ভৈৰৱী-ঋতুপৰ্ণা দত্ত
অজগৰডালক কিংবদন্তিয়ে চুই যোৱা নাছিল। নাছিল তাৰ ভিতৰত ৰূপহ কোঁৱৰ।
তাইৰ শৰীৰটোকে নহয় মনটোকো গিলি ধৰিব খুজিছিল সি।
ৰূপকথাৰ চৰিত্ৰবোৰ ভেদি অহা বৰ টান। যিটো কৰোঁতে খহি আহিল তাইৰ মঙহৰ এফাল। আনফাল সাৱটি তাই নিজান বাটটোত খোজ দিলে।
সেইদিনা জোনাক আছিল।
*******
9:39 PM
সুন্দৰ