মই দুৰাচাৰ কেৱলে তোমাৰ-নয়নমণি হালৈ
চতিমা গাঁৱৰ মহেন্দ্ৰ পাঠক এজন সন্মান থকা মানুহ৷ মানে কথাটো এনে নহয় যে গাঁৱৰ আন মানুহবোৰ মান-সন্মান, একো নথকা ধদুৱা মানুহ। কিন্তু মহেন্দ্ৰ পাঠকৰ এইটো বদ্ধমূল ধাৰণা যে তেওঁৰ সমান মান-সন্মান, যশ-খ্যাতি থকা মানুহ এইখন গাঁও কিয়, ওচৰ-পাঁজৰৰ দহখন গাঁৱতো নাই৷ খেতি-খোলা, গোহালিৰ গৰু, পুখুৰীৰ মাছ আদিৰে প্ৰভু ভগৱন্তই তেওঁক এটা স্বচ্ছল সমৃদ্ধিৰ জীৱন উপহাৰ দিয়া বাবে তেওঁ ঈশ্বৰৰ ওচৰত সদায় কৃতজ্ঞ৷ সেয়ে চোতালৰ আগৰ গোসাঁই ঘৰটো তেওঁ বৰ দেখনিয়াৰকৈ পকীবেৰ আৰু বগা টাইলচেৰে সজাইছে৷ ৰাতিপুৱা শোৱাপাটী এৰি গাটো জোবোৰা মাৰিয়েই তেওঁঁ সেইটোত সোমাই ঘোষা পদ দুফাঁকি গাইহে বাকী কামলৈ আগবাঢ়ে৷ বোৱাৰীয়েক মালতীৰ আন কামত হীন-দেঢ়ি হ’লেও মহেন্দ্ৰ বুঢ়াই সহ্য কৰিব পাৰে কিন্তু চকা পাটত বহা সময়ত মন্দিৰ ঘৰটোৰপৰা ধূপ-চাকিৰ গোন্ধ নোলালে বুঢ়াই সহ্য কৰিব নোৱাৰে৷ সন্ধিয়া বুঢ়াই গোসাঁইঘৰত সোমাব নোৱাৰে, সেইখিনি সময় গৰু-গাই গোহালিত সোমোৱা সময়৷ বুঢ়াই জাগ দিয়া, ছাগলী জাকটোৰ ওপৰত বিবৰ্ণ ৰূপ লোৱা ঘৰৰ অব্যৱহৃত আঁঠুৱাখন আঁৰি দিয়া, এইবোৰ কামত ব্যস্ত থাকে৷ মালতীৰ আৰু এটা গধুৰ দায়িত্ব আছে৷ সেয়া হ’ল সন্ধিয়া ঘৰৰ পিছফালৰ সকলো কাম কৰি অঁটাই বুঢ়া আহি বাৰাণ্ডাৰ হাত থকা পুৰণি গমাৰি কাঠৰ চকীখনত বহে৷ এইখিনি সময়তে বুঢ়াৰ ডাঙৰ পুতেক অমল আহি পায়৷ কেতিয়াবা অমলৰ লগতে গাঁৱৰে দুই-এটা চেঙেলীয়াও থাকে, সিহঁতো আহি বুঢ়াৰ সংগ লয়, ওচৰ-পাঁজৰৰ দুই এজন লোক আহে, তেওঁলোকৰ উদ্দেশ্য বুঢ়াক কোনোবা শাস্ত্ৰ পাঠলৈ অথবা নাম লগোৱালৈ নিমন্ত্ৰণ৷ মহেন্দ্ৰ পাঠকৰ নিচিনা সুললিত কণ্ঠৰ পাঠক এইখন গাঁও কিয়, ওচৰ-পাঁজৰৰ দহখন গাঁৱতো নাই৷ মুঠতে সন্ধিয়াৰ পিছৰ এইখিনি সময় মহেন্দ্ৰ পাঠকে চাহকাপ অকলে খাবলগা নহয়, কোনোবা নহয় কোনোবা থাকেই আৰু মালতীৰ কাম হ’ল ঘৰৰ গৰুৰ গাখীৰেৰে থকথকীয়াকৈ একোকাপ চাহ আনি সকলোৰে আগত দিয়া৷
নেদেখাজনৰ কৃপাত সকলো ঠিকেই আগবাঢ়িছিল৷ কেনা লাগিল বৰজীয়ৰী সুমিত্ৰাৰ ঘৰৰ চোতালৰ পৰাহে৷ সেই দিনটোক মহেন্দ্ৰ বুঢ়াই এটা অভিশপ্ত দিন বুলি গণ্য কৰে আৰু আজি পোন্ধৰ বছৰে বুঢ়াই নিজক সেই পাপৰ বাবে ক্ষমা কৰিব পৰা নাই৷ আচলতে বুঢ়াৰ সংসাৰত কেনাৰ আৰম্ভনি সেই সুমিত্ৰাজনীৰ পৰাই৷ দুৰণিবটীয়া কোনো এঠাইত জীয়েকক বিয়া দি, মাজে-মধ্যে হাতত ঘৰৰ চাউলৰ পিঠা-পনা, বাৰীৰ শাক-পাচলিৰ মোনা এখন লৈ বছৰ চেৰেকত জীয়েকৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সপোন এটাই মহেন্দ্ৰ বুঢ়াক বৰ আমনি কৰিছিল৷ সেয়া যেন দুপৰীয়া ভাত ঘুমটিত অহা চিলমিল সপোনৰ দৰেই এটা মিঠা আৱেশময় অনুভূতি আছিল৷ কিন্তু সেই আৱেশক ছাৰখাৰ কৰি সুমিত্ৰা গোটেই গাঁৱতে ৰজনজনাই যোৱাকৈ এটা খবৰ হৈ পৰিছিল এদিন৷ গাঁৱৰ সিটো মূৰৰ বলেনলৈ পলাই গুচি যোৱা কথাটোৱে বুঢ়াৰ চকুত বহুদিনলৈ বেজাৰৰ চকুপানী বোৱাইছিল৷ হ’লেও নিজৰেই বুকুৰ আগমঙহৰ দৰে বৰজীয়েক৷ সকলো ভুল ক্ষমা কৰি বুঢ়াই এদিন জী-জোঁৱাইক আদৰি ল’লে৷ তাতে বুঢ়াৰ কোলালৈ নাতিনীয়েক অহাৰ পিছত সকলো দুখ-বেদনা যেন ফাগুনৰ বতাহৰ ধূলিৰ দৰেই উৰি গুচি গ’ল৷ একেটা চুবুৰীত হোৱা বাবে বুঢ়াই ৰাতিপুৱাৰ চাহকাপ যদি অলপ বেলি হ’ল একেলগে জলপানৰ বাতিটোও জীয়ৰীৰ ঘৰৰ চোতালত বহি খোৱাটো বুঢ়াৰ প্ৰায় অভ্যাসৰ দৰেই হ’ল৷
সেইদিনাও জীয়েকৰ হাতৰ চাহকাপ পৰম আমেজেৰে গলাধঃকৰণ কৰি বুঢ়াই কাঠিৰ মূৰত হাত থকা বেতৰ চকীখনত বহি নাতিয়েকৰ আলেখলেখ চাই আছিল৷ এনেতে ঘটিল ঘটনাটো৷
ঘটনাটো কোৱাৰ আগতে চতিমা গাঁৱৰ মানুহক চঞ্চল কৰি তোলা, নিজম পৰি থকা চুবুৰীটো মুখৰ কৰি তোলা এটা ৰূপকথাৰ দৰে কিছু কথা কৈ লোৱাটো উচিত হ’ব৷ একত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথ মানে হাইৱেটো চতিমা গাঁৱৰ তিৰোতাৰ চুলিত সেওঁতা ফলাদি ঠিক সোঁমাজেৰে ফালি গুচি গৈছে৷ পশ্চিমৰ ফালৰপৰা আহি চতিমা গাঁৱৰ ডাঙৰ বটগছ এডালৰ তলেৰে পাক এটা ঘূৰি হাইৱেটো পূৱমুৱা হৈ যেন অসীম অনন্তলৈহে গুচি গৈছে৷ ই কিমানদূৰ গৈছে, ক’লৈ গৈছে চতিমা গাঁৱৰ মানুহে নাজানে, জানে কেৱল বটগছডালৰ তলত কিবা অমংগলীয়া বস্তু এভাগ আছে। যাৰ কাৰণে পাঞ্জাৱ বডীৰ ফুল লোড কৰা ট্ৰাকবোৰ ঘেচেংকৈ তাত বাগৰি পৰে৷ আচলতে বটগছডালৰ ঠিক তলেৰে ধেনুভিৰীয়া ভাঁজটোত নিশ্চয় কিবা কাৰিকৰী ভুল আছিল, যাৰ কাৰণে প্ৰায়ে তাত দুৰ্ঘটনা সংঘটিত হৈছিল৷ সেই সময়ত হাইৱে আছিল ঠেক, অভাৰটেক কৰাৰ কাৰণেই হওক অথবা সন্মুখৰপৰা হঠাত্ ওলাই দিয়া গাড়ীৰ লাইটৰ পোহৰে আনখন গাড়ীৰ ড্ৰাইভাৰৰ চকু জলকতবক কৰাৰ কাৰণেই হওক, মুঠতে ট্ৰাকবোৰ প্ৰায়ে হাইৱেৰ কাষৰ দ পথাৰত চিটভোলোঙা খাই পৰি গৈছিল৷ আৰু এয়া হৈ পৰিছিল চতিমা গাঁওবাসীৰ কাৰণে সৌভাগ্যৰ এখন চকমকীয়া দুৱাৰ৷ পৰি যোৱা ট্ৰাকৰ ব’ডীত বোজাই হৈ থকা বস্তু তলৰ পথাৰত সিঁচৰতি হৈ পৰিছিল৷ কোনে যে খবৰ এটা দিয়ে, মুহূৰ্ততে চতিমা গাঁৱৰ ডেকা-বুঢ়া, চেঙেলীয়া, আদহীয়া, গৰু এৰাল দিবলৈ যোৱা, ঘাঁহ কাটিবলৈ যোৱা, ৰাস্তাত মাৰ্বল খেলি থকা পিলিঙা সবেই ভঠেলি উত্সৱৰ দৰে পথাৰত নামি কোৰ্হাল লগাই দিয়ে আৰু যিয়ে যিমান পাৰে, যেনেকৈ পাৰে ট্ৰাকৰ বস্তু উঠাই ঘৰলৈ লৰ ধৰে৷ এখন ফুল লোডিং ট্ৰাক খালী হ’বলৈ মাত্ৰ কেইটামান মিনিট লাগে৷ তাৰ পিছত বহু পলমকৈ পুলিচ আহে, বহু কিবা কাৰচাজি কৰি পৰি থকা ট্ৰাকখন উঠায়। চাবলৈ যোৱা চেঙেলীয়াৰ জাকটোক লাঠী লৈ খেদে৷ অৱশ্যে কেতিয়াবা গাঁৱৰ মানুহৰ ঘৰত সোমাই তালাচীও চলায়৷ কিন্তু গাঁৱৰ মানুহো জানো কম! পুলিচ যদি ডালে ডালে, চতিমা গাঁও পাতে পাতে৷ চাউল, দাইল, মালদহৰ আম, নাচিকৰ পিঁয়াজৰপৰা পুতলা পিষ্টল কিহৰ যে গাড়ী নপৰে তাত!পথাৰৰ নৰা কাটি থকা ল’ৰাই হাইৱেৰে গৈ থকা গাড়ীবোৰৰ ফালে চাই চিঞৰে ‘পৰ পৰ পৰ পৰ’৷ আৰু মাহেকে-পষেকে ল’ৰাবোৰৰ কথামতে এখন হ’লেও ট্ৰাক নপৰাকৈ নাথাকে৷
এই হাইৱেটো মহেন্দ্ৰ বুঢ়াৰ জীয়েকৰ বাৰীৰ পিছতে৷ ট্ৰাক এখন বাগৰি পৰাৰ পিছত শগুনৰ দৰে ঘেৰি ধৰা ভীৰটোত আজিলৈ চামিল হৈ নপোৱা মানুহ চতিমা গাঁৱত এজনেই আছে, সেয়া মহেন্দ্ৰ পাঠক৷ মহেন্দ্ৰ বুঢ়াই ট্ৰাক বাগৰা কথাটোত সুখী হোৱা দূৰৰ কথা, কোনোবাই কিবা এটা আনি হাতত তুলি দিলেও চুই নোচোৱা মানুহ৷ এইবোৰ অন্যায়ৰ ধন, পাপৰ বস্তু। জীৱনত মহেন্দ্ৰ বুঢ়াই আনৰ সম্পত্তিলৈ চকু দি পোৱা নাই| ঈশ্বৰৰ কৃপাত একোৰে অভাৱ নাই৷ কিন্তু সেইদিনা তেওঁৰ পৰকতি লৰিল৷ কিবা কু-ক্ষণত তেওঁৰ মাজত সেইদিনা শনি আহি সোমাল৷ বৰজীয়ৰী সুমিত্ৰাই তেওঁৰ মনত শনি হৈ পৰিল৷
ৰ’দচেৰেঙা লৈ জীয়েকৰ চোতালত বহি থাকোঁতেই কোনোবাই চিঞৰা যেন শুনিলে- ‘পৰিল’৷ লগে লগে চুবুৰীটোৰ বাটত, ঘৰত, বাৰীত এটা কোলাহলেৰে ভৰি পৰিল৷ কোলাহল আহি সুমিত্ৰাৰ চোতাল নৌপাওঁতেই সৰুধনে পিঠিত এটা চাৰিচুকীয়া কাঠৰ বাকচ লৈ কোবাকুবিকৈ মহেন্দ্ৰ বুঢ়াৰ সন্মুখেৰে পাৰ হৈ গ’ল৷ পিছফালৰ কাম কৰি সুমিত্ৰা আজৰি হোৱাই নাছিল৷ তাই উধাতু খাই চোতাললৈ দৌৰি আহিল, ‘পিতা, চাহপাতৰ গাড়ী পৰিছে আজি’৷ সৰুধনৰ পিঠিত তাৰমানে সেইটো চাহপাতৰ বাকচ! চাওঁতে সুমিত্ৰাহঁতৰ চোতালেৰে এটা-দুটাকৈ কেইবাটাও মুনিহে কেঁকো-জেঁকোকৈ চাহপাতৰ বাকচ লৈ কুকুৰ লৰ দিয়াদি লৰি গুচি গ’ল৷ মহেন্দ্ৰ বুঢ়াই প্ৰমাদ গণিলে৷ কি কৰিব তেওঁ? ঘৰৰ পিছফালৰ হাইৱেৰ দাঁতিৰ কোৰ্হালটো ইতিমধ্যে বাঢ়ি আহিছে৷
: পিতা চাহপাতৰ গাড়ী, গাঁৱৰ সোপাই চাহপাত নি শেষ কৰিলে আজি।’ মহেন্দ্ৰ বুঢ়া এইবাৰ থিয় হ’ল।
: পিতাই এৱোঁ নাই, থাকিলে দুটা বাকচ এওঁ ননাকৈ নাথাকিলে হয়৷
মহেন্দ্ৰ বুঢ়াই চোতালতে পায়চাৰি কৰিলে৷ তেওঁৰ গোসাঁইঘৰৰ থাপনাখনলৈ মনত পৰিল।
: খুড়া কি চিন্তা কৰি আছে, লৈ আহক এটা বাকচ৷
সৰুধনে এইবাৰ আকৌ এটা বাকচ কেকো-জেকোকৈ দাঙি আনিছে৷ কি কৰিব বুঢ়াই! মনে নকয় এনে পাপ কাম কৰিবলৈ! কিন্তু সেয়া বাৰীৰ বাঁহকেইজোপা পাৰ হৈয়েই সেইখন গাড়ী বাগৰি পৰি আছে৷ চাহপাতৰ বাকচবোৰ কিজানি দ’ম হৈ পৰি আছে৷ গোটেই গাঁৱৰ মানুহ উবুৰি খাই পৰাৰ আগত তেঁৱো গৈ লৈ আহিব নেকি এবাকচ! চাহপাতৰ যিহে দাম, এবাকচ চাহত কিমান কেজিকৈ আছেবা! পুতেক অমলে টাউনৰ দোকানত দি ভাল পইছা কেইটামান পাব৷ নাপালেও অন্ততঃ ছমাহদিন বুঢ়াই চাহ খাবলৈ চাহপাতৰ চিন্তা কৰিব নালাগে৷ যাব জানো!
: পিতাই লৈ আহ এবাকচ, একো নহয় যা। গাঁৱৰ মানুহবোৰ ইমানদিনে পাপত মৰি গৈছেনে কিবা৷ সৌ সিদিনা কমলা টেঙাৰ চাৰিটা খাং আনিছে ধৰনী মাষ্টৰৰ পুতেকে, টকা দুহাজাৰ গণি গণি লৈছে হেনো বেপাৰীৰ পৰা৷
মহেন্দ্ৰ বুঢ়াৰ মনটো চঞ্চল হৈ পৰিল৷ এখোজ-দুখোজকৈ তেওঁ হাইৱেৰ দাঁতি পালেগৈ৷ মেলা মুখ মেলাই আছে ট্ৰাকৰ ব’ডীটো৷ এঢলীয়া পাহাৰ এখনৰ দৰে থিয় হৈ আছে চাহপাতৰ বাকচবোৰ৷ গোটেই গাঁওখনৰ মানুহ এতিয়াও আহি পোৱা নাই৷ সৰুধনহঁতৰ দৰে পথাৰত গৰু এৰাল দিবলৈ অহা দুই-চাৰিজনৰ উত্পাততহে পাহাৰখনৰ এবখলা এবখলাকৈ এৰি আহিব ধৰিছে৷ ক্ষণিকৰ বাবে মহেন্দ্ৰ বুঢ়াৰ মনৰপৰা গোসাঁইঘৰৰ থাপনাখন অদৃশ্য হৈ গ’ল৷ ধৰ্মচিন্তা তেওঁৰ সমুলঞ্চে নাশ হ’ল৷ ধূতিখন গোৰোহাৰ ওচৰৰপৰা দাঙি আঁঠুৰ ওপৰত গাঁঠি এটা মাৰি ল’লে৷ তাৰপিছত তেওঁ পাহাৰখনৰ ওচৰলৈ কাষ চাপি গ’ল৷ যেন তেওঁক কোনোবাই যাদু কৰি মোহিনী ৰূপেৰে ভেল্কি লগাইহে দিলে৷ বাকচকেইটাৰ বেচ ওজন৷ দাঁতকেইটা কৰচি মহেন্দ্ৰ বুঢ়াই এইবাৰ এটা বাকচ কান্ধত উঠাই ল’লে৷ তাৰপিছত তেওঁ সো-সোৱাই সুমিত্ৰাহঁতৰ বাঁহনিডৰা পাৰ হৈ ঘৰৰ পিছফালৰ কাঠিখনতে সেইটো ধুপকৈ পেলাই দিলে৷ সুমিত্ৰাই থৈলাৰ বস্তা এটা থৈ তাৰ ওপৰত ঢাকি দিলে৷ মহেন্দ্ৰ বুঢ়াই যেন হিতাহিত জ্ঞান হেৰুৱাই পেলালে৷ এইবাৰ তেওঁ দৌৰি যোৱাদি গৈ আৰু এটা বাকচ কান্ধত তুলি ল’লে৷ তাৰপিছত আৰু এটা৷ চাৰি নং বাকচটো কান্ধত তুলি লওঁতে মহেন্দ্ৰ বুঢ়াৰ গাত যেন তীৰকঁপে কঁপনি উঠিল৷ তেওঁ ধৰিবই পৰা নাছিল কেতিয়া খাকী পোছাক পিন্ধা পুলিচে তেওঁক ঘেৰি ধৰিলে৷ বুঢ়াৰ চাৰিওফালে তেতিয়া পুলিচ, কান্ধত চাহপাতৰ বাকচটো লৈ মহেন্দ্ৰ বুঢ়া৷ বুঢ়াই এইবাৰ কাও-মাও কৰি উঠিল৷ কিন্তু বুঢ়াৰ কথা শুনিবলৈ খাকী বাহিনীৰ কাৰো সময় নাই৷ হুইছেল বজাই ইতিমধ্যে শগুনজাকক ছত্ৰভংগ দিয়াইছে৷ ফৰিং ছিটিকা দিছে গাঁৱৰ পিলিঙাহঁত৷ তাৰ মাজত দুই-চাৰিটা খাকী বাহিনীৰ হাতত বন্দী হৈ পৰিছে, সেইটো বুঢ়াই গম পালে তেতিয়া, যেতিয়া বুঢ়াক পুলিচৰ গাড়ী এখনত জোৰ-জৱৰদস্তি, জবৰজং পুলিচকেইটাই উঠাই দিলে৷ তাৰপিছত আৰু মহেন্দ্ৰ বুঢ়াৰ একো মনত নাই৷ কেৱল থানাৰ সন্মুখত গাড়ীখন ৰওঁতে মহেন্দ্ৰ বুঢ়াৰ বুকুৰ অন্তঃস্থলৰপৰা এটাই প্ৰাৰ্থনা ওলাই আহিল, ‘হে প্ৰভু মোক মাৰি নিয়া’৷
কিন্তু সেইদিনা স্বয়ং ঈশ্বৰো মহেন্দ্ৰ বুঢ়াৰ পক্ষত নাছিল৷ এইটো জীৱনত গাঁৱৰ নামঘৰত নাম লগোৱা পাঠক, শাস্ত্ৰপুথিখন কাষলতিৰ তলত লৈ সকামে-নিকামে সভক্তিৰে আগবঢ়া মহেন্দ্ৰ বুঢ়াই যে এই থানাৰ মজিয়া গচকিব লগা হ’ব, সেইটো কথা সপোনৰো অগোচৰ আছিল৷ মহেন্দ্ৰ বুঢ়াক লৈ কেইবাজনো খাকী পোছাকীয়ে ফিচিঙা-ফিচিঙি আৰম্ভ কৰিছিল৷ পিলিঙাকেইটাৰ পিঠিত দুই-এচাপৰ পৰিছিল যদিও বুঢ়াক লৈ কেৱল ইয়াৰ্কিহে মাৰিছিল পুলিচকেইটাই৷ গোটেই দিনটো মহেন্দ্ৰ বুঢ়া থানাৰ ভিতৰৰ বেঞ্চখনতে বহি থাকিল৷ আবেলিলৈ বুঢ়াৰ পুতেক, বোৱাৰী মালতীকে ধৰি দুই-চাৰিজন অঙহী-বঙহী থানাত গোট খালে, আটায়ে থানাৰ দাৰোগাক কাও-মাও কৰিবলৈ ধৰিলে, অন্ততঃ বুঢ়াক যাবলৈ দিয়ক৷ কিন্তু থানাৰ অ.চি নহাকৈ কোন সতেনো যাবলৈ দিয়ে দাৰোগাই, সেইটো এক্টিয়াৰ তেওঁলোকৰ হাতত নাই৷ অৱশেষত বুঢ়া গোটেই ৰাতি লকআপতে থাকিব লগা হ’ল৷ পিছদিনা ৰাতিপুৱাই অ.চি থানাত সোমোৱাৰ লগে লগে বুঢ়াৰ পুতেক আৰু বোৱাৰীয়ে অ.চি চাহাবৰ সন্মুখত তলমূৰকৈ থিয় হ’ল৷ কথা কওঁতে বোৱাৰীয়েকৰ মাত থোকাথুকি হ’ল, চাদৰৰ আঁচলটো চকুপানীৰে ভিজি গ’ল৷ অ.চিয়ে আৰু দেৰি নকৰিলে, দেখাত খঙাল যেন লাগিলেও তেওঁ আচলতে ভিতৰি কোমল মনৰ মানুহ৷ তেওঁ লগে লগে কি লিখা লিখি কৰিব লাগে, সেইখিনি কৰি বুঢ়াক উলিয়াই আনিলে৷ দুঠাইত দুটা চহী কৰাই ল’লে আৰু কলে-
: আপুনি মোৰ দেউতাৰ বয়সৰ মানুহ, এনে কাম নকৰিব আৰু৷
দুৱাৰমুখলৈ অ.চি নিজে আগবাঢ়ি আহিল, হঠাত্ কোনেও একো তলকিবই নোৱাৰিলে, মহেন্দ্ৰ বুঢ়াই হাওহাওকৈ কান্দি ডেকা অ.চি.জনৰ ভৰিত খামোচ মাৰি ধৰিলে-
: মই আৰু গাঁৱলৈ নাযাওঁ বোপা, মোক তই ইয়াতে সুমুৱাই থৈ দে, মই আৰু নাযাওঁ৷
: কি কৰে, কি কৰে, নাপায় নাপায়….
বুলি অ.চিয়ে বুঢ়াক থাপ মাৰি ধৰিলে, পুতেক, বোৱাৰীয়েকো দৌৰি আহিল৷
অৱশেষত বুঢ়া ঘৰলৈ আহিল৷ বাঁহৰ শলখাডাল খুলি চোতালত থকা গোসাঁইঘৰটোলৈ চাই বুঢ়াই ভালেখিনি পৰ বিৰবিৰকৈ কিবা ঘোষাপদ দুফাঁকিমান গালে৷ তাৰ পিছত গা-মূৰ তিয়াই বাৰাণ্ডাৰ চকীখনতে বহিল৷ মালতীয়ে থকথকীয়াকৈ গাখীৰতে চাহপাত এসোপা দি চাহ এগিলাচ আনি বুঢ়াক যাঁচিলে৷ বুঢ়া হুৰহুৰাই উঠিল-
: খবৰদাৰ বোৱাৰী, মোক আৰু আজিৰপৰা চাহ নাযাচিবি৷
মালতী কঁপি উঠিল। তাই ভালকৈ জানে বুঢ়াৰ কথা শিলৰ ৰেখা৷ ঘৰৰ ভেঁটি এহাত তললৈ বহি যাব পাৰে, বুঢ়াৰ কথা লৰচৰ হ’ব নোৱাৰে৷ তাৰে দুদিন পিছত গাঁৱৰে ৰতনে তাৰ বাপেকৰ বছৰেকীয়া সকামৰ বাবে নাম লগোৱা পাতিলে৷ মহেন্দ্ৰ বুঢ়াক নিমন্ত্ৰণ দিবলৈ আহিল৷ বুঢ়াই সকলো শুনি ধীৰে-সুস্থিৰে ক’লে-
: বোপাই তহঁতে গাঁৱত নতুন পাঠক এজন উলিয়াই ল, মই আৰু নোৱাৰোঁ৷ এইবাৰ মালতী হুৰহুৰাই উঠিল-
: এইটো কেনেকৈ হ’ব পিতাই, গাঁৱত আপুনি থাকোঁতে আৰু কোনে নাম লগাবলৈ যাব!
কিন্তু বুঢ়া অলৰ-অচৰ৷ বুঢ়াই আৰু নাম লগাবলৈ নাযায়৷
: এইখন গাঁৱত কিমানে কি কৰি জেইল খাটি আহিছে৷ দুই নম্বৰী কৰি কিমান মানুহ ধনী হৈছে আৰু আপুনি এই সামান্য কথাটোতে মন ভাঙি দিলে নহ’ব নহয়৷
মালতীয়ে অলপ কাঢ়াকৈয়ে ক’লে কিন্তু হাজাৰ বুজনিয়েও মহেন্দ্ৰ বুঢ়াক টলাব নোৱাৰিলে৷ নাম লগাবলৈ কোনোবাই মাতিবলৈ আহিলেই বুঢ়া মনে মনে বহি থাকে| হাতৰ ইংগিতেৰে কেৱল বুজাই দিয়ে যে ‘মই আৰু নাযাওঁ ’৷ বুঢ়াৰ আটাইতকৈ প্ৰিয় বস্তু দুটা, গাখীৰ দিয়া চাহকাপ আৰু নামৰ দলটো ক্ৰমে বুঢ়াৰ পৰা দূৰলৈ গুচি গ’ল।আৰু এদিন চতিমা গাঁৱবাসীয়ে বৰ দুখ লগাকৈ আৱিষ্কাৰ কৰিলে যে বুঢ়াৰ মুখৰ হাঁহিটোৱেও বুঢ়াক এৰি চিৰদিনলৈ গুচি গৈছে৷
বহু বছৰ পাৰ হৈ গ’ল৷ চতিমা গাঁৱৰ মাজেৰে যোৱা হাইৱেৰ ভাঁজটোত এতিয়া আৰু গাড়ী নপৰে৷ হাইৱেটো ফ’ৰলেন হ’ল৷ পথাৰত নৰা কাটিবলৈ যোৱা লৰাহঁতো ডাঙৰ হল৷ গৰু-গাই কমি আহিল, গাঁওখনলৈ বহুত নতুন নতুন মানুহ আহিল, খাল-ডোং পুতি ওখ ওখ ঘৰ হ’ল৷ মহেন্দ্ৰ বুঢ়াৰো কঁকাল পৰিল৷ লাহে লাহে মহেন্দ্ৰ বুঢ়াক গাঁৱৰ সকাম-নিকামত নিবিচৰা হ’ল৷ ‘মহেন্দ্ৰ বুঢ়াৰ পিছত গাঁৱত নাম লগোৱা পাঠক এজন নোলাল’ বুলি বুঢ়া-মেথা দুই-এজনে কেতিয়াবা হুমুনিয়াহ কাঢ়ে, তাৰ বাহিৰে পাঠক মহেন্দ্ৰ বুঢ়া পাহৰণিৰ অটল তলিলৈ যেন সোমাই গৈ থাকিল৷
কিন্তু এদিন বুঢ়াই নাম লগালে৷ সেই দিনটো চতিমা গাঁওখনে আজিও পাহৰা নাই৷
বুঢ়াৰ ঘৰৰ চোতালৰ দাঁতিৰে বলোহঁতৰ ঘৰলোৱা নাম৷ মাজত এখন বাঁহৰ বেৰ, সিপাৰে চোতালত চন্দ্ৰতাপ তৰিছে, তলত নাম বহিছে৷ চোতালত গাঁৱৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী ভৰি পৰিছে৷ দুৰণিবটীয়া কলিতাকুছি গাঁৱৰ নামদল এটা আহিছে৷ ঘোষা ডকা শেষ কৰি কম বয়সৰ পাঠকজনাই শ্ৰীকৃষ্ণৰ কালযৱন বধ নামভাগ জুৰিছে৷ মহেন্দ্ৰ বুঢ়াই সেইদিনা এবাৰ চোতাল, এবাৰ ঘৰ কৰি আছে৷ মালতীয়ে শুবলৈ বিছনা পাতি কেতিয়াবাই ঠিক কৰি থৈছে৷ কিন্তু বুঢ়াৰ চকুত টোপনি নাই৷ মালতীয়ে মাত দিলে-
: পিতাই ইমান মন গৈছে যদি যাওক, নামতে এবাৰ বহি আহকগৈ৷
তাৰপিচতো বুঢ়াই পায়চাৰি কৰি থকা দেখি বুঢ়াক এৰি মালতীয়ে নাম চাবলৈ গুচি গ’ল৷ বুঢ়াই বাৰাণ্ডাৰ কাঠৰ চকীখনতে বহিল এইবাৰ৷ সেইফালে নামৰ ৰস তুংগত উঠিছে৷ বৰ সুন্দৰকৈ ডেকা পাঠকজনাই কালযৱন বধৰ নামটো শেষ কৰিলে৷ তাৰপিছত চাহ পৰ্ব চলিল৷ লুচি আৰু লালমোহন দিছে বোধহয়৷ ডালদাত ভজা লুচিৰ গোন্ধ বুঢ়াৰ নাকত লাগিল৷ নাম শেষ হ’বৰ হ’ল, এইবাৰ অপৰাধ দিয়াৰ পাল৷ নামঘোষাৰ অপৰাধ পদকেইফাঁকি আৰু তাৰপিছত খৰ গতিৰে গৈ নাম শেষ৷ শেষবাৰৰ বাবে ডেকা পাঠকজনে ভোৰতালযোৰ হাতত তুলি লৈছে৷ গোলাকাৰ হৈ পালিসকলো সাজু, নাগোৰা দুজনেও বহি লৈছে৷ ঘপকৈ মহেন্দ্ৰ বুঢ়া থিয় হ’ল৷ বাটেৰে ঘূৰি আহিবলৈও মহেন্দ্ৰ বুঢ়াই সময় নল’লে, চোতালৰ আগৰ বাঁহৰ বেৰখন হাতেৰে অলপ ফাক কৰি দি ‘অপৰাধটো আজি ময়ে দিওঁ ৰ’ বুলি বুঢ়া আগুৱাই গ’ল৷ চতিমা গাঁৱৰ আকাশ-বতাহ যেন ক্ষণিকৰ বাবে স্তব্ধ হৈ গ’ল৷ মুহূৰ্তৰ কাৰণে নামৰ দলটো আৰু একচোতাল নাম চাবলৈ অহা মানুহ যেন থৰ লাগি গ’ল৷ কেৱল বলোৰ দেউতাকৰ মাতটো সকলোৱে শুনিব পালে, “আহ আহা পাঠক, আমাৰ আজি কি যে সৌভাগ্য তুমি নামত বহিব খুজিছা”৷ শুধ বগা গেঞ্জীটোৰে সোমাই অহা মহেন্দ্ৰ বুঢ়াক বলোৰ দেউতাকে গলৰ গামোছাখন আথে-বেথে পিন্ধাই দি বুঢ়াক নামৰ মাজত বহুৱাই দিলে।সোলা মুখখনেৰে হাঁহি এটা মাৰি (নে সেয়া কান্দোন!) মহেন্দ্ৰ বুঢ়া নামৰ মাজত বহিল৷ কোনোবাই হাতত ভোৰতাল যোৰ তুলি দিলে আৰু বুঢ়াই সাতামপুৰুষীয়া ভোৰতালযোৰৰ দৰে ৰজনজনোৱা মাতটোৰে জুৰি দিলে-
: মই দুৰাচাৰ কেৱলে তোমাৰ, অ’ অপৰাধী নাৰায়ণ৷
গোটেই চতিমা গাঁৱে যেন বুঢ়াক সংগ দিবলৈ আগবাঢ়ি আহিল৷ যিয়ে য’তে আছে আগুৱাই আহি সমস্বৰে জুৰিলে-
:মই দুৰাচাৰ কেৱলে তোমাৰ।ক্ষমিয়োক হৰি লৈয়ো দাস কৰি.., ‘অপৰাধী জীৱ অপৰাধ কৰিছো অপৰাধৰ সীমা নাইহে..’
গোটেই গাঁৱে বুঢ়াৰ লগে লগে ধৰি গ’ল৷ পাঁচযোৰ ভোৰতাল, দুটা নাগাৰা আৰু এচোতাল মানুহৰ চাপৰিৰ শব্দই চতিমা গাঁৱৰ আকাশ-বতাহ কঁপাই তুলিলে৷ খৰঘাটা আৰম্ভ হ’ল, মহেন্দ্ৰ বুঢ়াৰ অপৰাধ ঘোষা যেন আজি শেষেই নহ’ব৷ ইয়াৰ মাজতে কোনোবাই চিঞৰিলে,
:ঐ পাঠকক ধৰ ধৰ, পাঠকৰ কিবা এটা হৈছে।
এৰা, খৰ চাপৰিৰ মাজতে হাতত ভোৰতাল লৈয়ে পাঠক ঢলি পৰিছে৷ কোনোবাই চিঞৰিছে ‘পানী আন পানী আন, পাঠকৰ কিবা এটা হৈছে’৷ নাম শেষ হ’ল৷ কিন্তু পানী এচলু খাবলৈ পাঠক আৰু জীয়াই থকা নাছিল৷ নিজকে কেতিয়াও ক্ষমা নকৰা পাঠকৰ প্ৰাণবায়ু তেতিয়া কোনোবা অদৃশ্য নাৰায়ণৰ ওচৰলৈ ক্ষমা বিচাৰি গুচি গৈছিল৷
*******