পৰুৱা আৰু ওকণিৰ আত্মকথা-শুভ বৰা শইকীয়া
*পৰুৱা —-
হেৰা বিহা ভনী, তুমিনো কি চিন্তাত ইমান মগ্ন হৈ আছা? মাতি থাকোতেও অকণো গুৰুত্ব দিয়া নাই । কি হ’ল, কিবা নতুন সমস্যাত পৰিছা নেকি?
*ওকণি —-
এহ্ নক’বা আৰু ককাই । মনত অলপো শান্তি নোহোৱা হৈছে। তোমাৰ পলম নহয় যদি অলপ ৰ’বা । মোৰ মনত থুপ খাই থকা দুখৰ কথাখিনি তোমাক কৈ মনটোকে অলপ পাতলাই লওঁ। এষাৰ কথা আছে নহয় বোলে….
‘ক’লেও আয়ে কিল খায়, নক’লেও বোপায়ে চুৱাতে খায়।’
ককাই,তুমিতো জানাই আমি পৰজীৱী প্ৰাণী। মানুহৰ মূৰৰ চুলিত আমি বাস কৰোঁ। যিমানেই চুলি লেতেৰা হৈ থাকে আমি বেছি সবল হৈ থাকোঁ। আগতে মানুহে আমাক লৈ ব্যস্ত হৈ থাকে আৰু সেয়ে আমি ভাল পাইছিলোঁ। চুবুৰীৰ তিনি-চাৰিজনী মহিলা লগ হৈ আমাক মাৰে, আমি ইমান গুৰুত্ব নিদিওঁ।কিছুমানে খেপিয়াই, কিছুমানে খুটিয়াই , কিছুমানে ঘন ফণীৰে খহাই মাৰে।তেতিয়া আমাৰ গাত লগা নাছিল বাকী থকাখিনিয়ে পুনৰ বংশ বিস্তাৰ কৰিছিলোঁ।
ন-কইনাবোৰৰ মূৰত থাকি আমি বেছি আৰাম পাইছিলোঁ। বোৱাৰী পুৱাতে চুলি তিয়াই গা ধুইছিল। বোৱাৰীয়ে চুলি মেলি থোৱাতো অমংগল বুলি কয়। সেইকাৰণে তিতা চুলি খোপা বান্ধি থৈছিল।গেলেপা লাগি থকা বাবে লেতেৰা হয়। আমি লেতেৰা চুলিত থাকি ভাল পাওঁ।তেতিয়া আমাৰ ভোগেই ভোগ। অন্তহীন সুখত সুখী হৈ থাকোঁ। আগতে মূৰত আমি থকা আলহী আহি, আমি নথকা জনীৰ চুলিত সচঁ দি থৈ যায়। তেতিয়া আমাৰ বংশ বৃদ্ধিত সুবিধা হয়। আমাৰ মনটো আনন্দেৰে ভৰি পৰিছিল। অ’ এটা কথা কৈ থওঁ, আমি ডাঠ চুলিতহে নিৰাপদে থাকিব পাৰোঁ। কাৰণ পাতল চুলিত থাকিলে খুটিয়াই একেদিনাই মাৰি পেলায়।
ককাই,মোৰ আচল সমস্যাটোৰ কথা কওঁ শুনা। এতিয়া আগৰ দিন-কাল উকলিল। মংগল-অমংগলৰ কথা এতিয়া নাই। বোৱাৰীহঁতে আজিকালি খোপা বান্ধিবলৈ এৰিলে।চুলিবোৰো চুটিকৈ কাটিবলৈ ল’লে। সকলো সময়তে চুলি মেলি ৰাখে। আমাৰ থকা ঠাই আৰু খাদ্যৰ অভাৱ হ’ল।কোনেনো কালৈ চিন্তা কৰিব?ক’ৰবাত কেনেবাকৈ আমাৰ নিৰাপদ আশ্ৰয়।এতিয়া যি দেখিছোঁ আমাৰ পৰিয়ালৰ বিহা,ডেকেৰুৱা,পিজলা,লেখি কোনো জীয়াই নাথাকিব। সেইবোৰ চিন্তাই মোক খোৱা-শোৱা নাইকিয়া কৰিছে জানা! আমিও মানুহৰ অপকাৰ কৰোঁ বাৰু কিন্তু তুমিয়েই কোৱাচোন ককাই, আমাৰ দোষতকৈ বাৰু দণ্ড বেছি হোৱা নাইনে? আমাৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা হ’ব তাকে ভাবি ভাবি বাটলৈ ওলাই আহিছিলোঁ। তোমালোকেহে নিশ্চিন্ত মনেৰে থাকিব পাৰা। আমাৰ দৰে কোনো সমস্যাৰ সন্মুখীন হ’ব লগা নহয়।
*পৰুৱা —–
আমাৰ দুখো কম নহয় দিয়া। সকলো নীৰৱে সহ্য কৰিছোঁ আৰু। বাৰিষা কষ্টেৰে গোটাই থোৱা খাদ্য সামগ্ৰীৰে খৰালিৰ দিনকেইটাত খাই-বৈ শান্তিৰে থাকোঁ। তাকে বোলে “কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল” হ’ল। আগতে মানুহে মলঙি যোৱা গুৰ খাইছিল, আমিও সমানে ভাগ পাইছিলো।চাউল, গাখীৰ, মিঠাতেল, গুৰ য’ত যি পাইছিলো তাত আমাৰ পূৰা ৰাজত্ব চলে। আমাক আঁঁতৰাবলৈ হালধিৰ গুড়ি ছটিয়াইছিল নাইবা ভৰিৰে আমাক মোহাৰি মাৰিছিল। বস্তুৰ ওপৰত সামান্য ঢাকনি দিছিল। মানুহবোৰ সিমান সাৱধান নাছিল। এতিয়া মানুহবোৰ বৰ সাৱধান আৰু সচেতন হ’ল।একো বস্তুত আমি বগাব পৰাকৈ তলত নোথোৱা হ’ল।আজিকালি কণ্টেনা নেকি সেইটোত বস্তু ভৰাই টানকৈ সাফৰ মাৰি থ’বলৈ ল’লে। আমালৈ দয়া,মমতা নাইকিয়া হ’ল।আমি থকা মাটিৰ গাঁত পুতি মজিয়া পকী কৰিলে, য’ত আমাৰ প্ৰৱেশ নিষেধ।পেলনীয়া খোৱা বস্তু পেলাই নিদি একে ঠাইতে ডাষ্টবিন নে কি সেইটোত সাফৰ মাৰি থ’বলৈ ল’লে।নথৈ কি কৰিব?পেলাবলৈ ঠায়ো হ’ব লাগিব নহয়। মুঠতে আমাক কোনোফালে শান্তি নিদিয়া হ’ল। গাড়ী চলোৱাৰ উৎপাতত কেনিবা ওলাই যাবলৈও ভয় হ’ল। আমাৰ কিমান গাড়ীৰ চেপাত, মানুহৰ গচকত মৰিছে তাৰ সীমা সংখ্যা নাই। মানুহহে বাঢ়িছে মাটি বঢ়া নাই নহয়। আমাৰ আশ্ৰয়স্থল গছ-বিৰিখ কাটি ওখ অট্টালিকা সাজিছে। এফালৰপৰা চাবলৈ গ’লে সিহঁতৰো জানো সুখ শান্তি আছে? গছ নাইকিয়া হৈছে, উত্তাপ বাঢ়িছে।গৰমত ছটফটাই থাকি সিহঁতেও কমখন কষ্ট পোৱা নাই দেই। নানা বেমাৰে আগুৰি ধৰিছে। অপৰাধী, নিৰপৰাধী সকলো মাহ মাহ ধৰি ভিতৰত আৱদ্ধ হৈ থাকিব লগা হৈছে।কোনো কাৰো ওচৰলৈ যাব নোৱাৰা হৈছে, সেয়া সিহঁতৰ ভুলৰ বাবে নহয় জানো?
*দুয়ো একেলগে —
এতিয়া আমি আমাৰ অসুবিধাৰ কথা ভাবি দুখ নকৰোঁ। আমিও মানুহক ক’ম, আমি তোমালোকক আমনি কৰা নাছিলোঁ দেই। আগতে যি ভোগ কৰিলোঁ, কৰিলোঁ আৰু। এতিয়া সেইবোৰ চিন্তা কৰি লাভ নাই। যি পাইছোঁ তাতে সুখী হ’ম। নোপোৱাৰ বেদনাত বুকু ভাঙি কান্দি কিবা লাভ হ’ব জানো? দুয়ো মনৰ ক্ষোভ উজাৰি কথা পাতি মনটো অলপ পাতল পাতল যেন অনুভৱ কৰিলেও ভৱিষ্যতৰ নিৰাপত্তাৰ কথা ভাবি গভীৰ চিন্তাত মগন হ’ল।
*******