বহুদিন বকুলৰ মালা গঁথা নাই -সমুজ্জ্বল কাশ্যপ
(১)
বকুল আৰু মালা।
মথাউৰিটোৰ তললৈ বৃহৎ গছজোপাৰ পিছফালে নীৰৱে বৈ থকা নৈখন সম্মুখত লৈ দুয়োটা বহিছে। নৈৰ পানীৰপৰা ছিটিকি আবেলিৰ বেলিটোৰ ৰাঙলী আভাখিনি তেতিয়া দুয়োৰে গালে মুখে।
মুখত এটাৰো মাত নাই। মালাৰ সোঁহাতখন হাতৰ মাজত আলফুলে সাবটি বকুলে তাইৰ অনামিকা আঙুলিটোত পিন্ধি থকা কণমানি আঙুঠিটো লিৰিকি বিদাৰি আছে। তাৰ বাওঁকান্ধত মূৰটো পেলাই কাষ চাপি আহিছে মালা। থোকাথুকি মাতেৰে কিবা ক’ব খুজিছে তাই, কিন্তু ক’ব পৰা নাই। কেৱল তাৰ চকুলৈ চাই ৰৈছে।
সন্ধিয়া লাগিল। পথাৰৰ গৰু ছাগলীবোৰ পোৱালি সহিতে ঘৰাঘৰি হ’ল। সিহঁত দুয়ো তেতিয়াও বহিয়েই আছিল। তেনেদৰে বহু সময় থকাৰ পিছত কঁপা মাতটোৰে তাই ক’লে –
: যাবৰ সময় হ’লেই!
: ওম্! চাওঁতে চাওঁতে ছুটীবোৰ শেষেই হ’ল!
মাটিৰপৰা শিল এটা বুটলি পানীলৈ দলিয়াই বকুলে হয়তো মনৰ সমস্ত ক্ষোভবোৰ উজাৰিব বিচাৰিলে।
: আকৌ কেতিয়াকৈ লগ হ’ম? এইবাৰ সোনকালে আহিব নোৱাৰিবা?
: চেষ্টা কৰিম, কথা নিদিওঁ। কথা দি ৰাখিব নোৱাৰিলে…….. কষ্ট হয়!
মালাৰ দুচকুত বিৰিঙি উঠা মুকুতাৰ মালাধাৰ আন্ধাৰৰ মাজতো জিলিকি উঠিছিল। আলফুলে তাইক বুকুৰ মাজলৈ চপাই আনি গাল দুখন মচি দিলে বকুলে।
মালাৰ ওঁঠ দুটা কঁপি উঠিল। ক’বলগীয়া বহুতো কথা তেতিয়াও বুকুৰ মাজত সোমাই আছে, সময়বোৰহে ক্ষিপ্ৰতাৰে আগুৱাই গৈছে। চকুৰ আগতে এটা মাহ কেনেদৰে পাৰ হ’ল তাই গমকে নাপালে।
অহা মাহত সিহঁতৰ বিয়াৰ তিনি বছৰ হ’ব। এই সময়খিনিৰ ভিতৰত এয়া তৃতীয়বাৰলৈ দুয়ো দুয়োকে ওচৰত পাইছে; হয়তো এইবাৰেই অলপ দীঘলীয়াকৈ বকুল ঘৰত আছে।
সি সেনাত কাম কৰে। ছত্তিছগড়ৰ হাবিত ডিউটি। মাওঁবাদী সকলৰ বিৰুদ্ধে গঠন কৰা এটা বিশেষ বেটেলিয়নত তাৰ চাকৰি। তিনিবছৰলৈ সিহঁতে বদলিৰ বাবে আবেদন কৰিবও নোৱাৰে। বৰ্তমান এমাহৰ ছুটীত ঘৰত আছেহি। ছুটী শেষ কৰি পুনৰ চাকৰিত যোগ দিয়াৰ পিছত হয়তো নতুন ঠাই এখনলৈ যাবগৈ লাগিব।
বকুল যোৱাৰ পিছত বাৰীৰ পিছফালৰ মথাউৰিটো আৰু নৈখনেই মালাৰ সঙ্গী হৈ পৰে। বকুলৰ মাকৰ লগত তাইৰ মনৰ অমিল; মানুহজনীৰ খিংখিঙিয়া স্বভাৱটোৰ বাবে পৰালৈ তাই আঁতৰি থাকে। দেউতাক ঢুকুৱাৰ পিছৰপৰাই মানুহজনী তেনেকুৱা হোৱা কথা বকুলৰ মুখত শুনিছিল।
মাকে অনবৰতে কিবাকিবি শুনাই থাকে যদিও ওলোটাই তাই কেতিয়াও একো নকয়। ঘৰত তেওঁলোক দুগৰাকী অকলে। বেলি ডুবাৰ আগতে আটাইবোৰ কাম-বন শেষ কৰি গৰু দুটা আনিবলৈ যোৱাৰ ছলেৰে সন্ধিয়াটো তাই নৈখনৰ পাৰত বহি কটায়; বকুলৰ কথা মনত পেলাই কান্দে। নৈখনেও তাইৰ চকুপানীখিনি বুকু পাতি, সঙ্গী হৈ ৰয় মালাৰ দিনৰ পিছত মাহযোৰা অপেক্ষাৰ।
বকুল ঘৰত থাকিলে মাকজনী অনবৰতে লগতেই লাগি থাকে, তাক যেন এপলকো চকুৰ আঁতৰ হ’বলৈকে নিদিব। নিশা এপৰলৈকে জুহালত মাক পুতেকৰ গল্প চলে; আৰু ভিতৰৰ সেমেকা বিছনাখনত ছাটিফুটি কৰি মালা বাগৰি ৰয়। মাজনিশা সি ভিতৰ সোমোৱালৈ হেজাৰটা অভিমান বুকুত বান্ধি তাই টোপনিৰ কোলাত ঢলি পৰে।
বকুল যোৱাৰ সময় ওচৰ চাপি অহা কথা ভাবিলে মালাৰ বুকুখন কঁপি উঠে। যোৱা চাৰি পাঁচদিন তাই বকুলক নৈৰ পাৰলৈ মাতি আনিছে। দুয়োটা তাতেই বহিছে সন্ধিয়াটো। নিৰলে কটাইছে কিছু সময়। এই সময়খিনি এৰি যাবলৈ এটাৰো মন নাই। সিহঁতৰ মৰমৰ সাক্ষী নৈখনেও যেন দুয়োকে আকোঁৱালি লৈছে বুকুৰ মাজত।
মালাৰ চকুপানীৰে বকুলৰ বুকুখন ভিজি গৈছিল। চকু দুটা তাৰো সেমেকা। কিন্তু তাৰ চকুত পানী দেখিলে মালা আৰু ভাঙি পৰিব বুলিয়েই সি কিবাকিবি কথাৰে তাইৰ মনটো ভাল লগাবলৈ চেষ্টা কৰি থাকিল।
: বেলি কেতিয়াবাই পৰিল, ভালেখিনি আন্ধাৰো হ’ল। ঘৰলৈ নেযাৱ নেকি?
মালাৰ গালদুখন দুহাতৰ মাজত লৈ তাইৰ চকুতে চকু থৈ হাঁহি হাঁহি ক’লে সি। একো উত্তৰ নিদি তায়ো বকুলৰ হাতদুখনৰ মাজত নিজৰ গালখন হেচি ধৰি থাকিল। কিবা এটা ক’ব খুজি তাৰ চকুদুটালৈ চাই ৰ’ল।
: আৰু অলপ সময় থাকোঁ দিয়া না, আকৌ কেতিয়ালৈ বা লগ হওঁ!
কথাখিনি কৈ মনৰ মাজত চেপি ৰখা কান্দোনটো আৰু বাধা দিব নোৱাৰিলে তাই। ভাঙি পৰিল মালা। বেদনাবোৰ হুকহুকাই ওলাই আহিল। বকুলৰ বুকুলৈ কুচিমুচি সোমাই গ’ল ছোৱালীজনী।
: গৰুকেইটা নিজে নিজে ঘৰ পালেগৈ কিজানি! ব’ল আমিও যাওঁ। এনেদৰে সৰু ছোৱালীজনীৰ দৰে কান্দি থাকিবিনে?
বকুলে পৰিবেশটো পাতলোৱাৰ চেষ্টা কৰিছিল যদিও তাই আৰু জোৰেহে তাক সাৱতি ধৰিলে। মনৰ মাজৰ ধুমুহা জাকৰ পৰা পৰিত্ৰাণ বিচাৰি সিয়ো মালাক আকোঁৱালি তাতেই বহি ৰ’ল।
: আন্ধাৰত সেইদুটা কোন অ’? এনেদৰে কিয় জুপুকা লাগি বহি আছ?
মথাউৰিৰ ওপৰৰ পৰা অহা মাতটোত দুয়োৰে সম্বিত ঘূৰি আহিল। কিমান সময় তেনেদৰে আছিল সিহঁতৰ মনত নাই। পানীৰ ওচৰৰপৰা দুয়ো ইটোৱে সিটোৰ হাতত ধৰি লাহে লাহে মথাউৰিৰ ওপৰলৈ উঠি আহিল।
: অ’ তহঁত দুটা! ইয়াত এনেদৰে ভূতৰ নিচিনাকৈ কিয় বহি আছিলি? সিফালে মাৰাই বিচাৰি হাঁহাকাৰ। মই বোলো ময়েই অলপ বিচাৰি আহোঁগৈ। গৰু চপাবলৈ আহি দুয়োটা নোহোৱা হৈ থাকিলি যে! ঠাণ্ডা লগা নাই নে ইয়াত?
তিনিবেটাৰী টৰ্ছটোৰ পোহৰত দুয়োৰে মুখদুখন ভালদৰে চাই যাদৱ খুৰা নিশ্চিত হ’ল।
: আহ আহ, ঘৰলৈকে আহ। পুৱাই যাবিগৈ নহয়! সোনকালে ভাতকেইটা খাই শুই থাকিব লাগে এতিয়া।
মানুহজনৰ পিছে পিছে দুয়ো অনিচ্ছাস্বত্বেও ঘৰলৈ আগবাঢ়িল। দুয়োৰে খোজবোৰ ঢলং পলং; যাবলৈ এটাৰো মন নাই। বকুলৰ বাওঁ হাতখন মালাৰ হাতৰ মুঠিত, শৰীৰৰ সমস্ত শক্তিৰে তাই হাতখন খামুচি ধৰিছিল।
****
যোৱাৰ সময় পালেহি।
ধূলি উৰুৱাই বাছখন আহি চ’কটোত ৰ’ল। উশাহ নিশাহবোৰ ঘন হোৱাৰ লগে লগে তাইৰ সেমেকা চকুহালো কঁপি উঠিল। কাষলৈ চাপি গালৰ ওপৰত বিৰিঙি উঠা চকুপানী দুটোপাল চাদৰৰ আঁচলটোৰে মচি ললে। মিচিকিয়া হাঁহিৰে মনৰ মানুহজনক বিদায় দিবলৈ চেষ্টা কৰিলে যদিও ব্যৰ্থ হ’ল মালা। চকুপানীবোৰ চোন শেষেই নহয়।
ইতিমধ্যে হেন্দিমেনজনে হাতৰপৰা বেগটো লৈ পিছফালেৰে ওপৰলৈ উঠাই দিছিল। ল’ৰাজনে আহি সোনকালে গাড়ীত উঠিবলৈ কোৱাত তাই বকুলক সাবটি ধৰিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, লাহে লাহে কান্দোনত ভাঙি পৰিব ধৰা ছোৱালীজনীক বুকুৰ মাজৰপৰা আঁতৰাই বকুলে বাছখনৰ দুৱাৰত ওলমি দিলে। ধূলিবোৰ উৰুৱাই ৪০৭খন আগুৱাই গ’ল। সি ডিঙি মেলি পিছফালে চাইছিল যদিও ধূলি আৰু ধোঁৱাৰ মাজেৰে কাৰো উপস্থিতিৰ উমান নাপালে।
হয়তো তাই একেথৰে ৰৈ আছিল তাত, হয়তোবা দৌৰি আঁতৰি গৈছিল চকুত এখন সাগৰ লৈ।
বাছখনৰ ভিতৰলৈ টেপৰেকৰ্ডাৰটোত বাজি আছিল..
“কহুৱা বনৰ আঁৰে আঁৰে
এজাক বলিয়া ধুমুহাই
কাঢ়ি নিব খোজে
হৃদয় মোৰ
মৰম লগাই লগাই…..“
(২)
আহমেদে ডায়েৰীখন সামৰি চেল্ফৰ ওপৰতে অন্যান্য সামগ্ৰীবোৰৰ মাজত থৈ দিলে। আঘাটপ্ৰাপ্ত ভাৰতীয় সৈনিকসকলক চোৱা-চিতা কৰাৰ দ্বায়িত্বত এইটো তাৰ দ্বিতীয় দিন৷ নাকত ৰুমালখন লৈ বন্দীগৃহটোৰ মাজেৰে দুবাৰমান অহা-যোৱা কৰি ল’ৰাটো বাহিৰলৈ ওলাল; ভিতৰত পৰি থকা অৰ্ধমৃত সৈনিকসকলক দেখি বুকুখন বিষাই গৈছিল৷
নাছেৰ আহমেদ। তেনেই সৰু ল’ৰাটো৷
সেনাৰ পোছাকযোৰৰ মাজেৰে ফুলকুমলীয়া মনটোৱে যেন চটফটাই আছিল৷ জোৱানকেইজনৰ চিৎকাৰ শুনি, জীৱনৰ প্ৰতি হতাশাগ্ৰস্ত হৈ পৰা তেওঁলোকৰ মুখকেইখন দেখি প্ৰথম দিনাই তাৰ কান্দোন ওলাই আহিছিল৷
তেওঁলোকলৈ চাই সি মনতে ভাবে –
’এই যুদ্ধবন্দীবোৰ হয়তো তাৰদৰেই কোনোবা মাতৃৰ নয়নৰ মণি, কাৰোবাৰ সিৰৰ সেন্দুৰ বা আন কাৰোবাৰ হাতৰ লাখুটি নহয়জানো!’
কাশ্মীৰৰ সীমান্তবৰ্তী অঞ্চলসমূহত পৰিবেশ অশান্ত৷ ঠায়ে ঠায়ে বোমাবৰ্ষণ, গুলিয়াগুলিৰ আঘাতত বহুলোকে প্ৰাণ হেৰুৱাইছে, অজস্ৰলোক সামৰিক বন্দী হৈ পৰিছে৷ সীমান্তৰ দুয়োফালে একেই৷ যুদ্ধ শেষ হোৱাৰ কোনো খবৰ নাই। নিৰ্দিষ্ট কিছুসংখ্যক লোকৰ ৰাজনৈতিক লাভালাভৰ বাবে অগণন নিৰ্দোষী মানুহক মৃত্যুৰ আগলৈ আগবঢ়াই দিয়া সকলে যুদ্ধখন শেষ কৰিবলৈ কিবা উপায় অৱলম্বন কৰিছে নে নাই সেয়া সাধাৰণ মানুহৰ পক্ষে জনাটো অসম্ভৱ।
সীমাৰ দুয়োফালে হাজাৰ হাজাৰ লোক কাৰাবন্দী। এতিয়ালৈ যুদ্ধৰ অনুমতি নোপোৱা বাবে তেনেকুৱা এটা বন্দীগৃহৰ তদাৰকী হিচাপে মোতায়েন কৰা হৈছে আহমেদক৷ পাকিস্তানী সেনাবাহিনীত অন্তৰ্ভুক্ত হোৱা দুমাহ হৈছে মাত্ৰ তাৰ।
: আ….আ….আ…..হ!
চিঞৰটো ভাঁহি অহা দিশেৰে দৌৰমাৰি আহমেদ সোমাই গ’ল৷
: সহায় কৰক৷ কোন আছে?
আহমেদৰ সম্মুখত এগৰাকী ভাৰতীয় সৈনিক যন্ত্ৰণাত চটফটাই আছিল৷
: কেনেদৰে সহায় হ’ব পাৰো? কি হ’ল?
সৈনিকজনৰ ওচৰলৈ আহি অতি নম্ৰভাৱে প্ৰশ্ন কৰিলে সি৷ বয়সত তেনেই সৰু ল’ৰাজনক সম্মুখত দেখি সৈনিকে মূৰ তুলি চালে৷ শাৰীৰিক অক্ষমতাতকৈও মানসিক ভাবেহে যেন বেছি ভাঙি পৰিছিল তেওঁ৷
: মোক মাৰি পেলোৱা৷ ইয়াত এনেদৰে কাপুৰুষৰ দৰে পৰি থাকিবলৈ নিদিবা৷ গুলিয়াই শেষ কৰি দিয়া মোক৷
: এয়া কি কৈছে আপুনি৷ আপোনাক জীয়াই ৰখাটো মোৰ কৰ্ত্তব্য আৰু ওপৰৱালাৰ আদেশ৷
: তোমাৰ ওপৰৱালাক কৈ দিয়া, মই মৰিবলৈ বিচাৰিছো। হয় মোক মুকলি কৰি দিয়া আৰু নহ’লে মৃত্যুদণ্ড দিয়া।
সৈনিকৰ অদ্ভুত আবেদনত আহমেদ আচৰিত হ’ল৷ সামৰিক নীতি নিৰ্দেশনাবোৰ সি নুবুজে যদিও এইটো ভালদৰেই বুজে যে ওপৰৱালাৰ আদেশ অমান্য কৰাৰ সাহস তাৰ নাই, ইয়াৰ পৰিণতি কেনে ভয়ঙ্কৰ হ’ব পাৰে৷
’আৰু এজন মানুহক মাৰি পেলাবই বা কিয়! যুদ্ধক্ষেত্ৰত বেলেগ কথা, সেয়া সৈনিকৰ কৰ্তব্য৷ কিন্তু এটা চাউনীৰ ভিতৰত কাৰোবাক হত্যা কৰিব পাৰিনে! নাই নাই! এই কাম সি কেতিয়াও কৰিব নোৱাৰে৷’
যন্ত্ৰণাত আৰ্তনাদ কৰি থকা সৈনিকজনৰ ওচৰৰ পৰা ভাৱলেশহীন ভাৱে উঠি বাহিৰলৈ ওলাই আহিল আহমেদ৷
: হুজুৰ! ভিতৰত এগৰাকী ভাৰতীয় সৈনিকে তেওঁক হত্যা কৰিবলৈ খাটনি ধৰিছে৷ বেয়াকৈ জখম, বুকুৱে পিঠিয়ে কেইবাজাইও গুলি লাগিছে৷ শৰীৰৰ পৰা অহৰহ ৰক্তক্ষৰণ হৈ আছে, হয়তো কালিলৈ জীয়াই নাথাকিব৷ মোৰ বাবে কিবা আদেশ?
বাহিৰলৈ ওলাই সম্মুখতে পোৱা ওপৰৱালাজনৰ আগত সি ভিতৰৰ দৃশ্যটো বৰ্ণনা কৰি গ’ল৷
: কোন কেতিয়া মৰিব, কোন বাচি থাকিব, সেইবোৰৰ চিন্তা তোৰ নহয়৷ তোৰ কাম হৈছে সিহঁতক চোৱা-চিতা কৰা৷ মোৰ বিশ্বাস এই দায়িত্ব তই নিষ্ঠাৰে পালন কৰিবি৷
ওপৰৱালাৰ স্পষ্ট আদেশ শুনি আহমেদ সন্তুষ্ট হ’ল৷
: হয় হুজুৰ৷ – বুলি সি আকৌ চাউনীৰ ভিতৰলৈ সোমাই আহিল৷
————
সন্ধিয়া টম্বুৰ ভিতৰত, সৈনিকসকলৰ বায়েজাপ্ত সামগ্ৰীবোৰৰ মাজৰপৰা লৈ অহা ডায়েৰীখন উলিয়াই ল’লে আহমেদে৷ এফালৰপৰা পৃষ্ঠাবোৰ লুটিয়াই গ’ল৷ সকলোবোৰ কথা নুবুজিলেও যিখিনি বোধগম্য হ’ল, তাৰ চকুদুটা সেমেকি উঠিবলৈ সেয়া যঠেষ্ট আছিল৷ ডায়েৰীখনত লিখা কেইটামান কথাই তাক বৰকৈ চুই গৈছিল৷
“আজি তাইৰ চিঠিখন পাই এফালে যিমানেই আনন্দ, তাতোকৈ বেছি বেদনাই মনটো জুমূৰি দি ধৰিছে৷ তাই লিখিছে আমি হেনো মাক-বাপেক হ’বলৈ ওলাইছো। দৌৰি গৈ ইউনিটৰ সকলোকে চিঞৰি চিঞৰি খবৰটো ক’বলৈ মন গৈছে, কিন্তু পিছমুহূৰ্ততে থমকি ৰৈছো৷ মোৰ এই আনন্দৰ সমভাগী হোৱাৰ মানসিকতা এই মুহূৰ্তত মোৰ বেটেলিয়নটোৰ কোনোবা এজনৰো আছে জানো? সকলো যুদ্ধৰ পৰিবেশৰ মাজত ইমান বেয়াকৈ জৰ্জড়িত, হাঁহি ধেমালি আনন্দ স্ফূৰ্তিবোৰ আমি পাহৰি পেলাইছো৷ প্ৰতিদিনে একোজন লগৰীয়া হেৰুৱাই সকলো মৰ্মাহত৷“
: খানা ৰেডি হুজুৰ, সকলো এইফালে আহক৷
ছাউনীৰ বাহিৰত ৰান্ধনীৰ চিঞৰ শুনি আহমেদে ডায়েৰীখন বন্ধ কৰিলে। ততাতৈয়াকৈ জেকেটৰ ভিতৰত সেইখন সুমুৱাই বাহিৰলৈ ওলাল৷ ভাত খাই থাকোঁতেও বাৰে বাৰে ডায়েৰীখনৰ কথাবোৰে তাৰ মনটো বিচলিত কৰি থাকিল৷
খোৱা-লোৱা সামৰি উভতি যাবলৈ লওতে এটা চাউনীৰ ভিতৰৰ পৰা কোনোবাই চিঞৰি উঠাৰ শব্দ পাই সেইফালে দৌৰি গ’ল সি৷ এইপিনে দহ-বাৰটা মান টম্বু আঘাতপ্ৰাপ্ত সৈনিকসকলৰ শুশ্ৰূষাৰ বাবে ৰখা হৈছে৷ তাৰ মাজতে বাৰ নম্বৰটোত ভাৰতীয় বন্দীকেইজনমান আছে৷ চিঞৰটো তাৰ পৰাই আহিছে বুলি সি নিশ্চিত হ’ল।
ভিতৰলৈ ততাতৈয়াকৈ সোমাই এগৰাকী সৈনিকক মাটিত চুচৰি চুচৰি আগুৱাই আহিবলৈ চেষ্টা কৰি থকা দেখা পালে সি৷
: কি কৰিছে? কি কৰিছে আপুনি? এনেদৰে নামি অহাটো উচিত হোৱা নাই!
দৌৰ মাৰি সৈনিকৰ ওচৰলৈ আগবাঢ়ি গ’ল আহমেদ৷ দিনত লগ পোৱা, সেই একেজন সৈনিক সম্মুখত পৰি আছিল৷ পূৰ্বতে ভালদৰে লক্ষ্য নকৰিলেও এইবাৰ সি স্পষ্টকৈ দেখিলে তেওঁৰ বাওঁভৰিখনৰ পৰা অহৰহে ওলাই থকা তেজবোৰ লাহে লাহে সমগ্ৰ মজিয়াখনলৈ বিয়পি পৰিছে৷
: তুমি কিয় বাৰে বাৰে আহি মোৰ আগত ওলোৱা? মই মৰিবলৈ বিচাৰিছোঁ৷ নিজে যদি মাৰিব নোৱাৰা, কোনোবা এজন হৃদয়হীন ওপৰৱালাক মাতি দিয়া, যাতে মোক গুলিয়াই দিয়ে৷ মৰিবলৈ দিয়া মোক।
: এই সময়ত আপুনি জিৰণী লোৱাটো খুবেই প্ৰয়োজন, তাৰ বাহিৰে মই একো নাজানো…আৰু এগৰাকী সৈনিক হৈও এনেদৰে মৰিবলৈ কিয় বিচাৰিছে?
: এজন বন্দী হিচাপে পাকিস্তানৰ জেলত বছৰৰ পিছত বছৰ পছি থাকিবলৈ মোৰ মন নাই৷ হয় দেশলৈ ওভতি যাম আৰু নহ’লে…..!
আহমেদে একো নোকোৱাকৈ সৈনিকজনক মাটিৰ পৰা উঠাই আনি বিছনাখনত শুৱাই দিলে৷ তেজবোৰ মচি বিষনাশক দৰৱ এপালি চিৰিঞ্জ এটাৰে তেওঁৰ দেহত সুমুৱাই দিয়াত মানুহজন অলপ শান্ত হ’ল৷ কিছুসময় পিছতেই তেওঁৰ চিলমিলকৈ টোপনি আহিল৷
আহমেদ নিজৰ ছাউনীলৈ যাবলৈ ওলাল। কিন্তু সৈনিকৰ ওচৰৰপৰা আঁতৰি আহিবলৈ ধৰোঁতে খটকৈ হোৱা শব্দটোত তেওঁ উচপ খাই উঠিল৷ আহমেদৰ জেকেটৰ পৰা ডায়েৰীখন ওলাই তেওঁৰ হাতৰ ওপৰত পৰি গৈছিল৷
: এইখন? ক’ত পালা তুমি?
ডায়েৰীখন হাতত লৈ চকু দুটা ডাঙৰকৈ মেলি সৈনিকে চিঞৰি উঠিল৷
: জব্দ কৰা সামগ্ৰীখিনিৰ মাজতে আছিল।
আহমেদে থাপ মাৰি সৈনিকৰ হাতৰ পৰা ডায়েৰীখন টানি আনি পুনৰ নিজৰ জেকেটৰ পকেটত সুমুৱাই ললে৷
: সেইখন মোৰ৷ অনুগ্ৰহ কৰি ঘূৰাই দিবানে?
বৰ আশাৰে সৈনিকে আহমেদৰ চকুলৈ চাই ৰ’ল৷ তেওঁৰ চকুদুটাত তিৰবিৰাই উঠা উজ্জলতা দেখি আচৰিত হৈ সিয়ো সৈনিকৰ মুখলৈ চালে৷ বেদনাবোৰ তেওঁৰ চকুত স্পষ্ট৷ ডায়েৰীখনত লিখা কথাবোৰ এটা এটাকৈ আহমেদৰ চকুৰ আগেৰে পাৰ হ’বলৈ ধৰিলে৷ সৈনিকৰ সন্তান সম্ভৱা পত্নীৰ কথা মনলৈ অহাত তাৰ মনটো বেজাৰে আৱৰি ধৰিলে৷
: এইখন সঁচাকৈয়ে আপোনাৰ হয়নে?
নিশ্চিত হ’বলৈ সি পুনৰ সৈনিকক প্ৰশ্ন কৰিলে৷
: হয়৷ ভালদৰে চালে প্ৰথম পৃষ্ঠাত মোৰ নাম আৰু ঠিকনা পাবা, মোৰ নাম ’বকুল শৰ্মা’৷
দৌৰা দৌৰিকৈ পাতবোৰ লুটিয়াই আহমেদে সত্যা-সত্য বিছৰাত লাগিল৷ প্ৰথম পৃষ্ঠাত লিখা নামটো পঢ়ি সি সৈনিকৰ ওচৰলৈ আগুৱাই আহিল। হয়, নামটো তেওঁ কোৱাৰ দৰেই মিলি গৈছে। তাত লিখা আছিল –
চেকেণ্ড-ইন-কমাণ্ড
মেজৰ বকুল শৰ্মা
আচাম ৰেজিমেণ্ট
(৩)
কেইদিনমানৰ পৰা মালাৰ চকুত টোপনি কম। পেটত সাতমহীয়া সন্তানটো লৈ ঘৰৰ আটাইবোৰ কাম অকলে কৰাটো আমনিদায়ক হৈ উঠিছে। কামকাজত শাহুৱেকৰ পৰাও বিশেষ সহাৰি নাপাই। মানুহজনীয়ে দিনৰ দিনটো পুতেকৰ চিন্তাত বাৰীৰ পিছফালে বহি থাকে। আগৰপৰাই তেওঁ কথা কমকৈ কৈছিল। সিদিনা যাদৱ খূড়াৰ ল’ৰাটোৰ মুখেৰে সীমান্তত যুদ্ধ আৰম্ভ হোৱা খবৰটো পোৱাৰ পিছত তেওঁৰ মাত একেবাৰেই নোহোৱা হ’ল।
: ভাতকেইতা খাই ল’বনে আই? আপুনি এনেদৰে থাকিলে মোক কোনে চোৱা-চিতা কৰিব?
শাহুৱেকক বুজাবলৈ চেষ্টা কৰে মালাই। কান্দোনত ভাঙি পৰা মানুহজনীয়ে ভাতমুঠি কিছুদেৰি লিৰিকি পিটিকি পাকঘৰৰ পৰা ওলাই আহে। উপাইহীন হৈ তাই অকলেই ভাতকেইটা যেনেতেনে খাই শোৱনী কোঠাত সোমায়৷
‘নিজৰ কাৰণে নহ’লেও পেটৰ শিশুটোৰ বাবে যে তাই ভাবিবই লাগিব।’
বিছনাখনত বাগৰি মালাৰ উদাসীন মনটোৱে বাৰে বাৰে বকুলৰ সান্নিধ্য বিচাৰি উছপিছাই থাকে।
: মালা….অ’ মালা…..আইজনী! বোলো ভালে আছ নে? শাহুৱেৰ ক’ত?
বাহিৰত যাদৱ খুৰাৰ মাতত সাৰ পালে তাই। মানুহজনে সদাই সন্ধিয়া এইফালে এপাক মাৰে। চুবুৰীটোৰ সিটো মূৰত তেওঁৰ ঘৰ। বকুলৰ সম্বন্ধীয় খূড়াক হোৱা বাবে তাইও খূড়া বুলিয়েই মাতে যদিও মানুহজনৰ টেলেকা চকুদুটা অস্বস্তিকৰ। বয়স তিনিকুৰিৰ ওচৰে পাজৰে হ’লেও মনটো এতিয়াও চঞ্চল। বহুদিন মালাই লক্ষ্য কৰিছে তাইৰ দেহৰ বিভিন্ন ঠাইত বাগৰি ফুৰা তেওঁৰ লোলুপ চকুদুটা। সেয়েহে পৰালৈ তাই বাহিৰলৈ নোলাই।
: যাদৱ, ক’ৰবালৈ গৈছিলা?
: এই আমাৰ পৰেশৰ দোকানতে আছিলো বৌ। তাতে আজিৰ বাতৰি কাকতখন পঢ়ি মনটো বেয়া লাগিহে এইফালে পাক এটা মাৰি যাও বুলি সোমালো।
পৰেশ যাদৱ খূড়াৰ ল’ৰা। তিনিআলিটোত নতুনকৈ এখন গেলামালৰ দোকান দিছে। দোকানৰ নামত পুৱাৰ পৰা মাজৰাতিলৈ গাঁৱৰ ডেকাকেইটাৰ আড্ডা। তাছ, লুডু, ডবা, কেৰমৰ লগতে মদ পানীৰ ব্যৱস্থাও হয়। পৰেশ নাথাকিলে বাপেকেও কেতিয়াবা ডেকাহঁতৰ লগতে এপাক বহেগৈ।
: কিনো লিখিছে কাকতত?
: এহ…পৰিস্থিতি বৰ এটা ভাল নহয় বোলে। যুদ্ধত আমাৰ বহুতো সেনাৰ মৃত্যু হৈছে, আন বহুতকে বিছাৰিয়েই পোৱা নাই নহয়!
: জানো!…..ঈশ্বৰে আমাৰ কঁপালত কি বা লিখিছে..!
: তাকেইটো। ইফালে ঘৰত ফুলকোমলীয়া ছোৱালীজনী৷ তাতে আকৌ পেটত সাত আঠমহীয়া কেঁচুৱাটো..!
বাহিৰত শাহুৱেক আৰু যাদৱ খুৰাৰ কথা বাৰ্তাবোৰ শুনি ৰ’ব পৰা নাছিল মালা। একেকোবে বাহিৰলৈ ওলাই আহি শাহুৱেক আৰু খুৰাকক বকিবলৈ ধৰিলে।
: ইমান ভয় যদি সেনাত ভৰ্তি কৰিবলৈ কোনে দিহা দিছিল পুতেকক। আৰু মোক বিয়া কৰাই আনিছিলেই বা কিয়? তেওঁৰ কিবা এটা হ’লে মই কি কৰিম? মোৰ মনৰ অৱস্থাটো ভাবিয়েই এইবোৰ কথা নোকোৱাকৈ থাকিব নোৱাৰেনে?
উত্তেজনাত মালাই চিঞৰি উঠিছিল। বকুলৰ কিবা অনিষ্ট হোৱাৰ কথা তাই ভাবিবই নোৱাৰে। ফোপাই জোপাই বাৰান্দাখনত ইফালৰ পৰা সিফাল কৰি ছোৱালীজনীক চোতালৰ পৰা যাদৱ খুৰাই সান্তনা দিবলৈ ধৰিলে।
: মই কালি পুৱাই টাউনলৈ যাম, ক’ৰবাত কিবা খবৰ পাওঁয়েই নেকি! বোৱাৰীৰ হাতত টাউনৰ কিবা ঠিকনা আছে বুলিহে সোমালো। কি অফিচত খবৰ কৰিলে বকুলৰ বিষয়ে গম পোৱা যাব আমাৰ পৰেশেও ভালদৰে নাজানো বুলি ক’লে।
মালাৰ মনটো অলপ কোমল হ’ল, কিবা এটা ভাবি ভিতৰৰ পৰা কাগজ এখিলাত ঠিকনা এটা লিখি যাদৱ খুৰাৰ হাতত দিলে।
: এইটো এগৰাকী বন্ধুৰ ঠিকনা, কিবা বিপদৰ সময়ত ইয়াতেই খবৰ কৰিবলৈ কৈছিলে তেওঁ।
: ভাল। ভাল। মই তেন্তে ইয়াতেই খবৰ এটা কৰিম।
মালাৰ হাতৰ পৰা কাগজৰ টুকুৰাটো লৈ যাদৱ খুৰাই কিছুসময় তাইৰ বাঢ়ি অহা উদৰটোলৈ চাই থাকিল। তাৰপিছত হাতদুখনেৰে দূৰৰ পৰা সন্তানটোক আৰ্শীবাদ দিয়াৰ দৰে কৰি আঁতৰি গ’ল। তেওঁ যোৱাৰ ফালে চাই মালাই শাহুৱেকক ক’বলৈ ধৰিলে –
: এই মানুহজনক কিয় জানো মই সহ্য কৰিব নোৱাৰো। কিয়নো সদাই আহে আই?
: তহঁতক ভাল পাই কাৰণেই আহে। ঘৰৰে মানুহ, আহিবই। এতিয়া এইবোৰ কথা এৰচোন। ল’ৰাটো য’তেই আছে যাতে কূশলে থাকে তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰ। চত্তিশগড় এৰি কাশ্মিৰলৈ বদলি লোৱা কথাটোতেই মই বেয়া পাইছিলোঁ৷ বাৰু চাকিটো দিলি নে আজি?
: নাই দিয়া, গাটো বৰ এটা ভাল লগা নাই। আজি আপুনিয়েই দিয়কচোন আই।
শাহুৱেকক চাকিটো জ্বলাবলৈ কৈ মালা ভিতৰলৈ সোমাল। বিছনাৰ আগফালে ডাঙৰকৈ বন্ধাই থোৱা সিহঁতৰ যূগ্ম ফোটোখনলৈ চাই ভাবিবলৈ ধৰিলে –
‘যাদৱ খুৰাই যেন কালি এটা ভাল খবৰ লৈ আনে।’
পেটৰ ভিতৰলৈ কিবা এটা অনুভৱ হ’ল মালাৰ, যেন শিশুটোৱে কিবা ক’ব খুজিছে। হয়তো দেউতাকলৈ অপেক্ষা দীঘলীয়া হব পাৰে বুলি ভয় খাইছে। লাহে লাহে তেনেই সাধাৰণ যেন লগা অসুবিধাটোৱে প্ৰচণ্ড বিষৰ ৰূপ ললে৷ পেটটো খামুচি তাই বিছনাখনত বাগৰি পৰি
(৪)
কোঠাটোৰ ভিতৰলৈ আন্ধাৰ পোহৰৰ লুকাভাকুৰ মাজেৰে এগৰাকী মহিলা। বয়স পইত্ৰিছৰ পৰা চল্লিশৰ ভিতৰত। খিৰিকীখনেৰে সোমাই অহা পোহৰখিনিয়ে তেওঁৰ শুকান গালদুখন জিলিকাই তুলিছে। খাটৰ ওপৰত ভৰিদুখন কোচাই পেটটো দুহাতেৰে হেঁচি মানুহগৰাকী বাগৰি আছে।
: মাহী! তোমাৰ কাৰণে কিবা এটা আহিছে। সোনকালে ওলাই আহাচোন।
সৰু ছোৱালীজনীৰ মাতত মানুহগৰাকী কোঠাটোৰ বাহিৰলৈ ওলাল। চাদৰখনেৰে গালদুখন মচি ছোৱালীজনীৰ হাতৰপৰা ডাঙৰ এনভেলপটো হাতপাতি ললে। যথেষ্ট ডাঙৰ খামটো ওলোটাই পিছফালৰ ঠিকনাটো চাব খুজি দুখোজ পিছুৱাই গ’ল মানুহজনী। হঠাতে অস্বাভাৱিক হৈ উঠিল মুখখন। হাতৰপৰা খামটো পিছলি মাটিত পৰি গ’ল। চাদৰৰ আঁচলটো দাঁতেৰে কামুৰি দৌৰ মাৰি ভিতৰলৈ সোমাই গ’ল তেওঁ। সৰু ছোৱালীজনীয়ে একো বুজি নাপাই খামটো মাটিৰ পৰা তুলি ইফালে সিফালে চাই পিছে পিছে ভিতৰলৈ সোমাল।
কোঠাটোৰ লাইটতো জ্বলাই বিছনাখনত বহি ছোৱালীজনীক ওচৰলৈ মাতিলে তেওঁ।
: এইখন কৰাছী, পাকিস্তানৰ পৰা আহিছে, হয়নে মাহী?
মূৰটো দুপিয়াই তেওঁ ছোৱালীজনীলৈ চালে। তাইৰ হাতৰপৰা খামটো লৈ স্বাভাৱিক হ’বলৈ চেষ্টা কৰিলে তেওঁ। খামটোৰ ভিতৰত এখন ডায়েৰী আৰু এখন চিঠি। ডায়েৰীখন আলফুলে হাতত লৈ মানুহজনী আৱেগিক হৈ পৰিল। কিবা এটা বেদনাই চকুদুটা সেমেকাই তুলিছিল।
ডায়েৰীৰ পাতবোৰ এফালৰপৰা লুটিয়াই গ’ল তেওঁ। কিছুমান পৃষ্ঠা চিঙি যোৱা যদিও আখৰবোৰ যেন চিনাকি। কবিতাৰ দৰে এসোপামান আৱেগেৰে পৃষ্ঠাবোৰ ভৰি আছে। গোটেইবোৰ তেওঁৰেই কথা। পঢ়িবলৈ লৈ মানুহজনীৰ উশাহ-নিশাহবোৰ ঘন হৈ আহিবলৈ ধৰিলে।
শ্বহীদ বকুল শৰ্মাই মৰমী পত্নী মালা দেৱীলৈ লিখি পঠিওৱা মৰম, আৱেগৰ কাহিনীবোৰে ডায়েৰীখন ভৰি আছিল। তেওঁ আৰম্ভণিৰ দুটামান পৃষ্ঠা লুটিয়াই মাজৰ পৰা এটা দুটা লাইন পঢ়িবলৈ ধৰিলে।
‘সীমান্তত যুদ্ধ আৰম্ভ হৈছে। অৱশেষত আমাৰ জীৱনৰ সেই বিশেষ মুহুৰ্ত্তটো সমাগত যাৰ বাবে প্ৰতিজন সেনাই অপেক্ষা কৰে৷ এইকেইদিন আই আৰু মালালৈ বৰকৈ মনত পৰিছে।’
‘দুয়োকে ঈশ্বৰৰ ওচৰত এৰি দেশমাতৃৰ সেৱালৈ ওলাই আহিছিলো। দেশৰ বাবে যদি প্ৰাণ দিবলগীয়া হওঁ, সিহঁতে মোৰ বাবে গৌৰৱ কৰিব।’
‘যুদ্ধৰ প্ৰতিটো দিনৰ কথা যি পাৰো ডায়েৰীখনত লিখি যাম৷ ‘
‘মোৰ মৃত্যুৰ পিছত কোনোবাই এইখন পালে, অনুগ্ৰহ কৰি মোৰ মালালৈ পঠিয়াই দিয়ে যেন, ঠিকনাটো ইয়াতে লিখিলো।’
‘মালা..তোৰ সপোনবোৰ চিঙি ভাঙি পেলাৱা বাবে মোক ক্ষমা কৰি দিবিনে?’
ডায়েৰীখন বন্ধ কৰি মানুহজনী অতীতৰ স্মৃতিবোৰৰ মাজত হেৰাই গ’ল।
দহ বছৰ আগতে বকুলৰ মৃত্যুৰ বাতৰিটো আহিছিল। মূহুৰ্ততে মালাৰ সপোনবোৰ ঠানবান হৈ পৰে। সেইসময়ত হস্পিটালৰ বিছনাত প্ৰসৱ বেদনাত চটফটাই থকা ছোৱালীজনীয়ে বুজি নাপালে তাই কন্দাৰ প্ৰকৃত কাৰণটোনো কি; বকুলৰ মৃত্যুৰ খবৰটো নে গৰ্ভত আঠমহীয়া সন্তানটোৰ মৃত্যু। অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত ডাক্তৰে বহু চেষ্টাৰ অন্তত তাইক কেনেবাকৈ বচাবলৈ সক্ষম হ’ল। কিন্তু এমাহলৈ তাই হস্পিটালত ভৰ্তি হৈ থাকিবলগীয়া হ’ল। বকুলৰ শেষকৃত্য সম্পন্ন কৰিবলৈ জিলাখনৰ ডাঙৰ ডাঙৰ মানুহেৰে গাঁওখন ভৰি পৰিল যদিও শ্বহীদ পত্নী মালা উপস্থিত নাছিল।
সেইদিন ধৰি তাই গাঁৱৰ ঘৰখনলৈ যোৱা নাই। যোৱা ৮ বছৰৰ পৰা চহৰৰ হস্পিটালতে নাৰ্ছ হিচাপে কাম কৰি আছে। এইখিনি সুবিধা কৰি দিয়া বকুলৰ বন্ধু বিপুল দুৱাৰৰ ঘৰতেই ৰুম এটা ভাড়াত লৈ থাকে। গাঁৱৰ পৰা শাহুৱেকৰ লগতে খুৰা শহুৰো আহিছিল, তাইক লৈ যাবলৈ। কিন্তু তাই নগ’ল৷
: মাহী, চিঠিখন লোৱা। মই এতিয়া যাওঁ।
দুৱৰাৰ কণমানি ছোৱালীজনীয়ে চিঠিখন হাতত দি কোঠাটোৰ পৰা দৌৰি ওলাই গ’ল। কম্পিত হাতখনেৰে চিঠিখন লৈ মানুহগৰাকীয়ে দুৱাৰখন বন্ধ কৰি দিলে।
চিঠিখন এফালৰপৰা পঢ়ি গ’ল তেওঁ :
‘নমস্কাৰ।
মোৰ নাম নাছেৰ আহমেদ। এজন পাকিস্থানী সৈনিক। ডায়েৰীখন পাই এদিন পঢ়িবলৈ লৈছিলো। মাত্ৰ কেইটামান পৃষ্ঠা পঢ়ি এইখনৰ মাজত ইমানেই সোমাই পৰিলো, আপোনালোকৰ সকলোবোৰ কথাই মনত সাঁচ বহুৱাই গ’ল।
আপোনাৰ স্বামীক লগ পাইছো, শুশ্রূষা কৰিছোঁ। শেষৰ দিন কেইটাতো মই তেওঁৰ ওচৰত আছিলো। যাৰ লগত গোটেই জীৱনটো একেলগে কটোৱাৰ কল্পনাৰে আপুনি বিয়াত বহিছিল তেওঁ নোহোৱাকৈ কেনেদৰে জীয়াই আছে মই ভালদৰেই বুজি পাওঁ।
দুদিনৰ বাবে হলেও সংস্পৰ্শলৈ আহি অনুভৱ কৰিছিলো তেওঁৰ মনৰ কথাবোৰ। এগৰাকী বীৰ সৈনিকৰ দৰেই মৃত্যু বৰণ কৰিলে আপোনাৰ স্বামীয়ে। পাকিস্তানৰ মাটিত কাপুৰুষৰ দৰে বন্দী হৈ থাকিবলৈ তেওঁৰ বিবেকে বাধা দিছিল। মৃত্যুৰ আগলৈ মুখত কেৱল আপোনাৰ নাম আৰু ‘ভাৰত মাতা কী জয়’ শুনিছিলো। তেতিয়াই ভাবিছিলো ডায়েৰীখন আপোনাক ঘূৰাই দিম, কিন্তু সময় সুবিধা মিলাবলৈ কিছু পলম হ’ল।
আপুনি মোক শত্ৰু বা উগ্ৰপন্থী বুলি ভাবিব পাৰে, কিন্তু মোৰো এখন অন্তৰ আছে। মইও নিজৰ দেশক ভাল পোৱা এগৰাকী সৈনিক। আজি আপোনাৰ হাতত মেজৰ বকুলৰ অন্তিম সম্পদ বিধ তুলি দিবলৈ পাই মই ভীষণ আনন্দ পাইছো। আপোনাৰ স্বামীয়ে আপোনাক কিমান সাদৰ কৰিছিল সেয়া আপুনিও জনা উচিত।
যুদ্ধই কোনো সমস্যাৰ সমাধান নুলিয়াই, শান্তি আনিব নোৱাৰে। দুয়োফালে বহুতো মানুহৰ মৃত্যু মই নিজেই দেখিছো, দেশৰ বাবে এজন বীৰৰ দৰে প্ৰাণ দিয়া আপোনাৰ স্বামী সচাকৈয়ে ভাগ্যবান। সেই বীৰপত্নীৰ কুশল কামনা কৰিলোঁ।
জীয়াই থাকিলে কেতিয়াবা লগ হ’ম।
কৰাছীৰ পৰা,
নাছেৰ আহমেদ।
চিঠিখন সামৰি মানুহজনী কোঠাটোৰ বাহিৰলৈ ওলাল। তেওঁৰ চকুদুটা উজ্বল। কিবা এটা ভাবি মুখখনত হাঁহি বিৰিঙি উঠিছে। আজি দহবছৰ হ’ল, হয়তো তেওঁ হাঁহিবও পাহৰি গৈছিল৷
বিভিন্ন প্ৰশ্নই মনটো জুমুৰি দি ধৰিছে মালাৰ।
এইবোৰ সঁচাকৈয়ে হৈছেনে?
সামগ্ৰীসমূহ প্ৰকৃততে কৰাছীৰ পৰা অহানে আন ঠাইৰপৰা? বিপুল দুৱৰাই কৈছিল বকুল জীয়াই আছে। কথাটো সঁচা নেকি?
ডায়েৰীটো বা চিঠিখনত কিবা গোপন সংকেত আছে নেকি?
এই বিষয়ে বিপুল দুৱাৰাই বা কি কয়?
কোন এই নাছেৰ আহমেদ?
আজি ইমান বছৰৰ পিছত এনেদৰে ডায়েৰীখন পঠিওৱাৰ অভিপ্ৰায় কি?
সকলোতকৈ ডাঙৰ কথা আখৰবোৰ! ডায়েৰীৰ আখৰ আৰু চিঠিখনৰ আখৰৰ মাজত ইমান মিল কেনেকৈ? কিবা এটা চিনাকি যেন লগা নাইনে?
(৫)
মীৰপুৰ মিলিটাৰী কেম্প। পাকিস্থান।
ব্ৰিগেডিয়াৰ ফইজল খানৰ লগতে আন কেইজনমান উচ্ছপদস্থ বিষয়া এক গোপন আলোচনাত ব্যস্ত৷
: আমাৰ হাতত কিমান সময় আছে মেজৰ?
: তিনিদিন৷ মাত্ৰ তিনিদিনৰ ভিতৰত কামখিনি কৰিব লাগিব – জনাব।
: কিন্তু ইমান সোনকালে এইবোৰ সম্ভৱ জানো?
: উপাই নাই৷ নহ’লে সমগ্ৰ বিশ্বৰ লগতে নিজৰ আৱামৰ আগতো লজ্জানত হ’ম – জনাব।
মাজতে হাবিলদাৰ এজনে আহি আবেলিৰ চাহ কেইকাপ টেবুলৰ মাজত সজাই থৈ গ’লহি৷ চাহ বিস্কুটৰ লগে লগে তেওঁলোকৰ আলোচনাও ক্ৰমান্বয়ে গভীৰ হৈ আহিল।
আলোচনাৰ মূল বিষয় কেম্পত বন্দী হৈ থকা ভাৰতীয় সেনাৰ ছয়জনকৈ বিষয়া আৰু সমগ্ৰ ভাৰততে তোলপাৰ লগাই দিয়া এখন চিঠি৷ সেইখন কোনে ক’ৰপৰা লিখিলে সেইটো এটা ডাঙৰ সাঁথৰ, কিন্তু চিঠিখনে প্ৰমাণ কৰিলে যে ’কোনো ভাৰতীয় চিপাহী পাকিস্তানত বন্দী হৈ থকা নাই’ বুলি পাকিস্তানে দৃঢ়তাৰে দাবী কৰি অহা কথাষাৰ সম্পূৰ্ণ মিছা।
ইফালে ভাৰতীয় চিপাহীকেইজন বন্দী হৈ থকা ছাউনীটোত তেতিয়া সকলোৱে উদ্বিগ্নতাৰে মাজেৰে সময় পাৰ কৰিছিল।
: কি হ’ল হে হাবিলদাৰ চাহেব? হেফাই ফোঁফাই আহিছে যে !
: হুজুৰ ! এটা ভাল খবৰ আনিছো।
: ৱাহ! সেই বস্তুটো আজিকালি দুৰ্লভ৷ বাৰু কওকচোন কিনো ভাল খবৰ?
: আমাৰ চৰকাৰে আপোনালোক সকলোকে মুকলি কৰি দিয়াৰ কথা চিন্তা কৰিছে হেনো। অতি সোনকালে আপোনালোকে মুকলি আকাশৰ তলত খোজ দিব৷
: কি? সঁচাকৈয়ে কৈছেনে আপুনি?
: মই তেনেকৈয়ে শুনিছোঁ হুজুৰ।
খবৰটো শুনি আটায়ে আনন্দত আত্মহাৰা হৈ পৰিল৷ সকলোৱে স্ফূৰ্তিতে সুহুৰি বজাই নাচিবলৈ ধৰিলে৷ মনোকষ্ট, দেহপীড়া সকলো যেন তেওঁলোকে পাহৰি পেলাইছিল।
কিন্তু ব্যতিক্ৰম আছিল মেজৰ বিক্ৰম লাঠি৷ কথাটো তেওঁ ইমান সহজভাবে ল’ব নোৱাৰিলে৷ পাকিস্তানী হাবিলদাৰজনক উভোটাই ধৰিলে মেজৰে –
: তোমালোকৰ চৰকাৰৰ চকু খুলিবলগীয়া আজি হঠাতে এনেকুৱা কিনো হ’ল যিটো যোৱা দহ বছৰেও নহ’ল?
: মই এই বিষয়ে একো নাজানো হুজুৰ৷ অলপ পিছতে আমাৰ ব্ৰিগেডিয়াৰ চাহাব নিজেই আহিব আপোনালোকক খবৰটো দিবলৈ, তেওঁকেই সুধিব৷
কথাখিনি কৈ হাবিলদাৰজন আঁতৰি গ’ল৷
: ইমান আনন্দৰ বাতৰি, আৰু আপোনাৰ ইয়াতো সন্দেহ হয়নে মেজৰ?
: আপোনালোকে বুজা নাই কেপ্তেইন৷ repatriation! তেওঁ repatriation ৰ কথা কৈছে। It’s not a joke; neither a child’s play.
: তাৰমানে আপুনি ক’ব খুজিছে ইয়াত পাকিস্থান চৰকাৰৰ কিবা ষড়যন্ত্ৰ আছে?
: থকাতো একো ডাঙৰ কথাও নহয় ৷ আপোনালোকে নিজেই ভাবক – আজি দহ বছৰৰ মূৰত হঠাতে ইহঁতৰ মন কেনেকৈ গলিবলৈ পালে?
: ওম্! ঠিকেই৷ ক’ৰবাত কিবা এটা যেন গোলমাল আছে৷
: দহ বছৰৰ পৰা ইয়াত বন্দী হৈ আছোঁ, ইমান দিনে দুয়োখন দেশৰ চৰকাৰে আমাক মনত নেপেলালে কিয়?
সকলো শান্ত হ’ল৷ তেতিয়াহে আটায়ে ভালদৰে কথাটো গমি চালে৷ পাকিস্তানী সেনাৰ চালে-বেৰে কোবোৱা কথাবোৰ এনেয়ো বিশ্বাসযোগ্য নহয়৷ যোৱা দহ বছৰে কম কষ্ট দিছেনে? এটা এটা দিন যেন একোটা বছৰতকৈও দীঘল৷
ঘৰলৈ মনত পৰি সকলোৰে চকুবোৰ সেমেকি উঠিল৷ তাৰ লগতে গাত জ্বৰ বিষ লৈও পাকিস্তানৰ মিলিটাৰী কেম্পটোৰ বাবে কেনেদৰে কাম কৰি গৈছে তাকো সুঁৱৰিবলৈ ধৰিলে৷
: নাই নহ’ব — আৰু সহ্য কৰা নহ’ব। ইয়াত এনেদৰে থকা বহুত হ’ল৷ আমি ইয়াৰপৰা ওলাব লাগিব৷
: আগতেও বহুবাৰ অসফল চেষ্টা কৰিছোঁ৷ আচাম ৰেজিমেন্টৰ মেজৰ বকুল শৰ্মাৰ কথা মনত আছেনে? চাৰিবছৰ আগতে তেওঁ ইয়াৰ পৰা পলোৱাৰ চেষ্টা কৰিছিল, কিন্তু….
: মনত আছে চাৰ। এটা এটা কথা মনত আছে। আমাক সকলোকে ইয়াৰপৰা উলিয়াই নিবলৈ তেওঁ বহু চেষ্টা কৰিছিল। কিন্তু এই ৰাক্ষসসোপাই আমাৰ বাহাদুৰ সৈনিকজনৰ লগত কি কৰিলে কোনেও নাজানে।
: অধৈৰ্য্য নহ’বা কেপ্তেইন৷ চাওঁচোন ইহঁতৰ ব্ৰিগেডিয়াৰ ফইজল খানে সন্ধিয়ালৈ কিনো খবৰ লৈ আহে।
মেজৰ বিক্ৰমৰ কথাত সাহস পাই আটায়ে ইজনে সিজনৰ হাতত ধৰি এটা গোলাকৃতিৰ দৰে থিয় হৈ সমস্বৰে গুণগুণাবলৈ ধৰিলে –
ভাৰত মাতা কি জয়।
জয় হিন্দ্ ৷
বন্দে মাতৰম্ ৷
বন্দে মাতৰম্ ৷
জয় হিন্দ্ কি সেনা ৷
বছৰৰ পিছত বছৰ ধৰি বন্দীত্বৰ তিতা অভিজ্ঞতাৰে পুষ্ট সৈনিকসকলৰ চকুৰ আগত তেতিয়া তিৰবিৰাই উঠিছিল ভাৰতৰ জাতীয় পতাকাখন দুহাতেৰে সাবটি থকা দেৱী ভাৰতীৰ প্ৰতিচ্ছবিখন।
দহ বছৰ পিছত মালা আজি গাঁৱৰ ঘৰখনলৈ আহিছে। তাইক চাবলৈ ওচৰৰে দুজনীমানো চোতালত গোট খাইছেহি৷ তাৰ মাজতে যাদৱ খুৰাৰ বোৱাৰীয়েকো এজনী৷ তেওঁলোকৰ একা বেঁকা কথা আৰু চাৱনিত অশান্তি পাই মালা ভিতৰতে সোমাই থাকিল৷ গিৰিয়েকৰ জীৱনটো খালে, কুলক্ষণী, কালনাগিনী আদি বিভিন্ন উপমাৰে কাণ ভৰাই তোলা সেইকেইজনীক পিছে শাহুৱেকেও বেছি পাত্তা নিদিয়ে৷
মানুহ কেইগৰাকী যোৱাৰ পিছত শাহু-বোৱাৰী দুয়ো একেলগে দুপৰীয়াৰ সাঁজ খাই শোৱনী কোঠাত বকুল আৰু মালাৰ যুগ্ম ফটোখনৰ ওচৰত বহিল৷ তাই গাঁৱলৈ নহাৰ পৰা শাহুমাকে কোঠাটোত কাকো সোমাবও দিয়া নাছিল৷ সন্ধিয়া পুতেকৰ ফটোখনৰ আগত ধূপ-চাকি জ্বলাই বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি তেওঁ নিজৰ কোঠাত শুই থাকেগৈ৷
শাহুৱেকৰ কোলাতে মূৰটো থৈ উচুপি উঠিল মালা।
: মালা? কান্দিছনো কিয় আইজনী?
: আপোনাক দহ বছৰ অকলে এৰি গলো, অকল নিজৰ কথাকে ভাবিলো অতদিনে।
: সকলো মোৰ ভাগ্যৰ দোষ অ’ – নিজৰ পেটৰ ল’ৰাটোৱে এৰি গ’ল অকলশৰীয়া কৰি৷ তই কালি ঘৰ সোমোৱা মোৰ লখিমীহে৷ তোৰ ওপৰত মোৰ কোনো আক্ষেপেই নাই৷
অলপ সময় উচুপি আকৌ কবলৈ ধৰিলে মানুহগৰাকীয়ে –
: তই পুনৰ বিয়াত সোমোৱাটো বিচাৰিছিলো৷ যোৱাটো গ’লেই, কিন্তু তাৰ বাবে তোৰ জীৱন-যৌৱন সকলো ধ্বংস কৰা কথাটো মই সহ্য কৰিব পৰা নাই। সময় থাকোঁতেই তোৰ বিয়াখন পাতি দিব পাৰিলে ওপৰলৈ গৈ ঈশ্বৰৰ সম্মুখত মূৰ ডাঙি থিয় দিব পাৰিলোহেঁতেন কিজানি…. পিছে ইমান বছৰলৈ তই আঁতৰি থাকিলি।
: আই! আকৌ এবাৰ বিয়াৰ কথা মই সপোনতো নাভাবো। কিয় জানো মনটোৱে বাৰে বাৰে কয় – তেওঁ জীয়াই আছে। কোনোবাদিনা হয়তোবা আহি ওলাবহি সম্মুখতে!
: সেইবোৰ ভাবি জানো কিবা লাভ আছে? মই নিজেই তাৰ শৰীৰটো জ্বলাইছো অ’আইজনী!
দুয়োজনীয়ে হুকহুকাই কান্দি উঠিল৷ শাহুৱেকে মালাক বুকুৰ মাজলৈ চপাই আনিলে। বকুলৰ কথা সুঁৱৰি দুয়ো পুৰণি দিনবোৰলৈ ঘূৰি গ’ল।
অলপ শান্ত হৈ মালাই চিঠিখনৰ কথাটো উলিয়ালে৷ লগতে বকুলৰ বন্ধু বিপুল দুৱাৰাই ডায়েৰীখনত থাকিবপৰা সাংকেটিক ভাষাক ডি-কোড কৰিবলৈ দিল্লীলৈ পঠিওৱাৰ কথাটোও ক’লে৷ মাকে কথাবোৰ অবাক হৈ মাঁথো শুনি গ’ল। পুতেক জীয়াই থাকিবও পাৰে বুলি তেওঁৰ মনটোৱে হাঁহাকাৰ কৰি উঠিছিল।
কথা বতৰা শেষ হোৱালৈ আন্ধাৰ হৈছিল৷ বাহিৰত যাদৱ খুৰাৰ মাত শুনি দুয়ো উঠি আহিল৷ ইফালে কোঠাটোৰ ভিতৰত বকুলৰ ফটোখনৰ সম্মুখত জ্বলি জ্বলি শেষ হ’বলৈ ধৰা ধূপ কেইডালৰ ছাইখিনি টেবুলখনৰ ওপৰত পৰিবলৈ ধৰিলে।
(৬)
দিল্লীৰ পৰা খবৰ আহিছে; মালা অতি সোনকালে যাব লাগে৷ ইতিমধ্যে আৰ্মী হেডকোৱাৰ্টাৰত বকুলৰ ডায়েৰীখন ডি-কোড কৰা হৈছিল৷ তাত থকা সাংকেটিক ভাষ্যমতে পাকিস্তানৰ বিভিন্ন জেলত তেতিয়া প্ৰায় ৫০ ৰ পৰা ৬০ জনমান ভাৰতীয় জোৱান বন্দী হৈ আছে৷
দহবছৰ আগতে যুদ্ধ শেষ হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় চুক্তি অনুসৰি দুয়োখন দেশে যুদ্ধত বন্দী হোৱা সকলো সামৰিক অসামৰিক লোককে মুকলি কৰি দিছিল৷ ভাৰতে প্ৰায় ৯৩,০০০ পাকিস্থানী নাগৰিকক মুকলি কৰি দিয়ে, তাৰে ৮০ হাজাৰমান সৈনিক আৰু বাকীখিনি সাধাৰণ নাগৰিক৷
কিন্তু পাকিস্থানৰ মতে এজনো ভাৰতীয় সৈন্য বন্দী হৈ থকা নাই পাকিস্তানত৷
তেনেস্থলত ডায়েৰীখন ক’ৰপৰা আহিল? তাত লিখা কথাখিনিৰ সত্যাসত্য কেনেকৈ প্ৰমাণ কৰিব?
চাৰিওফালে হুলস্থুল লাগি পৰিল৷ ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে পাকিস্তানক বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিলে৷ পাকিস্তান বিচলিত হ’ল৷ দেশৰ গৰিমাৰ কথা আহি পৰিল৷ কিন্তু তথাপিও তেওঁলোকে কোনোপধ্যেই কথাটো মানি ল’বলৈ অস্বীকাৰ কৰিলে৷
বহুতো আন্তঃৰাষ্ট্ৰীয় সংগঠন আগবাঢ়ি আহিছিল৷ অৱশেষত সকলোৰে হেঁচাত পাকিস্তান মান্তি হ’ল। পাকিস্থানৰ জেল পৰিদৰ্শন কৰি সত্যাসত্য নিৰ্ণয় কৰিবলৈ নিৰুদ্দিষ্টসকলৰ নিকট আত্মীয় কেইগৰাকীমানক নিমন্ত্ৰণ জনোৱা হ’ল৷ সেইমৰ্মে ছয়গৰাকী মৃত ঘোষিত সৈনিকৰ পত্নী, দুজন ভাৰতীয় বিদেশ মন্ত্ৰণালয়ৰ বিষয়া আৰু তিনিগৰাকী ৰেড ক্ৰছৰ বিষয়াক পাকিস্থানলৈ যোৱাৰ অনুমতি দিয়া হ’ল৷
কৰাছীলৈ উৰা মৰা ভাৰতীয় বায়ুসেনাৰ বিমানখনৰ ভিতৰত মালাৰ মনটো তেতিয়া উগুল থুগুল৷
সঁচাকৈয়ে লগ পাবনে বকুলক?
তেওঁ বাৰু প্ৰকৃততে জীয়াই আছেনে?
যদি আছে এতিয়া দেখিবলৈ কেনে হ’ল বাৰু?
বুঢ়া হ’ল নেকি?
দহ বছৰ পিছত তাইক চিনি পাবনে?
এবাৰলৈ হলেও বুকুত সাৱটি লবনে?
মীৰপুৰ জেলৰপৰা ভাৰতীয় চিপাহী কেইজনক এখন গাড়ীত উঠাই কোনোবা এটুকুৰা গোপন ঠাইলৈ লৈ গৈছিল৷ পাহাৰৰ মাজৰ অকোৱা পকোৱা পথটোৰে গৈ থাকোঁতে স্বভাৱসুলভভাৱে সকলোৱে চেষ্টা কৰিলে যাত্ৰা পথৰ নক্সা মনত ৰাখিবলৈ৷ কিন্তু মেজৰ বিক্ৰমে তেনে কোনো আগ্ৰহ নেদেখুৱালে৷ এইবোৰৰ পৰা বিশেষ একো লাভ নহ’ব বুলি চকু দুটা মুদি তেওঁ বহি থাকিল৷
: এই চৰিত্ৰটো বুজিবলৈ কঠিন৷ একো কথাকে মানুহজনে সহজভাৱে ল’ব নোৱাৰে, সকলোতে কিবা ষড়যন্ত্ৰৰ গোন্ধ পাই থাকে৷
: তাকেইটো৷ আমাক মুকলি কৰি দিবলৈ ওলাইছে পাকিস্থানে, ইয়াত সন্দেহ কৰিবলগীয়া কিনো থাকিব পাৰে?
লগৰীয়াসকলক তেওঁৰ বিষয়ে ফুচফুচাই আলোচনা কৰি থকা দেখি মেজৰে মিচিকিয়া হাঁহি এটা মাৰি বাহিৰলৈ চালে; মুখ ফুটাই একো নক’লে৷ তেওঁ জানে, সকলোৰে ধাৰণাবোৰ সলনি হ’বলৈ হয়তো বেছি সময় নালাগিব৷
প্ৰায় ১৮ ঘণ্টা যাত্ৰাৰ অন্তত তেওঁলোকক আন এটা মিলিটাৰী কেম্পলৈ অনা হ’ল৷ সমুদ্ৰপৃষ্ঠৰ পৰা বহু ওপৰৰ পাহাৰৰ মাজত অৱস্থিত কেম্পটো দেখি প্ৰথমতে সকলো আচৰিত হৈছিল৷ তাতোকৈ আচৰিত হ’ল যেতিয়া তেওঁলোকক আদৰণী জনাবলৈ সম্মুখত অপেক্ষাৰত অৱস্থাত থিয় হৈ আছিল ভাৰতীয় সেনাৰ আন কেইবাজনো জোৱান৷ মেজৰ বিক্ৰমৰ মুখত কোনো উদ্বিগ্নতাৰ চাপ তেতিয়াও নাছিল৷ তেওঁ যেন এনেকুৱা কিবা এটাৰেই পূৰ্বাভাস কৰিব পাৰিছিল৷
: এয়া কি? আকৌ এটা বেলেগ কেম্প?
মেজৰ বিক্ৰমে লগৰ কেইজনৰ কথাত সিমান গুৰুত্ব নিদি আগুৱাই গ’ল৷ সম্মুখত থিয় হৈ থকা জোৱানকেইজনৰ সৈতে কৰমৰ্দন কৰিলে৷
: কেপ্তেইন সুনীল বাৰ্মা? ৰাজপুত ৰেজিমেণ্ট৷ মই ঠিকেই ধৰিছোনে? কি খবৰ ভাই?
: মেজৰ বিক্ৰম লাঠি? নাইচ তু চি ইউ ছাৰ৷ ৱেলকাম টু ডা হেল৷
: হেল বুলি ক’লা যে?
: ন’কৈ পাৰোনে ছাৰ৷ ইমান অকথ্য অত্যাচাৰৰ মাজত যে জীয়াই আছো ইয়াত, সেইটোৱেই ডাঙৰ কথা৷
চিনাকি পৰ্ব শেষ কৰি সকলো কেম্পলৈ আগবাঢ়িল৷ ফিল্ডৰ মাজত কৰ্মৰত ভাৰতীয় সৈনিক কেইজনমানে মূৰ তুলি নতুন আলহীসকলক সম্ভাষণ জনাইছিল৷ তেওঁলোকৰ কোনোবাজন নতুনকৈ অহা আৰু কোনোবা হয়তো বহু বছৰৰ পৰা তাতেই থকা৷
তেওঁলোকৰ বাবে ব্যৱস্থা কৰা ছাউনীটোৰ ভিতৰলৈ সোমাই মেজৰ বিক্ৰমে পৰিস্থিতিৰ বুজ লোৱাত ব্যস্ত হৈ পৰিল৷
: repatriation ৰ বিষয়ে কিবা জানা নেকি কেপ্তেইন সুনীল?
: একো নাজানো ছাৰ৷ যোৱা দুদিনৰ পৰা বহুতো ভাৰতীয় বন্দীক এই কেম্পটোলৈ অনা হৈছে৷ সকলোৰে মুখে মুখে repatriation শব্দটো শুনিছো৷
: মুঠতে কিমানজন আছো আমি?
: বৰ্তমানলৈ ৫০ জন৷ আবেলিলৈ আৰু তিনিজনমান আহিব বুলি শুনিছো৷
: এইখিনি কি ঠাই?কিবা অনুমান?
: ভালদৰে নাজানো ছাৰ কিন্তু মোৰ অনুমান আমাক সীমান্তৰ ওচৰৰ কোনো এখন পাহাৰৰ মাজত ৰখা হৈছে।
: পাকিস্তানৰ বিভিন্ন জেলৰপৰা ভাৰতীয় বন্দীবোৰক এনেদৰে এঠাইত একত্ৰিত কৰাৰ কিবা এটা কাৰণটো নিশ্চয় আছে কেপ্তেইন৷ মই কিয় কথাটো সহজভাৱে ল’ব পৰা নাছিলো এতিয়া বুজিছেনে বন্ধুসকল?
মেজৰে নিজৰ লগত অহা অন্য অফিচাৰ কেইজনলৈ চাই তেওঁৰ সেই ৰহস্যময় বেঁকা হাঁহিটো মাৰিলে৷
: হয়তো আমাৰ সময় শেষ হৈ আহিছে, নে কি কয় মেজৰ?
: নাজানো৷ কিন্তু কিবা এটা যে চলিছে ইহঁতৰ মাজত, সেয়াও সঁচা৷৷
(৭)
ভাৰতৰ এঘাৰজনীয়া ভ্ৰমণকাৰী দলটোক কৰাছীৰ কেন্দ্ৰীয় কাৰাগাৰত সোমাবলৈ অনুমতি দিয়া হ’ল৷ তেওঁলোকে সকলোবোৰ কোঠা তন্ন তন্নকৈ নিৰীক্ষণ কৰিলে যদিও এজনো ভাৰতীয় বন্দী তাত নাছিল৷ দিনৰ দিনটো ঘূৰি ভাগৰে জুৰুলা কৰা দেহাটোৰে হতাশ মালা বাহিৰৰ ফিল্ডখনতেই বহি পৰিল৷ মালাৰ সৈতে যোৱা আন বিষয়াসকলে কাৰাগাৰৰ নিয়ন্ত্ৰকৰপৰা ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট উলিয়াই আনিলে৷ ইয়াৰপৰা ৰাতি তেওঁলোক যাব মূলতানৰ কাৰাগাৰলৈ৷
এনিশাৰ যাত্ৰাৰ অন্তত, মূলতান কাৰাগাৰতো সেই একেই পৰিস্থিতিৰ সম্মুখীন হ’ল মালাহঁত৷ সংবাদ মাধ্যমে দাবী জনোৱাৰ দৰে কোনো এগৰাকীও ভাৰতীয় বন্দী তাত পোৱা নগ’ল। তাৰপিছত ইছলামাবাদ, পেছাবৰ, লাহোৰকে আদি কৰি দেশৰ প্ৰায় আটাইবোৰ মূখ্য জেলতে অনুসন্ধান চলাই নিৰাশ ভাৰতীয় দলটো পুনৰ কৰাছীলৈ উভতি আহিল৷ দুদিনৰ পিছত তেওঁলোকক ভাৰতলৈ ওভতাই পঠিওৱা হ’ব।
মালাৰ মনটোৱে তেতিয়াও কথাটো মানিব পৰা নাছিল৷ অশান্ত মনটোত কেৱল নাছেৰ আহমেদৰ চিন্তা –
: কোন এই নাছেৰ আহমেদ ?
: ক’ত বিচাৰি পোৱা যাব তেওঁক?
: দহবছৰ আগতে সেনাত আছিল; এতিয়া ক’ত পোষ্টিং হ’ব পাৰে!
: চিঠিখনৰ পিছফালে থকা ডাক চিহ্নটোৰ পৰা অনুমান কৰিব পাৰি সেইখন কৰাছীৰ কোনোবা এঠাইৰ পৰা পঠোৱা৷
: কৰাছীত সেই নিৰ্দিষ্ট ডাকঘৰটো বিচাৰি উলিয়াব পাৰিলে হয়তো কিবা সম্ভেদ পোৱা গ’লহেঁতেন তেওঁৰ!
ইফালে পাকিস্থানৰ কোনোবা এখন গোপন স্থানত, পাহাৰৰ মাজৰ দুৰ্ভেদ্য মিলিটাৰী কেম্পটোৰ ভিতৰত তেতিয়া ব্ৰিগেডিয়াৰ ফইজল খানৰ লগতে আন কেইজনমান বিষয়াই তেওঁলোকৰ মনোকামনা সহজতে পূৰ্ণ হোৱাৰ আনন্দত আট্টহাস্য কৰি উঠিছিল। মাত্ৰ তিনিদিনৰ ভিতৰত দেশৰ বিভিন্ন জেলৰপৰা সকলো ভাৰতীয় বন্দীকে স্থানান্তৰ কৰাটো একেবাৰে সহজো নাছিল৷
: ইমান ডাঙৰ অপাৰেশ্যন এটা সফলতাৰে সম্পন্ন কৰা বাবে, আপোনালোক সকলোৱে ধন্যবাদৰ পাত্ৰ৷ মই হাই কামাণ্ডৰ ওচৰত সকলোৰে পদোন্নতিৰ বাবে আবেদন জনাম৷
: শুক্ৰিয়া জনাব খান চাহাব৷
: তেন্তে, এটা ডাঙৰ জচন হৈ যাওঁক? নে কি কয় কেপ্তেইন আলী?
: আপোনাৰ অনুমতি থাকিলে জচন নিশ্চয় হ’ব হুজুৰ৷ কিন্তু কেইদিনমান থাকক নেকি!
: কিয়?
: ভাৰতীয় দলটো এতিয়াও পাকিস্তানতেই আছে৷ সিহঁতৰ লগত ৰেডক্ৰছৰ মানুহ থকা বুলিও শুনিছো৷ যদি জচনৰ আঁৰ লৈ ভাৰতীয় চিপাহী কেইটাই ইয়াত কিবা গণ্ডগোল কৰে আৰু আমাৰ মিডিয়াৰ যোগেদি সেয়া গৈ কৰাছীত ভাৰতীয় দলটোৰ কাণত পৰে, সাংঘাটিক কথা নহ’বনে?
: ঠিক আছে। তেনেহলে ১৪ আগষ্টলৈকে ৰোৱা যাওক। মাজত বেছি দিনো নাই৷ সেইদিনাই জচনৰ ব্যৱস্থা হওক৷ তেতিয়ালৈ বন্দীবোৰৰ ওপৰত কাঢ়া নজৰ দিব লাগিব৷ জচনত ভাল মজলিছ এটা হ’ব লাগিব কিন্তু।
: ঠিক আছে হুজুৰ। সকলো আপুনি বিচৰাৰ দৰেই হ’ব৷ কিন্তু তাৰ পিছত এই বন্দীবোৰৰ কি হ’ব? আমি চিৰজীৱন ইহঁতক এনেদৰে ইয়াত পালি থাকিব লাগিব নে আকৌ আগৰ জেলবোৰলৈ ঘূৰাই পঠিওৱা হ’ব?
: এই বিষয়ে এতিয়াই ক’ব নোৱাৰিম৷ ওপৰৰ পৰা যি নিৰ্দেশ আহে সেইমতেই কাম হ’ব৷
: ঠিক আছে জনাব৷
হাতত সাৰে ভৰিত সাৰে মালা নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলাল৷ হাতত মাত্ৰ ডেৰটা দিন, এইখিনি সময়ৰ ভিতৰতে যি পাৰে কৰিব লাগিব৷ অফিচিয়েলি হোটেলৰ বাহিৰলৈ ওলোৱাৰ অনুমতি নাই৷ কিন্তু নাছেৰ আহমেদৰ সন্ধান উলিয়াব নোৱাৰিলে বকুলৰ বিষয়ে কেতিয়াও জানিব পৰা নাযাব৷ ইফালে পৰহি পুৱাই এয়াৰ ইণ্ডিয়াৰ বিমানযোগে ভাৰতীয় কেইজনক দিল্লীলৈ ঘূৰাই পঠিওৱাৰ কথা৷
হোটেলৰ বাহিৰত ৰৈ থকা টেক্সী এখন লৈ মালা তাড়িক নগৰ অভিমুখে আগবাঢ়িল৷ টেক্সীচালকজনে সন্দেহ কৰিব নোৱাৰাকৈ মালাই এটুকুৰা কাগজত ঠাইখনৰ নামটো লিখি দেখুৱালে আৰু গোটেই পথচোৱা মুখেৰে একো নোকোৱাকৈ বোবা মানুহ এগৰাকীৰ দৰে গাড়ীত বহি থাকিল৷
তাড়িকনগৰ পোষ্ট অফিছৰ ওচৰত টেক্সীখনক ৰ’বলৈ কৈ মালা নামি গ’ল৷ কিন্তু অফিছটোৰ বন্ধ দুৱাৰখনত ওলোমাই থোৱা বৃহৎ তলাটো দেখি মূৰে কপালে হাত দিলে৷ সকলো পৰিকল্পনা যেন মুহুৰ্ততে থান-বান হৈ গ’ল৷
কি কৰিব এতিয়া? ইতিমধ্যে হোটেলত নথকা কথাটো জনাজনি হ’বলৈ হয়তো বেছি সময় নালাগিব৷
ইফালে সিফালে চাই ওচৰেৰে পাৰ হৈ যোৱা মহিলা এগৰাকীক ৰখালে মালাই৷ সমস্যা হ’ল কি সুধিব? মুখেৰে একো নকৈ কেৱল আকাৰ-ইংগিতেৰে অফিছটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলে৷ মানুহজনীয়ে কোৱা মতে পোষ্ট অফিছটো বোলে যোৱা বিশ বছৰমানৰপৰা বন্ধ হৈ আছে৷
: তেনেহলে ইয়াৰ পৰা চিঠিখন কোনে পঠিয়ালে? – নিজকে নিজে প্ৰশ্ন কৰিলে মালাই৷
কি কৰিম কি নকৰিম হৈ অসহায়ভাৱে ইফালে সিফালে চাওঁতে মানুহজনীয়ে লাহেকৈ ক’লে যে অফিছটোৰ পিছফালৰ গলিটোৰে অলপ আগুৱাই গলে পোষ্টমাষ্টৰ ছিদ্দিকীৰ ঘৰ৷ তেওঁ বহুত ভাল মানুহ৷ কিবা কাম থাকিলে তালৈকে যাব পাৰে৷
কিছু সকাহ পালে মালাই, মুখলৈ যেন পানী আহিল৷ এক মুহুৰ্তও বিলম্ব নকৰি গলিটোৰে দৌৰি সোমাই গ’ল৷ যথেষ্ট ঠেক পথটোৰে যাওঁতে দুয়োকাষৰ নলাকেইটাৰপৰা নিৰ্গত হোৱা দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ মূৰটো দোপাত্তাখনেৰে ঢাকি লৈছিল৷
: মই হামিদ ছিদ্দিকী৷ আপুনি কাক বিছাৰিছে মোহতৰমা?
মালাই ততাতৈয়াকৈ কাগজ এখিলা উলিয়াই মানুহজনৰ হাতত দিলে৷ তেওঁ আচৰিত হৈ এবাৰ কাগজ টুকুৰা আৰু এবাৰ মালাৰ চকুলৈ চাব ধৰিলে৷ কাগজখন লিৰিকি বিদাৰি কিবা এটা ভাবি এইবাৰ তেওঁ একেকোবে বাহিৰলৈ ওলাই আহিল৷ ওচৰে পাজৰে কোনো নথকা বুলি আস্বস্ত হৈ ভিতৰৰপৰা কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলে৷
: আপুনি ইয়ালৈ অহা কথাটো আন কোনোবাই জানে নেকি? চিন্তা কৰিব নালাগে, আপুনি মোৰ সন্মুখত মুখ খুলিব পাৰে।
: নাই৷ মই সকলোৰে আঁৰ লৈ আহিছো৷ – লাহেকৈ কৈ মালাই তেওঁৰ অকণমানি কোঠাটোত পৰিপাটিকৈ সজাই থোৱা বস্তুবোৰত এটা এটাকৈ চকু ফুৰালে৷
: ঠিক আছে৷ চিন্তা নকৰিব, আপুনি ইয়াত সম্পূৰ্ণ সুৰক্ষিত৷ এই চিঠিখন কৰাছী হেড্ অফিছৰপৰা পঠিওৱা হৈছিল, ইয়াৰপৰা নহয় আৰু পঠিওৱা মানুহজনক মই চিনি পাওঁ৷ কামটোত ময়ো সহায় কৰিছিলো।
হামিদ ছিদ্দীকিৰ পৰা মালাই বুজিলে, চিঠিখনৰ পিছফালে থকা মোহৰটো আচলতে জালি৷ মানুহৰ চকুত ধূলি মাৰিবলৈহে বন্ধ হৈ পৰি থকা পোষ্ট অফিচটোৰ ঠিকনা দিয়া হৈছিল।
: নাছেৰ আহমেদৰ বিষয়ে আপুনি কি জানে? ক’ত লগ পাম তেওঁক?
: ইয়াৰ পৰা ছয় কিলোমিটাৰ আঁতৰত এখন গাঁও আছে, তাতেই লগ পাব৷ কিন্তু আপুনি সাৱধানে যাব লাগিব৷ কোনোবাই আপোনাক ভাৰতীয় বুলি সন্দেহ কৰিলে বিপদ হ’ব পাৰে৷ আৰু… কথা যিমান পাৰি কমকৈ ক’ব।
মানুহজনে কাগজ এখিলাত ঠিকনা এটা লিখি মালাৰ হাতত গুজি দিলে৷
: আল্লাতালা আপোনাৰ সহায় হওক।
মালাৰ চকুদুটা উজ্জলি উঠিল৷ ছিদ্দিকী চাহাবৰপৰা বিদায় লৈ তেওঁ দিয়া ক’লা ৰঙৰ বোৰ্খাটোৰে শৰীৰটো সম্পূৰ্ণকৈ ঢাকি পোষ্ট অফিছৰ আগৰ গলিটোত ৰৈ থকা টেক্সীখনৰ ফালে আগুৱাই গ’ল মালা৷
(৮)
মেজৰ বিক্ৰম লাঠি, কেপ্তেইন সুনীল, ছেকেণ্ড লেফটেনেণ্ট আনন্দ সুৰী আৰু আন কেইজনমান ভাৰতীয় জোৱানে ছাউনীৰ বাহিৰত একেলগে বহি কথা পাতি আছে৷ দিনত কাটি পেলোৱা গছ এজোপাৰ মূৰটোৰ ওপৰত মেজৰক ঘেৰি বহিছে সকলোৱে৷ বাকীবোৰে কোমল ঘাঁহনীডৰাৰ ওপৰতেই নিজৰ নিজৰ আসন বনাই লৈছে। যদিও কাৰাবন্দী, কাৰো হাতত হেণ্ডকাফ লগোৱা নাছিল। তেওঁলোকে ছাউনীটোৰ ভিতৰৰ কিছুমান নিৰ্দিষ্ট স্থানত মুকলি মনেৰে ঘূৰি ফুৰিব পাৰিছিল৷ মাত্ৰ কেইটামান বিশেষ ঠাইলৈ যোৱাৰহে অনুমতি নাই৷
মুকলি আকাশৰ তলৰ শীতল বতাহজাকে সকলোৰে গা-মন জুৰ পেলাই গ’ল৷ খোৱা-লোৱা সামৰি শুবলৈ যোৱাৰ আগতে এইখিনি সময় বন্দীসকলে সাধাৰণতে এনেকৈ মুকলি বতাহৰ আমেজ লয়৷ মেজৰ বিক্ৰমৰ সৈতে নতুনকৈ অহা কেইজনেও আজি তেওঁলোকক সঙ্গ দিলে৷
ফেঁচা এটাই বাহিৰত গছ এজোপাৰ ওপৰৰ পৰা চিঞৰি আছিল। দূৰৰ টাৱাৰটোৰপৰা এটা শক্তিশালী ফ্লাডলাইটেৰে সকলোৰে গতিবিধি নিৰীক্ষণ কৰি থকা হৈছে৷ ছাউনীটোৰ চাৰিওফালে থকা কাঁইটীয়া তাঁৰৰ বেৰবোৰৰ ওপৰত দুৰ্ভেদ্য বিদ্যুতৰ জাল৷ চৰাই এটাও সেইফালেৰে ভিতৰলৈ সোমাব নোৱাৰে; মূহুৰ্ততে জ্বলি ছাই হৈ যাব৷
সকলো স্বাভাৱিকভাৱে চলি থকাৰ মাজতে এবাৰ ফ্লাডলাইটৰ পোহৰত দেখা গ’ল ভাৰতীয় সৈনিককেইজনৰ পহৰাৰ বাবে থকা পাকিস্তানী চিপাহী এজন ছাউনীটোৰ ফালে আগুৱাই গৈছে। তেওঁ আহি ভাৰতীয় জোৱানকেইজনৰ লগত কিবা কথা পাতিলে৷ দূৰৰপৰা সকলো নিৰীক্ষণ কৰি থকা ফ্লাডলাইটটোৰ পিছৰ চিপাহীজনে কিন্তু বুজি নাপালে তেওঁলোকৰ মাজত কি কথা হৈছিল৷ কথাটোত গুৰুত্ব দিবলগীয়াও বিশেষ একো নাছিল, যিহেতু দুয়োপক্ষৰ চিপাহীবোৰৰ মাজত এনেদৰে কথা-বতৰা হৈয়েই থাকে৷
সৈনিকজন আঁতৰি যোৱাৰ পিছত লাহে লাহে সকলো উঠি শুবলৈ ওলাল৷ তেতিয়ালৈ ৰাতিও হৈ আহিছিল। পাকিস্তানী চিপাহীকেইজনে ছাউনীৰ বাহিৰত তহল দিবলৈ ধৰিলে৷ শক্তিশালী ফ্লাডলাইটৰ পোহৰটো এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত ছাউনীৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি থাকিল, যেন এটা পৰুৱাও সাৰি নাযাব তাৰ দৃষ্টিৰ পৰা৷
ভিতৰত কেপ্তেইন সুনীলে বিক্ৰম লাঠিৰ হাতত এখন কাগজ গুজি দিলে; বাতৰি কাকতৰ পৰা ফালি অনা টুকুৰা এটা৷
: আজিৰ খবৰ?
: হয় মেজৰ, আজিৰ৷ ইহঁতৰ মাজত আমাৰ বিশ্বাসীও আছে৷
অতি নিম্ন স্বৰত কথা হৈছিল সকলোৱে৷
টুকুৰাটোত লিখা কথাখিনি প্ৰত্যেকেই এজন এজনকৈ পঢ়ি নিজকে যেনে তেনে সংযমিত কৰিলে৷ মূহুৰ্তৰ বাবে সকলো ঠাইতেই বহি পৰিল৷ ভাৰতৰপৰা অহা কেইজনমান ব্যক্তিয়ে তেওঁলোকক বিচাৰি পাকিস্তানৰ বিভিন্ন জেল চলাথ কৰি ফুৰা কথাটো লিখা আছিল কাকতত৷ খবৰটোৱে সকলোৰে অন্তৰত নতুন আশাৰ সঞ্চাৰ কৰিলে৷ কাৰো বুজিবলৈ বাকী নাথাকিল যোৱা দুদিনত হোৱা নাটকীয় পৰিবৰ্তনবোৰ আচলতে কিহৰ বাবে! প্ৰকৃততে কি লুকুৱাব বিচাৰিছে পাকিস্তানে৷
: মেজৰ! কোন এই বকুল শৰ্মা?
সুনীলৰ প্ৰশ্নত মেজৰ বিক্ৰমে মিচিকিয়া হাঁহি মাৰি এফালে আঁতৰি আহিল৷ বেৰত কাণ এখন লগাই তেওঁ বাহিৰৰ পৰা কোনোবাই কথাবোৰ শুনি আছে নেকি গম ল’লে৷
নাই – হয়তো ওচৰে পাজৰে কোনো নাই!
সুনীলৰ পৰা আশ্বস্ত হৈ মেজৰে বকুলৰ বিষয়ে সৰু সৰুকৈ কৈ গ’ল –
: ঠিক আছে, আজি আপোনালোকক বকুলৰ কথা ক’ম! এজন বাহাদুৰ সৈনিক – দেশমাতৃৰ এগৰাকী প্ৰকৃত ভক্ত – মেজৰ বকুল শৰ্মা৷
সেয়া ১৯৭১ চনৰ কথা৷ তেওঁ আচাম ৰেজিমেণ্টত আৰু মই গোৰ্খা ৰেজিমেণ্টত! জম্মুৰ ওচৰৰ মুনাৱাৰত আমাৰ পোষ্টিং৷ সীমান্তৰ ঠাইডোখৰ বৰ বেছি অস্থিৰ নাছিল। কিন্তু হঠাতে এদিন খবৰ আহিল পাহাৰৰ দাঁতিত থকা টৱী নদীৰ পাৰত পহৰাৰত শিখ ৰেজিমেণ্টৰ পাঁচজন জোৱানৰ ওপৰত পাকিস্তানৰ ফালৰপৰা ধাৰাসাৰ ফায়াৰিং হৈছে৷ তেইশটা আৰটিলেৰী গানেৰে জধে মধে গুলিওৱা হৈছিল পহৰাদাৰী শিখকেইজনৰ বাংকাৰটোত৷ তীব্ৰ সাহসেৰে অকলেই যুঁজি থকাৰ মাজতে ৰেডিঅ’ অপাৰেটৰজনে সহায় বিচাৰি খবৰটো পঠিয়ালে বেছ কেম্পলৈ৷
লগে লগে তেওঁলোকক ক’ভাৰ কৰিবলৈ লগত চাৰিজন আচাম ৰেজিমেণ্টৰ জোৱানসহ মেজৰ বকুল উপস্থিত হ’ল তাত৷ আমাৰ জোৱান কম আছিল। মই অলপ আঁতৰত থকা বাবে গৈ পাওঁতে কিছু পলম হ’ল৷ শিখকেইজনৰ বাংকাৰটোত আছিল মাত্ৰ দুটা আৰটিলেৰী গান৷ পাকিস্তানৰ তেইশটা আৰটিলেৰী গানৰ বিপৰীতে আমাৰ দুটা, পৰ্যাপ্ত নাছিল৷ সাহসেৰে যুঁজ দি তিনিজন আচাম ৰেজিমেণ্টৰ জোৱান আৰু চাৰিজন শিখ ধৰাশায়ী হ’ল৷
সেই সময়ত লগত আন পাঁচজন গোৰ্খাৰ সৈতে মই গৈ পাওঁ৷ তাত গৈ দেখোঁ, বকুলে অকলেই আৰটিলেৰী কেইটা চলাই আছে৷
আচৰিত হৈছিলো তেওঁক দেখি। দুখ-ভাগৰ কি বস্তু, হয়তো তেওঁ পাহৰি গৈছিল৷ লগৰীয়াকেইজনৰ মৃতদেহ কেইটাই তেওঁক অস্থিৰ কৰি পেলাইছিল। বৃহৎ আৰটিলেৰী কেইটাত প্ৰকাণ্ড গুলীবোৰ নিজেই সুমুৱাই তেওঁ নিজেই ফায়াৰিং কৰিছিল৷ সাধাৰণতে এটা আৰটিলেৰী চলাবলৈ তিনিজন মানুহৰ প্ৰয়োজন৷ কিন্তু বকুলে অকলেই ছয়জনৰ কাম কৰিছিল৷ শৰীৰত কি যে এক প্ৰচণ্ড শক্তি৷ যেন ৰূপকথাৰ এজন নায়কহে৷ তেওঁক দেখিলেই আপোনাৰো মন যাব শত্ৰুৰ ওপৰত জঁপিয়াই পৰিবলৈ৷
আমি গৈ মৃত চিপাহীকেইজনৰ মুখত কাপোৰৰ টুকুৰাৰে ঢাকি, আৰটিলেৰী গানকেইটা চম্ভালি লওঁ মানে যথেষ্ট দেৰি হ’ল৷ ইতিমধ্যে আমাক চাৰিওফালৰপৰা ঘেৰি পেলাইছিল পাকিস্তানী চিপাহীয়ে৷
হাতত গোলা বাৰুদ শেষ হোৱা স্বত্বেও আমি সহজতে হাৰ মনা নাছিলো৷ কেইবাজনো পাকিস্তানী চিপাহীক অকলেই আঘাত কৰি ঘূণীয়া কৰিছিল বকুলে৷ এটা প্ৰকাণ্ড শিলৰ ওপৰৰ পৰা একেলগে তিনিজন চিপাহীৰ ওপৰত জঁপিয়াই পৰি কেনেদৰে মোক ৰক্ষা কৰিছিল, আজিও পাহৰা নাই৷ কিন্তু সিহঁতৰ এশৰ ওপৰৰ চিপাহীৰ আগত আমি অকল সাতজনে বেছি সময় তিষ্ঠিব নোৱাৰিলো৷ মোৰ ভৰিত দুটা আৰু বকুলৰ ভৰিয়ে পিঠিয়ে কেইবাজাঁয়ো গুলী সোমাল৷ তাৰপিছত আমাক বন্দী কৰা হ’ল৷
কথাখিনি কৈ অলপ ৰ’ল মেজৰ। নজনাকৈয়ে এটা হুমুনিয়াহ ওলাই আহিল বুকুৰ মাজেৰে। হয়তো দুখ লাগিছিল বন্ধুৰ কথা সুঁৱৰি।কেপ্তেইন সুনীলৰ লগতে আন সকলোৱে উৎকণ্ঠাভৰা চাৱনীৰে মেজৰৰ চকুৰপৰা ওলাই অহা পানী কেইটোপাল ঠিকেই লক্ষ্য কৰিলে৷
: তাৰ পিছত মীৰপুৰ কেম্পত আমি বহুবছৰ একেলগে থাকিলো৷ একেলগে হাজাৰ যাতনা বুকু পাতি ললো৷ বছৰৰ পিছত বছৰ পাৰ হ’ল৷ দাঢ়ি পকিল, চুলি পকিল৷ ভাৰতত আমি মৃত ঘোষিত হ’লোঁ৷ এইবোৰতো আপোনালোকে জানেই৷
: বকুল শৰ্মাৰ কি হ’ল মেজৰ?
টেবুলৰ পৰা পানীৰ গিলাছটো হাতত লৈ মেজৰে কৈ গ’ল –
: আজিৰ পৰা চাৰি বছৰ আগতে, মানে ধৰক ১৯৭৭ মানত হ’ব – আমি মীৰপুৰ কেম্পৰপৰা পলোৱাৰ পৰিকল্পনা কৰিলো৷ তাৰ আগতেও বহুবাৰ অসফল চেষ্টা কৰা হৈছিল অৱশ্যে। মোৰ লগৰ এওঁলোক পাঁচজনো আছিল৷
মেজৰে লগৰীয়া কেইজনলৈ আঙুলিয়াই দেখুৱালে৷
: মেডিকেললৈ গৈ থাকোঁতে এটা পাহাৰীয়া ঠেক পথত ড্ৰাইভাৰক আক্ৰমণ কৰি কামটো কৰাৰ পৰিকল্পনা আছিল৷ সেইফালেৰে আগতে কেইবাবাৰো অহাযোৱা কৰিছো, নক্সা মনত আছিল সকলোৰে৷ কিন্তু আমাৰ অজ্ঞাতে আমাক অনুসৰণ কৰি থকা আন তিনিখন লড়ী আছিল ঠিক আমাৰ পিছে পিছে, সন্তৰ্পনে৷ তাত ইহঁতৰ প্ৰায় নব্বৈজনমান চিপাহী সোমাই আছিল৷ কথাটো আমি নাভাবিলো; আকৌ অসফল হ’লো৷ সিহঁতে আহি আমাক হেঁচা মাৰি ধৰিলেহি; পলোৱাৰ আন কোনো পথেই নাছিল৷
: তাৰ পিছত?
মেজৰে এটা হুমুনিয়াহ কাঢ়ি কৈ গ’ল –
: কিন্তু এইবাৰ বকুল আঁকোৰগোজ – ইমান সহজতে হাৰ নামানো বুলি তেওঁ আগৰপৰাই পৰিকল্পনা কৰি আহিছিল৷ সকলোৰে চকু তেতিয়া তেওঁৰ ওপৰত৷ কি কৰিব তেওঁ? আমাৰ মনত উৎকণ্ঠা। বকুল একেবাৰে শান্ত। কিন্তু আমি ঠিকেই অনুমান কৰিছিলো, সেয়া আছিল ধুমুহাজাকৰ আগৰ নীৰৱতা।
তেনেতে ঘটিল ঘটনাটো। পাকিস্তানৰ সৈনিক এজন আগুৱাই আহি আমাক বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰিবলৈ ধৰিলে। দুয়োপক্ষৰ মাজত কিছু গৰমা গৰমি হ’ল। বকুলক উত্তেজিত কৰিবলৈ সেয়া যথেষ্ট আছিল।
ঠিক আমি ভবাৰদৰেই সেনাৰ এসোপামান উদ্যত বন্দুকক নেওচি সেই চিপাহীজনক গবা মাৰি ধৰি পাহাৰৰ ওপৰৰ ঠেক পথটোৰপৰা তললৈ জপিয়াই দিলে তেওঁ৷ অটব্য অৰণ্য হোৱা বাবে কোনেও পিছে পিছে তললৈ নামি যোৱাৰ সাহস নকৰিলে৷ কেইবাজাঁয়ো গুলী চলোৱা হ’ল তললৈ লক্ষ্য কৰি। চিকাৰী কুকুৰবোৰক পিছে পিছে জংঘলত এৰি দিয়া হ’ল৷ কিন্তু মেজৰ বকুল শৰ্মাৰ কোনো সন্ধান নোলাল৷ খঙত একো নাই হৈ ইহঁতে আমাক কেম্পলৈ ঘূৰাই আনি যমৰ যাতনা দিবলৈ ধৰিলে৷
মেজৰৰ দুচকু পানীৰে ভৰি পৰিল৷ বকুলৰ কথা কওঁতে যথেষ্ট আৱেগিক হৈ পৰিছিল। কোনোমতে নিজৰ বিছনাখনত আহি বহিল তেওঁ। মেজৰক তেনেদৰে দেখি ছেকেণ্ড লেফটেনেণ্ট আনন্দ সুৰীয়ে কৈ গ’ল –
: চাৰিদিনৰ পিছত গম পাইছিলো, জংঘলৰ মাজত চিকাৰী কুকুবোৰে হেনো মেজৰ বকুলৰ শৰীৰটো ফালি ছিৰি নেফানেফ কৰিলে৷ তেওঁ পিন্ধি থকা কাপোৰবোৰ আনি আমাক দেখুওৱা হৈছিল৷
: তাৰমানে বকুলৰ মৃত্যু হৈছিল? বাতৰি কাকতত লিখা মতে ভাৰতলৈ চিঠিখন কোনে পঠিয়ালে বুলি ভাবিছে মেজৰ? ইয়াত কোনোবা নাছেৰ আহমেদৰ নাম উল্লেখ কৰা হৈছে৷ কোন এই নাছেৰ আহমেদ?
মেজৰে একো উত্তৰ নিদিলে৷ মাথোঁ খিৰিকীৰে বাহিৰত ইফালৰপৰা সিফাললৈ ঘূৰি থকা ফ্লাডলাইটৰ তীক্ষ্ণ পোহৰখিনিলৈ একেথৰে চাই ৰ’ল৷
(৯)
মনহাৰী গাঁও। কৰাছী, পাকিস্তান ৷
আধুনিকতাৰ পৰশ নপৰা তেনেই সাধাৰণ পৰিবেশ এটাৰ মাজতে মালাৰ গন্তব্য স্থানখন। গাঁৱৰ প্ৰবেশদ্বাৰ পোৱাৰ অলপ আগতে মূল পথটো দুভাগ হোৱা। এফালেৰে অলপ নামি গৈ গাঁৱলৈ প্ৰবেশ কৰা পথটো আৰু ওপৰলৈ উঠি আনটোৰে আগুৱাই গ’লে খালেক নগৰ টাউনৰ বজাৰখন।
এইখিনি কথা পোষ্ট মাষ্টৰ হামিদ ছিদ্দিকীয়ে মালাক কৈছিল৷
মালাই টেক্সিখন চকটোতে ৰখাই বাওঁফালৰ সৰু পথটোৰে নামনিৰ গাঁওখনলৈ সোমাই গ’ল। পাহাৰৰ দাঁতিৰ শান্ত পৰিবেশৰ মাজত আটোমটোকাৰিকৈ সজ্জিত এখন সৰু গাঁও। জনবসতিও হয়তো বেছি নহ’ব। চকুত পৰাকৈ গণি গণি মাত্ৰ কেইটামান ঘৰ। ঘৰবোৰৰ পিছেৰে হয়তো এখন পাহাৰীয়া জুৰি বৈ গৈছে। জুৰিৰ পানীবোৰ শিলত ঠেকা খাই হোৱা কল-কল শব্দই মালাৰ মনটো ভৰাই তুলিলে।
সাউৎকৈ মনটো বকুলহঁতৰ ঘৰৰ পিছৰ নৈৰ পাৰলৈ উৰা মাৰিলে। সেইখনৰ পাৰতেই শেষবাৰলৈ বকুলৰ সৈতে তাই কিছুসময় নিবিড়ে পাৰ কৰিছিল। বকুলৰ বুকুৰ মাজত সোমাই অভিমানেৰে কৈ উঠিছিল –
এনেদৰে আঁতৰি থাকিবই আছিল যদি বিয়া কিয়নো কৰাইছিলা?
বকুলৰ লগত কটোৱা নিবিড় সময়বোৰ চকুৰ আগত ভাঁহি আহিল মালাৰ। বকুল অবিহনে নৈৰ পাৰলৈ কেইবাবাৰো গৈছে তাই। বকুলৰ সান্নিধ্য বিচাৰি মনটোৱে হাঁহাকাৰ কৰি উঠা সময়ত নৈখনেইতো আছিল একমাত্ৰ সঙ্গী।
তিনি চাৰিটা সৰু ল’ৰা ছোৱালীয়ে দৌৰা দৌৰি কৰি খেলি থকাৰ মাজতে আহি ঘেৰি ধৰাত মালাৰ চিন্তাত যতি পৰিল। বোৰ্খাটোৰ মোখনিখন লাহেকৈ আঁতৰাই মালাই মিচিকিয়া হাঁহিৰে সিহঁতৰ খেলত যোগ দিলে। কণমানি কেইটাৰ লগত আন্তৰিকতাৰে কিছু সময় কটোৱাৰ পিছত কাগজৰ টুকুৰাত লিখা ঠিকনাটো ছোৱালী এজনীক দেখুৱালে।
ঘৰ এটাৰ সম্মুখত মালাক এৰি কণমানি কেইটা দৌৰা ধপৰা কৰি আতঁৰি গ’ল। দুৱাৰত টোকৰ মাৰি অলপ পিছুৱাই আহিল মালা। গাঁৱৰ পৰিবেশটো ভালদৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে। দুৱাৰখন খুলি কোনোবাই মাত দিয়াত পিছলৈ ঘূৰি চাই দেখিলে বৰ মৰমলগা কণমানি ছোৱালী এজনী দুৱাৰত থিয় হৈ আছে। ছয় সাত বছৰীয়া ছোৱালীজনীয়ে অতি নম্ৰভাৱে ’আদাব’ জনাই মালাক ভিতৰলৈ লৈ গ’ল।
ভিতৰলৈ সোমাই মালা আচৰিত হ’ল। অকণমানি ঘৰটো ইমান ধুনীয়াকৈ সজোৱা! কাঠৰ চকীখনত বহি কোঠাটোৰ চাৰিওফালে চাবলৈ লওঁতে ভিতৰৰপৰা এগৰাকী মহিলা ওলাই অহা দেখি মালাই থিয় হৈ নমস্কাৰ জনালে। কিন্তু মানুহজনীয়ে মুখেৰে একো নামাতি একেথৰে চাইহে ৰ’ল৷ তেওঁক দেখি মালাই ভাবিলে; মানুহ গৰাকীয়ে কিবা সন্দেহ কৰিছে নেকি!
: মই মালা। নাছেৰ আহমেদক বিচাৰি আহিছিলো। তেওঁক লগ পামনে? আপুনি?
কিবা এটা উত্তৰৰ আশাত মালাই তেওঁৰ মুখলৈ চাই ৰ’ল। কিন্তু তেওঁ কিবা কোৱাৰ আগতে কণমানি ছোৱালীজনীয়ে তপৰাই মাত দিলে –
: মোৰ আব্বাজানৰ নাম নাছেৰ। তেওঁ বজাৰলৈ গৈছে। অলপ পিছতেই আহিব, আপুনি বহক দেই। এয়া মোৰ আম্মাজান, ৰুক্সানা।
ছোৱালীজনীক দেখি মালাই বৰ আনন্দ পাইছিল। তাই ইতিমধ্যে মালাৰ হাতত টানি চকীখনত বহুৱাই নিজেও কাষতে বহি লৈছিল।
: আৰু তোমাৰ নাম কি মাজনী?
: নূৰ। মোৰ নাম নূৰ আহমেদ।
: ৱাহ! ইমান ধুনীয়া নাম – একেবাৰে তোমাৰ নিচিনা।
মালাই নূৰৰ লগত বিভিন্ন কথা বতৰা পাতিবলৈ ধৰিলে। সম্মুখৰ মানুহজনীয়ে তেতিয়াও আচৰিত হৈ মালাৰ পিনেই চাই আছিল। মালাই আঁৰ চকুৰে এবাৰ তেওঁলৈ চাই পুনৰ কণমানিজনীৰ লগত ব্যস্ত হ’ল।
হোটেলৰ কোঠাত মালা দেৱী নাই৷ চাৰিওফালে হাঁহাকাৰ লাগি পৰিল। কেতিয়া কোনফালেৰে মানুহজনী ওলাই গ’ল কোনেও একো ক’ব নোৱাৰিলে। ভাৰতীয় দলটো বিবুধিত পৰিল, তেওঁলোকৰ ওচৰত একো উত্তৰ নাছিল৷ মানুহজনী কিবা বিপদত পৰিব পাৰে বুলি সকলোৰে চিন্তা হ’ল৷ হোটেলত সন্ধিয়া লগ কৰিবলৈ অহা পাকিস্তানী বিষয়াজনক খাটনি ধৰিলে যেনে তেনে মালাক বিচাৰি দিবলৈ৷ অফিচাৰ চৌকট আলিয়েও তেওঁলোকক কথা দিলে মালাক অতি সোনকালে বিচাৰি উলিয়াব বুলি৷
হোটেলৰ কোঠাৰপৰা মালা নোহোৱা হোৱা কথাটো দিল্লীৰ কাণতো পৰিল৷ লগত যোৱা বিদেশ মন্ত্ৰণালয়ৰ বিষয়া কেইজনৰ ওপৰত সকলোৱে খং উজাৰিলে৷ তেওঁলোক সাৱধান হোৱা হ’লে হয়তো ছোৱালীজনী আজি বিপদত নপৰিলে হয়৷
মালাৰ ঘনিষ্ঠ বিপুল দুৱাৰাক জনোৱা হ’ল কথাটো৷ মালাৰ বিষয়ে গম পাই তেওঁ দুখ ব্যক্ত কৰিলে৷ লগে লগে এখন বিমানযোগে কোনেও নজনাকৈ হাইদৰাবাদলৈ ৰাওনা হ’ল দুৱৰা৷ বিমান বন্দৰৰপৰা ওলাই টেক্সী এখন লৈ তেওঁ চিধাই ড° শ্ৰীনিৱাসনৰ বাংলোত ওলালগৈ৷ ইতিমধ্যে ধাৰাসাৰ বৰষুণ এজাকে চহৰখন ভিজাই পেলাইছিল৷
: বিপুল? ইমান সন্ধিয়া ইয়াত? কিবা নুশুনিবলগীয়া খবৰ?
বিপুল দুৱৰাক ভিতৰলৈ মাতি ড° শ্ৰীনিৱাসনে দুৱাৰখন বন্ধ কৰি দিলে৷ টাৱেল এখনেৰে গা মূৰ মচি দুৱৰাই চাহ একাপ বিচাৰিলে৷ দুয়োৰে বাবে দুকাপ চাহৰ যোগাৰ কৰি ড° শ্ৰীনিৱাসন আহি সন্মুখতে বহিল৷
: মইনাটো সঁজাৰ পৰা উৰি গ’ল ছাৰ৷
: ভাল কথা। খবৰটো তুমি টেলিফোনেৰে নিদি এনেদৰে দৌৰি অহাত ভাল পাইছো৷ তুমি ইয়াত হোটেল বুক কৰিছা নেকি?
: নাই কৰা ছাৰ।
: ঠিক আছে, নালাগে৷ আজি ৰাতি মোৰ লগতেই থাকা৷ দুপৰীয়াতে কিনি থোৱা মাংস অলপ আছে৷ তাকেই বনাওঁ, নে কি কোৱা? খাই বৈ ৰাতিলৈ মইনাৰ গতিবিধিৰ ওপৰত কথা হ’ম, হ’বনে?
ওঁঠৰ পৰা চাহৰ কাপকেইটা আঁতৰাই দুয়োজনে মিচিকিয়াই হাঁহিলে৷ বাহিৰত বৰষুণজাক কমি আহিছিল৷ লাহে লাহে ধৰাৰ বুকুলৈ আন্ধাৰ নামি আহিল৷ দূৰৰ কোনোবা এটা মছজিদৰপৰা ৰিণিকি ৰিণিকি ভাঁহি অহা সন্ধিয়াৰ নামাজৰ ধ্বনি শুনা গ’ল৷ চাহৰ কাপটো থৈ আন্ধাৰে আৱৰি ধৰা কোঠাটোত লাইটটো জ্বলাবলৈ ড° শ্ৰীনিৱাসন উঠি আহিল৷
ৰুক্সানা বেগমে চাহ একাপ, গাখীৰ এগিলাছ আৰু কিবা অলপ খোৱা বস্তু আনি মালাৰ সন্মুখত থ’লে৷ কণমানি ছোৱালীজনীয়ে গাখীৰৰ গিলাছটো হাতত লৈ খোৱাত লাগিল৷ চেৱাইৰ বাতিটো হাতত লৈ মালাই আকৌ সুধিলে –
: নাছেৰ কেতিয়া আহিব?
উত্তৰত মানুহজনীয়ে এইবাৰো একো নক’লে৷ অলপ সময় মালাৰ মুখলৈ চাই থাকি ভিতৰলৈ গ’ল৷
: তোমাৰ আম্মাজানে কথা ক’ব নোৱাৰে নেকি?
: পাৰে, কিয় নোৱাৰিব? মই শুওঁতে আম্মাই ইম্মান ধুনীয়া গান গায়।
মানুহজনী বোবা নহয় বুলি নিশ্চিত হ’ল মালা৷ চেৱাইখিনি শেষ কৰি এইবাৰ বেৰৰ ওপৰত ওলোমাই থোৱা বিভিন্ন ফটোবোৰত চকু ফুৰাই গ’ল৷ তাৰ মাজতে এখন ফটো দেখি হঠাতে মালা উছপ খাই উঠিল৷ বহাৰপৰা উঠি আহি মালাই ফটোখনলৈ ৰ লাগি চাবলৈ ধৰিলে৷ পৰিয়ালটো একেলগে থকা ফটো এখন৷ কিন্তু কণমানিজনী আৰু মানুহগৰাকীৰ মাজত এয়া কোন?
পিছফালে ছোৱালীজনীয়ে তেতিয়া কণমানি ভৰি দুখন জোকাৰি জোকাৰি গাখীৰৰ গিলাছটো শেষ কৰাত ব্যস্ত৷
: এয়া কি? এয়া দেখোন ! নাই নাই! এয়া কেনেকৈ সম্ভৱ? নিশ্চয় মোৰ ভুল হৈছে৷
: সেয়া মোৰ আব্বা – আম্মা আৰু মই!
পিছফালে কণমানিজনীৰ মাতত মালা জঁপিয়াই উঠিল৷ কোনোমতে পৰি নোযোৱাকৈ নিজকে চম্ভালি মালা আহি ছোৱালীজনীৰ ওচৰত বহিল৷
: কাৰ ফটো বুলি ক’লা সেয়া মাজনী?
: সেয়া মোৰ আব্বা – নাছেৰ আহমেদ, আম্মা – ৰুক্সানা বেগম আৰু মই – নূৰ৷
মালাৰ মূৰটো ঘূৰাবলৈ ধৰিলে৷ এয়া কেনেকৈ সম্ভৱ! ভুল দেখিছে নেকি তাই? নিজৰ চকুৰ ওপৰতেই বিশ্বাস হোৱা নাই৷ মুখেৰে এটা শব্দও ওলাই নাহিল৷ কিবা এটাই ডিঙিটোতে খামুচি ধৰিলে৷ মাতটো যেন এতিয়াই বন্ধ হৈ যাব৷ উশাহ-নিশাহবোৰো ঘন হৈ আহিল৷ হাতৰপৰা চেৱাইৰ বাটিটো ছিটিকি চাহৰ কাপটোৰ ওপৰতে পৰি গ’ল৷
দৌৰ মাৰি বাহিৰলৈ ওলাই আহিল মালা৷ ভৰি দুখন ভূমিকম্পৰ মাজত থিয় হৈ থাকোঁতে কঁপাৰ দৰে কঁপিবলৈ ধৰিলে৷ চকুপানীৰে গাল দুখন ভৰি আহিল৷ সম্মুখৰ সকলো ধোঁৱা ধোঁৱা দেখিলে৷ গোটেই পৃথিৱীখনে যেন হাঃ হাঃ কৈ হাঁহি উঠিছিল৷ তাই আগুৱাই গ’ল৷ ক’ত যাব নাজানে৷ খোজবোৰ ক্ৰমান্বয়ে দৌৰলৈ সলনি হ’ল৷ এসময়ত লক্ষ্যহীনভাৱে সন্মুখলৈ দৌৰিবলৈ ধৰিলে মালা৷
পিছে পিছে সৰু ছোৱালীজনী আৰু মাক ওলাই আহিছিল৷ তেওঁলোকে পিছৰ পৰা মাতিবলৈ ধৰিলে৷ কিন্তু মালা ইতিমধ্যে বহুদূৰ আগুৱাই আহিছিল৷ মূহূৰ্ত্ততে ঠাইখন আন্ধাৰে আৱৰি ধৰিলে৷ সেই অন্ধকাৰৰ মাজত মালা ক’ৰবাত হেৰাই থাকিল৷
.
(১০)
.
হস্পিটালৰ বিছনাত একাষৰীয়াকৈ শুই আছে মালা৷ কাষতে বকুলৰ বন্ধু বিপুল দুৱৰাৰ পত্নী৷ কোঠাৰ বাহিৰত দুৱৰাই ডা° বৰাৰ লগত কিবা আলোচনাত ব্যস্ত৷ এদিন আগতে মালাৰ এটা জটিল অপাৰেশ্যন হৈ উঠিছে৷ সপোনৰ কণমাণি পৃথিৱীখন ডাউ ডাউকৈ জ্বলি ইতিমধ্যে শেষ হৈ গৈছে তাইৰ৷ গিৰিয়েক আৰু পেটৰ সন্তানটোৰ বেদনাত মালাই হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে৷ কেতিয়াবা চিঞৰি চিঞৰি কন্দাৰ মাজতে আকৌ মূহূৰ্ততে খিলখিলাই হাঁহি উঠিছে৷ পেটৰ অসহ্য যন্ত্ৰণাতকৈও মনৰ ক্ষোভত মালাৰ চকু দুটা ৰঙা হৈ জ্বলি উঠিছে৷
বিপুল দুৱাৰাৰ পত্নীয়ে কপালখনত চুই তাইক শান্ত্বনা দিয়াৰ চেষ্টা কৰিছে –
: ময়ো মিলিটাৰীত যোগ দিম বৌ৷ বকুলৰ হত্যাকাৰীক মই বিচাৰি উলিয়াম৷
: আগতে নিজে সম্পূৰ্ণ সুস্থ হৈ লোৱাচোন মালা৷
: মই সেইবোৰ নাজানো, বিপুল দাদাক কোৱা মোক মিলিটাৰীত সুমুৱাই দিবলৈ৷ মই জানো তেওঁ কিবা চিক্ৰেট পুলিচৰ কাম কৰে, ময়ো কৰিম৷
: এইবোৰ পিছে পৰেও ভাবিবা৷ আগতে দৰবখিনি ভালদৰে খাই সুস্থ হোৱা৷ বৰ্তমান তুমি উঠিবও নোৱাৰা৷
সেয়াই আৰম্ভণি৷ তাৰ পিছত আৰু বহুদিন কথাটো উলিয়াইছে মালাই৷ মুঠতে তাই মিলিটাৰীত ভৰ্তি হ’বই৷ কাৰোৱেই কথা নুশুনে৷ গাঁৱৰ পৰা অহা বকুলৰ মাককো ঘূৰাই পঠিয়ালে৷ তাই হেনো শাহুৱেকৰ লগত গাঁৱলৈ আৰু নাযায়, চহৰতে থাকিব৷ নিজে দুপইচা উপাৰ্জন কৰিব; শাহুৱেকৰ মূৰত বোজা হৈ নাথাকে৷
লাহে লাহে মালা সুস্থ হ’ল৷ বিপুল দুৱাৰাই তাইক চহৰৰে চিনাকী হস্পিটালখনত নাৰ্চ হিচাপে সুমুৱাই দিলে৷ হস্পিটালখনৰ স্বত্বাধিকাৰী ডা° সমীৰণ বৰাই এই ক্ষেত্ৰত যথেষ্ট সহায় কৰি দিছিল৷ দুৱৰাৰ ঘৰতেই সৰু কোঠা এটা ভাড়াত লৈ থাকিবলৈ ল’লে মালা৷
মিলিটাৰীত সোমোৱা জেদটো উলাই কৰিব নোৱাৰি এদিন দুৱাৰাই নিজৰ অফিচলৈ লৈ গ’ল মালাক৷ তেওঁলোকৰ কাম কাজবোৰ দেখি মালা কামটোৰ প্ৰতি অধিক আকৰ্ষিত হ’ল৷ পুলিচৰ ইউনিফৰ্ম নিপিন্ধাকৈয়ে কিছুমান তেনেই সাধাৰণ যেন লগা ব্যক্তিয়েও পুলিচৰ কাম কৰি থকা দেখি মালা আচৰিত হৈছিল৷
: ইউনিফৰ্ম আমাৰো আছে মালা, কিন্তু আমাৰ কামবোৰ জনসাধাৰণৰ চক্ষুৰ আঁৰত থাকি কৰিবলগীয়া হোৱা বাবে বেছিভাগ সময়ত আমাক সাধাৰণ পোছাকতে পাবা৷ তোমাৰ আশে-পাশে ঘূৰি ফুৰা যিকোনো এজন ব্যক্তি আমাৰ মানুহ হ’ব পাৰে, তুমি গমেই নাপাবা৷ কিন্তু যিকোনো ব্যক্তিয়ে ইচ্ছা কৰিলেই আমাৰ কামত সোমাবও নোৱাৰে৷
: তাৰ বাবে কি লাগিবনো?
: তাৰ বাবে লাগিব সাংঘাটিক বুদ্ধিমত্তা, মূহূৰ্ততে কঠিনতকৈও কঠিন সিদ্ধান্ত ল’ব পৰা মানসিকতা আৰু সকলোতকৈ ডাঙৰ কথা – দেশৰ বাবে যিকোনো সময়তে প্ৰাণাহুতি দিবলৈ কুণ্ঠাবোধ নকৰা এটা সাহসী সত্তা৷
: মই পাৰিম দাদা৷ সকলো কৌশল মই শিকিম৷ মুঠতে মই আপোনাৰ অফিচত কাম কৰিম৷
: এয়া আৱেগত লোৱা সিদ্ধান্ত নহয় মালা, ভালদৰে ভাবি চোৱা৷ এবাৰ সোমালে আৰু কেতিয়াও পিছ হুঁহুকি আহিব নোৱাৰিবা৷
বিপুল দুৱাৰাই বাৰে বাৰে সতৰ্ক কৰা স্বত্বেও মালাই চিক্ৰেট চাৰ্ভিছত যোগ দিলে৷ শ্বহীদ পত্নী হিচাপে তাইৰ বেছি অসুবিধা নহ’ল৷ দুবছৰ হাইদৰাবাদত থাকি তাই প্ৰশিক্ষণ ল’লে৷ মালাক শাৰীৰিক আৰু মানসিকভাৱে এগৰাকী মজবুত এজেণ্ট হিচাপে গঢ়ি তোলাৰ দায়িত্ব ল’লে স্বয়ং ড° শ্ৰীনিৱাসনে৷
ড° শ্ৰীনিৱাসন জনসাধাৰণৰ দৃষ্টিত এজন বিজ্ঞানী হোৱাৰ লগতে ভাৰতীয় চিক্ৰেট সংগঠনটোৰ চিফ অপাৰেটিং অফিচাৰ৷ তেওঁৰ তত্বাৱধানত সকলো প্ৰশিক্ষণ সমাপ্ত কৰি দুবছৰৰ অন্তত মালা অসমলৈ ঘুৰি গৈ Research and Analysis Wing (RAW) ৰ এগৰাকী দায়িত্বশীল এজেণ্ট হিচাপে কাম কৰিবলৈ ধৰিলে৷ তাইৰ একক প্ৰচেষ্টাতেই বহুকেইটা চোৰাং কাঠৰ সৰবৰাহীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ মানৱ অঙ্গৰ ব্যৱসায় উৎখাত কৰিবলৈ সক্ষম হৈছিল অসম আৰক্ষী৷
তাড়িকনগৰ পোষ্ট অফিচৰ ওচৰত টেক্সিখনে ব্ৰেক মাৰি দিয়াত বাস্তবলৈ ঘূৰি আহিল মালা৷ আঠ বছৰৰ আগৰ কথাবোৰ চিনেমাৰ ৰীলৰ দৰে চকুৰ আগেৰে ঘূৰি আছিল৷ টেক্সিখন ৰোৱাত বোৰ্খাটো ঠিক কৰি নিজকে চম্ভালি ল’লে৷ দুচকুত তেতিয়াও পানীৰ টোপাল বিৰিঙি আছিল৷ নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল মালাই৷
মনহাৰী গাঁৱত সেয়া কি দেখিলে!
এয়া জানো সম্ভব।
অৱশেষত বিপুল দুৱৰাই সন্দেহ কৰা কথাটো সঁচা হ’ব নেকি?
পাকিস্তানত এখন বেলেগ পৃথিৱীত বাস কৰিছে নেকি বকুলে?
নাই নহয়! একে চেহেৰাৰ দুজন ব্যক্তিওতো হ’ব পাৰে!
তাই ভাঙি পৰিলে নহ’ব৷ মালাৰ কৰ্তব্য বকুলক বিচাৰি উলিওৱা আৰু সেয়া তাই কৰিবই৷ আবেগৰ বশৱৰ্তী হৈ কোনো ভুল সিদ্ধান্ত ল’ব নোৱাৰে তাই, কৰ্ত্তব্যই সেয়া অনুমতি নিদিয়ে৷ দেশৰ সংবিধানৰ সন্মুখত লোৱা শপতৰ উচিত মূল্য দিবই লাগিব৷ বকুলক বিচাৰি ভাৰতলৈ ওভতাই নিবই৷ তাৰ বাবে প্ৰয়োজন হ’লে সকলোৰে সৈতে যুঁজিব তাই৷
: মোহতৰমা, আগৰ কেঁকুৰীটোত পোষ্টমাষ্টৰ এজনক পুলিচে এৰেষ্ট কৰিছে৷ সন্মুখত বহুত পুলিচ৷ সেইকাৰণে ঠেক ৰাস্তাটো বন্ধ হৈ আছে৷ আমি এইফালেৰে যাব নোৱাৰিম৷ অলপ পিছুৱাই বেলেগ এফালেৰে যাব লাগিব আপোনাৰ হোটেললৈ৷
মালাই ভাবিলে – তাই হোটেলৰপৰা নোহোৱা হোৱা ঘটনাটোত সন্দেহ কৰি হয়তো পাকিস্তানী পুলিচে পোষ্ট মাষ্টৰ হামিদ ছিদ্দিকীক ধৰি লৈ গ’ল৷
কিন্তু পুলিচে কেনেকৈ জানিলে মালা ইয়ালৈ অহা কথাটো! কোনোবাই হয়তো তাইক ইয়াত দেখা কথাটো পুলিচক ক’লে৷
কাগজ এটুকুৰাত ’শুক্ৰিয়া’ লিখি লগতে কিছু টকা দি টেক্সিখনৰ পৰা নামি আহিল মালা৷ চালকজনে যিহেতু জানে মালা হোটেলখনৰ পৰা অহা কথাটো, পুলিচে পালে তেওঁৰপৰা সকলো জানি ল’ব বুলি ভাবি মালাই তেওঁৰ পৰা বিদায় ল’লে৷ ইতিমধ্যে হামিদ ছিদ্দিকী হয়তো বিপদত পৰিছে৷ নিজৰ স্বাৰ্থৰ বাবে আন এজন নিৰপৰাধী ব্যক্তিক বিপদত পেলাবলৈ মন নাছিল তাইৰ৷
মালাক নমাই টেক্সিখন বিপৰীত দিশেৰে গুচি গ’ল৷ হাতত সাৰে ভৰিত সাৰে মালা হামিদ ছিদ্দিকীৰ ঘৰটোৰফালে আগুৱাই গ’ল৷ ঘৰৰ সম্মুখত তেতিয়াও বহুকেইজন লোক থিয় হৈ আছিল৷ দূৰৰ পৰা তেওঁলোকৰ কথোপকথন শুনিবলৈ চেষ্টা কৰিলে, কিজানিবা কিবা জানিবই পাৰে আচলতে কি হৈছিল৷ কিন্তু প্ৰয়োজনীয় একো শুনা নাপালে মালাই৷
মানুহবোৰ লাহে লাহে আঁতৰি যোৱাত মালাই পিছফালেৰে ঘৰটোৰ ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰিলে৷ সন্মুখত ডাঙৰ তলা এটা ওলমি আছিল যদিও পিছফালে খিৰিকী এখন সৌভাগ্যবশত: খোলা অৱস্থাত আছিল৷ ভিতৰলৈ সোমাই আন্ধাৰতে বুজিব পাৰিলে কোঠাটোৰ ছেদেলি-ভেদেলি অৱস্থাটো৷ বেগৰ পৰা কণমাণি টৰ্চ এটা উলিয়াই মালাই তন্ন তন্নকৈ কোঠাটো নিৰীক্ষণ কৰিবলৈ ধৰিলে৷
: হামিদ ছিদ্দিকীয়ে বকুলৰ বিষয়ে নিশ্চয় কিবা কথা জানে৷ তেওঁ কৈছিল ভাৰতলৈ চিঠিখন পঠিয়াওঁতে সহায় কৰা কথা৷
বিচাৰি খোচাৰি মালাই মজিয়াত এখন গোপন দুৱাৰৰ সম্ভেদ পালে৷ সেইফালে তললৈ নামি যোৱা এডাল চিৰিও আছিল। এক মূহুৰ্তও বিলম্ব নকৰি মালা সেইফালেৰে তললৈ সোমাই পৰিল৷
তলত এসোপামান কিতাপেৰে ভৰি থকা কেইটামান আলমাৰী আৰু সৰু বৰ বিভিন্ন যন্ত্ৰ-পাতিৰে ঠাহ খাই থকা এটা অকণমানি কোঠা৷ মজিয়াত টেলিফোনৰ নিচিনা অসংখ্য তাঁৰ৷ কেইবাটাও টাইপ ৰাইটাৰৰ দৰে যন্ত্ৰত তাঁৰবোৰ লগোৱা আছে৷ তাৰ মাজতে এটা যন্ত্ৰত এটুকুৰা কাগজ আধা ওলাই আছিল৷ ততাতৈয়াকৈ কিবা শুংসূত্ৰ পোৱাৰ আশাত মালাই কাগজখন মেচিনটোৰ পৰা উলিয়াই হাতত তুলি ললে৷
কাগজখন হাতত লৈ মালা আচৰিত হ’ল। সেইখনত হিন্দী, ইংৰাজী বা উৰ্দুত একো লিখা নাছিল, আছিল আন এবিধ সাংকেতিক ভাষা৷ এই ভাষা মালাই জানে৷ হাইদৰাবাদত প্ৰশিক্ষণ লওঁতে তাই শিকিছে এই ভাষাটো৷
: ছিদ্দিকী চাহাব৷ মইনাটো ইতিমধ্যে উৰি গৈছে৷ তাইক উৰিবলৈ দিয়ক; বাধা নিদিব৷ আপোনাৰ ওচৰতো আহিব পাৰে, খাবলৈ দানা-পানী যোগান ধৰিব বুলি আশা কৰিলো৷
কাগজটুকুৰাত লিখা কথাখিনি পঢ়ি মালাই ভাবিবলৈ ধৰিলে –
মইনা বুলি কাৰ কথা কৈছে আৰু কোনে?
তাইৰ কথাই কোৱা নাইতো?
যদি হয়, এই বিষয়ে তাইক বিপুল দুৱাৰাই একোৱেই জনোৱা নাছিল কিয়?
মালা আহিব বুলি হামিদ ছিদ্দিকীয়ে আগৰপৰাই জানিছিল নেকি?
হামিদ ছিদ্দিকীক কিহৰ বাবে গ্ৰেপ্তাৰ কৰিলে পাকিস্তানী পুলিচে?
ছিদ্দিকীয়ে তাইৰ অফিচত শিকা ভাষাটো কেনেকৈ জানিলে?
মালাৰ ভাৱনাত যতি পেলাই কোঠাটোত ধপকৈ কিবা এটা শব্দ হ’ল৷ মালাই বুজিলে কোনোবা এজন ওপৰৰপৰা তললৈ সৰি পৰিছে৷ আন্ধাৰতে হাতৰ কাগজখন মোহাৰি মুখত সুমুৱাই ললে মালাই, কোনোবাই পোৱাৰ আগতে সেইখন নষ্ট কৰিব লাগিব৷ কিন্তু নিজকে চম্ভালি লোৱাৰ আগতেই দুখন বলিষ্ঠ হাতে পিছফালৰপৰা মালাক গবা মাৰি ধৰিলে৷ এখন হাতে তাইৰ নাকে মুখে সোপা দি ধৰিছিল৷ অশেষ চেষ্টা কৰিও তাই মানুহজনৰ দুবাহুৰ পৰা ওলাব নোৱাৰিলে৷ ভৰিৰে পিছলৈ আক্ৰমণ কৰিছিল যদিও বিশেষ লাভ নহ’ল৷ হয়তো তাইক ধৰি থকা ব্যক্তিজন সমৰকলাত বেছি পাৰ্গত আছিল৷ তাইৰ আক্ৰমণ অনায়াসে প্ৰতিহত কৰা হৈছিল৷ লাহে লাহে মালাৰ শৰীৰত জোৰ নোহোৱা হৈ আহিল৷ চকুত আন্ধাৰে আৱৰি ধৰিলে৷ অৱশ শৰীৰটো কিছু দেৰি পিছত লেতুসেতু হৈ পিছফালে মানুহজনৰ কোলাত ঢলি পৰিল৷
(১১)
‘৭১ ৰ যুদ্ধত একেলগে বন্দী হোৱা আমি সাতজন ভাৰতীয় কয়দী পাকিস্তানৰ মীৰপুৰ কেম্পত আছিলো৷ সময়ে সময়ে অকথ্য অত্যাচাৰকো সহি আমি বাট চাই ৰওঁ চৰকাৰে এদিন আমাক মনত পেলাব বুলি৷ যুদ্ধ শেষ হ’ল ঠিকেই, কিন্তু আমাৰ মুক্তিৰ বিষয়ে কোনো কথাই আগ নাবাঢ়িল৷ দুয়োখন দেশৰ চৰকাৰে আমাক পাহৰি পেলালে৷
বাহিৰৰ পৃথিৱীখনৰ পৰা আমাক দূৰত ৰখা হৈছিল৷ কেতিয়াবা লুকাই চুৰকৈ জেলত খবৰ কাকত পঢ়িবলৈ পাওঁ৷ দুয়োখন দেশৰ মাজত যুদ্ধ বন্দীসকলক দেশলৈ ঘূৰাই পঠোৱাৰ চুক্তি হোৱা খবৰটোও তেনেকৈয়ে পাইছিলো৷ কিন্তু ইমান বছৰলৈ আমি কিয় থাকি গ’লো? আমাক ওভটাই নিয়াৰ ব্যৱস্থা কোনেও কিয় নকৰিলে? কেতিয়াবা নিজৰ ওপৰতে খং উঠে। কাৰ বাবেনো আমি জীৱন মৰণৰ বাজী লগাবলৈও কুণ্ঠাবোধ নকৰিলো? আমাক মাহী আইৰ দৃষ্টিৰে কিয় চোৱা হ’ল?
লাহে লাহে আচল কাৰণটো বুজিলো৷ আমাক মৃত বুলি ঘোষণা কৰা হৈছিল৷ এই পৃথিৱীৰপৰা আমাৰ অস্তিত্বই নোহোৱা কৰি দিয়া হৈছিল৷ গতিকে চৰকাৰে আমাক নিবিচৰাটো একো অস্বাভাবিক নহয়৷
১৯৭২ ৰপৰা ১৯৭৭ মানলৈ জেলৰপৰা পলোৱাৰ নিত্য নতুন কৌশল চিন্তা কৰিবলৈ ধৰিলো, কিন্তু সকলো চেষ্টা অথলে গ’ল৷ আমাৰ পৰিকল্পনাবোৰ নিখুঁত নাছিল৷ ক’ৰবাত নহয় ক’ৰবাত কিবা এটা সুৰুঙা থাকি গৈছিল যাৰ বাবে আমি বাৰে বাৰে অসফল হৈছিলো৷ সকলোতকৈ ডাঙৰ কথাটো – আমাক কোনখিনি ঠাইত ৰখা হৈছে, সেই বিষয়েও আমি ভালদৰে নাজানিছিলো৷
ইমান বছৰ জেলত থাকি কিছুমান পাকিস্তানী চিপাহীৰ লগত ঘনিষ্ঠ হৈ পৰিলো৷ তাৰেই এজন ‘নাছেৰ আহমেদ’৷
তেনেই সৰু ল’ৰা সি৷ যুদ্ধৰ আগে আগে মিলিটাৰীত সোমাইছে মাত্ৰ৷ মনটোও তাৰ সিমানেই কোমল৷ বন্দুকৰ শব্দ শুনিলেও কঁপি উঠা মই নিজেই দেখিছো৷ আমাৰ মাজত সীমাডাল থাকিলেনো কি হ’ব, দুয়োফালেতো একেবোৰেই মানুহ, একেই অন্তৰ৷
বন্দী হোৱা সময়ত মোৰ গাত পাঁচটা গুলী সোমাই আছিল৷ বাচিম বুলি আশাও কৰা নাছিলো৷ কিন্তু বেচেৰা নাছেৰে মিলিটাৰী হস্পিটালত বহু দিনলৈ মোৰ পৰিচৰ্য্যা কৰিলে৷ আমাৰ মাজত ভাল বন্ধুত্ব হ’ল। একেবাৰে নিজৰ ভাইৰ দৰে হৈ পৰিল মোৰ৷ সুস্থ হোৱাৰ পিছত আমাক মীৰপুৰ কেম্পলৈ পঠিয়াই দিলে৷ তাৰপিছত বহুদিনলৈ তাৰ একো খবৰ নাপালো!
দিন বছৰ বাগৰি গৈ থাকিল। আমাৰো মনবোৰ মৰি আহিবলৈ ধৰিলে। মুক্তিৰ আশা বাদ দিয়াৰ দৰেই হৈছিল। সকলো হতাশ হৈ পৰিছিলো। কিন্তু হঠাতে তাক এদিন মীৰপুৰ কেম্পত দেখি আটাইকেইজন আচৰিত হলো। তাৰ বোলে মীৰপুৰলৈ বদলি হ’ল৷ বিয়া কৰালে, সংসাৰো বাঢ়িল৷ আমিও তাক আকৌ লগ পাই বৰ ভাল পালোঁ৷ নাছেৰে কৈছিল মীৰপুৰ কৰাছীৰপৰা মাত্ৰ ১৯ কিলোমিটাৰ আতঁৰত৷ আমাৰ মনত নতুন উদ্যম জাগি উঠিল৷ কেম্পৰপৰা পলোৱাৰ আকৌ নতুন যোজনা বনাবলৈ ধৰিলো৷
জেলৰ পৰা পলোৱা কথাটোত প্ৰথমতে নাছেৰৰ সন্মতি নাছিল৷ কিন্তু পিছলৈ সি মান্তি হ’ল। সি বিচাৰিছিল আমাৰ মাজৰপৰা অন্তত: এজনো যদি ভাৰতলৈ গৈ জীয়াই আছো বুলি প্ৰমাণ দিব পাৰো, হয়তো বাকীবোৰৰ বাবে ৰাস্তা নিজে নিজেই খোল খাব৷
সি কোৱা মতে পাকিস্তানৰ বিভিন্ন জেলত আমাৰ দৰে প্ৰায় ৫৪ জনমান চিপাহী তেনেদৰে আছে৷ এই সকলোকে হয়তো মৃত বা নিৰুদ্দিষ্ট বুলি ঘোষণা কৰা হৈছে৷
আকৌ মীৰপুৰ কেম্পৰপৰা পলোৱাৰ পৰিকল্পনা আৰম্ভ হ’ল৷ এইবাৰ নাছেৰেও সহায় কৰিব৷ প্ৰতিমাহে এবাৰ আমাক চেক আপৰ বাবে হস্পিটাললৈ নিয়া হয়৷ ঠিৰাং কৰিলো, এইবাৰ ৰাস্তাতে কামটো কৰা হ’ব৷
মেডিকেললৈ গৈ থাকোঁতে এটা পাহাৰীয়া ঠেক পথত ড্ৰাইভাৰক আক্ৰমণ কৰি জংঘলৰ মাজেৰে পলোৱাৰ পৰিকল্পনা৷ সেইফালেৰে আগতেও অহাযোৱা কৰিছো, পথৰ নক্সা সকলোৰে মনত আছিল৷ ড্ৰাইভাৰৰ উপৰিও গাড়ীখনত আছিল নাছেৰ আৰু আন দুজন চিপাহী৷ যিখিনি ঠাইত সিহঁতক আঘাত কৰি আমি পলাম বুলি ভাবিছিলো, সেয়া এটা ঠেক পাহাৰীয়া অঞ্চল৷ পথৰ এফালে ওখ পাহাৰ আৰু আনটো ফালে দ খাৱৈৰ তললৈ অটব্য অৰণ্য৷ বিষাক্ত সাপ, বনৰীয়া হিংস্ৰ জন্তু সকলো আছে তাত৷ মানুহ সোমালে জীৱিত অৱস্থাত ওলাই আহিব নোৱাৰে বুলি জংঘলখনৰ নাম আছে৷ সেই হাবিৰ মাজেৰে ২০ কিলোমিটাৰ মান গৈ কৰাছীৰ ওচৰৰ সাগৰীয় উপকূল পাম৷ তাৰপৰা সাগৰীয় পথেৰে গুজৰাটলৈ পলাই যাম। এই সাগৰীয় পথটো আমাৰ বাবে আটাইতকৈ নিৰাপদ হ’ব৷
কিন্তু তিনিখন লড়ীত ইহঁতৰ প্ৰায় নব্বৈজনমান চিপাহীয়ে ঠিক পিছে পিছে, সন্তৰ্পনে আমাক অনুসৰণ কৰি থকা কথাটো গম নাপালো৷ নাছেৰেও হয়তো আগতে নাভাবিলে৷ লড়ীৰ পৰা ওলোৱা মাত্ৰকে সিহঁতে আহি আমাক হেঁচা মাৰি ধৰিলেহি; পলোৱাৰ কোনো সুবিধাই নাছিল৷ আমাৰ পৰিকল্পনা আকৌ এবাৰ অসফল হোৱাৰ পথত৷
এনেকুৱা কিবা এটা হ’ব পাৰে বুলি নাছেৰ আৰু মই ’প্লান-বি’ আগতেই ভাবি থৈছিলো৷ সেইমতে বাকী সকলোকে এৰি আমি দুয়ো যেনে তেনে পলাই যাম৷ তাৰ পিছত লাহে লাহে বাকীবোৰৰ কথা চিন্তা কৰিম৷
পৰিকল্পনা মতে, নাছেৰ আগুৱাই আহি মোৰ লগত তৰ্ক কৰিবলৈ ধৰিলে৷ পৰিস্থিতি অলপ গৰমা-গৰমি হ’ল৷ লাহে লাহে তৰ্ক বিতৰ্কখন গৈ হতা-হতিৰ ৰূপ ললে৷ পৰিস্থিতিৰ আকস্মিকতাত কোনেও ভাবি নাপালে নাছেৰ আৰু মই প্ৰকৃততে নাটকহে কৰিছিলো৷ সকলো তেনেদৰে ব্যস্ত থকাৰ সুযোগ লৈ নাছেৰক এবাৰত গবা মাৰি ধৰি তাৰ বন্দুকটো হস্তগত কৰিলো৷ পাকিস্তানী চিপাহীবোৰে উদ্যত বন্দুক লৈ আগুৱাই আহিল৷ এপাকত নাছেৰক সাৱটি মই পাহাৰৰ ওপৰৰপৰা দ খাৱৈটোলৈ জপিয়াই দিলো৷
সিহঁতে ওপৰৰপৰা গুলিয়াইছিল৷ কিন্তু অটব্য অৰণ্যৰ মাজলৈ নামি আহিবলৈ কোনেও সাহস নকৰিলে৷ কিছুসময় পিছত বিভিন্ন কাঁইটীয়া গছৰ ডালত লাগি, শিল, মাটি, বোকাৰ ওপৰেৰে চোঁচৰি বাগৰি আমি আহি পাহাৰৰ তলত পাৰিলো৷ গাৰ ছাল বাকলি গৈ দুয়োৰে অৱস্থা নাছিল৷ হাত ভৰিৰপৰা অহৰহ তেজ ওলাইছিল৷ যিমান সোণকালে পাৰি ঠাইখনৰ পৰা আঁতৰি অহাৰ চেষ্টাত মই মন নকৰিলো নাছেৰৰ পিঠি আৰু ভৰিৰে সোমাই যোৱা গুলিকেইটালৈ৷ বহুদূৰলৈ সিও একো নক’লে৷ এসময়ত এখোজো আগুৱাব নোৱাৰি পৰি গ’ল সি৷ কান্ধত লৈ মই কিছুদূৰ আহিলো যদিও —ইতিমধ্যে তাৰ মৃত্যু হৈছিল৷
মীৰপুৰত বন্দী হৈ থকা সকলোকে বচাবলৈ কৰা চেষ্টাত আমি এজন ভাল বন্ধু হেৰুৱালো৷ ভাতৃসম নাছেৰক হেৰুৱাই অকলেই অটব্য হাবিখন পাৰ হৈ সাগৰৰ পাৰ পালোগৈ৷ কিন্তু চাৰিওফালে পাকিস্তানী চিপাহীবোৰে পিয়াপি দি থকাত কোনোফালে যোৱাৰ সুৰুঙা উলিয়াব নোৱাৰিলো৷ যিটো ঘাটৰপৰা পানীৰে যোৱা কথা আছিল, সেয়া অকল নাছেৰেহে জানিছিল৷
কি কৰিম কি নকৰিম ভাবি থাকোঁতে নাছেৰৰ কণমানি ছোৱালীজনীৰ কথা মনত পৰিল৷ তাৰপিছত আকৌ হাবিৰ মাজত সোমাই পৰিলো৷
নিৰৱে বকুলৰ কথাবোৰ শুনি আছিল মালাই৷ নাছেৰ আহমেদৰ প্ৰতি শ্ৰদ্ধাত তাইৰ চকুপানী ওলাই আহিল৷ তেনেতে ভিতৰৰপৰা হুৰাওৰাৱে কান্দোনৰ শব্দ শুনা গ’ল৷ ভিতৰৰ কোঠাত নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল ৰুক্সানাই৷ বুকুৰ মাজত চেপি ৰখা বেদনাবোৰে কান্দোনৰ ৰূপ লৈ ওলাই আহিছিল৷ বাহিৰৰ খাটখনৰ পৰা উঠি গৈ মালাই সাৱটি ধৰিলে মানুহজনীক৷
কণমানি নূৰে কথাবোৰ বুজি নাপালেও মাকক কন্দা দেখি তায়ো কান্দিবলৈ ধৰিলে৷ বকুলে তাইক কোলাত উঠাই বাহিৰলৈ আহিল৷
কিছু শান্ত হৈ ৰুক্সানাই ক’বলৈ ধৰিলে –
: আপোনাৰ স্বামীয়ে জংঘলৰ মাজতেই নাছেৰৰ জনাজা সম্পন্ন কৰিলে৷ তেওঁ কাপোৰ কানিবোৰ সালসলনি কৰি নাছেৰক নিজৰ কাপোৰযোৰ পিন্ধাই থৈ আহিছিল৷ পাকিস্তানৰ চকুত মেজৰ বকুলৰ মৃত্যু হ’ল৷ কিন্তু মেজৰে ডেৰবছৰীয়া ছোৱালীজনী আৰু মোক অকলে নেৰিলে৷ পুলিচৰপৰা হাত সাৰিবলৈ আমাক লৈ বিভিন্ন ঠাইত অঘৰীৰ দৰে ঘূৰি ফুৰাৰ পিছত কিছুদিনৰ আগতে আমি আকৌ এইখন ঠাইলৈ ওভতি আহিছো৷ তেওঁ বৰ্ণনা কৰাৰদৰেই সাইলাখ আপোনাক সম্মুখত দেখি মই কি কৰিম কি নকৰিম ভাবি পোৱা নাছিলো৷ আপোনাক দেখা মাত্ৰকে মই বুজি পাইছিলো আপুনি মালাই হ’ব৷
: তেওঁ আপোনাক নিকাহ………!!
কিবা এটা ক’ব খুজিও ৰৈ গ’ল মালা৷ দুচকু সেমেকি উঠিছিল৷ যিমান সাহসী হ’বলৈ চেষ্টা কৰিলেও মনৰ মানুহজনৰ কথা আহিলে শিলৰ দৰে অন্তৰৰ মানুহো গলি পমি যাবই৷ মালাও তাৰ বিপৰীত নাছিল৷ বকুলে বেলেগ এগৰাকী নাৰীৰ সৈতে ইমান বছৰলৈ একেলগে থকা কথাটো তাই সহজভাৱে ল’ব নোৱাৰিলে৷
: তৌবা তৌবা, এইবোৰ আপুনি কি কৈছে৷ সমাজৰ চকুতহে আমি একেলগে আছো৷ আচলতে তেওঁ মোক নিজৰ ভনীয়েকৰদৰেই ৰক্ষণাবেক্ষণ দি আহিছে৷ দেউতাকৰ মুখখন নূৰৰ মনত নাই, তাই দেউতাক বুলিয়েই ভাবে অৱশ্যে তেওঁক!
মালাৰ দুচকুত হাঁহি বিৰিঙি উঠিল৷ কিছু সুৰক্ষিত অনুভৱ কৰিলে নিজকে৷ এটা যুগৰ অপেক্ষাৰ অন্তত আজি সন্মুখত মনৰ মানুহজনক পাইছে৷ ৰুক্সানাৰ ওচৰৰপৰা দৌৰি আহি সন্মুখৰ কোঠাত কণমানি নূৰৰ সৈতে খেলি থকা বকুলক পিছফালৰ পৰা সাৱটি ধৰিলে তাই৷ ওঁঠ দুটা কঁপি উঠিল মালাৰ৷
: ব’লা আমি ঘৰলৈ ঘূৰি যাওঁ৷ আইলৈ এবাৰো মনত নপৰেনে তোমাৰ? আৰু নিজৰ মালাক এনেদৰে পাহৰি গ’লানে?
: মই জানিছিলো তই মোৰ বাবে আহিবি, মালা৷ দেশে পাহৰাই পেলালেও তই অন্তত: মনত ৰাখিবি বুলি বিশ্বাস আছিল৷ বহুবাৰ চেষ্টা কৰিছো ভাৰতলৈ খবৰটো পঠিয়াবলৈ, কিন্তু বাৰে বাৰে বিপদত পৰোঁ৷ অৱশেষত হামিদ ছিদ্দিকীৰ সহায়ত তোলৈ সেই চিঠিখন পঠাইছিলো৷ তই মোৰ প্ৰেম হোৱাৰ লগতে নূৰ আৰু ৰুক্সানাও মোৰ দায়িত্ব৷ সিহঁতক বিপদত পেলাই মই অকল নিজৰ কথা চিন্তা কৰোঁ কেনেকৈ? নাছেৰৰ বাবেই আজি জীয়াই আছো, তাৰ পৰিয়ালটোক চোৱা-চিতা কৰাৰ সম্পূৰ্ণ দায়িত্বও মোৰ৷
: আমি সকলোৱে একেলগে যাম কেনেকৈ? ভাৰতীয় দলটো পুৱাই দিল্লীলৈ গুছি যাব৷ তাৰ আগতেই তেওঁলোকক লগ কৰি সকলো কথা খুলি ক’ব লাগিব৷
দেউতাক আৰু মালাৰ কথাবোৰ বুজি নাপাই নূৰে ফেঁকুৰি আছিল৷ তেনেতে ভিতৰৰপৰা হাতত এটা ট্ৰানজিষ্টৰ লৈ ৰুক্সানা বেগম সোমাই আহিল৷
: আপোনালোকে ৰেডিঅ’ৰ বাতৰিটোলৈ মন কৰকচোন৷ হয়তো আমি আটাইয়ে ডাঙৰ বিপদত সোমাই পৰিছো৷
ঘোষিকাগৰাকীয়ে কৈ আছিল –
: কৰাছীৰ ওচৰৰ তাড়িকনগৰৰপৰা ভাৰতীয় গুপ্তচৰ সংস্থা RAW ৰ লগত পোনপটীয়া সম্পৰ্ক থকাৰ অভিযোগত হামিদ ছিদ্দিকী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে৷ ইয়াৰ উপৰিও আন এগৰাকী ভাৰতীয় মহিলা গুপ্তচৰকো অঞ্চলটোত দেখা গৈছে৷ স্থানীয় আৰক্ষীয়ে সন্দেহ কৰা মতে কৰাছীৰ এখন হোটেলৰ পৰা পলায়ন কৰা এই মহিলাগৰাকীৰ উদ্দেশ্য পাক (পবিত্ৰ) নহ’বও পাৰে৷ হোটেলৰ পৰা জাৰি কৰা এটা বিবৃত্তি অনুযায়ী মহিলাগৰাকীৰ নাম ’মালা দেৱী’৷ আৰক্ষীয়ে সকলোকে সাৱধানে থকাৰ লগতে যিকোনো কূটাঘাতমূলক ঘটনাৰ খবৰ……………………… ৷
ৰেডিঅ’ত আৰু কিবাকিবি কৈ আছিল যদিও শুনিবলৈ মালা নৰ’ল। হাতত সময় তেনেই কম৷ খপজপকৈ বেগটো উলিয়াই যাবলৈ ওলাল।
: ব’লা, আমাৰ দেৰি হ’ব৷
: এনেকৈ এক মিনিটৰ ভিতৰত কেনেদৰে যাম?
: সেইবোৰ মই নাজানো, মুঠতে তোমাক লৈ যোৱাই মোৰ কাম৷
: অ, তাৰমানে তই মোৰ মালা নহয়৷ এগৰাকী RAW এজেণ্ট হে থিয় হৈ আছে মোৰ সন্মুখত?
: তুমি তেনেদৰে ভাবিব পাৰা৷ মই এটা লক্ষ্য লৈ আহিছো যিটো পূৰা নকৰালৈকে শান্তি নাপাম৷
: অলপ সময় দে মালা৷ মই নাযাওঁ বুলি কোৱা নাই, যামেই৷ কিন্তু ইহঁতক এনেদৰে বিপদৰ মাজত এৰিও যাব নোৱাৰো৷ কেইদিনমানতো লাগিব ইহঁতক ইয়াৰপৰা নিৰাপদে উলিয়াই নিবলৈ! নাযাওঁ বুলি ভাবিলে চিদ্দিকী চাহাবৰ ঘৰৰপৰা পুলিচৰ চকুত ধূলি মাৰি তোক বচাই লৈ আহোঁনে?
: তুমি তাৰমানে নিজৰ মতত অটল৷
: তয়োতো জেদ এৰা নাই মালা?
: এয়া মোৰ কৰ্তব্য৷
: নূৰ আৰু ৰুক্সানাও মোৰ দায়িত্ব৷
: মোক বাধ্য নকৰিবা বকুল৷
হাতৰ তলুৱাৰ পৰা অকণমানি পিষ্টল এটা বকুলৰফালে টোঁৱাই মালাই তেওঁক বাহিৰলৈ আহিবলৈ নিৰ্দেশ দিলে৷ কণমানি নূৰ আৰু ৰুক্সানাই কান্দি কান্দি সন্মুখৰ পৰা আগভেঁটা দি ধৰিলে৷ সিহঁতে কোনোপধ্যে বকুলক যাবলৈ নিদিয়ে৷ মালা নিজৰ কথাত অচল অটল৷ চকু দুটা ৰঙা হৈ আহিল তাইৰ৷ আঙুলিটো ট্ৰীগাৰত লগাই আনখন হাতেৰে পিষ্টল লোৱা হাতখন কঁপিব নোৱাৰাকৈ খামুচি ধৰিলে৷ কঁপালখন কোঁচ খাই আহিল৷ হাতৰ মাংসপেশীবোৰ কঠিন হ’ল৷ সন্মুখত থিয় হৈ থকা কণমানি নূৰ আৰু ৰুক্সানাৰ চকুপানীয়েও তাইৰ অন্তৰ গলাবলৈ সক্ষম নহ’ল৷
(১২)
হাতত সময় তেনেই কম৷ খপজপকৈ মালাই বেগটো উলিয়াই যাবলৈ ওলাল।
: ব’লা, আমাৰ দেৰি হ’ব৷
: এনেকৈ এক মিনিটৰ ভিতৰত কেনেদৰে যাম?
: সেইবোৰ মই নাজানো, মুঠতে তোমাক লৈ যোৱাই মোৰ কাম৷
: অ, তাৰমানে তই মোৰ মালা নহয়৷ এগৰাকী RAW এজেণ্ট হে থিয় হৈ আছে মোৰ সন্মুখত?
: তুমি তেনেদৰে ভাবিব পাৰা৷ মই এটা লক্ষ্য লৈ আহিছো যিটো পূৰা নকৰালৈকে শান্তি নাপাম৷
: অলপ সময় দে মালা৷ মই নাযাওঁ বুলি কোৱা নাই, যামেই৷ কিন্তু ইহঁতক এনেদৰে বিপদৰ মাজত এৰিও যাব নোৱাৰো৷ কেইদিনমান লাগিব ইহঁতক ইয়াৰপৰা নিৰাপদে উলিয়াই নিবলৈ! নাযাওঁ বুলি ভাবিলে ছিদ্দিকী চাহাবৰ ঘৰৰপৰা পুলিছৰ চকুত ধূলি মাৰি তোক বচাই লৈ আহোঁনে?
: তুমি তাৰমানে নিজৰ মতত অটল৷
: তয়োতো জেদ এৰা নাই মালা?
: এয়া মোৰ কৰ্তব্য৷
: নূৰ আৰু ৰুক্সানাও মোৰ দায়িত্ব৷
: মোক বাধ্য নকৰিবা বকুল৷
হাতৰ তলুৱাৰ পৰা অকণমানি পিষ্টল এটা বকুলৰফালে টোঁৱাই মালাই তেওঁক বাহিৰলৈ আহিবলৈ নিৰ্দেশ দিলে৷ কণমানি নূৰ আৰু ৰুক্সানাই কান্দি কান্দি সন্মুখৰ পৰা আগভেঁটা দি ধৰিলে৷ সিহঁতে কোনোপধ্যে বকুলক যাবলৈ নিদিয়ে৷ মালা নিজৰ কথাত অচল অটল৷ চকু দুটা ৰঙা হৈ আহিল তাইৰ৷ আঙুলিটো ট্ৰীগাৰত লগাই আনখন হাতেৰে পিষ্টল লোৱা হাতখন কঁপিব নোৱাৰাকৈ খামুচি ধৰিলে৷ কঁপালখন কোঁচ খাই আহিল৷ হাতৰ মাংসপেশীবোৰ কঠিন হ’ল৷ সন্মুখত থিয় হৈ থকা কণমানি নূৰ আৰু ৰুক্সানাৰ চকুপানীয়েও তাইৰ অন্তৰ গলাব নোৱাৰিলে৷
ঠিক তেনেতে ’ঠিছ’ কৈ হোৱা এটা শব্দত সকলোৰে চকু বাহিৰলৈ গ’ল৷ মালা চিৎকাৰ কৰি মাটিত বাগৰি পৰিল৷ হাতৰ পিষ্টলটো ছিটিকি আহি বকুলৰ ভৰিৰ ওচৰতে পৰি গ’ল৷ তাইৰ হাতৰ পৰা তেজ ওলাইছিল৷ মূহূৰ্ত্ততে এসোপামান শক্তিশালী টৰ্চৰ পোহৰে চৌদিশ পোহৰাই তুলিলে৷ পাকিস্তানী মিলিটাৰীয়ে ঠাইখন ঘেৰি পেলাইছিল৷ কোনেও নেদেখাকৈ বকুলে ডিঙিৰ কাপোৰখন মুখত মেৰিয়াই ললে৷ মালাক টানি চোচৰাই মিলিটাৰীৰ লড়ী এখনৰ পিছফাললৈ দলিয়াই দিয়া হ’ল৷ যন্ত্ৰণাত তাই চিঞৰি উঠিছিল৷ আঘাতপ্ৰাপ্ত বাঘিনীজনীৰ দৰে ফেপেৰি পাতি লড়ীৰ পৰা জপিয়াবলৈ ওলাল৷ কিন্তু বকুলৰ চকুতে চকু পৰাত নিজকে নিয়ন্ত্ৰণ কৰিলে৷ আন্ধাৰৰ মাজতো বকুলৰ চকুৰ ভাষা তাই ঠিকেই অনুমান কৰিছিল৷
মালাক লৈ মিলিটাৰীবোৰ গুচি গ’ল৷ পিছফালে বকুল, ৰুক্সানা আৰু কণমানি নূৰ আন্ধাৰৰ মাজতে কিছুসময় থিয় হৈ থাকিল৷ নূৰে মজিয়াৰ একোণত তেতিয়াও পৰি থকা মালাৰ কণমানি পিষ্টলটো বুটলি দেউতাকৰ হাতত দিলে৷ বকুলে পিষ্টলটো জেপত সুমুৱাই ভিতৰলৈ সোমাল৷
ভাৰতীয় বৈদেশীক মন্ত্ৰণালয়ৰ অফিচ৷ নতুন দিল্লী৷
মাননীয় গৃহমন্ত্ৰী, ৰক্ষামন্ত্ৰী, বৈদেশিক পৰিক্ৰমা সচিবকে আদি কৰি দেশৰ আগশাৰীৰ ব্যক্তিসকলৰ সম্মুখত ড° শ্ৰীনিৱাসন আৰু তেওঁৰ কেইগৰাকীমান বিষয়া৷ পাকিস্তানলৈ যোৱা ভাৰতীয় ডেলিগেচনটোৰ মাজত এগৰাকী RAW এজেণ্ট পঠিওৱাৰ অভিযোগত তেওঁলোক অভিযুক্ত৷ চৰকাৰৰ মতে মালা কিয়, আন বহুতো তেনে বিধৱা আছিল৷ তাৰে এগৰাকীক নপঠাই মালাক পঠিওৱাৰ আঁৰত RAW ৰ উদ্দেশ্য কি!
: উদ্দেশ্য একেবাৰে জলজল পটপট চাৰ৷ একেটা গুলিতে দুটা চিকাৰ কৰাৰ পৰিকল্পনা কৰিছিলো৷ ডেলিগেচনটোৰ মাজত এগৰাকী এজেণ্ট থাকিলে তেওঁ অফিচিয়েলি জেলবোৰো চালে আৰু নিজাকৈ অনুসন্ধানো কৰিলে৷ বচ, সিমানেই৷
: নিজাকৈ অনুসন্ধান কিয়? যেতিয়া সকলোবোৰ জেলত নিৰীক্ষণ কৰি কাকো পোৱা নগ’ল তাৰ পিছত আকৌ বেলেগে অনুসন্ধান কৰাৰ কোনো কথাই থাকিব নোৱাৰে৷
: পাকিস্তানে যে মিছা নক’ব আমি ডাঠি কেনেকৈ ক’ম ছাৰ? আমি আগতেই জানো জেলত এজনো চিপাহী পোৱা নাযাব৷ তেওঁলোকক সিহঁতে আন ক’ৰবাত লুকুৱাই ৰাখিছে৷ সেইকাৰণেই আমাৰ এই অপাৰেশ্যন৷
: চৰকাৰে নজনাকৈ ইমান ডাঙৰ কাম এটা কিয় কৰিলে ড° শ্ৰীনিৱাসন? আমি কোনোপধ্যেই স্বীকাৰ কৰিব নোৱাৰোঁ যে পাকিস্তানে গ্ৰেপ্তাৰ কৰা ছোৱালীজনী আচলতে এগৰাকী RAW এজেণ্ট৷
: কিন্তু কৰ্মঠ আৰু বিশ্বাসী ছোৱালী এগৰাকীক তেনেদৰে মৰিবলৈ এৰি দিবও নোৱাৰোঁ৷
: সেইটো কথা আগতেই ভাবিব লাগিছিল৷ এতিয়া আপুনি কি বিচাৰিছে?
: পাকিস্তানত থকা আমাৰ এজেণ্টবোৰক এক্টিভেট কৰিবলৈ আপোনালোকৰ অনুমতি৷
: ছোৱালীজনীক আমি নজনাকৈ পঠিয়াওঁতে আমাৰ অনুমতি লৈছিলে জানো?
: কিন্তু ছাৰ, এতিয়া এটা ৰেচকিউ অপাৰেশ্যন লাগে৷ নিৰুদ্দিষ্ট সৈনিকসকলৰ বিষয়ে গোটোৱা তথ্যৰ সৈতে আমাৰ এজেণ্ট গৰাকীক উদ্ধাৰ কৰিব লাগিব ছাৰ৷
: আমি তেনেকুৱা কোনো অপাৰেশ্যনৰ অনুমতি দিব নোৱাৰোঁ ড° শ্ৰীনিৱাসন৷ এই কথা আপুনি ভালদৰে জনা উচিত৷ আপোনাৰ এজেণ্ট ধৰা পৰিছে, ভাৰতৰ লগত তেওঁৰ আৰু কোনো সম্পৰ্ক নাই বুলি ধৰক৷ আমি কোনোপধ্যেই স্বীকাৰ কৰিব নোৱাৰোঁ তেনেকুৱা এগৰাকী গুপ্তচৰ পাকিস্তানলৈ পঠিওৱা বুলি৷
কোঠাৰ পৰা আঁতৰি আহিল ড° শ্ৰীনিৱাসন৷ তেওঁৰ খং উঠা যেন পাই লগৰ আন কেইজনো বাহিৰলৈ ওলাল৷ মন্ত্ৰণালয়ৰ প্ৰাসাদোপম অট্টালিকাটোৰ বাহিৰত লনখনৰ এচুকত থিয় হৈ ড° শ্ৰীনিৱাসনে চিগাৰেটত অগ্নিসংযোগ কৰিবলৈ চেষ্টা কৰি আছিল৷ হাতখন কঁপি বাৰে বাৰে লাইটাৰটো লক্ষ্যচ্যুত হোৱা দৃশ্যটো দেখি বিপুল দুৱৰা আগুৱাই আহি তেওঁক সেইডাল জ্বলোৱাত সহায় কৰি দিলে৷
: ছাৰ, মালাক এনেদৰে মৰিবলৈ এৰি দিবনে?
: নাই, নহ’ব৷ দেখিলাই নহয়৷ চৰকাৰে তাইৰ দায়িত্ব লবলৈকে অস্বীকাৰ কৰিলে৷
: তাৰমানে মিছন ডিছমিছ?
ড° শ্ৰীনিৱাসনে একো উত্তৰ নিদি এবাৰ দুৱৰাৰ মুখলৈ আৰু এবাৰ হাতৰপৰা তললৈ পৰি যোৱা জ্বলন্ত চিগাৰেটৰ ছাইখিনিলৈ চাই ৰ’ল৷
(১৩)
কৰাছী পুলিচ মুখ্যালয়ত হাহাকাৰ পৰিস্থিতি৷ হঠাতে তাড়িকনগৰ পুলিচ ষ্টেচনৰপৰা হামিদ ছিদ্দিকী নোহোৱা হোৱা ঘটনাটো সহজভাৱে ল’ব নোৱাৰিলে মুখ্যালয়ৰ বিষয়াসকলে৷ সকলোৰে কথা – ভাৰতীয় গুপ্তচৰজন এনেদৰে পলাই যোৱাৰ আঁৰত নিশ্চয় কিবা ডাঙৰ পৰিকল্পনা আছে৷ নিৰাপত্তা বেষ্টনী কটকটীয়া কৰা হ’ল৷ য’তে ত’তে বেৰিকেডবোৰ বহুৱাই সৰ্বসাধাৰণক তালাছীৰ নামত হাৰাশাস্তি কৰিলে৷ নিৰীহ জনতাৰ মনত ক্ষোভ বাঢ়ি গ’ল – ভাৰতীয় গুপ্তচৰ এজন ইমান বছৰৰপৰা কেনেকৈ লুকাই আছিল পাকিস্তানত আৰু কি উদ্দেশ্যত?
ইফালে কোনোবা এঠাইত বকুল, হামিদ ছিদ্দিকী আৰু আন কেইজনমান ব্যক্তি গোপন আলোচনাত ব্যস্ত আছিল৷ পাকিস্তানত আত্মগোপন কৰি থকা RAW এজেণ্টসকলক ইতিমধ্যে সক্ৰিয় কৰা হৈছে৷ ড° শ্ৰীনিৱাসনে সম্পূৰ্ণ নিজৰ তত্বাৱধানত অপাৰেশ্যনটো লিড কৰিছে৷ হামিদ ছিদ্দিকীক পুলিচৰ হাতৰ পৰা মুকলি কৰি অনা কামটো সুকলমে হৈ গ’ল৷ এতিয়া পৰৱৰ্তী কাম হৈছে মালাক বিচাৰি উলিওৱা৷ তাইক ক’ত ৰখা হৈছে এজনৰো হাতত কোনো খবৰ নাই৷
নূৰ আৰু ৰুক্সানাক গাঁৱতে এৰি আহিছে বকুলে৷ হামিদ ছিদ্দিকীয়ে গোপনে সিহঁতৰ পাছপ’ৰ্ট আৰু ভিছা বনোৱাৰ দায়িত্ব দিছে বিশ্বাসী এজনক, যাতে আইনীভাৱে দুয়োকে ভাৰতলৈ বা আন কোনো দেশলৈ পঠিয়াব পৰা যায়৷
: আইনীভাবে বকুল আৰু মালাক ভাৰতলৈ ঘূৰাই অনা অসম্ভৱ৷ চৰকাৰে মালাৰ কোনো ধৰণৰ দায়িত্ব ল’বলৈকে অস্বীকাৰ কৰিছে৷ আনহাতে বকুলৰ কোনো অস্তিত্বই নাই৷ চৰকাৰক পতিয়ন নিয়াবলৈ আমাক কিছুমান তথ্য লাগিব, প্ৰমাণ সহিতে৷ গতিকে, তোমালোকৰ কাম হৈছে মালাৰ লগতে বাকী সৈনিকসকলকো বিচাৰি উলিওৱা৷
ড° শ্ৰীনিৱাসনে পঠিওৱা সাংকেতিক বাৰ্ত্তাক লৈ সকলোৰে মন উদ্বিগ্ন৷ কেনেকৈ বিচাৰিব বাকী সৈনিকসকলক!
: মালাই কোৱা মতে ভাৰতীয় ডেলিগেছনটোক ডাঙৰ সৰু প্ৰায়বোৰ জেললৈ নিয়া হৈছিল৷ তেনেহ’লে এজনো চিপাহী নেদেখিলে কিয়? হয়তো সকলোকে পাহাৰৰ মাজত লুকাই চুৰকৈ পতা কিছুমান অস্থায়ী কেম্পত ৰখা হৈছে৷ নাছেৰে কোৱামতে আমাৰ ৫৪ জনমান সৈনিক আছে ইহঁতৰ কব্জাত৷ মই পলোৱা সময়ত মীৰপুৰ কেম্পত আৰু ছয়জন আছিল৷ আমাৰ অনুসন্ধান তাৰপৰাই আৰম্ভ কৰিব লাগিব৷
বকুলে আন এজেণ্টসকলৰ মুখলৈ চালে৷ সকলোৰে সন্মতিমতে ঠিক হ’ল – বকুল আৰু হামিদ ছিদ্দিকীয়ে প্ৰথমতে মালাক বিচাৰিব আৰু পিছত মীৰপুৰলৈ যাব৷ বাকীবোৰে পাহাৰৰ মাজৰ গোপন কেম্পবোৰৰ সন্ধান কৰিব৷
ইফালে মালাক গ্ৰেপ্তাৰ কৰা কথাটো ইকাণ সিকাণকৈ বাগৰি গাঁৱে ভূঞে চাৰিওফালে জনাজাত হ’ল৷ বকুলৰ মাকে প্ৰায়েই টাউনলৈ গৈ বিপুল দুৱৰাৰ ঘৰত খবৰ কৰে৷
: ছোৱালীজনীৰ কিবা খবৰ পালেনে বোৱাৰী?
: এতিয়ালৈকে একো খবৰ অহা নাই, আই৷ আমাৰ এওঁ দিল্লীতে আছে৷ চৰকাৰৰ লগত কথাও হৈছে৷
: চৰকাৰে বা কি কয়?
: তেওঁলোকে সঁচাটোৱেই কৈছে৷ আমাৰ মালা কোনো চোৰাংচোৱা নহয়৷ পাকিস্তানৰ চৰকাৰে মিছাকৈয়ে তাইৰ ওপৰত অপবাদ জাপি দিছে৷
: তাইক মুকলি কৰি দিবনে?
: চৰকাৰে পাকিস্তানৰ লগত কথা হৈছে, অতি সোনকালেই তাই ঘূৰি আহিব৷ আপুনি চিন্তা কৰি নাথাকিব আৰু ইমান কষ্ট কৰি সদায় ইয়ালৈ আহিব নালাগে৷ তাইৰ খবৰ পালে মই নিজেই গাঁৱলৈ গৈ আপোনাক সকলো ক’ম৷
: জানো পাই, কি হৈছে এইবোৰ ! কাকতত তাইক চোৰাংচোৱা বুলি লিখাৰপৰাই মোৰ মনটো বেয়া৷ গাঁৱৰ মানুহৰ কথালৈ বেছি খাতিৰ নকৰোঁ বুলিহে, নহলে যে মূৰ উলিয়াব নোৱাৰা হৈছো৷
: মালা চোৰাংচোৱা নহয়৷ আৰু হ’লেই যেনিবা, তাত ক্ষতি কি? চোৰাংচোৱাসকলে দেশৰ হকেহে কাম কৰে৷ আপুনিতো বুজি পায় এইবোৰ কথা৷
: বুজি পাওঁ কাৰণেই সিহঁতৰ কথাত গুৰুত্ব নিদিওঁ৷ কিন্তু তথাপিও মনটোৱে বিচাৰে তাই এইবোৰত নোসোমাই যাতে!
: আপুনি চিন্তা নকৰিব৷ তাই ভালে ভালে ঘূৰি আহিব৷
বিপুল দুৱাৰাৰ পত্নীয়ে মালাৰ শাহুৱেকক ভাত কেইটা বাঢ়ি দিলে৷ খাই মেলি দুপৰীয়া তিনিটাৰ আগতে আকৌ বাছ আস্থান পাবগৈ লাগিব৷ গাঁৱলৈ যোৱা একমাত্ৰ বাছখন তিনিটাত এৰে৷
প্ৰচণ্ড পেটৰ বিষত ছোৱালীজনী চটফটাই বিছনাত বাগৰি আছে৷ বগা বিছনা চাদৰখনৰ কোনো কোনো ঠাইত এতিয়াও তেজৰ দাগবোৰ স্পষ্ট৷ সোঁহাতৰ বেণ্ডেজটো তেজেৰে ৰাঙলী৷ বাওঁহাতত এটা চেলাইন লগোৱা আছে৷ ভৰি দুখন বিছনাখনতে টানকৈ বান্ধি থোৱা হৈছে।
হস্পিটালৰ বিছনাত পৰি থকাৰপৰাই হৈ যোৱা ঘটনাবোৰ এফালৰপৰা মনত পেলাই গ’ল তাই৷
গুলীটোৱে হাতখন ফুটি ওলাই গৈছিল৷ সেইফালেৰে অহৰহ তেজ ওলাই আছিল৷ তাৰ পিছত লড়ীৰ ভিতৰত ক’লা কাপোৰেৰে চকু দুটা বান্ধি পেলাইছিল সিহঁতে৷ শৰীৰৰ একাঁ- বেঁকা বোৰত কোনোবাটোৱে নজৰ দিছিল। কোমল অংগবোৰত হাত ফুৰাব খোজোঁতে কামুৰি সেইটোৰ কাণখন চিঙি পেলাইছিল তাই। তাৰ পিছত খঙত একোনাই হৈ সিহঁতে সৰ্বশৰীৰতে গুৰিয়াইছিল তাইক৷ পেটে পিঠিয়ে বেয়াকৈ দুখ পাই এসময়ত মূৰ্চ্ছা যোৱা মালাই দুদিন পিছত নিজকে আৱিস্কাৰ কৰে হস্পিটালখনৰ বিছনাত, হাত ভৰি বন্ধা অৱস্থাত৷
শৰীৰৰ যন্ত্ৰণাতকৈও হস্পিটালখনৰপৰা কেনেকৈ ওলাব পাৰি তাৰ চিন্তাত চঞ্চল হৈ আছিল মনটো৷ বিভিন্ন উপায় চিন্তা কৰিছিল মালাই৷ কিন্তু সেইবোৰ কাৰ্যকৰী কৰিবলৈ তাইক বেগটোৰ প্ৰয়োজন হ’ব৷ তাতেই আছে প্ৰয়োজনীয় সকলো সামগ্ৰী৷ কেনেবাকৈ সেইটো পোৱা হ’লে! কিন্তু বেগটো হয়তো ইতিমধ্যে আৰক্ষীৰ জিম্মাত৷
ৰোগীয়ে চিঞৰ বাখৰ কৰা দেখি নাৰ্চ এগৰাকী দৌৰি আহিল৷ কোঠাৰ দুৱাৰত পহৰাৰত চিপাহী দুজনে প্ৰথমতে বাধা দিছিল যদিও ভিতৰত ৰোগীৰ মৃত্যু হ’লে সাংঘাটিক কথা হ’ব বুলি নাৰ্চ গৰাকীক সোমাবলৈ অনুমতি দিলে৷ মালাই নিজৰ অসুবিধাবোৰ এফালৰ পৰা কৈ গ’ল নাৰ্চক৷ এবাৰ মানুহগৰাকী ওচৰলৈ চাপি আহিল আৰু মালাই কাণে কাণে কিবা এটা ক’লে৷
মানুহজনীয়ে তাইৰ ভৰিৰ বান্ধকেইটা খুলি বিছনাৰপৰা নমাই দিলে৷ চেলাইনৰ বটলটো এহাতত লৈ তেওঁ হাতত ধৰি মালাক কোঠাটোৰ একোণত থকা শৌচালয়টোৰ ভিতৰলৈ সুমুৱাই দিলে আৰু নিজে বটলটো লৈ বাহিৰতে থিয় হৈ থাকিল৷
মালাৰ তীক্ষ্ণ মগজুত তেতিয়া এসোপামান বুদ্ধিয়ে ঠাই লৈছিল৷ যেনে তেনে ইয়াৰপৰা ওলাব লাগিব৷ ইফালে বাহিৰৰপৰা নাৰ্চ গৰাকীয়ে সোনকালে ওলাবলৈ সকীয়াই আছে৷
বাওঁ হাতৰ পৰা চেলাইনৰ বেজীটো একে টানতে উলিয়ালে মালাই৷ বেজীটো সুমুৱাই থোৱা ঠাইখিনিৰে সাউৎকৈ তেজৰ চেকুৰা এটা ছিটিকি আহি তাইৰ গালে মুখে পৰিল৷ ছিৰিঞ্জৰ ওপৰত থকা কপাহখিনিৰে তেজ ওলোৱা বাটতো মচি তাই খিৰিকীৰ কাঁচবোৰ এখন এখনকৈ আঁতৰোৱাত লাগিল৷ বাহিৰৰ পৰা নাৰ্চ গৰাকীয়ে তেতিয়াও চিঞৰি আছিল৷
খিৰিকীৰ কাঁচবোৰ আঁতৰাই সেইফালেৰে মালা বাহিৰলৈ জপিয়াই দিলে৷ পিছফালৰ পিতনিখনৰ বিষয়ে তাই নাজানে৷ কিন্তু সেই লেতেৰা সামগ্ৰীৰে ঠাহ খাই থকা ঠাইখনত পৰি ভালেই হ’ল৷ গোটেই শৰীৰটো বোকাই ঢাকি পেলালে৷ পিতনিখনৰপৰা ওলাই মালা আগুৱাই গ’ল৷ কোঠাৰপৰা নোহোৱা হোৱা খবৰটো প্ৰচাৰ হ’বলৈ বেছি সময় নালাগিব৷ তাৰ আগতেই তাই যিমান দূৰলৈ পাৰে আঁতৰি যাব লাগিব৷
বোকাৰে পোত খাই থকা অৱস্থাত তাইক কোনেও মন নকৰিলে৷ ধৰাৰ বুকুলৈ আন্ধাৰ নামি আহিছিল৷ আন্ধাৰৰ মাজত এটা বনৰীয়া জন্তুৰ দৰে লাহে লাহে মালা অদৃশ্য হৈ পৰিল৷
(১৪)
১৯৮২ চন৷
পাকিস্তানৰ কোনো এখন গোপন ঠাই৷
পাহাৰৰ মাজত অস্থায়ীভাবে নিৰ্মিত মিলিটাৰী কেম্পটো যোৱা কেইবছৰমানৰপৰা একপ্ৰকাৰে স্থায়ী হৈ পৰিছে। দুৰ্গম ঠাইখনৰ বিষয়ে অনুমান কৰাটোও অসম্ভৱ৷ সাধাৰণতে কোনো এইফালে নাহে৷ এলেকাটোত সৰ্বসাধাৰণৰ প্ৰৱেশ বৰ্জিত৷ জীৱিকা নিৰ্বাহৰ বাবে পাহাৰত গছ কাটিবলৈ অহা বহুতো মানুহ ভৈয়ামলৈ ঘূৰি যোৱা নাই, ওপৰৰ ঘন জংঘলৰ মাজত বাঘৰ এটা বৃহৎ জাক আছে বুলি দূৰ দূৰণিৰ গাঁওবাসী সকলে অনুমান কৰে৷
ইয়াতেই ৰখা হৈছে ভাৰতীয় কয়দীসকলক৷ কেম্পৰ চাৰিওফালে থকা ৩০ ফুট ওখ দুৰ্ভেদ্য প্ৰাচীৰৰ ওপৰত আকৌ কাঁইটীয়া তাঁৰৰ বেৰ৷ সেইবোৰত অনবৰতে বিদ্যুত প্ৰবাহিত হৈ থাকে৷ মানুহ বাদেই, আন বনৰীয়া জন্তুৱেও কিবাকৈ দেৱালখন বগাই ওপৰ পালে কাৰেণ্টত লাগি তাতেই ছাই হৈ যাব৷ কেম্পৰ ভিতৰলৈ সোমোৱা একমাত্ৰ মূল দুৱাৰখন খুলিবলৈ অতি কমেও চাৰিজন শক্তিশালী ব্যক্তিৰ প্ৰয়োজন৷ মিলিটাৰীৰ নিৰ্দিষ্ট কেইজনমান ব্যক্তিৰ বাহিৰে আন কোনেও ইয়াত সোমাব নোৱাৰে৷
যোৱা দুসপ্তাহত কেম্পৰপৰা আন কয়দীবোৰক আঁতৰাই নিয়া হৈছে৷ অকল ৫৩ জন ভাৰতীয়ৰে এতিয়া কেম্পটো এখন ’মিনি ইণ্ডিয়া’ বুলি কয় পাকিস্তানী চিপাহীবোৰে৷ কয়দীসকল চাৰিওফালে মুকলিমূৰীয়াকৈ ঘূৰি ফুৰে, কাৰো হাতত বান্ধোন নাই৷ মাত্ৰ দেৱালৰ কাষত পেলাই থোৱা বৃহদাকাৰ গছবোৰ কাটিবলৈ লগোৱা হয় তেওঁলোকক৷ প্ৰতিদিনে পুৱাই নিৰ্দিষ্ট জোখ-মাপ অংকিত এটুকুৰাকৈ কাগজ দিয়া হয় আৰু সেইমতে প্ৰত্যেকে গছ কাটিব লাগে৷ জোখৰ অকণো হেৰফেৰ হ’লে সন্ধিয়া চাবুকৰ কোব ল’ব লাগে পিঠিত৷
: এইবোৰ চন্দন গছ নেকি?
: হয় মেজৰ, এখন ৰমৰমীয়া ব্যৱসায় চলি আছে ইয়াত৷
: ক’ৰপৰা আহে এইবোৰ?
: সেইটো নাজানো, হয়তো ওচৰে পাজৰে থকা জংঘলৰপৰা অহা৷ আমাৰড়দ্বাৰা এইবোৰ নিয়াৰিকৈ কটোৱাই বাহিৰলৈ লৈ যোৱা হয়৷ অকল চন্দনেই নহয়, আন বহুতো মূল্যবান আৰু দুৰ্লভ ঔষধি গছো আছে ইয়াত৷
মেজৰ বিক্ৰম লাঠি আৰু কেপ্টেইন সুনীলৰ কথাবোৰ শুনি আছিল ওচৰতে থিয় হৈ থকা চৰ্দাৰ এজনে৷ তেওঁৰ দৰে আন বহুতো চিপাহীয়ে মনৰ লগতে শাৰিৰীক বলো হেৰুৱাই পেলাইছে৷ বিক্ৰম আৰু সুনীলৰ কাষতে থিয় হৈ কঁপা হাত দুখনেৰে তলুৱাৰপৰা ওলোৱা তেজৰ চেকুৰাবোৰ মচি আছিল৷ দুচকুত পানী৷ ওৰেটো দিন কুঠাৰখন লৈ গছ কাটি ভাগৰি পৰিছিল৷ তথাপিও তালিকাৰ জোখমতে কাটি উলিয়াব নোৱাৰিলে, এডোখৰ কাঠ৷ আজি ৰাতি চাবুকৰ কোব খোৱাৰ পাল৷
: আপোনাক বহু সময়ৰপৰা ইয়াত থিয় হৈ থকা দেখিছো৷ কিবা ক’ব বিচাৰিছে নেকি বাবাজী?
বিক্ৰমৰ মাতত লাহেকৈ দুয়োৰে ওচৰ চাপি আহিল চৰ্দাৰ৷
: মই এজন তেনেই সাধাৰণ চিপাহী চাহাব৷ যোৱা দহ বছৰৰপৰা ইয়াতেই বন্দী হৈ আছো৷ বহুতো গছ কাটিলো, বহুবাৰ চাবুকৰ কোবো খালো৷ কিন্তু আজি আৰু শৰীৰটোৱে নাটানিব যেন লাগিছে৷ হয়তো আজি নাবাচিম৷ আমি কি ইয়াৰপৰা কেতিয়াও ওলাব নোৱাৰিম নেকি? চৰকাৰে আমাৰ বাবে কিয় একো নকৰিলে?
: সেইটো নাজানো বাবাজী৷ কেতিয়াবা মোৰ মনতো একেটা প্ৰশ্নই হয়৷ আমি কিয় এলাগী হ’লো! কাৰ বাবে জীৱন যৌৱন সকলো ত্যাগ কৰিলো! কিন্তু পিছমূহূৰ্ততে ভাব হয় – নাই! আমি এদিন ইয়াৰপৰা ওলামেই৷ কোনোবা নিশ্চয় আহিব আমাৰ বাবে৷
: সেই দিনটো অহালৈ আমি জীয়াই থাকিম জানো, চাহাব?
: নিশ্চয় থাকিম, নিশ্চিত থাকক৷ …..আৰু আজি আপুনি চাবুকৰ কোব খাব নালাগে৷ আপোনাৰ হৈ মই যাম সেইটো কোঠাত৷
: চাহাব জী…….!
মানুহজনৰ কৰুণ চাৱনিটোৱে মেজৰৰ অন্তৰত আঘাত কৰিছিল৷ কথাৰ মাজতে তেওঁৰ হাতৰ তেজবোৰ মচি দিলে৷ জেপৰপৰা কাগজৰ টুকুৰাটো নিজৰ হাতত লৈ কেপ্তেইন সুনীলক ইঙ্গিতেৰে কিবা এটা ক’লে৷ কাগজখন আছিল মানুহজনে কাটিবলগীয়া কাঠৰ জোখ-মাপৰ তালিকা৷ এইখনৰ ওপৰতেই নিৰ্ভৰ কৰে কয়দী এজনৰ দৈনন্দিন কাম আৰু শাস্তিৰ পৰিমাণ৷ কাগজখনত দিয়া জোখমতে কাম নহ’লে চাবুক চলোৱা হয় পিঠিত৷
বৃদ্ধ চৰ্দাৰক এফালে আঁতৰাই লৈ গ’ল কেপ্তেইনে৷ দুয়োজন আঁতৰি যোৱালৈ নজৰ দি কিছুসময় মেজৰে হাতৰ কাগজখন লুটিয়াই বগৰাই চাই থাকিল৷ তালিকাখনৰ পিছফালে সৰুকৈ আন এখন কাগজ আঠা লগোৱা আছিল; খবৰ কাকতৰ পৰা ছিঙি অনা টুকুৰা এটা৷ লাহে লাহে কিবা এটা ভাবি তেওঁৰ চকু দুটা উজ্জলি উঠিল৷
“মীৰপুৰ কেম্পটো কোনোবাই উৰুৱাই দিছে৷ দুস্কৃতিকাৰীয়ে কেম্পত আক্ৰমণ কৰি এফালৰপৰা সকলো ধ্বংস কৰি পেলাইছে৷ খবৰমতে কেম্পত থকা বাৰুদৰ এটা বৃহৎ গুডাম বিস্ফোৰিত হোৱাৰ ফলত তাত থকা আটাইবোৰ পাকিস্তানী চিপাহীৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে৷“
ৰোমাঞ্চিত হৈ উঠিল মেজৰ৷ মীৰপুৰত চাৰিবছৰ আগতে হৈ যোৱা ঘটনাবোৰ এফালৰপৰা সুঁৱৰিবলৈ ধৰিলে৷ এসময়ৰ বন্ধুৰ মুখখন মনত পেলাই আবেগিক হৈ পৰিল৷ মনতে ভাবিলে –
: পাকিস্তানৰ ভিতৰত পাকিস্তানী জেল এখন উৰুৱাই দিয়াৰ সাহস আন কোনোবাই কৰিবনে? এয়া নিশ্চয় তেওঁৰেই কাম হ’ব! হয়! তেওঁ ঘূৰি আহিছে৷ এসময়ৰ বন্ধুসকলক পাহৰি যোৱা নাই৷
চৰ্দাৰৰ সলনি পিঠিত চাবুকৰ কোব খাবলৈ মনে প্ৰাণে প্ৰস্তুত হ’ল মেজৰ৷ মানুহজনে চিপাহীৰ চকুত ধুলি মাৰি কাকতৰ টুকুৰাটো পাৱনি কৰি দিয়া বাবে মনতে তেওঁৰ শলাগ লৈ কয়দীসকলক শাস্তি প্ৰদান কৰা কোঠাটোৰ দিশে আগুৱাই গ’ল৷
কিছুসময় পিছত পিঠিত দহটা চাবুকৰ কোব লৈ তেওঁ ছাউনীলৈ উভটি আহিল৷ মুখত বেদনাৰ কোনো চাপ নাই, বৰঞ্চ ওঁঠত ৰহস্যময় হাঁহিটোহে লাগি আছিল৷ কেইবাদিনৰ মূৰত তেওঁৰ মনটো উৎফুল্লিত দেখি লগৰীয়াসকলেও আনন্দ পালে৷ সকলোৱে আৱৰি ধৰিলে মেজৰক৷ কেপ্তেইন সুনীলে তেওঁৰ চোলাটো খুলি দিলে৷ বৃদ্ধ চৰ্দাৰজনে এবাটি গৰম পানীত চোলাটো ভিজাই পিঠিৰ দাগবোৰত সেক দিবলৈ ধৰিলে৷
: মেজৰ, আজি মোৰ বাবে আপুনি ……..
: বাবাজী, সেইবোৰ বাদ দিয়ক৷ খোৱা লোৱা ভালদৰে কৰক আৰু সুস্থ থাকক৷ অতি সোনকালে আমি মুকলি আকাশৰ তলত খোজ দিবলৈ সক্ষম হ’ম৷
: কি কৈছে মেজৰ?
আচৰিত হৈ সকলোৱে বিক্ৰমৰ মুখলৈ চালে৷ চৰ্দাৰে ফুচফুচাই কাকতত লিখা খবৰটোৰ বিষয়ে সকলোকে খুলি ক’বলৈ ধৰিলে৷ বিষাদৰ মাজতো তেওঁৰ চকু মুখত হাঁহি বিৰিঙি উঠিছিল৷
ইফালে উবুৰি হৈ থকাৰপৰা এফালে কাটি হৈ মেজৰে খিৰিকীৰে বাহিৰলৈ চালে৷ মনৰ মাজত বিভিন্ন প্ৰশ্নই জুমুৰি দি আছিল৷ মুকলি আকাশৰ তলত খোজ থোৱাৰ সপোনে দুচকুত ভিৰ কৰিছিলহি৷ আপোনজনৰ প্ৰতিচ্ছবিয়ে মনতো ভাৰাক্ৰান্ত কৰি পেলাইছিল৷ মনৰ মাজতে তেওঁ ভোৰভোৰাই উঠিছিল –
: ৱেলকাম বেক মেজৰ বকুল শৰ্ম্মা৷ ৱেলকাম বেক মাই ফ্ৰেইণ্ড৷
মালাৰ শৰীৰত প্ৰচণ্ড জ্বৰ৷ সোঁ-হাতত গুলী লগা ঠাইখিনিৰ অসহ্য বিষক আওকাণ কৰি, চাৰিওফালে পিয়াপি দি ফুৰা পুলিচৰপৰা নিজকে বচাই এটা নিৰাপদ ঠিকনাৰ সন্ধানত ঘূৰি ফুৰিছে৷ যিফালেই যায় সেইফালেই পুলিচ৷ পিতনিৰ বোকাবোৰ গাৰপৰা গুচাবলৈ পথাৰৰ মাজৰ এখন সৰু নদীত নামিছিল৷ কিন্তু ঠিক সেই সময়তে কাষেৰে পাৰ হৈ যোৱা পুলিচৰ জীপ এখনৰপৰা লুকাবলৈ বহু সময় উশাহ বন্ধ কৰি পানীৰ তলতেই সোমাই থাকিবলগীয়া হ’ল৷ কিবা সন্দেহত পুলিচকেইজনেও জীপৰপৰা নামি কালভাৰ্টটোৰ ওপৰতে বহুসময় কটালে৷ সৌভাগ্যক্ৰমে তাই পানীৰ তলত উশাহ বন্ধ কৰাৰ কৌশল শিকিছিল ট্ৰেইনিঙৰ সময়ত৷
পুলিচবোৰ আঁতৰি যোৱাৰ পিছত ঠাণ্ডাত কঁপি কঁপি পানীৰপৰা ওলাই পৰিত্যক্ত কালভাৰ্টটোৰ কাষতে বহি পৰিল৷ গোটেই দিনটো পুলিচৰপৰা নিজকে বচাবলৈ দৌৰি ফুৰোঁতেই পাৰ হ’ল৷ সম্মুখত ওৰেটো নিশা৷ মুকলি আকাশৰ তলত ফিৰফিৰিয়া বতাহ এজাকো বলি আছে৷ গাত ভিজা কাপোৰযোৰেৰে আৰু এখোজো আগলৈ দিবলৈ শক্তি নাই। কালভাৰ্টটোৰ ভিতৰলৈ জুমি চালে তাই৷ গৰু ছাগলীৰ গোবৰৰ লগতে দুই এঠাইত মানুহৰ বিষ্ঠাও আছিল৷ তাৰ মাজতে এফালে যেনে তেনে অকণমান ঠাই উলিয়াই বহি পৰিল মালা৷ সেইখিনিতে কুকুৰ এটাও শুই আছিল৷ হয়তো সেয়া তাৰ নৈশ আশ্ৰয়স্থল৷ ডিঙিটো হাউলি ভিতৰলৈ সোমাই যোৱা মালাক দেখি কুকুৰটো প্ৰথমতে অলপ আচৰিত হৈছিল যদিও লাহেকৈ উঠি মালাক বহিবলৈ সুবিধা কৰি দিলে৷
ন-কইনা হৈ বকুলৰ ঘৰলৈ অহাৰ পিছতে মালাক সিহঁতৰ কুকুৰটোৱে কামুৰিছিল৷ নাভিত চৈধ্যতা বেজীও ল’বলগীয়া হৈছিল৷ খঙতে বকুলে কুকুৰটোক ঘৰৰপৰা খেদি পঠিয়াইছিল৷ পিছলৈ সি মালাৰ মাক দেউতাকৰ লগত আছিলগৈ৷ কিন্তু এদিন শুই থকা অৱস্থাতে বানপানীয়ে উটুৱাই নিয়া ঘৰখনৰ পৰা মাক-দেউতাকৰ লগতে কুকুৰটোও নোহোৱা হ’ল৷ সকলোৱে কোৱা মতে তিনিওটাকে ৰাতি হঠাতে অহা বাঢ়নি পানীয়ে ক’ৰবাত পুতি পেলাইছিলগৈ৷
কান্দিবলৈও পাহৰি গৈছিল তাই৷ সেইসময়ত বকুলো নাছিল কাষত৷ চত্তীশগড়ৰ হাবিত তেতিয়া তাৰ নতুনকৈ পোষ্টিং৷ মালাক অলপ শান্তনা দিবলৈ ঘৰলৈ যোৱা ছুটীৰ আবেদনখনত ওপৰৱালাৰ সন্মতিয়েই নাপালে৷
বকুলৰ মাকে অকলেই তাইৰ যতন লৈছিল৷ স্বাভাবিক অৱস্থালৈ ঘূৰি আহিবলৈ যথেষ্ট সময় ল’লে তাই৷ এবছৰৰ মূৰত যোৱা বকুলৰ বুকুৰ মাজত সোমাই সম্পূৰ্ণ এটা দিন কান্দিয়েই কটাই দিছিল৷ লাহে লাহে বকুলৰ বুজনিত ঘটনাটো পাহৰিবলৈ চেষ্টা কৰিলে৷ বকুলৰ সীমাহীন মৰমে সকলো দুখ ভাগৰৰপৰা আঁতৰাই ফৰকাল কৰি ৰাখিলে তাইৰ মন৷
তথাপিও সেয়া যেন আছিল মাঁথো এটা ক্ষন্তেকীয়া সপোন৷ স্মৃতিৰ পথাৰখনত মৰমৰ কঠিয়াবোৰ লহপহকৈ বাঢ়ি আহিবলৈ লৈছিলহে মাত্ৰ, তেনেতে আহিল তাৰ ট্ৰান্সফাৰৰ অৰ্ডাৰটো৷ বকুলক ওচৰতে পোৱাৰ হাবিয়াসবোৰ বাঢ়ি আহি সিহঁতৰ মাজত থিয় হ’ল আকাশলঙ্ঘী দূৰত্বৰ এক দুৰ্ভেদ্য প্ৰাচীৰ৷ ঘৰৰ ওচৰতে ক’ৰবাত পোষ্টিং হ’ব বুলি ভাবি থকা বকুল আহিবলগীয়া হ’ল চত্তীশগড়ৰ পৰা চিধাই অশান্ত কাশ্মীৰ সীমান্তলৈ৷
সেইদিনা আকৌ তাই বহুত কান্দিলে৷ চকুৰ পানীবোৰ যেন শেষেই নহ’ব৷ বকুলৰ মৰমবোৰ আলফুলে সামৰি শৰীৰত হ’বলৈ ধৰা পৰিৱৰ্তনৰ বিষয়ে কওঁ কওঁ বুলিও তাক ক’ব পৰা নাছিল৷ …আৰু এদিন তেনেকৈয়ে মনৰ মানুহজনক বিদায় দিলে মালাই৷ দেশৰ সেৱাৰ বাবে আঁতৰি গ’ল বকুল, দূৰলৈ – বহু দূৰলৈ৷
কিবা এটা উমাল অনুভৱত খপজপকৈ সাৰ পালে মালা৷ তেতিয়াহে মনত পৰিল – কুকুৰটোক বুকুৰ মাজত লৈ গোটেই নিশাটো কালভাৰ্টটোৰ ভিতৰতে কটাই দিলে৷ ফিৰফিৰীয়া বতাহজাকে সেমেকা কৰি পেলোৱা নিশাটো দুয়ো দুয়োকে সাৱটি পৰি থাকিল৷ পুৱা তাইৰ দুবাহুৰপৰা ওলাবলৈ চেষ্টা নকৰি কুকুৰটোৱে গাল দুখনতে চেলেকি আছিল৷ পথাৰৰ কুকুৰটোৱে তেনেদৰে গালত চেলেকি দিয়াত প্ৰথমতে অলপ অসহজ লাগিছিল যদিও বিশেষ সাৰ-সুৰ নকৰাকৈ তেনেদৰেই বহু সময় বাগৰি থাকিল৷
বাহিৰত কিবা এটা শব্দ হোৱাত কাণ পাতি শুনিলে দুয়ো৷ হয়তো কিবা এখন গাড়ী আহি ৰৈছিল ঠিক কালভাৰ্টৰ ওপৰত৷ মালাৰ শৰীৰত তেতিয়াও প্ৰচণ্ড জ্বৰ৷ ভোকত পেটটোও বিষাইছে৷ লাহে লাহে ৰ’দ ওলাই আহিছে৷ ওপৰৰ গাড়ীখন আঁতৰিলেই ইয়াৰপৰা ওলাব লাগিব৷
কুকুৰটোক আৰু জোৰেৰে সাৱটি ধৰিলে মালাই৷ গোটেই ৰাতিটো শৰীৰৰ উমেৰে উমাল কৰি শীতৰপৰা বচোৱা নিৰ্বোধ বন্ধুৰ প্ৰতি ধন্যবাদৰ আন কোনো ভাষা বিচাৰি নাপালে তাই৷
(১৫)
অস্তগামী সুৰুযক বিদাই জনাই ধৰাৰ বুকুলৈ লাহে লাহে নামি আহিছে ঘিটমিটিয়া অন্ধকাৰৰ চাদৰখন৷ অটব্য অৰণ্যৰে আৱৰা পাহাৰৰ একেবাৰে শীৰ্ষৰ শিলটুকুৰাৰ ওপৰত অৱস্থান কৰিছে দুটা ছায়ামূৰ্তি৷ ওপৰৰ পৰা গোটেই অঞ্চলটো ভালদৰে দেখি৷ বিশাল শিলাখণ্ডৰ আঁৰত ৰাতিটোৰ বাবে জীৰণি লোৱাটো কিমান নিৰাপদ হ’ব তাকে লৈ দুয়ো আলোচনাত ব্যস্ত৷ এইকেইদিন খোৱা শোৱাৰ নিশ্চয়তা নাই, য’তেই যেনেদৰে মিলিছে তাতেই সন্তুষ্ট হ’বলগীয়া হৈছে৷ হাবিৰ বনৰীয়া ফল-মূল খাইও পাৰ কৰিছে কেইবাটাও নিশা৷ পাহাৰৰ মাজে মাজে ঘূৰি কেবল বিছাৰি ফুৰিছে ভাৰতীয় কয়দীসকলক লুকুৱাই থব পৰা সাম্ভাৱ্য ঠিকনাবোৰ৷
যোৱা তিনিটা দিনত তিনিটাকৈ পাকিস্তানী কেম্প পোৱা গ’ল যদিও তাত কোনো কয়দী নাছিল৷ মাত্ৰ কেইজনমান চিপাহীৰে সৈতে খালি কেম্পকেইটা দুয়ো ধ্বংস কৰিলে৷ লগতে কেম্পত মজুদ থকা প্ৰচুৰ পৰিমাণৰ গোলা বাৰুদো ধ্বংস হ’ল৷
: আপুনি ভাৰতত থাকোতে মালাক লগ পাইছিলনে ছিদ্দিকী চাহাব?-শিলটোৰ ওপৰত বাগৰি আকাশলৈ মুখ কৰি থকাৰপৰা বকুলে সুধিলে৷
: নাই পোৱা৷ তেওঁ RAW জইন কৰাৰ বহু আগতেই মই পাকিস্তানলৈ গুছি আহিছোঁ৷
: তাই বা কেনে আছে? ইমান বছৰৰ মূৰত লগ পালো যদিও মাত্ৰ কেইটামান মূহুৰ্তৰ বাবেহে! দুচকুত এতিয়াও ভাহি আছে ছবিখন৷ তাইৰ গুলি লগা হাতখন ……!
বকুলৰ বুকুৰে অজানিতে এটা হুমুনিয়াহ ওলাই আহিল৷
: চিন্তা নকৰিব মেজৰ৷ আপোনাৰ মালা সাহসী ছোৱালী৷ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ শাৰীৰিক আৰু মানসিক দুয়োবিধ যোগ্যতাই তেওঁৰ আছে৷
: সেয়া বুজি পাওঁ৷ ইমান বছৰৰ মূৰত লগপোৱা সেই দুটা মূহূৰ্তত মই নিজকেহে দুৰ্বল অনুভৱ কৰিছিলো তাইৰ সন্মুখত৷
: ৰুক্সানা বেগম আৰু নূৰৰ সকলো নথিপত্ৰ সাজু হৈছে মেজৰ৷ দুয়োকে যিমান সোনকালে পাৰি পাকিস্তানৰ পৰা আতঁৰাই পঠিয়াব লাগে৷ ইয়াত সিহঁত সুৰক্ষিত নহয়৷
বকুলৰ মনটো দুৰ্বল দেখি ছিদ্দিকী চাহাবে কথাটো বেলেগ ফালে ঘূৰাবলৈ চেষ্টা কৰিলে৷
: মালাৰ হাতখন বৰকৈ বিষাইছে কিজানি, তাইৰ বা কিবা চিকিৎসা হৈছেনে নাই? –
হামিদ ছিদ্দিকীৰ কথাত বকুলৰ কোনো গুৰুত্ব নাই, আকাশলৈ চাই তেতিয়াও মালাৰ কথাই কৈ আছিল৷
: তেওঁ নিশ্চয় ভালেই আছে মেজৰ৷ এতিয়া আমাৰ পৰবৰ্ত্তী কৰ্তব্য কি হোৱা উচিত সেয়া ঠিক কৰিব লাগে৷
: মালা, তই মোক ক্ষমা কৰিবিনে? মই তোক বিছাৰি উলিয়ামেই৷- বকুল তেতিয়াও মালাৰ চিন্তাত নিমগ্ন৷
: মেজৰ! মেজৰ! -দুবাৰমান গাত ধৰি জোকাৰি দিলে হামিদ ছিদ্দিকীয়ে৷ বকুলৰ কোনো লৰচৰ নাই, মনৰ মাজতে কিবাকিবি ভোৰভোৰাই থাকিল৷
: মোক বিছাৰি আহি তই নিজেই হেৰাই গ’লি, মালা! তই ক’ত আছ মালা!?
হামিদ ছিদ্দিকীয়ে বকুলক আৰু আমনি নকৰিলে৷ এতিয়া তেওঁক কিছু জীৰণিৰ প্ৰয়োজন৷ মানুহজনে আকাশৰ তঁৰাবোৰ গণি গণি যেন বেলেগ এখন পৃথিৱীতহে সোমাই পৰিছে৷
কাগজত বান্ধি অনা ৰুটি দুখন শিলটোৰ ওপৰতে উলিয়াই ললে ছিদ্দিকীয়ে৷ কিবা অলপ খাই লোৱা যাওঁক৷ বকুলৰ এইটো অৱস্থাত নিজে ৰাতিতো জাগি পহৰা দিব লাগিব৷ তাৰবাবে শৰীৰত বলৰ প্ৰয়োজন৷ দুয়োকে বিছাৰি কেউফালে পিয়াপী দি ফুৰা পুলিচৰ উপৰিও জংঘলত বিভিন্ন বনৰীয়া জীৱ-জন্তুও আছে৷ পিষ্টলটো কঁকালত খুচি, তেওঁ এল এম জি টো পিঠিত ওলোমাই ললে৷ বেঁকি দাঁখন শিলটোৰ ওপৰতে থৈ ৰুটি দুখনৰ লগতে হাবিৰপৰা চিঙি অনা আপেল দুটা গোগ্ৰাসে গিলি পেলালে৷ গাটোত অলপ শক্তি পোৱা যেন পাই দা খন হাতত লৈ এইবাৰ বিশাল শিলটোৰ ওপৰত ঠিয় হ’ল৷ কিবা এটা শব্দই তেওঁক সন্তুষ্ট কৰি তুলিছিল৷ অৱশ্যে বনৰীয়া জন্তুও হ’ব পাৰে৷
পাহাৰখনৰ যথেষ্ট ওপৰত অৱস্থান কৰিছেহি দুয়ো৷ কিছুদূৰত কেইটামান শিয়ালে ৰাউচি যুৰিছে৷ জোনাকী পৰুৱাবোৰে চাৰিওকাষে পোহৰ বিলাই গৈছে৷ বকুলৰ মুখলৈ চালে তেওঁ! হয়তো টোপনী আহিব ধৰিছিল৷ দাঁখন বাওঁহাতত লৈ সোঁহাতেৰে পিষ্টলটো কটকটীয়াকৈ খামুচি ধৰিলে৷ নিশা গভীৰ হোৱাৰ লগতে চাৰিওফালৰ জিলিৰ মাতটো ক্ৰমান্বয়ে তীব্ৰতৰ হৈ আহিছিল আৰু তাৰ লগতে কিবা এটা আগুৱাই অহাৰ শব্দটোও যেন নিচেই কাষত৷ কাণ দুখন ঠিয় কৰি হাতত সাৰে ভৰিত সাৰে শিলটোৰপৰা নামি আহিল ছিদ্দিকী৷
সম্পূৰ্ণ দুটা নিশা পথাৰৰ মাজৰ শুকান কালভাৰ্টটোৰ তলতেই কটাই দিলে মালাই৷ জ্বৰটো এতিয়াও কমা নাই৷ শৰীৰ নিশকতীয়া, ভৰিত জোৰ কম৷ তথাপিও তাই ভাবিছে – অন্ধকাৰ নামি অহাৰ লগে লগে খাদ্যৰ সন্ধানত বাহিৰলৈ ওলাব৷ আজি কিবা খাবই লাগিব, নহ’লে যে তাই ঠিয় হ’বও নোৱাৰিব৷ ইতিমধ্যে শৰীটোৱে জবাব দিছে৷
যেনেতেনে মূৰটো বাহিৰলৈ উলিয়াই ইফালে সিফালে চালে তাই-
নাই! ওচৰে পাজৰে কোনো নাই৷
চোঁচৰি চোঁচৰি তাই বাহিৰলৈ ওলাল৷ পিছে পিছে ওলাই আহিল যোৱা দুদিনৰ লগৰীয়া, কুকুৰটো৷ সি লগ নেৰাই হৈছে৷ অনবৰতে মালাৰ কাষতে শুই থাকে আৰু এতিয়া পিছে পিছে সিও ওলাইছে৷ খোজ দিবলৈ চেষ্টা কৰি মাটিতে পৰি গ’ল মালা৷ কুকুৰটোৱে আহি ভৰি দুখন শুঙিবলৈ ধৰিলে৷ লাহেকৈ ঠিয় হৈ আকৌ আগুৱাবলৈ চেষ্টা কৰিলে৷ পিছমূহুৰ্ততে পুনৰ পৰি গ’ল৷ দুৰ্বলতাৰ বাবে ভৰিদুখন ভালদৰে পোন কৰিবই পৰা নাছিল৷
কিছুসময় নিজৰ লগতে যুঁজি এসময়ত ভৰি দুখনত অলপ শক্তি পাই লাহে লাহে আগুবাঢ়ি গ’ল৷ কিছুদূৰ খোজকাঢ়ি ৰাস্তাৰ কাষতে বহি পৰে, অলপ জিৰণি লৈ আকৌ আগুৱাই যায়৷
সাৱধানে দুয়ো বহুদূৰ আহিল আৰু এটা সময়ত গ্ৰাম্যাঞ্চলটো পাৰ হৈ চহৰত সোমাই পৰিল৷ কোনেও সহজতে চিনি নোপোৱাকৈ দোপাত্তাখনেৰে মূৰটো ঢাকি লৈছিল। খাদ্যৰ সন্ধানত ইফালৰ পৰা সিফালে ঘূৰি এসময়ত আৰু এখোজো আগবাঢ়িব নোৱাৰি এঠাইত বহি ললে মালা৷ তাইৰ অৱস্থাটো দেখি কুকুৰটোৱেও কাষতে বাগৰি ললে৷
ঠাইখনৰ নামটো জানিব পাৰিলে ভাল আছিল!
দোকানৰ ওপৰত ওলোমাই থোৱা ফলকবোৰ পঢ়িবলৈ চেষ্টা কৰিলে তাই৷ চকুৰে ভালদৰে মণিব নোৱাৰি৷ লাহে লাহে ঠাইডোখৰ আন্ধাৰ হৈ আহিছে৷ গলিটোৰ দুয়োকাষৰ দোকানবোৰ বন্ধ কৰাৰ সময় হৈছিল৷ দুই এজনে ইতিমধ্যে ঘৰাঘৰি যাবলৈ আৰম্ভ কৰিলেই৷
চাওঁতে চাওঁতে ঠাইখন সম্পূৰ্ণ অন্ধকাৰে আৱৰি ধৰিলে৷ দোকানবোৰ বন্ধ হোৱাৰ লগে লগে পৰিৱেশটো জয়াল হৈ পৰিল৷ এসময়ত সকলো আঁতৰি গ’ল আৰু জনশূন্য ৰাস্তাটোৰ কাষত মালা আৰু কুকুৰটো অকলশৰীয়াকৈ বহি ৰ’ল৷ ইফালে পেটৰ ভোকত তাইৰ প্ৰাণ যোৱাৰ উপক্ৰম৷
: সেইটো কোন অ’? অকলশৰে এই ৰাতিখন ৰাস্তাৰ মাজত কি কৰিছ? -আন্ধাৰৰ মাজতে কোনোবা এজনৰ মাতত তাই তলমূৰকৈ পিছলৈ ঘূৰি চালে৷
: বাবু কিবা এটা খাবলৈ দিয়ক, আমি ভিক্ষাৰী৷
: হো্ ল’ এয়া৷ কিবা এটা কিনি খাবি৷ – মানুহজনে মুদ্ৰা এটা মালাৰ ফালে আগুৱাই দিলে৷
: এই ৰাতিখন ক’ত দোকান পাম চাহাব৷ কিবাএটা নাখালে কুকুৰটো মৰি থাকিব৷ দুদিনৰ পৰা একো খাব পোৱা নাই, আমাক অলপ সহায় কৰক৷ –
মালাৰ মন মগজুত কিবাকিবি চিন্তাবোৰ ঘূৰিবলৈ ধৰিছিল৷ ইতিমধ্যে দোপাত্তাৰ তলৰপৰা তাই স্পষ্টকৈ দেখিছিল মানুহজনৰ পুলিচী পোছাকযোৰ৷ কুকুৰটোৱেও যেন কিবা বুজি পালে৷ বেমাৰিটোৰ দৰে মূৰটো মাটিত পেলাই সিও কোনো শব্দ নকৰাকৈ পৰি থাকিল৷
: তেনেহলে আহ মোৰ পিছে পিছে। অলপ আগতেই মোৰ ঘৰ৷ বেগমৰ হাতৰ গৰম গৰম ৰুটি খুৱাই দিম তহঁতক৷
মালাই ভাবিলে কথাটো বেয়া নহ’ব৷ লাগিলে যিয়েই বিপদ নহওঁক, তাইক বৰ্তমান কিবা অলপ খোৱাবস্তুৰ খুবেই প্ৰয়োজন৷ পিছৰ কথা পিছত দেখা যাব৷ মানুহজনৰ পিছে পিছে মালা আগবাঢ়িল৷ মাটিতে বাগৰি থাকি কুকুৰটোৱেও মালাৰ ইঙ্গিতত দুয়োৰে পিছ ল’লে৷
বিক্ৰম লাঠিৰ চাৰিওকাষে ছয়জন চিপাহীয়ে ঘূৰণীয়াকৈ বহিছে৷ কেইজনমানে দুৱাৰত পহৰা দিছে৷ গোপন আলোচনাখনৰ বিষয় মেজৰ বকুল শৰ্মা৷ বিক্ৰমে সন্দেহ কৰা মতে মেজৰ বকুলে নিশ্চয় লগৰীয়াসকলক বিছাৰি ফুৰিছে৷ তিনিটাকৈ কেম্প ইতিমধ্যে ধ্বংস হোৱাৰ খবৰ গোপনে তেওঁলোকৰ কাণত পৰিছেহি।
কিন্তু তেওঁ কেনেকৈ গম পাব সকলোকে ক’ত লুকুৱাই থোৱা হৈছে?
ইতিমধ্যে বকুলে হয়তো কেইবাজনো পাকিস্তানী চিপাহীক হত্যা কৰিলে৷ তেওঁক ৰখাব লাগিব৷ যিমানেই বেছি ধ্বংসলীলা হ’ব, বিপদ সিমানেই বাঢ়িব৷ পাকিস্তানী ফৌজে প্ৰতিশোধৰ জ্বালাত আগতকৈও উগ্ৰ হৈ পৰিব৷ লুকুৱাই থোৱা ৫৩ জন চিপাহীৰ জীৱনলৈও সংশয় আহি পৰিব পাৰে৷
: বকুলে আৰু বেলেগ কেম্প ধ্বংস কৰাৰ আগতে তেওঁক বাধা দিব লাগিব৷
: কিন্তু কেনেকৈ? আমি ক’ত আছো তেওঁ নাজানে আৰু তেওঁ ক’ত সেয়াও আমি নাজানো৷
: কেনেবাকৈ আমাৰ ঠিকনাটো তেওঁক পাৱনি কৰিব লাগিব৷ ইয়াৰপৰা কিবা ইঙ্গিত দিব পাৰিলে…..?
: হৈ থকা ঘটনাবোৰৰ আঁৰত তেওঁ থকা বুলিও আমি ডাঠি ক’ব নোৱাৰো মেজৰ৷ সেয়া আপোনাৰ মনৰ ভাবহে!
: মোৰ সম্পূৰ্ণ বিশ্বাস সেয়া মেজৰ বকুলেই হ’ব৷ মই এটা কথা ভাবিছো কেপ্তেইন৷
: কি কথা ছাৰ?
: ধৰা হওক ধ্বংস হোৱা তিনিওটা কেম্পৰ পিছত বকুলৰ হাত আছে৷ তেনেহলে তেওঁ নিশ্চয় চাৰি নম্বৰ কেম্পটোৰ সন্ধানত?
: তেনেকুৱাই হ’ব লাগে৷
: যদি আমি ইয়াত কিবা অলপ উখল-মাখল লগাই দিব পাৰোঁ – ধৰা হওঁক ইয়াতে থকা গোলা বাৰুদৰ গুডামটো ব’মেৰে উৰুৱাই দিলোঁ – তেওঁৰ দৃষ্টিগোচৰ নহ’বনে ঠাইডোখৰ?
: যদিহে তেওঁ এই ঠাইখনৰ ওচৰে -পাজৰে আছে, তেতিয়া সেইটো ভাবিব পাৰি৷
: তেনেহলে কি ভাৱে বন্ধুসকল?
: এইটো আন্ধাৰৰ মাজতে কাড় চলোৱাৰ দৰে হ’ব চাহাব জী৷ – দুৱাৰৰ কাষৰপৰা বৃদ্ধ চৰ্ডাৰজনে মাত লগালে এইবাৰ৷
: কথাটো হয় মেজৰ! পূৰ্বৰ তিনিওটা কেম্পৰ খবৰ বাতৰি কাকতত ওলাইছে৷ কিন্তু এইটো কেম্পৰ কথা ইহঁতে সম্পূৰ্ণ গোপনে ৰাখিবলৈ চেষ্টা কৰিব৷ ইয়াত যিমান ডাঙৰ বিস্ফোৰণ হ’লেও কথাটো বাহিৰলৈ ওলাবলৈ নিদিব৷
মেজৰ বিক্ৰমেও কথাটো নভবা নহয়৷ তেওঁৰ চতুৰ মগজুটোৱে ইতিমধ্যে বহুত কিবাকিবি ভাবি পেলাইছিল৷ খিৰিকী খনৰ মুখত ঠিয় হৈ তেওঁ আকাশৰ তৰাবোৰ গণিবলৈ ধৰিলে৷ লগৰবোৰে তেওঁৰ পৰিকল্পনাটোৰ বিষয়ে আৰু বিতং আলোচনাত বহিল৷ বাহিৰত জিলিৰ মাতটো ক্ৰমান্বয়ে বাঢ়ি আহিছিল৷ ফ্লাড লাইটৰ শক্তিশালী পোহৰটো সৰু সৰু চাউনীবোৰৰ ওপৰেৰে কেম্পটোৰ চৌদিশে ঘূৰিবলৈ ধৰিলে৷
(১৬)
কৰাছী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ৷
সময় দুপৰীয়া ২ বাজিছে৷
এগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় প্ৰস্থানৰ দিশে আগুৱাই গৈছে৷ সোঁহাতত এটাচিটো লৈ বাওঁহাতেৰে লগত থকা সৰু ছোৱালীজনীৰ হাতত ধৰি দুয়ো আহি ছিকিউৰিটি চেক্ ইনৰ লাইনত থিয় হ’ল৷ এবাৰ লগত থকা সকলো নথি-পত্ৰ ভালদৰে চাই, নিৰ্দিষ্ট সময়ৰ বাবে অপেক্ষা কৰিলে৷ ইমিগ্ৰেচনৰ কাম ইতিমধ্যে সম্পন্ন হৈছিল৷ ছিকিউৰিটিৰপৰা ওলালেই দুয়ো গৈ বিমানৰ ভিতৰত সোমাবগৈ পাৰিব৷ তাৰ পিছত – দুয়ো মুক্ত৷
: মোহতৰমা! অকণমান আমাৰ লগত আহিব লাগিব৷ – ইমিগ্ৰেচন অফিচাৰজনৰ মাতত উছপ খাই উঠিল মানুহজনী৷
: এইবাৰ আকৌ কি হ’ল? আমাৰ সকলো কাগজ-পত্ৰটো ঠিকেই আছিল। ভয়ে ভয়ে কণমানিজনীক সাৱটি ধৰিলে তেওঁ৷
: আচলতে অলপ গণ্ডগোল পোৱা গৈছে৷ আমাৰ লগত আহক, সকলো বুজাই ক’ম৷
অফিচাৰজনে এক প্ৰকাৰে টানি লোৱাৰ দৰে এটাচিতো নিজৰ অধীনত লৈ দুয়োকে পিছে পিছে আহিবলৈ ইঙ্গিত দি এফালে আগুৱাই গ’ল৷
সৰু ছোৱালীজনীয়ে ইতিমধ্যে ভয়তে কান্দিবলৈ আৰম্ভ কৰিছিল৷ তাইক কোলাত লৈ মানুহজনী অফিচাৰজনৰ পিছে পিছে আগুৱাই গ’ল৷ তেওঁলোকক লৈ যোৱা কোঠাটোত আগৰ পৰাই আন কেইজনমান ব্যক্তি আছিল৷ মানুহজনীক বহিবলৈ এখন চকী আগুৱাই দিয়া হ’ল৷ সৰু ছোৱালীজনীক কোলাত লৈ তেওঁ চকীখনতে বহি পৰিল৷
: আপোনাৰ নাম?
: ৰুক্সানা বেগম৷
: ছোৱালীজনীৰ নাম?
: নূৰ! নূৰ আহমেদ৷
: আপোনাৰ চৌহৰ?
: তেওঁ লগত নাই৷
: আপোনালোক ক’লৈ যাব ওলাইছে?
: কিয়? এইবোৰ কথাটো মই আগতেই সকলো কৈছো? আকৌ একেখিনি প্ৰশ্নকে কিয় কৰা হৈছে?
: উত্তৰ দিয়ক মোহতৰমা!
: লণ্ডন৷
: কিয়?
: মোৰ সম্পৰ্কীয় মানুহৰ নিকাহ আছে, তাতেই যাম৷
: আপোনাৰ চহৰ ক’ত এতিয়া? তেওঁ নাযায় নেকি লণ্ডনলৈ?
: তেওঁ পিছত আহিব৷
: এতিয়া ক’ত আছে তেওঁ?
: নিশ্চয় ঘৰত আছে৷ তাড়িকনগৰৰ ওচৰৰ মনহাৰী গাঁৱত মোৰ ঘৰ, ঠিকনাও দিয়া আছে সেই কাগজবোৰত৷ মোৰ স্বামীৰ লগত আপোনালোকৰ কি কাম? কিয় সুধি আছে এইবোৰ কথা? মোৰ দেৰি হৈছে, ফ্লাইটখন গুচি যাব লাগিলে আমাৰ বৰ অসুবিধা হ’ব৷
: এখন গুচি গ’লে আপোনাক আন এখনত ব্যৱস্থা কৰি দিয়া হ’ব, সেই বিষয়ে নিশ্চিত থাকক৷ মাঁথো আমাৰ প্ৰশ্নবোৰৰ যথাযথ উত্তৰ দি যাওক৷
ইমান সময়ে মনে মনে সকলোবোৰ শুনি থকা পুলিচ অফিচাৰজনে কোঠাটোৰ এটা কোণৰ পৰা নিৰ্ভয় দিলে ৰুক্সানা বেগমক৷
: আপোনাৰ চৌহৰৰ নাম?
: নাছেৰ আহমেদ৷
: এক্স মিলিটাৰী?
: হয়৷
: মিলিটাৰী কিয় এৰিছিল?
: সেইবোৰ মই নাজানো৷ হয়তো তেওঁৰ ভাল নালাগিল, এৰিলে৷
: আপুনি সঁচাকৈয়ে ইমান ধুনীয়াকৈ ফাঁকি দিবলৈ কেনেকৈ জানে?
: মই একো ফাঁকি দিয়া নাই৷ তেওঁ মিলিটাৰী এৰা বহু বছৰেই হ’ল৷
: আপোনাৰ স্বামীৰ ৰূপত থকা ভাৰতীয় গুপ্তচৰজনে পাকিস্তানৰ বিভিন্ন ঠাইত বহুকেইখন জেইলত বোমা বিস্ফোৰণ ঘটাই সকলো ধ্বংস কৰি পেলাইছে৷ বহুকেইজন চিপাহীৰ মৃত্যু হৈছে৷ এইবিষয়ে আপুনি কি ক’ব?
: কি কৈছে এইবোৰ? মই একো নাজানো৷- ৰুক্সানাৰ মাতটো অলপ কঁপিবলৈ লৈছিল৷
: কিছুদিনৰ আগতে আপোনাৰ ঘৰৰ সন্মুখৰ পৰা এগৰাকী ভাৰতীয় মহিলা গুপ্তচৰকো গ্ৰেপ্তাৰ কৰা হৈছিল৷ সেই বিষয়েটো কিবা কওক৷
: অ হৈছিল৷ কিন্তু এইবোৰ মই সঁচাকৈয়ে একো নাজানো৷
: আপুনি আকৌ মিছা মাতিছে৷ আপোনাৰ চৌহৰৰ লগত নাযায়জ সম্পৰ্ক আছে সেই মহিলাগৰাকীৰ৷ আপুনি সকলো কথা জানে৷ সকলো এফালৰ পৰা খুলি কওক, এতিয়াও সময় আছে৷
: মই কৈছো নহয়, এইবোৰ মই একো নাজানো বুলি! কোনো গুপ্তচৰৰ লগত মোৰ স্বামীৰ সম্পৰ্ক নাই৷ আমাক যাবলৈ দিয়ক, ছোৱালীজনীৰ ভোক লাগিছে৷ তাইক কিবা এটা খাবলৈ দিওঁ!
– কান্দি থকা নূৰক দেখুৱাই ৰুক্সানাই পুলিচ অফিচাৰজনলৈ চালে৷
: এই আলি! মাইনাজনীৰ কাৰণে এগিলাচ গাখীৰ লৈ আনা আৰু মোহতৰমাৰ কাৰণে একাপ গৰম চাহ৷ লগতে বিস্কুট আনিবলৈ নাপাহৰিবা দেই!
পুলিচ অফিচাৰজনে হাঁহি হাঁহি কোনোবা এজনক নিৰ্দেশ দিলে৷
গাখীৰৰ গিলাচটো হাত পাতি লৈ নূৰ অলপ শান্ত হ’ল৷ ৰুক্সানাই গৰম চাহকাপ হাতত ল’লে৷
: আপুনি জানেনে, সেই মহিলা গুপ্তচৰজনী আমাৰ জিম্মাৰপৰা নোহোৱা হৈছে?
: মই কেনেকৈ জানিম?
: ঠিকেই! আপুনি কেনেকৈ জানিব! পুলিচৰ কেইবাজনো অফিচাৰক বিচাৰি পোৱা নাই, দুজনৰ সংজ্ঞাহীন দেহ তেওঁলোকৰ ঘৰতে পোৱা গৈছে৷ এই সকলোবোৰ ঘটনা হৈছে সেই মহিলা গুপ্তচৰজনী নোহোৱা হোৱাৰ পিছত৷ তেওঁ আপোনাৰ ওচৰলৈ অহা বুলিও আমি ইতিমধ্যে গম পাইছো৷ আৰু তাৰ পিছতেই পাকিস্তানী মিলিটাৰীৰ এজন ডাঙৰ অফিচাৰ নোহোৱা হৈছে৷ আপুনি জানেনে কোন? আপুনিতো ক’বই নাজানো বুলি৷ সেই ছোৱালীজনীৰ বিষয়ে কি জানে সকলো সোনকালে খুলি কওক৷
: আপোনাৰ কথাবোৰ মই বুজা নাই, মানে ক’ব খুজিছে নেকি যে পাকিস্তানত যিমান বেয়া ঘটনা হৈ আছে, সকলোৰে আঁৰত মই আছো?
: আমি তেনেকৈ কোৱা নাই মোহতৰমা!
: তেনেহ’লে মোক এনেদৰে জেৰা কৰিছে কিয়? মই আপোনালোকৰ ওপৰত মানহানিৰ গোচৰ কৰিব পাৰো৷
: নিশ্চয় পাৰে৷ ইয়াৰপৰা যেতিয়া ভালে ভালে ওলাই যাব, আমাৰ বিৰুদ্ধে নিশ্চয় মানহানিৰ গোচৰ তৰক৷
ৰুক্সানাৰ শৰীৰটো অৱশ হৈ আহিবলৈ ধৰিলে৷ তেওঁ ভাগৰি পৰিছিল৷ নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থাকোঁতে মনেই নকৰিলে কণমানি নূৰ কেতিয়ানো মজিয়াত বাগৰি পৰিল৷ তাইৰ ওপৰত চকু পৰাত এইবাৰ চিঞৰি উঠিল মানুহজনী৷ একে দৌৰে গৈ ছোৱালীজনীক কোলাত তুলি ললে৷
: নূৰ! নূৰ! এইবোৰ কি? তাইৰ মুখেৰে ফেন কিয় ওলাইছে? আপোনালোকে কি দিলে তাইক? য়া আল্লাহ্ ! মই কি কৰোঁ এতিয়া? নূৰ ! নূৰ ! চকু মেল নূৰ! কি হৈছে তোৰ? নূৰ! সহায় কৰক৷ মোক অলপ সহায় কৰক৷ হস্পিটাল লৈ বলক আমাক!
ৰুক্সানাৰ মাতটো চুটি চুটিকৈ ওলাল৷ সৰু ছোৱালীজনীৰ মুখেৰে ওলাই থকা ফেনবোৰ দেখি মানুহজনী অধৈৰ্য্য হৈ পৰিছিল৷ তাইক কোলাত লৈ ইফালৰপৰা সিফালে দৌৰিবলৈ ধৰিলে৷ কোঠাটোৰ দুৱাৰখন ক’ত আছে বিচাৰি হাবাথুৰি খাবলগীয়া হ’ল৷ সকলোফালে যেন ধোঁৱা ধোঁৱা, একো দেখা পোৱা নাই। কোনেও তাইক সহায় কৰিবলৈ আগবাঢ়ি নাহিল৷ বৰঞ্চ সকলোৱে একেলগে অট্টহাস্য কৰিহে উঠিল৷ যিফালেই যাবলৈ বিচাৰে সেইফালৰপৰা কোনোবা এজনে ঠেলি গতিয়াই আকৌ মাটিত পেলাই দিয়ে৷ এসময়ত ৰুক্সানা মাটিৰপৰা উঠিব নোৱাৰিলে৷ হাতৰপৰা নূৰৰ স্পন্দনৰহিত শৰীৰটো মাটিত পৰি গ’ল৷ হাতত একেবাৰে শকতি নোহোৱা হৈ গৈছিল৷ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷
মুদ খাবলৈ ধৰা চকু দুটাৰে জলক টবককৈ পুলিচ অফিচাৰজনক সন্মুখত দেখি বুকুত খামুচি ধৰিলে৷ মানুহজনৰ কথাবোৰো ৰিণিকি ৰিণিকি কাণত সোমাইছিল।
: ভাৰতীয় গুপ্তচৰ এজনৰ লগত ইমান বছৰৰপৰা একেলগে থাকি নিজ দেশৰ লগত বিশ্বাসঘাটকতা কৰিছে! ইয়াৰ শাস্তি পাবই৷ তাতে আকৌ দেশ এৰি পলাবলৈ ওলাইছিল৷
পুলিচ অফিচাৰজনৰ কথাবোৰ অস্পষ্ট হৈ আহিছিল৷ তেওঁৰ বুকুত সজোৰে ধৰি থকা হাতৰ মুঠিটোও লাহে লাহে ঢিলা হৈ পৰিল৷ এসময়ত ৰুক্সানাৰ চকু দুটা সম্পূৰ্ণকৈ জাপ খাই গ’ল৷ নূৰৰ ওচৰতে বাগৰি পৰিল নিস্প্ৰাণ শৰীৰটো। মুখেৰে এসোপামান ফেন ওলাই মজিয়ালৈ বৈ আহিল।
পৰিত্যক্ত দালানটোৰ তৃতীয় মহলালৈ উঠি গ’ল ছোৱালীজনী৷ হাতত এটা খোৱা বস্তুৰ টোপোলা৷ নিৰ্দিষ্ট স্থানত উপস্থিত হৈ কঁকালৰ খোচনিৰ পৰা পিষ্টলটো উলিয়াই হাতৰ মুঠিত ল’লে৷ ইফালে সিফালে চাই এইবাৰ আগবাঢ়িল অৰ্ধ নিৰ্মিত বেৰখনৰ পিছফাললৈ৷ তাতেই কুকুৰটোৱে নেজডাল জোকাৰি জোকাৰি সম্ভাষণ জনালে৷ খোৱা বস্তুৰ টোপোলাটো খুলি কিবা এটা উলিয়াই কুকৰটোৰ সন্মুখত আলফুলে হাতখন পাতি ধৰিলে তেওঁ৷
মাত্ৰ কেইদিনমানৰ ভিতৰতে সম্পূৰ্ণ বিশ্বস্ত হৈ উঠিছে কুকুৰটো৷ সকলো কামত সহায় কৰিছে৷ খাদ্যৰ সন্ধানত ওলাই যাওঁতে ইমান সময় কুকুৰটোৱে পহৰা দি আছিল৷ তাক খাবলৈ দি সম্মুখৰ চকীখনত বান্ধি থোৱা মানুহজনলৈ চালে৷ হাত দুখন পিছলৈ বান্ধি বহাই থোৱা আছে৷ ভৰি দুখনতো এডাল ৰছীৰে কটকটীয়াকৈ বন্ধা৷ কঁপালৰ পৰা তেজ আৰু ঘাম বৈ আহি চোলাটো ভিজাই পেলাইছে৷
: কিবা মনত পৰিছেনে ব্ৰিগেডিয়াৰ চাহাব? নে এনেদৰে গৰমত, মহৰ কামোৰ খাই লঘোণে ভোকে বহি থাকি ভাল লাগিছে আপোনাৰ?
: কিয় এনেদৰে বান্ধি থৈছ মোক? – মানুহজনে সেহাই সেহাই কলে৷ চকু দুটা মেলি ধুঁৱলী কুঁৱলীকৈ ছোৱালীজনীক দেখি আচৰিত হৈছিল৷
: চিনি পাইছে? সেই যে ক্লাবত চুটিকৈ ফ্ৰক পিন্ধা ছোৱালীজনীৰ নৃত্যত মগন হৈ আপুনি এসোপামান গিলিছিল! তাৰ পিছত নিচাত একো নাই হৈ হোটেলৰ কোঠাত যে জপিয়াই পৰিছিল ছোৱালীজনীৰ ওপৰত? মনত পৰিছেনে?
: চা ৰোজী, তই কিয় এইবোৰ জানিবলৈ বিচাৰিছ নাজানো। কিন্তু মোক এনেদৰে বান্ধি থোৱা বাবে তই বিপদত পৰিবি।
: ৱাহ! মোৰ নামো মনত আছে? লাজৱাব!
: কি লাগে তোক খুলি ক!
: আপোনাক আগতেই কৈছো মোক কি লাগে। আৰু মোৰ নাম ৰোজী নহয়, মালা৷ আপোনাৰ দৰে পাষণ্ডবোৰৰ কাৰণে বিভিন্ন সময়ত আমি বিভিন্ন নাম ল’বলগীয়া হয়।
: চাই ল’ম তোক, কাফিৰ৷ খুলি দে মোৰ হাত।
: দিম দিম, ইমান কিহৰ তড়প? আপোনাক পাবলৈ বহুকেইজন নিৰ্দোষী পুলিচ অফিচাৰক জালত পেলাবলগীয়া হ’ল৷ বেচেৰাহঁতলৈ বেয়াই লাগিছে!
: পানী!
: পানীও দিম৷ আগতে মোক কওক আজিৰপৰা দহবছৰ আগতে বন্দী কৰি অনা ‘৭১ ৰ যুদ্ধৰ ভাৰতীয় চিপাহীকেইজনক ক’ত লুকুৱাই থৈছে?
: আল্লাক ভয় কৰ ছোৱালী! কি কৈ আছ এইবোৰ ?
: হোটেলৰ কোঠাত মোৰ শৰীৰৰ প্ৰতিটো অঙ্গত হাত ফুৰাওঁতে আল্লালৈ মনত নপৰিল ব্ৰিগেডিয়াৰ চাহাব?
: তই বাচি যাব নোৱাৰিবি ছোৱালী৷
: মোৰ কথা ভাবিব নালাগে, আগতে নিজৰ কথা ভাবক৷ মোৰ ডিঙিৰ এই ক্ষুদ্ৰ যন্ত্ৰটোত আপোনাৰ সকলো কাৰ্যকলাপ ৰেকৰ্ড হৈ আছে৷ এইবোৰ বাহিৰলৈ আহিলে আপোনাৰ সামাজিক আৰু ব্যক্তিগত জীৱনত কি পৰিস্থিতি হ’ব নিজেই এবাৰ ভাবি চাওঁক৷
ব্ৰিগেডিয়াৰে এবাৰ মালাৰ ডিঙিত ওলমি থকা লকেটটোলৈ চালে আৰু দুদিনৰ আগতে হোটেলৰ বাৰত হোৱা সকলোবোৰ ঘটনা মনত পেলাবলৈ চেষ্টা কৰিলে। কেনেদৰে এজনী ছোৱালীৰ উদ্যাম নৃত্যৰ তালে তালে সুৰাৰ ৰাগীত মতলীয়া হৈ নিজৰ বিবেক বিবেচনা সকলো জলাঞ্জলি দি হোটেলৰ কোঠাত তাইৰ মায়াবী হাতৰ পৰশত বন্দী হৈ পৰিছিল, সকলোবোৰ দৃশ্য এফালৰপৰা চিনেমাৰ ৰিলডালৰ দৰে তেওঁৰ চকুৰ আগত ঘূৰিবলৈ ধৰিলে।
সন্মুখত মালা তেতিয়া কুকুৰটোৰ ডিঙিত হাত ফুৰাই খোৱাত ব্যস্ত।
(১৭)
কেম্পত উৎসৱমুখৰ পৰিৱেশ। ভাৰতীয় চিপাহীবোৰৰ মুক্তিৰ দিন সমাগত। এখন মেহফিলৰ আয়োজন কৰা হৈছে৷ কয়দীসকলে অলপ স্ফূৰ্তি তামাছা কৰিব৷ গীত-মাতৰ লগতে ভাৰতীয় চিনেমাও দেখুওৱা হ’ব৷ তাৰ উপৰিও সকলোৰে বাবে থাকিব গুড়ৰ চৰ্বত৷ ব্ৰিগেডিয়াৰ ফইজল খানৰ লগতে আন কেইবাজনো পাকিস্তানী বিষয়া উপস্থিত থকাৰ কথা৷ ইয়াতেই হেনো তেওঁলোকে ঘোষণা কৰিব ভাৰতীয়সকলৰ মুক্তিৰ দিনটো৷
কয়দীসকলে ইতিমধ্যে বুজি উঠিছিল যে এয়া এটা মিছা শান্তনাৰ বাহিৰে আন একো নহয়৷ প্ৰকৃততে আটাইবোৰ কয়দীক একেলগে গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিয়া বুলিহে তেওঁলোকে ইকাণে সিকাণে খবৰ পাইছিল৷ আন এটা খবৰ অনুসৰি তেওঁলোকক আজীৱন বন্দী কৰিয়েই ৰাখিব আৰু প্ৰয়োজনত মানব বোমা হিচাপে ভাৰতলৈ প্ৰেৰণ কৰা হ’ব। গতিকে হাত সাৱটি বহি থাকিলে হ’ব জানো! কিবা এটা কৰিবই লাগিব৷
গুড়ৰ চৰ্বত খাই সকলো মচগুল হৈ থাকোঁতেই কামটো কৰিব লাগিব৷ বাৰুদৰ গুদামৰ চাবিপাত থাকে কেপ্তেইন ৰছিদ খানৰ ওচৰত৷ তেওঁ নিচা নকৰে৷ গতিকে সেইপাত সৰকোৱাতো ইমান সহজ নহ’ব৷ একমাত্ৰ উপায় তেওঁক বলেৰে বশ কৰা৷ কেপ্তেইন সুনীলে সেই দায়িত্ব নিজৰ কান্ধত ল’লে৷ গুড়নাম সিং ৰৈ থাকিব বিদ্যুত পৰিবহন নিয়ন্ত্ৰণ কৰা কোঠাটোৰ পিছফালে৷ সুবিধা বুজি তেওঁ বিদ্যুতৰ তাঁৰ কাটি দিব আৰু তেতিয়াই সুনীলে ৰছিদ খানক বশ কৰি বাৰুদৰ দমত জুই দিব৷ বিস্ফোৰণৰ হুৱাদুৱাত আটায়ে মূল দুৱাৰত আক্ৰমণ কৰিবলৈ সুবিধা হ’ব।
পৰিকল্পনা নিখুঁত নহয় যদিও হাতত সময় তেনেই কম৷ হয়তোবা কাইলৈ পুৱাৰ সূৰুয দেখিব আৰু নহ’লে একেলগে মৰিব৷ কৰিম বা মৰিম লক্ষ্য আগত লৈ সকলো নিজৰ নিজৰ কামত লাগি গ’ল৷
নিৰ্দিষ্ট সময়ত পাকিস্তানী বিষয়াসকলৰ বাহনবোৰ আহি কেম্পৰ বাহিৰত লানি পাতিলেহি৷ ব্ৰিগেডিয়াৰ খানৰ জীপখন মূল দুৱাৰেদি ভিতৰলৈ সোমাই আহিল৷ তেওঁৰ সৈতে এগৰাকী সুন্দৰী নাৰী জীপৰপৰা নামি অফিচাৰসকলৰ ছাউনীলৈ সোমাই গ’ল৷
: এয়া ৰোজী! মোৰ ভাল বন্ধু হোৱাৰ লগতে পৰিয়ালৰ সদস্যা৷ বেগমৰ আদেশস্বৰূপে এওঁকো লৈ আহিবলগীয়া হ’ল৷ – ৰোজী ওৰফে মালাৰ দুচকুলৈ চাই ব্ৰিগেডিয়াৰ খানে আন অফিচাৰসকলৰ সৈতে পৰিচয় কৰাই দিলে৷
: আদাৱ! -সকলোকে সন্মান জনাই হ’বলগীয়া মেহফিলত চামিল কৰাৰ বাবে মালাই ধন্যবাদ জনালে৷
সন্ধিয়া মেহফিল আৰম্ভ হ’ল৷ কয়দীসকলক মিঠাই আৰু চৰ্বতেৰে অপ্যায়ণ কৰা হ’ল৷ মুকলি ঠাই এডোখৰত শুভ্ৰ পৰ্দাত ভাৰতীয় ছবি ’শ্বোলে’ প্ৰদৰ্শিত হ’ব৷ কয়দীসকলৰ লগতে পাকিস্তানী চিপাহীবোৰেও ভাৰতীয় চিনেমাৰ আমেজ ল’বলৈ আগ্ৰহেৰে বাট চাই ৰ’ল৷ সময় বাগৰাৰ লগে লগে গুড়ৰ চৰ্বতত মিহলি নিচাযুক্ত সামগ্ৰীয়ে সকলোৰে মগজুত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে৷
ৰোজীৰ অনুৰোধত ব্ৰিগেডিয়াৰ খানে নিজে তাইক সমগ্ৰ কেম্পটোৰ মোৱাইনা কৰাবলৈ লৈ গ’ল৷ ইফালে ব্ৰিগেডিয়াৰৰ লগত এগৰাকী মহিলাক তেনেদৰে কেম্পৰ ভিতৰত দেখি মেজৰ বিক্ৰম বিচলিত হৈ পৰিল৷ কোনোবা নিৰ্দোষী মহিলাৰ অপকাৰ হোৱাটো কোনোপধ্যেই নিবিচাৰে৷ কেপ্তেইন সুনীলক লগ কৰিবলৈ তেওঁ ইফালৰপৰা সিফালে দৌৰিবলৈ ধৰিলে৷ কিন্তু ইতিমধ্যে দেৰি হৈ গৈছিল৷ গুড়নাম সিঙে সুবিধা বুজি কেম্পৰ বিদ্যুত পৰিবাহী তাঁৰবোৰ কাটি দিলে৷ লগে লগে বাৰুদৰ গুদামটো এটা বৃহৎ শব্দ কৰি জ্বলি উঠিল৷ সুনীলে কেপ্তেইন খানক বশ কৰি গুদামঘৰটো জ্বলাই দিছিল৷
মুহুৰ্ততে চাৰিওফালে হুৱাদুৱা লাগি পৰিল৷ ভাৰতীয় চিপাহীবোৰ পাকিস্তানী চিপাহীৰ ওপৰত জঁপিয়াই পৰিল৷ কেইমিনিটমানৰ ভিতৰতে কেম্পটোৰ ভিতৰত যেন ‘৭১ ৰ যুদ্ধৰ পুনৰাবৃত্তিহে হ’ল৷ আন্ধাৰৰ সুবিধা লৈ ভাৰতীয় চিপাহীসকল মূল দুৱাৰৰ পিনে যাবলৈ ধৰিলে৷ তেওঁলোকৰ ওপৰত ধাৰাষাৰ গুলী চলোৱা হৈছিল যদিও প্ৰায় সকলোবোৰ লক্ষ্যভ্ৰষ্ট হ’ল৷ নিচাত সকলো থৰক বৰক৷
মেজৰ বিক্ৰম আগবাঢ়িল ব্ৰিগেডিয়াৰৰ সম্মুখলৈ৷ তেওঁক নিয়ন্ত্ৰণৰ অধীনত আনিব পাৰিলে মূল দুৱাৰ আপোনা আপুনি খোল খাব৷
: ব্ৰিগেডিয়াৰ ইতিমধ্যে মোৰ নিয়ন্ত্ৰণত মেজৰ৷ আপুনি লগৰীয়াসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰক৷
: কোন আপুনি? – ব্ৰিগেডিয়াৰ খানৰ মূৰত পিষ্টল লগাই থিয় হৈ থকা মালাক দেখি আচৰিত হৈছিল মেজৰ৷
: মালা দেৱী! RAW
: জয় হিন্দ!
: জয় হিন্দ মেজৰ৷ – দুয়োৰে চকুত বিজয়ৰ চমকনি৷ গৌৰৱেৰে দুয়ো দুয়োকে চেল্যুট জনাই দুফালে আঁতৰি গ’ল৷
মালা ওৰফে ৰোজীৰ নিৰ্দেশত কেম্পৰ মূল দুৱাৰ খুলি দিয়া হ’ল। ব্ৰিগেডিয়াৰৰ জীৱনৰ বিনিময়ত সকলো কয়দীক মুকলি কৰি দিবলৈ দাৰোৱান কেইজনে প্ৰথতমে ইতস্ততঃবোধ কৰিলে যদিও কোনো উপাই নাছিল। খানৰ মূৰত পিষ্টলৰ নলী লগাই ৰোজী বাহিৰলৈ ওলাল। পিছে পিছে ভাৰতীয় কয়দীসকল ওলাই আহি বাহিৰত ৰখাই থোৱা বাহনবোৰত কব্জা কৰিলেহি।
কয়দীসকলক লৈ লড়ীবোৰ তললৈ আগবাঢ়িল। পিছফালৰ গোপন কেম্পটো তেতিয়া জুইৰ শিখাই আৱৰি ধৰিছিল। ওচৰ পাজৰৰ গাঁওবোৰ দীৰ্ঘদিনীয়া আতংকৰ পৰা মুক্ত হ’ল। এতিয়া তেওঁলোকে মুক্তমনেৰে পাহাৰৰ ওপৰলৈ প্ৰয়োজনীয় সামগ্ৰী বিচাৰি অহা-যোৱা কৰিব পাৰিব।
কিন্তু বিপদ এতিয়াও আঁতৰা নাছিল। সকলোৰে মনত প্ৰশ্ন – তেওঁলোক ক’লৈ যাব? পাকিস্তান চৰকাৰৰ সহায় অবিহনে ইমানখিনি মানুহৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন জানো সম্ভৱ?
ঠিক তেনেতে হেলিকপ্টাৰৰ গোজৰনিয়ে অঞ্চলটো কঁপাই তুলিলে। প্ৰায় পাঁচখনমান হেলিকপ্টাৰ পাহাৰৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে – লক্ষ্য তলেৰে একেলগে গৈ থকা দুখন লড়ী আৰু সম্মুখৰ জীপখন।
মালা আৰু বিক্ৰম আছিল জীপখনত, লগত ব্ৰিগেডিয়াৰ খান। পিছৰ লড়ীদুখনত আন কয়দীসকল। খানে বিনাচৰ্তেই মালাৰ কথাবোৰ মানি গৈছিল যদিও মনে মনে অপেক্ষা কৰি ৰৈছিল উচিত সময় আৰু সুবিধাৰ।
: সিহঁতে যেনেদৰে বিচাৰিছে কৰিবলৈ দিয়া। সুবিধা বুজি আমিও প্ৰত্যাক্ৰমণ কৰিম। ৰোজীৰ হাতত থকা প্ৰমাণসমূহ হস্তগত নকৰালৈকে তাইৰ কথামতে কাম কৰি যাব লাগিব।
এয়া আছিল মালাৰ সৈতে কেম্পলৈ অহাৰ আগতে তেওঁৰ লগৰীয়াসকললৈ গোপন নিৰ্দেশ। সেইমতে আদবাটতে হেলিকপ্টাৰবোৰে সকলোকে আগভেটি ধৰিলে।
: কোনো পলাব নোৱাৰিবি। এয়া পাকিস্তানৰ মাটি।
: সেয়া আপোনাৰ ভুল ধাৰণা ব্ৰিগেডিয়াৰ চাহাব। পাহৰি নাযাব যে আপুনি বৰ্তমান raw আৰু ভাৰতীয় সেনাৰ কব্জাত। – মেজৰ বিক্ৰমে ফইজল খানৰ বাহুত ধৰি শান্তভাবে কৈ থলে।
: সন্মুখলৈ চাওঁক মেজৰ, আপোনাৰ অনুভৱখিনি হয়তো অচিৰেই ভুল প্ৰমাণিত হ’ব। পাকিস্তানী সেনাবাহিনীয়ে ওপৰৰ পৰা ইতিমধ্যে সকলোকে ঘেৰি ৰাখিছে।
মালা আৰু বিক্ৰমে দুয়ো দুয়োৰে মুখলৈ চালে আৰু ব্ৰিগেডিয়েৰক কটকটীয়াকৈ বান্ধি পেলালে। জীপখন ৰখাই বিক্ৰম নামি আহিল। সম্মুখত হেলিকপ্টাৰ এখনে পথটো ভেটা দি ৰৈ আছিল। পাকিস্তানী মিলিটাৰীৰ উদ্যত বন্দুকৰ সম্মুখত আহি থিয় হ’ল মেজৰ বিক্ৰম লাঠি। পিছফালৰপৰা হাত দুখনৰ লগতে মুখখন বন্ধা অৱস্থাত ব্ৰিগেডিয়েৰক লৈ মালা নামি আহিল। পিছে পিছে লড়ী দুখনৰপৰা নামি আহিল ভাৰতীয় চিপাহীবোৰ। আজি যেন কাৰো মৰণলৈ ভয় নাই। সকলো মুক্তিৰ অপেক্ষাত।
(১৮)
জীপখন আগত লৈ গৈ থকা কনভয়টো পাহাৰৰ মাজৰ ঠেক পথটোৰ ওপৰত হেলিকপ্টাৰখনে আগভেটি ধৰিলে। সময় নিশা ৩ মান হ’ব। সম্মুখত চাৰিজনীয়া হেলিকপ্টাৰখন যেনে তেনে ৰখাইছে৷ লড়ী দুখনত প্ৰায় দুকুৰিৰ ওপৰত ভাৰতীয় কয়দী৷ ’৭১ ৰ যুদ্ধবন্দীসকলক কঢ়িয়াই নিয়া কনভয়টো হঠাতে ৰৈ যাবলৈ বাধ্য হ’ল৷ হাত ওপৰলৈ কৰি সকলোকে এজন এজনকৈ নামি আহিবলৈ কোৱা হ’ল৷
হেলিকপ্টাৰৰ তীক্ষ্ণ হেডলাইটৰ পোহৰত দেখা গৈছিল মেজৰ বিক্ৰমক৷ জীপৰপৰা নামি আগুৱাই আহিছে৷ তেওঁৰ পিছে পিছে ব্ৰিগেডিয়াৰ ফইজল খানক হাত মুখ বন্ধা অৱস্থাত নমাই আনিছে মালাই৷ আন চাৰিখন হেলিকপ্টাৰে তেতিয়া অঞ্চলটোৰ চাৰিওফালে ঘূৰি ওপৰৰ পৰা সকলোবোৰ লক্ষ্য কৰি আছিল৷
লাইটৰ পোহৰত স্পষ্টকৈ জিলিকি উঠিছে মালাৰ হাতৰ উদ্যত মাৰণাস্ত্ৰ৷ লক্ষ্যত ব্ৰিগেডিয়াৰ খান৷ পাকিস্তানী মিলিটাৰীৰ এটা ভুল সিদ্ধান্তই ব্ৰিগেডিয়াৰৰ জীৱন ল’ব পাৰে৷ খানক তেনেদৰে দেখি হেলিকপ্টাৰৰ পৰা নামি যোৱা চিপাহীকেইজন প্ৰথমতে দুখোজ পিছুৱাই আহিল৷
: ৰাস্তা এৰি দিয়ক, নহ’লে আপোনালোকৰ ব্ৰিগেডিয়াৰক আৰু কেতিয়াও জীৱিত অৱস্থাত নাপাব৷ – মেজৰ বিক্ৰমে সন্মুখৰ চিপাহীবোৰক উদ্দ্যেশ্য কৰি চিঞৰি উঠিল৷
: এজন মানুহৰ জীৱনৰ বিনিময়ত কয়দীবোৰক যাবলৈ দিয়া নহ’ব৷ লাগিলে ব্ৰিগেডিয়াৰ চাহাবক ……….
– পাকিস্তানী চিপাহীবোৰে কিছু সাহস দেখুৱাই মেজৰক ওভটি ধৰাৰ চেষ্টা কৰিলে।
নিজৰেই চিপাহীকেইজনৰ কথা শুনি ফইজল খান সিয়ৰি উঠিল৷ মুখখনত টেপ লগোৱা বাবে চিঞৰিবও নোৱাৰিলে৷ মৃত্যুৰ ভয়ে তেওঁক কঁপাই তুলিছিল৷ ইতিমধ্যে বাকীবোৰ হেলিকপ্টাৰ আহি লড়ীদুখনৰ পিছফালে ঠেক পথটোতে অৱতৰণ কৰিলে৷ চিপাহীবোৰ নামি ভাৰতীয়সকলক ঘেৰি পেলালে৷
হেলিকপ্টাৰৰ তীক্ষ্ণ পোহৰ, হাতত উদ্যত মাৰণাস্ত্ৰ লৈ চাৰিওফালে পিয়াপি দি ফুৰা চিপাহীবোৰ আৰু বনাঞ্চলৰ মাজত ঠেক পথ, মুঠতে পলোৱাৰ কোনো ৰাস্তা নাছিল৷ ভাৰতীয় কয়দীবোৰ আকৌ এবাৰ বন্দীত্বৰ গড়ালত সোমাই পৰিল৷ ইফালে ব্ৰিগেডিয়াৰ খানৰ লগতে মালা আৰু বিক্ৰমৰ জীৱনৰো নিশ্চয়তা নোহোৱা হৈ আহিল৷ যিকোনো মূহুৰ্ততে সন্মুখৰ পৰা তিনিওকে গুলিয়াই দিয়াৰ সম্ভাৱনা৷
ঠিক তেনেতে ঘটিল ঘটনাটো৷ জীপখন নিজে নিজে চলিবলৈ ধৰিলে৷ এঢলীয়া পথটোৰে সেইখন ক্ৰমান্বয়ে আগুৱাই গ’ল৷ মালা, বিক্ৰম আৰু ফইজল খানে কিবা বুজি পোৱাৰ আগতেই হঠাতে জীপখনে প্ৰচণ্ড গতি ললে৷ ঘটনাৰ আকস্মিকতাত সম্মুখৰ পাকিস্তানী চিপাহীকেইজনে কিংকৰ্তব্যবিমূঢ় হৈ জীপখনৰ ওপৰত গুলি চলাবলৈ ধৰিলে৷ কিন্তু কোনোপধ্যেই সেইখন ৰখোৱাটো সম্ভব নাছিল৷ কেইছেকেণ্ড মানৰ ভিতৰতে জীপখনে গৈ সম্মুখৰ হেলিকপ্টাৰ খনত সজোৰে খুন্দিয়াই দিলে৷ এটা ভীষণ শব্দ কৰি হেলিকপ্টাৰৰ লগতে জীপখনো বিস্ফোৰিত হৈ গ’ল৷
বিস্ফোৰণটো ইমানেই ভয়াৱহ আছিল যে চিপাহীবোৰ ছেদেলি ভেদেলি হৈ চাৰিওফালে ছিটিকি পৰিল৷ মালা, বিক্ৰম আৰু ফইজল খানো সাৰি নগ’ল৷ তিনিও বেলেগে বেলেগে উফৰি গ’ল৷ ব্ৰিগেডিয়াৰৰ শৰীৰটো আহি পথৰ কাষৰে এটা বৃহৎ শিলত খুন্দিয়াই দিলে৷ তেওঁৰ মূৰটো সম্পূৰ্ণকৈ ঠেতেলি গৈছিল৷
বিক্ৰমৰ শৰীৰটো পথৰ ওপৰত কিছুসময় পৰি থাকিল৷ পিঠিত ভঙা আইনাৰ টুকুৰাবোৰ সোমাই আছিল৷ কেইছেকেণ্ডমানৰ পিছত সংজ্ঞা পাই লাহেকৈ বহি ইফালে সিফালে চালে৷ ওচৰে পাজৰে মালা ক’তো নাই৷ কাণ তাল মাৰি যোৱা বিস্ফোৰণৰ শব্দই মূৰটো আচন্দ্ৰাই কৰি ৰাখিছিল৷ বহি থকাৰপৰাই তেওঁ পিছফালে আন্ধাৰ পোহৰৰ মাজতে লগৰীয়াসকলক পাকিস্তানী মিলিটাৰীৰ কব্জাত দেখিবলৈ পালে৷ সকলোকে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল৷ কয়দীসকলক লথিয়াই গুৰিয়াই বন্দুকৰ কুন্দাৰে কোবাই গতিয়াই আনি লড়ী দুখনত সুমুৱাই দিয়া হ’ল৷ অসহায় বিক্ৰম ৰাস্তাৰ মাজতে পৰি থাকিল। থিয় হ’বলৈ ভৰি দুখনত অকণো শকতি নাছিল, হয়তো লোহাৰ টুকুৰা এটা ছিটিকি আহি কোনোবাখন ভৰিত সোমাই গৈছিল। অৱশ্যে আন্ধাৰৰ বাবে তেওঁক কোনেও দেখা নাপালে।
চোঁচৰি বাগৰি তেওঁ পথৰ দাঁতিলৈ নামি গছ এজোপাৰ আঁৰ লৈ ৰৈ থাকিল। লগৰীয়াসকলক সুৰক্ষিত কৰিব নোৱাৰি ভিতৰি জ্বলি পুৰি মৰিছিল। হঠাতে কি হৈ গ’ল কোনেও একো ধৰিবই নোৱাৰিলে। সকলো পৰিকল্পনা, কষ্ট অথলে গ’ল। পাকিস্তানী চিপাহীবোৰে ঠাইখন ভালদৰে নিৰীক্ষণ কৰি ব্ৰিগেডিয়াৰ খানৰ লগতে পথৰ ওপৰতে সিঁচৰতি হৈ পৰি থকা লগৰীয়াবোৰৰ শৰীৰকেইটা ডাঙি আনি লড়ীৰ পিছফালে উঠাই দিলে। লাহে লাহে সকলো আঁতৰি গ’ল। ভাৰতীয় চিপাহীবোৰক লড়ীদুখনৰ ভিতৰত সুমুৱাই লৈ যোৱা দৃশ্যটো অসহায়ভাৱে চাই ৰ’ল গছ এজোপাৰ পিছফালে লুকাই থকা বিক্ৰমে।
: মে….জ…..ৰ চা…..হা…..ব!
মালাৰ চিঞৰত বিক্ৰমৰ সম্বিৎ ঘূৰি আহিল। প্ৰচণ্ড বিষত পথৰ কাষৰ ঘাঁহ বনৰ মাজতেই তেওঁ মূৰ্ছা যোৱাৰ দৰে পৰি আছিল। চকু দুটা মেলি ইফালে সিফালে চাই আন্ধাৰৰ মাজত কাকো দেখা নাপালে।
: মই এইফালে তলত পৰি আছো। পাৰে যদি অলপ সহায় কৰক।
মাতটো অনুসৰণ কৰি লাহে লাহে চোঁচৰি পথৰ দাঁতিৰে তললৈ নামি গ’ল মেজৰ। চকামকাকৈ দেখিলে দহফুটমান তললৈ গছ এজোপাৰ ডালত ওলমি আছে মালা। লৰচৰ কৰিবও পৰা নাছিল। গছৰ ডালটো তেনেই ঠুনুকা। বেছি লৰচৰ কৰিলে হয়তো ভাঙি যাব। তলত হাজাৰ ফুট দ খাৱৈ।
ওপৰৰপৰা তাইক ঢুকি পোৱাটো কোনোপধ্যেই সম্ভৱ নহয়। বিক্ৰমে অশেষ চেষ্টা কৰিলে মালাৰ ওচৰ চাপিবলৈ, কিন্তু ঘাঁহনিডৰা যথেষ্ট পিছল। ভৰিত অসহ্য বেদনা লৈ যেনে তেনে চোঁচৰি অলপ তললৈ নামি গৈছিল যদিও নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। পিছলি গৈ একেজোপা গছৰ ওপৰতে পৰিলগৈ। দুয়ো একেলগে চিঞৰি উঠিল। ওচৰৰে আন এজোপা গছৰ পৰা কেইটামান বাদুলী ভয় খাই উৰা মাৰিলে।
মালাৰ ভৰ সহিব নোৱাৰি ভাঙি পৰিবলৈ ওলোৱা গছৰ ডালটোৱে এইবাৰ মেজৰৰ ওপৰঞ্চি ভৰ পাই কেৰকেৰাই উঠিল। হয়তো যিকোনো মূহূৰ্ত্ততে ভাঙি দুয়োকে লৈ যাব হাজাৰ ফুট তলৰ অটব্য জংঘলৰ মাজলৈ। ডালটোত ওলমি দুয়ো দুয়োলৈকে চালে। চকুৰ সম্মুখত নিশ্চিত মৃত্যুৱে হাতবাউল দি মাতিছিল। মালাই চকুদুটা মুদি দিলে৷
আকাশখন ক্ৰমান্বয়ে ৰাঙলী হ’বলৈ ধৰিছে। ৰাতি পুৱাবলৈ হয়তো বেছি সময় নাই। আহাৰৰ সন্ধানত ওলাই অহা দুই এটা চৰায়ে গছজোপাৰ ওপৰত দুয়োটাকে ওলমি থকা দেখি আচহুৱা শব্দ কৰি চৌপাশে উৰি ফুৰিছে। মালা আৰু বিক্ৰম ওলমি আছে ভাঙো নাভাঙোকৈ থকা গছজোপাৰ ডালত। তললৈ অটব্য অৰণ্য৷ অতি সোনকালেই সূৰুযে আকাশত ভূমুকি মাৰিবহি। পিছে দুয়োৰে জীৱনৰ সূৰুযহে ডুবিবলৈ বেছি সময় নাই। এতিয়া মাঁথো অপেক্ষা, নিশ্চিত মৃত্যুলৈ।
(১৯)
আকাশখন ক্ৰমান্বয়ে ৰাঙলী হৈ আহিছে। ৰাতি পুৱাবলৈ বেছি সময় নাই। আহাৰৰ সন্ধানত ওলাই অহা দুই এটা চৰায়ে গছজোপাৰ ওপৰত ওলমি থকা মালা আৰু বিক্ৰমক দেখি আচহুৱা শব্দ কৰি দুয়োৰে চৌপাশে কিছুসময় উৰি আঁতৰি গৈছে। তললৈ অজস্ৰ জীৱ-জন্তুৰে এখন বিশাল সাম্ৰাজ্য। দুটা অচিনাকী প্ৰাণী তেনেদৰে গছজোপাত আহি উপস্থিত হোৱাত স্বাভাৱিকতে সিহঁত সন্ত্ৰস্ত হৈ পৰিছিল।
মালা আৰু বিক্ৰম ওলমি আছে ভাঙো নাভাঙোকৈ থকা গছৰ ডালটোত। অটব্য অৰণ্যখনৰ আকাশত অতি সোনকালেই সূৰুযে ভূমুকি মাৰিবহি। পিছে দুয়োৰে জীৱনৰ সূৰুয ডুবিবলৈ বেছি সময় নাই। দুয়ো নিমাত। কথা ক’বলৈয়ো ভয়। জানোচা গছজোপাৰ ওচৰত থকা কিবা ডাঙৰ চৰাই বা আন জীৱ-জন্তুৱে শত্ৰু ভাবি আক্ৰমণ কৰেহি!
হঠাতে সাপৰ দৰে কিবা এডাল আহি দুয়োৰে ওপৰতে পৰিল। মালাই চকু দুটা মুদি দিলে। এক মূহূৰ্ত্তলৈ তাই ভাবি লৈছিল, সেইডাল কিবা বিষাক্ত সাপেই হ’ব৷ এই জংঘলৰ মাজত নহ’লে আৰু কিহেনো এনেদৰে গাতে জপিয়াই ধৰিবহি! এফালে জীৱন মৰণৰ সমস্যা, তাৰ ওপৰতে এতিয়া সৰ্পদংশনৰ ভয়। চকুদুটা মুদি মালা সাম্ভাৱ্য বিপদৰ বাবে সাজু হ’ল৷
কিন্তু বিক্ৰমে ভয় নাখালে। তেওঁ ঠিকেই অনুমান কৰিছিল, সেয়া আচলতে এডাল ৰছীহে। আন্ধাৰ পোহৰৰ মাজেৰে চাৰি পাঁচটামান ছাঁয়ামূৰ্তি তেওঁ ইতিমধ্যে দেখিছিল ওপৰলৈ। শত্ৰু নে মিত্ৰ চিনিবহে পৰা নাছিল।
: মালা! মেজৰ! সেইডাল ধৰি লাহে লাহে ওপৰলৈ উঠি আহক।
কোনোবাই ওপৰৰপৰা চিঞৰি উঠিল।
তেনেই চিনাকি মাত। দুয়ো একেলগে ওপৰলৈ ঘূৰি চালে। যেন ক’ৰবাৰপৰা দুটোপাল বৰষুণৰ পানী ছিটিকি আহি তৃষ্ণাতুৰ ডিঙিটো তিয়াই গ’ল। এবাৰ ইজনে সিজনলৈ চাই পিছমূহূৰ্ত্ততে অবিশ্বাস্য চাৱনীৰে ওপৰলৈ চাই ৰ’ল। নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল মালাই। ওপৰত সেয়া তাইৰ হৃদয়ৰ মানুহজন৷ যাক বিচাৰি তাই আহিছে ইমান বিপদকো নেওচি৷ যাৰ বাবে প্ৰতি মূহূৰ্ত্ততে কৰি গৈছে মৃত্যুৰ সৈতে যুঁজ৷
: বকুল! সেয়া বকুল!
– দুয়ো একেলগে চিঞৰি উঠিল৷
ওপৰত থিয় হৈ আছিল মেজৰ বকুল শৰ্মা আৰু হামিড ছিদ্দিকিৰ লগতে আন তিনিজন ব্যক্তি। বহু কষ্টৰ অন্তত তেওঁলোকৰ সহায়ত ৰছীডালত ধৰি দুয়ো লাহে লাহে চোঁচৰি চোঁচৰি ওপৰলৈ উঠি আহিল।
বকুলক সাবটি হুকহুকাই কান্দি পেলালে মালাই। আৱেগৰ জোৱাৰত উটি গ’ল দুটি প্ৰাণ। বকুলেও তাইক সাৱটি ঘাঁহনিৰ ওপৰতে বাগৰি পৰিল। ইমান সময় একেলগে থাকিলেও মেজৰ বিক্ৰমে গম পোৱা নাছিল মালা যে বকুলৰ পত্নী। তেওঁক ভাৰত চৰকাৰে পঠিওৱা এগৰাকী RAW এজেণ্ট বুলিয়েই ভাবি আছিল। মালায়ো কথাটো কেতিয়াও প্ৰকাশ নকৰিলে।
বিক্ৰম আৰু মালাৰ প্ৰাথমিক চিকিৎসাদি কৰি দলটো আঁতৰি আহিল। বিস্ফোৰণত দুয়ো যথেষ্ট আঘাত পাইছিল। মেজৰ বিক্ৰমে ভালদৰে খোজ কাঢ়িবলৈও অসুবিধা পালে। লগৰ দুজন এজেণ্টে তেওঁক খোজ কাঢ়িবলৈ সহায় কৰি দিছিল।
: সময়ত আহি নোপোৱা বাবে দুঃখিত মেজৰ। আপোনালোকৰ সঠিক লোকেচন ট্ৰেক কৰিবলৈ সক্ষম নহ’লো।
: সকলোবোৰ পৰিকল্পনা অথলে গ’ল বন্ধু। কেম্পটো উৰুৱাই দিওঁতে আমাৰ দুজনমান চিপাহী বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। তেওঁলোকলৈ বেয়া লাগিছে, কথা দিয়া মতে সকলোকে মুক্ত কৰিব নোৱাৰিলো। আকৌ বন্দী হ’ল সকলো।
: চিন্তা নকৰিব মেজৰ। আৰু বেছিদিনলৈ বন্দী হৈ নাথাকিব তেওঁলোক। আমি প্ৰয়োজনীয় সকলো প্ৰমাণ গোটাইছো। ভাৰত চৰকাৰৰ হাতত গতোৱাহে কথা। তাৰ পিছত আৰু ইহঁতে যিমান লুকুৱালেও লাভ নাই। আমাৰ সৈনিকসকলক ঘূৰাই দিবই লাগিব, সসন্মানেৰে।
আমিন! – ছিদ্দিকীৰ কথাত সকলোৱে হয়ভৰ দিলে।
হামিড ছিদ্দিকীৰ লগতে সকলোৱে মালাৰ শলাগ ল’লে। কেনেদৰে ৰোজীৰ ৰূপ লৈ ব্ৰিগেডিয়াৰ খানক বশ কৰি অকলেই কেম্পটো বিচাৰি উলিয়ালে, সকলোবোৰ কথা তেওঁলোকে ইতিমধ্যে গম পাইছিল।
: পৰিস্থিতি বহু বেয়ালৈ গ’ল অ’ মালা। পাষণ্ডহঁতে কণমানি নূৰ আৰু ৰুক্সানাকো নেৰিলে। লণ্ডনলৈ পঠিওৱাৰ সময়ত এয়াৰপ’ৰ্টতে দুয়োটাকে বৰ নিৰ্দয়ভাৱে হত্যা কৰা হ’ল।
: কি? উফ্!
বকুলক ওচৰতে পাই আনন্দিত হৈ পৰা মালা আকৌ এবাৰ ভাঙি পৰিল। চকু দুটা সেমেকি উঠিল। কণমানি নূৰ আৰু ৰুক্সানালৈ মনত পৰি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। খঙতে পথৰ ওপৰৰ শিল এটাকে ভৰিৰে লথিয়াই দিলে। শিলৰ টুকুৰাটো ছিটিকি গছ এজোপাত খুন্দিয়াই পাহাৰৰ তললৈ হেৰাই গ’ল।
: আমাৰ লক্ষ্য কি ছিদ্দিকী চাহাব?
– মেজৰ বিক্ৰমে চেপা মাতটোৰে প্ৰশ্ন কৰিলে। তেওঁৰ কথা ক’বলৈও কষ্ট হৈছিল, খোজ কঢ়া দূৰৰে কথা।
: ইয়াতে অলপ আগলৈ এখন জনজাতীয় গাঁও আছে। মাছমৰীয়া। আমি তেওঁলোকৰ আশ্ৰয়তে আছিলো। এতিয়া তালৈকে যাম। তেওঁলোকৰ সহযোগত জংঘলৰ মাজেৰে সমুদ্ৰপৃষ্ঠৰ ওচৰ চাপিবলৈ চেষ্টা কৰিম। জংঘলৰ মাজেৰে তেওঁলোক অহাযোৱা কৰে জীৱিকাৰ বাবে৷ সকলো গোপন বাট-পথ তেওঁলোকৰ নখৰ আগত। তাৰপৰা সাগৰেৰে পাকিস্তানৰ সীমা পাৰ হ’ম।
: Sounds like a good plan. কিন্তু মই পাৰিম জানো? শৰীৰটো বহুত অৱশ লাগিছে। হয়তো আৰু আগুৱাই যাব নোৱাৰিম।
: নিশ্চয় পাৰিব মেজৰ। বকুল এতিয়াও জীয়াই আছো। যথাসম্ভৱ চেষ্টা কৰিম আমি ইয়াৰপৰা ওলাই যাবলৈ। এবাৰ ভাৰতীয় সীমাত সোমালে আমাৰ লগৰবোৰৰ বাবে ৰাস্তা নিজে নিজে খোল খাব। আমাৰ হাতত এতিয়া পৰ্যাপ্ত প্ৰমাণ আছে ইহঁতৰ চৰকাৰক উলটি ধৰিবলৈ। মাঁথো প্ৰমাণবোৰ ভাৰত চৰকাৰক হস্তান্তৰ কৰাৰ দায়িত্ব আমাৰ। ভাগৰি নপৰিব। মনত সাহস গোটাওক। বাকী আপোনাক আগলৈ নিয়াৰ দায়িত্ব মোৰ।
বকুলে মেজৰ বিক্ৰমক কান্ধত তুলি ল’লে। কাষত মালাৰ সান্নিধ্যই তেওঁক অধিক শক্তিশালী কৰি তুলিছিল। মূল পথৰ পৰা নামি তেওঁলোকে এটা লুংলুঙীয়া পথেৰে জংঘলৰ মাজলৈ সোমাই পৰিল।
এইফালেৰে কিছুদূৰ তললৈ মাছমৰীয়া জনজাতীয় গাঁওখন। জংঘলৰ মাজত সংগোপনে বসবাস কৰা এই মানুহখিনিয়ে নাজানে হিংসা-বিদ্বেষ কি!
নাজানে ৰাজনীতি কি!
তেনেই সহজ সৰল মানুহখিনিৰ ভৌগোলিক জ্ঞানো তেনেই শূন্য।
তেওঁলোকে নাজানে ভাৰত বা পাকিস্তান কি!
তেওঁলোকে নাজানে দেশৰ সীমান্ত কি!
তেওঁলোকে নাজানে দেশেই বা কি!
আঁতৰি থাকে সৰ্বসাধাৰণৰ পৰা।
নিজৰ মাজতে জীয়াই থাকে আনন্দমনেৰে।
তেওঁলোকে মাঁথো জানে মৰম আৰু অগাধ ভালপোৱাই জীৱন৷
খোৱা, শোৱা আৰু মাছমৰা, এয়াই তেওঁলোকৰ কাম৷
বকুল আৰু ছিদ্দিকীয়ে জংঘলৰ মাজত ঘূৰি ফুৰোঁতে আৱিষ্কাৰ কৰিছিল গাঁওখন আৰু তাতেই তৈয়াৰ কৰি লৈছিল অস্থায়ী ঘাটি। এই মানুহখিনিৰ মৰমতেই মানসিক অস্থিৰতাত ভোগা বকুল অতি সোনকালে সুস্থ হৈ উঠিছিল। আজি তেওঁলোকৰ সহায়ত সাগৰেৰে নিজৰ গন্তব্যস্থল অভিমুখে ৰাওনা হোৱাৰ পৰিকল্পনা কৰিছে দুয়ো।
জংঘলৰ মাজৰ চৰাই চিৰিকটি আৰু আন সৰু ডাঙৰ জীৱ-জন্তুবোৰে সকলোকে ঘূৰি ঘূৰি চালে। সঁচৰাচৰ দেখি থকা জনজাতীয় ব্যক্তিসকলৰ লগত সাজ-পোছাকৰ অমিল দেখি হয়তো সিহঁত আতংকিত হৈ উঠিছিল। তাতে সকলোৰে হাতে হাতে উদ্যত মাৰণাস্ত্ৰ৷ সিহঁতে চিঞৰ বাখৰ কৰি আঁতৰে আঁতৰে দলটোলৈ লক্ষ্য কৰি থাকিল।
বকুলৰ কান্ধত বিক্ৰম, সম্মুখত মালা, আগে পিছে হামিড ছিদ্দিকিৰ লগতে আন তিনিজন RAW এজেণ্ট, সকলো একেলগে আগুৱাই গ’ল কণমানি পথটোৰে। তেওঁলোকৰ লক্ষ্য জনজাতীয় গাঁওখন।
(২০)
অন্তিম খণ্ড
কেউফালে জুই৷
লেলিহান শিখাই আৱৰি পেলাইছে আকাশ৷
গছ-বননিৰ মাজে মাজে ঘৰবোৰ দপদপাই জ্বলি উঠিছে। চিঞৰ বাখৰত কোনেও কাৰো মাত নুশুনা অৱস্থা। নিমিষতে সকলো শেষ হোৱাৰ উপক্ৰম। জংঘলৰ মাজত কেৱল পোৰা মাংসৰ গোন্ধ। এফালৰপৰা ঘৰ-দুৱাৰ, মানুহ, জীৱ-জন্তু সকলো জ্বলি-পুৰি ছাই হ’বলৈ ধৰিছে।
পাঁচজনকৈ ভাৰতীয় গুপ্তচৰক আশ্ৰয় দিয়াটোৱেই তেওঁলোকৰ কাল হ’ল৷ জনজাতীয় গাঁওখন জ্বলি উঠিল৷ মূহুৰ্ততে শেষ হৈ গ’ল অলেখ জীৱন৷
কেইটামান নৰখাদকে দূৰৰ পৰা সশব্দে হাঁহিলে৷ সিহঁতৰ প্ৰাপ্তি কি সেয়া সাঁথৰ, কিন্তু একমাত্ৰ ক্ৰূৰ মানসিকতাৰ বাবেই এখন গাঁও নোহোৱা হৈ গ’ল৷ ধৰাৰ বুকুৰপৰা নাইকিয়া কৰি পেলোৱা হ’ল কেতিয়াওঁ কাৰো সংস্পৰ্শলৈ নহা, কাৰো অমঙ্গল চিন্তা নকৰা, নিষ্পাপ অবোধ কেইটামান জীৱন৷
বকুলে দূৰৰ পৰাই দেখিছিল দাউ দাউকৈ জ্বলি থকা ঘৰবোৰ৷ শিশু,মহিলাৰ আতংকিত চিঞৰবোৰ আহি কাণত পৰিছিল৷ হিতাহিত জ্ঞান হেৰুৱাই পেলাবলৈ সেয়া যথেষ্ট৷ বিক্ৰমক কান্ধত লৈয়েই দৌৰ দিছিল বকুলে৷ মালা আৰু হামিড ছিদ্দিকীয়ে বহু চেষ্টা কৰিহে তেওঁক ৰখাবলৈ সক্ষম হ’ল৷ জোপোহা এটাৰ আঁৰ লৈ আটাইকেইজন লুকাই পৰিল৷
: এনেদৰে উত্তেজিত নহ’ব মেজৰ৷ সিহঁত নিশ্চয় ওচৰে পাজৰে আছে৷ আমাৰ বাবেই অপেক্ষা কৰিছে৷ – ছিদ্দিকী চাহাবে সতৰ্ক কৰি দিলে।
কান্দোনত ভাঙি পৰা বকুলক বুকুত সাবটি মালাই সান্ত্বনা দিলে৷ ছিদ্দিকীৰ ইংগিতত দুজন এজেণ্ট দলটোৰপৰা আঁতৰি গ’ল৷ তেওঁলোকৰ উদ্দেশ্য পৰিস্থিতিৰ বুজ লোৱা৷ কিছুসময়ৰ পিছত দুয়ো ঘূৰি আহি জনালে যে গাঁওখনৰ কোনো মানুহেই জীয়াই থকা নাই৷ সকলো ইতিমধ্যে জ্বলি শেষ৷
: আমি ইয়াত ৰৈ থকাটো সমীচিন নহ’ব৷ সোনকালে সাগৰৰ ফালে যাব লাগিব৷ নৰপিশাচকেইটাই আমাক বিচাৰি জংঘলৰ মাজে মাজে ঘূৰি আছে৷ – এজেণ্ট এজনে সকলোকে সাৱধান কৰি দিলে৷
: সিহঁতক মাৰি নেপেলোৱালৈকে মই ইয়াৰপৰা আঁতৰি নাযাওঁ৷ – বকুলৰ চকুত জ্বলি উঠা প্ৰতিশোধৰ দাবানল মালাই ঠিকেই অনুমান কৰিছিল৷
: আমি সকলোৰে কথা ভাবিব লাগিব৷ আৱেগৰ বশবৰ্তী নহ’বা৷ ইয়াৰপৰা যাওঁগৈ ব’লা৷ – বকুলৰ কঁপালত হাতখন ফুৰাই মালাই মৰমেৰে ক’লে৷
: তই নাজান মালা, তেওঁলোকে মোক পুনৰজনম দিছিল৷ – গাঁৱৰ সহজ -সৰল মানুহখিনিৰ কথা ভাবি বকুলৰ বুকুখনত শোকে খুন্দা মাৰি ধৰিছিল৷ শান্তি পোৱা নাছিল তেওঁ৷ উত্তেজনাত কম্পিত বকুলৰ দাঁতে দাঁত লাগি হোৱা ‘ঠক’ ‘ঠক’ শব্দ আহি মালাৰ কাণত পৰিছিল।
: মই সকলো বুজিছো৷ কিন্তু এতিয়া ইয়াৰপৰা আঁতৰি ব’লা৷ ইয়াত থাকিলে আমিও বেছি সময়লৈ জীয়াই নাথাকিম৷
মালাৰ মৰমসনা মাতত বকুল লাহে লাহে শান্ত হ’ল যদিও তেওঁক আঁতৰাই নিবলৈ সকলোৱে বহু চেষ্টা কৰিবলগীয়া হ’ল৷
বকুলৰ কান্ধত বিক্ৰম, সম্মুখত মালা, আগে পিছে হামিড ছিদ্দিকীৰ লগতে আন তিনিজন RAW এজেণ্ট৷ গছৰ আঁৰ লৈ সকলো সাৱধানে আগুৱাই গৈ থাকিল। পাকিস্তানী চিপাহীবোৰ জংঘলৰ মাজত পিয়াপি দি ফুৰিছে৷ কেনেবাকৈ গম পাইছিল বকুল আৰু হামিড ছিদ্দিকী সেই গাঁওখনত লুকাই থকা কথাটো৷ নিৰ্দয়তাৰ সীমা চেৰাই সিহঁতে নিৰ্দোষী মানুহখিনিৰ প্ৰাণ ল’বলৈও কুণ্ঠাবোধ নকৰিলে৷
ঠাচ! ঠাচ! ঠাচ! ঠাচ!
হঠাতে হোৱা আক্ৰমণত কোনেও সতৰ্ক হ’বলৈ সময় নাপালে৷ চিৎকাৰ কৰি বকুল মাটিতে বাগৰি পৰিল৷ কান্ধৰ পৰা বিক্ৰম ছিটিকি গছ এজোপাৰ পিছফালে পৰিলগৈ৷ বকুল আৰু বিক্ৰমৰ ভৰিয়ে পিঠিয়ে কেইবাজাঁয়ো গুলী সোমাই গৈছিল৷ মালা চিঞৰি উঠিল৷ লগে লগে মাটিত বাগৰি ওপৰলৈ লক্ষ্য কৰি বন্দুকটো চলাই দিলে৷ একেলগে হামিড ছিদ্দিকী আৰু লগৰ কেইজনেও সেইফালে লক্ষ্য কৰি গুলীয়াবলৈ ধৰিলে৷ চিঞৰ-বাখৰ কৰি কেইজনমান চিপাহী গছৰ ওপৰৰ পৰা তেওঁলোকৰ সন্মুখতে পৰিলহি৷ ছিদ্দিকী চাহাবে সিহঁতক বান্ধি পেলালে৷
দাঁত-মুখ কোছাই বকুল পৰাৰ পৰা উঠি আহিল৷ কোনো কথা নোকোৱাকৈ পাকিস্তানী চিপাহীকেইজনক একেবাৰে ওচৰৰ পৰা কঁপালতে গুলিয়াই দিলে৷ তেওঁৰ কঠিন মুখখন দেখি সকলোৱে তবধ মানিছিল৷ বাধা দিবলৈ কোনো আগুৱাই আহিবলৈকো সাহস নকৰিলে৷ সকলোৱে ভাবিলে হয়তো এতিয়া তেওঁৰ মনত সোমাই থকা প্ৰতিশোধ ভাবনাৰ কিছু উপশম ঘটিব৷
গছ এজোপাৰ পিছফালে পৰি থকা বিক্ৰমে বিষত কেঁকাই উঠিল৷ সকলোৱে মিলি দুয়োৰে গুলী লগা ঠাইখিনি পৰিষ্কাৰ কাপোৰেৰে বান্ধি পেলালে৷ দুয়োৰে শৰীৰত গুলী বহু ভিতৰলৈ সোমাই গৈছিল৷ ডাক্তৰ অবিহনে সহজতে সেয়া উলিওৱাটো অসম্ভৱ। কিন্তু সেই জংঘলৰ মাজত ডাক্তৰ পাব ক’ত!
বিক্ৰমক কান্ধত ডাঙি ল’বলৈ অপাৰগ বকুল৷ নিজেই মালাৰ হাতত ধৰিহে খোজ দিছে৷ বাকী এজেণ্ট কেইজনৰ কান্ধত ধৰি ভৰিখন চোঁচৰাই বিক্ৰম যেনে তেনে আগবাঢ়িল৷
সাগৰৰ পাৰত উপস্থিত হয় মানে সন্ধিয়া লাগিল৷ জংঘলৰ মাজত দুটামান ফল-মূলৰ বাহিৰে কোনেও একো খাবলৈ নাপালে৷ সকলোৰে শৰীৰ অৱশ৷ বকুল আৰু বিক্ৰমৰ শৰীৰত খোজ দিবলৈকো শক্তি নাই৷ তেওঁলোকৰ লক্ষ্য বালিৰ মাজত ওলোটাই থোৱা মাছমৰীয়াসকলৰ এখন নাওঁ৷ এইখনৰ বিষয়ে ইতিমধ্যে গাঁওখনত থাকোঁতে সকলো তথ্য লৈছিল৷ সেইমতে পাৰতে সেইখন বিচাৰিও উলিয়ালে৷ কিন্তু সমস্যা আহি পৰিল, বালিত ওলোটাই থোৱা বৃহৎ নাওখন সাগৰৰ পানীলৈ কেনেকৈ নমোৱা যাব!
: পাকিস্তানী চিপাহীবোৰ আহি পোৱাৰ আগতেই ইয়াৰপৰা আঁতৰিব লাগিব৷
শৰীৰৰ বিষ যন্ত্ৰণা পাহৰি সকলো কামত লাগি গ’ল৷ কথামতেই কাম৷ বহু কষ্টৰ অন্তত তেওঁলোকে নাওঁ খনৰ তলৰ পৰা বালি আঁতৰাই চোঁচৰাই চোঁচৰাই পানীৰ মাজলৈ নমাই আনিবলৈ সক্ষম হ’ল৷ নাওঁ খন পানীত এৰি ব’ঠাকেইডালত হাত দিয়াৰ মূহুৰ্তত সকলো আৱেগিক হৈ পৰিছিল৷ এটা দীঘলীয়া যাত্ৰাৰ আৰম্ভণি এয়া৷ মৃত্যুৰ সৈতে মুখামুখি হৈ ঘৰলৈ ওভতাৰ এক বিৰল মূহুৰ্তৰ আৱেগ৷ সকলোৱে সমস্বৰে চিঞৰি উঠিল-
: ভাৰত মাতা কী জয়! জয় হিন্দ!
মালৰ শাহুৱেক বিছনাত৷ বকুলক ওভতাই আনিম বুলি ঘৰৰপৰা আঁতৰি যোৱা ছোৱালীজনী আজি ডেৰবছৰে ঘূৰি নাহিল৷ পুতেকৰ আশা মানুহজনীয়ে আগতেই ত্যাগ কৰিছিল, এতিয়া চিন্তা কেৱল ছোৱালীজনীলৈহে৷ মানুহজনী নাখাই নবৈ একেবাৰে দুৰ্বল৷ হয়তো বেছিদিনলৈ নাথাকিব৷ বিপুল দুৱাৰাৰ পত্নীয়ে মাজে মাজে খবৰ লয়হি৷ ঘৰৰ খেতি-মাটি সকলো যাদব খুৰাকৰ ল’ৰা পৰেশে হস্তগত কৰিলে৷ বাপেক পুতেকৰ আগৰে পৰাই সেইখিনিত চকু আছিল৷ এতিয়া অকল সিহঁতৰ থকা ঘৰটোহে আছেগৈ৷
: আইজনী অ’! বিপুল বোপাক ক’বা মই মৰিলে এই ঘৰটো যেন পৰেশহঁতে ল’ব নোৱাৰে৷ এইটো মালাৰ ঘৰ৷ যদি তাইক ঘূৰাই আনিব পাৰে, তেনেহলে ভালেই৷ যদি তাই নাহে…
মানুহজনীয়ে হুকহুকাই কান্দি উঠিল৷ চাদৰৰ আঁচলেৰে চকুপানীখিনি মচি আকৌ কৈ গ’ল –
: যদি তাই নাহে, তেনেহ’লে এই ঘৰটোত গাঁৱৰ ল’ৰা-ছোৱালীখিনিৰ বাবে এখন স্কুল খুলি দিবলৈ বিপুলক ক’বা৷
: আই! এইবোৰ কি কৈছেনো আপুনি!
বিপুল দুৱাৰাৰ পত্নীয়ে কেনেকৈ মানুহজনীক সান্তনা দিব ভাবি নাপালে৷ ইমানপৰে বাহিৰত ৰৈ দুয়োৰে কথা শুনি থকা বিপুলৰ চকু দুটাও সেমেকি উঠিল৷ তেওঁ খুলি ক’বও নোৱাৰে যে মালাক ওভটাই অনাৰ সকলো চেষ্টা ইতিমধ্যে বিফল হৈছে৷ চৰকাৰৰ অজানিতে তাইক ঘূৰাই অনাৰ বাবে গোপনে কৰা কিছুমান কামৰ বাবে সিহঁতৰ চিফ্ ড° শ্ৰীনিবাসন আৰু বিপুল এতিয়া আৰু সংগঠনটোত নাই৷ চুবুৰীয়া দেশখনত হোৱা বিভিন্ন অশান্তিকৰ ঘটনাৰ বাবে দোষাৰোপ কৰি দুয়োকে ইতিমধ্যে RAW ৰপৰা নিলম্বিত কৰা হৈছে৷
সাগৰৰ মাজত তিনিদিন অবিৰাম ব’ঠা মাৰি সকলো ভাগৰি পৰিছিল। হাতে-ভৰিয়ে একেবাৰে বল নাই৷ বকুল আৰু বিক্ৰমৰ শৰীৰত বিষবোৰ বিয়পি পৰিছে৷ তথাপিও দুয়ো মাজে মাজে ব’ঠাত হাত দি লগৰীয়া কেইজনক সহায় কৰি দিছে৷ মালাই পাৰ্যমানে দুয়োৰে শুশ্ৰুষা কৰি গৈছে৷ লগত থকা সৰু কটাৰীখনেৰে দুয়োৰে শৰীৰৰপৰা একোটাকৈ গুলী উলিয়াই পেলাইছে তাই৷ কিন্তু বাকীকেইটা গুলী সোনকালে উলিয়াব নোৱাৰিলে তেওঁলোকক বচোৱাটো কঠিন হৈ পৰিব৷ দুয়ো এতিয়াও সকাহ পোৱা নাই৷
এগৰাকী এজেণ্টে সাগৰীয় মাছ ধৰিছে৷ নাৱত এখন মাছমৰীয়া জাল মজুদ আছিল আৰু লগতে আছিল আন কিছুমান সঁজুলি৷ এইবোৰ মাছমৰীয়াবোৰে সাধাৰণতে সাগৰত বহুদিনলৈ ওলাই যাওঁতে ব্যৱহাৰ কৰে৷
হামিড ছিদ্দিকীয়ে ড° শ্ৰীনিবাসনৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰি ভাগৰি পৰিল৷ কোনো এটা ফ্ৰিকুৱেঞ্চীতেই চিফক লাইনত পোৱা নাই৷ পৰিকল্পনা মতে গুজৰাটৰ ‘নাৰায়ণ সাগৰ’ বন্দৰেদি তেওঁলোক সোমোৱাৰ কথা আছিল৷ কিন্তু যথেষ্ট দূৰৰপৰাই তাত সেনাবাহিনীৰ তৎপৰতা দেখি কোনোপধ্যেই লগা নাছিল যে সেইফালেৰে ভাৰতত সোমাব পৰা যাব৷ ড° শ্ৰীনিবাসনৰ গ্ৰীণ চিগনেল নাপালে কোনো কাৰণতে ভাৰতৰ সীমাত প্ৰৱেশ অসম্ভৱ৷ ইফালে সময় বাগৰাৰ লগে লগে সকলোৰে শাৰিৰীক অৱস্থাৰো অধিক অৱনতি ঘটিছে৷
: দ্বাৰকা! নাৰায়ন সাগৰ বন্দৰেদি সোমাব নোৱাৰিলো যেতিয়া আমাৰ পৰবৰ্তী লক্ষ্য হ’ব দ্বাৰকা বন্দৰ৷
হামিড ছিদ্দিকীৰ কথাত সকলো হতভম্ব হৈ পৰিল৷
: গুজৰাটৰ দ্বাৰকালৈ আৰু ডেৰটা দিনৰ বাট৷ তেতিয়ালৈ আমি হয়তো বাচিয়েই নাথাকিম৷ ইফালে বতৰ বেয়া হৈ আহিছে৷ যিকোনো মূহূৰ্ত্ততে সাগৰীয় ধুমুহাই কোবাই যাব৷
আকাশলৈ চাই মালাই মনৰ কথা ক’লে৷ সকলোৱে তাইৰ কথাত হয়ভৰ দিলে৷ পৰবৰ্তী ডেৰদিনলৈ ব’ঠা মৰাৰ শক্তি কাৰো নাই৷
: সকলো বুজিছো৷ কিন্তু আমাৰ হাতত কি উপায় আছে কওঁক! এনেকৈ এইটো বন্দৰত প্ৰৱেশ কৰিলে আমাক গুলীয়াই দিব৷ আমি কিছুদূৰ হ’লেও আগুৱাই গৈ আন কোনোবা এঠাইৰে নমাৰ চেষ্টা কৰিব লাগিব৷
ছিদ্দিকীয়ে কথাখিনি ক’বলৈহে পালে৷ ’ধুইচ’ কৈ এটা শব্দ হ’ল আৰু তেওঁৰ শৰীৰটো নাওঁৰপৰা ওফৰি পানীত পৰিলগৈ৷ মালা চিঞৰি উঠিল৷ তললৈ চাই দেখিলে ছিদ্দিকী চাহাবৰ মূৰটো একেবাৰে থেঁতেলি গৈছে৷ কপালত গুলী সোমাৱা ঠাইখিনিৰে তেজ ওলাই আহি নাওঁখনৰ ওচৰৰ পানীখিনি ৰাঙলী কৰি তুলিছে৷ লাহে লাহে তেওঁৰ নিৰ্জীৱ শৰীৰটো বৃহৎ নাওখনৰ তলত হেৰাই গ’ল৷ মালাই একো তলকিব নোৱাৰি হাত দুখনেৰে চকু দুটা ঢাকি ধৰিলে৷
নাৰায়ণ সাগৰ বন্দৰত সষ্টম ভাৰতীয় নৌসেনাই নাওঁখন ঘেৰি ধৰিছিল৷ বহুদেৰিৰে পৰা সাগৰৰ মাজত পাকিস্তানী নাওখন তেওঁলোকে সংগোপনে লক্ষ্য কৰি আছিল৷ মালাহঁত অলপ অসাৱধান হওঁতেই সকলো বিপদত পৰিল৷ সকলোকে হাত ওপৰলৈ কৰি থিয় হ’বলৈ কোৱা হ’ল৷
: নিজৰ নিজৰ পৰিচয় দিয়ক৷ ভাৰতীয় সীমাত আপোনালোক কোন? উদ্দেশ্য কি? – নৌসেনাৰ অফিচাৰজনে মাইকটো হাতত লৈ চিঞৰি উঠিল৷
: মই মালা দেৱী৷ RAW । মোৰ লগত দুজন ভাৰতীয় সেনাৰ জোৱান আৰু চাৰিজন RAW এজেণ্ট আছে যাৰ এজনক আপোনালোকে ইতিমধ্যে হত্যা কৰিলে৷ – নাওঁখনৰ পৰা মালাই চিঞৰি ক’লে।
মালাৰ কথাত নৌসেনাৰ জোৱানকেইজনে হাঁহিবলৈ ধৰিলে৷
: এইবোৰ বাহানা বনাই বহুতো মানুহ পাকিস্তানৰপৰা আহি ভাৰতত সোমাব খোজে৷
: মই সঁচাকৈয়ে কৈছো, বিশ্বাস কৰক৷ আমাৰ চিপাহী দুজনক চিকিৎসাৰ প্ৰয়োজন৷ আমাক সহায় কৰক অফিচাৰ৷
: আপোনাক কেনেকৈ বিশ্বাস কৰিম? কিবা পৰিচয় পত্ৰ দেখুৱাওক৷ – অফিচাৰজনে আকৌ চিঞৰি কলে৷
: মোৰ ওচৰত কোনো আই.ডি. নাই। কিন্তু RAW চিফ্ ড° শ্ৰীনিবাসনে আমাৰ বিষয়ে জানে৷ তেওঁক ফোন কৰক, সকলো কথা গম পাব৷
নৌসেনাৰ নাওঁ এখন ওচৰ চাপি আহিল৷ ভাৰতীয় সৈনিকসকলে ওচৰৰপৰা সকলোকে দেখিবলৈ পালে৷ মালাৰ মুখত ড° শ্ৰীনিবাসনৰ নাম শুনি নৌসেনাৰ অফিচাৰজনে সন্দেহ কৰিছিল৷ হাতখন আগবঢ়াই তেওঁ নিজেই মালাক নিজৰ নাওঁখনলৈ নিমন্ত্ৰণ কৰিলে৷ বাকীসকলক হাত ওপৰলৈ কৰি পিছে পিছে আহিবলৈ কোৱা হ’ল৷
অফিচাৰজনৰ হাতত নিজৰ হাতখন থৈ মালাই যেন স্বস্তিৰ নিশ্বাসহে পেলালে৷ অৱশেষত ভাৰতৰ সীমান্তত আহি ভৰি দিয়াৰ সপোন বাস্তৱায়িত হোৱাৰ আনন্দত মনটো পাতল পাতল অনুভৱ হ’ল৷ এটা ডাঙৰ অপাৰেশ্যন আজি সফল হোৱাৰ পথত৷ নিজৰ প্ৰিয়জনৰ লগতে আন এজন সৈনিককো উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল তাই৷ এয়া কম গৌৰবৰ কথানে!
কিন্তু তেনেতে ঘটিল অভাৱনীয় ঘটনাটো৷ নৌসেনাৰ জোৱান এজনে বকুলহঁতৰ নাওঁখনৰ ভিতৰত বহুকেইটা বন্দুক দেখা পালে৷ লগে লগে তেওঁ বিপদৰ অনুমান কৰি চাইৰেণ বজাই দিলে৷ মালা ইতিমধ্যে গৈ ভাৰতীয় নাওখনত ভৰি দিছিল৷ বকুলহঁত তেতিয়াও লাইন পাতি এজন এজনকৈ ইখন নাৱলৈ অহাৰ প্ৰস্তুতি চলাই আছিল৷ শৰীৰত থকা গুলীৰ বাবে বকুল আৰু বিক্ৰমৰ খোজকঢ়াত অসুবিধা হৈছিল৷ চাইৰেণৰ শব্দ শুনি নৌসেনা সষ্টম হৈ পৰিল৷
: ছাৰ! এয়া এক ষড়যন্ত্ৰ! নাৱত যথেষ্ট অস্ত্ৰ-শস্ত্ৰ আছে৷ এওঁলোক ভাৰতীয় হ’বই নোৱাৰে, এয়া পাকিস্তানী মিলিটাৰী বা ISI হে হ’ব৷
কথাটো শুনি সকলো হতভম্ব হ’ল৷ লগে লগে জোৱানকেইজনে কাকো একো কোৱাৰ সুবিধা নিদি নাওঁখনৰ ওপৰত ধাৰাসাৰে গুলীয়াবলৈ ধৰিলে৷ কোনো সুবিধাবাদীৰ ভাৰতত স্থান নাই৷ যিকোনো পৰিস্থিতিতেই শত্ৰুক প্ৰতিহত কৰাৰ বাবে সৰ্বদা সষ্টম ভাৰতীয় নৌসেনা৷
বকুল, বিক্ৰম আৰু আন তিনিওজন এজেণ্টৰ শৰীৰকেইটা নৌসেনাৰ শক্তিশালী বন্দুকৰ গুলিৰে থকাসৰকা হৈ নাওঁৰ ওপৰতে পৰি ৰ’ল৷ তেওঁলোকৰ শৰীৰত ইমানেই গুলী সোমাইছিল যে মূহুৰ্ততে সকলোৰে সৰ্বশৰীৰ তেজেৰে ৰাঙলী হৈ পৰিল৷ কোনো এজনকো চিনি পোৱাটো অসম্ভৱ হৈ পৰিছিল৷
ঘটনাৰ আকস্মিকতাত মালা কিংকৰ্ত্তব্যবিমূঢ় হৈ নাৱৰ ওপৰতে বহি পৰিল৷ মুখেৰে শব্দ এটাও ওলাই নাহিল৷ প্ৰিয়জনৰ নিষ্প্ৰাণ শৰীৰটো তেজেৰে তুমুৰলি হৈ সিখন নাৱত পৰি আছিল৷ কিন্তু মালাই বকুলৰ শৰীৰটো চিনি নাপালে৷ আচলতে তাই এজনকো চিনি নাপালে৷ হাতখন মেলি বকুলক চিঞৰি মাতিব লোৱা অন্তিম শব্দটোও ডিঙিৰ ভিতৰতে হেৰাই থাকিল৷ মালাৰ কাণত মাত্ৰ বাজি থাকিল নৌসেনাৰ অফিচাৰজনে ৰেডিঅ’ যোগে পাৰলৈ পঠিওৱা কিছুমান সাংকেতিক বতৰা৷ তেওঁ কৈ আছিল –
: ছয়জন পাকিস্তানী সেনা বা সাম্ভাব্য ISI এজেণ্ট সাগৰেৰে ভাৰতীয় এলেকাত সোমাবলৈ চেষ্টা কৰোঁতে নৌসেনাৰ গুলীত প্ৰাণ দিয়ে৷ দলটোৰ লগত থকা এগৰাকী মহিলাক জীৱিত অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে৷ তেওঁৰপৰা দলটোৰ বিষয়ে বিভিন্ন তথ্য পোৱা যাব বুলি আশা কৰিছো৷ মহিলাগৰাকীৰ লগত RAW ৰ পূৰ্বৰ চিফ্ ড° শ্ৰীনিবাসনৰ সম্পৰ্ক থাকিব পাৰে বুলিও সন্দেহ আছে৷ মৃত পাকিস্তানীকেইজনৰ লগত পোৱা পৰিচয় পত্ৰ মতে সিহঁতৰ নামবোৰ ক্ৰমে: নাছেৰ আহমেদ, হামিড ছিদ্দিকী, আফজল মালিক, …………………
অফিচাৰজনে এফালৰপৰা কৈ যোৱা নামবোৰ মালাৰ গধুৰ হৈ অহা কাণখনৰ ভিতৰত পাকঘূৰণী খাবলৈ ধৰিলে৷ পৃথিৱীখন যেন পূৰ্ণগতিৰে ঘূৰিবলৈ ধৰিছে৷ আকাশ পাতাল একাকাৰ হৈ পৰিছে৷ যিকোনো মূহূৰ্ত্ততে যেন বেলিটো ভাঙি আহি সকলোৰে মূৰত পৰিব আৰু সাগৰৰ উতলা পানীখিনি আকাশলৈ দৌৰ মাৰিব৷ মূৰটো দুহাতেৰে চেপি তাই বহি পৰিল৷ ঢ়
মালাক দিল্লীলৈ লৈ যোৱা হ’ল। কিন্তু তাইৰপৰা কোনো তথ্য উলিয়াবপৰা নগ’ল৷ মানুহজনীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল৷ পগলা ফাটেকত বকুলৰ অপেক্ষাত দিনৰ পিছত দিন গণিবলৈ ধৰিলে৷ তাইৰ মতে বকুল মৰিবই নোৱাৰে, সেয়া নাছেৰ আহমেদহে মৰিছিল৷
সঁচাকৈয়ে! নাছেৰ আহমেদ হৈ ইমান বছৰলৈ পাকিস্তানত আত্মগোপন কৰি থকা বকুলে অৱশেষত নাছেৰ হৈয়েই মৃত্যুবৰণ কৰিলে৷ বকুল বা বিক্ৰমৰ যে অস্তিত্বই নাছিল। ভাৰতীয় ৰেকৰ্ডমতে দহ বছৰ আগতেই তেওঁলোকৰ মৃত্যু হৈছিল।
এই ঘটনাৰ আজি ৪০ বছৰৰ পিছত নিজকে প্ৰশ্ন কৰিছো – কাৰ ভুলৰ বাবে আচলতে ভাৰতৰ সীমাত ভৰি দিওঁ বকুল, বিক্ৰমহঁতে ভাৰতলৈ ঘূৰিব নোৱাৰিলে? কাৰ দোষত এই সমস্ত ঘটনাৱলীয়ে জোকাৰি গৈছিল দেশ?
সেয়া জানো নৌসেনাৰ জোৱানজনৰ ভুল আছিল? তেওঁ জানো নিজৰ কৰ্তব্যহে পালন কৰা নাছিল? তেনেকুৱা যিকোনো সন্দেহজনক ব্যক্তিকে দেখা মাত্ৰকে গুলীয়াই দিবলৈকে তেওঁলোকক ট্ৰেইনিং দিয়া নহয় জানো?
তেনেহলে দোষ কাৰ? চৰকাৰৰপৰা লুকুৱাই মনে মনে মালাক পাকিস্তানলৈ পঠিওৱা, ভাৰতীয় চিপাহীসকলক ওভটাই আনিবলৈ চেষ্টা কৰা ড° শ্ৰীনিবাসনৰ নেকি? তেওঁ নিজৰ কৰ্তব্যই কৰা নাছিল জানো? যাৰ বাবে তেওঁ নিজৰ চাকৰি পৰ্যন্ত এৰি মূল্য পৰিশোধ কৰিবলগীয়া হ’ল।
তেনেহলে? কোনো নিখুঁত পৰিকল্পনা নোহোৱাকৈ ভাৰতত সোমাবলৈ চেষ্টা কৰা বকুল, বিক্ৰম, হামিড ছিদ্দিকীৰ দলটোৰ আছিল নেকি দোষ? নে ১৯৭১ চনৰপৰা পাকিস্তানত বন্দী হৈ থকা চিপাহীবোৰক অতি সহজতে পাহৰি যোৱা আমিবোৰৰ দোষ?
দৰং জিলাৰ মঙ্গলদৈৰ সমীপৱৰ্তী দেওমৰনৈৰ দৰে সৰু গাঁও এখনৰপৰা দেশমাতৃৰ সেৱাৰ বাবে ওলাই যোৱা বকুলৰ দৰে যুৱকজনকেই কৰিব নেকি দোষাৰোপ?
নে নিজৰ বিধৱা বোৱাৰীয়েকক ছোৱালীৰ দৰে জ্ঞান কৰি আকৌ বিয়া দিবলৈ ওলাই এটা আধুনিক মনৰ পৰিচয় দিয়া বকুলৰ বিধৱা মাতৃৰ দোষ? নে বিপুল দুৱৰাৰ দৰে একোজন নীৰৱ দেশপ্ৰেমিকৰ দোষ যিয়ে বন্ধুপত্নীক RAW ৰ দৰে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়াই যাবলৈ সহায় কৰি দিছিল? নে আমি ক’বলৈ যাম এই সকলো কথা জানিও সেই ৫৪ জন সৈনিকক আজিলৈকে উদ্ধাৰ কৰিবলৈ কোনো পদক্ষেপ নোলোৱা দুয়োখন দেশৰ চৰকাৰৰ দোষ?
এই প্ৰশ্নবোৰৰ কোনো উত্তৰ হয়তো কেতিয়াও নোলাব।
দোষ যাৰেই নহওক, মুঠতে বকুলৰ মালাডাল আৰু কাহানিও গঁথা নহ’ল৷ কলিতেই মৰহি যোৱা মালাডাল তেনেকৈয়ে ৰ’ল।কেইবাবছৰলৈ পগলা ফাটেকত থকাৰ পিছত তাতেই প্ৰিয়জনৰ অপেক্ষাত দেহত্যাগ কৰিলে মালাই৷
ইতিহাসৰ পাতত কৰ’বাত হেৰাই থাকিল বকুল আৰু মালাৰ বীৰগাঁথা৷
আজিও পাকিস্তানৰ কোনোবা জেলত হয়তো কোনোবা কেপ্তেইন সুনীল বা হাবিলদাৰ খুচৱন্ত সিঙে অপেক্ষা কৰিছে বকুল, বিক্ৰম, হামিড আৰু মালাৰ দৰে বীৰৰ বাবে৷ অপেক্ষা কৰিছে কিজানিবা হয়েই মুক্তি এই জনমত! কিজানিবা উভতিব পাৰে কেতিয়াবা স্বদেশলৈ!
আহকচোন আমি সকলোৱে এই দুৰ্ঘটনাত প্ৰাণত্যাগ কৰা পুণ্যাত্মাসকলৰ চিৰশান্তিৰ বাবে দুই মিনিট মৌন প্ৰাৰ্থনা কৰোঁ৷ লগতে কামনা কৰোঁ কেতিয়াবালৈ হ’লেও এই বিষয়টোৰ উচিত তদন্ত হওক। প্ৰাৰ্থনা কৰোঁ সেই ৫৪ জন বীৰ জোৱানৰ বাবে, যিয়ে দেশৰ বাবে নিজৰ জীৱন যৌৱন উৎসৰ্গা কৰি বিদেশৰ কাৰাগাৰত হয়তো আজিও বন্দী হৈ আছে নতুবা ইতিমধ্যে দেহত্যাগ কৰিছে।
! ঔম শান্তি: শান্তি: শান্তি: !
! জয় হিন্দ!
! জয় ভাৰতীয় সেনাৰ জয় !
××××××সমাপ্ত×××××
*******
3:20 PM
ভাৰতীয় সেনাৰ বীৰগাঁথা।অতি মনোৰম বৰ্ণনা।
10:33 AM
সুন্দৰ এখন উপন্যাস। ইমান আশাৰে মালাই বকুলক ঘৰলৈ উভতি আনিম বুলি গৈছিল লগ পালে যদিও উভতি আহিব নাপালে বকুল। বৰ হৃদয় বিদাৰক কাহিনী।