। এই কথাখিনি আপোনাক খুলি ক’ম বুলি লিখিও বহুদিন বহুকেইখন চিঠি ফালি পেলাইছোঁ। আপোনাৰ দৰে সহজ-সৰল ব্যক্তি এগৰাকীক মিছা কথা কৈ বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খাবলৈ হয়তো মোৰ অসুবিধা হ’ব।
আপোনালৈ এটা অনুৰোধ – মোৰ এই দোমোজাটো ভঙাত সহায় কৰিবনে? মোক বিয়া নকৰাওঁ বুলি ক’বনে মোৰ পিতৃ-মাতৃৰ ওচৰত? মই যে অয়নক এৰি এক মুহূৰ্তও থাকিব নোৱাৰিম, সি তেনেই অকণমানি!
আপোনাৰ উত্তৰৰ বাবে বাট চাই থাকিম।
ইতি
প্ৰণতি
*******
11:29 AM
বৰ সুন্দৰ চিঠি।