মোৰ হাফলং যাত্ৰা-প্ৰীতিষা কাশ্যপ

হাফলং ভাৰতৰ অসম ৰাজ্যৰ অন্তৰ্ভূক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই। অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম।

ইংৰাজী ২০২৪ চনৰ এপ্ৰিল মাহৰ ৬ তাৰিখে আমি হাফলঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি মানে মোৰ মা-দেউতাৰ লগতে মই পঢ়া বিদ্যালয়ৰ মোৰ সহপাঠী বন্ধু-বান্ধৱীৰ লগতে তেওঁলোকৰ মাক-দেউতাক। মুঠতে আমি ৮ জনীয়া পৰিয়ালটি একেলগে গৈছিলো।

এপ্ৰিল মাহৰ ৬ তাৰিখে আমি ৰাতিপুৱা ৭ বজাত গুৱাহাটী ৰেল ষ্টেচন পল্টন বজাৰৰপৰা ৰেলেৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ। দিনৰ ১২ বজাত আমি ‘নিউ হাফলং’ত উপস্থিত হৈছিলোঁ। ৰেল যাত্ৰাৰ সময়খিনিত মই আৰু মোৰ সহপাঠী, সকলোৱে বেচ ফূৰ্তি কৰিছিলোঁ। আৰু ৰেলৰ খিৰিকীৰে প্ৰকৃতিৰ মনোৰম সৌন্দৰ্য উপভোগ কৰি গৈছিলোঁ। আমি সেউজীয়া পাহাৰীয়া মনোৰম দৃশ্যৰ লগতে বহু কেইটা গুহা(Tunnel) অতিক্ৰম কৰিছিলোঁ। 

নিউ হাফলঙৰপৰা আমি হোটেললৈ গৈছিলোঁ। হোটেলত আমি কিছু সময় থাকি, ভাত-পানী খাই ওলাই আহিছিলোঁ। প্ৰথমে আমি হাফলঙৰ “জাতিংগা” নামৰ ঠাইখনলৈ গৈছিলোঁ। “জাতিংগা” হৈছে আমাৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। সেই ঠাইটুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত। এই ঠাইটুকুৰাত আমি কিছু সময় ৰৈছিলোঁ। খুব শান্ত পৰিবেশ লগতে ইমান শীতল বতাহ বলি আছিল যে তাত থকা সময়খিনি বৰ ভাল লাগিছিল। কিন্তু যেতিয়া মই গম পাইছিলোঁ, তাত বহু দূৰ-দূৰণিৰপৰা আহি চৰাইবোৰে আত্মহত্যা কৰে অৰ্থাৎ চৰাইৰ মৃত্যু হয় তেতিয়া মোৰ বৰ দুখ লাগিছিল। তাৰ পাছত আমি হাফলং হ্ৰদলৈ গৈছিলোঁ আৰু সন্ধিয়া হোৱাৰ বাবে তাৰ পৰা আমি আমাৰ হোটেললৈ আহিছিলোঁ। 

পিছদিনা ৰাতিপুৱা আমি শুই উঠি ওচৰৰে এটি মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলোঁ আৰু মন্দিৰৰপৰা আহি পুৱাৰ জলপান খাই হাফলঙৰ এখন পাৰ্কত সোমাইছিলোঁ। ইয়াৰ উপৰি হাফলঙৰ বজাৰতো আমি অলপ সময় ঘূৰা-পকা কৰিছিলোঁ। তাৰ পাছত আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি নিউ হাফলং ষ্টেচনলৈ আহিছিলোঁ আৰু গুৱাহাটী অভিমুখে আবেলি ৪ বজাত উভটি আহিছিলোঁ। গুৱাহাটী অভিমুখে অহাৰ ৰেল যাত্ৰাটোত মই মোৰ সহপাঠী সকলৰ লগত বহু ফুৰ্তি কৰিছিলোঁ। আমি ৰেলৰ যাত্ৰাত বিভিন্ন ধৰণৰ খেল-ধেমালি কৰি আহিছিলোঁ। নিশা ১১ মান বজাত গুৱাহাটী ষ্টেচন  পাইছিলোহি। হাফলঙৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ অপৰূপ আৰু মনোমোহা আছিল।

বিদ্যালয়ৰ বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাছত এই দুদিনীয়া ভ্ৰমণ মোৰ বাবে এক পাহৰিব নোৱাৰা স্মৃতি হৈ ৰ’ব।

 

(শ্ৰীমন্ত শংকৰ একাডেমী,ষষ্ঠ শ্ৰেণী)

********

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    বহুত ধুনীয়া লিখিছা প্ৰীতিষা, লিখি থাকিবা দেই।

    Reply
  • ৰণেন শৰ্মা

    আঠোটি পৰিয়াল একলগে,সৰু ডাঙৰ মিলি ২৬ জনীয়া এটি দল আছিল আমাৰ। বাকী খিনি ভাল হৈছে আৰু লিখিবা।

    Reply
  • Anonymous

    হাফলং যাত্ৰা বৰ ভাল হৈছে। কিছুমান স্মৃতি মনত ৰৈ যায়। লিখি থাকিবা আগলৈও

    Reply
    • Kumkum Devi Sarmabaruah

      ভাল হৈছে। লিখি থাকিবা।

      Reply
  • বৰষা ডেকা

    হাফলং যাত্ৰা বৰ ভাল হৈছে। স্মৃতি হৈ থাকি যায় এই যাত্ৰাবোৰ। লিখি থাকিবা আগলৈও

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *