ভাগ্যৰ চকৰী-চন্দ্ৰপ্ৰভা বৰুৱা
হঠাৎ বিদ্যালয়ত পুলিচ অফিচাৰ এজন সোমাই আহিল আৰু সোমায়েই প্ৰধান শিক্ষক মণিধৰ বৰুৱা চাৰৰ ভৰিত পৰি সেৱা কৰিলে।বৰুৱা চাৰৰ থৰ-কাছুটি হেৰোৱাৰ উপক্ৰম হ’ল। বিভিন্ন চিন্তাই মনত দোলা দি গ’ল হঠাৎ।
“ই কি?কি হৈছে এইবোৰ?তেওঁ নজনা কৈ ক’ৰবাত কিবা ভুল হৈ আহিল নেকি?তেওঁ সপোন দেখা নাইতো!”
নিজকে সংযত কৰি লৈ চাৰে ক’লে,
“এয়া কি কৰিছে আপুনি অফিচাৰ? মই একো বুজি পোৱা নাই।মই ক’ৰবাত কিবা ভুল কৰা নাইতো?”
পুলিচ অফিচাৰ জনে চাৰক সাৱটি ধৰি ক’লে,
“চাৰ মই হিমাংশু,আপোনাৰ একালৰ ছাত্ৰ।”
বৰুৱা চাৰৰ নিজৰ চকুকে বিশ্বাস কৰিবলৈ টান লাগিল।কিমান ছাত্ৰ ছাত্ৰীক পঢ়াই-শুনায় এই বিদ্যালয়ৰ পৰা ওলিয়াই পঠিওৱা হৈছে, ক’তা, আজিলৈকেতো কোনেও আহি তেওঁৰ ভৰি চুই সেৱা কৰাহি নাই! বিভিন্ন শিক্ষাৰ্থীসকলৰ কথা মনলৈ আহিল তেওঁৰ।
তেতিয়া বৰুৱা চাৰৰ চাকৰি কাল আঠবছৰ মান চলি আছিল।পঢ়া শুনাত ভাল ছাত্ৰ এজনৰ প্ৰায়ে বিদ্যালয়ত অনুপস্থিতি তেওঁৰ চকুত পৰিছিল।এদিন স্কুলৰপৰা ঘূৰি যাওঁতে ছাত্ৰজনৰ মাকক লগ পাই সি স্কুললৈ নোযোৱাৰ কাৰণ সুধি জানিব পাৰিলে যে তাৰ দেউতাকৰ মৃত্যুৰ পিছত তেওঁ খৰচ-পাতি যোগাৰ দিব নোৱাৰি ল’ৰাজনক স্কুললৈ পঠাব পৰা নাই।আৰু এই খিনি কথা জানিব পাৰি তেওঁ ছাত্ৰজনৰ কিতাপ-কাগজ কাপোৰ আদি সকলো যোগাৰ কৰি দি তাক স্কুললৈ পঠোৱাৰ ব্যৱস্থা কৰি দিছিল।আজি সেই ল’ৰাজনেই পঢ়ি শুনি পুলিচ অফিচাৰ হৈ তেখেতক সেৱা কৰিছেহি।
কত ছাত্ৰ-ছাত্ৰী এইদৰে স্কুলৰপৰা ওলাই যায়, কিমাননো হিচাব ৰাখিব! কিন্তু হঠাৎ পুলিচ অফিচাৰ জন আহি স্কুলত এনেদৰে উপস্থিত হোৱাত চাৰৰ চিন্তা হৈছিল,ক’ত বা কি লেঠা লাগিল?
পিচে কথা ওলোটা দেখি বৰুৱা ছাৰৰ আনন্দৰ চকুলো বাগৰি আহিল।পুৰণি দিনৰ কথাবোৰলৈ বৰকৈ মনত পৰি হুকহুকাই কান্দি পেলালে। কিন্তু সেয়া দুখৰ নহয়, সুখৰহে কান্দোন।
“এৰা, ভাগ্যৰ চকৰী কেতিয়া কোন ফালে ঘূৰে কোনেও নাজানে।”
ছাৰে মনতে ভোৰভোৰালে।
*******