প্ৰত্যাশা-হৰগোবিন্দ দাস
তোমাৰ মায়াসনা স্মৃতিত
আহিনৰ বৰষুণ জাকৰ দৰেই
ধাৰাসাৰে সৰা চকুলোত
চাদৰৰ আঁচল তিতা
বৰ লুইতৰ গৰা খহাদি
চপৰা চপৰে খহে
সুকোমল কলিজাটি
উজাগৰী নিশা কাটে
প্ৰত্যাশাৰ অন্ত নাই
জানোচা –
নঙলাৰ শব্দই
বাতৰি দিব
তুমি কুশলে থকাৰ
তুমি উভতি অহাৰ
তুমি উভতি অহাৰ৷৷
*******