ভাইৰাছ! ভাইৰাছ !!-মৃদুস্মিতা ফুকন
কেনে মাটি খাইলি অ’ৰে গোপাল৷
কোবাই আজি তোৰ ফাৰিবো ছাল৷৷…….
শুনিয়া কৃষ্ণৰ হৰিল মাত৷
চক্ষু টেৰ কৰি মাৱক চান্ত৷’’…….
আইতাকৰ মুখত কৃষ্ণৰ শিশু-লীলাৰ এনেবোৰ গীত-মাত শুনি শুনিয়েই আইমনি ডাঙৰ হৈছে৷ সেইদৰে, কোনো কোনো কাহিনীত শুনিছে, লৱনু চুৰ কৰি খাওঁতে ধৰা পৰাত সাৰিবৰ আন কোনো উপায় নেদেখি নানান ফাঁকি কথা কোৱাৰ কাহিনী৷ কৃষ্ণ যেন নাকটো মোহাৰিয়েই বুদ্ধিটো উলিওৱা এটি সাধাৰণ শিশুহে! কৃষ্ণ অৰ্থাৎ কানায়েও সিহঁতৰ দৰেই মাকক ভয় কৰা, মাকৰ মাৰ খোৱা – কানাইৰ প্ৰতি তাইৰ মনত ক’ব নোৱৰাকৈয়ে সখ্য ভাৱ, চেনেহ উপজিছিল৷ সেয়ে কানাইক লৈ তাইৰ মনত নানান কাহিনী, নানান ধাৰণা৷ কানাইৰ এনেকুৱা দুষ্টালিবোৰ, ধেমালিবোৰ যেন তাইৰ, তাইৰ লগৰীয়াবোৰৰহে! আচলতে ভগৱানৰ দৰে নহয়, তাই যেন কানাইক নিজৰ লগৰীয়াৰ দৰেহে ভাল পায়৷ সেয়ে আইতাকৰ পৰা শুনা কানাইৰ কাহিনীবোৰ তাইৰ লগৰীয়াবোৰকো কয়৷ সিহঁতৰ মাজত সেইবোৰ আলোচনা হয়৷ আনকি কেতিয়াবা মাকে ডাবি-ধমকি দিলেও আইমনিয়ে সুৰ ধৰি গায় –
“আলো মাই
গালি তুমি নাপাৰিয়ো কাৰে
যত অপমান মোৰে দিয়া আছ বাৰে বাৰে
ভালে আমি সৈয়া আছো তাৰে” …….
তেনেকৈয়ে কেৱল তাইৰে নহয়, তাইৰ লগৰীয়াবোৰৰো কানাইৰ প্ৰতি যেন সেই একেই ভাৱ৷ সেয়ে মামনি, তৰা, বকুলহঁতৰ দৰে কানায়ো যেন সিহঁতৰ সৈতে ধেমালি-ধুমুলা কৰাৰ,ভাৱ-বিনিময় কৰাৰ লগহে৷
আইমনিহঁতৰ ওমলা ঠাইখন তৰাহঁতৰ ঘৰৰ কদম জোপাৰ তলত৷ তৰাৰ বৰদেউতাকে সিহঁতৰ বাবে সেয়ে সেই ঠাইকণ চাঁচি-চুৰুকি পৰিষ্কাৰ কৰি থয়৷ তাতে সিহঁতে ভাত-ৰন্ধা, চাৰ-বাইদেউ, আলহী-আলহী, পূজা-পূজা আদি কত ৰকমৰ যে খেল খেলে!কদম ফুলা বতৰত খেলৰ এবিধ উল্লেখযোগ্য সামগ্ৰী তলসৰা কদম ফুলবোৰ৷ বিশেষকৈ লাৰুৰ দৰে গোল গোল হালধীয়া, কৃষ্ণৰ প্ৰিয় কদম ফুল দি সিহঁতে পূজা-পূজা খেলে৷ গীত গায়৷ তেনেকৈ সৰুৰেপৰা কৃষ্ণৰ কাহিনীবোৰৰ লগে লগে কদম ফুলৰ প্ৰতিও সিহঁতৰ চিন্তা-চেতনাত সুকীয়া মৰম, সুকীয়া আৱেগ৷
এইবোৰৰ মাজেৰেই আইমনিহঁত ডাঙৰ হয়৷ লাহে লাহে সিহঁতৰ কদম-তলত উমলিবলৈ সময়ৰ নাটনি পৰে, ব্যস্ততা বাঢ়ে৷ জীৱন-জীৱিকাৰ তাড়নাত কদমজোপাক আঁতৰাই থৈ সিহঁত আগবাঢ়ে৷ তথাপিও শৈশৱৰ ধেমালিবোৰ বা কানাই-কদমক মাজে মাজে সুঁৱৰি সিহঁতে নিজৰ শৈশৱক বিচাৰি যায়৷
সময়ত আইমনি ৰ’দ আৰু ৰ’দালিৰ মাক হ’ল৷ সিহঁত দুটাক সুন্দৰ ধ্যান-ধাৰণা, চিন্তা-চৰ্চাৰে ডাঙৰ কৰিবলৈ তাই যৎপৰোনাস্তি চেষ্টা কৰিলে৷ সিহঁত দুটাৰ মাজতেই আইমনিয়ে বিচাৰিব খুজিলে নিজৰ হেৰোৱা শৈশৱ৷
এইবাৰ স্কুলৰ গৰমৰ বন্ধত ল’ৰা-ছোৱালী দুটাক লৈ আইমনি মাকৰ ঘৰলৈ গ’ল৷ মোমায়েকৰ ঘৰলৈ যাবলৈ পালে ৰ’দহঁতেও বৰ ৰং পায়৷ মোমায়েক তনুৰ লগত বিভিন্ন চৰাই-চিৰিকটি, জীৱ-জন্তু, গ্ৰহ-নক্ষত্ৰ, ইন্টাৰনেট-কম্পিউটাৰৰ পৰা ক’ৰনা-ইব’লা আদিলৈকে কিমান যে সৰু-ডাঙৰ কথা সিহঁতৰ!
এদিন ল’ৰা-ছোৱালী দুটা মোমায়েকৰ লগত তেনেকৈ কথাত মগ্ন হৈ থকাৰ সময়তে আইমনি ফুৰিবলৈ বুলি গৈ তৰাহঁতৰ ঘৰ পালেগৈ৷ সেই সময়ত তৰাও মাকৰ ঘৰলৈ আহিছিল৷ স্বাভাৱিকতে বহু দিনৰ বিৰতিৰ পাছত শৈশৱৰ দুই বান্ধৱীৰ দীঘলীয়া কথোপকথন হ’ল৷
উভতিবৰ পৰত দুয়োজনীৰে কদমজোপাৰ তলত ৰৈ আকৌ এপৰমান শৈশৱৰ ধেমালি-ধুমুলাবোৰ ৰোমন্থন কৰি আপোন পাহৰা হ’ল৷ বিশেষকৈ তেতিয়াৰ কদম-তলৰ ধেমালিবোৰ সিহঁতৰ বাবে আছিল অনন্য৷
আইমনিয়ে শৈশৱৰ এনেকুৱা কথাবোৰ ৰ’দহঁতকো কয়৷ পাছে তাইৰ মাজে মাজে ভাৱ হয়, ইহঁতে জানো আমাৰ দৰে কথাবোৰত ৰস পায়?
আইমনিয়ে গছজোপাৰ তলতে সৰি থকা কদম ফুল দুপাহ পুতেক-জীয়েকহঁতক দেখুৱাবলৈ বুলি আগ্ৰহেৰে বুটলি আনিলে৷
আইমনি ঘৰ আহি পাওঁতে সন্ধ্যা লাগিছিল৷ৰ’দহঁত তেতিয়াও মোমায়েকৰ লগত কথাত মচগুল৷ আইমনি মনে মনে কোঠাটোত সোমাল আৰু সিহঁতক আচৰিত কৰিবলৈ বুলি দুহাতত দুপাহ কদম ফুল লৈ পিছফালৰ পৰা ৰ’দ, ৰ’দালি দুয়োৰে সন্মুখত দাঙি ধৰিলে৷ লগে লগে দুয়োটাই `ভাইৰাছ, ভাইৰাছ’ বুলি আতংকত যিটোহে কাণ তাল মৰা চিঞৰ মাৰিলে! সিহঁতৰ চিঞৰ শুনি কাৰোবাৰ ক’ৰবাত বিপদ হৈছে বুলি আইতাক আৰু মামীয়েক ভিতৰৰপৰা ঢপলিয়াই আহিল৷ আইমনিয়েও এনে ভয় খালে যে, তাইৰ হাতৰ ফুল ক’ৰবাত উফৰি পৰিল৷ চিঞৰটো মৰাৰ পাছতে ৰ’দে বোধকৰো ভাবিলে, ভাইৰাছ দেখোন খালী চকুৰে মণিবই নোৱাৰি৷ তেনে ক্ষেত্ৰত ইমান ডাঙৰ ভাইৰাছ! অৱশ্যে মোমায়েকে লগে লগে ৰ’দহঁতক বুজাই-বঢ়াই পৰিস্থিতিটো স্বাভাৱিক কৰিলে৷
ৰ’দহঁতৰ গাতো দোষ দিব নোৱাৰি৷ যোৱা দুটা বছৰে কৰ’না মহামাৰীৰ বিষয়ে চিন্তা-চৰ্চা কৰোঁতে কৰোঁতে ভাইৰাছৰ বিষয়টো সিহঁতৰ বাবে অধিক চিনাকি হৈ পৰিছে৷ তাতে কিছু সময়ৰ আগতে মোমায়েকৰ লগতো তেনেধৰণৰ কথাকে পাতি আছিল৷ কদম ফুল মাকহঁতৰহে আপোন৷ সিহঁতেতো কেতিয়াও কদম ফুল দেখাই নাই৷ কথাটো মাক আইমনিয়ে উপলব্ধি নকৰা নহয়৷ সেয়ে আইমনিয়ে সময়-সুবিধা পালেই ল’ৰা-ছোৱালী দুটাক থলুৱা শাক-পাত, ফুল-ফলৰ সৈতে চিনাকি কৰি দিবলৈ অহৰহ চেষ্টা কৰি থাকে৷
ভাইৰাছ আৰু কদম ফুলৰ বিষয়ে মোমায়েকৰ পৰা কথাবোৰ শুনাৰ পাছত ৰ’দ, ৰ’দালি দুয়োটাই ফুলকেইপাহ লিৰিকি-বিদাৰি চাইহে পতিয়ন গ’ল যে, সেই কেইপাহ সঁচাকৈ ফুলহে – দেখিবলৈ ভাইৰাছৰ নিচিনা ফুল৷ধুনীয়া কদম ফুল৷
*******